Sunday , January 26 2020
শেহতীয়া খবৰ

আজি প্ৰদৰ্শন কৰা হ’ব ৰিমা দাসৰ “বুলবুল কেন ছিং’

তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ কলাৰসিকৰ অভূতপূৰ্ব সঁহাৰি

ববী শৰ্মা বৰুৱাৰ “মিচিং”( Mishing) লৈ দৰ্শকৰ বিশেষ সঁহাৰি

ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ চতুৰ্থ কলৰসিকৰ অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ বাকৰিত। দেওবাৰে পুৱা ১০.৩০ বজাৰ পৰা বিশ্বৰ আগশাৰীৰ চিত্ৰনির্মাতাৰ চলচ্চিত্ৰ উপভোগ কৰিবলৈ দীঘলীয়া শাৰী পাতে কলাৰসিকে। দেওবাৰ হোৱা বাবে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে সপ্তাহটোৰ ছয় দিনে ব্যস্ত থকা সকলেও আজিৰ দিনটোতে উপভোগ কৰিলে দেশ বিদেশৰ চলচ্চিত্ৰ। কাইলৈ ৰিমা দাসৰ ”
“বুলবুল কেন ছিং’ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ
আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পুৱা ১০.৩০ বজাত প্ৰদৰ্শন কৰাৰ লগতে ভাৰত, বাংলাদেশ, দক্ষিণ কোৰিয়া, ৰাছিয়া, চীন আদিৰ চলচ্চিত্ৰ কলাক্ষেত্রৰ তিনিটা প্ৰেক্ষাগৃহ আৰু জ্যোতি চিত্ৰৱনৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা হ’ব।
উল্লেখ জ্যোতি চিত্ৰবনৰ উদ্যোগত আৰু ডঃ ভূপেন হাজৰিকা অঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত ৩১ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৬ নৱেম্বৰত সামৰণি পৰিব। এই মহোৎসৱত ৬৫ খন দেশৰ মুঠ ১০০ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব । “বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ সমগ্ৰ পৃথিৱীখনেই এক পৰিয়াল আৰু চিন্তাধাৰাৰে উজ্জীৱিত গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত এইবাৰ ‘ কাণ্ট্ৰী অৱ ফকাছ’ হৈছে ইৰাণ আৰু ” ৰিজন অৱ ফকাছ’ হ’ল লেটিন আমেৰিকা।

About Staff Reporter

চাব পাৰে

চিৰসেউজ অভিনেতা বিজু ফুকনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : চিৰসেউজ অভিনেতা বিজু ফুকনৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী।দুটা বছৰহে পাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *