Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / _জন্মু-কাশ্মীৰত মৃত্যুবৰণ কৰা ভাৰতীয় সেনাৰ পৰ্টাৰ ধন বড়োৰ শেষকৃত্য সম্পন্ন

_জন্মু-কাশ্মীৰত মৃত্যুবৰণ কৰা ভাৰতীয় সেনাৰ পৰ্টাৰ ধন বড়োৰ শেষকৃত্য সম্পন্ন

_জন্মু-কাশ্মীৰত মৃত্যুবৰণ কৰা ভাৰতীয় সেনাৰ পৰ্টাৰ ধন বড়োৰ শেষকৃত্য সম্পন্ন_

*শোকসন্তপ্ত পৰিয়ালৰ কাষত উপস্থিত বিশ্বনাথৰ উপায়ুক্ত-আৰক্ষী অধীক্ষক*

আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলি, ১৭ অক্টোবৰঃ জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ সামগ্ৰী কঢ়িওৱা পৰ্টাৰ পদত নিযুক্ত বিশ্বনাথৰ ১ নং ভিমাজুলী বাথৌপুৰি গাঁৱৰ যুৱক ধন বড়োৰ অন্ত্যেষ্টিক্ৰিয়া আজি সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে এই যুৱকগৰাকীয়ে যোৱা ১৪ অক্টোবৰত কাশ্মীৰত ভাৰতীয় সেনাৰ এটা কোম্পানীৰ খাদ্য সামগ্ৰী পাহাৰলৈ কঢ়িয়াই নিয়া অৱস্থাত আকস্মিকভাৱে পিছল খাই পৰি মৃত্যুক সাৱটি লৈছিল। সেনাবাহিনীৰ জন্মু-কাশ্মীৰ ৰাইফলছৰ চুবেদাৰ পৱন কুমাৰৰ বিশেষ তৎপৰতাত কালি
বিমানযোগে নতুন দিল্লীৰ পৰা যুৱকগৰাকীৰ মৃতদেহ লৈ অনাৰ পাছত আজি নিজা গাঁৱত সামাজিক ৰীতি-নীতিৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। আনহাতে সীমান্তত নিয়োজিত সেনাবাহিনীক সেৱা আগবঢ়াবলৈ গৈ মৃত্যুক আকোঁৱালি লোৱা যুৱকগৰাকীৰ বাসগৃহত আজি উপস্থিত হৈ বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ অৱস্থাৰ বুজ লয়। উপায়ুক্তগৰাকীয়ে জিলা প্ৰশাসনৰ তৰফৰ পৰা দুৰ্ভগীয়া পৰিয়ালটোক সম্ভৱপৰ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাসো প্ৰদান কৰে।‌ উল্লেখযোগ্য যে সেনাবাহিনীৰ তৰফৰ পৰা মৃতকৰ পৰিয়ালক তাৎক্ষণিক সাহায্যৰ লগতে অতি সোনকালেই বীমাৰ ধনৰাশিৰ দৰে প্ৰাপ্য সুবিধাসমূহ আগবঢ়োৱা হ’ব বুলি সেনাবাহিনীৰ জন্মু-কাশ্মীৰ ৰাইফলছৰ চুবেদাৰ পৱন কুমাৰে আজি পৰিয়ালটোক অৱগত কৰে।

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *