Saturday , January 25 2020
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

হিজবুল মুজাহিদ্দিনৰ উত্থানকত তৎপৰ আৰক্ষী

ষ্টাফৰিপোৰ্টাৰ: হিজবুল মুজাহিদ্দিনৰ উত্থানকত তৎপৰ আৰক্ষী। পৰ্যালোচনা কৰা হৈছে মহানগৰীৰ আইন-শৃংখলা। হিজবুল মুজাহিদীন সন্দৰ্ভত অব্যাহত আছে তদন্ত। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিছে হিজবুল মুজাহিদীনে। সংবাদমেলত এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াৰ। আগন্তুক বিধানসভা অধিৱেশন আৰু দুৰ্গা পূজাৰ নিৰাপত্তাৰ বিষয়েও আলোচনা কৰা হৈছে বুলি জনালে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।

Read More »

এ পি এছ চি কেলেংকাৰীত অসম আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া এতিয়া সন্দেহৰ আৱৰ্তত — অখিল গগৈ

ষ্টাফৰিপোৰ্টাৰ: এ পি এছ চি  কেলেংকাৰীত অসম আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া এতিয়া সন্দেহৰ আৱৰ্তত।  অসম আৰক্ষীৰ হাতত নাই আৰু গ্ৰেপ্তাৰ হ’বলগীয়া নতুন তালিকা৷ ৰাকেশ পালে দিয়া নিযুক্তিত আছিল ৯০ শতাংশ কেলেংকাৰী৷ সৰহসংখ্যক প্ৰাৰ্থী গ্ৰেপ্তাৰ নহ’ল, ৰাজনৈতিকভাৱে প্ৰভাৱিত হৈছে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছৰ৷ বিজেপি চৰকাৰে দিয়া ,এ পি এছ চি  কেলেংকাৰীৰ …

Read More »

হিন্দু সন্ত্ৰাসবাদী আছে যদি তথ্য দিয়ক অখিল গগৈয়ে —পল্লৱ ভট্টাচাৰ্য

ষ্টাফৰিপোৰ্টাৰ: কোনো সন্ত্ৰাসবাদীকে প্ৰশ্ৰয় নিদিয়ে আৰক্ষীয়ে । গোপনে সাংগঠনিক কাম চলাইছে ইছলামিক সন্ত্ৰাসবাদীয়ে। হিন্দু সন্ত্ৰাসবাদী আছে যদি তথ্য দিয়ক অখিল গগৈয়ে। সংবাদমেলত এই মন্তব্য বিশেষ শাখাৰ আৰক্ষী সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্যৰ।

Read More »

Recent Posts

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বোকাখাতত বিজেপিৰ মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বোকাখাতত বিজেপিৰ মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন ৷

বোকাখাতত মিত্ৰজোঁটৰ বিশাল সংকল্প সমাৰোহ, লক্ষ্য ২০২১

বোকাখাতৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ২৪ জানুৱাৰী: ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু মিত্ৰজোঁটৰ উদ্যোগত বোকাখাত ৰাজহুৱা খেলপথাৰত উদযাপন কৰা হয় বিশাল সংকল্প সমাৰোহ ৷ প্ৰায় চল্লিশ হাজাৰোধিক ৰাইজৰ উপস্থিতিত সভাত ভাষণ প্ৰদান কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোনোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্ম্মা, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী শ্ৰীযুত অতুল বৰা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ৰঞ্জিত দাসেে ৷ অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী,মিচিং স্বায়ত্ত পৰিষদ মূখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত পৰমানন্দ চায়েঙীয়া আৰু অসম চৰকাৰৰ অন্যান্য কেইবাগৰাকীও মন্ত্ৰী তথা বহু কেইজন সাংসদ, বিধায়ক তথা তিনিওটা দলৰ জেষ্ঠ নেতা উপস্থিত থকা এই সংকল্প সভাত বহু কেইটা নতুন নতুন চৰকাৰী আঁচনিৰ কথা ঘোষণা কৰা হয় ৷ উক্ত সংকল্প সমাৰোহত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাহ বাগিচাৰ দহ হাজাৰ শিক্ষিত নিবনুৱাক স্বনিয়োজনৰ বাবে ২৫ হাজাৰকৈ সাহায্য প্ৰদান কৰাা হব বুলি ঘোষণা কৰে ৷ একেদৰে কালি কৰুণ মৃত্যুক সাৱটি লোৱা ঈশ্বান আৰু ইবনৰ মৃত্যুৰ তদন্ত ঘোষণা কৰাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে। অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বিজেপি চৰকাৰে কাম কৰি আছে আৰু কৰি যাব, ইয়াত খিলঞ্জীয়া ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও মুখ্যমন্ত্ৰী সোণোৱালে ভাষণত উল্লেখ কৰাৰ সমান্তৰালভাৱে “কা বিৰোধী আন্দোলনৰ সকলো দল-সংগঠনকে অসমৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি দৃষ্টি ৰাখি সুস্থ সৱল শৈক্ষিক পৰিবেশ তথা গণতান্ত্ৰিক বাতাবৰণ যাতে অসমত বৰ্তি থাকে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। লগতে পূৰ্বতকৈ এতিয়া অসমলৈ শান্তিৰ বাতাৱৰণ ঘূৰি আহিছে বুলি মন্তব্য কৰি কেইবাটাও নিষিদ্ধ ঘোষিত সংগঠনৰ কেইবা শতাধিক সদস্য মূল সূঁতিলৈ ঘূৰি আহিছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। ইফালে বিকল্প আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰসংগৰ ক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৎপৰ্যপূৰ্ণভাৱে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক পথাৰত যিয়ে প্ৰত্যাহ্বান নাহক কিয় বিজেপি দলে ইতিবাচক দৃষ্টিভংগীৰে সেই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলিও মন্তব্য কৰে। ইপিনে, উক্ত সমাৰোহ কাৰ্যসূচীত উপস্থিত থাকি স্বাস্থ্য মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমৰ জনতাই অসমলৈ পুনৰ শান্তিৰ পৰিৱেশ ঘুৰাই আনিছে। বৰ্তমান অসম সৰ্বশ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বুলি কোৱাৰ লগতে তেখেতে অসমত যদি কোনো দল-সংগঠনে আন্দোলন কৰিব বিচাৰে তেন্তে শিক্ষাৰ লগতে বিভিন্ন দিশ অনিষ্ট নকৰাকৈ আন্দোলন কৰিবলৈ আহ্বান জনায় । অন্যহাতে, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গকো তীব্ৰ সমালোচনা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গৰ পলিটিক্স নকৰিবা বন্ধু নামৰ গানটো, হিমন্ত বিশ্ব শৰ্মাই নিজৰ কথাৰে কয় “মিছা কথা নকবা বন্ধু” বুলিহে আখ্যা দিয়ে উক্ত সভাত । লগতে সংশোধিত “কা” ক লৈ বিৰোধী তথা বহু দল-সংগঠনেে মিছা প্ৰচাৰ চলোৱা বুলি উল্লেখ কৰি কয় যে, প্ৰায় দহ লাখ পাঞ্জাব বডী ট্ৰাক থাকিলেহে বাংলাদেশত থকা এক কোটি মানুহ আনিব পৰা যাব। সংশোধীত নাগৰিত্ব আইনত নতুনকৈ বাংলাদেশী অনাৰ কথা উল্লেখ নাই বুলিও জানিবলৈ দিয়ে । অসমৰ ৰাইজে উন্নয়ন বিচাৰে বিজেপি মিত্ৰজোঁট চৰকাৰে উন্নয়নৰ কাম কৰিছে বুলি উল্লেখ কৰি বৰ্তমান সময়ত বিজেপি চৰকাৰক ৰাইজে আদৰি লৈছে বুলি উক্ত সভাতেই মন্তব্য প্ৰদান কৰে ৷অসমৰ ৰাইজে শান্তিৰ পৰিৱেশ বিচাৰিছে আৰু বিজেপিয়ে অসমত শান্তি অটুত ৰাখিছে সেয়ে আজি হাজাৰ হাজাৰ জনতা এই সংকল্প সমাৰোহলৈ স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহিছে বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছৰ শাসন কালত বোকাখাতত ব্যাপক দুৰ্নীতি হৈছিল। কংগ্ৰেছৰ দিনত ব্যাপক কেলেংকাৰী হোৱা বুলি মন্ত্ৰী হিমন্তই উক্ত সভাতেই কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে আৰু কংগ্ৰেছৰ নেতা কৰ্মী সকলৰ মুখত ভালকৈ “মাঁ” শব্দটোও নুফুটে বুলিও উল্লেখ কৰে। বোকাখাত আগতে প্ৰজাৰ শাসন নাছিল, এজন ৰজাৰ শাসন আছিল ৷ ইপিনে, গঁড় হত্যাৰ সম্পৰ্কত কয় যে, কাজিৰঙাত কংগ্ৰেছৰ দিনত বহু বেছি গড় হত্যা কৰা হৈছিল বৰ্তমান বিজেপি চৰকাৰে বাবে ইয়াক ৰোধ কৰা হ’ল ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত সন্দেহ জনক নাগৰিকে ভৰি আছিল কিন্তু বিজেপি চৰকাৰে সেয়া উচ্ছেদ কৰিছে বুলি উল্লেখ কৰে ৷ শিক্ষাৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে কয় যে, সতী সাধনী নামৰ বিশ্ববিদ্যালয় গোলাঘাটত স্থাপনৰ বাবে বৰ্তমান চৰকাৰখনে ঘোষণা কৰিছে। কংগ্ৰেছে এইবোৰ দেখা নাই, কংগ্ৰেছ আমাৰ মূল শত্ৰু, বুলি কৈ কয় সংকল্প লঁও অসমত আৰু কংগ্ৰেছ আহিব নোৱাৰে বুলি উক্ত সভাতেই উনুকিয়াই দিয়ে ৷

গুৱাহাটীৰ নটছাকী ইনকৰ্পোৰেচনে লাভ কৰিলে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা

 

ষ্টাফৰিপৰ্টাৰ,,,,২৪ জানুৱাৰীউত্তৰ-পূৱৰ আগশাৰীৰ তথা প্ৰতিষ্ঠিত চলাৰ প্ৰতিষ্ঠান নটছাকী ইনকৰ্পোৰেচনে লাভ কৰিলে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা। শুকুৰবাৰে নতুন দিল্লীত ইণ্ডিয়া ৰুফটোপ চলাৰ কংগ্ৰেছে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নটছাকী ইনকৰ্পোৰেচনে ‘ৰুফটোপ’ চলাৰ ইপিচি’ কোম্পানী বঁটা লাভ কৰাৰ লগতে প্ৰতিষ্ঠানটোৱে চিষ্টেম ইণ্টিগ্ৰেটৰ অফ দ্যা ইয়াৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ নতুন আৰু নৱীকৰণ যোগ্য শক্তি মন্ত্ৰালয়ৰ হীৰেন চন্দ্ৰ বৰুৱাই নতুন দিল্লীত আয়োজিত কৰা অনুষ্ঠানত নটছাকী ইনকৰ্পোৰেচনৰ স্বত্বাধিকাৰী আকাশ গাৰ্গক উক্ত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে। উল্লেখযোগ্য যে, এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা উত্তৰ পূৱৰ ক্ষুদ্ৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত নটছাকী ইনকৰ্পোৰেচনেই প্ৰথম।

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। সভাত উপস্থিত আছে দুয়োটা দলৰে শীৰ্ষস্থানীয় নেতৃত্ব। সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুওৱা মৰমৰ বাবে বিশেষ ভাবে শলাগ লয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ‘কংগ্ৰেছে ৫৫ বছৰে নোৱাৰা কাম, মোদীয়ে চমু ৫ বছৰীয়া কাৰ্যকালতে কৰি দেখুৱাইছে। এয়াই বিজেপিৰ অসমৰ প্ৰতি থকা আস্থা, মৰম, আন্তৰিকতা। অসমৰ ৰাইজৰ বাবে হিয়া উজাৰি মৰম দিছে নৰেন্দ্ৰ মোদীয়ে। ফলত টোপনি নোহোৱা হৈছে কংগ্ৰেছ আৰু বাঁওপন্থী দল–সংগঠন সমূহৰ। অসমত আৰু কোনো দিন কংগ্ৰেছ চৰকাৰ হ’ব নোৱাৰে। সৰ্বকালৰ বাবে অসমত বিজেপি চৰকাৰেই হ’ব।’

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে, ‘ বিজেপিয়ে খিলঞ্জীয়াৰ বিৰুদ্ধে কাম কৰা নাই আৰু কোনো দিন নকৰে। ৫৫ বছৰে অসমত কেৱল বিদেশী সোমোৱালে কংগ্ৰেছে। কোনেও লক্ষ্য ভেদ কৰিব নোৱাৰে বিজেপি চৰকাৰৰ।’

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ৯,৬৩৫ টা পদৰ বাবে বিচৰা হৈছে আবেদন পত্ৰ। তাৰে ভিতৰত নিম্ন প্ৰথমিক বিদ্যালয়ত ৫,৫১৫ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৪,১২০টা খালী হোৱাৰ বিজ্ঞাপন জাৰি কৰা কৰিছে শিক্ষা বিভাগে। ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া।

১.  আবেদন কৰিবলৈ সাধাৰণ প্ৰাৰ্থীৰ ন্যূনতম বয়স ১৮ বছৰ হোৱাৰ লগতে সৰ্বাধিক ৩৮ বছৰ। সৰ্বাধিক ৪১ বছৰ OBC/MOBCৰ প্ৰাৰ্থীৰ বাবে আৰু ST/SCৰ প্ৰাৰ্থীৰ বাবে সৰ্বোচ্ছ বয়সৰ সীমা ৪৩ বছৰ।

২. যোগ্যতা  থকা প্ৰাৰ্থী টেট উত্তীৰ্ণ হ’ব লাগিব।

৩.আবেদনৰ অন্তিম তাৰিখ ১১–০২–২০২০।

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

 

ষ্টাফৰিপোৰ্টাৰ,,,২৪ জানুৱাৰী ।।: গুৱাহাটীৰ আঠগাঁও স্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত শুকুৰবাৰে মৰিগাঁও জিলাৰ জাগীৰোড, বাকজাপত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ১৩০গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ উপৰিও ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। এই শিবিৰটো ডাঃ বিপুল কান্ত বৰুৱা ডাঃ শঙ্কৰ বৰাৰ নেতৃত্বত অনুষ্ঠিত হয়।

দেশৰ ২৫ খনৰো অধিক আগশাৰীৰ আবাসীক শিক্ষানুষ্ঠানৰ সমাবেশ

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : সন্তানৰ সু শিক্ষাক লৈ সচেতন অভিভাৱক সকলৰ বাবে বিদ্যালয় পৰ্য্যায়ৰ উচ্চ মানৰ আবাসিক শিক্ষানুষ্ঠান বাছনি কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কাইলৈৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰিমীয়াৰ স্কুলছ এক্সিভিছন । দেশৰ চি বি এছ ই আৰু আই এছ চি ই বৰ্ডৰ অধীনৰ ২৫ খনৰো অধিক সুখ্যাত আবাসিক বিদ্যালয় ( বৰ্ডিং স্কুল) ৰ অংশগ্ৰহণেৰে ২৫ আৰু ২৬ জানুৱাৰীত দুয়োদিনেই পুৱা ১০ বজাৰ পৰা গুৱাহাটীৰ তাজ ভিৱাণ্টা হোটেলত এই বিদ্যালয় প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। ইয়াৰ জৰিয়তে অভিভাৱক সকলে বিভিন্ন বিদ্যালয়ৰ কৰ্তৃত্বশীল প্ৰতিনিধি তথা বিষয়াৰ সৈতে পোন পতিয়াকৈ কথা বতৰা পাতি পছন্দৰ বিদ্যালয়ৰ পাঠ্যক্ৰম, মাছুল, আন্ত:গাথঁনি আৰু আবাসীক সা-সুবিধা, শিক্ষণ প্ৰণালী আৰু বিদ্যালয়ৰ শৈক্ষিক সাফল্য আদিৰ বিষয়ে বুজ ল’ব পাৰিব প্ৰিমীয়াৰ স্কুলছ এক্সিভিছনৰ আয়োজক এফেয়াৰ্ছ গোষ্ঠীয়ে এক বিবৃতি যোগে জনাইছে।

সাহিত্যাচাৰ্য ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত শোক সভা

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী :বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য, ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমুখ্যে বিষয়া কৰ্মচাৰী সকলে। এই উপলক্ষে এখন শোক সভা অনুষ্ঠিত কৰা হয়। সভাত ড০
গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়। সভাই ড০
গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত অসমে এগৰাকী পথিকৃত ভাষা বিজ্ঞানীয়েই নহয় অসম হিতৈষী পুৰুষো হেৰুৱালে বুলি মন্তব্য কৰে। বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য, ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এক বিবৃতি যোগে তেওঁ কয় ” বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য, ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক অপুৰুণীয় ক্ষতি। অসমীয়া ভাষাৰ উন্নতিৰ লগতে ক্ষুদ্ৰ জাতি-জনগোষ্ঠীৰ ভাষাৰ অধিকাৰ সুৰক্ষিত কৰাটো তেওঁ বিশ্বাসী আছিল। তেওঁৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সম বেদনা জ্ঞাপন কৰিছোঁ।” বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য, ড০ গোলক চন্দ্ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। এক বিবৃতি যোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ৰ সভাপতি ৰিপুন বৰাই কয় ” ভাষা গৱেষণাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে এগৰাকী আগশাৰীৰ পণ্ডিত হিচাপে সুনাম থকা গোস্বামীৰ মৃত্যুত অসমীয়া ভাষা সাহিত্যৰ যি ক্ষতি হ’ল সেয়া অপুৰণীয়। তেওঁৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সম বেদনা জ্ঞাপন কৰিছোঁ”।

প্ৰেছ ক্লাৱত নৱাৰুণ সাহিত্য সভাৰ মনোজ্ঞ অনুষ্ঠান ||

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰীঃ লেখিকা দিব্যজ্যোতি ডেকাৰ দুখন গ্ৰন্থ গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। মহানগৰীৰ হাতীগাঁৱৰ শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত গ্ৰন্হ দুখন উন্মোচন কৰা হয়। নৱাৰুণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সাংবাদিক আজিজুৰ ৰহমান শইকীয়াই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত দিব্যজ্যোতি ডেকাৰ কাব্য গ্ৰন্থ “মাতৃস্নেহ” উন্মোচন কৰে বিশিষ্ট কবি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কবি আনিছ উজ জামানে। দিব্যজ্যোতি ডেকাৰ ৰচিত নাটক “পঞ্চকন্য” উন্মোচন কৰে বিশিষ্ট কবি সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি মনজিৎ সিঙে। “মাতৃস্নেহ” উন্মোচন কৰে বিশিষ্ট কবি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কবি আনিছ উজ জামানে কয় ” কবিতাৰ এটা জন্মবধি চেতনা আছে যিটো মানুহৰ হৃদয়ত থাকি যায়। কবিতা প্রাণৰ বস্তু। কবিতাই যুদ্ধ বিগ্ৰহৰ পাছতো নিজাববীয়াকৈ এখন ঠাই অধিকাৰ কৰি আছে। আমাৰ লোক সাহিত্য সমৃদ্ধিশালী। কবি, লেখিকা দিব্যজ্যোতি ডেকাই এনেদৰে সাহিত্য চৰ্চা কৰি যাব বুলি আশা কৰিলোঁ।” আনহাতে “পঞ্চকন্য” উন্মোচন কৰে বিশিষ্ট কবি সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি মনজিৎ সিঙে কয় ” লেখিকা অসমৰ সাহিত্য জগতৰ চিনাকি নাম নহয় যদিও তেওঁ সাহিত্য সাধনাত নিৰলস ভাৱে লাগি আছে। তেওঁ বাস্তৱ জীৱন ভিত্তিত কৰিবতা লিখে। সাহিত্য জীৱনত নাটকৰ ভূমিকা কোনো পধ্যে অনস্বীকাৰ্য নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাটকৰ জৰিয়তে জন জীৱনৰ মাজত সুমাই পৰিছিল। “পঞ্চকন্যা” সামাজিক ঘটনাক কেন্দ্ৰ কৰি মূলত পৰিয়াল কেন্দ্ৰিক ঘটনাক লৈ লিখা নাটক। পাঠক সমাজে লেখিকাৰ দুয়োখন গ্ৰন্থ আদৰি ল’ব বুলি আশা কৰিলোঁ। ”
শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ সভাপতি ভাস্বতী কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্হ উন্মোচনী অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্হিত থাকে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি দাসো কলিতা। বিশিষ্ট অতিথি ৰূপে অনুষ্ঠানটিত উপস্হিত থাকে গল্পকাৰ বিকাশ ৰায়মেধি। সাহিত্যাচাৰ্য ডঃ গোলোকচন্দ্ৰ গোস্বামী আৰু কালি অগ্নিকাণ্ডত শোকাৱহ ভাবে প্ৰাণ হেৰুওৱা ঈশান আৰু ইৱন নামৰ শিশু দুটিৰ স্মৃতিত অনুষ্ঠানৰ আৰম্ভণিতে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় । অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে বিজু দাসে। গ্ৰন্হকাৰ দিব্যজ্যোতি ডেকা আৰু তেওঁ স্বামী প্ৰফুল্ল ডেকাইও অনুষ্ঠানত বক্তব্য আগবঢ়াই । চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটি অসম সংগীতেৰে সামৰণি পৰে।

সৰ্বভাৰতীয় ৰাজনৈতিক দল বিশেষকৈ বিজেপি, কংগ্ৰেছ দলে অসমীয়া জাতিৰ ঐক্যত বাধা দিব বিচাৰিছে- সদৌ অসম নিবনুৱা পৰিষদ

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : সৰ্বভাৰতীয় ৰাজনৈতিক দল বিশেষকৈ বিজেপি, কংগ্ৰেছ দলে অসমীয়া জাতিৰ ঐক্যত বাধা দিব বিচাৰিছে।সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ ওপৰত সচেতন ৰাইজে আস্থা হেৰুৱাই পেলাইছে। এই সময় চোৱাত ৰাজনৈতিক দল গঠন কৰা সমীচিন বুলি আমি নাভাবো– এইদৰে কয় সদৌ অসম নিবনুৱা পৰিষদৰ উপদেষ্টা বাবুল বৰুৱাই। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত পৰিষদৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেল যোগে পৰিষদৰ উপদেষ্টা বাবুল বৰুৱাই লগতে কয় ” কিছুমান স্বাৰ্থলম্বী মহলে ৰাজনৈতিক উদ্দেশ্যৰে কিছুমান চন তাৰিখৰ কথাৰে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ দাবী জনাইছে। যিটো অসমৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ। কা আইন বাতিল নহলে অসমত খিলঞ্জীয়াৰ অস্তিত্ব নাথাকে আৰু কিবা কাৰণত অসমৰ বাবে সংশোধন হলেও প্ৰতিবেশী ৰাজ্যত গ্রহণ কৰা নাগৰিকত্বৰ দ্বাৰা অসমত প্ৰৱেশ কৰি নিগাজীকৈ থাকি তেওঁলোকৰ ভাষা, সংস্কৃতি অসমত বিস্তাৰিত কৰিব।গতিকে ভূমিপুত্রই আন্ত: ৰাজ্যিক পাৰপত্ৰ অসমৰ বাবে অপৰিহাৰ্য বুলি দাবী কৰে। অসম চুক্তিৰ ৬ নং দফা সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিক অৱগত কৰিব লাগে। ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত নেতৃত্ব দিবলৈ এটা বৈদিক সমূহীয়া সংগঠনৰ অতিকৈ প্ৰয়োজন। লগতে আমাৰ নিয়োগ আৰু ব্যৱস্যায়ত থলুৱাক অগ্ৰাধিকাৰ দিয়া, প্ৰতিটো পৰিয়ালত কম পক্ষেও এজনক কর্মসংস্থাপন দিয়া আৰু অসমৰ মানৱ সম্পদক উপযুক্ত ভাৱে ব্যৱহাৰ কৰাৰ দাবী জনালোঁ।” সংবাদ মেলত পৰিষদৰ উপসভাপতি হিতেশ কলিতা,
সম্পাদক দ্বিজেন কামান, উপস্থিত থাকে।

নাগৰিকত্ব সংশোধনী আইন ( কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সাংবাদমেল

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : “চৰকাৰে দমনমূলক নীতি চলাই আছে।
সংবিধান খন অপষ্ট হৈ পৰিছে। তেওঁলোকে সংবিধান খন নৎস্যা কৰি এখন নতুন সংবিধান কৰিব বুলি আমাৰ তেনেকুৱা অনুমান হৈছে—এইদৰে কয় বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকত্ব সংশোধনী আইন ( কা) বিৰোধী সমন্বয় সমিতি, অসমৰ, আহ্বায়ক সমিতিৰ সভাপতি ড০ হীৰেণ গোঁহাই য়ে। শুকুৰবাৰে হেদায়েটপূৰ স্থিত এন চি পিৰ কাৰ্যালয়ত সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেল যোগে ড০ হীৰেন গোহাঁইয়ে লগতে কয় ” শেহতীয়াকৈ জে এন ইউৰ ঘটনাৰ ফলত শিক্ষাৰ্থী, অধ্যাপক কোনো সাৰি নগ’ল। অসম বাসীৰ কা বিৰোধি প্ৰতিবাদ অব্যাহত আছে। এইবোৰ কথাই প্ৰমাণ কৰে চৰকাৰৰ জাতিদ্ৰোহ, তেওঁ লোকৰ উদ্দেশ্য কেনেকুৱা, তেওঁলোক যে গণৰাজ্য বিৰোধী তাত কোনো সন্দেহ নাই। কৃষক মুক্তি সংগ্ৰাম সমিতি যথেষ্ট সংগ্ৰামী। উজনি অসমত কা বিৰোধী সংগ্ৰামক বলিষ্ঠ কৰি তোলাত অখিল গগৈয়ে বিপুল বৰঙণি দিছে। অসমৰ জাতি ৰক্ষাৰ আন্দোলনত অসমৰ সৰ্বস্তৰৰ লোক ওলাই আহিছে। কিন্তু কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিক মূল লক্ষ্য কৰি লৈছে চৰকাৰ খনে। চৰকাৰ খনে দেশৰ বিভিন্ন সংগ্ৰামী মানুহক সন্ত্ৰাসবাদী সজাই এফালৰ পৰা নিৰ্যাতন চলাই আছে । এই চৰকাৰ খনে গাৰ জোৰেৰে কিছুমান নাভূত নাশ্ৰুত কথা কয়। কংগ্ৰেছ আৰু বাওঁদল চৰকাৰৰ শত্ৰু আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতৃৰ পেটতে জাতীয়তাবাদ শিকি অহা বুলি কোৱা কথা হাস্যকৰ।সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদ কংগ্ৰেছী নে বামপন্থী? জাতীয় অস্তিত্বৰ বিপদ বুলি জানি সকলো ওলাই আহিছে আন্দোলন কৰিবলৈ। গণতন্ত্ৰ মানে যান্ত্ৰিক প্ৰক্ৰিয়া নহয়।
নিয়াৰ গোচৰবোৰ অদ্ভুত গোচৰ। এইয়া আইনৰ অপ প্ৰয়োগ। কোনো চার্জশীত নোহোৱাকৈ বছৰ বছৰ ধৰি আন্দোলনকাৰী নেতাক সন্ত্ৰাসবাদী সজাই জেলত ভৰাই থৈছে। এইটো বৰ হাস্যকৰ কথা। গাৰ জোৰেৰে কথা কয় যদিও যাৰ কোনো ভিত্তি নাই। এন আৰ চি ৰ বাবে আবেদন নকৰা মানুহৰ সংখ্যা প্রায় ২০ লাখ হ’ব। সেইসকলক যদি আবেদনৰ সুযোগ দিয়ে তেন্তে সংখ্যাটো বহুত বৃদ্ধি হৈ যায়।
আইনখনত এক সুৰুঙা আছে।
গণৰাজ্য দিৱসৰ দিনা অৰ্থাৎ ২৬ জানুৱাৰীত সংবিধান সুৰক্ষা দিৱস পালন কৰা হ’ব। গণতন্ত্ৰৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে। এই সংবিধানে গণতান্ত্ৰিক ধাৰা বৰ্তাই ৰাখিছে। সংবিধান খনে এনে এক ব্যৱস্থা দাঙি ধৰিলে যি ব্যৱস্থাৰ জৰিয়তে শাসন কৰিলে জনতাৰ মঙ্গল হ’ব। যি ধৰণৰ শাসন চলিছে সংবিধানৰ মূল্য ৰাইজে পাহৰি পেলাইছে। নামত থকা সংবিধানৰ মূল্য ৰাইজৰ আগত দাঙি ধৰিবলৈ এই সংবিধান দিৱস। এনেকুৱা দিন আহিব যে এই সংবিধান নস্যাত কৰি চৰকাৰে নতুন সংবিধান প্ৰস্তুত কৰিব, এনে এক আশংকা হয়। অসম বাসীৰ ক্ষোভ প্ৰতিবাদৰ পাছতো কা আইনখন চৰকাৰে আমাৰ ওপৰত জাপি দিছে। আমাৰ চকুৰ সন্মুখতে গণতন্ত্ৰ লোপ কৰিব বিচৰা হৈছে। ২৬ জানুৱাৰীত লক্ষীধৰ বৰা ক্ষেত্ৰত ১১ বজাত হ’ব সংবিধান সুৰক্ষা দিৱস। “সংবাদমেল যোগে আহ্বায়ক সমিতিৰ সমন্বয়ক দেবেন তামুলীয়ে কয় ”
এই আন্দোলন আৰম্ভ হোৱা দিন ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰিছে। ২০২১ ৰ নিৰ্বাচনলৈকে কৃষক মুক্তিৰ নেতাৰ ওপৰত উৎপীৰন চলাই যাব বুলি সন্দেহ। এই কথাৰ গৰিহণা দিছো। এই
ষড়যন্ত্ৰ বন্ধ কৰক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু অন্য নেতাক মুকলি কৰি দিবলৈ আহ্বান জনাইছোঁ। লগতে গণতন্ত্ৰ ধংসী কা বাতিল কৰা, জে এন ইউ ৰ ছাত্ৰ ছাত্রী, শিক্ষকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত কৰা, অখিল গগৈ প্ৰমুখ্যে গণতান্ত্ৰিক প্ৰতিবাদ কাৰিক বিনাচৰ্তে মুক্তি দিয়া আৰু অসমৰ সংবাদ মাধ্যমৰ ওপৰত চৰকাৰী হেঁচা উঠাই লোৱাৰ দাবী জনালোঁ।আনহাতে ২৬ জানুৱাৰীৰ কাৰ্যসূচী অনুসৰি পুৱা ১১ পৰা অনুষ্ঠান আৰম্ভ কৰা হ’ব। সিদিনা পুৱা পতাকা উত্তোলন, জাতীয় সংগীত পৰিবেশন, সংবিধান সম্পৰ্কে আইনজ্ঞ সকলৰ বক্তব্য, সাংস্কৃতিক অনুষ্ঠান আৰু শেষত সংবিধান সুৰক্ষিত কৰাৰ বাবে শপত গ্ৰহণ কৰা হ’ব। ” সংবাদ মেলত সমিতিৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

গোৱালপাৰাৰ গজিয়াজানীৰ সৰবৰহী যুৱক বিজয় কুমাৰ নাথৰ পৰলোকপ্ৰাপ্তি

গোৱালপাৰাৰ গজিয়াজানীৰ সৰবৰহী যুৱক বিজয় কুমাৰ নাথৰ পৰলোকপ্ৰাপ্তি

—-

গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত গজিয়াজানীৰ সৰবৰহী যুৱক বিজয় কুমাৰ নাথৰ যোৱা নিশা প্ৰায় ১২:১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰলোক প্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত যুৱক জনৰ বয়স আছিল ৩৪ বছৰ ৷ স্বৰ্গীয় শিক্ষক টিকেন নাথ আৰু অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী তিলেশ্বৰী দেৱীৰ তৃতীয় সন্তান বিজয় কুমাৰ নাথে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰতভাৱে জড়িত আছিল। অতি উদ্যোমী যুৱক জনে ভোজমালা গজিয়াজানী শাখা অগপৰ সম্পাদক তথা দহিকটা ভোজমালা আঞ্চলিক আছুৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে গজিয়াজানী জে এন মজলীয়া বিদ্যালয়ত শিক্ষকৰ অভাৱ হোৱাত তিনি বছৰ অবৈতনিক ভাৱে শিক্ষকতা কৰিছিল ৷ স্থানীয় ৰঙা সূৰ্য সাংস্কৃতিক সংঘৰ দ্বাৰা উদযাপিত ৰঙালী বিহু সন্মিলনীৰ বিশেষ উদ্যোক্তা বিজয় কুমাৰ নাথৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰে ৷ আজি শেষকৃত্য অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত স্থানীয় আছু,অগপ তথা উপস্থিত ৰাইজে স্বৰ্গীয় বিজয় কুমাৰ নাথৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

××× ××× ××× ×××× ××××:×××:××× ×××

কৃষ্ণাইত ৰেলৰ চেপাত নিহত মহিলা

কৃষ্ণাইত ৰেলৰ চেপাত নিহত মহিলা
—————–
গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ধাইগাঁৱৰ ডুমুনীপাৰাত আজি দুপৰীয়া এক অঘটন সংঘটিত হয় ৷ তীব্ৰ বেগী ৰে’লৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা ৷ পিন্ধনত মেখেলা-চাদৰ, চুৱেটাৰ পৰিহিতা মহিলা গৰাকীক এই বাতৰি লিখা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে মহিলত গৰাকীৰ মুৰ চিঙি যোৱাৰ লগতে চিন্ন-বিচিন্ন হৈ পৰিছে মৃতদেহটো ৷ যাৰ বাবে আৰক্ষী আৰু ৰে’ল আৰক্ষীও মৃতদেহটো চিনাক্ত কৰিব পৰা নাই ৷ ঘটনাস্থীলত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰিছে ৷ স্থানীয় লোকে ৰেল পথ পাৰ হবলৈ লওঁতে তীব্ৰ বেগী ৰেলৰ খুন্দাতে মহিলা গৰাকী নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

নলবাৰীৰ ঘগ্ৰাপাৰত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সজাগতা সভা

*নলবাৰীৰ ঘগ্ৰাপাৰত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সজাগতা সভা*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৪ জানুৱাৰী*

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাঙ্গনত আজি অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সজাগতামূলক সভা এখন অনুষ্ঠিত হয়। বিশিষ্ট সাংস্কৃতিক কৰ্মী ফনীধৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰাহক সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম গ্ৰামীণ বিকাশ বেংকৰ ঘগ্ৰাপাৰ শাখাৰ পৰিচালক ৰতন দেৱে। বেংকৰ প্ৰায় পঞ্চাশটাৰো অধিক আত্মসহায়ক গোটৰ সভাপতি/সম্পাদিকা তথা সদস্যা সকলক বেংকৰ ঋণ আৰু পৰিশোধ কৰাৰ বিভিন্ন উপায় তথা ডিজিটেল ৰূপত বেংকৰ সুবিধা লাভ কৰা আৰু অসুবিধা সমুহৰ ওপৰত ব্যাখ্যা আগবঢ়ায়। আনহাতে বিশেষকৈ মহিলাসকলে এ টি এম আৰু মোবাইল ফোনৰ সুবিধাসমুহৰ ওপৰত বিতংভাৱে বক্তব্য প্ৰদান কৰে অসম গ্ৰামীণ বিকাশ বেংকৰ ঘগ্ৰাপাৰ শাখাৰ পৰিচালক ৰতন দেৱে। সজাগতা সভাত অতিথি হিচাপে উপস্থিত থকা অৱসৰী শিক্ষাবিদ প্ৰভাত শৰ্মা আৰু সাংবাদিক বীৰেন কলিতাই কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল ইন্দিয়াৰ ওপৰত বিতংভাবে আলোকপাত কৰে। বেংকৰ পৰা ঋণ লৈ বহুতো আত্মসহায়ক গোট আগবাঢ়ি গৈছে। বহুতে বেংকৰ পৰা ঋণ লৈ বিভিন্ন ধৰণৰ ব্যৱসায় কৰি লাভাম্বিত হৈছে আৰু বহুতে বেংকৰ ঋণ লৈ পৰিশোধ কৰিব নোৱাৰি সমস্যাত পৰিছে। অসম গ্ৰামীণ বিকাশ বেংক ৰাইজৰ কল্যাণ আৰু পৰিয়ালৰ অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত আগ্ৰহী বুলিও মতপোষণ কৰে অৱসৰী শিক্ষকগৰাকীয়ে। শাখা পৰিচালক ৰতন দেৱে বেংকৰ APY, PMJJBY, PMSBY আদি আঁচনিৰ ওপৰত আলোকপাত কৰি কয় যে বেংকৰ ঋণ বিষয়ক যিকোনো কথাবাৰ্তা পোনে পোনে শাখা পৰিচালকৰ লগত আলোচনা কৰাৰ পৰামৰ্শ আগবঢ়ায়। কোনো তৃতীয় পক্ষৰ কাষ নাচাপিবলৈ পৰিচালক ৰতন দেৱে গ্ৰাহক সকলক সজাগ কৰি দিয়ে।

প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী

১৮ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ গ্ৰ’ফাৰ্ছৰ গ্ৰেণ্ড অৰেঞ্জ বেগ ডে’ৰ তৃতীয় সংস্কৰণ ঘোষণা

 

জষ্টাফৰিপৰ্টাৰ,,,,২৩ জানুৱাৰী।। শেহতীয়াকৈ গুৱাহাটীলৈকে সেৱা সম্প্ৰসাৰণৰ পাছত এই মহানগৰৰ গ্ৰাহকৰ বাবে গ্ৰ’ফাৰ্ছে লৈ আহিছে ভাৰতৰ সৰ্ব বৃহৎ অনলাইন গ্ৰচাৰী বিক্ৰী কার্যক্ৰম গ্ৰেণ্ড অৰেঞ্জ বেগ ডে'(জিঅ’বিডি)ৰ তৃতীয় সংস্কৰণ। ১৮ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই ন দিনীয়া বিক্ৰীৰ প্ৰতিশ্ৰুতি হৈছে গ্ৰ’ফাৰ্ছৰ সকলো অনলাইন আৰু অফলাইন প্লেটফৰ্মৰ প্ৰতিজন ক্ৰেতালৈ ১০০ শতাংশ (গ্যৰেণ্টেড ইনাম’)। নিশ্চিত পুৰস্কাৰৰ উপৰিও গ্ৰচাৰীৰ এই সৰ্ববৃহৎ অনলাইন বিক্রীয়ে বিভিন্ন পণ্যৰ ক্ষেত্ৰত ফ্লেট ৫০ শতাংশ অ’ফাৰ ,বাই ওৱান গেট ওৱান আৰু আন আকৰ্ষণীয় অফাৰৰ দৰে বহু বিক্ৰীক সাঙুৰি ল’ব। তাৰোপৰি এই বিক্ৰীত ৰন্ধন শালৰ গুৰুত্বপূৰ্ণ সামগ্ৰীৰ পৰা ম’বাইল ফোনলৈকে, ৱাছিং মেচিনৰ পৰা দুচকীয়া বাহনলৈকে গ্ৰ’ফাৰ্ছে ইয়াৰ গ্ৰাহক সকলৰ বাবে ৩০ লাখৰো অধিক নিশ্চিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। “স্মাৰ্ট বচাট ক্লাবৰ গ্ৰ’ফাৰ্ছৰ লয়েল্টি প্ৰগ্ৰেম মেম্বাৰে তেওঁলোকৰ ক্ৰয়ত অতিৰিক্ত ৰেহাইৰ সৈতে ১৭ জানুৱাৰীৰ পৰা আগতীয়াকৈ এই সুবিধা লাভ কৰিব পাৰিব। ক্রেতাসকলে শীৰ্ষস্থানীয় বেংক আৰু পেমেণ্ট এপ তথা পে’টিএম, গুগল পে, আদি অন্যান্যৰ পৰা এই সুযোগ গ্ৰহণ কৰি অতিৰিক্ত ৰেহাই লাভ কৰিব পাৰিব । এই সম্পর্কে ঘোষণা কৰি গ্ৰ’ফাৰ্ছৰ সহ-প্ৰতিষ্ঠাপক আৰু চি ই অ’ অলবিন্দৰ ধিন্দছায়ে কয়-“অনলাইন শ্বপিঙৰ বিশ্বয়নত নতুন গ্ৰাহক সৃষ্টি কৰাত গ্ৰ’ফাৰ্ছৰ জিঅ’ বিডিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ গ্ৰাহক সকলক সৰ্বাধিক ৰাহিৰ সুবিধা প্ৰদান কৰাৰ উপৰিও এইবাৰ ১০০ শতাংশ গ্যৰেণ্টেড ইনামেৰে ইয়াক আমি অধিক ডাঙৰ আৰু অধিক ভাল কৰি তোলাৰ পৰিকল্পনা কৰিছোঁ”। উল্লেখযোগ্য যে,দিল্লী, গুৰগাঁও, কলকাতা, জয়পুৰ, নয়দা, আহমদাবাদ, মেৰট আদিকে ধৰি ২৭ খন ৰাজ্যত এই বিক্ৰী লাইভ কৰা হ’ব।

প্ৰকাশ কৈৰালাৰ গ্ৰন্থ “অসমৰ গোৰ্খাসকৰ ঐতিহ্যৰ অন্বেষণ” উন্মোচন

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত উদীয়মান লেখক প্ৰকাশ কৈৰালাৰ গ্ৰন্থ “অসমৰ গোৰ্খাসকৰ ঐতিহ্যৰ অন্বেষণ” আজি অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত লক্ষ্মীৰাম বৰুৱা সদনত উন্মোচন কৰা হয়। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত গোৰ্খা সকলৰ অৱদান আৰু লগতে অসমৰ জাতীয় জীৱনত খিলঞ্জীয়া গোৰ্খা সকলৰ ত্যাগ আৰু বলিদানৰ এক জীৱন্ত দলিল এই গ্ৰন্থখন। সম্পূৰ্ণ তথ্যভিত্তিক আৰু ক্ষেত্ৰভিত্তিক গৱেষণা আৰু অধ্যয়ণৰ ফচল এই গ্ৰন্থখনে অসমৰ গোৰ্খাসকৰ গৌৰৱময় ঐতিহ্য অধ্যয়নৰ বাট মুকলি কৰিছে। আজিৰ এই উন্মোচনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু বিশিষ্ট লেখক সুমন্ত চলিহাই উন্মোচন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত শ দিলীপ কলিতা (সঞ্চালক আবিলেক), অধিবক্তা তথা বিশিষ্ট সাংবাদিক দীপক শৰ্মা,
ট্ৰাইবেল ৰিচাৰ্ছ ইন্সটিটিউচনৰ ৰিচাৰ্ছ বিষয়া
অসীম বৰা, বিশিষ্ট কবি মৌচম বুঢ়াগোহাঁই, কলাশ্ৰী শ্ বিনোদ খনাল, অসম গোৰ্খা সন্মিলনৰ কাৰ্যকৰী সভাপতি কৃষ্ণ ভুজেল, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি প্ৰেম তামাং, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, গৰিয়া-মৰিয়া ছাত্ৰ সন্থাৰ সভাপতি, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ আদিকে প্ৰমূখ্য কৰি বিভিন্ন লেখক-সাহিত্যিক, দল-সংগঠনৰ প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে।

Recent Posts

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বোকাখাতত বিজেপিৰ মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বোকাখাতত বিজেপিৰ মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন ৷ বোকাখাতত মিত্ৰজোঁটৰ বিশাল সংকল্প সমাৰোহ, লক্ষ্য ২০২১ বোকাখাতৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ২৪ জানুৱাৰী: ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু মিত্ৰজোঁটৰ উদ্যোগত বোকাখাত ৰাজহুৱা খেলপথাৰত উদযাপন কৰা হয় বিশাল সংকল্প সমাৰোহ ৷ প্ৰায় চল্লিশ হাজাৰোধিক ৰাইজৰ উপস্থিতিত সভাত ভাষণ প্ৰদান …

Read More »

গুৱাহাটীৰ নটছাকী ইনকৰ্পোৰেচনে লাভ কৰিলে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা

  ষ্টাফৰিপৰ্টাৰ,,,,২৪ জানুৱাৰীউত্তৰ-পূৱৰ আগশাৰীৰ তথা প্ৰতিষ্ঠিত চলাৰ প্ৰতিষ্ঠান নটছাকী ইনকৰ্পোৰেচনে লাভ কৰিলে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা। শুকুৰবাৰে নতুন দিল্লীত ইণ্ডিয়া ৰুফটোপ চলাৰ কংগ্ৰেছে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নটছাকী ইনকৰ্পোৰেচনে ‘ৰুফটোপ’ চলাৰ ইপিচি’ কোম্পানী বঁটা লাভ কৰাৰ লগতে প্ৰতিষ্ঠানটোৱে চিষ্টেম ইণ্টিগ্ৰেটৰ অফ দ্যা ইয়াৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ …

Read More »

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। সভাত উপস্থিত আছে দুয়োটা দলৰে শীৰ্ষস্থানীয় নেতৃত্ব। সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুওৱা মৰমৰ বাবে বিশেষ ভাবে শলাগ লয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ‘কংগ্ৰেছে ৫৫ বছৰে নোৱাৰা কাম, …

Read More »

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ৯,৬৩৫ টা পদৰ বাবে বিচৰা হৈছে আবেদন পত্ৰ। তাৰে ভিতৰত নিম্ন প্ৰথমিক বিদ্যালয়ত ৫,৫১৫ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৪,১২০টা খালী হোৱাৰ বিজ্ঞাপন জাৰি কৰা কৰিছে শিক্ষা বিভাগে। ২৭ …

Read More »

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

  ষ্টাফৰিপোৰ্টাৰ,,,২৪ জানুৱাৰী ।।: গুৱাহাটীৰ আঠগাঁও স্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত শুকুৰবাৰে মৰিগাঁও জিলাৰ জাগীৰোড, বাকজাপত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ১৩০গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ উপৰিও ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ …

Read More »

দেশৰ ২৫ খনৰো অধিক আগশাৰীৰ আবাসীক শিক্ষানুষ্ঠানৰ সমাবেশ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : সন্তানৰ সু শিক্ষাক লৈ সচেতন অভিভাৱক সকলৰ বাবে বিদ্যালয় পৰ্য্যায়ৰ উচ্চ মানৰ আবাসিক শিক্ষানুষ্ঠান বাছনি কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কাইলৈৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰিমীয়াৰ স্কুলছ এক্সিভিছন । দেশৰ চি বি এছ ই আৰু আই এছ চি ই বৰ্ডৰ অধীনৰ ২৫ খনৰো অধিক সুখ্যাত আবাসিক …

Read More »

সাহিত্যাচাৰ্য ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত শোক সভা

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী :বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য, ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমুখ্যে বিষয়া কৰ্মচাৰী সকলে। এই উপলক্ষে এখন শোক সভা অনুষ্ঠিত কৰা হয়। সভাত ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ …

Read More »

প্ৰেছ ক্লাৱত নৱাৰুণ সাহিত্য সভাৰ মনোজ্ঞ অনুষ্ঠান ||

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰীঃ লেখিকা দিব্যজ্যোতি ডেকাৰ দুখন গ্ৰন্থ গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। মহানগৰীৰ হাতীগাঁৱৰ শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত গ্ৰন্হ দুখন উন্মোচন কৰা হয়। নৱাৰুণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সাংবাদিক আজিজুৰ ৰহমান শইকীয়াই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত দিব্যজ্যোতি ডেকাৰ কাব্য …

Read More »

সৰ্বভাৰতীয় ৰাজনৈতিক দল বিশেষকৈ বিজেপি, কংগ্ৰেছ দলে অসমীয়া জাতিৰ ঐক্যত বাধা দিব বিচাৰিছে- সদৌ অসম নিবনুৱা পৰিষদ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : সৰ্বভাৰতীয় ৰাজনৈতিক দল বিশেষকৈ বিজেপি, কংগ্ৰেছ দলে অসমীয়া জাতিৰ ঐক্যত বাধা দিব বিচাৰিছে।সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ ওপৰত সচেতন ৰাইজে আস্থা হেৰুৱাই পেলাইছে। এই সময় চোৱাত ৰাজনৈতিক দল গঠন কৰা সমীচিন বুলি আমি নাভাবো– এইদৰে কয় সদৌ অসম নিবনুৱা পৰিষদৰ উপদেষ্টা বাবুল বৰুৱাই। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত …

Read More »

নাগৰিকত্ব সংশোধনী আইন ( কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সাংবাদমেল

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : “চৰকাৰে দমনমূলক নীতি চলাই আছে। সংবিধান খন অপষ্ট হৈ পৰিছে। তেওঁলোকে সংবিধান খন নৎস্যা কৰি এখন নতুন সংবিধান কৰিব বুলি আমাৰ তেনেকুৱা অনুমান হৈছে—এইদৰে কয় বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকত্ব সংশোধনী আইন ( কা) বিৰোধী সমন্বয় সমিতি, অসমৰ, আহ্বায়ক সমিতিৰ সভাপতি ড০ হীৰেণ গোঁহাই য়ে। শুকুৰবাৰে …

Read More »

গোৱালপাৰাৰ গজিয়াজানীৰ সৰবৰহী যুৱক বিজয় কুমাৰ নাথৰ পৰলোকপ্ৰাপ্তি

গোৱালপাৰাৰ গজিয়াজানীৰ সৰবৰহী যুৱক বিজয় কুমাৰ নাথৰ পৰলোকপ্ৰাপ্তি —- গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত গজিয়াজানীৰ সৰবৰহী যুৱক বিজয় কুমাৰ নাথৰ যোৱা নিশা প্ৰায় ১২:১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰলোক প্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত যুৱক জনৰ বয়স আছিল ৩৪ বছৰ ৷ স্বৰ্গীয় শিক্ষক টিকেন নাথ আৰু অৱসৰ প্ৰাপ্ত …

Read More »

কৃষ্ণাইত ৰেলৰ চেপাত নিহত মহিলা

কৃষ্ণাইত ৰেলৰ চেপাত নিহত মহিলা —————– গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ধাইগাঁৱৰ ডুমুনীপাৰাত আজি দুপৰীয়া এক অঘটন সংঘটিত হয় ৷ তীব্ৰ বেগী ৰে’লৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা ৷ পিন্ধনত মেখেলা-চাদৰ, চুৱেটাৰ পৰিহিতা মহিলা গৰাকীক এই বাতৰি লিখা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ দুৰ্ঘটনাটো ইমানে ভয়ংকৰ …

Read More »

নলবাৰীৰ ঘগ্ৰাপাৰত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সজাগতা সভা

*নলবাৰীৰ ঘগ্ৰাপাৰত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সজাগতা সভা* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৪ জানুৱাৰী* নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাঙ্গনত আজি অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সজাগতামূলক সভা এখন অনুষ্ঠিত হয়। বিশিষ্ট সাংস্কৃতিক কৰ্মী ফনীধৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰাহক সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম গ্ৰামীণ বিকাশ বেংকৰ …

Read More »

১৮ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ গ্ৰ’ফাৰ্ছৰ গ্ৰেণ্ড অৰেঞ্জ বেগ ডে’ৰ তৃতীয় সংস্কৰণ ঘোষণা

  জষ্টাফৰিপৰ্টাৰ,,,,২৩ জানুৱাৰী।। শেহতীয়াকৈ গুৱাহাটীলৈকে সেৱা সম্প্ৰসাৰণৰ পাছত এই মহানগৰৰ গ্ৰাহকৰ বাবে গ্ৰ’ফাৰ্ছে লৈ আহিছে ভাৰতৰ সৰ্ব বৃহৎ অনলাইন গ্ৰচাৰী বিক্ৰী কার্যক্ৰম গ্ৰেণ্ড অৰেঞ্জ বেগ ডে'(জিঅ’বিডি)ৰ তৃতীয় সংস্কৰণ। ১৮ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই ন দিনীয়া বিক্ৰীৰ প্ৰতিশ্ৰুতি হৈছে গ্ৰ’ফাৰ্ছৰ সকলো অনলাইন আৰু অফলাইন প্লেটফৰ্মৰ প্ৰতিজন ক্ৰেতালৈ ১০০ …

Read More »

প্ৰকাশ কৈৰালাৰ গ্ৰন্থ “অসমৰ গোৰ্খাসকৰ ঐতিহ্যৰ অন্বেষণ” উন্মোচন

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত উদীয়মান লেখক প্ৰকাশ কৈৰালাৰ গ্ৰন্থ “অসমৰ গোৰ্খাসকৰ ঐতিহ্যৰ অন্বেষণ” আজি অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত লক্ষ্মীৰাম বৰুৱা সদনত উন্মোচন কৰা হয়। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত গোৰ্খা সকলৰ অৱদান আৰু লগতে অসমৰ জাতীয় জীৱনত খিলঞ্জীয়া গোৰ্খা সকলৰ ত্যাগ আৰু বলিদানৰ এক জীৱন্ত দলিল এই …

Read More »