Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰিপুণ বৰাৰ সংবাদমেল

ৰিপুণ বৰাৰ সংবাদমেল

 

ষ্টাফৰিপৰ্টাৰ, ২৪ এপ্ৰিল, অসম প্রদেশ কংগ্ৰেছৰ
সভাপতি ৰিপুণ বৰাই বুধবাৰে সংবাদমেলৰ আয়োজন কৰে।গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি সভাপতি গৰাকীয়ে কয় “এইবেলি প্ৰায় ৮১% ভোটদান হ’ল ৰাজ্যত’।
এয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ । ব্যাপক হাৰত ভোট দিয়া মানেই পৰিৱৰ্তন বিচাৰিছে ৰাইজে।‘বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছক ক্ষমতালৈ আনিবৰ বাবেই ৰাইজে ব্যাপক হাৰত ভোট দিছে।
অসমবাসী ৰাইজক ধন্যবাদ জনাইছো আমি।দলৰ প্ৰতিজন নেতা-কৰ্মীকো ধন্যবাদ জনাইছো।
বিজেপিয়ে ভাৱিছিল নিৰ্বাচনটো এক পক্ষীয় হ’ব ।
আমি কমেও ৮খন আসন লাভ কৰিম অসমত’।ইতিমধ্যে পৰাজয় মানি লৈছে নৰেন্দ্ৰ মোডী য়ে। মোডীৰ মুখ আৰু চকুত পূৰ্বৰ উজ্জ্বলতা নাই’।
পক্ষপাতমূলক ভূমিকা ল’লে প্ৰশাসন যন্ত্ৰটোৱে’। নিৰ্বাচন আয়োগ এক পুতলা। বিজেপি চৰকাৰৰ পুতলাত পৰিণত নিৰ্বাচন আয়োগ। বিজেপিয়ে নিৰ্বাচনী বিধি ভংগৰ অভিযোগ দিয়াৰ পিছটো কোনো ধৰণৰ ব্যৱস্থা নল’লে নিৰ্বাচন আয়োগে।অসমৰ স্বাভিমানক আঘাত হানিছে অমিত শ্বাহৰ মন্তব্যই’।
কলকাতাত কৰা মন্তব্যই আঘাত হানিছে অসমৰ স্বাভিমানক। একে সময়তে উচ্চতম ন্যায়ালয়কো অৱমাননা কৰিছে। উচ্চতম ন্যায়ালয়ক নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ দাবী’।
গুৱাহাটীক লৈ আমি ১০০ শতাংশ আশাবাদী’।
অসমতে অগপৰ তৃণমূল কৰ্মীৰ ভোট পাইছো আমি’।”

About Staff Reporter

চাব পাৰে

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *