Monday , February 17 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ ঘোষণা

ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ ঘোষণা

 

ষ্টাফৰিপোৰ্টাৰ, ৫ ফেব্ৰুৱাৰী : ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ ঘোষণা। লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, কেন্দ্ৰীয় মন্ত্ৰীৰ বৈঠকত ‘শ্ৰীৰাম জন্মভুমি তীৰ্থ ক্ষেত্ৰ’ ন্যাস গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই ন্যাসে গ্ৰহণ কৰিব মন্দিৰ নিৰ্মাণৰ সকলো সিদ্ধান্ত।
এই ন্যাসে মন্দিৰ নিৰ্মাণৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, অযোধ্যাত ৬৭ একৰ ভূমি ৰাম মন্দিৰ ন্যাসক দিয়া  হ’ব। সেইদৰে বিবাদিত ২.৫ একৰ ভূমিও ৰাম মন্দিৰ ন্যাসকে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় ” উত্তৰ প্ৰদেশৰ অযোধ্যা গোচৰত উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ পক্ষত ৰায়দান কৰিছিল। ইয়াত ছুন্নী ৱাকফ ব‘ৰ্ডকো ৫ একৰ ভুমি দিয়াৰ কথা কোৱা হৈছিল। আজি পুৱা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰা হয়।”

About Staff Reporter

চাব পাৰে

এতিয়াৰে পৰা ভূটানলৈ যাবলৈ দিব লাগিব মাছূল

  ষ্টাফৰিপোৰ্টাৰ, ৫ ফেব্ৰুৱাৰী : এতিয়াৰে পৰা ভূটানলৈ যাবলৈ দিব লাগিব মাছূল। ভূটানত প্ৰৱেশ কৰিলে …

Leave a Reply

Your email address will not be published. Required fields are marked *