Saturday , January 18 2020
শেহতীয়া খবৰ
Home / ফেশ্যন / ৱিন্টাৰা ফেষ্টিভ ২০১৯ সংস্কৰণৰ মডেল অডিশ্যন

ৱিন্টাৰা ফেষ্টিভ ২০১৯ সংস্কৰণৰ মডেল অডিশ্যন

 

ষ্টাফৰিপৰ্টাৰ, ১৫ জুলাই, ভাৰতৰ বহু প্ৰত্যাশী ফেশ্বন মঞ্চ লেক্ মে’ ফেশ্বন ৱিকৰ ৱিন্টাৰা ফেষ্টিভ ২০১৯ সংস্কৰণৰ মডেল অডিশ্যন সোমবাৰে গুৱাহাটীৰ ভিভেণ্টাত অনুষ্ঠিত হয়। এই অডিশ্যনৰ জৰিয়তে ফেশ্বন উদ্যোগ বিশেষজ্ঞসকলে শিলচৰৰ ছুনি সিংহ আৰু ৰাজস্থানৰ নেইনা শ্বেখক লেকমে ফেশ্বন উইকৰ বাবে নিৰ্বাচিত কৰে। তেওঁলোকে ২১ৰ পৰা ২৫ আগষ্টলৈ মুম্বাইৰ ছেইণ্ট ৰেইজিছত অনুষ্ঠিত হ’বলগীয়া লেকমে’ ফেশ্বন উইক ৱিন্টাৰা ফেষ্টিভ ২০১৯ ত ভাগ লোৱাৰ সুবিধা পাব। উল্লেখযোগ্য যে, এই অডিশ্যনত বিচাৰকৰ আসনত আই এম জি মডেলছৰ কেলাম বুচান আৰু লুই ডমিংগো, খ্যাতনামা মডেল সুচেতা শৰ্মা জেমছ, ফেশ্বন কৰিঅ’ গ্ৰাফাৰ আৰু শ্বো ডাইৰেক্টৰ নীৰজ গাবা, আই এম জি ৰিলায়েন্সৰ ডিজাইনাৰ ৰিলেশ্যনছৰ মুৰব্বী নিকিতা পাঞ্জা ভিমগিয়ানী আৰু ডিজাইনাৰ ৰাকেশ ঠাকোৰে। লেকমে ফেশ্বন উইকৰ গুৱাহাটীৰ অডিশ্যনত বিচাৰক হিচাপে উপস্থিত থকা সুচেতা শৰ্মা জেমছে কয়”- আজি আমি আকৰ্ষণীয় প্রতিভাশালী অংশগ্ৰহণকাৰী প্ৰত্যক্ষ কৰিলো আৰু বিজয়ীকেইগৰাকী অত্যন্ত সম্ভাৱনাপূৰ্ণ আৰু তেওঁলোকৰ পৰা বহুত আশা কৰিব পাৰি। আনহাতে, নিকিতা পাঞ্জা ভিমগিয়ানীয়ে কয়-“আজিৰ প্ৰতিযোগিতাত বহুসংখ্যক উজ্জীৱিত ব্যক্তিত্বৰ আমি প্ৰত্যক্ষদৰ্শী হলো।উল্লেখ্য যে, লেকমি ফেশ্বন উইকাৰ চূড়ান্ত বিজয়ীকেইগৰাকীয়ে আই এম জি ইউৰোপৰ সৈতে চুক্তিবব্ধ হোৱাৰ লগতে আন্তৰাষ্ট্ৰীয় ৰেম্পত খোজকঢ়াৰ সুবিধা লাভ কৰিব। তদুপৰি আন এগৰাকী ভাগ্যবান বিজেতাই লেকমে’ ডিজিটেল কন্টেন্টত স্থান লাভৰ সুবিধা পাব।

About Staff Reporter

চাব পাৰে

মিষ্টাৰ ইণ্টাৰনেশ্বনেলত ভাৰতক প্ৰতিনিধিত্ব কৰিব লোকানন্দ ক্ষেত্ৰিমায়ুমে

  ষ্টাফ ৰিপোৰ্টাৰ,,,, ১৩ জুলাই।।। গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ৮ আগষ্টত অনুষ্ঠিত হোৱা দশম গাৰ্ণিয়াৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *