Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰেলৰ খুন্দাত নিহত বিকলাংগ যুৱক

ৰেলৰ খুন্দাত নিহত বিকলাংগ যুৱক

 

দুধনৈ, ১৫ জুন**** যোৱা নিশা দুধনৈ ৰেল ষ্টেচনত এজন বিকলাংগ যুৱকৰ দ্ৰুতবেগী ৰেলৰ  খুন্দাত নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে যোৱা নিশা দ্ৰুতগামী ৰেলৰ খুন্দাত নিহত হোৱা ৰংজুলি আৰক্ষী থানা অন্তৰ্গত শিমলীতোলা চেগুনবাৰী গাঁওৰ বিকলাংগ যুৱক উৎপল দাসৰ (৪০) দুয়োখন ভৰিয়েই চিঙি যায়। বিকলাংগ যুৱক জনে প্ৰায়ে লোকেল ট্ৰেনেৰে বিভিন্ন ঠাইলৈ অহাযোৱা কৰিছিল। পৰিয়াল সূত্ৰে জানিব পৰামতে নিহত উৎপল দাসে কিছু দিনৰ পৰা অস্বাভাবিক ব্যবহাৰ কৰিছিল। আৰ্থিক অবস্থাই জুৰুলা কৰা উৎপল দাসে পাৰিবাৰিক অশান্তিত ভুগি মৃত্যুৰ আগদিনা পৰিয়ালৰ  কাকো একো নোকোৱাকৈ ঘৰৰ পৰা ওলাই গৈছিল। দুধনৈ ৰেল আৰক্ষীয়ে ঘটনা সম্পৰ্কে দুধনৈ আৰক্ষীক অবগত কৰাত দুধনৈ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ কৰা বাবে গোৱালপাৰলৈ প্ৰেৰণ কৰে। মৃত্যুৰ সময়ত উৎপলে পত্নী, দুটা সন্তান আৰু আত্মীয় স্বজনক এৰি থৈ যায়।

 

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *