Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাস মহোৎসৱত দিহানাম প্ৰতিযোগীতাত ৰাজ্যৰ ভিন্ন প্ৰান্তত উজ্বলিছে মিলিজুলি নামতী দল

ৰাস মহোৎসৱত দিহানাম প্ৰতিযোগীতাত ৰাজ্যৰ ভিন্ন প্ৰান্তত উজ্বলিছে মিলিজুলি নামতী দল

*ৰাস মহোৎসৱত দিহানাম প্ৰতিযোগীতাত ৰাজ্যৰ ভিন্ন প্ৰান্তত উজ্বলিছে মিলিজুলি নামতী দল*

প্ৰতিবেদক, ৰঙিয়া, ২০ নৱেম্বৰঃ
সম্প্ৰতি অসমীয়া সংস্কৃতিৰ অন্যতম দিহানামে ক্ৰমাৎ জনপ্ৰিয় হৈ উঠিছে।ৰাজ্যৰ প্ৰতিখন গাঁ‌ৱতে অতি কমেও একোটিকৈ হ’লেও নামতি দলৰ জন্ম হৈছে।ইতিমধ্যে সংবাদমাধ্যম সমূহেও দিহানামৰ প্ৰতিযোগীতা পাতি আয়তীসকলৰ মাজত একোটিকৈ প্ৰতিযোগী মনৰ জন্ম দিছে।উল্লেখ্য যে আজিকালি দূৰ্গা পূজা,ৰাস আনকি বিহুতো দিহানাম প্ৰতিযোগীতা অনুষ্ঠিত হ’বলৈ ধৰিছে।এইবেলি ৰাস মহোৎসৱত তেনে প্ৰতিযোগীতাত অৱতীৰ্ণ হৈ ৰাজ্যখনৰ কেবাটাও অঞ্চলত শ্ৰেষ্ঠতাৰ সন্মান বুটলিবলৈ সক্ষম হৈছে চাংসাৰিৰ মিলিজুলি নামতী দল।বিশেষকৈ দলটোৱে প্ৰথম পুৰস্কাৰ লাভ কৰিছে চাৰিআলী ৰাস মহোৎসৱ,বুঢ়া আঞ্চলিক ৰাসমহোৎসৱ ,পিংগলেশ্বৰ ৰাস মহোৎসৱ,ৰঙিয়া ৰাসত।একেদৰে দ্বিতীয় স্থান নলবাৰী ৰাস মহোৎসৱ,পুঠিমাৰী ৰাসমহোৎসৱ,পানীটেমা আঞ্চলিক ৰাস মহোৎসৱত।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *