Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / “AJYCP, ভৱানীপুৰ আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা”

“AJYCP, ভৱানীপুৰ আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা”

“AJYCP, ভৱানীপুৰ আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা”
“প্ৰাক্তন আছু নেতাসহ একুৰি সদস্যৰ যোগদান”

সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১২ আগষ্টঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ভৱানীপুৰ আঞ্চলিক সমিতিৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। শংকৰদেৱ শিশু নিকেতন, ভৱানীপুৰত পুৱা ১১ বজাত অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহক সভাখন আঁত ধৰে এজেৱাইচিপিৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ বায়নে। এই সভাখন অনুষ্ঠিত হোৱাৰ আগত যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গছপুলি ৰোপন কাৰ্যসূচী সম্পন্ন হয়। এই কাৰ্যসূচীত ৰোপক হিচাপে উপস্থিত থাকে ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰী আৰু ১০৫ নং গলিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য নিতুল দাসে। উল্লেখ্য যে, আজিৰ এই কাৰ্যনিৰ্বাহক সভাখনত সংগঠনটোত প্ৰাক্তন আছু নেতা অশোক চৌধুৰীৰ লগতে ভৱানীপুৰ অঞ্চলৰ একুৰি নতুন সদস্যই যোগদান হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ বায়ন আৰু সাধাৰণ সম্পাদক জীণ্টু ডেকাই কিছু ব্যক্তিগত অসুবিধাৰ বাবে আজিৰ এই সভাখনতেই নিজৰ নিজৰ পদৰ পৰা অব্যাহতি লয়। যাৰ ফলত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভৱানীপুৰ আঞ্চলিক সমিতিখন আগন্তুক সময়ত চলাই নিবৰ বাবে এখন আহ্বায়ক কমিটী গঠন কৰে। য’ত সভাপতিৰ পদত সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদকৰ পদত নয়ন কলিতাক দায়িত্বভাৰ দিয়ে। আজিৰ এই কাৰ্যনিৰ্বাহক সভাখনত মঞ্চত নিমন্ত্ৰিত অতিথি হিচাপে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহঃ সাধাৰণ সম্পাদক বিজন বায়ন, বজালী জিলা সমিতিৰ আমন্ত্ৰিত উপদ্দেষ্টা নিপল ডেকা আৰু ভৱানীপুৰ আঞ্চলিক সমিতিৰ উপদ্দেষ্টা ক্ৰমেঃ নৱ কুমাৰ তালুকদাৰ, শশী মেধি, মৃনাল দাসে উপস্থিত থাকে আৰু তেওঁলোকে সংগঠনৰ ওপৰত এক সাৱলীল ভাষণ আগবঢ়ায়।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *