Wednesday , December 11 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যতকৰ সংখ্যা

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যতকৰ সংখ্যা

দীপাঞ্জলী ডেকা,,2 জুন,,,,ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যতকৰ সংখা। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহে সম্প্ৰতি দেশ বিদেশৰ পৰ্যতকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসম পৰ্যটন সঞ্চালকায়ৰ পৰা পোৱা তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, গুৱাহাটী, শিলচৰ, যোৰহাট, ভালুকপুং,চানডুবি, নগাওঁ, কামাখ্যা মন্দিৰ আদিলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটিছে। সেই অনুসৰি 2015-2016 বৰ্ষত 56, 42, 950 গৰাকী দেশী অৰু 26, 320 গৰাকী বিদেশী পৰ্যতকৰ আগমন ঘটিছে। 2015-2016 বর্ষত মুঠ 56,69,270 গৰাকী পৰ্যতকৰ আগমন ঘটে। সেইদৰে 2016-2017 বৰ্ষত 57,13,156 গৰাকী দেশী আৰু 28,419 গৰাকী বিদেশী পৰ্যটকৰ অৰ্থাত মুঠ 57,41,575 গৰাকী পৰ্য্যটকৰ আগমন ঘটে। সেইদৰে 2017,18 বর্ষত 58,34,791 গৰাকী দেশী , 31, 739 গৰাকী বিদেশী পর্যতকৰ আগমন ঘটে। 2017,2018 বর্ষত মুঠ 59,66, 530 গৰাকী পৰ্যটকৰ আগমণ ঘটিছে। এই দেশী পৰ্য্যটকৰ অধিকাংশই পশ্চিম বংগ, দাক্ষিণাত্য আৰু বিদেশী পৰ্যটকৰ অধিকাংশই ইংলেণ্ড, হলেণ্ড, দেনমাৰ্ক, জাৰ্মানী, ফ্ৰান্স আদিৰ পৰা অহা। উল্লেখযোগ্য 2015,16 বছৰৰ পৰা 2017,18 বছৰলৈ মুঠ 1,73,45,636 গৰাকী পর্যতকৰ আগমণ ঘটে। সেই অনুসৰি ৰাজ্য চৰকাৰে বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব লৈ সক্ষম হয়। তদুপৰি 2017 চনত মহা অম্বুবাচী মেলাত 15,22,344 গৰাকী দেশী আৰু 124গৰাকী বিদেশী পর্যতকৰ অৰ্থাৎ মুঠ 15,22,472 গৰাকী পর্যতকৰ আগমণ ঘতে। এইবাৰ অহা 22 জুনৰ পৰা অনুষ্ঠিত হব লগীয়া মহা অম্বুবাচী মেলাত অধিক ভক্তৰ আগমণ ঘটিব বুলি সঞ্চালকায়ৰ তৰফৰ পৰা জনাইছে।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *