Monday , February 17 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ৰূপনগৰ সেৱা মন্দিৰ উন্নয়ন সমিতিৰ নামঘৰৰ পুনঃ নিৰ্মাণৰ কাম আৰম্ভ

ৰূপনগৰ সেৱা মন্দিৰ উন্নয়ন সমিতিৰ নামঘৰৰ পুনঃ নিৰ্মাণৰ কাম আৰম্ভ

 

ষ্টাফৰিপোৰ্টাৰ, ১৯ জানুৱাৰী : মহানগৰীৰ ৰূপনগৰ মুক্তি যুঁজাৰু পথ স্থিত ৰূপনগৰ সেৱা মন্দিৰ উন্নয়ন সমিতিৰ নামঘৰৰ পুনঃ নিৰ্মাণৰ কাম আৰম্ভ দেওবাৰে আৰম্ভ কৰা হয়। অঞ্চলটোৰ ৰাইজৰ দান- বৰঙণিৰে এই নামঘৰটোৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। এই উপলক্ষে দেওবাৰে নামঘৰ প্ৰাংগণত
ৰূপনগৰ সেৱা মন্দিৰ উন্নয়ন সমিতিৰ সভাপতি কুমুদ চন্দ্ৰ ডেকাৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক হীৰেন কাকতিয়ে। সভাত এই নামঘৰৰ পুনঃ নিৰ্মাণৰ কাম-কাজৰ বিষয়ে বিতং ভাৱে আলোচনা কৰা হয়। সভাত বিশ্বম্বৰ বৰা,হলধৰ ভড়ালী,যমুনা কোঁৱৰ, গোলক ৰাজবংশী, দময়ন্তী ডেকা,মৃগেন দাস নিৰুপমা বায়ন, মহিমা দাসৰ লগতে অঞ্চলটোৰ বহু সংখ্যক লোক উপস্থিত থাকে। এই উপলক্ষে পুৱাৰ ভাগত নাম-কীৰ্ত্তন, দিহা-নাম পৰিবেশন কৰা হয়।

About Staff Reporter

চাব পাৰে

সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভা

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভাখন …

Leave a Reply

Your email address will not be published. Required fields are marked *