Sunday , February 23 2020
Home / আঞ্চলিক / _সদৌ অসম কবি সন্মিলনৰ উদ্যোগত দেৰগাঁত কবি শিৰোমণি নীলমণি ফুকনৰ ৮৭সংখ্যক ওপজা দিনত “নিৰ্জনতাৰ শব্দ” কাৰ্যসূচীঃ

_সদৌ অসম কবি সন্মিলনৰ উদ্যোগত দেৰগাঁত কবি শিৰোমণি নীলমণি ফুকনৰ ৮৭সংখ্যক ওপজা দিনত “নিৰ্জনতাৰ শব্দ” কাৰ্যসূচীঃ

*_সদৌ অসম কবি সন্মিলনৰ উদ্যোগত দেৰগাঁত কবি শিৰোমণি নীলমণি ফুকনৰ ৮৭সংখ্যক ওপজা দিনত “নিৰ্জনতাৰ শব্দ” কাৰ্যসূচীঃ_*

পলিমা চেতিয়া বসুমতাৰী,১০ চেপ্তেম্বৰ :
আজি দেৰগাঁৱৰ আজাদ পুস্তকালয় প্ৰাঙ্গণত সদৌ অসম কবি সন্মিলনৰ উদ্যোগত কবি শিৰোমণি নীলমণি ফুকনৰ ৮৭সংখ্যক ওপজা দিনটো “নিৰ্জনতাৰ শব্দ” শীৰ্ষক কাৰ্যসূচীৰে পালন কৰা হয়। দেৰগাঁৱৰ কবি অংকুৰিতা ফুকনৰ আহবানত সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক বাবলু প্ৰসাদ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত প্ৰধান সম্পাদক উজ্জ্বল পাওগাম আৰু বিশিষ্ট সাহিত্যিক দিলীপ ফুকনে বন্তি প্ৰজ্জ্বলন কৰে ৷ নিজৰ ভাষণত প্ৰধান সম্পাদক উজ্জ্বল পাওগামে দেৰগাঁৱৰ সুযোগ্য সন্তান কবি শিৰোমণি নীলমণি ফুকনৰ স্মৃতি বিজড়িত আজাদ পুস্তকালয়ক পুনৰুজ্জীৱিত কৰিবলৈ সকলোকে আহবান জনায়। লগতে কবি সন্মিলনে এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰতিবছৰে কবি সন্মিলনৰ অনুষ্ঠান কৰাৰো কথা দিয়ে। সভাত কেন্দ্ৰীয় সদস্য মনোজ নেওগ, গোলাঘাট জিলাৰ নৱনিৰ্বাচিত সম্পাদক দীপ হেষ্টিংছ বৰি, গোলাঘাট সদৰ কবি সন্মিলনৰ সহকাৰী সম্পাদক জৰসিং ইংতি, জয়া গগৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা গায়ত্ৰী দেৱী, সুনীতি ফুকন, মিলি ফুকন, সুমন চান্দক, তুষাৰ ফুকন, তুতুমণি বৰঠাকুৰ, ৰীণা ফুকন, ননী ফুকন আদি প্ৰায় দুকুৰি কবি-কাব্যপ্ৰেমীয়ে নীলমণি ফুকনৰ কবিতা-জীৱন-কৃতী বিষয়ত আলোকপাত কৰাৰ লগতে কবিতা পাঠ কৰে ৷

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *