Saturday , January 25 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ৱালমাৰ্ট ইণ্ডিয়া আৰু এইচডিএফচি বেংকৰ “বেষ্ট প্ৰাইজ” সদস্যৰ বাবে বিষয়ে সহযোগিতামুলক ক্ৰেডিট কাৰ্ড মুকলি

ৱালমাৰ্ট ইণ্ডিয়া আৰু এইচডিএফচি বেংকৰ “বেষ্ট প্ৰাইজ” সদস্যৰ বাবে বিষয়ে সহযোগিতামুলক ক্ৰেডিট কাৰ্ড মুকলি

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,,,৩ ডিচেম্বৰ।।।।।ৱালমাৰ্ট ইনকৰ্পৰেচনৰ অধীনস্থ ৱালমাৰ্ট ইণ্ডিয়াই এইচডিএফচি বেংকৰ সৈতে ইয়াৰ বেষ্ট প্ৰাইচ মডাৰ্ণ হোলচেল “বি২বি কেশ্ব আৰু কেৰী’ বিপণীৰ সদস্যসকলৰ বাবে বিশেষ ভাৱে সহযোগিতামূলক ক্ৰেডিট কাৰ্ড মুকলি কৰে। বেষ্ট প্ৰাইচ বিপণীত মঙলবাৰে এই কাৰ্ডখন অনুষ্ঠানিক ভাবে মুকলি কৰে ৱালমাৰ্ট ইণ্ডিয়াৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া কুশ আয়াৰ আৰু এইচডিএফচি বেংকৰ লেনদেন ব্যৱসায়ী তথা বিপণন বিভাগৰ দেশীয় মুৰব্বী পৰাগ ৰাৱে। উক্ত কাৰ্ডখন মুকলি কৰি ৱালমাৰ্ট ইণ্ডিয়াৰ অধ্যক্ষ গৰাকীয়ে কয়-“এই সহযোগিতাৰ জৰিয়তে সদস্যসকলক তেওঁলোকৰ ব্যৱসায়িক প্ৰক্ৰিয়া প্ৰবহমান হোৱাত সহায় হোৱাৰ লগতে গ্ৰাহকক অধিক সেৱা প্ৰদান কৰিবলৈ তেওঁলোকে নিজৰ বিপণীত অধিক সময় পাব”। আনহাতে এই সন্দৰ্ভত এইচডিএফচি বেংকৰ লেনদেন ব্যৱসায় তথা বিপণন বিভাগৰ দেশীয় মূৰব্বী পৰাগ ৰাৱে এই বিশেষ কাৰ্ডখন মুকলিৰ জৰিয়তে ব্যতিক্ৰমী ৰিৱাৰ্ডৰ সৈতে তেওঁলোকৰ ব্যবসায়িক ব্যয়ত ঋণৰ সহজ অভিগমনৰ সুবিধা প্ৰদান কৰিবলৈ পাই সুখী অনুভৱ কৰা বুলি নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে। উল্লেখযোগ্য যে,এই নতুন সহযোগিতাৰ অধীনত সমগ্ৰ দেশৰ ৱালমাৰ্ট ইণ্ডিয়াৰ বেষ্ট প্ৰাইচৰ পঞ্জীকৃত সদস্যসকলে এতিয়াৰে পৰা তেওঁলোকৰ সমগ্ৰীসমূহ বিদ্যমান পৰিশোধৰ অন্য সুবিধাসমূহৰ ওপৰিও বিশেষ সহযোগিতামূলক ক্ৰেডিট কৰ্ডেৰেও ক্ৰয় কৰিব পাৰিব। এই কাৰ্ডখন www.bestprize in আবেদন কৰিব পাৰিব। আজিৰ অনুষ্ঠান ডিস্ক’ভাৰৰ পৰিচালন সঞ্চালক এপিএচি এনী ঝাঙো উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

গুৱাহাটীত অডি ৬ বন্তি প্ৰজ্জলনেৰে মুকলি কৰা মুহূৰ্তত ফুটবল তাৰকা বাইচুং ভূতিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *