Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাজ্যৰ ২৩ লাখ পৰিয়ালত নাই বিদ্যুত্‍ সংযোগ

ৰাজ্যৰ ২৩ লাখ পৰিয়ালত নাই বিদ্যুত্‍ সংযোগ

ষ্টাফৰিপোৰ্টাৰ, ১৩আগষ্ট, ৰাজ্যৰ ২৩ লাখ পৰিয়ালত নাই বিদ্যুত্‍ সংযোগ দিয়া হ’ব।  ৩১ ডিচেম্বৰৰ ভিতৰত এই পৰিয়ালসমূহলৈ বিদ্যুত্‍ সংযোগ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে। এই কথা জনালে শক্তি মন্ত্ৰী তপন গগৈয়ে। ৰাজ্যত শক্তি বিভাগৰ আন্তঃগাঁথনি দুৰ্বল বুলি স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় -” লোড শ্বেডিং বিদ্যুতৰ অভাৱত নহয়। আন্তঃগাঁথনিৰ অভাৱৰ বাবেহে হয় লোড শ্বেডিং। বিদ্যুত্‍ উত্পাদনত অসম এতিয়াও স্বাৱলম্বী হ’ব পৰা নাই। এতিয়াও ৰাজ্যত ৬০ হাজাৰ কিলোমিটাৰ আওপুৰণি বৈদ্যুতিক তাঁৰ আছে। আন্তঃগাঁথনি সম্পূৰ্ণ হ’লেহে ২৪ ঘণ্টাই বিদ্যুত্‍ যোগান সম্ভৱ হ’ব বুলিও মন্তব্য তপন গগৈৰ। বানপানীৰ সময়ত শক্তি বিভাগৰ কৰ্মচাৰীক সতৰ্ক হৈ থকাৰো নিৰ্দেশ মন্ত্ৰীগৰাকীৰ।

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *