Thursday , February 27 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / সোণ আৰু ৰূপৰ পদকৰে উজ্বলিল উত্তৰ গুৱাহাটীৰ দুই ছাত্ৰ

সোণ আৰু ৰূপৰ পদকৰে উজ্বলিল উত্তৰ গুৱাহাটীৰ দুই ছাত্ৰ

ৰূপৰ পদকৰে উজ্বলিল উত্তৰ গুৱাহাটীৰ দুই ছাত্ৰ প্ৰীতম কিশোৰ বৰা আৰু মানস জ্যোতি বৰুৱা।

পঙ্কজ নাথ, চাংসাৰি, ১৯ এপ্ৰিল :

ৰাষ্ট্ৰীয় অপেন টাইকোৱানডো চেম্পিয়নশ্বিপত কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীস্হিত নৰ্থ গুৱাহাটী টাইকোৱানডো একাডেমিয়ে সোণ আৰু ৰূপৰ পদক অৰ্জনৰে বৃহৎ সাফল্য কঢ়িয়াই আনিছে । যোৱা ১৫ পৰা ১৮ এপ্ৰিললৈ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অনুষ্ঠিত হৈ যোৱা ১২ তম অপেন ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নছিপত অসম দলক প্ৰতিনিধিত্ব কৰি প্ৰীতম কিশোৰ বৰা আৰু মানস জ্যোতি বৰুৱাই এই বৃহৎ সাফল্য কঢ়িয়াই আনে। প্ৰীতম কিশোৰ বৰাই দুটি সোনৰ পদক ব্যক্তিগত আৰু যৌথ পুমছে শাখাত আৰু মানস জ্যোতি বৰুৱাই ৰূপৰ পদক অৰ্জন কৰে ব্যক্তিগত শাখাত , আৰু সোনৰ পদক গ্ৰুপ শাখাত অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে অসম তথা উত্তৰ গুৱাহাটীক গৌৰবান্বিত কৰি তোলে। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰীতম কিশোৰ বৰা আৰু উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ মানস জ্যোতি বৰুৱাই উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমিৰ প্ৰশিক্ষক প্ৰাজ্ঞল বুঢ়াগোহাঁয়ৰ তত্বাৱধানত প্ৰশিক্ষণ লাভ কৰিছিল।ছাত্ৰ দুগৰাকীৰ বৃহৎ সাফল্যত স্হানীয় ক্ৰীড়াপ্ৰেমী ৰাইজে যথেষ্ট উৎফুল্লিত হৈ পৰাৰ লগতে দুয়ো গৰাকী খেলুৱৈৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

About Staff Reporter

চাব পাৰে

ভাৰত আৰু শ্ৰীলংকাৰ টি 20 খেল বাতিল

  ষ্টাফৰিপোৰ্টাৰ, ৫ জানুৱাৰী : বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু শ্ৰীলংকাৰ টি 20 খেলখন বতৰৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *