Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ৱেবছাইটৰ পৰা অন্তৰ্ধান হ’ল NRCৰ তথ্য

ৱেবছাইটৰ পৰা অন্তৰ্ধান হ’ল NRCৰ তথ্য

 

ষ্টাফৰিপোৰ্টাৰ, ১২ ফেব্ৰুৱাৰী : ৱেবছাইটৰ পৰা অন্তৰ্ধান হ’ল NRCৰ তথ্য! বিগত কিছুদিন ধৰি NRCৰ ৱেবছাইট www.nrcassam.nic.inত উপলব্ধ হোৱা নাই কোনো তথ্য। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে, ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পাইছিল চূড়ান্ত NRC, য’ত বাদ পৰিছিল ১৯ লাখ লোকৰ নাম। লগে লগে অনলাইনতো উপলব্ধ হৈছিল এই তথ্যসমূহ। কিন্তু বিগত কিছুদিন ধৰি ৱেবছাইটৰ পৰা অন্তৰ্ধান হৈছে NRCৰ তথ্যসমূহ।

মঙলবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মহাপঞ্জীয়ক আৰু জনগণনা আয়ুক্তলৈ NRCৰ তথ্য অন্তৰ্ধান হোৱা সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰে।

বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰে যে সম্পূৰ্ণ সুৰক্ষিত হৈ আছে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তথ্য। সম্প্ৰতি Official Websiteৰ পৰা NRCৰ তথ্য অফলাইন হৈ যোৱাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিছে এই স্পষ্টীকৰণ।
@ANI
Ministry of Home Affairs (MHA) on Assam NRC list data going offline from the official website: NRC data is safe, there is some technical issue in visibility on Cloud. It is being resolved soon.

View image on Twitter
275
10:10 AM – Feb 12, 2020
Twitter Ads info and privacy
74 people are talking about this

‘‘NRCৰ তথ্য সম্পূৰ্ণ সুৰক্ষিত। অৱশ্যে কিছু কাৰিকৰী বিজুতিৰ বাবে Cloud Visibilityত সমস্যাৰ সৃষ্টি হৈছে। শীঘ্ৰেই ইয়াক সমাধান কৰা হব।’’ – এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মুখপাত্ৰৰ।

উল্লেখযোগ্য যে NRCৰ ৱেবছাইটৰ পৰা তথ্য অন্তৰ্ধান হোৱাক লৈ শংকাত ভুগিছিল NRCত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকল। NRCৰ তথ্য সুৰক্ষিত কৰি ৰখাৰ ক্লাউড ছাৰ্ভিচৰ ঠিকা প্ৰদান কৰা হৈছিল Wipro নামৰ ছফটৱেৰ কোম্পানীটোক। কিন্তু Wiproৰে চুক্তিৰ অন্ত পৰিছিল যোৱা ১৯ অক্টোবৰত আৰু পূৰ্বৰ NRCৰ সমন্বয়ক প্ৰতীক হাজেলাই চুক্তি ৰিনিউ কৰাৰ দিশত কোনো পদক্ষেপ লোৱা নাছিল। সেয়ে ডিচেম্বৰৰ ১৫ তাৰিখৰ পৰা তথ্য সমূহ Websiteৰ পৰা আন্তৰ্ধান হৈছিল। এই অভিযোগ উত্থাপন কৰিছে বর্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই।

এই সন্দৰ্ভত ইতিমধ্যে ৩০ জানুৱাৰীত এখন বৈঠক অনুষ্ঠিত হয় আৰু ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত Wiproলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল। দুই–এদিনৰ ভিতৰতে তথ্যসমূহ পুনৰ উপলব্ধ হ’ব NRC Websiteত। এটা সংবাদ প্ৰতিষ্ঠানক এই কথা জানিবলৈ দিয়ে হিতেশ দেৱ শৰ্মাই।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *