Tuesday , November 20 2018
Home / আঞ্চলিক / ৰিলিভ দ্যা হাংগাৰ নামৰ আচঁনিখন মুকলি কৰিব লায়নছ ক্লাব অৱ গুৱাহাটীয়ে

ৰিলিভ দ্যা হাংগাৰ নামৰ আচঁনিখন মুকলি কৰিব লায়নছ ক্লাব অৱ গুৱাহাটীয়ে

ষ্টাফ ৰিপৰ্টাৰ,।।।।সমাগত স্বাধীনতা দিৱসৰ দিনা লায়নছ ক্লাব অৱ গুৱাহাটীয়ে  সোণালী বৰ্ষ উদযাপন কৰাৰ লগতে ‘ৰিলিভ দ্যা হাংগাৰ নামৰ আচঁনিখন মুকলি কৰিব। এই আচঁনিখনৰ জৰিয়তে মহানগৰীৰ ৫০০ৰো অধিক দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ চাউল দাইল, তেল আদিকে ধৰি খাদ্য সামগ্ৰী যোগান ধৰিব এটা বছৰৰ বাবে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবামেলত এই কথা সদৰী কৰে লায়ন ক্লাব গুৱাহাটীৰ বিষয় ববীয়া সকলে। লায়ন ক্লাৱ গুৱাহাটীয়ে চাত্ৰীবাৰীত থকা আই হাস্পাতালত প্ৰতিবছৰে বিনামূলীয়াকৈ প্ৰায় ৩৫,০০০ লোকক চিকিৎসা কৰি আহিছে। উল্লেখ্য এই আচঁনিখন মুকলি কৰিব লায়ন ক্লাব গুৱাহাটীৰ অধ্যক্ষ দীপক মিট্টলে। আনহাতে এই অনুষ্ঠানত উপস্থিত থাকিব লায়নছ ক্লাৱৰ সভাপতি কমল আগৰৱাল, সম্পাদক লায়ন ৰাজেশ হেনছাৰিয়া, লায়ন ডি পি বাজাজ লগতে সদস্য সকল।

About Staff Reporter

চাব পাৰে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন       ষ্টাফৰিপৰ্টাৰ, তথ্য আৰু জনসংগযোগ সঞ্চালকালয়ৰ উদ্যোগত শিৱসাগৰত ৰাজ্যিক …

Leave a Reply

Your email address will not be published. Required fields are marked *