Monday , January 27 2020
শেহতীয়া খবৰ
Home / ৰাজনীতি / ৰাজ্যৰ ১০খন জিলাত কাইলৈ অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন

ৰাজ্যৰ ১০খন জিলাত কাইলৈ অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন

 

ষ্টাফৰিপৰ্টাৰ, ৮ ডিচেম্বৰ, ৰাজ্যৰ ১০খন জিলাত কাইলৈ অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। ভোটাৰ, নিৰ্বাচনী বিষয়া সাজু হোৱাৰ লগতে তৎপৰতা বাঢ়িছে আৰক্ষীৰো। ভোটগ্ৰহণৰ দিনা যাতে কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহয় তাৰ বাবে তৎপৰ হৈ আছে আৰক্ষী। উল্লেখ্য ৫ ডিচেম্বৰত ভোটগ্ৰহণৰ সময়ত হৈছিল বিক্ষিপ্ত ঘটনা। বহু ভোটকেন্দ্ৰত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো গাফিলতি কৰাৰ অভিযোগত নিৰ্বাচনী বিষয়াক ভোটাৰ ৰাইজে প্ৰহাৰ কৰাৰ লগতে জ্বলাই দিছিল বেলট পেপাৰ। ১০ জিলাত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাইত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ৬৫,২১,৫১৮জন ভোটাৰে নিৰ্ণয় কৰিব ৩৫ হাজাৰ ৫৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ৯,৪২৮টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’‍ব ভোটগ্ৰহণ। ইতিমধ্যে বেলট পেপাৰ, বাকচ তথা যাৱতীয় সামগ্ৰী লৈ ভোটকেন্দ্ৰসমূহত উপস্থিত হৈছে প্ৰিজাইডিং আৰু প’৸লিং বিষয়াসকল। ১২ ডিচেম্বৰত হ’ব নিৰ্বাচনৰ ভোটগণনা।

About Staff Reporter

চাব পাৰে

লোকসভাত উত্থাপন কৰা হ’ব কেব

  ষ্টাফৰিপৰ্টাৰ,৮ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উত্তপ্ত হৈ থকাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *