Wednesday , January 29 2020
Home / ক্ৰীড়া / ৰাজ্যিক যোগ ক্ৰীড়াৰ সফল সমাপ্তি:

ৰাজ্যিক যোগ ক্ৰীড়াৰ সফল সমাপ্তি:

ৰাজ্যিক যোগ ক্ৰীড়াৰ সফল সমাপ্তি:

:সামগ্ৰিকভাৱে নগাঁও দল শ্ৰেষ্ঠ

দেৱব্ৰত বৰা,জাজৰি ,৩০ অক্টোৱৰ: অসম যোগ সন্থাৰ উদ্যোগত অাৰু নগাঁও অানন্দৰাম ঢেকিয়াল ফুকন (এ.ডি.পি) মহাবিদ্যালয়ৰ সহযোগত যোৱা ২৬- ২৮ অক্টোৱৰলৈ ২২ সংখ্যক অসম ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়। নগাঁও চহৰৰ এ.ডি.পি কলেজত অায়োজিত এই প্ৰতিযোগিতাত যোগাসন, অাৰ্টিষ্টিক, ৰিডমিক অাৰু ফ্ৰী ফ্ল’ যোগ ডেঞ্চৰ খেল সমুহত চাৰিশৰো অধিক খেলুৱৈ(ল’ৰা-ছোৱালী) য়ে অংশগ্ৰহণ কৰে । অনূৰ্দ্ধ – ৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ বিভিন্ন বয়স গ্ৰুপত আয়োজিত প্ৰতিযোগিতাখনত সামগ্ৰিকভাৱে নগাঁও জিলা দল শ্ৰেষ্ঠ দল ৰূপে বিবেচিত হোৱাৰ বিপৰীতে দৰং জিলা দলে দ্বিতীয় স্থান , শোনিতপুৰ জিলা দলে তৃতীয় স্থান তথা শিৱসাগৰ জিলা দলে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। মুঠ ৩০ টা জিলা গোটে যোগদান কৰা প্ৰতিযোগিতাৰ ছাব- জুনিয়ৰৰ ছোৱালী শাখাত উদিতা ৰাণী বৰা(নগাঁও) অাৰু ল’ৰাৰ শাখাত মানস জ্যোতি বৰা (নগাঁও) শ্ৰেষ্ঠ খেলুৱৈ ৰূপে পৰিগণিত হয়। জুনিয়ৰৰ ছোৱালী শাখাত অাস্থা বৰা(শিৱসাগৰ) অাৰু ল’ৰাৰ শাখাত দেৱাশীষ বৰা(নগাঁও)ই শ্ৰেষ্ঠ স্থাান পায়। ছিনিয়ৰৰ মহিলা শাখাত পঞ্চী বৰা (নগাঁও) অাৰু পুৰুষৰ শাখাত ভাৰ্গৱ কলিতা(দৰং)ই শ্ৰেষ্ঠ স্থান অধিকাৰ কৰে। চিত্ৰ ৰঞ্জন বৰা কাৰিকৰী সঞ্চালকৰূপে থকা এই প্ৰতিযোগিতাৰ অন্তত যোৱা ২৮ অক্টোৱৰৰ নিশা সামৰণি অনুষ্ঠানত ভাৰতীয় যোগ ফেডাৰচনৰ বিষয়ববীয়া তথা অান্ত:ৰাষ্ট্ৰীয় পদক প্ৰাপক মহাৰাষ্ট্ৰৰ চন্দ্ৰকান্ত এচ. পাংগাৰে , বিশিষ্ট ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতি, ডা: কৃষ্ণ কুমাৰ বৰা, যোগগুৰু প্ৰভাত চন্দ্ৰ বৰা, অালমাছ উদ্দিন অাহমেদ হাজৰিকা, ড° যলীন প্ৰকাশ চেতিয়া, ভাৰত চন্দ্ৰ নাথ, অসীম ভাওৱাল, ভদ্ৰেশ্বৰ বৰা, সমীৰ হাজৰিকা, দেৱব্ৰত বৰা , মঞ্জুলা লস্কৰ, নিজৰা বৰা , ৰূপজ্যোতি ক’ৰ, চন্দ্ৰ কান্ত বৰা, ধ্ৰুৱ পাটৰ, চন্দন মহন্ত,দিগন্ত ভাগৱতী, ধনঞ্জয় তালুকদাৰ, বিচিত্ৰ ৰঞ্জন বৰা আদিয়ে বিভিন্ন বটা সমূহ বিতৰণ কৰে। প্ৰয়াত ললিত চন্দ্ৰ হাজৰিকাৰ সোঁৱৰণত প্ৰতিযোগিতাৰ বিভিন্ন বঁটা সমুহ অৱসৰপ্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া গকুল মোহন হাজৰিকা অাৰু তেওঁৰ পৰিয়ালে অাগৱঢ়াই। এইবাৰ ৰাজ্যিক যোগ ক্ৰীড়াত নগাঁও নেহেৰু যুব কেন্দ্ৰ , নগাঁও ক্ৰীড়া সংস্থা, অসম যোগ বিজ্ঞান মহাবিদ্যালয় , জিলা ক্ৰীড়া বিষয়া কাৰ্য্যালয় অাৰু অাৰ. ডি. চনস এণ্ড গ্ৰুপকে ধৰি কেইবাটাও অনুষ্ঠানে সহযোগিতা কৰিছে বুলি অসম যোগ সন্থাৰ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাই জনাইছে। উল্লেখ্য যে, এ.ডি.পি কলেজৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে উদ্বোধন কৰা এই প্ৰতিযোগিতাৰ মাজত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা , হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন কুমাৰ দাস , ফটিক চন্দ্ৰ শৰ্মা অাদিও উপস্থিত অাছিল।

About Staff Reporter

চাব পাৰে

পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ। অসমৰ দুই মহিলা পাৱাৰ লিফটাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *