Wednesday , March 20 2019
Home / আঞ্চলিক / ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক নিৰ্বাচনী হিংসা

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক নিৰ্বাচনী হিংসা

 

ষ্টাফৰিপৰ্টাৰ, ৫ ডিচেম্বৰ,ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক নিৰ্বাচনী হিংসা পৰিলক্ষিত হৈছে। শোণিতপুৰৰ ঠেলামৰা ভোটকেন্দ্ৰত গুলীচালনা। লগতে লাঠিচালনাও কৰে আৰক্ষীৰ দলে। ঠেলামৰাৰ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত সংঘটিত হয় এই ঘটনা। বিজেপিৰ এগৰাকী প্ৰাৰ্থীৰ পুত্ৰৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ। ভোটকেন্দ্ৰত উপস্থিত দণ্ডাধীশক আৱদ্ধ কৰিলে শ শ লোকে। শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে।

ৰণ ক্ষেত্ৰত পৰিণত হ’ল বহু ভোটগ্ৰহণ কেন্দ্ৰ। নগাঁৱৰ কচলুখোৱা ইছলামপট্টিত অগপ নেতা ঋতুৰাজ বৰাক আক্ৰমণ একাংশ কংগ্ৰেছীৰ। বৰা বেঙেনাআটি পঞ্চায়তৰ অগপৰ সভাপতি পদৰ প্ৰাৰ্থী। নিৰ্বাচনত ৰিগিঙৰ অভিযোগ তুলি আক্ৰমণ কংগ্ৰেছীৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ ঋতুৰাজ বৰাক। ইফালে তেজপুৰৰ ভোজখোৱাত আৰক্ষীভোটাৰৰ মাজত খণ্ডযুদ্ধ। এছ পিৰ উপস্থিতিত ভোটাৰক আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ অভিযোগ। চিৰাজিয়া এম ই মাদ্ৰাছা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। জাগীৰোড কলেজৰ পৰা মৰিগাঁৱলৈ যোৱাৰ পথত জাগীৰোডত বেলট বাকচ কঢ়িওৱা বাছলৈ শিল নিক্ষেপ। ৰাজপথত দুৰ্বৃত্তই অতৰ্কিতে আক্ৰমণ কৰে বাছখনলৈ। ১নং ধৰমতুল জিলা পৰিষদৰ ৬১, ৬৩ আৰু ৬৪নং ভোটকেন্দ্ৰৰ বেলট বাকচ কঢ়িয়াই নিছিল। ডিব্ৰুগড়ৰ পোহাৰীখনীয়া প্ৰাথমিক বিদ্যালয়তো উত্তেজনা। ভোটদানৰ পৰা বঞ্চিত ৮ শতাধিক ৰাইজ। প্ৰিজাইডিং অফিছাৰসহ আৰক্ষী আৰু বিষয়ববীয়াক ঘেৰাও। বিজেপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ একাংশৰ। ডিব্ৰুগড়ৰ ৰজাভেটা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোটকেন্দ্ৰটো।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক নিৰ্বাচনী হিংসা। বটদ্ৰৱাৰ ৰাইডঙীয়াত নিৰ্বাচনকেন্দ্ৰিক সংঘাত। বিজেপিৰ প্ৰাৰ্থী প্ৰাঞ্জল দাসে অগপ নেতা নিতুমণি বৰাক আক্ৰমণ কৰাৰ অভিযোগ। প্ৰাঞ্জল বিজেপিৰ আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী আৰু আহত নিতুমণি বৰা অগপৰ প্ৰচাৰ সম্পাদক। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মঙলদৈৰ মোৱামাৰিৰ ভোটগ্ৰহণ কেন্দ্ৰতো মাৰপিট। মোৱামাৰি পঞ্চায়তৰ নিউ টাউন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত মাৰপিট। সংঘৰ্ষত বিজেপিৰ দেবেন বাঢ়ৈ নামৰ এজন লোক আহত। কংগ্ৰেছ সমৰ্থকে গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ।

ছয়গাঁৱৰ পশ্চিম মহিমাৰী ভোট কেন্দ্ৰত উত্তেজনা। কৰ্তব্যৰত বিষয়াক আৱদ্ধ ভোটাদানৰ পৰা বঞ্চিত একাংশৰ। ভোট কেন্দ্ৰত বৰ্তমানেও উপস্থিত বহুসংখ্যক ভোটাৰ। ভোটাৰ তালিকাতো ব্যাপক বিসংগতিৰ অভিযোগ।

ৰহাৰ জোঙালবলহু গড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক। ৰৈ থকা ট্ৰাকত খুন্দা বাইক আৰোহীৰ। মৃত ধৰমতুল বঙালধৰাৰ পাপু ভূঞা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা।

দৰঙৰ ৪নং শ্যামতিলা গাঁও পঞ্চায়তৰ পশ্চিম পদোখাট প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত বিপিএফ কৰ্মীক আক্ৰমণ। আহত মোনোৱাৰ খাতুন, টাইবুৰ ৰহমান, আবু ছৈয়দ আৰু চামচুল আলম। আক্ৰমণত জড়িত ৭জনৰ বিৰুদ্ধে পানবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল বিপিএফৰ সভাপতি অৰুণ নাথৰ। গাঁওবুঢ়া কামালুদ্দিন আহমেদসহ আন ৬জনৰ বিৰুদ্ধে এজাহাৰ দাখিল।

বটদ্ৰৱাৰ কটহগুৰি পঞ্চায়তৰ কটহগুৰি এম ই স্কুলৰ ২নং ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছ আৰু অগপ প্ৰাৰ্থীৰ সমৰ্থনত ভোট দিবলৈ দায়িত্বত থকা বুথ পৰ্যায়ৰ বিষয়াই হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ। ঘটনাক লৈ কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতি। ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কলিয়াবৰ জিলাৰ কাৰ্যকৰ্তা মহিবুল্লাহক কংগ্ৰেছ আৰু অগপ সমৰ্থকৰ মাৰপিট। কাঢ়ি নিলে বিজেপি কৰ্মীজনৰ মবাইল ফোন। নিৰ্বাচনী পৰ্যবেক্ষকক বিজেপি কৰ্মীজনৰ অভিযোগ দাখিল।

উত্তৰ গুৱাহাটীৰ লেঙাৰ ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক খেলিমেলি। ৮৩নং মান্দাকাটা পঞ্চায়তৰ ১০নং ভোটকেন্দ্ৰত ৰাণীৰ ভোলাগাঁও ভোটকেন্দ্ৰৰ বেলট পেপাৰেৰে ভোটগ্ৰহণ। এজন ভোটাৰে ধৰা পেলালে এই বিসংগতি। বিসংগতি ধৰা পৰাৰ পিছতে কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। ৭ ডিচেম্বৰত হ’ব পুনৰ ভোটগ্ৰহণ

শোণিতপুৰ জিলাত সন্ধিয়া ৫ বজালৈকে ভোটদানৰ হাৰ ৬৪ শতাংশ৷ ভোটদানৰ প্ৰক্ৰিয়া এই মুৰ্হূতটো অব্যাহত আছে ভোটদান প্ৰক্ৰিয়া।

নাজিৰাত শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল প্ৰথম পৰ্যায়ৰ ভোটদান৷ মুঠ ৭০.৬৮% ভোটগ্ৰহণ নাজিৰা সমষ্টিত। নাজিৰা সমষ্টিৰ মুঠ ২০৫টা প’লিং ষ্টেচনত ভোটগ্ৰহণ হয়৷ মুঠ ১১০৮৮২ ভোটাৰ আছিল সমষ্টিটোত৷ ৪ খন জিলাপৰিষদ, ২০খন গাঁও পঞ্চায়ত, ২০খন আঞ্চলিক পঞ্চায়ত আৰু ২০০টা ৱাৰ্ডৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে সমষ্টিটোত৷

About Staff Reporter

চাব পাৰে

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ

  ৰফিক তালুকদাৰ,বেছিমাৰী ২০ মাৰ্চ : দৰঙৰ মংগলদৈ চহৰত আজি দিনৰ ১০ বজাত দৰং জিলা …

Leave a Reply

Your email address will not be published. Required fields are marked *