Thursday , February 27 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পোৱা আঘাত আৰু মৃত্যুৰ আশংকা হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰ’ডিজী কমিউনিকেচনৰ উদ্যোগত সজাগতা অভিযান

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পোৱা আঘাত আৰু মৃত্যুৰ আশংকা হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰ’ডিজী কমিউনিকেচনৰ উদ্যোগত সজাগতা অভিযান

ষ্টাফ ৰিপোৰ্টাৰ,,,, ১ আগষ্ট, প্ৰ’ডিজী কমিউনিকেশ্বনৰ উদ্যোগত আৰু যান-বাহন আৰক্ষীৰ সহযোগত ৰাজ্যত প্ৰতিদিনে হোৱা আঘাত আৰু মৃত্যুৰ আশংকা হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু পথ সুৰক্ষাৰ বিষয়ে ৰাইজৰ মাজত এক সজাগতা অনাৰ বাবে ৪ আগষ্টত ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ১ বজালৈ গুৱাহাটীৰ ৰাজীৱ ভৱনৰ ওচৰত এবিচি পইণ্টত তেওঁলোকৰ বাৰ্ষিক চি,এছ, আৰ অভিযান এলাৰ্ট টুডে, এলাইভ টুমৰো” শীৰ্ষক এক সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বৃহস্পতি বাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে এই বিষয়ে সদৰী কৰি পিচিএমপিএল-ৰ সঞ্চালক ফাল্গুনী চৌধুৰী জৈনে কয়-“৪ আগষ্টত গুৱাহাটীৰ ৰাজীৱ ভৱনৰ ওচৰত এবিচি পইণ্টৰ চাৰিআলিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব আৰু তাৰ পৰা এটা ৰেলী উলিওৱা হ’ব য’ত দুচকীয়া আৰু চাৰিচকীয়া বাহনত প্ৰায় ৩০০ লোকে অংশগ্রহন কৰিব। ৰেলীটো এবিচি পইণ্টত আৰম্ভ হ’ব আৰু তাৰ পৰা গণেশগুৰি, জু-,ৰোড, চানমাৰী, শিলপুখুৰী,গুৱাহাটী ক্লাৱ, উলুবাৰী, ডিজিপি কাৰ্য্যালয় আৰু ভঙাগড় আদি এলেকাবোৰ আৱৰি পুনৰ এবিচি পইণ্টত সমাপ্ত হ’ব। আমি এই অভিযানত অন্তত কিছু সংখ্যক লোকৰ মাজতো যদি এই বিষয়ে সজাগ কৰিব পাৰো তেনেহলে আমি সফল হোৱা বুলি ভাবিম”। আনহাতে, যানবাহন বিভাগৰ উপ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া এই সন্দৰ্ভত কয়”- মানুহৰ মাজত সজাগতা সৃষ্টি কৰাটো অতি প্ৰয়োজনীয়। সাৱধানভাৱে গাড়ী চলোৱাৰ ফলত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা হ্রাস কৰাৰ বাবে লোৱা এইটো সুন্দৰ পদক্ষেপক আমি সমৰ্থন জনাইছোঁ। উল্লেখযোগ্য ,এই অভিযানত বিশিষ্ট ব্যক্তি, চৰকাৰী বিষয়া বিদ্যাৰ্থী আদিয়ে অংশগ্ৰহণ কৰিব । আজিৰ সংবাদমেলত উপস্থিত থাকে অভিযানটোৰ ব্ৰেণ্ড এম্বাচাডৰ দিগন্ত দাস।

About Staff Reporter

চাব পাৰে

ইউ এছ টি এমে মুকলি কৰিলে গ্ৰীণ এনাৰ্জী বাহন

  ষ্টাফৰিপোৰ্টাৰ , ২৬ ফেব্ৰুৱাৰী : ন মাইলস্থিত ইউ এছ টি এমে সেউজ চৌহদ কাৰ্যকৰী …

Leave a Reply

Your email address will not be published. Required fields are marked *