Thursday , April 9 2020
শেহতীয়া খবৰ
Home / Business / ৰাজ্যৰ ১৯ খন কেন্সাৰ হাস্পটালত ৰতন টাটাই কিমান খৰচ কৰিব?

ৰাজ্যৰ ১৯ খন কেন্সাৰ হাস্পটালত ৰতন টাটাই কিমান খৰচ কৰিব?

গুৱাহাটীঃ কৰ্কট ৰোগীসকলৰ বাবে সুখৱৰ। ৰাজ্যৰ  কৰ্কট ৰোগীসকলৰ বহুদিনীয়া অভাৱ পূৰণেৰে  খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক বিস্তৃত কাৰ্য্যসূচীৰ জৰিয়তে ১৯ খন কেন্সাৰ কেয়াৰ চেন্টাৰ স্থাপনৰ শুভাৰম্ভণি কৰা হয়।  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা ৰাজ্য সভাৰ সাংসদ অমিত শ্বাহ আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন এন টাটাৰ উপস্থিতিত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত স্থাপন হ’বলগীয়া এই কেন্সাৰ কেয়াৰ চেন্টাৰ স্থাপনৰ শুভাৰম্ভণি কৰা হয়।এই অনুষ্ঠানত  প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনত স্থাপন কৰিবলগীয়া ১৯ খন কৰ্কট ৰোগৰ হস্পাতালে ৰাজ্যখনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন যুগৰ সুচনা কৰিব বুলি কয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীসকলৰ মানত একক নতুন আশাৰ সঞ্চাৰ কৰাৰ ক্ষেত্ৰত আজি আধাৰশিলা স্থাপন কৰা ১৯ খন কেন্সাৰ চেন্টাৰে বিশেষ ভূমিকা ল’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।অনুষ্ঠানত বক্তব্য প্ৰদান কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য সেৱা খণ্ডৰ ক্ষেত্ৰত আজিৰ দিনটোক এক বিশেষ দিন বুলি অভিহিত কৰে। ৰাজ্যখনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত যুগন্তকাৰী এই প্ৰকল্প ৰূপায়নৰ ক্ষেত্ৰত ২০০০ কোটি টকা ব্যয় হ’ব বুলি উল্লেখ কৰি ইয়াৰে ৯০০ কোটি টকা টাটা ট্ৰাষ্টে, অসম চৰকাৰে ১০৮০ কোটি টকা বহন কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে কয়। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত ১৮০ কোটি টকা এই ক্ষেত্ৰত গঠন কৰা কৰ্পাচ ফাণ্ডলৈ যোগান ধৰিব। মন্ত্ৰী গৰাকীয়ে কৰ্কট ৰোগৰ এই ১৯ টা চেন্টাৰ অহা ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি কোৱাৰ লগতে ইয়াৰ ফলত ৰাজ্যখনৰ কৰ্কট ৰোগীসকলৰ চিকিৎসা ৰাজ্যখনৰ ভিতৰতে সম্ভৱ হৈ উঠিব বুলিও কয়। বিস্তৃত কৰ্কট ৰোগ শুশ্ৰুষা সেৱা কাৰ্য্যক্ৰমত ভাৰতৰ বিভিন্ন অগ্ৰণী কৰ্কট প্ৰতিষ্ঠানৰ বিশেষজ্ঞ চিকিৎসক সকলৰ লগত মূহূৰ্তত যোগাযোগৰ ব্যৱস্থা সন্নিবিষ্ট হৈ থাকিব বুলিও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়। ভাষণ প্ৰসংগত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টাটা ট্ৰাষ্টৰ সহয়োগত কৰ্কট ৰোগৰ এই চিকিৎসা উত্তৰ পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্যলৈও নিয়াৰ প্ৰচে্ষ্টা চলাই থকা হৈছে বুলিও কয়। ইফালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা নিজ ভাষণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অমিত শ্বাহে কয় যে একেদিনাই ৰাজ্যখনত ১৯ খন কৰ্কট হস্পাতাল স্থাপনৰ বাবে লোৱা পদক্ষেপে ৰাজ্যখনৰ স্বাস্থ্য খণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সম্ভৱ কৰি তুলিব। তিনিটা পৰ্যায়ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে লোৱা ব্যৱস্থা স্বাধীনতাৰ পিছত কৰ্কট ৰোগৰ চিকৎসাৰ বাবে লোৱা এক বৃহৎ পদক্ষেপ বুলিও শ্বাহে কয়। টাটা ট্ৰাষ্টে স্বাধীনতাৰ পূৰ্বৰে পৰা জনসেৱা মূলক কামত নিজকে নিয়োগ কৰি অহাৰ কথা উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে এই কৰ্কট চিকিৎসালয়ে দৰিদ্ৰ লোকসকলক ৰাজ্যখনতে আধুনিক চিকিৎসা সেৱা লাভ কৰাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ ওপৰত সাৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলি উল্লে্খ কৰি ৰাজ্য সভভাৰ সাংসদ গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে পথ, ৰেল তথা প্ৰযুক্তিৰ সংযোগকে ধৰি বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰি ইয়াক ৰূপায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বাংলাদেশৰ সৈতে হোৱা চুক্তিৰ বিষয়টো উল্লেখ কৰি কয় যে চিটাগঙৰ সৈতে ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ লগে লগে দেশৰ মুঠ ঘৰুৱা উতপাদন বৃদ্ধিৰৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলে উল্লেখযোগ্য বৰঙণি যোগাবলৈে সক্ষম হ’ব বুলিও তেওঁ কয়।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *