Tuesday , November 19 2019
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

ৰঙিয়া ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শিক্ষাৰ্থী সকলক সম্বৰ্ধনা অনুষ্ঠান

ৰঙিয়া ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শিক্ষাৰ্থী সকলক সম্বৰ্ধনা অনুষ্ঠান ৰঙিয়া ৰপৰা তুলতুল আহমেদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰ আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যামিক শিক্ষান্ত পৰীক্ষাত ৰঙিয়াৰ বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতীমান শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশেষ অভিনন্দন।অনুষ্ঠান অনুষ্ঠিত কৰে …

Read More »

মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰৰ ৮৭ সংখ্যক ওপজা দিন পালন

মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰৰ ৮৭ সংখ্যক ওপজা দিন পালন গুৱাহাটীৰ প্ৰতিবেদক, ৯জুলাই,মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰৰ ৮৭ সংখ্যক ওপজা দিন সোমাবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত পালন কৰা হয়। এই অনুষ্ঠানত কথা সাহিত্যক ৰত্ন ওজা, কল্যাণ দে, নুৰুদ্দিন আহমেদ আদি উপস্থিত থাকি মঞ্চ প্ৰভাকৰৰ স্মৃতি চাৰণ কৰে। জোন তৰা কালাকেন্দ্ৰৰ উদ্যোগত এই অনুষ্ঠান …

Read More »

ইলোৰা বিজ্ঞান মঞ্চৰ *ৰান্ধনিশালত বিজ্ঞান* শীৰ্ষক কৰ্মশালা সম্পন্ন:

ইলোৰা বিজ্ঞান মঞ্চৰ *ৰান্ধনিশালত বিজ্ঞান* শীৰ্ষক কৰ্মশালা সম্পন্ন: *ৰাজ্যত খাদ্য ৰসায়ন পৰীক্ষাগাৰ স্থাপনত গুৰুত্ব* ******** গুৱাহাটীৰ প্ৰতিবেদক, ৯জুলাই, বিজ্ঞান জনপ্ৰিয়কৰণ আৰু অন্ধবিশ্বাসৰ বিপৰীতে অসমত বিজ্ঞানমনস্কতা প্ৰসাৰৰ অগ্ৰণী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত ৮ জুলাইত দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীত ‘ৰান্ধনিশালত বিজ্ঞান’ শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হৈ যায়। অসম সাহিত্য সভাৰ নেহা আগৰৱালা …

Read More »

Recent Posts

গুৱাহাটীৰ আই টি এ চেণ্টাৰত বক্তৃতা প্ৰদান চুপাৰ থাৰ্টি খ্যাত আনন্দ কুমাৰে

 

ষ্টাফৰিপৰ্টাৰ, ১৮ নৱেম্বৰ : প্ৰবল প্ৰয়াস, ইতিবাচক চিন্তা, কঠোৰ পৰিশ্ৰম আৰু অসীম ধৈৰ্য্য জীৱনৰ সফলতাৰ মূল মন্ত্ৰ। এই চাৰিটা কথাত গুৰুত্ব দিলে এদিন সফলতাই নিশ্চয়কৈ সকলোৰে কাষ চাপিব-এইদৰে কয়
আনন্দ কুমাৰে। পাটনাৰ “ৰামানুজম স্কুল অৱ মেথমেটিস্কৰ প্ৰতিষ্ঠাতা,বিশিষ্ট গণিতজ্ঞ, “চুপাৰ থাৰ্টী”খ্যাত আনন্দ কুমাৰ সোমবাৰে গুৱাহাটীৰ
প্ৰাগজ্যোতি সংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰি লগতে কয় ” অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থী বোৰ যথেষ্ট প্ৰতিভাশালী। তেওঁলোকৰ বহুতে ইয়াত থকা বিভিন্ন প্ৰত্যাহ্বানক নেওচি আগুৱাই গৈছে। নিজৰ কেৰীয়াৰক লৈ যথেষ্ট সচেতন। সকলোৱে ভাল সপোন দেখা উচিত আৰু সপোন দিঠকত পৰিণত কৰা বাবে নিজৰ মনোবল অধিক শক্তিশালী কৰা উচিত। নিজৰ লক্ষ্য সদায় স্থিৰ কৰি ৰাখিব লাগে। শিক্ষাৰ্থীৰ মনত জীবনত কিবা এটা কৰি দেখুৱাৰ আত্মবিশ্বাস থাকিব লাগে। প্ৰৱল প্ৰয়াসৰ প্ৰয়োজন। সদায় ইতিবাচক চিন্তা কৰিব লাগে। আত্মবিশ্বাস সদায় নিজৰ লগত থাকিব লাগে। কেতিয়াও নেতিবাচক চিন্তা কৰিব নালাগে। বিভিন্ন প্ৰতিকূলতাৰ মাজতো নিজৰ লক্ষ্যৰ পৰা কেতিয়াও বিছিন্ন হ’ব নালাগে। জীৱনৰ কঠোৰ পৰিশ্ৰম আনিবাৰ্য। কঠোৰ পৰিশ্ৰমে সুন্দৰ বাট দেখুৱাব। লগতে অসীম ধৈৰ্যৰ প্ৰয়োজন। নানা ঘাট প্ৰতিঘাটৰ মাজত ধৈৰ্য্য হেৰুৱাব নালাগে।অসীম ধৈৰ্য্য ৰ জৰিয়তে নানা ঘাট প্ৰতিঘাট নেওচি আগুৱাই যাব লাগে। মই জীৱনত বহু সংগ্ৰাম কৰিছোঁ। সকলোৰে জীৱনত প্ৰত্যাহ্বান আহে কিন্তু আমি মনোবল আৰু ধৈৰ্য হেৰুৱাব নালাগে।
চুপাৰ ৩০ পৰা ৫১০ গৰাকী শিক্ষাৰ্থীৰ মাজৰ পৰা ৪৪০ গৰাকীয়ে আই আই টি উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।” তেওঁ শিক্ষাৰ্থী সকলক চুপাৰ ৩০ ৰ দুখীয়া শিক্ষাৰ্থীৰ সফলতাৰ কেইবাটাও কাহিনী কোৱাৰ লগতে স্লাইড শ্ব প্ৰদৰ্শন কৰে। লগতে উপস্থিত শিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰে। তদুপৰি তেওঁৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা চলচ্চিত্ৰ “চুপাৰ ৩০” ৰ বাবে ঋত্বিক ৰোছণক নিৰ্বাচন কৰাৰ আঁৰত অভিনতা গৰাকীৰ মাজত দেখা চলচ্চিত্ৰ খনৰ প্ৰতি উৎসুকতা আৰু চলচ্চিত্ৰ খনৰ প্ৰতি আগ্ৰহ মূল আছিল বুলি কয়। উল্লেখ আনন্দ কুমাৰৰ বক্তৃতানুষ্ঠান “চুপাৰ থাৰ্টি আনন্দ কুমাৰৰ লগত নতুন দিগন্ত আবিষ্কাৰ” অনুষ্ঠানটো ব্যতিক্ৰমৰ উদ্যোগত আৰু স্পেকট্ৰাম এডুভেঞ্চাৰৰ্চৰ সহযোগত অনুষ্ঠিত হ’য়। শিক্ষাক্ষেত্ৰত আমাৰ লক্ষ্য সাৰোগত কৰিয়েই এক সফল ব্যক্তিত্ব আনন্দ কুমাৰক গুৱাহাটীত আমন্ত্ৰণ কৰা হয় যাতে অসমৰ তৰুণ প্ৰজন্মৰ প্ৰায় সহস্ৰাধিক শিক্ষাৰ্থীযে তেওঁৰ মূল্যবান ভাষণ শুনি আপ্লুত হয়। ২০০২ চনৰ পৰা “চুপাৰ থাৰ্টি’ শীৰ্ষক সংস্থানৰ জৰিয়তে দৰিদ্ৰ তথা মেধাৱী ল’ৰা ছোৱালীৰ দ্বায়িত্ব নিজ হাতে লৈ আই আই টি’ৰ বাছনি পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দি আহিছে আৰু বৰ্তমানো দি আছে। তেওঁৰ প্ৰচেষ্টাই বিশ্বত খলকনিৰ সৃষ্টি কৰিছে। অনুষ্ঠানত স্পেকট্ৰাম এডুভেঞ্চাৰ’ৰ সঞ্চালক অভিষেক বৰুৱা, অভিনেতা কপিল বৰা,পবন আগৰৱালা, শংখ শুভ্ৰ দেব বৰ্মণ, বিধান দাস গুপ্ত, জেহিৰুল ইছলাম আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বন্তি প্ৰজ্জলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উপস্থিত বহু সংখ্যক শিক্ষাৰ্থযে এই অনুষ্ঠান জৰিয়তে উপকৃত হ”ল বুলি জনায়।

আজি জুবিন গাৰ্গৰ ওপজা দিন l ৪৮ বছৰীয়া হ’ল জুবিন গাৰ্গ

 

ষ্টাফৰিপৰ্টাৰ, ১৮ নৱেম্বৰ : যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ৪৮ বছৰীয়া হ’ল। সংগীতৰ, সংগীত পৰিচালনা আৰু অভিনয় জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা মৰমৰ শিল্পী গৰাকীৰ ওপজা দিন উপলক্ষে শিল্পী গৰাকীৰ অনুৰাগী সকলে সোমবাৰৰ দিনটোত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। ছ’চিয়েল মিডিয়া ফেচবুক, ৱাটচএপ যোগে ও মৰমৰ শিল্পী গৰাকীৰ ওপজা দিন উপলক্ষে মৰমেৰে উপচাই তোলে।

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চি পি আই ( এম) দলৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চি পি আই ( এম) দলৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট

বঙাইগাঁওঃ ১৮ নৱেম্বৰঃ বাওঁ গণতান্ত্ৰিক মঞ্চৰ উদ্যোগত আজি বঙাইগাঁৱতো সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চি পি আই (এম) দলে দুঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত ৰে’লৱে অভিযান্ত্ৰিক কাৰখানাৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি নানা শ্ল’গান দিয়াৰ লগতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধেও নানা শ্ল’গান দিয়ে ৷ কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে বিধেয়কখন প্ৰত্যাহাৰৰ দাবীত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ বুলি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰখন কাৰ্যবাহী দণ্ডাধীশ মাচুম আহমেদে গ্ৰহণ কৰে ৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত চি পি আই ( এম) দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি পৰিমল চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজিৰে পৰা সংসদৰ যি শীতকালীন অধিৱেশন আৰম্ভ হ’ব সেই অধিৱেশনত অসমৰ জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদ স্বত্বেও নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত উত্থাপন কৰি আইনত পৰিণত কৰিব বুলি বিজেপি চৰকাৰে প্ৰচাৰ চলাইছে তথা যো- যা চলাইছে ৷ আমি অসমৰ বাওঁ গণতান্ত্ৰিক মঞ্চৰ অংশীদাৰ দল হিচাপে বঙাইগাঁও জিলাতো আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু এই বিধেয়কখন প্ৰত্যাহাৰ কৰাৰ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো ৷ যোৱা লোকসভাৰ অধিৱেশনতো কেন্দ্ৰীয় চৰকাৰে এই বিধেয়কখন উত্থাপন কৰি আইনত পৰিণত কৰিব বিচাৰিছিল ৷ কিন্তু ৰাজ্য সভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নথকাৰ বাবে এই বিধেয়কখন আইনত পৰিণত কৰিব নোৱাৰিলে ৷ কিন্তু এইবাৰ যিহেতু তেওঁলোকে কিছু পৰিমাণে সংখ্যা গৰিষ্ঠতা অৰ্জন কৰিছে, গতিকে বিজেপি চৰকাৰে এইখন আইনত পৰিণত কৰাৰ বাবে আকৰগোজ মনোভাৱ লৈ দেশৰ যি সাম্প্ৰদায়িক সদভাৱ আছে তাক বিনষ্ট কৰাৰ কাৰণে সাম্প্ৰদায়িক দৃষ্টিভংগীত আমাৰ দেশৰ ধৰ্ম নিৰপেক্ষতাক আওকাণ কৰি তেওঁলোকে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কাৰণে এই আইনখন আনিব বিচাৰিছে ৷ যিয়ে আমাৰ দেশৰ সংবিধানৰ যিটো মৌলিক চৰিত্ৰ সেই ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰক বিনষ্ট কৰিব ৷ লগে লগে সাম্প্ৰদায়িক ভাগ বতৰাৰ যি ৰাজনীতি সেই ৰাজনীতিক বিজেপিয়ে সফল কৰিব বিচাৰিছে ৷ সেয়ে আমি সাম্প্ৰদায়িক ধৰ্ম নিৰপেক্ষতা বিৰোধি বিধেয়কখন বাতিল কৰিবলৈ দাবী জনাইছো ৷ আনহাতে ১৯৭১ চনৰ ২৪ মাৰ্চক ভিত্তি হিচাপে লৈ বিদেশী বহিষ্কৰণ আৰু চিনাক্তকৰণৰ বাবে অসম চুক্তি স্বাক্ষৰিত হৈছিল ৷ কিন্তু আজি এই বিধেয়কখনৰ জৰিয়তে অসম চুক্তিকো বাতিল কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে ৷ যিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি বিদেশী সমস্যা বা প্ৰব্ৰজনৰ সমস্যাক জটিল আৰু ভয়াৱহ কৰি তুলিব ৷ কাৰণ এই বিধেয়কখনৰ জৰিয়তো প্ৰব্ৰজনটো যদি অবাধে চলি থাকে তেতিয়াহ’লে অসম তথা উত্তৰ পূৰ্বাঞ্চলত যিটো জনগাঁথনিৰ পৰিৱৰ্তন হৈ আৰ্থ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱন বিপন্ন হ’ব আৰু জনসাধাৰণৰো ঐক্য- সংহতি বিনষ্ট হ’ব ৷ লগতে জনসাধাৰণে হেৰুৱাব সুযোগ – সুবিধা ৷ সেয়ে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি ততালিকে বিধেয়কখন প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনায় জিলা সভাপতিগৰাকীয়ে ৷ কাৰ্যসূচীত চি পি আই ( এম) নেতা হৰেশ্বৰ দাস আদিও উপস্থিত থাকে ৷

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। আয়োজন কৰাৰ কাৰণ এই যে আমাৰ অতি শ্ৰদ্ধাৰ গড়পোট নিবাসী প্ৰয়াত ৰামচন্দ্র কলিতাৰ জেষ্ঠ পুত্ৰ বৰ্তমান মাৰ্ঘেৰিটা নিবাসী প্ৰয়াত ৰমেন কলিতা দেৱ যোৱা ইং 15/11/19 তাৰিখে ইহালীলা সম্বলন কৰে। তেখেতে 29/07/19 চনত জন্ম গ্ৰহণ কৰি বহুত সামাজিক কামত তেখেতৰ অৰিহণা লেখত লবলগীয়া। গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজাত তেখেতৰ অবদান আমাৰ গাওঁৰ ৰাইজে সদায় স্মৰণ কৰি থাকিব। তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ উদ্দেশ্যি আমাৰ গড়পোট বাসী ৰাইজে শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি তেখেতক অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধা জ্ঞাপন কৰে।

ডিব্ৰুগড় গ্রন্থমেলাত নিষিদ্ধ পলিথিন

ডিব্ৰুগড় গ্রন্থমেলাত নিষিদ্ধ পলিথিন

চাবুৱাঃ ১৮ নৱেম্বৰঃ মিলনজ্যোতি সংঘ উদ্যোগত সদৌ অসম পুথি প্রকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযােগত বিগত ১৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হােৱা চৌকিডিঙ্গী খেল পথাৰ গ্রন্থমেলাৰ বাকৰিত নিষিদ্ধ কৰা হৈছে পলিথিন জাতীয় সামগ্রী।আয়োজক সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে প্রকাশন গােষ্ঠী আৰু গ্রন্থ বিপণীসমুহত ক্রেতাক পলিথিন প্রদান নকৰিবৰ বাবে অনুৰোধ জনাইছে। উল্লেখযােগ্য যে এক সুস্থ বাতাবৰণ সৈতে তিনিদিনৰ কাৰ্যসূচী সুন্দৰভাবে সমাপন হােৱা পৰিলক্ষিত হৈছে। তাৰ বাবে প্রেমীৰ সুবিধা হোকা স্বচ্ছ তাৰ ক্ষেত সহযােগিতা আগবঢ়াইছে ভাৰতীয় ষ্টেট বেংক, ইৰৰব-কিৰাব আৰু ডিব্রুগড় জিলা ক্রীড়া সংস্থাই। ভাৰতীয় ষ্টেট বেংক আৰু ডিব্রুগড় জিলা এড়া সন্থাই গ্রন্থমেলাৰ বাকৰিত স্থাপন কৰিছে কুৰিটাতকৈ অধিক পৰিৱেশ অনুকূল ডাষ্টবিন। ইফালে ইৰাব-কিৰাব আৰু ডিব্ৰুগড় জিলা ক্রীড়া স্থায়ী পােষ্টাৰ স্থাপনে গ্রন্থপ্রেমীক অনুষ্ঠানস্থলী চাফ-চিকুণ কৰি ৰখাৰ অনুৰোধ জনোৱাৰ পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি গ্রন্থ বিপণীসমুহে প্রশাসনৰ অনুমতি থকা কেৰীবেগ প্রদানেৰে আয়ােজকক সহযােগিতা কৰা দেখা গৈছে।

নাগৰিকত্ব ( সংশোধনী) বিধেয়কৰ বিৰোদ্ধে উত্তাল কৰিলে শিৱসাগৰ চহৰঃ

নাগৰিকত্ব ( সংশোধনী) বিধেয়কৰ বিৰোদ্ধে উত্তাল কৰিলে শিৱসাগৰ চহৰঃ প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্র প্ৰেৰণ

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১৮ নৱেম্বৰ : আজি ৰাজ্যজুৰি বাওঁ-গণতান্ত্ৰিক মঞ্চ, অসমৰ আহ্বান ক্ৰমে সকলো জিলা সদৰত প্ৰস্তাৱিত নাগৰিকত্ব ( সংশোধনী) বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰতো চি পি আই, চি পি আই (এম), আৰ চি পি আই আৰু অসম সংগ্ৰামী মঞ্চই ৰূপায়ণ কৰে ৷ ষ্টেচন চাৰি আলি সমীপৰ পৰা বেনাৰ ফ্লেগ প্লেকাৰ্ড লৈ দলকেইটাৰ কেইবাশ কৰ্মকৰ্তাই নগৰৰ মাজেৰে বিভিন্ন শ্ল’গান দি উপায়ুক্ত কাৰ্যালয় সন্মুখত বহুসময় বিক্ষোভ প্ৰদৰ্শন কৰি ভাৰত চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
বিক্ষোভকাৰী সকলক সম্বোধি চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে কয় যে হয়তো পূৰ্বৰ বিধেয়ক খনৰ কিছু সংশোধন ঘটাই এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্য কেইখনক ৰেহাই দি কেৱল অসম আৰু ত্ৰিপুৰাত হিন্দু বিদেশীক তথা বাংলাদেশীক নাগৰিকত্ব দিব বিচাৰিছে ৷ অসম বিৰোধী , সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক বিলখন যদি মোদী চৰকাৰ আৰু সৰ্বানন্দ চৰকাৰে অসমৰ ওপৰত জাপি দিয়ে তেন্তে অসমত ভয়াবহ পৰিস্থিতি সৃষ্টি হ’ব বুলিও তেওঁ চৰকাৰক সঁকিয়াই দিয়ে ৷ ইতিমধ্যে বিজেপি আৰ এচ এচৰ বাহিৰে সকলো অসমীয়াই এই বিধেয়ক বিৰোধিতা কৰাৰ পিছতো চৰকাৰ কেইখনে দম্ভালি মাৰি কেৱল ভোটবেংকৰ স্বাৰ্থতে পুনৰ বিলখন আনিব বিচাৰিছে ৷ অসমৰ ভাষা-সংস্কৃতিক ধংস কৰিব বিচৰা, জাতি- মাটি, ভেটি-সম্পদ শেষ কৰিব বিচৰা তথা জনগাঁথনি, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পৰা বিধেয়ক খনক সকলো অসম প্ৰেমী জনতাক বিৰোধিতা কৰিবলৈ মাৰবান্ধি ওলাই আহিবলৈ আহ্বান জনাই ৷ এটা জাতি প্ৰথম আৰু প্ৰধান পৰিচয়ে হৈছে ভাষা ৷ আমাৰ ভাষাই যদি চৰকাৰী মৰ্যাদা হেৰুৱাব লগা হয় তেন্তে অসমীয়াই কেতিয়াও স্বাধীন মনেৰে জীয়াই থাকিব নোৱাৰিম ৷
আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই অসমৰ বহুকেইটা বিধান সভা সমষ্টি বাংলাদেশী মুছলমানৰ হাতলৈ গ’ল বুলি জনতাক আৱেগিক কৰি আছে তেখেতক আমি প্ৰত্যাহ্বান জনাব বিচাৰোঁ যে হিন্দু বাংলাদেশী সংস্থাপন দি আমাৰ সমষ্টি সুৰক্ষিত কৰিব নোৱাৰে ৷ বিশ্ব শৰ্মা যদি দম আৰু সাহস আছে তেন্তে অসমৰ ছয় জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমক জনজাতীয় ৰাজ্য ঘোষণা কৰক আৰু অতি ক্ৰমেও ৮৭ টা বিধান সভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত তথা সুৰক্ষিত কৰি ৰাখিব পাৰিব ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকি চি পি আই এমৰ জিলা সম্পাদক নিৰঞ্জন চেতিয়া , অসম সংগ্ৰামী মঞ্চৰ নেতা দিগন্ত কোঁৱৰ আৰু চি পি আই নেতা ধৰ্ম বৰুৱাই বিধেয়কখন বিৰোধিতা কৰি চৰকাৰক চোকা সমালোচনা কৰে আৰু প্ৰত্যাহাৰৰ দাবী জনাই ৷ অসমৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত সকলো অসমপ্ৰেমী ৰাইজক মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনাই ৷
বিক্ষোভকাৰী সকলে উপায়ুক্ত মহোদয়াৰ যোগেদি প্ৰধানমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

কৈঠালকুছিৰ সমাজ সংগঠক প্ৰধান শিক্ষক ৰাতুল বৰ্মনৰ কৰ্মৰত অৱস্থাতেই দেহাৱসান

সমাজ সংগঠক প্ৰধান শিক্ষক ৰাতুল বৰ্মনৰ কৰ্মৰত অৱস্থাতেই দেহাৱসান, শোকস্তদ্ধ নলবাৰীৰ কৈঠালকুছি

ৰূপক বৈশ্য, নলবাৰী, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, ১৮ নবেম্বৰঃ কৈঠালকুছিৰ সমীপৱৰ্তী বালিজাৰ গাঁৱৰ স্থায়ী বাসিন্দা, অসমী হাইস্কুলৰ কৰ্মৰত প্ৰধান শিক্ষক, বিশিষ্ট সমাজ সংগঠক ৰাতুল বৰ্মনৰ আজি বিদ্যালয়তে আকস্মিকভাবে অসুস্থ হৈ পৰাত ততাতৈয়াকৈ নলবাৰী সাৰথি নাৰ্চিংহোমলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰাত সমগ্ৰ কৈঠালকুছি অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ ১৯৬০ চনত বালিজাৰ গাঁৱত জন্মগ্ৰহণ কৰা বৰ্মনে ২২৭ নং বালিজাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা, ১৯৭৬ চনত বানেকুছি হাইস্কুলৰ পৰা মেট্ৰিক, ১৯৭৮ চনত পি ইউ আৰু ১৯৮১ চনত নলবাৰী কলেজৰ পৰা বিএ পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ ১৯৮৪ চনত অসমী হাইস্কুলত সহকাৰী শিক্ষক হিচাপে নিযুক্তি পাই ২০০০ চনৰ চেপ্তম্বৰত প্ৰধান শিক্ষক হিচাপে পদোন্নতি পোৱা বৰ্মনে ২০২০ চনৰ মাৰ্চৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰা কথা ৷ সমাজ সংগঠক প্ৰয়াত বৰ্মনে গান্ধীজী বালিকা বিদ্যালয়, ব্ৰহ্মানন্দ পূন্যাশ্ৰম, বালিজাৰ ৰাজহুৱা নামঘৰ, গৰখীয়া থান, বাৰগোপাল থান আদিৰ প্ৰতিষ্ঠাপক আছিল ৷ প্ৰয়াত বৰ্মনৰ মৃত্যুত উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থা, কৈঠালকুছি হাইস্কুল, সাধনা একাডেমী, বাখাৰ আলি এম ই মাদ্ৰাছা, ঔহাটী এম ই মাদ্ৰাছা, জনতা হাইস্কুল, কৈঠালকুছি বজাৰ পৰিচালনা সমিতি, পশ্চিম নলবাৰী চিৰাতুন্নবী প্ৰচাৰ সমিতিকে ধৰি বিভিন্ন দল সংগঠনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷ তেওঁৰ নশ্বৰ দেহ কৰ্মস্থলী অসমী হাইস্কুললৈ এক শোভাযাত্ৰাৰে নি পুষ্পাঞ্জলি প্ৰদান কৰি আজি নিশা তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ ৷ প্ৰয়াত বৰ্মনে পত্নী, দুই পুত্ৰ, পাঁচ ভাতৃসহ অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ৷

ৰঙিয়া তুলসীবাৰীত নিৰ্মম হত্যা

*ৰঙিয়া তুলসীবাৰীত নিৰ্মম হত্যা*

*বন্ধুৰ নিৰ্মম প্ৰহাৰত বন্ধুৰ মৃত্যু*

প্ৰতিবেদক, ৰঙিয়া ১৮ নৱেম্বৰঃ  ৰঙিয়া তুলসীবাৰীত নিৰ্মম ঘটনা। বন্ধুৰ প্ৰহাৰত বন্ধুৰ অকাল মৃত্যু। ৰাস মহোৎসৱৰ  ধামখুমীয়াৰ  মাজতে সংঘটিত হ’ল এই অমানবীয় ঘটনা। সামান্য দহ হাজাৰ টকা লেন দেনক কেন্দ্ৰ কৰি এই নৃশংস হত্যাকাণ্ড  সংঘটিত হৈছে বুলি অভিযোগ উথ্থাপিত হৈছে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি তুলসীবাৰী নিবাসী গোপাল দাস আৰু দীপু বৈশ্যৰ মাজত বন্ধুত্ব দীৰ্ঘদিনৰ। দেওবাৰে সন্ধিয়া গোপাল দাসে বন্ধু দিপু বৈশ্যৰ পত্নীৰ আমন্ত্ৰণ মৰ্মে বন্ধু বৈশ্যৰ  ঘৰলৈ যায়। তাত কোনো কথাক কেন্দ্ৰ কৰি দুই  বন্ধুৰ মাজত কাজিয়া হয়। পৰৱৰ্তী সময়ত এই কাজিিয়া হতাহতিত পৰ্যবেশিত হয়। প্ৰাাপ্ত অভিযোগ অনুসৰি দীপু বৈশ্য আৰু  তেওঁৰ পত্নীয়ে গোপাল দাসক নিশা আৱদ্ধ কৰি নিৰ্মম ভাৱে প্ৰহাৰ কৰে। পুৱা এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে গোপাাল দাসৰ ককায়েেক দুলাল দাাসে ভাতৃৰ খবৰ লবলৈৈ  দীপু বৈশ্যৰ ঘৰলৈ গলে গোপাল দাাসে তেওঁ লোকৰ ঘৰৰ পৰা দহ হাজাৰ টকা চুৰি কৰা বুলি  দীপু বৈশ্যই অভিযোগ দিয়ে। পিছত দিপু বৈশ্যই  দহ হাজাৰ টকা ওভতাই দিয়াৰ প্ৰতিিশ্ৰুতি আদায় কৰি গোপাল দাৰ ককায়েকৰ পৰা বগা কাগজত বলপূৰ্বক চহী কৰাই লয় বুলি দাসৰ পৰিয়ালে অভিযোগ দিয়ে। দাসৰ ককায়েকে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰি তেওঁক ঘৰলৈ লৈ আহে যদিও নিৰ্মম প্ৰহাৰত লেবেজান হোৱা দাসৰ শাৰিৰীক অৱস্থাৰ দ্ৰুত অৱনতি হোৱাত তেওঁক লগে লগে উন্নত চিকিৎসাৰ বাবে ৰঙিয়া চহৰলৈ লৈ অহা হয় যদিও আধা বাটতে তেওঁ মৃত্যুক আকোৱালি লয়। এই ঘটনা প্ৰচাৰ হোৱাৰ লগে লগে তুলসীবাৰী গাওঁত হুৱাাদুৱাৰ সৃষ্টি হয়। দাসৰ ককায়েকে দীপু বৈশ্যই গোপাল দাসক নিৰ্মম ভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ লগতে জেপৰ পৰা চাৰি হাজাৰ টকা কাঢ়ি নিয়াৰ অভিযোগ উথ্থাপন কৰি তুলসীবাৰী থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দীপু বৈশ্যক আটক কৰি থানালৈ লৈ আনে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। এই   ঘটনাটো গাওঁ খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গোপাল দাসৰ পৰিয়ালে এই নৃশংস হত্যাকাণ্ডৰ নিৰপেক্ষ তদন্তৰ লগতে উপযুক্ত ক্ষতিপূৰণৰ দাৱী জনাইছে  । অৱশ্যে সম্পূৰ্ণ ঘটনাটো ৰহস্যজনক বুলি ৰাইজৰ অভিমত।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

ৰঙিয়াৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা মুকলি

*ৰঙিয়াৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা মুকলি*

প্ৰতিবেদক, ৰঙিয়া, ১৮ নৱেম্বৰ : ৰঙিয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত আজি মুকলি কৰা হয় মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা। এই ৰোগ নিৰ্ণায়ক সেৱা কক্ষৰ ফিটা কাটি মুকলি কৰে চিকিৎসালয় খনৰ উপ- অধীক্ষক ডাঃ দিলীপ বৈশ্যই । এই উপলক্ষে চিকিৎসালয় খনৰ সভাকক্ষত আয়োজন কৰা হয় এক শুভাৰম্ভনি অনুষ্ঠানৰ। আজিৰ এই শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে ডা: লীপিকা বৰা, ডাঃ পাপৰী দাস, ডাঃ অশোক কলিতা, ডাঃ জয়ন্ত শৰ্মা লগতে চিকিৎসালয়ৰ কৰ্মচাৰীবৃন্দ। উল্লেখ্য যে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়ত ৰোগীৰ তেজ পৰীক্ষা বিনামূলীয়া হ’ব বুলি ঘোষণা কৰাৰ পিছত আজি ৰঙিয়াত মুকলি কৰা হয় এই সেৱা। এতিয়াৰ পৰা যিকোনো ৰোগীয়ে মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা কক্ষত মুঠ ৫৬ বিধ ৰোগ পৰীক্ষা কৰিব পাৰিব বুলি জানিবলৈ দিয়ে উপ অধীক্ষক ডাঃ বৈশ্যই । উল্লেখ্য যে ইয়াৰ পূৰ্বে তেজৰ সকলো পৰীক্ষা গুৱাহাটীৰ পৰা সম্পন্ন কৰি অনা হৈছিল, যাৰ ফলত পৰীক্ষাৰ ফলাফল সমূহ পোৱাত দুদিনমান পলম হৈছিল। এতিয়াৰ পৰা কম সময়ৰ ভিতৰতে ৰঙিয়াত পৰীক্ষা কৰি ৰোগ সমূহ নিৰ্ণায়ক কৰিব পৰা যাব।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

বঙাইগাঁৱৰ চাপৰাকাটাৰ কৃষি ভূমিত প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ স্থাপনৰ বিৰোধিতা

বঙাইগাঁৱৰ চাপৰাকাটাৰ কৃষি ভূমিত প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ স্থাপনৰ বিৰোধিতা

ৰাইজ আৰু সংগঠনে বন্ধ কৰি দিলে নিৰ্মাণ কাৰ্য

বঙাইগাঁওঃ ১৭ নৱেম্বৰঃ বঙাইগাঁৱৰ চাপৰাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাওৰীয়াকাটা গাঁৱৰ কৃষি ভূমিৰ মাজত স্থাপন কৰিবলৈ লোৱা নৰ্থ ইষ্ট কেলচিনাৰ প্ৰাইভেট লিমিটেড (NORTH EAST CALCINER PRIVATE LIMITED) নামৰ উদ্যোগটোৰ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ দাবীত আজি স্থানীয় ৰাইজৰ লগতে ৰাভা ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী জাতীয় মহাসভাৰ বিষয়ববীয়াই নিৰ্মীয়মান উদ্যোগটোৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কাম- কাজ বন্ধ কৰি দিয়ে ৷ উল্লেখ্য যে নিৰ্মীয়মান উদ্যোগটো প্ৰদূষণ সৃষ্টিকাৰী কাৰ্বন উদ্যোগ হ’ব বুলি শেহতীয়াকৈ প্ৰচাৰ হোৱাৰ পিচতে স্থানীয় ৰাইজ তথা বিভিন্ন সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যাৰ বাবে আজি স্থানীয় ৰাইজৰ লগতে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মাখন ৰাভা আদি নিৰ্মীয়মান উদ্যোগস্থলীত উপস্থিত হৈ উদ্যোগটোৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰি থকা চাইট ইনচাৰ্চ অলোক শৰ্মাৰ পৰা উদ্যোগটোৰ বিষয়ে জানিব বিচাৰে ৷ কিন্তু লোকজনে ৰাইজক উদ্যোগটোৰ পৰা প্ৰদূষণ সৃষ্টি হ’ব নে নহয় তথা কি উৎপাদন হ’ব আদি বিষয়সমূহ বিতংভাৱে অৱগত কৰাত ব্যৰ্থ হয় ৷ তেওঁ এই বিষয়ে ভালকৈ একো ক’ব নোৱাৰিব বুলি কৈ ঢালিগাঁৱৰ শোধনাগাৰৰ পৰা আৰ চি পি আনি ইয়াত উৎপাদিত সামগ্ৰী লো উদ্যোগলৈ প্ৰেৰণ কৰা হ’ব বুলি কৈ বাকী সকলো কথা উৰ্ধতম কৰ্তৃপক্ষইহে জানিব বুলি কয় ৷ পিচত দুই সংগঠনৰ নেতাৰ লগতে ৰাইজে কয় যে যেতিয়ালৈকে প্ৰদূষণ বোৰ্ড, জিলা প্ৰশাসন আৰু উদ্যোগটোৰ কৰ্তৃপক্ষই উদ্যোগটো প্ৰদূষণ মুক্ত বুলি সকলোৰে সৈতে প্ৰমাণিত তথা স্পষ্ট কৰিব নোৱাৰে তেতিয়ালৈকে সেই স্থানত কোনোপধ্যেই উদ্যোগটো স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৷ লগতে নিৰ্মাণ কাৰ্যও বন্ধ ৰাখিবলৈ দাবী জনায় ৷ অন্যথা ইয়াৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন তথা উদ্যোগ কৰ্তৃপক্ষ দায়ী হ’ব বুলিও স্পষ্ট কৰি দিয়ে ৷ ইপিনে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে উদ্যোগ স্থাপনত আমাৰ কোনো আপত্তি নাই ৷ কাৰণ উদ্যোগ স্থাপনে আমাৰ স্থানীয় শিক্ষিত যুৱকসকলক সংস্থাপিত কৰিব ৷ কিন্তু উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ বাবে এটা নিৰ্দিষ্ট পলিচি থাকে ৷ যেনেকৈ চৰকাৰে কিছুমান ঔদ্যোগিক পাম ঘোষণা কৰে আৰু সেইবিলাক অঞ্চলত ক্ষুদ্ৰ উদ্যোগ বা বৃহৎ উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰে ৷ আজি আমি দেখিছো যে বঙাইগাঁৱৰ চাপৰাকাটা তৃতীয় খণ্ডৰ ভাওৰীয়াকাটা গাঁৱত কাৰ্বন উদ্যোগ এটা প্ৰতিষ্ঠা কৰিবলৈ লৈছে ৷ কিন্তু এইখিনি অঞ্চল সম্পূৰ্ণৰূপে কৃষি ভূমি আৰু চাৰিও ফালে মানুহৰ বসতি প্ৰধান গাঁওসমূহ আছে ৷ গতিকে এই অঞ্চলত যদি কাৰ্বন উদ্যোগ এটা স্থাপন হয়, তেতিয়াহ’লে স্বাভাৱিকতে ইয়াত প্ৰদূষণৰ সৃষ্টি হ’ব ৷ লগতে অনাগত দিনত খোৱা পানীৰ সমস্যা হ’ব , পৰিৱেশ প্ৰদূষিত হ’ব, কৃষি ভূমি নষ্ট হ’ব, গাওঁসমূহত প্ৰদূষিত ধোঁৱা গৈ মানুহৰ মাজত কেঞ্চাৰকে ধৰি মাৰাত্মক বেমাৰ হ’ব পাৰে ৷ সেয়ে আমি ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডলৈ ইয়াৰ বিৰোধিতা কৰি তথা প্ৰদূষণ সৃষ্টিকাৰী নিৰ্মীয়মান কাৰ্বন উদ্যোগটো বন্ধ কৰাৰ দাবীত পত্ৰ প্ৰেৰণ কৰিছো ৷ তাৰোপৰি আমি পূৰ্বৰ জিলা উপায়ুক্ত আৰু বৰ্তমানৰ জিলা উপায়ুক্তকো স্মাৰকপত্ৰ প্ৰদান কৰিছো ৷ আমি কৈছো যে উদ্যোগটো কেনেকৈ তাত স্থাপন কৰিবলৈ অনুমতি দিলে ? আমি জানিব পাৰিছো যে চাপৰাকাটা গাঁও পঞ্চায়তৰ যিগৰাকী সচিব সেই সচিবগৰাকীয়ে অবৈধভাৱে তথা অকৰ্তৃত্বশীলভাৱে এই অঞ্চলটোত উদ্যোগটো স্থাপনৰ বাবে এন অ চি দিছে ৷ কিন্তু পঞ্চায়তৰ যিসকল জনপ্ৰতিনিধি আছে অথবা গাঁওবুঢ়া তথা স্থানীয় জাতীয় সংগঠন বিলাক আছে সেই সকলৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই ৷ গতিকে আমি এই অঞ্চলত আহিছো আৰু ইয়াত নিৰ্মীয়মাণ উদ্যোগটোৰ যিসকল লোক আছে তেওঁলোকৰ লগতে উদ্যোগটোৰ সঞ্চালকৰ সৈতেও টেলিফোনিক কথা পাতিছো আৰু কৈছো যে যেতিয়ালৈকে জিলা প্ৰশাসন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ পৰা উদ্যোগটো স্থাপনৰ পিছত প্ৰদূষণ হ’ব নে নহয় সেই বিষয়ে এটা নিৰীক্ষণ নহয় তথা নিশ্চিতভাৱে নজনাব তেতিয়ালৈকে উদ্যোগটোৰ নিৰ্মাণ কাৰ্য স্থগিত ৰাখিব লাগিব ৷ যদি আমাৰ দাবী মানি নলয়,তেতিয়াহ’লে স্থানীয় ৰাইজকলৈ কোচ ৰাজবংশী জাতীয় মহাসভা আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই আন্দোলন কৰিবলৈ বাধ্য হ’ম ৷ ইতিমধ্যে আমি কোচ ৰাজবংশী জাতীয় মহাসভা, কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে যোৱা আগষ্ট মাহতে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডলৈ স্মাৰক পত্ৰ দিছো, চেপ্টেম্বৰ মাহত জিলা উপায়ুক্তক স্মাৰক পত্ৰ দিছো আৰু যোৱা ১৫ নৱেম্বৰটো বঙাইগাঁও জিলাৰ নৱ নিযুক্ত জিলা উপায়ুক্তক স্মাৰক পত্ৰ দিয়া হৈছে ৷ কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে প্ৰথমতে যেতিয়া এই কাৰ্বন উদ্যোগটোৰ কাম আৰম্ভ কৰিবলৈ লৈছিল তেতিয়া এই অঞ্চলৰ ৰাইজক কৈছিল যে এইটো এটা ষ্টিল কোম্পানী নে ষ্টিল ৰং উৎপাদনৰ উদ্যোগহে হ’ব ৷ কিন্তু আমি প্ৰশাসনৰ পৰা নিশ্চিত হলো যে এইটো কোনো ষ্টিল কোম্পানী নহয় ৷ এইটো নৰ্থ ইষ্ট কেলচিনাৰ প্ৰাইভেট লিমিটেড নামৰ এটা পেট্ৰোলিয়াম ক’ক উদ্যোগহে হ’ব বুলি জানিব পাৰিছো ৷ যিটো কলকাতাৰ বনিক গোষ্ঠীৰ দ্বাৰা নিৰ্মাণ কৰি থকা হৈছে ৷ ইয়াৰ পৰা স্পষ্ট হৈছে যে তেওঁলোকে স্থানীয় ৰাইজক মিছা কথাৰে আভুৱাভাৰি এই প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগটো স্থাপন কৰিবলৈ লৈছে ৷ কিন্তু আমি এই কৃষি ভূমি তথা জনবসতিপূৰ্ণ অঞ্চলত কোনো কাৰণতে প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ স্থাপন কৰিবলৈ নিদিও ৷ এই ক্ষেত্ৰত আমি স্থানীয় বিধায়ক তথা মন্ত্ৰী ফনীভূষণ চৌধুৰী আৰু জিলা প্ৰশাসনকো আহ্বান জনাইছো যাতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে ৷ আনহাতে যদি আমাৰ দাবী তথা প্ৰতিবাদ স্বত্বেও এই উদ্যোগটো ইয়াত নিৰ্মাণ হয়, তেতিয়াহ’লে তাৰ ফলত উদ্ভৱ হ’ব পৰা পৰিৱেশ আৰু পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন আৰু চৰকাৰ দায়ী হ’ব বুলিও স্পষ্ট কৰি দিয়ে ৷ কাৰণ ইতিমধ্যে নিউ বঙাইগাঁৱত স্থাপন কৰা ব্ৰহ্মপুত্ৰ কাৰ্বনউদ্যোগে দোলাইগাঁও অঞ্চলটো কেনেদৰে প্ৰদূষিত হৈছে সকলোৱে জানে ৷ যাৰ বাবে ঢালিগাঁৱত স্থাপন কৰা কাৰ্বন উদ্যোগ এটা বিটিচি প্ৰশাসনে বন্ধ কৰিবলৈ বাধ্য হৈছে বুলিও কয় ৷ সেইদৰে বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মাখন ৰাভাই কয় যে কৃষি ভূমিৰ মাজত স্থাপন কৰি থকা উদ্যোগটো সন্দৰ্ভত প্ৰথম অৱস্থাত আমি ষ্টিল ৰং উৎপাদন কৰিব বুলি শুনিবলৈ পাইছিলো ৷ কিন্তু সময় বাগৰি যোৱাৰ লগে লগে কথাবোৰ ওলোট পালত হৈ গৈ আছে ৷ আমি পোৱা তথ্য মতে ইয়াত ঢালিগাঁও শোধনাগাৰৰ পৰা আৰ পি চি আনি ইয়াত তাৰ পৰা উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰি ইয়াৰ পৰা বাহিৰলৈ পঠিয়াব ৷ গতিকে আমি ইয়াৰ পৰা এটা কথাই বুজিছো যে ঢালিগাঁৱৰ পৰা আৰ পি চি অনা মানে এইটো কাৰ্বন উদ্যোগেই হ’ব লাগিব ৷ এই বৃহৎ অঞ্চলৰ খেতি পথাৰৰ মাজত আমি কেতিয়াও কাৰ্বন উদ্যোগ নিবিচাৰো ৷ কাৰণ কাৰ্বন উদ্যোগ বিষাক্ত ক্ষতিকাৰক ৷ এই উদ্যোগ প্ৰতিষ্ঠা হ’লে কৃষি ভূমিৰ খেতি নষ্ট হ’ব, পানী দূষিত হ’ব ৷ লগতে ওচৰৰ গাঁৱৰ লোকসকলে নানা বেমাৰত আক্ৰান্ত হ’ব ৷ সেয়ে আমাৰ কথা হ’ল বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন হওক ৷ কিন্তু প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ আমি ইয়াত কেতিয়াও নিবিচাৰো ৷ আমি যেতিয়ালৈকে এই নিৰ্মীয়মান উদ্যোগটোত কি উৎপাদন হ’ব ,প্ৰদূষণ সৃষ্টি কৰিব নেকি আদি কথাবোৰ স্পষ্ট নহ’ব তেতিয়ালৈকে উদ্যোগটোৰ আন্তঃগাথনিৰ নিৰ্মাণৰ কাম বন্ধ ৰাখিবলৈ দাবী জনায় ৷ জিলা সভাপতিগৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে যদিহে নিৰ্মীয়মান উদ্যোগটোৰ কাৰ্বন উদ্যোগ হয়, তেতিয়াহ’লে কোনোপধ্যেই ইয়াত স্থাপন কৰিবলৈ দিয়া নহ’ব আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ম ৷ কাৰণ নিউ বঙাইগাঁৱত থকা কাৰ্বন উদ্যোগটোৰ ভয়াৱহ প্ৰদূষণৰ কাৰণে কাষৰ লোকসকলে তাৰ পৰা আন ঠাইত মাটি কিনি আতৰি যাবলৈ ধৰিছে বুলি কৈ বিষাক্ত কাৰ্বন উদ্যোগ স্থাপন হ’বলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে ৷

প্ৰস্তাৱিত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ প্ৰতিবাদত

 

ষ্টাফৰিপৰ্টাৰ , ১৭ নৱেম্বৰ : কেন্দ্ৰৰ বিজেপি-নেতৃত্বাধীন মোদী চৰকাৰে দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পাছত পুনৰ নাগৰিকত্ব (সংশোধনী) বিধেয়ক সংসদত উত্থাপন কৰাৰ বাবে উঠি-পৰি লাগিছে। অসমকে ধৰি উত্তৰ-পূবৰ জনসাধাৰণৰ প্ৰবল প্ৰতিবাদ আৰু সমগ্ৰ দেশৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দল-সংগঠনসমূহৰ তীব্ৰ বিৰোধিতা সত্ত্বেও মোদী চৰকাৰে নিজৰ সাম্প্ৰদায়িক আৰু আঁকোৰগোজ অৱস্থানৰ পৰা আঁতৰি অহা নাই। বৰং সংসদত কেৱল সংখ্যাগৰিষ্ঠতাৰ জোৰত বিজেপি চৰকাৰখনে চৰম স্বেচ্ছাচাৰিতা প্ৰদৰ্শন কৰি বিধেয়কখন আইনত পৰিণত কৰাৰ বাবে উদ্যত হৈছে। সেয়ে প্ৰস্তাৱিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে ‘বাঁও-গণতান্ত্ৰিক মঞ্চ, অসম’ৰ অন্তৰ্ভুক্ত দলসমূহে কাইলৈ ১৮ নৱেম্বৰত সমগ্র ৰাজ্যখনত যৌথভাৱে আন্দোলন সংগঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঞ্চৰ অন্তৰ্ভুক্ত দলসমূহৰ ভিতৰত আছে : চি পি আই (এম, চি পি আই, চি পি আই (এম-এল), জনতা দল (এছ), এন চি পি, অসম সংগ্ৰামী মঞ্চ, আম আদমী পাৰ্টি, লিবাৰেল ডেমক্ৰেটিক পাৰ্টি আৰু আৰ চি পি আই।

মঞ্চৰ দলসমূহে যৌথভাৱে প্ৰকাশ কৰা এটা বিবৃতিৰ জৰিয়তে কয়, ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰিব বিচৰা এই বিধেয়ক সাম্প্ৰদায়িক আৰু সংবিধানবিৰোধী।
১৯৭১ চনৰ ২৪ মার্চক ভিত্তি হিচাপে লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰণয়ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)খনো হৈ পৰিব অৰ্থহীন। সেয়ে এনে এখন সংবিধানবিৰোধী, সাম্প্ৰদায়িক আৰু অসমবিৰোধী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলনৰ অংশহিচাপে ১৮ নৱেম্বৰত সমগ্ৰ ৰাজ্যতে সভা-সমাবেশ-ধৰ্ণা-বিক্ষোভ আদি কাৰ্যসূচী পালন কৰা হ’ব বুলিও দলসমূহে ঘোষণা কৰে। ১৮ নৱেম্বৰৰ প্ৰতিবাদী আন্দোলনত যোগদান কৰি দেশৰ সংবিধান তথা ধৰ্মনিৰপেক্ষ চৰিত্ৰ ৰক্ষাৰ হকে আৰু বিজেপি চৰকাৰৰ অসমবিৰোধী পদক্ষেপৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়াৰ বাবে ৰাজ্যখনৰ সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতি মঞ্চই আহ্বান জনাইছে।
গুৱাহাটীত ১৮ নৱেম্বৰৰ দিনা বাঁও-গণতান্ত্ৰিক দলসমূহৰ সভ্য-সমৰ্থকৰ উপৰি স্বাধীন মতাৱলম্বী বিভিন্ন অংশৰ ৰাইজ দিনৰ ১১ বজাত গুৱাহাটী ক্লাবৰ সমীপৰ বেজবৰুৱা চ’ক (ৰ’টাৰী পইণ্ট)ত সমবেত হৈ অৱস্থান-ধৰ্মঘটত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পাছতে দিনৰ এক বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি গৈ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিব। এই প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰাৰ বাবে বাঁও-গণতান্ত্ৰিক মঞ্চই সকলো অংশৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

১৯ সংখ্যক আন্তৰাষ্ট্ৰীয় লিঅ’ এক্স’পই অন্তিম দিনৰ দিনা গ্ৰাহকৰ বাবে লৈ আহিছে এক বিশেষ ৰেহাই

 

ষ্টাফৰিপ’ৰ্টাৰ,,,,১৭ নৱেম্বৰ।।। গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ২৫ অক্টোবৰৰ পৰা ১৮ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা ১৯ সংখ্যক আন্তৰাষ্ট্ৰীয় লিঅ’ এক্সপ’ৰ ১৮ নৱেম্বৰ অৰ্থাৎ সোমবাৰে সামৰণি পৰিব। লিঅ’ এড’ৰ্ভাটাইজিং আৰু ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত এই এক্সপ’ৰ অন্তিম দিনটোত গ্ৰাহকৰ বাবে আগবঢ়োৱা হৈছে কেইবাটাও বিশেষ অ’ফাৰ। দৈনিক ভিত্তিত অভৱনীয় বিক্রীৰ ফলস্বৰুপে এই বিশেষ ৰেহাই গ্ৰাহকৰ বাবে আগবঢ়োৱা হৈছে। বহু দৰ্শকৰ সমাগম ঘটা এই লিঅ’ এক্স’পৰ সামৰণি অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকা, অভিনেত্ৰী নিশিতা গোস্বামী আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকিব আৰু সেইদিনাই সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া বঁটা বিতৰণী অনুষ্ঠানত অংশ লব। এইবাৰ এই লিঅ’ এক্সপ’ত আছে অসমৰ হস্ত-তাঁত আৰু হস্ত শিল্পজাত সমগ্রী সমূহ। আনহাতে বড়োলেণ্ডৰ উদ্যোগ
আৰু বাণিজ্য বিভাগ আৰু এন এছ আই চি এটা গোটেও বৃহৎ পৰিসৰত এই এক্সপ’ত যোগদান কৰিছে। এই বছৰ ৬৮ খন ষ্টল স্থাপনৰ জৰিয়তে তেওঁলোকে নিজৰ সামগ্ৰী সমূহ গ্ৰহকসকলৰ বাবে মুকলি কৰি ভাল আয় উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে, প্ৰতিবছৰে অনুষ্ঠিত হোৱা এই এক্সপ’ৰ বৃহৎ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি ২০২০ চনৰ ৩০ অক্টোবৰৰ পৰা ৩০ নৱেম্বলৈ এই এক্সপ’ৰ ২০ সংখ্যক সংস্কৃৰণৰ বাবে ইতিমধ্যে আয়োজকবৃন্দই কৌতুহলী হৈ পৰিছে।

নামতিৰ দুৰ্ঘটনাত দ্বিতীয় দিনাও উত্তেজনা অব্যাহতঃ

নামতিৰ দুৰ্ঘটনাত দ্বিতীয় দিনাও উত্তেজনা অব্যাহতঃ ধোদৰ আলিত পথ অৱৰোধ

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১৭ নেৱেম্বৰ : শিৱসাগৰ জিলা শলগুৰি মৌজাৰ নামতি চাৰিআলি সমিপত কালি নিশা সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল দুজনকৈ ব্যক্তিৰ | উক্ত ঘটনাক লৈ আজি উত্তেজিত লোকে ধোদৰ আলি অৱৰোধ কৰে | বহু সময় ধৰি কৰা পথ অৱৰোধৰ ফলত ধোদৰ আলিত যাতায়ত সম্পুৰ্ণৰূপে বন্ধ হৈ পৰাত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ ত$পৰতাত পথ অৱৰোধ উঠায় লয় | জিলা আৰক্ষী অধীক্ষকে মৃতকৰ দুয়োজন ব্যক্তিৰ ক্ষতিপূৰণৰ বাবে ব্যৱস্থা আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাট প্ৰাপ্তসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰোৱাৰ প্ৰতিশ্ৰুতি দিয়া বুলি প্ৰকাশ কৰিছে ।
জিলা আৰক্ষী অধীক্ষকে ইতিমধ্যে চালকসহ দুজনক আটক কৰিছে।
স্মতব্য যে কালি উদণ্ড বাইক চালকৰ খুন্দাত মৃত্যু হৈছে আলহাজ মৌলানা ডাউদ হুচেইন আৰু মাতু বেগমৰ । আনহাতে দুৰ্ঘটনাত এটি দুবছৰীয়া শিশু জেচমিন বেগম গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত আছে।
দুৰ্ঘটনাত উদণ্ড পালচাৰ বাইক চালকে পাচজনকৈ লোকক মহতীয়াই আঘাটপ্ৰপ্ত কৰে । যাৰ ফলত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল পাঁচজনকৈ লোকৰ। ইয়াৰে একেটা পৰিয়ালৰে শিশুসহ আছিল চাৰিজনকৈ লোক।
AS 04 W 1632 নম্বৰৰ পালচাৰ বাইকে প্ৰথমে খুন্দিয়ায় চাইকেলত অহা এজন ব্যক্তিক | তাৰ পাছতেই অন্য চাৰিজনক মহতিয়াই গুৰুত্ব ভাবে আহত কৰে | ঘটনাত আলহাজ মৌলানা ডাউদ হুচেইন, মাতু বেগম ,বুলি বেগম, আঠবছৰীয়া য়াছমিন বেগম, দুবছৰীয়া জেচমিন বেগম আঘাটপ্ৰাপ্ত হোৱাৰ পিছতে মৌলনা আলহাজ ডাউদ হুচেইন, মাতু বেগম আৰু দুবছৰীয়া জেচমিন বেগমৰ আঘাট গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়া হৈছিল যদিও বাটতে আলহাজ মৌলানা ডাউদ হুচেইন, মাতু বেগমৰ মৃত্যু ঘটে । এই ঘটনাই নামতি অঞ্চলত এক গভীৰ শোকৰ ছাঁ পেলাই | নামতি চাৰিআলিৰ দোকান -পোহাৰ বন্ধ ৰাখে |

নাজিৰাত শুভ উদ্ধোধন ৰুতি আৰু কাপোৰ বেংক

নাজিৰাত শুভ উদ্ধোধন ৰুতি আৰু কাপোৰ বেংক
ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ১৭ নৱেম্বৰ
জীয়াই থকাৰ মুল অধিকাৰ ৰুতি আৰু কাপোৰক অগ্ৰাধিকাৰ দি দুখীয়াৰ অভাৱ পুৰন কৰিবলৈ আজি নাজিৰাত অসমৰ প্ৰথমটো বেংক ৰুতি আৰু কাপোৰ বেংক মুকলি কৰে | নাজিৰা মহকুমাৰ মহকুমাধিপতি ৰাজীৱ থাপাই শুভ উদ্ধোধনৰে আৰম্ভ হোৱা এই বেংকটোক সহায় কৰিবলৈ নাজিৰাত নতুনকৈ জন্মহোৱা দুৰ্নীতি বিৰোধী শক্তি নাজিৰা মহকুমা সমিতিয়ে আগবাঢ়ি আহিছে | সৰ্বজন পৰিচিত গৰীবৰ বন্ধুখ্যাত বিৰাজ হাজৰিকাৰ একক প্ৰচেষ্টাৰে গঢ়লৈ উঠা এই ৰুতি আৰু কাপোৰ বেংকে অনাগত সময়ত অসমৰ দুখীয়াৰ কাৰনে প্ৰাণকৰ্তা হৈ উজ্বলি উঠক এইয়া সকলোৰে কাম্য | আজি এই বেংকটোৰ শুভ উদ্ধোধনী অনুষ্ঠানত দুৰ্নীতি বিৰোধী শক্তি শিৱসাগৰ জিলা সমিতিৰ সভাপতি প্ৰকাশ বৰুৱা, সাংস্কৃতিক কৰ্মী দিলীপ দাস, প্ৰবিত্ৰ ফুকন, সাংবাদিক দিলীপ হাজৰিকা, মুনীন্দ্ৰ নাথ শইকীয়া, নবুল কোঁৱৰকে আদি কৰি অন্য বহুতো শুভাকাংশী উপস্হিত থাকে | ৰাইজে যদি এই বেংকটোক সহায় কৰিব বিচাৰে তেন্তে খাদ্যৰ লগতে কাপোৰ দি সহায় কৰিব পাৰিব আৰু 7618315877 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব|
মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা

দেশত প্ৰতিদিনে গড়ে ৪০৫ জনৰ পথ দূৰ্ঘটনা মৃত্যু হয়

ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন

গুৱাহাটী, ১৭ নৱেম্বৰ: সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটীতো পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ কৰাৰ উদ্দেশ্যে কনজিউমাৰছ লিগেল প্রটেক্টছন ফৰাম, অসমৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েছ, নতুন দিল্লী তথা চাকছু, গুৱাহাটীৰ সহযোগত দেওবাৰে পুৱা এক শান্তি সমদল উলিওয়া হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পথৰ পৰা পুৱা ৭ বজাত আৰম্ভ হোৱা এই শান্তি সমদলত সমাজৰ বিভিন্ন স্তৰৰ নাগৰিক, ছাত্ৰ সমাজ, পথ দুৰ্ঘটনাত আহত লোক, নিহত লোকৰ পৰিয়াল, সংবাদ কৰ্মী অংশ লৈ ৰাজ্যৰ পথ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ দাবী জনায়।

শান্তি সমদল উদ্বোধন কৰি এন.ই.এফ আইন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কৰবী বৰ্মণে কয়- পথ সুৰক্ষাৰ কঠোৰ আইনৰ দ্বাৰাহে দুৰ্ঘটনাত হতাহঁতৰ সংখ্যা হ্ৰাস কৰাটো সম্ভৱ। প্ৰতি বছৰে আমাৰ দেশত প্ৰায় ডেৰ লাখ লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। তথ্য অনুসৰি প্ৰতিদিনে গড় হিচাপত দেশত ১,২৭৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় যত ৪০৫ জনকৈ লোক নিহত হয়।

শান্তি সমদলৰ আৰম্ভনিত কনজিউমাৰছ লিগেল প্রটেক্টছন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈ অসমত ২৪০০ টা পথ দুৰ্ঘটনা সংঘটিত হয় যত ২০০০ লোক আহত আৰু ৯২৮ গৰাকী লোক নিহত হয়। বিশ্বত ১৫-২৯ বছৰ বয়সৰ লোক পথ দুর্ঘটনাত অধিক নিহত হয়। চলিত বৰ্ষৰ প্ৰথম তিনি মাহত দেশত ১১৮১৭৫ টা পথ দুৰ্ঘটনা সংঘটিত হয় যত ১১৯২৬০ লোক আহত আৰু ৩৯২৬৮ লোক নিহত হয়।

সমদলত অংশ লৈ চাকছু, গুৱাহাটীৰ মুৰব্বী জুলী কাকতিয়ে কয় যে, শক্তিশালী পৰিবহন আইনৰ জৰিয়তেহে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাটো সম্ভৱ। ২০২০ চনৰ ভিতৰত পথ দুৰ্ঘটনাৰ সংখ্যা বৰ্তমানৰ তুলনাত ৫০% হ্ৰাস কৰিবলৈ ভাৰত ৰাষ্ট্ৰসংঘৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। পৰিসংখ্যা অনুসৰি পথ দুৰ্ঘটনাত আহত বা নিহত সকলৰ ভিতৰত অধিকাংশই খাটি খোৱা শ্রেণীৰ লোক হয়। এনে লোক পথ দুৰ্ঘটনাত নিহত হলে তেওঁলোকৰ পৰিয়াল কিদৰে আৰ্থিক আৰু মানসিক ভাৱে বিধস্ত হবলগীয়া হয় সেই বিষয়ে বিস্তৃত ভাবে বৰ্ণনা কৰে।

পথ দুৰ্ঘটনাত নিহত সকলক শ্ৰদ্ধাঞ্জলি জনাই অসম চৰকাৰৰ কৰ পৰিদৰ্শক ৰাতুল মহন্তই যানবাহন আইন- ২০১৯ ৰ নিয়ম সমূহ পলম কৰি পথ দুৰ্ঘটনা ৰোধ কৰাত সহায় কৰিবলৈ প্ৰতিগৰাকী লোকক আহ্বান জনাই কয় – বিশ্বৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ কৰাৰ জৰিয়তে পথ দুৰ্ঘটনাত সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সমগ্ৰ বিশ্বতে নৱেম্বৰ মাহৰ তৃতীয় দেওবাৰে এই বিশেষে দিনটো পালন কৰা হয়।

প্ৰতিগৰাকী লোকে পথ সুৰক্ষা ব্যৱস্থাৰ দ্বাৰা সৰ্বসাধাৰন লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। শান্তি সমদলৰ শেষত উপস্থিত লোক সকলে বন্তি প্ৰজ্বলন কৰি পথ দুৰ্ঘটনাত নিহত সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Recent Posts

গুৱাহাটীৰ আই টি এ চেণ্টাৰত বক্তৃতা প্ৰদান চুপাৰ থাৰ্টি খ্যাত আনন্দ কুমাৰে

  ষ্টাফৰিপৰ্টাৰ, ১৮ নৱেম্বৰ : প্ৰবল প্ৰয়াস, ইতিবাচক চিন্তা, কঠোৰ পৰিশ্ৰম আৰু অসীম ধৈৰ্য্য জীৱনৰ সফলতাৰ মূল মন্ত্ৰ। এই চাৰিটা কথাত গুৰুত্ব দিলে এদিন সফলতাই নিশ্চয়কৈ সকলোৰে কাষ চাপিব-এইদৰে কয় আনন্দ কুমাৰে। পাটনাৰ “ৰামানুজম স্কুল অৱ মেথমেটিস্কৰ প্ৰতিষ্ঠাতা,বিশিষ্ট গণিতজ্ঞ, “চুপাৰ থাৰ্টী”খ্যাত আনন্দ কুমাৰ সোমবাৰে গুৱাহাটীৰ প্ৰাগজ্যোতি সংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত বক্তৃতানুষ্ঠানত …

Read More »

আজি জুবিন গাৰ্গৰ ওপজা দিন l ৪৮ বছৰীয়া হ’ল জুবিন গাৰ্গ

  ষ্টাফৰিপৰ্টাৰ, ১৮ নৱেম্বৰ : যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ৪৮ বছৰীয়া হ’ল। সংগীতৰ, সংগীত পৰিচালনা আৰু অভিনয় জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা মৰমৰ শিল্পী গৰাকীৰ ওপজা দিন উপলক্ষে শিল্পী গৰাকীৰ অনুৰাগী সকলে সোমবাৰৰ দিনটোত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। ছ’চিয়েল মিডিয়া ফেচবুক, ৱাটচএপ যোগে ও মৰমৰ …

Read More »

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চি পি আই ( এম) দলৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চি পি আই ( এম) দলৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট বঙাইগাঁওঃ ১৮ নৱেম্বৰঃ বাওঁ গণতান্ত্ৰিক মঞ্চৰ উদ্যোগত আজি বঙাইগাঁৱতো সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চি পি আই (এম) দলে দুঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত ৰে’লৱে অভিযান্ত্ৰিক কাৰখানাৰ সন্মুখত ৰূপায়ণ কৰা …

Read More »

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। আয়োজন কৰাৰ কাৰণ এই যে আমাৰ অতি শ্ৰদ্ধাৰ গড়পোট নিবাসী প্ৰয়াত ৰামচন্দ্র কলিতাৰ জেষ্ঠ পুত্ৰ বৰ্তমান মাৰ্ঘেৰিটা নিবাসী প্ৰয়াত ৰমেন কলিতা দেৱ যোৱা ইং 15/11/19 তাৰিখে ইহালীলা সম্বলন কৰে। তেখেতে 29/07/19 চনত জন্ম …

Read More »

ডিব্ৰুগড় গ্রন্থমেলাত নিষিদ্ধ পলিথিন

ডিব্ৰুগড় গ্রন্থমেলাত নিষিদ্ধ পলিথিন চাবুৱাঃ ১৮ নৱেম্বৰঃ মিলনজ্যোতি সংঘ উদ্যোগত সদৌ অসম পুথি প্রকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযােগত বিগত ১৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হােৱা চৌকিডিঙ্গী খেল পথাৰ গ্রন্থমেলাৰ বাকৰিত নিষিদ্ধ কৰা হৈছে পলিথিন জাতীয় সামগ্রী।আয়োজক সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে প্রকাশন গােষ্ঠী আৰু গ্রন্থ বিপণীসমুহত ক্রেতাক পলিথিন প্রদান নকৰিবৰ বাবে …

Read More »

নাগৰিকত্ব ( সংশোধনী) বিধেয়কৰ বিৰোদ্ধে উত্তাল কৰিলে শিৱসাগৰ চহৰঃ

নাগৰিকত্ব ( সংশোধনী) বিধেয়কৰ বিৰোদ্ধে উত্তাল কৰিলে শিৱসাগৰ চহৰঃ প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্র প্ৰেৰণ ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১৮ নৱেম্বৰ : আজি ৰাজ্যজুৰি বাওঁ-গণতান্ত্ৰিক মঞ্চ, অসমৰ আহ্বান ক্ৰমে সকলো জিলা সদৰত প্ৰস্তাৱিত নাগৰিকত্ব ( সংশোধনী) বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰতো চি পি আই, চি পি আই (এম), আৰ চি …

Read More »

কৈঠালকুছিৰ সমাজ সংগঠক প্ৰধান শিক্ষক ৰাতুল বৰ্মনৰ কৰ্মৰত অৱস্থাতেই দেহাৱসান

সমাজ সংগঠক প্ৰধান শিক্ষক ৰাতুল বৰ্মনৰ কৰ্মৰত অৱস্থাতেই দেহাৱসান, শোকস্তদ্ধ নলবাৰীৰ কৈঠালকুছি ৰূপক বৈশ্য, নলবাৰী, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, ১৮ নবেম্বৰঃ কৈঠালকুছিৰ সমীপৱৰ্তী বালিজাৰ গাঁৱৰ স্থায়ী বাসিন্দা, অসমী হাইস্কুলৰ কৰ্মৰত প্ৰধান শিক্ষক, বিশিষ্ট সমাজ সংগঠক ৰাতুল বৰ্মনৰ আজি বিদ্যালয়তে আকস্মিকভাবে অসুস্থ হৈ পৰাত ততাতৈয়াকৈ নলবাৰী সাৰথি নাৰ্চিংহোমলৈ নিয়ে যদিও চিকিৎসকে মৃত …

Read More »

ৰঙিয়া তুলসীবাৰীত নিৰ্মম হত্যা

*ৰঙিয়া তুলসীবাৰীত নিৰ্মম হত্যা* *বন্ধুৰ নিৰ্মম প্ৰহাৰত বন্ধুৰ মৃত্যু* প্ৰতিবেদক, ৰঙিয়া ১৮ নৱেম্বৰঃ  ৰঙিয়া তুলসীবাৰীত নিৰ্মম ঘটনা। বন্ধুৰ প্ৰহাৰত বন্ধুৰ অকাল মৃত্যু। ৰাস মহোৎসৱৰ  ধামখুমীয়াৰ  মাজতে সংঘটিত হ’ল এই অমানবীয় ঘটনা। সামান্য দহ হাজাৰ টকা লেন দেনক কেন্দ্ৰ কৰি এই নৃশংস হত্যাকাণ্ড  সংঘটিত হৈছে বুলি অভিযোগ উথ্থাপিত হৈছে। স্থানীয় ৰাইজৰ …

Read More »

ৰঙিয়াৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা মুকলি

*ৰঙিয়াৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা মুকলি* প্ৰতিবেদক, ৰঙিয়া, ১৮ নৱেম্বৰ : ৰঙিয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত আজি মুকলি কৰা হয় মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা। এই ৰোগ নিৰ্ণায়ক সেৱা কক্ষৰ ফিটা কাটি মুকলি কৰে চিকিৎসালয় খনৰ উপ- অধীক্ষক ডাঃ দিলীপ বৈশ্যই । এই উপলক্ষে চিকিৎসালয় খনৰ সভাকক্ষত …

Read More »

বঙাইগাঁৱৰ চাপৰাকাটাৰ কৃষি ভূমিত প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ স্থাপনৰ বিৰোধিতা

বঙাইগাঁৱৰ চাপৰাকাটাৰ কৃষি ভূমিত প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ স্থাপনৰ বিৰোধিতা ৰাইজ আৰু সংগঠনে বন্ধ কৰি দিলে নিৰ্মাণ কাৰ্য বঙাইগাঁওঃ ১৭ নৱেম্বৰঃ বঙাইগাঁৱৰ চাপৰাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাওৰীয়াকাটা গাঁৱৰ কৃষি ভূমিৰ মাজত স্থাপন কৰিবলৈ লোৱা নৰ্থ ইষ্ট কেলচিনাৰ প্ৰাইভেট লিমিটেড (NORTH EAST CALCINER PRIVATE LIMITED) নামৰ উদ্যোগটোৰ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ দাবীত …

Read More »

প্ৰস্তাৱিত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ প্ৰতিবাদত

  ষ্টাফৰিপৰ্টাৰ , ১৭ নৱেম্বৰ : কেন্দ্ৰৰ বিজেপি-নেতৃত্বাধীন মোদী চৰকাৰে দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পাছত পুনৰ নাগৰিকত্ব (সংশোধনী) বিধেয়ক সংসদত উত্থাপন কৰাৰ বাবে উঠি-পৰি লাগিছে। অসমকে ধৰি উত্তৰ-পূবৰ জনসাধাৰণৰ প্ৰবল প্ৰতিবাদ আৰু সমগ্ৰ দেশৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দল-সংগঠনসমূহৰ তীব্ৰ বিৰোধিতা সত্ত্বেও মোদী চৰকাৰে নিজৰ সাম্প্ৰদায়িক আৰু আঁকোৰগোজ অৱস্থানৰ পৰা আঁতৰি অহা …

Read More »

১৯ সংখ্যক আন্তৰাষ্ট্ৰীয় লিঅ’ এক্স’পই অন্তিম দিনৰ দিনা গ্ৰাহকৰ বাবে লৈ আহিছে এক বিশেষ ৰেহাই

  ষ্টাফৰিপ’ৰ্টাৰ,,,,১৭ নৱেম্বৰ।।। গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ২৫ অক্টোবৰৰ পৰা ১৮ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা ১৯ সংখ্যক আন্তৰাষ্ট্ৰীয় লিঅ’ এক্সপ’ৰ ১৮ নৱেম্বৰ অৰ্থাৎ সোমবাৰে সামৰণি পৰিব। লিঅ’ এড’ৰ্ভাটাইজিং আৰু ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগমৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত এই এক্সপ’ৰ অন্তিম দিনটোত গ্ৰাহকৰ বাবে আগবঢ়োৱা হৈছে কেইবাটাও বিশেষ অ’ফাৰ। দৈনিক ভিত্তিত অভৱনীয় …

Read More »

নামতিৰ দুৰ্ঘটনাত দ্বিতীয় দিনাও উত্তেজনা অব্যাহতঃ

নামতিৰ দুৰ্ঘটনাত দ্বিতীয় দিনাও উত্তেজনা অব্যাহতঃ ধোদৰ আলিত পথ অৱৰোধ ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১৭ নেৱেম্বৰ : শিৱসাগৰ জিলা শলগুৰি মৌজাৰ নামতি চাৰিআলি সমিপত কালি নিশা সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল দুজনকৈ ব্যক্তিৰ | উক্ত ঘটনাক লৈ আজি উত্তেজিত লোকে ধোদৰ আলি অৱৰোধ কৰে | বহু সময় …

Read More »

নাজিৰাত শুভ উদ্ধোধন ৰুতি আৰু কাপোৰ বেংক

নাজিৰাত শুভ উদ্ধোধন ৰুতি আৰু কাপোৰ বেংক ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ১৭ নৱেম্বৰ জীয়াই থকাৰ মুল অধিকাৰ ৰুতি আৰু কাপোৰক অগ্ৰাধিকাৰ দি দুখীয়াৰ অভাৱ পুৰন কৰিবলৈ আজি নাজিৰাত অসমৰ প্ৰথমটো বেংক ৰুতি আৰু কাপোৰ বেংক মুকলি কৰে | নাজিৰা মহকুমাৰ মহকুমাধিপতি ৰাজীৱ থাপাই শুভ উদ্ধোধনৰে আৰম্ভ হোৱা এই বেংকটোক সহায় কৰিবলৈ …

Read More »

দেশত প্ৰতিদিনে গড়ে ৪০৫ জনৰ পথ দূৰ্ঘটনা মৃত্যু হয়

ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন গুৱাহাটী, ১৭ নৱেম্বৰ: সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটীতো পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ কৰাৰ উদ্দেশ্যে কনজিউমাৰছ লিগেল প্রটেক্টছন ফৰাম, অসমৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েছ, নতুন দিল্লী তথা চাকছু, গুৱাহাটীৰ সহযোগত দেওবাৰে পুৱা এক শান্তি সমদল উলিওয়া হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পথৰ পৰা পুৱা ৭ বজাত আৰম্ভ …

Read More »