Sunday , February 23 2020

শেহতীয়া সংবাদ

কলিয়াবৰৰ নলতলিত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ঘৰে-ঘৰে গৈ কংগ্ৰেছৰ প্ৰচাৰ বিধায়ক হুদাৰ

  প্ৰতিবেদক, ৰূপহীহাট, ২৮ মাৰ্চঃ- কলিয়াবৰ লোক সভা সমষ্টিখন দখল কৰিবলৈ উঠি পৰি লাগিছে বিভিন্ন ৰাইজনৈতিক দল । আজি কলিয়াবৰত বিজেপিৰ অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই ঘৰে-ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গল। বিধায়ক হুদাই কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নলতলিত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে । …

Read More »

যান – বাহন আইন মানি নচলাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব–ভাস্কৰজ্যোতি দত্ত

বঙাইগাঁও জিলাৰ অভয়াপুৰীত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা মানুহ যিমানে শিক্ষিত হৈছে সিমানে আইন ভংগকাৰীৰ সংখ্যা বাঢ়িছে — অনুপম ডেকা   বঙাইগাঁওঃ ২৮ মাৰ্চঃ বৰ্তমান মানুহ যিমানে শিক্ষিত হৈছে সিমানে নিয়ম ভংগ কৰা তথা আইন ভংগ কৰা মানুহৰ সংখ্যা বাঢ়ি গৈছে ৷ এই মন্তব্য বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাৰ …

Read More »

ভোটাৰ সংকল্প সমাৰোহৰ সামৰণি

  ছাদিকুজ জামান মোৰাঝাৰ — ২৮ মাৰ্চ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি অসমৰ বিভিন্ন প্ৰান্তত থকা গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজৰ মাজত ভোট দান সম্পৰ্কত সজাগতা বৃদ্ধিৰ বাবে আয়োজন কৰা সংকল্প সমাৰোহ যোৱা ২৭ মাৰ্চ তাৰিখে যমুনামুখ সমষ্টিৰ মোৰাঝাৰ, জয়নগৰ, চামৰালি, অকচেক পথাৰ, আমবাৰী আদি গাঁও পঞ্চায়তৰ লগতে যমুনামুখ গাওঁ পঞ্চায়ততো , …

Read More »

Recent Posts

প্ৰবীন ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ মৃত্যু

 

ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : প্ৰবীন ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ মৃত্যুত অসম ফটো সাংবাদিক সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে৷ সন্থাৰ সাধাৰন সম্পাদক ৰেব কুমাৰ বৰা আৰু সভাপতি চিন্ময় ৰয়ে বৰ্মনৰ মৃত্যু ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি প্ৰকাশ কৰে৷ অসমৰ প্ৰথমগৰাকী ক্ৰীড়া ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ গুৱাহাটীৰ হায়াট হাস্পাতালত মৃত্যু। ক্ৰীড়া পেন্সনাৰ আছিল তৰনী কান্ত বৰ্মন। ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ পিতৃ তৰনী বৰ্মন। মৃত্যুৰ সময়ত বৰ্মনে ইহ সংসাৰত পত্নী, তিনি পুত্ৰ, বোৱাৰী আৰু তিনিগৰাকী নাতিক এৰি থৈ যায়। মৃত্যুৰ সময়ত বৰ্মনৰ বয়স আজিল ৮০ বছৰ।

উবেৰাইজেশ্বন’ আঁচনি

 

ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : নিবনুৱাক সংস্থাপন আৰু যোগাযোগ ব্যৱস্থা উন্নতিকৰণৰ বাবে অসম চৰকাৰে হাতত লৈছে ‘উবেৰাইজেশ্বন’ নামেৰে এক আঁচনি ৷ য’ত ২৫% চৰকাৰী অনুদানেৰে হিতাধিকাৰীয়ে ক্ৰয় কৰিব বাছ। ইয়াৰে ১৫% হিতাধিকাৰিয়ে বিনা সুতত পৰিশোধ কৰিব লাগিব। আৰু অতিৰিক্ত ১০% পৰিশোধ কৰিব অসম ৰাজ্যিক পৰিবহণ নিগমে ৷ এই আঁচনিৰ জৰিয়তে লাভ কৰা গাড়ী অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত অতি কমেও ৫ বছৰ চলাব লাগিব ৷ ইতিমধ্য ৰাজ্য চৰকাৰে এই আঁচনিৰ বাবে ৫০কোটি টকা আবণ্টন দিছে পৰিবহণ নিগমক ৷ ২৯
ফেব্ৰুৱাৰীৰ ভিতৰত পৰিবহণ নিগমৰ ৱেবচাইট www.astc.assam.gov.inত ১০০০টকা মাচুলেৰে আৱেদন কৰিব লাগিব। একোজন আৱেদনকাৰীয়ে বেলেগ বেলেগ পথত সৰ্বোচ্চ ৫ খন আৱেদন কৰিব পাৰিব ৷ প্ৰথম অৱস্থাত পৰিবহণ নিগমে ৭০০খন বাছ এই আঁচনিৰ ভিতৰত সামৰি লোৱা হ’ব ৷

আশা কৰা হৈছে যে, এই আঁচনিৰ জৰিয়তে অসমৰ নিবনুৱাসকল উপকৃত হোৱাৰ লগতে ৰাজ্যৰ যোগাযোগ ব্যৱস্থাও উন্নীতকৰণ হ’ব ৷ শুকুৰবাৰে সংবাদমেল যোগে এই আচঁনিখনৰ সন্দৰ্ভত সকলো কথা বিৱৰি ক’লে পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ৰৰায়, উপাধ্যক্ষ হৰিচৰণ বড়ো আৰু সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে ৷

২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰলৈ অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন*

 

ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন ২৫ ‍ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা দিয়া হ’ব। ৰাজ্য চৰকাৰে আনুষ্ঠানিক ভাবে কেন্দ্ৰীয় চৰকাৰকৰ জমা দিব প্ৰতিবেদন। এই কথা জনাইছে ৰাজ্যৰ স্বাস্থ্য, শিক্ষা বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে ছয় নং দফা ৰূপায়নৰ বাবে গঠন কৰি দিয়া কমিটীয়ে ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰিছে প্ৰতিবেদন।

কাজিৰঙালৈ আহিব অভিনেতা অক্ষয় কুমাৰ!*

ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : কাজিৰঙালৈ আহিব চুপাৰষ্টাৰ অক্ষয় কুমাৰ। ইতিমধ্যে এখন পত্ৰ যোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অক্ষয় কুমাৰক নিমন্ত্ৰণ জনাইছে উদ্যান কৰ্তৃপক্ষই। উল্লেখ্য যে ২০১৯ চনত কাজিৰঙাত হোৱা প্ৰলয়ংকৰী বানত বন্যপ্ৰাণীৰ দুৰ্দশা সংবাদ মাধ্যমত প্ৰত্যক্ষ কৰি বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে ৰাষ্ট্ৰীয় উদ্যান খনলৈ আগবঢ়াইছিল এক কোটি টকাৰ অনুদান ৷

বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে প্ৰদান কৰা ১ কোটি টকা ব্যয় কৰা হ’ব কাজিৰঙাৰ বান, দুৰ্গত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কামত ৷ নিৰ্মাণ কৰিব এন্টি পোছিং কেম্প, দলঙৰ লগতে ক্ৰয় কৰা হ’ব সুৰক্ষাত নিয়োজিত অত্যাধুনিক নাও। লগতে, সেই অনুদানৰ এটা অংশৰে ২০১৬ চনত বেদখল মুক্ত কৰা কাজিৰঙাৰ বান্দৰ ডুবি অঞ্চলত উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হব ৷ বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে আগবঢ়োৱা অনুদানৰ ব্যৱহাৰ কিদৰে কৰা হ’ব সেয়া চাবলৈ অভিনেতা জনক নিমন্ত্ৰণ জনাইছে বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই।

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

 

ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে লৈছে সিদ্ধান্ত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগে লগে ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সংস্কৃত টোলত ধৰ্মীয় শিক্ষা প্ৰদান কৰা বুলি চৰকাৰে কৰা মন্তব্যক সহজ ভাবে ল’ব পৰা নাছিল বহুতে। সংস্কৃত টোল বন্ধ কৰাৰ বিৰোধিতা কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়েও।

মাতৃয়ে সংস্কৃত টোল বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক সমালোচনা কৰা প্ৰসংগত প্ৰথমবাৰলৈ মুখ খুলিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী শৰ্মাই কয় ‘পিতৃ–মাতৃৰ কথাত চৰকাৰ নচলে। সংস্কৃত টোল মেট্ৰিক পাছ কৰাৰ আহিলা হৈ পৰিছে। চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল।’

তাজমহল চাবলৈ যাওঁতে ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালৰ সৈতে নাথাকে নৰেন্দ্ৰ মোদী*

 

ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালে তাজমহল চাবলৈ যাওঁতে পত্নী মেলানিয়া, জোঁৱাই জাৰেদ কুছনেৰ আৰু জীয়ৰি ইভাংকা ট্ৰাম্পৰ সৈতে নাথাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

সোমবাৰে সপৰিয়ালে ড’নাল্ড ট্ৰাম্পৰ তাজমহলৰ ভ্ৰমণৰ সংগী নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চৰকাৰী সূত্ৰত প্ৰকাশ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিজন ২৪ ফেব্ৰুৱাৰীৰ বিয়লি আহমেদাবাদত উপস্থিত হ’ব। প্ৰায় ৩৬ ঘণ্টাতকৈও ক’ম সময় ভাৰতত কটাব ড’নাল্ড ট্ৰাম্পে। ড’নাল্ড ট্ৰাম্পৰ উচ্চস্তৰীয় ভ্ৰমণৰ সংগী হ’ব ফাৰ্ষ্ট লেডী মেলানিয়া, ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্প, জোঁৱাই জাৰেদ কুছনেৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এদল উচ্চ পৰ্যায়ৰ বিষয়া।

আহমেদাবাদত এক সমাৱেশত অংশ লোৱাৰ পিছত ট্ৰাম্প পৰিয়াল উৰা মাৰিব আগ্ৰালৈ। সোমবাৰে আবেলি ভাগত তাজমহল দৰ্শন কৰি ৰাজধানীত এই ভ্ৰমণৰ মূল কাৰ্যসূচীত অংশ ল’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

বিশ্ববিখ্যাত আগ্ৰাৰ প্ৰেমৰ সৌধ তাজমহল ভ্ৰমণৰ সময়ত নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পক সংগ দিবনে নাই সেয়া প্ৰশ্ন কৰোতে চৰকাৰী সূত্ৰই প্ৰকাশ কৰে তেনেকুৱা কোনো পৰিকল্পনা এই পৰ্যন্ত নাই।

সূত্ৰত প্ৰকাশ পোৱা মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু পৰিয়ালে আগ্ৰাত তাজমহল দৰ্শন কৰি ঐতিহাসিক কীৰ্তিচিহ্নৰ সৌন্দৰ্য উপভোগ কৰাৰ উপযুক্ত সুযোগ লাভ কৰিব। ব্যক্তিগত ভ্ৰমণ হোৱাৰ কাৰণে ভাৰতৰ তৰফৰ পৰা কোনো জ্যেষ্ঠ বিষয়া বা চৰকাৰী আমোলা এই ভ্ৰমণৰ আনুষ্ঠানিক সংগী নহয়। সূত্ৰত প্ৰকাশ।

আহমেদাবাদত সোমবাৰে বৃহৎ গণ সমাৱেশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডীৰ সৈতে অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে  ২৫ফেব্ৰুৱাৰীত দিল্লীত আনুষ্ঠানিক চৰকাৰী কাৰ্যসূচীতো ট্ৰাম্পৰ সৈতে উপস্থিত থাকিব।

পূৰ্বোত্তৰ সংগীত সন্মিলন’ চতুৰ্থ গুৱাহাটী আন্তৰ্জাতিক সংগীত মহোৎসৱ

 

ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : চতুৰ্থ গুৱাহাটী আন্তৰ্জাতিক সংগীত মহোৎসৱৰ অংশ হিচাপে আঞ্চলিক সংগীত শিল্পীসকলক সহায় কৰিবলৈ এক সংগীত সন্মিলন
সামাজিক-সাংস্কৃতিক অনুষ্ঠানত ইষ্টাৰ্ণ বীটছ মিউজিক ছ’চাইটিয়ে আয়োজন কৰিছে। উত্তৰ পূবৰ সংস্কৃতিৰ প্ৰসাৰৰ বাবে আৰু বিভিন্ন দেশৰ সৈতে, বিশেষকৈ এছিয়াৰ দেশসমূহৰ সৈতে নতুন সংযোগ স্থাপনৰ বাবে কাম কৰা সংস্থাটোৱে চতুৰ্থ গুৱাহাটী আন্তৰ্জাতিক সংগীত মহোৎসৱৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে ২৮-২৯ ফেব্ৰুৱাৰীত আয়োজন কৰিছে ‘পূৰ্বোত্তৰ সংগীত সন্মিলন’।
বিশ্বৰ সংগীত উদ্যোগৰ কেইবাটাও প্ৰতিষ্ঠিত নাম পূৰ্বোত্তৰ সংগীত সন্মিলনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ব। বিগত দুমাহত ডিমাপুৰ, শ্বিলং, উখৰুল আৰু আইজলত অনুষ্ঠিত হোৱা অডিশ্যনত নিৰ্বাচিত সংগীত শিল্পীসকলক পৰামৰ্শ প্ৰদান কৰিব এইসকল শিল্পীয়ে। এক অদ্বিতীয়এছিয়াজোৰা প্ৰকল্প, ৰিডমছ এণ্ড এৰ’মাছ অব্ নৰ্থইষ্ট ইণ্ডিয়াৰ অধীনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ৰাজ্যিক ভিত্তিত অডিশ্যন অনুষ্ঠিত হৈছিল, যি অনুষ্ঠান ভাৰত চৰকাৰৰ নৰ্থ ইষ্ট কাউন্সিলৰ সহযোগিতাত কৰা হৈছিল।
পূৰ্বোত্তৰ সংগীত সন্মিলন সকলো সংগীত শিল্পী আৰু সংগীতৰ ব্যৱসায় বুজিবলৈ আগ্ৰহীসকলৰ বাবে মুকলি। যাৰ উদ্দেশ্য হৈছে অঞ্চলটোত সংগীতৰ এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলা। সমান্তৰালভাৱে আশা কৰা হৈছে অঞ্চলটোৰ সংগীতশিল্পীসকলে যাতে সংগীতৰ সৈতে জড়িত হৈ থকা ব্যৱসায়ৰ বিষয়ে আৰু এই উদ্যোগটোৰ সৈতে জড়িত শেহতীয়া ঘটনাৱলী জানিব পাৰে।
সংগীত সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া বক্তাসকলৰ মাজত আছে টাৰছেম মিট্টাল (শিল্পী তথা টেলেণ্ট মেনেজমেণ্ট এক্সপাৰ্ট), ইণ্ডিয়ান মিউজিক ডায়েৰীজৰপৰা অক্ষয় কাপুৰ আৰু আদিত্য ঘোষ (ডিজিটেল মিউজিক প্ৰম’চন চেনেল), ৰ’লিংষ্ট’ন ইণ্ডিয়াৰপৰা অনুৰাগ টাগট (সংগীত সাংবাদিক), ৰয় দীপাংকৰ (মিউজিক প্ৰগ্ৰেমাৰ তথা চলচ্চিত্ৰ নিৰ্মাতা), চিডি বেবীৰপৰা ৰিটনিকা নয়ন (মিউজিক এগ্ৰেগেটৰ), পদ্মনাভন এনএছ (স্পটিফাইৰ হেড অব্ আৰ্টিষ্ট তথা লেবেল মাৰ্কেটিং), বিজয় বাছৰুৰ (অ’কে লিচেনৰ প্ৰতিষ্ঠাপক), শৃংখলা সাহায় (সংগীত সাংবাদিক), থেজা মেৰু (নাগালেণ্ড চৰকাৰৰ সংগীত আৰু কলাৰ বাবে টাস্ক ফ’ৰ্ছৰ উপদেষ্টা), কৌশিক দত্ত (মিউজিককানেক্ট এছিয়াৰ সংগীতশিল্পী তথা মিউজিক প্ৰম’টাৰ) আদি।
অঞ্চলটোৰ সংগীত উদ্যোগটোৰ ত্বৰিৎ বিকাশৰ বাবে ইষ্টাৰ্ণ বীটছ মিউজিক ছ’চাইটীয়ে অংশগ্ৰহণকাৰী সংস্থাসমূহৰ সৈতে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিব। “আমি বিশ্বৰ সংগীত উদ্যোগৰ বৃহৎ প্ৰতিষ্ঠানসমূহৰ সৈতে ৬খনৰো অধিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিম, যাৰ ভিতৰত আছে ৰ’লিংষ্ট’ন ইণ্ডিয়া, স্পটিফাই, চিডি বেবী, ইণ্ডিয়ান মিউজিক ডায়েৰীজ আদি। যিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সংগীত উদ্যোগৰ সৈতে জড়িত শিল্পী তথা অংশীদাৰীসকলক লাভান্বিত কৰিব,” ক’লে ইষ্টাৰ্ণ বীটছ মিউজিক ছ’চাইটীৰ প্ৰতিষ্ঠাপক সম্পাদক আয়ুস্মান দত্তই।
গুৱাহাটীৰ শিল্পগ্ৰামত ২৯ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ গুৱাহাটী আন্তৰ্জাতিক সংগীত মহোৎসৱৰ আৰম্ভণিতেএই সংগীত সন্মিলন অনুষ্ঠিত হ’ব।
সংগীত সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া সংগীত শিল্পীসকলক নিৰ্বাচন কৰা হৈছিল ৮খন ৰাজ্যত অনুষ্ঠিত হোৱা অডিশ্যনৰ মাধ্যমেৰে। অসম আৰু নাগালেণ্ডৰ বেণ্ডসমূহে ২০১৯ চনৰ ডিচেম্বৰৰ শেষৰফালে এছিয়াজোৰা সংগীত প্ৰকল্প ‘ৰিডম এণ্ড এৰ’মাছ অব্ নৰ্থইষ্ট ইণ্ডিয়া’ৰ অংশ হিচাপে ডিমাপুৰত অনুষ্ঠিত হোৱা অডিশ্যনত। য’ত সহযোগিতা আগবঢ়াইছিল নৰ্থ ইষ্টাৰ্ণ কাউন্সিল, শ্বিলঙে। একেদৰে মেঘালয়, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ বেণ্ডসমূহে শ্বিলং অডিশ্যনত অংশগ্ৰহণ কৰিছিল। শেষত, মণিপুৰ, ছিকিম আৰু মিজোৰামৰ বাবে অডিশ্যন অনুষ্ঠিত হৈছিল আইজলত।

মেকাৰ্ছ হাব প্ৰদৰ্শনীলৈ ইতিবাচক সঁহাৰি

 

ষ্টাফৰিপোৰ্টাৰ, ২২, ফেব্ৰুৱাৰী : চিত্ৰৰ পৰা দীৰ্ঘস্থায়ী কাপোৰলৈকে, হস্তনিৰ্মিত সামগ্ৰীৰ পৰা চালৰ যতন আৰু খাদ্য সামগ্ৰীলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ এদল যুৱ আৰু উদীয়মান উদ্যমীয়ে নিজে প্ৰস্তত কৰা সামগ্ৰীৰ সম্ভাৰেৰে সন্মিলিত প্ৰচেষ্টাৰে গুৱাহাটীত অনুষ্ঠিত কৰিছে এখনি বিশেষ প্ৰদৰ্শনী । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত এই কলা আৰু হস্তশিল্প প্ৰদৰ্শনী তথা বিক্ৰীৰ কাৰ্যসূচী অহা ২৩ ফেব্ৰুৱাৰীলৈকে চলিব । কাৰ্যসূচীৰ প্ৰথমদিনা ৰাইজৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰা হৈছে । গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে । প্ৰদৰ্শনীত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ বহু প্ৰতিভাসম্পন্ন শিল্পীয়ে তেওঁলোকৰ একক বৈশিষ্ট্যপূৰ্ণ সৃষ্টিৰাজী দৰ্শক আৰু কলা অনুৰাগীসকলৰ আগত প্ৰদৰ্শন কৰিছে । প্ৰদৰ্শনীত মুঠ ২৬ খন বিপনিৰ ব্যৱস্থা কৰা হৈছে । অনুষ্ঠানত অংশ লোৱা শিল্পীসকল হ’ল প্লাবিতা গগৈ (Aesthe_chics), সোনাক্ষী আগৰৱালা ( Ardpure & Studio Alishus), নুচৰত শইকীয়া ( Rose bud Art), অনিন্দিতা বৰগোঁহাই (Beaute), স্বাতিকা আগৰৱালা ( Craft studio by Swatika), সম্প্ৰীতি ওজা ( The tiny joys), প্ৰণামী গোহাঁই (Canvas & Kettle), লুকাচ ডেকা (Lucido), আৰাধনা শৰ্মা (Niiyor), জ্যোতি মানস তালুকদাৰ ( Jyoti Manash Art), ডিম্পী বৰা (Singpho Dallang), বৰ্ণৱ ৰয় চৌধুৰী (Bornav Art), এন ই এণ্টাৰপ্ৰাইজ (Saneki weaves), পদ্ম উৰিখেম্বাম আৰু ইন্দ্ৰানী দত্ত (Craftparking), ছাকিবা মহম্মদ (Bake tree), ছামছিনা লস্কৰ ( Hennyyzz Art), হিমান্সি চন্দ্ৰা (Amber Artistry), ঝিল পাতৰীয়া (Jhills art & craft), পিংকু দাস (Nokitomedo), গীতাঞ্জলি সোনোৱাল, কাশেলি ছুউ, মল্লিকা বুঢ়াগোঁহাই, স্বাতী নেগি (The Color Tales), নিশা ছুড় (Sweet Dreams), হিমাদ্ৰী প্ৰতিম, মাৰ্চি বৰকাকতি ( Boho Nook). প্ৰদৰ্শনীখনৰ ২৩ ফেব্ৰুৱাৰী দেওবাৰে সামৰণি পৰিব । এই প্ৰতিভাসম্পন্ন তথা উদীয়মান শিল্পীসকললৈ মৰম আৰু সমৰ্থন আগবঢ়াবলৈ আহক গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিলৈ ।

পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ কৃষ্ণ চন্দ্ৰ গান্ধী সোঁৱৰণী বটাঁ প্ৰদান অনুষ্ঠান

 

ষ্টাফৰিপোৰ্টাৰ-২১ ফেব্ৰুৱাৰী-উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ উত্তোৰণৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিয়ে । ১৯৯৭ চনত স্থাপিত হোৱা পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতি এটা বেচৰকাৰী শিক্ষা সংগঠন । জন্মলগ্নৰ পৰাই জনজাতি অঞ্চলত শিশুক পঞ্চম শ্ৰেণীলৈ আনুষ্ঠানিক শিক্ষা প্ৰদান কৰি আহিছে
অসমৰ কাৰ্বিআংলং আৰু কোকৰাঝাৰ জিলাৰ মুঠ ৫৪০ খন একল বিদ্যালয় এই সংস্থাই চলাই আছে ।ইয়াৰ উপৰিও অসমৰ ২২ খন মেঘালয়ৰ ২০, মনিপুৰত ২৪ খন সংস্কাৰ কেন্দ্ৰ আছে ।
সংস্থাই উত্তৰ-পূৰ্বাঞ্চলত শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সৌজন্যত ২৫ ফেব্ৰুৱাৰী তাৰিখে ত্ৰিপুৰাৰ আগৰতলাত কৃষ্ণ চন্দ্ৰ গান্ধী সোঁৱৰণী বটাঁ ২০১৯ বৰ্ষৰ বাবে স্বামী চিত্ৰৰঞ্জন দেৱবৰ্মাক প্ৰদান কৰা হব । বিশিষ্ট শিক্ষাবিদ, আধ্যাত্মিক গুৰু দেৱবৰ্মাই বিগত কেইবা দশক জুৰি দুখীয়া পিতৃ-মাতৃ হীন শিশুক সংস্কাৰ আৰু শিক্ষা প্ৰদান কৰি সমাজৰ প্ৰতি অতুলনীয় অবদান আগবঢ়াইছে । আজি গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিয়ে অনুস্থিত কৰা এক প্ৰেছ মেলত সাংবাদিক সকলক সম্বোধন কৰি সভাপতি সদা দত্তই জানিবলৈ দিছে ২৫ ফেব্ৰুৱাৰী ত্ৰিপুৰাতত এই বঁটা প্ৰদান কৰা হব । আগৰতলাৰ মক্ত্ধাৰা গৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী যিষ্ণু দেববৰ্মাই স্বামী চিত্ৰৰঞ্জন দেৱবৰ্মাক কৃষ্ণ চন্দ্ৰ গান্ধী সোঁৱৰণী বটাঁ প্ৰদান কৰিব ।
সংবাদ মেলত উপস্থিত থাকে পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ উপদেষ্টা লংকী ফাংচু,উপ-সভাপতি আৰু,কে পোদ্দাৰ, অসম প্ৰকাশন ভাৰতীৰ সচিব ডঃ বিবেকানন্দ শৰ্মা আৰু সমিতিৰ সম্পাদক চাঞ্চীৰাম পায়েং ।
বিদ্যাভাৰতীৰ সৰস্বতী শিশু মন্দিৰৰ প্ৰতিষ্ঠাতা আৰু অখিল ভাৰতীয় বনবাসী শিক্ষা প্ৰমুখ কৃষ্ণ চন্দ্ৰ গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বনবাসী অঞ্চলৰ শিক্ষাৰ প্ৰসাৰৰ বাবে বিশেষভাবে অৰিহণা যোগাইছিল ।

স্বচ্ছতা-১০১ “শীর্ষক মুকাভিনয় নাট

 

ষ্টাফৰিপোৰ্টাৰ, ২১ ফেব্ৰুৱাৰী : সমলয়ৰ উদ্যোগত “স্বচ্ছতা” শিৰোনামৰে এখন মূকাভিনয়িক নাট অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰা হ’ব। ১০১ টা প্ৰদৰ্শনৰ বাবে সাজু হোৱা এই “স্বচ্ছতা”ৰ শুভ আৰম্ভণি অনুষ্ঠানত ২৩ ফেব্ৰুৱাৰীত দিনৰ ১১:১১ বজাত উজান বজাৰ ঘাটত অনুষ্ঠিত কৰা হ’ব। এই অনুষ্ঠানত সকলোৰে
উপস্থিতিৰ লগতে দিহা পৰামৰ্শ আশা কৰিছে উদ্যোক্তা সকলৰ হৈ মিনাংক ডেকাই।

ৰটাৰী ক্লাব দক্ষিণ গুৱাহাটীৰ উদ্যোগত সম্বৰ্ধনা সভা

 

ষ্টাফৰিপোৰ্টাৰ, ২১ ফেব্ৰুৱাৰী : বিশিষ্ট শল্য চিকিৎসক , গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন শল্য বিভাগৰ অধ্যাপক, ২০১৯ চনত ৰাষ্ট্ৰপতিৰ দ্বাৰা পদ্মশ্ৰী বঁটা প্ৰাপক ডাঃ ইলিয়াছ আলীক বৃহস্পতিবাৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ৰটাৰী ক্লাব দক্ষিণ গুৱাহাটীৰ উদ্যোগত ড০ অমৃত পাল সিং ৰ পৌৰোহিত্যত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত ফুলাম গামোচা আৰু ৰটাৰীৰ স্মাৰকেৰে বিশিষ্ট চিকিৎসাক গৰাকীক সম্বৰ্ধনা জনোৱা হয়। সভাত বিশিষ্ট চিকিৎসক গৰাকীৰ বিষয়ে ৰটাৰিয়ান গীতাঞ্জলি কলিতাই চমুকৈ কয়। বিশিষ্ট চিকিৎসক ডাঃ ইলিয়াছ অলীয়ে সভাত জনবিস্ফোণ প্ৰতিৰোধৰ বিষয়ে বহলাই কয়। সভাত দীপক ভাগৱতী, দিলীপ সৰকাৰ, অঞ্জনা বুঢ়াগোহাঁই, ৰঞ্জনা লহকৰ, গায়ত্ৰী ভট্টাচাৰ্য, ডাঃ মালতী বৰুৱা, ড০ ইন্দিৰা বৰদলৈ, জয়ন্ত গোস্বামী, নৱজ্যোতি শৰ্মাৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। সভাত শলাগৰ শৰাই আগবঢ়াই ৰটাৰীয়ান তৰুণ চন্দ্ৰ বৰদলৈয়ে।

সদৌ অসম ভিত্তিত কবিতা আৰু বিগত বৰ্ষৰ বিহু সন্মিলনী সমূহৰ দ্বাৰা প্রকাশিত মুখপত্ৰসমূহৰ প্ৰতিযোগিতা

 

ষ্টাফৰিপোৰ্টাৰ, ২১ ফেব্ৰুৱাৰী : পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত বিগত বছৰ সমূহৰ দৰে এইবাৰো সদৌ অসম ভিত্তিত কবিতা আৰু বিগত বৰ্ষৰ বিহু সন্মিলনী সমূহৰ দ্বাৰা প্রকাশিত মুখপত্ৰসমূহৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত বিহুৰ প্ৰাকক্ষণত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। কবিতা প্ৰতিযোগিতা ‘ক’ শাখাত দশম শ্ৰেণীৰ পৰ্য্যায়ত ছাত্ৰ-ছাত্ৰী আৰু ‘খ’ শাখাত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰ পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব।কবিতা সমূহ সুন্দৰ আৰু স্পষ্টভাবে ব’হাগৰ বিষয়ে লিখা লিখনিৰ লগতে নিজৰ নাম, ফোন নম্বৰ, ঠিকনা, অধ্যয়নৰত শ্ৰেণী আৰু শিক্ষানুষ্ঠানৰ নাম উল্লেখ কৰি চানমাৰিস্থ পূৱ-গুৱাহাটী বিহু সন্মিলনৰ কাৰ্যালয়ত তিনিটা কপি জমা দিব লাগিব বুলি উদ্যোক্তা সকলে এক বিবৃতি যোগে জনাইছে। উল্লেখ কবিতা সমূহ ১০ মাৰ্চ লৈহে গ্ৰহণ কৰা হ’ব।

বিশ্ববাসীৰ মংগলাৰ্থে শ্ৰী শ্ৰী চণ্ডী মহাযজ্ঞ

 

ষ্টাফৰিপোৰ্টাৰ, ২১ ফেব্ৰুৱাৰী : পূৱ গুৱাহাটী ৰাজহুৱা দুৰ্গা পূজা কমিটিৰ উদ্যোগত পহিলা আৰু ২ মাৰ্চত বিশ্ববাসীৰ মংগলাৰ্থে শ্ৰী শ্ৰী চণ্ডী মহাযজ্ঞৰ আয়োজন কৰা হৈছে। চনমাৰিৰ পূৱ গুৱাহাটী ৰাজহুৱা দুৰ্গা পূজা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ”ব লগীয়া এই দুয়োদিনৰ কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা এক বিবৃতি যোগে কমিটিৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই কামনা কৰিছে।

প্ৰেছ ক্লাৱ পৰিচালনাৰ নতুন প্ৰচেষ্টালৈ আদৰণি

 

ষ্টাফৰিপোৰ্টাৰ,২০ ফেব্ৰুৱাৰী : গুৱাহাটী প্ৰেছ ক্লাবৰ পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত অনুযায়ী আজি অনুষ্ঠিত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত গুৱাহাটী প্ৰেছ ক্লাৱক গণতান্ত্ৰিক তথা সংবিধানিক ভাৱে নতুনকৈ পৰিচালনা কৰাৰ বাবে প্ৰেছ ক্লাবৰ এচাম সদস্য তথা
সাংবাদিকে অনুষ্ঠিত কৰা আজি পুৱাবেলাৰ সভাখনে লোৱা প্ৰচেষ্টা সম্পৰ্কত আলোচনা কৰা হয়। যোৱা সোতৰটা বছৰে প্ৰেছ ক্লাবৰ নিৰ্বাচন তথা কাৰ্যনিৰ্বাহক সমিতিৰ সভা অনুষ্ঠিত নোহোৱা পৰিস্থিতিৰ ওপৰতো সভাত আলোচনা কৰা হয়। সভাই প্ৰেছ ক্লাবক নতুনকৈ পৰিচালনা কৰা প্ৰচেষ্টাৰ প্ৰতি আদৰণি জনায় আৰু নতুন প্ৰচেষ্টাত সহযোগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহকৰ অন্তবৰ্তীকালীন পৰিচালনাৰ বাবে স্বকীয়ভাৱে নতুনকৈ আজিৰ সাধাৰণ সভাই সিদ্ধান্ত লোৱাত বৰ্তমানৰ কাৰ্যনিৰ্বাহকখন ভংগ কৰি দিয়া হয়। আজি শেষত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনকে ধৰি সংবিধান সংশোধনলৈকে সকলো ধৰণৰ কামকাজ যাতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বৰ্তমানৰ সংবিধানখনৰ নিৰ্দেশনা অনুযায়ী পৰিচালনা কৰা হয় তাৰ বাবে আজিৰ সভাই আশা প্ৰকাশ কৰে। সভাত গীতাৰ্থ পাঠক, সঞ্জীৱ কুমাৰ ফুকন, মানস কুমাৰ মহন্ত, বেদব্ৰত লহকৰ, পবিত্ৰ কুমাৰ ডেকা, দীপাংকৰ দেৱ শৰ্মা, নৱ ঠাকুৰীয়া, মুকুল কলিতা আৰু সবিতা লহকৰে ভাষণ দিয়ে । সভাখন পৰিচালনা কৰে বিমান চন্দ্ৰ হাজৰিকাই ।

হায়দৰাবাদস্থিত যশোদা হাস্পতালত আধুনিক পদ্ধতিৰে আঁঠু ৰোগৰ চিকিৎসা

 

ষ্টাফৰিপৰ্টাৰ,,,,২০ ফেব্ৰুৱাৰী।।। হায়দৰাবাদস্থিতি যশোদা হাস্পতালত সফলতাৰ সম্পন্ন কৰা হৈছে যিকোনো আঁঠু সম্বন্ধীয় ৰোগৰ চিকিৎসা। এই চিকিৎসাৰ জৰিয়তে কেইবাগৰাকীও ৰোগীয়ে উক্ত হাস্পতালত চিকিৎসা গ্ৰহণ সু- ফল লাভ কৰিবলৈ সক্ষম হৈছে । বৃহস্পতি বাৰে গুৱাহাটীৰ এ বি চি স্থিত যশোদা ক্লিনিকত সাংবাদিকৰ সৈতে হোৱা এক অনুষ্ঠানতহাস্পতাল খনৰ অৰ্থ’পেডিক ছার্জন ডাঃ কে সতীশ কুমাৰে এই সন্দৰ্ভত জনাবলৈ দিয়ে। তেওঁ মাল্টি স্পেচিয়েলিটী হাস্পতাল খনত শেহতীয়াকৈ কেইবাটাও জটিল ৰোগত আক্ৰান্ত আশীৰ ঊৰ্ধৰ এগৰাকী ৰোগীৰ সফলতাৰে চিকিৎসা সম্পন্ন হোৱা বুলি উল্লেখ কৰি কয়”-গুৱাহাটীৰ এগৰাকী ৮২ বছৰীয়া সুমিত্ৰা গোস্বামী গুৰুতৰ ভাৱে অষ্টিওআৰ্থাইটিছ, অষ্টিওপৰোচিছ আৰু পাৰ্কিনচছ আদি ৰোগত আক্ৰান্ত হৈ আছিল। লগতে তেওঁ উচ্চ ৰক্তচাপ, আৰু মধুমেহ ৰোগটো আক্ৰান্ত আছিল। তেওঁৰ বয়স অধিক হোৱা বাবে জইণ্ট ৰিপ্লেছমেণ্ট কৰাতো সম্ভৱ নাছিল। কিন্ত যশোদা হাস্পতালে আধুনিক চিকিৎসাৰে তেওঁক সুস্থ কৰি তুলিলে। বর্তমান তেওঁ সুস্থ অৱস্থাত স্বাভাৱিক জীৱন যাপন কৰি আছে।

Recent Posts

প্ৰবীন ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ মৃত্যু

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : প্ৰবীন ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ মৃত্যুত অসম ফটো সাংবাদিক সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে৷ সন্থাৰ সাধাৰন সম্পাদক ৰেব কুমাৰ বৰা আৰু সভাপতি চিন্ময় ৰয়ে বৰ্মনৰ মৃত্যু ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি প্ৰকাশ কৰে৷ অসমৰ প্ৰথমগৰাকী ক্ৰীড়া ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ গুৱাহাটীৰ হায়াট …

Read More »

উবেৰাইজেশ্বন’ আঁচনি

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : নিবনুৱাক সংস্থাপন আৰু যোগাযোগ ব্যৱস্থা উন্নতিকৰণৰ বাবে অসম চৰকাৰে হাতত লৈছে ‘উবেৰাইজেশ্বন’ নামেৰে এক আঁচনি ৷ য’ত ২৫% চৰকাৰী অনুদানেৰে হিতাধিকাৰীয়ে ক্ৰয় কৰিব বাছ। ইয়াৰে ১৫% হিতাধিকাৰিয়ে বিনা সুতত পৰিশোধ কৰিব লাগিব। আৰু অতিৰিক্ত ১০% পৰিশোধ কৰিব অসম ৰাজ্যিক পৰিবহণ নিগমে ৷ এই আঁচনিৰ জৰিয়তে …

Read More »

২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰলৈ অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদন*

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : অসম চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন ২৫ ‍ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা দিয়া হ’ব। ৰাজ্য চৰকাৰে আনুষ্ঠানিক ভাবে কেন্দ্ৰীয় চৰকাৰকৰ জমা দিব প্ৰতিবেদন। এই কথা জনাইছে ৰাজ্যৰ স্বাস্থ্য, শিক্ষা বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে ছয় নং দফা ৰূপায়নৰ বাবে গঠন কৰি দিয়া কমিটীয়ে ৰাজ্য চৰকাৰৰ …

Read More »

কাজিৰঙালৈ আহিব অভিনেতা অক্ষয় কুমাৰ!*

ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : কাজিৰঙালৈ আহিব চুপাৰষ্টাৰ অক্ষয় কুমাৰ। ইতিমধ্যে এখন পত্ৰ যোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অক্ষয় কুমাৰক নিমন্ত্ৰণ জনাইছে উদ্যান কৰ্তৃপক্ষই। উল্লেখ্য যে ২০১৯ চনত কাজিৰঙাত হোৱা প্ৰলয়ংকৰী বানত বন্যপ্ৰাণীৰ দুৰ্দশা সংবাদ মাধ্যমত প্ৰত্যক্ষ কৰি বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে ৰাষ্ট্ৰীয় উদ্যান খনলৈ আগবঢ়াইছিল এক কোটি টকাৰ অনুদান …

Read More »

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে লৈছে সিদ্ধান্ত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগে লগে ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সংস্কৃত টোলত ধৰ্মীয় শিক্ষা প্ৰদান কৰা বুলি …

Read More »

তাজমহল চাবলৈ যাওঁতে ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালৰ সৈতে নাথাকে নৰেন্দ্ৰ মোদী*

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালে তাজমহল চাবলৈ যাওঁতে পত্নী মেলানিয়া, জোঁৱাই জাৰেদ কুছনেৰ আৰু জীয়ৰি ইভাংকা ট্ৰাম্পৰ সৈতে নাথাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সোমবাৰে সপৰিয়ালে ড’নাল্ড ট্ৰাম্পৰ তাজমহলৰ ভ্ৰমণৰ সংগী নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চৰকাৰী সূত্ৰত প্ৰকাশ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিজন ২৪ ফেব্ৰুৱাৰীৰ …

Read More »

পূৰ্বোত্তৰ সংগীত সন্মিলন’ চতুৰ্থ গুৱাহাটী আন্তৰ্জাতিক সংগীত মহোৎসৱ

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : চতুৰ্থ গুৱাহাটী আন্তৰ্জাতিক সংগীত মহোৎসৱৰ অংশ হিচাপে আঞ্চলিক সংগীত শিল্পীসকলক সহায় কৰিবলৈ এক সংগীত সন্মিলন সামাজিক-সাংস্কৃতিক অনুষ্ঠানত ইষ্টাৰ্ণ বীটছ মিউজিক ছ’চাইটিয়ে আয়োজন কৰিছে। উত্তৰ পূবৰ সংস্কৃতিৰ প্ৰসাৰৰ বাবে আৰু বিভিন্ন দেশৰ সৈতে, বিশেষকৈ এছিয়াৰ দেশসমূহৰ সৈতে নতুন সংযোগ স্থাপনৰ বাবে কাম কৰা সংস্থাটোৱে চতুৰ্থ গুৱাহাটী …

Read More »

মেকাৰ্ছ হাব প্ৰদৰ্শনীলৈ ইতিবাচক সঁহাৰি

  ষ্টাফৰিপোৰ্টাৰ, ২২, ফেব্ৰুৱাৰী : চিত্ৰৰ পৰা দীৰ্ঘস্থায়ী কাপোৰলৈকে, হস্তনিৰ্মিত সামগ্ৰীৰ পৰা চালৰ যতন আৰু খাদ্য সামগ্ৰীলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ এদল যুৱ আৰু উদীয়মান উদ্যমীয়ে নিজে প্ৰস্তত কৰা সামগ্ৰীৰ সম্ভাৰেৰে সন্মিলিত প্ৰচেষ্টাৰে গুৱাহাটীত অনুষ্ঠিত কৰিছে এখনি বিশেষ প্ৰদৰ্শনী । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত এই কলা আৰু হস্তশিল্প প্ৰদৰ্শনী তথা বিক্ৰীৰ …

Read More »

পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ কৃষ্ণ চন্দ্ৰ গান্ধী সোঁৱৰণী বটাঁ প্ৰদান অনুষ্ঠান

  ষ্টাফৰিপোৰ্টাৰ-২১ ফেব্ৰুৱাৰী-উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ উত্তোৰণৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিয়ে । ১৯৯৭ চনত স্থাপিত হোৱা পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতি এটা বেচৰকাৰী শিক্ষা সংগঠন । জন্মলগ্নৰ পৰাই জনজাতি অঞ্চলত শিশুক পঞ্চম শ্ৰেণীলৈ আনুষ্ঠানিক শিক্ষা প্ৰদান কৰি আহিছে অসমৰ কাৰ্বিআংলং আৰু …

Read More »

স্বচ্ছতা-১০১ “শীর্ষক মুকাভিনয় নাট

  ষ্টাফৰিপোৰ্টাৰ, ২১ ফেব্ৰুৱাৰী : সমলয়ৰ উদ্যোগত “স্বচ্ছতা” শিৰোনামৰে এখন মূকাভিনয়িক নাট অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰা হ’ব। ১০১ টা প্ৰদৰ্শনৰ বাবে সাজু হোৱা এই “স্বচ্ছতা”ৰ শুভ আৰম্ভণি অনুষ্ঠানত ২৩ ফেব্ৰুৱাৰীত দিনৰ ১১:১১ বজাত উজান বজাৰ ঘাটত অনুষ্ঠিত কৰা হ’ব। এই অনুষ্ঠানত সকলোৰে উপস্থিতিৰ লগতে দিহা পৰামৰ্শ আশা কৰিছে উদ্যোক্তা …

Read More »

ৰটাৰী ক্লাব দক্ষিণ গুৱাহাটীৰ উদ্যোগত সম্বৰ্ধনা সভা

  ষ্টাফৰিপোৰ্টাৰ, ২১ ফেব্ৰুৱাৰী : বিশিষ্ট শল্য চিকিৎসক , গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন শল্য বিভাগৰ অধ্যাপক, ২০১৯ চনত ৰাষ্ট্ৰপতিৰ দ্বাৰা পদ্মশ্ৰী বঁটা প্ৰাপক ডাঃ ইলিয়াছ আলীক বৃহস্পতিবাৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ৰটাৰী ক্লাব দক্ষিণ গুৱাহাটীৰ উদ্যোগত ড০ অমৃত পাল সিং ৰ পৌৰোহিত্যত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত ফুলাম গামোচা আৰু ৰটাৰীৰ …

Read More »

সদৌ অসম ভিত্তিত কবিতা আৰু বিগত বৰ্ষৰ বিহু সন্মিলনী সমূহৰ দ্বাৰা প্রকাশিত মুখপত্ৰসমূহৰ প্ৰতিযোগিতা

  ষ্টাফৰিপোৰ্টাৰ, ২১ ফেব্ৰুৱাৰী : পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত বিগত বছৰ সমূহৰ দৰে এইবাৰো সদৌ অসম ভিত্তিত কবিতা আৰু বিগত বৰ্ষৰ বিহু সন্মিলনী সমূহৰ দ্বাৰা প্রকাশিত মুখপত্ৰসমূহৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত বিহুৰ প্ৰাকক্ষণত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। কবিতা প্ৰতিযোগিতা ‘ক’ শাখাত দশম শ্ৰেণীৰ পৰ্য্যায়ত ছাত্ৰ-ছাত্ৰী আৰু …

Read More »

বিশ্ববাসীৰ মংগলাৰ্থে শ্ৰী শ্ৰী চণ্ডী মহাযজ্ঞ

  ষ্টাফৰিপোৰ্টাৰ, ২১ ফেব্ৰুৱাৰী : পূৱ গুৱাহাটী ৰাজহুৱা দুৰ্গা পূজা কমিটিৰ উদ্যোগত পহিলা আৰু ২ মাৰ্চত বিশ্ববাসীৰ মংগলাৰ্থে শ্ৰী শ্ৰী চণ্ডী মহাযজ্ঞৰ আয়োজন কৰা হৈছে। চনমাৰিৰ পূৱ গুৱাহাটী ৰাজহুৱা দুৰ্গা পূজা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ”ব লগীয়া এই দুয়োদিনৰ কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা এক বিবৃতি যোগে কমিটিৰ সাধাৰণ সম্পাদক …

Read More »

প্ৰেছ ক্লাৱ পৰিচালনাৰ নতুন প্ৰচেষ্টালৈ আদৰণি

  ষ্টাফৰিপোৰ্টাৰ,২০ ফেব্ৰুৱাৰী : গুৱাহাটী প্ৰেছ ক্লাবৰ পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত অনুযায়ী আজি অনুষ্ঠিত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত গুৱাহাটী প্ৰেছ ক্লাৱক গণতান্ত্ৰিক তথা সংবিধানিক ভাৱে নতুনকৈ পৰিচালনা কৰাৰ বাবে প্ৰেছ ক্লাবৰ এচাম সদস্য তথা সাংবাদিকে অনুষ্ঠিত কৰা আজি পুৱাবেলাৰ সভাখনে লোৱা প্ৰচেষ্টা সম্পৰ্কত আলোচনা কৰা হয়। যোৱা সোতৰটা বছৰে প্ৰেছ ক্লাবৰ …

Read More »

হায়দৰাবাদস্থিত যশোদা হাস্পতালত আধুনিক পদ্ধতিৰে আঁঠু ৰোগৰ চিকিৎসা

  ষ্টাফৰিপৰ্টাৰ,,,,২০ ফেব্ৰুৱাৰী।।। হায়দৰাবাদস্থিতি যশোদা হাস্পতালত সফলতাৰ সম্পন্ন কৰা হৈছে যিকোনো আঁঠু সম্বন্ধীয় ৰোগৰ চিকিৎসা। এই চিকিৎসাৰ জৰিয়তে কেইবাগৰাকীও ৰোগীয়ে উক্ত হাস্পতালত চিকিৎসা গ্ৰহণ সু- ফল লাভ কৰিবলৈ সক্ষম হৈছে । বৃহস্পতি বাৰে গুৱাহাটীৰ এ বি চি স্থিত যশোদা ক্লিনিকত সাংবাদিকৰ সৈতে হোৱা এক অনুষ্ঠানতহাস্পতাল খনৰ অৰ্থ’পেডিক ছার্জন ডাঃ কে …

Read More »