Wednesday , March 20 2019
Home / ক্ৰীড়া (পৃষ্ঠা 3)

ক্ৰীড়া

অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ

  ষ্টাফৰিপৰ্টাৰ, ১৬ ডিচেম্বৰ, অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মহিলাৰ আন্তঃৰাষ্ট্ৰীয় মেচ। অসমলৈ ২১ দিনৰ বাবে আহিব ভাৰত আৰু ইংলেণ্ডৰ দল দুটা। দুয়োটা দলে ভাগ ল’ব এদিনীয়া আৰু টি-20 মেচত। ৩খন এদিনীয়া আৰু ৩খন টি-20 মেচ অনুষ্ঠিত হ’ব ষ্টেডিয়ামখনত। ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ অনুষ্ঠিত হ’ব এই খেলসমূহ।

Read More »

ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কন্যা অস্মিতা চলিহাৰ সাফল্য

  ষ্টাফৰিপৰ্টাৰ, ১৬ ডিচেম্বৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত অসম কন্যা অস্মিতা চলিহাৰ সাফল্য লাভ কৰিছে। অল ইণ্ডিয়া ছিনিয়ৰ ৰেংকিং বেডমেণ্টিনৰ ছিংগল্ছ শাখাত চেম্পিয়ন অস্মিতা। এয়াৰ ইণ্ডিয়াৰ আক্ৰশি কাশ্যপক ২১-১৪, ২১-১০ ছেটত হৰুৱালে অস্মিতাই। বাংগালুৰুত অনুষ্ঠিত হৈছে বেডমিণ্টন প্ৰতিযোগিতাখন।

Read More »

বিৰাট কোহলীৰ আন এক অভিলেখ

  ষ্টাফৰিপৰ্টাৰ,১৬ ডিচেম্বৰ, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ মাজতে বিৰাট কোহলীৰ আন এক অভিলেখ। এটা বৰ্ষতে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত ২৫০০ৰো অধিক ৰান কৰা বিশ্বৰ প্ৰথমগৰাকী বেটছমেনৰ অভিলেখ গঢ়িলে কোহলীয়ে। বৰ্তমান চলি থকা পাৰ্থ টেষ্টত প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৩২৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতে ৩টা উইকেটত ১৭২ ৰান …

Read More »

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতৰ জয়

  ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতৰ জয় লাভ কৰিছে। এডিলেইড টেষ্টত ৩১ ৰানত জয়ী টীম ইণ্ডিয়া। ৪খনীয়া শৃংখলাৰ প্ৰথম টেষ্টত ভাৰতৰ জয়লাভ। এই জয়েৰে ইতিহাস ৰচিলে ভাৰতীয় ক্ৰিকেট দলটোৱে। ১০ বছৰৰ মূৰত অষ্ট্ৰেলিয়াত টেষ্ট মেচত জয়ী ভাৰত। ২০০৮ চনতে জিকিছিল অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টেষ্ট মেচ।

Read More »

মহাৰাণাৰ ১১১ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান সফল ভাবে উদযাপন

ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ, ১৯০৭ চনত জন্ম লাভ কৰি অসমৰ ফুটবল জগতখনক বহিঃ ৰাজ্যত বলিষ্ঠভাবে পৰিচয় কৰাই দিয়াত অগ্রণী ভূমিকা গ্ৰহণ কৰা মহানগৰীৰ পানবজাৰস্থিত মহাৰণা এথলেটিকিছ ক্লাৱে ২০১৮ বর্ষৰ ৮ ডিচেম্বৰত ১১১ বছৰ সম্পূৰ্ণ কৰে।অসমৰ লগতে স্বৰাজোত্তৰ উত্তৰ পূৱৰ ক্ৰীড়া ক্ষেত্ৰখনত মহাৰণা ক্লাৱৰ অগ্রনী ভূমিকা আছে।ক্ৰীড়া ৰ বিভিন্ন বিভাগত এই ক্লাৱৰ …

Read More »

মহাৰাণা এথলেটিক ক্লাবে গৰকিলে ১১১ টা বসন্ত

  ষ্টাফৰিপৰ্টাৰ, ৮ ডিচেম্বৰ, “মহাৰাণা এথলেটিক ক্লাৱে শনিবাৰে ১১১ টা বসন্ত গৰকিলে। আজি ১১১সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা পুৱাই মহানগৰীৰ ৰাজপথত উলিওৱা হয় এক চাইকেল ৰেলী। মহিলা সবলীকৰণৰ উদ্দেশ্যে ৱাও চাইক্লথন শীৰ্ষক এই ৰেলীত শতাধিক মহিলাৰ লগতে অংশগ্ৰহণ কৰে পুৰুষেও।

Read More »

বেংগালুৰু আৰু এন ই ইউ এফ চিৰ মাজৰ মেচ ড্ৰ

  ষ্টাফৰিপৰ্টাৰ, ৫ ডিচেম্বৰ, বেংগালুৰু আৰু এন ই ইউ এফ চিৰ মাজৰ মেচ ড্ৰ হৈছে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত আই এছ এলৰ গুৰুত্বপূৰ্ণ মেচখন ১-১ গ’লৰ ব্যৱধানত ড্ৰ হয়। এন ই ইউ এফ চি ৰ হৈ গ’ল দিয়ে ফেদাৰিকো গালেগ’ৱে। চেংক গিলছেনে দিয়ে বেংগালুৰুৰ হৈ গ’লটো। মেচখনত ড্ৰ’ৰে দুয়োটা দলে ১ …

Read More »

কাইলৈ গুৱাহাটীত আই এছ এল ৰ গুৰুত্বপূৰ্ণ মেচ

    ষ্টাফৰিপৰ্টাৰ, ৪ ডিচেম্বৰ, বুধবাৰে গুৱাহাটীত আই এছ এল ৰ গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব। বেংগালুৰু এফ চিৰ মুখামুখি হ’ব নৰ্থ ইষ্ট ইউনাইটেড। বেংগালুৰু দলত আছে জাতীয় দলৰ অধিনায়ক সুনীল ছেত্ৰী। ২২ পইণ্টেৰে তালিকাৰ শীৰ্ষত আছে বেংগালুৰু দল।

Read More »

ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত এম চি মেৰিকম

  ষ্টাফৰিপৰ্টাৰ, ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত এম চি মেৰিকম। উত্তৰ কোৰিয়াৰ বক্সাৰক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছে বক্সাৰগৰাকীয়ে। প্ৰতিদ্বন্দ্বী কিম হিয়াঙক পৰাস্ত কৰিলে এম চি মেৰিকমে।

Read More »

অসমৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীত ওড়িশাৰ অগ্ৰগতি

  ষ্টাফৰিপৰ্টাৰ, ২১ নৱেম্বৰ, ৰঞ্জী ট্ৰফীত ওড়িশাৰ বিৰুদ্ধে অসমৰ ৰঞ্জিত মালিৰ দুৰ্দান্ত বলিং। ৮০ ৰানৰ বিনিময়ত মালিয়ে লাভ কৰে ৬টা উইকেট। অসমৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীত ওড়িশাৰ অগ্ৰগতি। ১১৯ ৰানৰ অগ্ৰগতি লাভ কৰিছে ওড়িশা দলটোৱে। ২৪০ ৰানত প্ৰথম ইনিংছ সামৰিলে আলহী দলটোৱে।

Read More »