Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক (পৃষ্ঠা 3)

আঞ্চলিক

তথ্য চিত্ৰ উন্মোচন

  ষ্টাফ ৰিপোৰ্টাৰ।।।।।।,,,, এভেণ্ট ফিল্মছ ৰ প্ৰযোজনাত তেজস্বীনি বিৰুৱালা ৰাভাৰ অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ বিষয়ে তথ্যচিত্ৰ “তেজস্বীনি বিৰুৱালা” বৃহস্পতি বাৰে গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদৰ্শন কৰা কৰা হয়। প্ৰিয়ম বৰুৱা পৰিচালিত আৰু হিমাংশু কুমাৰ দাসৰ প্ৰযোজনাৰে তথ্যচিত্ৰ খন অনুষ্ঠানিক ভাবে মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ দিলীপ বৰাই। …

Read More »

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক চৰকাৰে–ড-সমুজ্জ্বল ভট্টাচাৰ্যৰ।

  ষ্টাফৰিপৰ্টাৰ, ১৫ জানুৱাৰী, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক চৰকাৰে। ৫নং দফা কাৰ্যকৰী নকৰাকৈ ৬নং দফা কিয় বুলি প্ৰশ্ন আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ। নিৰ্বাচনৰ পূৰ্বে ভিজন ডকুমেণ্টত অসম চুক্তি ৰূপায়ণৰ কথা কয়, এতিয়া কয় হিন্দু বাংলাদেশী সংস্থাপনৰ কথা। লোকসভাত গৃহীত হ’ল বিধেয়কখন, ৰাজ্যসভাত যাতে গৃহীত কৰিব নোৱাৰে, তাৰ …

Read More »

ডাঃ বি বৰুৱা কেঞ্চাৰ হাস্পতালত চাঞ্চ্যলকৰ ঘটনা

    ষ্টাফৰিপৰ্টাৰ, ১৫ জানুৱাৰী, ডাঃ বি বৰুৱা কেঞ্চাৰ হাস্পতালত চাঞ্চ্যলকৰ ঘটনা সংঘতিত হৈছে। ৩১ ডিচেম্বৰৰ নিশা তিনিগৰাকী মহিলা কেঞ্চাৰ ৰোগীক যৌন নিৰ্যাতনৰ অভিযোগ। মূল অভিযুক্ত কমল কান্তি সেন চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ অভিযোগৰ ভিত্তিত পশ্চিম ত্ৰিপুৰাৰ পৰা গ্ৰেপ্তাৰ কৰিলে পল্টনবজাৰ আৰক্ষীয়ে। সোমবাৰে ত্ৰিপুৰাৰ পৰা ট্ৰেনজিৎ …

Read More »

লিমকা বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত অসমৰ সৰ্বোচ্চ দুৰ্গা প্ৰতিমা

  ষ্টাফৰিপৰ্টাৰ, ১৬ জানুৱাৰী,লিমকা বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত অসমৰ সৰ্বোচ্চ দুৰ্গা প্ৰতিমা। শিল্পী নুৰুদ্দিন আহমেদে ২০১৭ বৰ্ষৰ দুৰ্গাপূজাত নিৰ্মাণ কৰিছিল ১০০ ফুট উচ্চতাৰ দুৰ্গা প্ৰতিমা। মহানগৰীৰ বিষ্ণুপুৰ পূজাস্থলীত নিৰ্মাণ কৰা হৈছিল এই দুৰ্গা প্ৰতিমা।

Read More »

আজিৰে পৰা উত্তৰ প্ৰদেশত কুম্ভ মেলাৰ শুভাৰম্ভণি

  ষ্টাফৰিপৰ্টাৰ, ১৫ জানুৱাৰী, আজিৰে পৰা উত্তৰ প্ৰদেশত কুম্ভ মেলাৰ শুভাৰম্ভণি হ’ব। কুম্ভ মেলাক লৈ এলাহাবাদৰ গংগা নদীৰ পাৰত ব্যাপক আয়োজন কৰা হৈছে। ৪ মাৰ্চৰ শিৱৰাত্ৰিৰ দিনা অন্ত পৰিব কুম্ভ মেলাৰ। লক্ষাধিক ভক্তৰ সমাগম ঘটিব লগা মেলাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে বিশেষ ব্যৱস্থা হাতত লৈছে।

Read More »

মৰিগাঁৱত আজিৰে পৰা ঐতিহাসিক খলা দেওৰজাৰ উদপুৰ মেলা

  ষ্টাফৰিপৰ্টাৰ, ১৫ জানুৱাৰী, মৰিগাঁৱত আজিৰে পৰা ঐতিহাসিক খলা দেওৰজাৰ উদপুৰ মেলা। অনুষ্ঠিত হ’ব পৰম্পৰাগত বিনিময় প্ৰথা, উদপুৰ বিলত হ’ব সমূহীয়া মৎস্য চিকাৰ৷ মেলাথলীত উপস্থিত হ’ব খলা দেওৰজা প্ৰবীণ দেওৰজা৷ কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ মেলাথলীত উপস্থিত পাহাৰৰ মামা-মামী ৷ ভৈয়ামৰ লোকৰ চিৰা, পিঠা, সান্দহৰ সৈতে কৰিব বিনিময়৷

Read More »

লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ বিশেষ অফাৰ

  ষ্টাফৰিপৰ্টাৰ, ১৫ জানুৱাৰী, লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ বিশেষ অফাৰ। কেন্দ্ৰীয় চৰকাৰৰ ৬৮ লাখ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। কৰ্মচাৰীৰ ন্যূনতম দৰমহা ১৮ হাজাৰ টকাৰ পৰা ২৬ হাজাৰ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ। সপ্তম দৰমহা আয়োগৰ সকলো সা-সুবিধা উপলব্ধ কৰাৰ বাবে পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ। ১ ফেব্ৰুৱাৰীত দাখিল কৰিব লগা সাধাৰণ …

Read More »

আজি অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ভোগালী

  ষ্টাফৰিপৰ্টাৰ,১৫ জানুৱাৰী, আজি অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ভোগালী বিহু। পুৱাই মেজি জ্বলাই অগ্নিদেৱতাৰ ওচৰত আশিস ল’লে ৰাজ্যবাসীয়ে। সমাজৰ পৰা অসুয়া-অশান্তি নাশ কৰি অসমৰ সাতামপূৰুষীয়া সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাৰ সংকল্পৰে ৰাইজে উলহ-মালহেৰে উদযাপন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু। প্ৰান্তে-প্ৰান্তে অনুষ্ঠিত হৈছে পৰম্পৰাগত খেল-ধেমালি। হেঁপাহৰ ভোগালীৰ মেজিৰ তলতো বিতৰ্কিত নাগৰিকত্ব সংশোধনী …

Read More »

ভেলাঘৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে ব‍্যতিক্ৰমী প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ,১৪ জানুৱাৰী: জাতীধ্বংশী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ থাকিলেও পৰম্পৰা অনুসৰি ৰাজ্যবাসীয়ে পালন কৰিছে ভোগৰ উৎসৱ ভোগালী । কিন্তু ভোগালীৰ পৰম্পৰাৰ মাজতো বিধেয়কখনৰ বিৰুদ্ধে অসমবাসীয়ে অৱ্যাহত ৰাখিছে সজোৰ প্ৰতিবাদ । মেৰাপানীৰ এখন গাঁৱত ভেলাঘৰৰ বাকৰিত দেখা গ’ল নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে এক ব্যতিক্ৰমী প্ৰতিবাদৰ …

Read More »

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ

    ষ্টাফৰিপৰ্টাৰ, ১৪ জানুৱাৰী, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ। বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ছাত্ৰী একতা সভাৰ সৰ্বসন্মতিসন্মতি ক্ৰমে ল’লে এই সিদ্ধান্ত। কোনো অনুষ্ঠানত অংশ ল’ব নোৱাৰিব বিজেপি নেতাই। শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ।

Read More »