Friday , May 24 2019
শেহতীয়া খবৰ
Home / Fashion / 16 জুনত লিভ'ন ছেৰাম ফে'চ অৱ নৰ্থ – ইষ্ট 2018 ৰ গ্ৰেণ্ড ফিনালে

16 জুনত লিভ'ন ছেৰাম ফে'চ অৱ নৰ্থ – ইষ্ট 2018 ৰ গ্ৰেণ্ড ফিনালে

16 জুনত লিভ’ন ছেৰাম ফে’চ অৱ নৰ্থ – ইষ্ট 2018 ৰ গ্ৰেণ্ড ফিনালে

গুৱাহাটীৰ প্ৰতিবেদক,, 14 জুন,,,,, উত্তৰ- পূৱৰ সৰ্ববৃহৎ সৌন্দৰ্য প্ৰতিযোগিতা লিভন ছেৰাম ফে’চ নৰ্থ-ইষ্ট 2018 অহা 16 জুনত অনুষ্ঠিত হ’ব গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত । উল্লেখ্য যে এই প্ৰতিযোগিতাৰ প্ৰাথমিক ৰাউণ্ড সমূহ বিগত মে’ মাহত অনুষ্ঠিত হৈ যায় ক্ৰমে ইটানগৰ , ডিমাপুৰ, যোৰহাট, ইম্ফল, আগৰতলা, শ্বিলং আৰু গুৱাহাটীত। গ্লেমাৰ, ফেশ্বন, সৌন্দৰ্য আৰু প্ৰতিভাৰ একত্ৰ সোমাবেশ ঘটা এই প্ৰতিযোগিতাৰ মাধ্যমেৰে অঞ্চলটোৰ প্ৰতিভাৱান মহিলা মডেলসকলক এক উপযুক্ত মঞ্চ প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে।
এই প্ৰতিযোগিতা তিনিটা পৰ্যায় ক্ৰমে অডিশ্যন , গ্ৰুমিং ছেছন আৰু গ্ৰেণ্ড ফিনালেৰ মাধ্যমেৰে সম্পন্ন কৰা হৈছে। উল্লেখ্য যে অডিশ্যন ৰাউণ্ডত অংশগ্ৰহণ কৰা শতাধিক প্ৰতিযোগিৰ মাজৰ পৰা 16 গৰাকী প্ৰতিযোগীক গ্ৰুমিং ৰাউণ্ডৰ বাবে বাচনি কৰা হৈছিল। এই গ্রুমিং পৰ্যায়তেই প্ৰতিযোগীসকলক মডেলিংৰ বিভিন্ন দিশ যেনে যোগাযোগ , বার্তালাপ, খোজ -কাটল , কৰিঅ’গ্ৰাফী আৰু চফ্ট স্কিল ডেভেলপমেণ্টৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে মনোবিজ্ঞানী তথা ছ ছফ্ট স্কিল বিশেষজ্ঞ লয়া আগৰৱালা আৰু ক’ৰিঅ’গ্ৰাফাৰ মীনু পালে। এই 16 গৰাকী প্ৰতিযোগীয়ে এতিয়া অহা 16 জুনত মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত চূড়ান্ত পৰ্যায়ত অংশগ্ৰহণ কৰিব। এই চূড়ান্ত পৰ্যায়ত বিচাৰক হিচাপে অংশগ্ৰহণ কৰিব একাংশ তাৰকাই, তদুপৰি পৰিবেশন হ’ব একাধিক সাংস্কৃতিক অনুষ্ঠান। এই প্ৰতিযোগিতাৰ বিচাৰকৰ আসন শুৱনী কৰিব মিছেছ উনাইটেড নেশ্যনছ 2017 ৰোশনি হাছান, প্ৰতিষ্ঠিত শাস্ত্ৰীয় সংগীতশিল্পী আৰু শব্দযন্ত্রী অভিশ্ৰুতি বেজবৰুৱা, ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নির্মাতা সমুজ্জ্বল কাশ্যপ, জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ শ্যামন্ত হাজৰিকা আৰু ইণ্ডিয়ান উইভাৰ্ছ এলায়েন্সৰ মূখ্য কাৰ্যবাহী বিষয়া সৌমাৰ শৰ্ম্মা।ইফালে অনুষ্ঠানৰ দিনা জনপ্ৰিয় পিয়ান’বাদক প্ৰ’মিতি ফুকন , লোকশিল্পী হিৰকজ্যোতি শৰ্মা আৰু জনপ্ৰিয় বেণ্ড নিজৰাই সংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব।
এই প্ৰতিযোগিতাৰ শীর্ষ তিনি গৰাকী প্ৰতিযোগিয়ে লাভ কৰিব বিজয়ীৰ মুকুট, নগদ ধন আৰু উপহাৰৰ টোপোলা। উল্লেখ্য যে এই সমগ্ৰ প্ৰতিযোগিতা তদাৰকী তথা ব্যৱস্থাপনা কৰে গুৱাহাটীৰ আগশাৰীৰ ইভেণ্ট মেনেজমেণ্ট প্ৰতিস্থান তত্ব ক্ৰিয়েশ্যনছে।

About Staff Reporter

চাব পাৰে

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি : গোলাঘাট, ২৩ মে’ : ইতিমধ্যে গোলাঘাট সমষ্টিত …

Leave a Reply

Your email address will not be published. Required fields are marked *