Sunday , December 15 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / _স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ৰাষ্ট্ৰীয় পুৰস্কাৰ_ *অসমলৈ সামগ্ৰিক প্ৰদৰ্শনৰ বিশেষ বঁটা*

_স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ৰাষ্ট্ৰীয় পুৰস্কাৰ_ *অসমলৈ সামগ্ৰিক প্ৰদৰ্শনৰ বিশেষ বঁটা*

 

*ষ্টাফৰিপৰ্টাৰ, ২১ নৱেম্বৰ* – বিশ্ব অনাময় দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এক পুৰস্কাৰ বিতৰণ অনুষ্ঠানত কেন্দ্ৰীয় ৰসায়নিক আৰু সাৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়া আৰু কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰট্টন লাল কাটাৰিয়াই বিভিন্ন শাখাত বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলালৈ স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ ২০১৯ বঁটা আগবঢ়ায়। নতুন দিল্লীৰ প্ৰবাসী ভাৰতীয় কেন্দ্ৰত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত অসমলৈ আগবঢ়োৱা হয় সামগ্ৰিক প্ৰদৰ্শনৰ দিশেৰে বিশেষ বঁটা। উল্লেখ্য যে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ অসমৰ হৈ বঁটা গ্ৰহণ কৰে অভিযান সঞ্চালক ড. সিদ্ধাৰ্থ সিঙে।

About Staff Reporter

চাব পাৰে

প্ৰসংগঃ সম্বলপুৰত থকা বেজবৰুৱাৰ বাসগৃহৰ সংৰক্ষণ

  ষ্টাফৰিপৰ্টাৰ, ১ আগষ্ট : সম্বলপুৰৰ “সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতি”ৰ আৰু ঊৰিষ্যা …

Leave a Reply

Your email address will not be published. Required fields are marked *