ষ্টাফৰিপৰ্টাৰ, ১৬নৱেম্বৰ: অইন বছৰৰ দৰে এইবাৰো প্ৰেছ ক্লাব অৱ আছামৰ উদ্যোগত গুৱাহাটীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷
প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ জন্মদিনটোত প্ৰেছ ক্লাব অৱ আছামে এক ব্যতিক্ৰমী কাৰ্যসূচী “মিছন গ্ৰীণ”ৰ শুভাৰম্ভ কৰে৷
বৰ্ষজোৰা আৰম্ভ কৰা এই আচনিখন সমগ্ৰ ৰাজ্যৰ লগতে আজি উগ্ৰতাৰা দেৱালয় চৌহদত লিচু গছ আৰু আম গছ ৰোপণেৰে সভাপতি কৈলাস শৰ্মা আৰু সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাই শুভাৰম্ভ কৰে৷
কাৰ্যসুচীত স্থানীয় ৰাইজ,গণ্যমান্য ব্যক্তি আৰু সাংবাদিকৰ উপস্থিতিত সভাপতি কৈলাস শৰ্মাই এই আচনিখন সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ সহযোগিতা কামনা কৰে৷ আগন্তুক দিনসমুহত ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যয়লৈ বৃক্ষৰোপণেৰে “মিছন গ্ৰীণ”ৰ বিশাল পৰিধিলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিব বুলি সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাই উল্লেখ কৰি কয় ‘ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সহায় সহযোগিতা পালে বৰ্ষটোৰ ভিতৰতে গুৱাহাটী ভুটান কাৰ ৰেলীৰে “মিছন গ্ৰীণ” ৰ সফল সামৰণি সম্ভৱ ঘটিব৷