Tuesday , January 28 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

উত্তৰ–পূব প্ৰাকৃতিক গেছ পাইপলাইন গ্ৰীডত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

  ষ্টাফৰিপোৰ্টাৰ, ৮ জানুৱাৰী : উত্তৰ–পূব প্ৰাকৃতিক গেছ পাইপলাইন গ্ৰীডত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অনুমোদন জনোৱা হয় এই প্ৰকল্পত। সমগ্ৰ উত্তৰ–পূবত ১৬৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গেছ গ্ৰীড নিৰ্মাণ কৰা হ’ব। কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা জনায় সংবাদ …

Read More »

নির্ভয়াকাণ্ডৰ দোষী সকলৰ বিৰুদ্ধে মৃত্যুৰ পাৰোৱানা

  ষ্টাফৰিপোৰ্টৰ, ৭ জানুৱাৰী : সুদীর্ঘ ৭ বছৰৰ পিছত নির্ভয়াকাণ্ডৰ দোষী সকলৰ বিৰুদ্ধে মৃত্যুৰ পাৰোৱানা জাৰি কৰিলে দিল্লী পাতিয়ালা হাউচ কর্টে । ২২ জানুৱাৰীৰ পুৱা ৭টা বজাত চাৰিজন দোষী, পৱন গুপ্ত, মুকেশ সিংহ, বিনয় শর্মা আৰু অক্ষয় ঠাকুৰ সিংহক ফাঁচীৰ নির্দেশ দিয়ে । ভিডিঅ কনফাৰঞ্চৰ জৰিয়তে দোষী সকলক বিচাৰকে সাক্ষাৎ …

Read More »

ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে টুইটাৰ হেণ্ডলত যুদ্ধৰ ইংগিত ক্রমাৎ ভয়ংকৰ যুদ্ধৰ দিশে আগবাঢ়িছে আমেৰিকা আৰু ইৰাণ

  ষ্টাফৰিপোৰ্টৰ, ৫ জানুৱাৰী : ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে টুইটাৰ হেণ্ডলত যুদ্ধৰ ইংগিত ক্রমাৎ ভয়ংকৰ যুদ্ধৰ দিশে আগবাঢ়িছে আমেৰিকা আৰু ইৰাণ। শুক্রবাৰে মাৰ্কিন ড্রোণ আক্রমণত ইৰাণৰ সামৰিক মুৰব্বী কাচেম চোলেমানি নিহত হোৱাৰ ২৪ ঘণ্টাৰ পিছতে বাগদাতস্থিত মাৰ্কিন দূতবাসত ৰকেট আক্রমণ চলাই ইৰাণে।সম্প্রতি মধ্যপ্রাচ্য অধিক উত্তপ্ত হৈ থকাৰ সময়তে মাৰ্কিন ৰাষ্ট্রপতি ডনাল্ড …

Read More »

পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ

  ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী : পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গ’ল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ। বংগ চৰকাৰে সংৰক্ষণ কৰিব সুধাকণ্ঠৰ টালিগঞ্জস্থিত বাসগৃহ। কেবিনেটৰ সিদ্ধান্তৰ পাছতো ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব নোৱাৰিলে ড০ ভূপেন হাজৰিকাৰ বাসগৃহ। শনিবাৰে কলকাতা পৌৰ নিগমৰ সভাত ছীল মোহৰ মৰা হয়।

Read More »

কলকাতাত বৃহত্তৰ কলকাতা অসমীয়া সমাজৰ “কা” বিৰোধী প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ ২৪ ডিচেম্বৰ : জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত সোমবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰোধী সংগ্ৰামৰ সহযাত্ৰী হ’ল বৃহত্তৰ কলকাতা অসমীয়া সমাজ। কলকাতাত বসবাস কৰা সহস্ৰাধিক অসমীয়াই কলকাতাস্থিত অসম ভৱনৰ সন্মুখত একত্ৰিত হৈ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি বিনষ্ট কৰিব পৰা তথা খিলঞ্জীয়া অসমীয়া সমাজৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক অধিকাৰ খৰ্ব …

Read More »

“কা” ৰ বিৰোধিতাৰে- নিউয়ৰ্কত প্ৰবাসী অসমীয়াৰ প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ, ২২ ডিচেম্বৰ : আমেৰিকাৰ প্ৰবাসী অসমীয়াই নিউয়ৰ্ক মহানগৰীত ২০ ডিচেম্বৰত ভাৰতৰ কনচুলেটৰ সন্মুখত জাতিধংসী “কা” প্ৰত্যাহাৰ কৰিবলৈ ভাৰত চৰকাৰক দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকল আমেৰিকাৰ পূৱ উপকূলত অৱস্থিত বিভিন্ন মহানগৰীৰ পৰা আহি এই স্থানত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে অসমীয়াৰ অতি আদৰৰ ফুলাম …

Read More »

চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ সন্ধান

  ষ্টাফৰিপৰ্টাৰ,৩ ডিচেম্বৰ : নাছাই অৱশেষত সন্ধান উলিয়ালে ভাৰতৰ চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ। লুণাৰ ৰিকনেইছেন্স অৰ্বিটাৰ (LRO)-এ চন্দ্ৰপৃষ্ঠত সন্ধানহীন চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ ফটো প্ৰেৰণ কৰিছে নাছালৈ। টুইটাৰযোগে এই ফটো প্ৰকাশ কৰিছে NASAই। চন্দ্ৰযান–২ৰ বিক্ৰম লেণ্ডাৰ ধ্বংস হোৱা স্থানৰ ৭৫০ মিটাৰ দূৰত ধৰা পৰিছে ইয়াৰ ধ্বংসাৱশেষ। নাছাই নিশা প্ৰায় ১.৩০ বজাত …

Read More »

_স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ৰাষ্ট্ৰীয় পুৰস্কাৰ_ *অসমলৈ সামগ্ৰিক প্ৰদৰ্শনৰ বিশেষ বঁটা*

  *ষ্টাফৰিপৰ্টাৰ, ২১ নৱেম্বৰ* – বিশ্ব অনাময় দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এক পুৰস্কাৰ বিতৰণ অনুষ্ঠানত কেন্দ্ৰীয় ৰসায়নিক আৰু সাৰ মন্ত্ৰী ডি ভি সদানন্দ গৌড়া আৰু কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰট্টন লাল কাটাৰিয়াই বিভিন্ন শাখাত বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলালৈ স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ ২০১৯ বঁটা আগবঢ়ায়। …

Read More »

২০১৯ চনৰ অৰ্থনীতি বিজ্ঞানৰ বঁটা লাভ কৰে আমেৰিকাৰ তিনিগৰাকী শিক্ষাবিদে

ষ্টাফৰিপৰ্টাৰ, ১৪ অক্টোবৰ : বিশ্বৰ দাৰিদ্ৰ নিৰ্মূলকৰণৰ হকে যোগোৱা পৰীক্ষামূলক অৱদানৰ বাবে ২০১৯ চনৰ অৰ্থনীতি বিজ্ঞানৰ বঁটা লাভ কৰে আমেৰিকাৰ তিনিগৰাকী শিক্ষাবিদ অভিজিত বেনাৰ্জী, এছথাৰ ডাফল’ আৰু মাইকেল ক্ৰেমাৰে। আমেৰিকাৰ মাছাচুছেটছ ইনষ্টিটিউট অফ টেকন’লজীত কৰ্মৰত বেনাৰ্জী ভাৰতীয় মূলৰ। একে প্ৰতিষ্ঠানৰ এছথাৰ ডাফল’ বিগত ৫০ বছৰত অৰ্থনীতিৰ ন’বেল বঁটা পোৱা দ্বিতীয় …

Read More »

চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত শ্বেখ হাছিনা

  ষ্টাফৰিপৰ্টাৰ, ৩ অক্টোবৰ : চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ৫ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব শ্বেখ হাছিনাই। ভাৰত–বাংলাদেশ দ্বিপাক্ষিক চুক্তিক লৈ দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা হ’ব।

Read More »