Friday , December 13 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া সমালোচনা / ৰিয়ান পৰাগ: অসমীয়া ক্ৰিকেট প্ৰেমীৰ এটি আশা

ৰিয়ান পৰাগ: অসমীয়া ক্ৰিকেট প্ৰেমীৰ এটি আশা

ৰিয়ান পৰাগ: অসমীয়া ক্ৰিকেট প্ৰেমীৰ এটি আশা

মৃণাল কুমাৰ নাথ
০৩/০৫/২০১৯

দেশৰ স্বাধীনতাৰ ৭টা দশক পাৰ হোৱাৰ পিছতো অসমীয়া ক্ৰিকেট প্ৰেমী সকলৰ মনত অপূৰ্ণ হৈ থকা এটি সপোন হৈছে ভাৰতীয় চিনিয়ৰ ক্ৰিকেট দ’লত এজন অসমীয়া খেলুৱৈক দেখাতো । চিনিয়ৰ দ’লত এজন অসমীয়া খেলুৱৈয়ে স্থান লাভ কৰাৰ দিনাই অসমৰ খেল জগতৰ ইতিহাসত এটি সোণোৱালী পৃষ্ঠাৰ সংযোজন ঘটিব । কিন্তু এই সপোন ফলিয়াবলৈ অসমীয়া ক্ৰিকেট প্ৰেমী সকলে আৰু কিমান দিন অপেক্ষা কৰিব লাগিব ?? এইবেলি IPL ত ১৭ বছৰীয়া কিশোৰ ৰিয়ান পৰাগে অভূতপূৰ্ব প্ৰদৰ্শনেৰে অসমবাসীৰ এই সপোন বাস্তৱত ৰূপায়ন কৰাৰ আশা দেখুৱাইছে । ৰিয়ানে চলিত IPL ত দেখুওৱা “ফৰ্ম” পিচৰ পৰ্যায়তো অব্যাহত ৰাখিলে অদূৰ ভৱিষ্যতে ভাৰতীয় চিনিয়ৰ দ’লত নিশ্চয় স্থান লাভ কৰিবলৈ সক্ষম হ’ব ।

অনূৰ্ধ ১৯ বৰ্ষীয় ভাৰতীয় দ’লত যোৱা দুই/তিনিটা দশকত অসমৰ বহুকেইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে স্থান লাভ কৰি ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল যদিও পিচৰ পৰ্যায়ত সেই ধাৰা অটুত ৰাখিব নোৱাৰাৰ বাবেই সময়ৰ খোজত তেওঁলোক হেৰায় গৈছে । ইয়াৰোপৰি ৰঞ্জী ট্ৰফিকে ধৰি অন্য চিনিয়ৰ পৰ্যায়ৰ খেল বিলাকত সময়ে সময়ে দুই এজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন দেখুৱাইছিল যদিও নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰাৰ ফলতে বহুতো প্ৰতিভা থকা স্বত্তেও ভাৰতীয় চিনিয়ৰ দ’লত স্থান লাভ কৰিব পৰা নাছিল ।

যোৱা বছৰৰ ১৯ বছৰ অনূৰ্ধ বিশ্বকাপ বিজয়ী দ’লৰ সদস্য ৰিয়ান পৰাগে এইবেলি IPL ত এতিয়ালৈকে উন্নত প্ৰদৰ্শন কৰি ভাৰতীয় ক্ৰীড়া সমালোচক তথা ইয়ান বিশ্বপ, হৰ্ষ ভোগলে আদি ক্ৰীকেট ধাৰাভাষ্যকাৰ সকলৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । ২০ এপ্ৰিলত জয়পুৰত এখন খেলত “মুম্বাই ইণ্ডিয়ানচ”ৰ বিশ্বৰ শ্ৰেষ্ঠ বলাৰ সকলৰ অন্যতম লাচিত মালিংগা আৰু যশপ্ৰীত বুমৰাহৰ বিৰুদ্ধে সাৱলীল ভাবে খেলি ৰাজস্থান ৰয়েলচক বিজয়ৰ দুৱাৰ দলিলৈ লৈ যোৱা ৰিয়ানৰ ৪৩ ৰাণৰ ইনিংচৰ ভূয়সী প্ৰশংসা কৰে ভি ভি এচ লক্ষ্মণে । খেলৰ অন্তত তেও কয় যে “ৰিয়ানৰ আটাইতকৈ ডাঙৰ plus point হৈছে Temperament. ”

২৫ এপ্ৰিলত ইডেন গাৰ্ডেনত অনুষ্ঠিত আন এখন খেলত ঘৰুৱা দ’ল নাইট ৰাইডাৰ্চৰ বিৰুদ্ধেও ৪৭ ৰাণৰ এটি দৰ্শনীয় ইনিংচ খেলি ৰাজস্থান ৰয়েলচৰ বিজয়ত মূখ্য অৰিহনা যোগায় । ৰাজস্থান ৰয়েলচৰ অধিনায়ক ষ্টিভেন স্মিথে ও ৰিয়ানৰ দুয়োটা ইনিংচৰ ভূয়সী প্ৰশংসা কৰে । বেটিঙৰ লগতে সময়োপযোগী বলিং তথা উইকেট ল’ব পৰা দক্ষতা লগতে উচ্চস্তৰীয় ফিল্ডিং হৈছে ৰিয়ানৰ আন এক “প্লাছ পইন্ট” । উল্লেখযোগ্য যে মুম্বাই ইণ্ডিয়ানচৰ বিৰুদ্ধে ৰাণ আউট আৰু নাইট ৰাইডাৰ্চৰ বিৰুদ্ধে হিট উইকেট নহ’লে IPL ইতিহাসত আটাইতকৈ কম বৰ্ষীয় খেলুৱৈ হিচাপে অৰ্ধশতক কৰা খেলুৱৈ ৰূপে পৰিগনিত হ’ল হেতেন ।

IPL ৰ ক্ষন্তেকীয়া সফলতাত আত্মসন্তুষ্টি লৈ থাকিলে ৰিয়ান পূৰ্বৰ খেলুৱৈ সকলৰ দৰে সময়ৰ খোজত হেৰায় গ’লে আচৰিত হ’ব লগীয়া নাথাকিব । লগতে যোৱা ৭টা দশক ধৰি অসমীয়া ক্ৰীড়া প্ৰেমী সকলৰ অপূৰ্ণ হৈ থকা সপোনটো অপূৰ্ন হৈয়ে ৰৈ যাৱ । কিন্তু IPL ২০১৯ ৰ প্ৰদৰ্শনৰ ধাৰা অনাগত সময়তো অব্যাহত ৰাখিলে ৰিয়ানে অচিৰেই অসমৰ ক্ৰীড়া জগতত যে এক সোণোৱালী ইতিহাস যোগ দিবলৈ সক্ষম হ’ব সেয়া নিশ্চিত । মাথো তাৰ বাবে প্ৰয়োজন হ’ব আৰু অধিক প্ৰচেষ্টা, ঐক্যান্তিক শ্ৰমৰ ।

About Staff Reporter

Leave a Reply

Your email address will not be published. Required fields are marked *