Monday , February 17 2020
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

এন আৰ চিক লৈ উদ্ভৱ হ’ব পৰা পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু অসম আৰক্ষী

অসম আৰক্ষী বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্যৰ মন্তৱ্যঃ অসমবাসীৰ প্ৰত্যাশিত এনআৰচিক যাতে হিন্দু নাগৰিকত্ব বিষয়ে বাধা প্ৰদান কৰিব নোৱাৰে ৰাইজে নজৰ ৰখা উচিত ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ অসমত নিৰৱিচ্ছন্নভাৱে শক্তিশালী হ’বলৈ তৎপৰতা অব্যাহত ৰাখিছে একাংশ মৌলবাদী সংগঠন। অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাযই এই মন্তৱ্য কৰে। আজি …

Read More »

ৰেলৱে আৰক্ষীৰ সফলতা

ৰেলৱে আৰক্ষীৰ সফলতা আৰক্ষীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত বিভিন্ন সময়ত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে যেনে দ্রুগছ গঞা আফিং নিচিনা নিচাজাতীয় দ্ৰব্য উদ্ধাৰ কৰি আহিছে কিন্তু আজি ৰেল আৰক্ষীৰ বিকেশ সফলতা চোৰাং সামগ্ৰী উদ্ধাৰ কৰে আজি ২৭মে , দেওবাৰে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ হাতীৰ দাঁত ৰেলৱে আৰক্ষীৰ বিকেশ সফলতা …

Read More »

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যতকৰ সংখ্যা

দীপাঞ্জলী ডেকা,,2 জুন,,,,ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যতকৰ সংখা। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহে সম্প্ৰতি দেশ বিদেশৰ পৰ্যতকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসম পৰ্যটন সঞ্চালকায়ৰ পৰা পোৱা তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, গুৱাহাটী, শিলচৰ, যোৰহাট, ভালুকপুং,চানডুবি, নগাওঁ, কামাখ্যা মন্দিৰ আদিলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটিছে। সেই অনুসৰি 2015-2016 বৰ্ষত …

Read More »

Recent Posts

বলিউডৰ তাৰকা অক্ষয় কুমাৰলৈ এখন ব্যতিক্ৰমী পেইণ্টিং উপহাৰ হিচাপে আগবঢ়ালে গুৱাহাটীৰ যুৱক ৰাহুল পাৰিকে

 

ষ্টাফৰিপোৰ্টাৰ, ১৬ ফেব্ৰুৱাৰী : গুৱাহাটীত প্ৰথম বাৰৰ বাবে আয়োজন কৰা ৬৫ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানত বলিউডৰ তাৰকা অক্ষয় কুমাৰ এক ব্যতিক্ৰমী উপহাৰ আগবঢ়ালে তেওঁৰ একান্ত অনুৰাগী গুৱাহাটীৰ যুৱক ৰাহুল
পাৰিকে। ৰাহুল পাৰিকে তেওঁৰ প্রিয় অভিনেতা গৰাকীক সৰুসজাইত অনুষ্ঠিত হোৱা ফিল্ম ফেয়াৰ এৱাৰ্ডৰ মূল মঞ্চৰ বাহিৰত এখন ব্যতিক্ৰমী পেইণ্টিং উপহাৰ হিচাপে প্ৰদান কৰে। এই সম্পৰ্কে ৰাহুল পাৰিকে সাংবাদমাধ্যমক কয় “মই ম’বাইল ফোনৰ যন্ত্ৰাংশৰে
আৰু পেপাৰ পেইন্টেৰে
সাজি উলিওৱা তেওঁৰ পেইণ্টিং খন আগবঢ়াও যদিও নিয়াৰ অসুবিধাৰ বাবে তেওঁ স্বাক্ষৰ কৰি সেইখন থৈ যায়। তাৰকা অভিনেতা গৰাকীক ওচৰৰ পৰা লগ পাই ভাল লাগিল। তেওঁক মই কিদৰে পেইণ্টিং খন সাজি উলিয়াইছোঁ তাৰ বৰ্ণনা কৰিলোঁ। তেওঁ অভিভূত হৈ পৰে।” ইয়াক লৈ ৰাহুল পাৰিক আৰু মাতৃ উৎসাহিত হৈ পৰে । উল্লেখ ইয়াৰ পূৰ্বেও ৰাহুল পাৰিকে টিম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদিৰো এনেদৰে ব্যতিক্ৰমী পেইণ্টিং আঁকি উপহাৰ হিচাপে আগবঢ়াইছিল।

ডাঃ ৰূপ শেখৰ ডেকাৰ “কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান” উন্মোচন

 

ষ্টাফৰিপোৰ্টাৰ, ১৬ ফেব্ৰুৱাৰী : “চিকিৎসক সকলে সদায় ৰোগীক চোৱা চিতা কৰাতে সদায় ব্যস্ত থাকে। যাৰ বাবে তেওঁলোকে নিজৰ কথা, পৰিয়ালৰ কথা চিন্তা কৰিব সময় নাপায়। তেনে ক্ষেত্ৰত এগৰাকী চিকিৎসকে এখন ৰোগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখি উলিয়াই এক সুন্দৰ কামৰ নিদৰ্শন দাঙি ধৰিছে—এইদৰে কয় বিশিষ্ট চিকিৎসক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন, ফেকাল্টি অৱ মেডিচিন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ এন এন বৰ্মনে। দেওবাৰে অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত
ডাঃ ৰূপ শেখৰ ডেকাৰ “কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান শীৰ্ষক” উন্মোচন কৰি তেওঁ লগতে কয় “এগৰাকী ব্যস্ত চিকিৎসক হৈও এনেদৰে সাহিত্য জগতলৈ অৱদান আগবঢ়োৱা বাবে ডাঃ ৰূপ শেখৰ ডেকাক ধন্যবাদ জনালোঁ। তেওঁক পূৰ্বে মই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে পাইছিলোঁ। তেওঁ সৰু যদিও এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখি আমাক উপহাৰ হিচাপে আগবঢ়ালে। গ্ৰন্থ খনত সচৰাচৰ মানৱ দেহত হৈ থকা ৰোগৰ কথা উল্লেখ আছে। যিবোৰ সম্পৰ্কে আমি সজাগ নহলে আৰু অৱজ্ঞা কৰিলে ইয়াৰ পৰা পিছলৈ আন বেলেগ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।'”বিশিষ্ট চিকিৎসক গৰাকীয়ে লগতে গ্রন্থ খনত উল্লেখ কৰা ৰোগ সমূহৰ বিষয়ে বহলাই কয়।
উন্মোচনী সভাত “আমাৰ অসম”ৰ সহযোগী সম্পাদক মন্টু শইকীয়াই কয় ” ভগৱানে পৃথিৱী সৃষ্টি কৰিলে। সেই পৃথিৱীত তেওঁ নাৰী জাতিৰ সৃষ্টি কৰি পূৰ্ণতা আনিলে। নিজৰ পিতৃ-মাতৃৰ পাছত আমি চিকিৎসক সকলক ভগবান হিচাপে জ্ঞান কৰোঁ। লেখকক ধন্যবাদ জনালোঁ আৰু ভৱিষ্যতে তেওঁৰ পৰা এনেধৰণৰ গ্ৰন্থ লাভ কৰিম বুলি আশা কৰিলোঁ।” সভাত জেষ্ঠ্য সাংবাদিক নিতুমণি শইকীয়াই কয় ” ডাঃ ৰূপ শেখৰ ডেকাক এগৰাকী চিকিৎসক হিচাপে নহয় এগৰাকী সংগীত শিল্পী হিচাপে লগ পাইছিলোঁ। যি সকল ব্যক্তিয়ে নিজৰ বৃত্তিৰ লগতে আন বহু দিশতো প্ৰতিভাৰ পৰিচয় দাঙি ধৰে তেওঁলোকৰ প্ৰতি যথেষ্ট আন্তৰিকতা আছে। আজিৰ পৃথিৱীত ৰোগ যেনেদৰে বৃদ্ধি পাইছে ঠিক তেনেদৰে মানুহৰ মাজত সজাগতা বৃদ্ধি পোৱা নাই। লেখকে ১৫ টা সুন্দৰ অধ্যায় এই গ্ৰন্থখনত সন্নিবিষ্ট কৰা বাবে ধন্যবাদ জনালোঁ।”
গ্ৰন্থ উন্মোচনী সভাত আৰক্ষী উপ মহাপৰিদৰ্শক নিতুল গগৈ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বিজু চৌধুৰীয়ে শুভেচ্ছা মুকল ব্যক্তব্য আগবঢ়ায়। সভাত শিল্পী বিৰিণা পাঠক চক্ৰৱৰ্তীয়ে স্তুতি পৰিবেশন কৰে। জেষ্ঠ্য সাংবাদিক মৰম কুমাৰে সভাখন আঁত ধৰা সভাখনত লেখকে গ্ৰন্থ খনৰ আঁৰৰ কথা কয়।” উন্মোচনী সভা খনত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ নলবাৰীৰ বাহঁজানী

*শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ নলবাৰীৰ বাহঁজানী*
*৩০ গৰাকী শিশুক বাৰগোপালক সেৱা*
*বালামুগকুছি গৰখীয়া থানৰ সভা মহোৎসৱৰ সামৰণি*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৬ ফেব্ৰুৱাৰী*

নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত বালামুগকুছিস্থিত গৰখীয়া থানৰ ত্ৰয়োদশ বাৰ্ষিক সভা মহোৎসৱৰ শুকুৰবাৰে নিশা কন্ঠশিল্পী বিদ্যাসাগৰ, প্ৰিয়ংকা কলিতাৰ সংগীতৰ লহৰ, চন্দন বৰপূজাৰীৰ বাঁহীৰ মূৰ্চ্চনা, ভূপেন তামুলী, লোহিত দাস নেতৃত্বাধীন ‘নমস্কাৰ কৌতুক গোষ্ঠী’ৰ কৌতুক প্ৰদৰ্শনেৰে সফল সামৰণি পৰে। ১৩ আৰু ১৪ ফেব্ৰুৱাৰী দুদিনীয়াকৈ আয়োজিত সভাত ব্যাপক কৃষ্ণভক্ত ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয়। কাৰ্যসূচীমতে প্ৰথম দিনা ৰাতিপুৱা ৬ বজাত দেউৰী বিমলা হালৈয়ে মন্দিৰৰ বন্তি গছি প্ৰজ্বলন কৰি সভাৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে
উদযাপন সমিতিৰ সভাপতি ভৱেন হালৈয়ে সভাৰ পতাকা উত্তোলন কৰে, সভাৰ ছাঁট স্থাপন কৰে গৰখীয়া থানৰ সভাপতি কৰুণাকান্ত বৈশ্যই৷ বৃক্ষৰোপন কৰে অৱসৰী শিক্ষক ভূমিধৰ ডেকাই, স্থানীয় পঞ্চায়ত সভানেত্ৰী নমিতা দাস, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি নগেন বৈশ্য, আঞ্চলিক সদস্য বংকিম শৰ্মা, প্ৰাক্তন পঞ্চায়ত সভাপতি নলিনী কান্ত শীল, ব্যৱসায়ী হীতেন ডেকা, প্ৰধান শিক্ষক ধৰণীধৰ তামুলী, অৱসৰী প্ৰধান শিক্ষক অশোক কুমাৰ শৰ্মা, সমাজসেৱক ধনশ্বৰ শৰ্মা, কালিন্দ্ৰ দাস, লোহিত চন্দ্ৰ কলিতা, মাধৱ দত্ত, শিক্ষক হেমন্ত শৰ্মাই। শ্বহীদ তৰ্পন কৰে নলবাৰী জিলা আছুৰ সভাপতি গুণজিৎ পাঠক, মাল্যাৰ্পন কৰে সাধাৰণ সম্পাদক অক্ষয় ডেকাই। ১০ বজাত গৰখীয়া সেৱা অনুষ্ঠান
হয়। অনুষ্ঠানত ৩০ গৰাকীৰো অধিক বাৰগোপালক পূজা অৰ্চনা কৰা হয়। ইয়াৰ পিছতে মানিক তহচিলদাৰ সোঁৱৰণি দিহানাম প্ৰতিযোগিতাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী আঞ্চলিক শাখাৰ সভাপতি হিতেশ বৈশ্যই। দুপৰীয়া সম্বৰ্ধনা অনুষ্ঠানত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাক সম্বৰ্ধনা জনোৱা হয়। আবেলি অনুষ্ঠিত সংকীৰ্ত্তণ প্ৰতিযোগিতাখন উদ্বোধন কৰে সমাজসেৱক যতীন কলিতাই। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু আতচবাজী প্ৰদৰ্শনত প্ৰজ্বলক হিচাপে উপস্থিত থাকে মানৱ অধিকাৰ আৰু ভ্ৰষ্টাচাৰী মঞ্চৰ ৰাষ্ট্ৰীয় সম্পাদক পুলকেশ ৰায় মেধি আৰু বিশিষ্ট ব্যৱসায়ী দেৱপ্ৰকাশ ভাগৱতীয়ে। ইয়াৰ পাছতে মাল্যাৰ্পন অনুষ্ঠান মুকলি কৰে ষ্টেট বেংকৰ নলবাৰী বজাৰ শাখাৰ পৰিচালক ৰূপম হালৈয়ে, চিকিৎসক ডাঃ জয়ন্ত তামুলী, বিশিষ্ট সমাজকৰ্মী গণেশ তামুলী আৰু নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক হেমেন চৌধুৰীয়ে। নিশা হৰিদাস ৰাজবংশী সোঁৱৰণি অসমীয়া গীতৰ আধাৰত হোৱা একক নৃত্য প্ৰতিযোগিতাখন উদ্বোধন কৰে সমাজসেৱক প্ৰভাত বৈশ্যই। দ্বিতীয় দিনা ৰাতিপুৱা ভেশচন প্ৰতিযোগিতা উদ্বোধন কৰে সমাজসেৱক প্ৰফুল্ল ভড়ালীয়ে, খেল-ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে অৱসৰী প্ৰধান শিক্ষক অম্বুনাথ বৈশ্যই। ইয়াৰ পাছতে কুমুদ তামুলীৰ পৰিচালনাত বিয়ানাম, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি দৰঙৰ পাঠক মহেশ ডেকা, কেন্দুকুছিৰ পাঠক হেমন্ত শৰ্মাই নাগাৰা নাম পৰিবেশন কৰে। অনুষ্ঠান উদ্বোধন কৰে অৱসৰী শিক্ষক লোহিত ডেকাই। নিশা উদযাপন সমিতিৰ মুখ্য সম্পাদক বাপুকন কলিতা আৰু যুটীয়া সম্পাদক অজয় বৈশ্যই আতঁ ধৰা মাধৱ বৈশ্য সোঁৱৰণি সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে সাপ্তাহিক বাতৰি কাকত ‘দাপোন’ৰ মুখ্য সম্পাদক প্ৰদীপ বৰ্মনে। ইয়াৰ পিছতে সাংস্কৃতিক সন্ধিয়া খনি উদ্বোধন কৰে লোকশিল্পী মহেশ ডেকাই।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

অংগনবাড়ী কেন্দ্ৰ সমূহ কেৱল বৰ্ণমালা শিক্ষাৰ কেন্দ্ৰই নহয়, জীৱন দক্ষতাৰ বাবেও ই এক উপযুক্ত স্থান–কনৰাড চাংমা

 

এছ বি আই ফাউণ্ডেচনৰ
শিকা, খেলা আৰু বিকশিত হোৱা” শীৰ্ষক এক বিশেষ পদক্ষেপ

ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : ‘ অংগনবাড়ী কেন্দ্ৰ সমূহ কেৱল বৰ্ণমালা
শিক্ষাৰ কেন্দ্ৰই নহয়, জীৱন দক্ষতাৰ বাবেও ই এক উপযুক্ত স্থান–এইদৰে কয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। শুকুৰবাৰে তুৰাত অনুষ্ঠিত এক অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় ”
শিক্ষা, পুষ্টি আৰু শিশুৰ বিকাশ অতি গুৰুত্বপূৰ্ণ বিষয়। এইক্ষেত্ৰত উদ্যোক্তা সকলে গাঁৱবাসীৰ সৈতে সংযোগ স্থাপন কৰা উচিত।এই পদক্ষেপৰ জৰিয়তে আমি অধিক ইতিবাচক ফল লাভ কৰিম বুলি আশাবাদী। আমি চৰকাৰী ভাৱে যিমান খিনি সহায়ৰ প্ৰয়োজন সেই খিনি কৰিম। এছ বি আই ফাউণ্ডেচনৰ এই পদক্ষেপ শিশুসকলৰ মাজত শিক্ষাৰ বা শিকাৰ প্ৰতি থকা আগ্ৰহ কেৱল মাত্ৰ বিদ্যালয়তে আবদ্ধ নাথাকি ঘৰতো বিস্তাৰিত হৈ পৰিব'” ।

এছ বি আই ফাউণ্ডেচন, এছ বি আই লাইফ ইঞ্চুৰেঞ্চ আৰু চেচমী ৱৰ্কশ্বপ ইণ্ডিয়াই শেহতীয়াকৈ মেঘালয়ৰ প্ৰায় তিনি হাজাৰ অংগনবাড়ী কেন্দ্ৰত শিশু শিক্ষাৰ গুণাগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰে ” শিকা, খেলা আৰু বিকশিত হোৱা” শীৰ্ষক এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে তিনি হাজাৰ অংগনবাড়ী কেন্দ্ৰত প্ৰায় ৬০ হাজাৰ শিশু উপকৃত হ’ব।
উল্লেখ একত্ৰিত শিশু উন্নয়ন সেৱাৰ ( আই চি ডি এছ) অধীনত স্থাপন হোৱা অংগনবাড়ী কেন্দ্ৰ সমূহে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত প্ৰাথমিক শিক্ষাত বিশেষ ভূমিকা পালন কৰি আহিছে। ২০১৯ চনৰ শৈক্ষিক প্ৰতিবেদনৰ বাৰ্ষিক তথ্য অনুসৰি মেঘালয়ৰ অংগনবাড়ী কেন্দ্ৰ সমূহত ৩-৪ বছৰীয়া শিশুৰ নাম ভৰ্তি ২৩.৯ শতাংশ ৰ দৰে অতি নিম্নমানৰ। আন এক প্ৰতিবেদন অনুসৰি ১০.৯ শতাংশ শিশুৱে পঢ়া-লিখাৰ প্ৰাথমিক জ্ঞান বৰ্ণমালা এটাও বুজি নাপায়। শুকুৰবাৰে তুৰাৰ “মস্কভিলাৰ”প্ৰেক্ষাগৃহত এই উপলক্ষে অনুষ্ঠিত
অনুষ্ঠানত , এছ বি আই ফাউণ্ডেচনৰ সভাপতি আৰু মুখ্য পৰিচালন বিষয়া নিক্সন জোচেফ আৰু চেচমি ৱৰ্কশ্বপৰ পৰিচালন সঞ্চালক সোনালী খান উপস্থিত থাকি ব্যক্তব্য আগবঢ়ায়।

মহা শিৱৰাত্রী উপলক্ষে ঈশ্বৰীয় মিলন মেলা

 

ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : মহা শিৱৰাত্রী উপলক্ষে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত
“ঈশ্বৰীয় মিলন মেলা” ৰ আয়োজন কৰা হৈছে। এই মেলা খন হেঙেৰাবাৰী কাৰ্বি যুৱক সংঘৰ বিহুতলীত ১৮ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰা হ’ব। এই উপলক্ষে “ৰাজযোগ” সন্দৰ্ভত এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হ’ব।

সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভা

 

ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভাখন দেওবাৰে গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত হ’ব। এই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন, পুৱা ১০ বজাৰ পৰা সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। এই প্ৰতিযোগিতা খন বিশিষ্ট গীতিকাৰ ড০ লক্ষহীৰা দাসৰ গীতৰ আধাৰত অনুষ্ঠিত কৰা হ’ব। প্ৰতিযোগিতা খন উদ্বোধন কৰিব ইলা শৰ্মাই। বিয়লি ২ বজাত অনুষ্ঠিত হ’ব লগীয়া সভাখন উদ্বোধন কৰিব সুনীতি সোণোৱালে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব মাইনী মহন্ত । আলোচনাৰ বিষয় হৈছে ” অসমীয়া সমাজ জীৱনত প্ৰচলিত মৌখিক সাহিত্য”। তাৰ পাছত হিৰণ্য চৌধুৰী সোঁৱৰণি বঁটা প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা সকলে এক বিবৃতি যোগে জনাইছে।

শান্তি সাধনা আশ্ৰমত বিশ্ব শান্তিৰ কাৰণে আয়োজন কৰা অখণ্ড ভাগৱত পাঠ আৰু হৰি নাম মহাযজ্ঞৰ সামৰণী

 

ষ্টাফৰিপোৰ্টাৰ,১৫ ফেব্ৰুৱাৰী : গুৱাহাটীৰ বশিষ্ঠত স্থিত শান্তি সাধনা আশ্ৰমত বিশ্ব শান্তিৰ কাৰণে আয়োজন কৰা অখণ্ড ভাগৱত পাঠ আৰু হৰি নাম মহাযজ্ঞৰ শনিবাৰে সামৰণী সমাৰোহ দিনা সংকল্প দিৱস হিচাবে পালন কৰা হয়।
সামৰণিৰ ভাষণ হিচাপে আশ্ৰমৰ নিৰ্দেশিকা প্ৰজ্ঞা পাৰ মিতা দত্তই কয় “ভাগৱতৰ সাৰ হল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ গুণ,ৰূপ, নাম আৰু তেওঁৰ প্ৰশংসা । ব্যাসদেৱে চাৰি বেদৰ সাৰ ভাগৱততে সন্নিবিষ্ট কৰি ৰাখিছে। যদি আমি শ্ৰী কৃষ্ণৰ নাম স্মৰণ কৰোঁ আমাৰ জীৱনত আমি কিছুমান সকৰাত্মক প্ৰভাৱ দেখিবলৈ পাম আৰু মনত বহুত শান্তি অনুভৱ কৰিব পাৰিম। কাৰ্য ক্ৰমৰ আৰম্ভ সন্ত হেমভাইৰ নেতৃত্বত ভাগৱত শোভা যাত্রাৰ শুভাৰম্ভ হয়। আশ্ৰমৰ পৰিসৰৰ পৰা
সকলো ভক্তিই নাম কীৰ্তন কৰি যত যোগ,প্ৰাকৃতিক চিকিৎসা আৰু আধ্যাত্মিক শিক্ষাৰ কেন্দ্র ভৱন নিৰ্মান কৰা হব। গণেশ নগৰ বৰনাম ঘৰৰ পদ্ম শইকীয়াৰ দ্বাৰা এই আধাৰশিলাৰ মুকলি কৰা হয়। ইয়াৰ পাছত ভাগৱত নামঘৰ পৰিক্ৰমা কৰি আশ্ৰমৰ সভাপতি ৰবীন্দ্ৰ শৰ্মা মহন্তই আৰতিৰে সকলো ভকত বৃন্দক শপত গ্ৰহণ কৰোৱাই। তেওঁক” বিশ্ব শন্তিৰ প্ৰতিষ্ঠাৰ কাৰণে মন ,প্ৰাণ, হৃদয়এৰে ত্যাগ কৰি বিচাৰ,আচাৰ,প্ৰচাৰৰ কাৰণে সংগঠনৰ কাম কৰিম।পৰ্যাবৰণ ৰক্ষা কৰিম । ধৰিত্ৰী মাতাক ৰক্ষা কৰি সমৃদ্ধিশালী কৰি ইয়াক গোকুল,বৃন্দাবন, স্বৰ্গ আৰু বৈকুণ্ঠ নিৰ্মান কৰি কাম কৰিম। জাতি ,বৰ্ণ, ভাষা,ধৰ্ম,আৰু সম্প্ৰদায়ৰ কোনো ভেদাভেদ নাৰাখিম। সকলোৰে সম্মানৰ কাৰণে সাধনা কৰিম।সকলোৰে ভাষা সাংস্কৃতিক যথাযোগ্য সন্মান প্ৰদান কৰিম। জীৱ দয়া বিশুদ্ধ মানৱ প্ৰেমৰ বিকাশৰ কাৰণে ঈশ্বৰ দৰ্শনৰ কাৰণে সাধনা কৰিম।
সংকল্প পত্ৰৰ পাঠৰ পিছতে ধন বিষয়াৰ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত এটি বৰগীত, ৰঙিয়াৰ পৰা অহা ৰুণুমি আৰু সংগী সকলৰ থিয় নাম আৰু উপাসনা বিষয়ৰ দ্বাৰা এটি ভাৰতনাট্যম পৰিবেশন কৰা হয়। ইয়াৰ পিছতে অখণ্ড ভাগৱত পাঠ আৰু হৰি নাম মহাযজ্ঞত সমৰ্পিত ভক্ত সকলক সম্ভৰ্ধনা জ্ঞাপন কৰা হয়।
এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপত সুদূৰ উত্তৰ প্ৰদেশৰ পৰা অহা মোহন শুক্লাজীয়ে কয় যে মহাপুৰুষ শংকৰদেৱে ভাৰতৰ সংগম সংস্কৃতিৰ দৰ্শন কৰোৱালে। নামঘৰৰ স্থাপনা কৰি সামাজিক, আৰ্থিক, সমুদায়িক বিকাশৰ স্থাপন কৰি থৈ গৈছে। মানৱ প্ৰকৃতি আৰু অধ্যাত্মৰ সমন্ধৰ বান্ধোন মজবুত কৰিবৰ কাৰণে অসমলৈ এই অৱদান দি থৈ গৈছে। হেমভাই য়েও অসমৰ সাংস্কৃতি পুৰা দেশ বিদেশত প্ৰচাৰ কৰিছে।
হেমভাইয়ে সম্পূৰ্ণ কাৰ্যক্ৰম পৰিচালনা কৰি শেষলৈকে ভাগৱতৰ ত্বত দৰ্শন কৰোৱালে। জি.এল. পাব্লিকেচনৰ মহা প্ৰবন্ধক পি.কে.তালুকদাৰে অনুষ্ঠানত উপস্থিত থাকি অভিনন্দন জ্ঞাপন কৰে ।
শেষত কুসুমী লহকৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

জি এল পি এমপ্লয়িজ ইউনিয়নৰ দ্বিতীয় বাৰ্ষিক অধিবেশন

 

ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : জি এল পি এমপ্লয়িজ ইউনিয়নৰ দ্বিতীয় বাৰ্ষিক অধিবেশনখন দেওবাৰে দিনজোৰা কাৰ্যসূচী ৰে উলুবাৰীস্থিত এছ বি দেওৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ’ব। এই উপলক্ষে পূৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ সাধাৰণ সভা অনুষ্ঠিত কৰা হ’ব। ইউনিয়নৰ সভাপতি দেৱেশ্বৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগীয়া সাধাৰণ সভা খনৰ উদ্বোধন কৰিব সদৌ অসম সংবাদকৰ্মী সন্থাৰ সভাপতি সুদীপ্ত সৰকাৰে। আনহাতে দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া মুকলি অধিবেশনত মুখ্য অতিথি হিচাপে বিশিষ্ট সাংবাদিক মুনীন বায়ন, আৰু বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক অচ্যুত পাটোৱাৰী উপস্থিত থাকিব বুলি এক বিবৃতি যোগে ইউনিয়নৰ সভাপতি দেৱেশ্বৰ শৰ্মা, সম্পাদক টুটুমণি ফুকনে জনাইছে।

জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে মুকলি কৰিলে ডাটামেশ্যনৰ গেজেট কেলেণ্ডাৰ ২০২০

 

ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : অসমৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে শনিবাৰে গুৱাহাটীস্থিত অ’লিভ গাৰ্ডেনত আয়োজিত এক অনুষ্ঠানত ডাটামেশ্যনৰ গেজেট কেলেণ্ডাৰ ২০২০ ৰ প্ৰথমটো সংস্কৰণ মুকলি কৰে। উল্লেখ্য যে এই কেলেণ্ডাৰত আছে অসমৰ মনোৰঞ্জন আৰু গ্লেমাৰ জগতৰ ভালেমান চিনাকি মুখ, যিয়ে আপোনাৰ জীৱনত প্ৰয়োজন হ’ব পৰা বিভিন্ন গেজেট যেনে স্মাৰ্টফোন, টেবলেট আদিকে ধৰি একাধিক সামগ্ৰী সুন্দৰভাৱে উপস্থাপন কৰা হৈছে।
এই কেলেণ্ডাৰ মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আইপিএছ বিষয়া পাৰ্থ সাৰথি মহন্ত, অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী, বিশিষ্ট অভিনেতা কপিল বৰা, বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা, সংগীত শিল্পী মানস ৰবীন, ভূপেন উজীৰ, শান্তা উজীৰ, মানস ৰবীন আৰু এডিচি চিন্ময় ফুকন।এই কেলেণ্ডাৰ মুকলি কৰি অভিনেত্ৰী জেৰিফা ৱাহিদে কয়, “এই কেলেণ্ডাৰ মুকলি কৰিবলৈ পাই মই সুখী। ইতিমধ্যেই গেজেটপ্ৰেমীসকলৰ বাবে ডাটামেশ্যন একক কেন্দ্ৰত পৰিণত হৈছে। এই কেলেণ্ডাৰৰ যোগেদি প্ৰযুক্তিক্ষেত্ৰলৈ অহা শেহতীয়া উদ্ভাৱনসমূহ সন্দৰ্ভত উপভোক্তাৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে।” বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই কয় ” ডাটামেছন সুন্দৰ কেলেণ্ডাৰ উলিয়াইছে। জেৰিফা ৱাহিদৰ দৰে সুন্দৰ অভিনেত্ৰীক লৈ কেলেণ্ডাৰ খন উলিয়াইছে। তাৰ বাবে অভিনন্দন জনালোঁ।’ কেলেণ্ডাৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি ডাটামেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন আগৰৱালে কয়, “আমাৰ প্ৰথম সংস্কৰণৰ এই গেজেট কেলেণ্ডাৰ গুৱাহাটীত মুকলি কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছো। এই ডাটামেশ্যন ষ্টোৰ সম্প্ৰতি তথ্য প্ৰযুক্তি সম্পৰ্কীয় সামগ্ৰীৰ খুচুৰা আৰু বিপণনৰ এক ছুপাৰষ্টোৰ হিচাপে পৰিগণিত হৈছে। আৰু শেহতীয়া প্ৰযুক্তি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি অক্ষুণ্ণ ৰাখি আমি আগবাঢ়ি যাবলৈ ওলাইছো আৰু এই শেহতীয়া সামগ্ৰীবোৰ আমাৰ গ্ৰাহকসকলৰ বাবে উপলব্ধ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। উল্লেখ্য যে এনে ধৰণৰ কেলেণ্ডাৰ প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছে।”

এমাজনৰ “হৰ পল ফেশ্যনেবল” শীর্ষক এক নতুন অভিযান

 

ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : “গুৱাহাটীত পোন প্ৰথম বাৰৰ বাবে ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠিত হোৱাটো এক ভাল খবৰ । এই এৱাৰ্ডৰ সহযোগী হ’বলৈ পাই আমি সুখী –এইদৰে কয় এমাজন ইণ্ডিয়াৰ উপাধ্যক্ষ মনীষ তিয়াৰীয়ে। শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেল যোগে তেওঁ লগতে এমাজনৰ ব্যৱসায়িক সম্প্ৰসাণৰ কথা উল্লেখ কৰি লগতে কয় ” অসমৰ গ্ৰাহক সকলৰ বাবে এমাজন ডট ইনে আজিৰে পৰা “হৰ পল ফেশ্যনেবল” শীর্ষক এক নতুন বাণিজ্যিক অভিযানৰ পাতনি মেলিছোঁ। য’ত গ্ৰাহক সকলৰ বাবে তথা সকলো সময়তে প্ৰাসংগিক উৎপাদন লাভ কৰিব। অসমত এমাজনৰ ফেশ্যনৰ শাখা অন্যতম জনপ্ৰিয় হিচাপে পৰিগণিত হৈছে। ইয়াত গ্ৰাহকে সামগ্ৰী অৰ্ডাৰ দিলে দুদিনৰ ভিতৰতে ডেলিভাৰী দিয়া হ’ব। তদুপৰি এমাজনৰ শাখা গুৱাহাটীত হৈ উঠাৰ ফলত এমাজনত এতিয়াৰ পৰা গ্ৰাহকে অসমৰ ফুলাম গামোচা আৰু জাপিৰ লগতে অসমীয়া পৰম্পৰাগত মেখেলা চাদৰ আদি ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব পৰা সহজ হৈ পৰিছে।”

নলবাৰীৰ শিক্ষা বিভাগ অনা অসমীয়াৰ কব্জাত

*নলবাৰীৰ শিক্ষা বিভাগ অনা অসমীয়াৰ কব্জাত*
*স্কুল ইউনিফৰ্ম যোগানৰ ঠিকাৰ নামত প্ৰতাৰণা স্থানীয় ফাৰ্মক*
*স্কুল ইউনিফৰ্ম সংস্থাৰ প্ৰতিবাদ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৫ ফেব্ৰুৱাৰী*

নলবাৰী জিলাৰ চৰকাৰী বিদ্যালয়সমূহত বহিৰাগত কোম্পানী আৰু প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম যোগানৰ বাবে উঠিপৰি লগাত জিলাখনৰ স্থানীয় স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাসমূহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নলবাৰী জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাই ইতিমধ্যে এই ক্ষেত্ৰত জিলা শিক্ষা বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদ জনায়। আনকি সংস্থাটোৱে কয় যে নলবাৰী জিলা মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা বিভাগ এতিয়া অনা অসমীয়াৰ হাতৰ পুতলা হৈ পৰিছে। সংস্থাৰ সভাপতি হিতেশ ডেকা আৰু মুখ্য সম্পাদক হেমন্ত কলিতাই দিয়া স্মাৰকপত্ৰত কয় যে বিগত সময়ত নলবাৰী জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাৰ অন্তৰ্ভূক্ত ফাৰ্মসমূহে জিলাখনৰ চৰকাৰী বিদ্যালয়সমূহৰ ইউনিফৰ্ম যোগান ধৰি আহিছে। নলবাৰী জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাই ইউনিফৰ্ম যোগান ধৰা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ পি (চি)/৩৮১৯/২০১৯ ত চলি থকা গোচৰ শিক্ষা বিভাগৰ লগত নিস্পত্তি হৈছে। এনে অৱস্থাত নলবাৰী জিলাত চৰকাৰী বিদ্যালয়সমূহত বহিৰাগত কোম্পানী আৰু প্ৰতিষ্ঠানে যধে-মধে নলবাৰী জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাক অৱগত নকৰাকৈ আৰু অন্তৰ্ভুক্ত নোহোৱা অস্থায়ী এজেণ্টসকলে ইউনিফৰ্ম যোগানৰ বাবে উঠিপৰি লাগিছে। স্মাৰকপত্ৰত উল্লেখ থকামতে নলবাৰী জিলাত পঞ্জীয়নকৃত ফাৰ্ম তথা জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাৰ অন্তৰ্গত ফাৰ্মসমূহ হৈছে- ঐশ্বৰ্য এন্টাৰপ্ৰাইজ( মাখিবাহা,নলবাৰী), গ্ল’বেল এম্প’ৰিয়াম(হাজো বাছষ্টেণ্ড, নলবাৰী), পি কে টেইলৰ(ধমধমা), নিকিতা ক্লথ ষ্টোৰ(জাজিয়াবাৰী), মাহেন্দ্ৰী ক্লথ(ঘগ্ৰাপাৰ) আৰু গাৰ্গী এন্টাৰপ্ৰাইজ(মুগকুছি)। সংস্থাই স্থানীয় ফাৰ্মক বঞ্চিত নকৰিবলৈ দাবী জনোৱাৰ লগতে অনা অসমীয়া কোনো কোম্পানী আৰু অস্থায়ী ব্যৱসায়ী তথা এজেণ্টক কাপোৰ যোগানত বাধা প্ৰদান কৰি নলবাৰী জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাটোৰ অন্তৰ্ভুক্ত আৰু পঞ্জীয়নকৃত ফাৰ্মকহে ইউনিফৰ্ম যোগানৰ দায়িত্ব দিবলৈও দাবী জনাইছে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে অসমৰ যুৱকে জিনিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ

 

অসমৰ ভৃগু বৰঠাকুৰলৈ ৰটাৰী ইণ্ডিয়া হিউমেনিটী হিৰ’ এৱাৰ্ড

ষ্টাফৰিপোৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ বিভিন্ন অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন অসমীয়া যুৱকে । ৰটাৰী ইণ্ডিয়াৰ শতবৰ্ষ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই বঁটা আগবঢ়োৱা হয় গুৱাহাটীৰ নাৰেংগী নিৱাসী জীৱন চন্দ্ৰ বৰঠাকুৰ আৰু সবিতা বৰঠাকুৰৰ পুত্ৰ ভৃগু বৰঠাকুৰলৈ । পশ্চিমবংগৰ ক’লকাতাৰ বিশ্ব বাংলা কনভেন্সন চেণ্টাৰত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ৰটাৰী ইণ্ডিয়াৰ শতবৰ্ষ অনুষ্ঠানৰ আজি প্ৰথম দিনা পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনকাৰে অংশ লোৱা অনুষ্ঠানত পশ্চিমবংগৰ বিত্তমন্ত্ৰী অমিত মিত্ৰই ভৃগু বৰঠাকুৰক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে । ৰটাৰী ইণ্ডিয়া তথা ইন্টাৰনেছনেলৰ দেশ বিদেশৰ কেইবা সহস্ৰাধিক সদস্যৰ উপস্থিতিত অসমৰ যুৱকজনক পুৰস্কৃত কৰা হয় । উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক অংশগ্ৰহণকাৰীৰ মাজৰ পৰা উচ্চ পৰ্যায়ৰ বাচনি সমিতিয়ে ৫ গৰাকী ব্যক্তিক এই বঁটাৰ বাবে বাচনি কৰে । সমিতিয়ে বাচনি কৰা ৫ গৰাকী প্ৰতিযোগীৰ মাজত লাভ কৰা ভোটৰ ভিত্তিত তেওঁক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয় । উল্লেখযোগ্য যে ৰটাৰী ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে মুঠ চাৰিটা শিতানত- অৰ্থনৈতিক উন্নয়ন, স্বাস্থ্য, শিক্ষা আৰু পানী, অনাময় তথা পৰিষ্কাৰ-পৰিচ্ছন্নতা শিতানত দেশৰ বিভিন্ন ঠাইৰ ৪ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰিছে । শিক্ষা শিতানত ভৃগু বৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে । এইখিনিতে উল্লেখ কৰিব পাৰি যে ভৃগু বৰঠাকুৰে মাত্ৰ ১১ বছৰ বয়সৰ পৰাই সমাজৰ বিভিন্ন সমস্যা, অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰ, দিব্যাংগসকলক সমাজৰ মূল সূতিৰ সৈতে সংযোগ কৰা আৰু অন্যান্য সামাজিক দিশত বিভিন্ন কাম কৰি আহিছে । ইঞ্জিনিয়াৰিং পঢ়ি থকাৰ সময়তে যুৱকজনে শোণিতপুৰ জিলাৰ চতিয়াৰ ঘাঁহিগাঁৱত প্ৰথমবাৰৰ বাবে এটা সহ-পাঠ্যক্ৰম কেন্দ্ৰৰ সৈতে জড়িত হৈ পৰৱৰ্তী সময়ত বিভিন্ন সংস্থাৰ সহযোগত এই ক্ষেত্ৰখনত কাম আৰম্ভ কৰে । মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ হিচাপে ভাল প্ৰদৰ্শন কৰাৰ পাছতো অসমৰ বাহিৰত আকৰ্ষণীয় দৰমহাৰ চাকৰি এৰি নিজৰ ৰাজ্যখনৰ বাঞ্চিতসকলৰ বাবে কিবা এটা কৰাৰ সপোন লৈ ভৃগুৱে আৰম্ভ কৰে এটা নতুন যাত্ৰা । গাঁৱে গাঁৱে গৈ বঞ্চিতসকলৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে যুৱকজনে । কেয়াৰ ইউ 365 নামৰ বেচৰকাৰী সংস্থাৰ প্ৰতিস্থাপক সভাপতি হিচাপে ভৃগুৰ নেতৃত্বতে আৰম্ভ হয় বঞ্চিতসকলক সমাজৰ মূল সূতিলৈ ওভতাই অনাৰ প্ৰয়াস । সকলো দিশৰ পৰা পিছপৰা ৰামছিং চাপৰিত শিক্ষাৰ প্ৰসাৰ আৰু লিংগ অসমতা দূৰ কৰাৰ বাবে ভৃগুৱে আৰম্ভ কৰে অভিযান । কুদৰত নামৰ সংস্থাৰ সহযোগত ভৃগুৰ নেতৃত্বত আৰম্ভ কৰা হয় এখন অনানুষ্ঠানিক বিদ্যালয় । কুদৰতৰ সহযোগতে ভৃগুৱে বিভিন্ন বিদ্যালয়ত সৌৰ সংযোগৰ ব্যৱস্থা কৰা, খোৱাপানী, স্বাস্থ্য শিবিৰ, ছোৱালী আৰু মহিলা শিক্ষা তথা সংস্থাপনৰ ব্যৱস্থা কৰা আদি কামত আত্মনিয়োগ কৰে । ইয়াৰ উপৰি দৃষ্টিহীনসকলৰ বাবে নিজৰ বাসগৃহতে ব্ৰেইল প্ৰিন্টিং মেচিন বহুৱাই ভৃগুৰ নেতৃত্বতে অব্যাহত আছে ব্ৰেইল কিতাপ প্ৰকাশৰ কাম । আনহাতে মিছন ৫০ শীৰ্ষক প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন ঠাইৰ ১৩ খন বিদ্যালয়ত অনাময় আৰু অন্যান্য আন্তঃগাথঁনি বিকাশৰ বাবে কাম কৰা হৈছে । ‘স্কুল ৱাপচি’ প্ৰকল্পৰ অধীনত কেয়াৰ ইউ ৩৬৫ ৰ উদ্যোগত গুৱাহাটীৰ বৰাগাঁৱত বিভিন্ন কাৰ্যকলাপৰ কেন্দ্ৰ স্থাপন কৰি জাবৰ-জোঁথৰ বুটলি ফুৰা লোকসকলৰ সন্তানকে ধৰি অঞ্চলটোৰ দৰিদ্ৰ ল’ৰা-ছোৱালীৰ বাবে চিত্ৰাংকন, নৃত্য আদিৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হয় । আজি বঁটা গ্ৰহণ কৰি ভৃগুৱে কয় যে শিক্ষাৰ অধিকাৰ কেৱল এটা মৌলিক অধিকাৰ নহয়, ই এটা প্ৰাকৃতিক মানৱ অধিকাৰ আৰু প্ৰতিজন ব্যক্তিয়ে এই অধিকাৰ লাভ কৰাটো নিশ্চিত হ’ব লাগে । তেওঁ ৰটাৰী ইণ্ডিয়াক এই প্ৰয়াসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

 

ষ্টাফৰিপৰ্টাৰ,,,,,,১৪ ফেব্ৰুৱাৰী গুৱাহাটীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত শুকুৰবাৰে দৰং জিলাৰ কটাহী, ছিপাঝাৰত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ১৭০ গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ উপৰিও ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। এই শিবিৰটো ডাঃ এন এন শৰ্মা আৰু ডাঃ শঙ্কৰ বৰাৰ নেতৃত্বত অনুষ্ঠিত হয়।

অসম সাহিত্য সভাৰ উদ্যোগত “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক অন্তৰংগ আলাপ

অসম সাহিত্য সভাৰ উদ্যোগত “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন।

পঙ্কজ নাথ, চাংসাৰি, ১৪ ফেব্ৰুৱাৰী :

অসম সাহিত্য সভা ৰামধেনু উপ-সমিতিৰ উদ্যোগত অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত কালি ১২ ডিচেম্বৰ বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা “তোৰে মোৰে আলোকৰে যাত্ৰা” এক মনোৰম অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হৈ সুকলমে সম্পন্ন হৈ যায় । এই অনুস্থানৰ আহ্বায়ক কৰুণা কান্ত শৰ্মাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটিত বিগত বৰ্ষত আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আৰু ৰাজ্যিক ভাৱে সন্মান বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৯০ গৰাকী প্ৰতিভাধৰৰ সতে অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে মত- বিনিময় কৰাৰ লগতে সকলোকে আশীষ প্ৰদান কৰে। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক অৱনী মোহন চহৰীয়া উপস্থিত থাকি প্ৰতিভাধৰ সকলক উদ্দেশ্যি মননশীল বক্তব্য আগবঢ়ায়। অসম সাহিত্য সভা ৰামধেনু উপ-সমিতি ৰ কাৰ্যকৰী সভাপতি তথা জেষ্ঠ সাহিত্যিক পুতলী কায়স্থই আদৰণি ভাষণ আগবঢ়াই প্ৰতিভাধৰ সকলৰ বাবেই আজি অসম গৌৰাম্বিত বুলি বক্তব্য প্ৰদান কৰাৰ লগতে লক্ষ্যৰ সতে মনক সংযোগ কৰি আগবাঢ়ি যাবলৈ প্ৰতিভাধৰ সকলক অনুৰোধ জনায়। অনুষ্ঠানত সাংবাদিক কমল কুমাৰৰ সম্পাদনাত বিগত অসম সাহিত্য সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত প্ৰকাশিত “বৰ্ণিল ৰামধেনু” আলোচনীখনত যুৱ প্ৰজন্মৰ প্ৰায় এশ জন লেখক- লেখিকাক প্ৰাধান্য দি লেখা প্ৰকাশ কৰাৰ বাবে অনুষ্ঠানত উপস্থিত সকলো প্ৰতিভাধৰে অসম সাহিত্য সভাৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানত ৰামধেনুৰ বিষয়ববীয়া কমল কুমাৰ, উৎপল কলিতাৰ লগতে আমন্ত্ৰিত অতিথি হিচাবে উপস্হিত থাকে জেষ্ঠ লেখক দেৱৰাজ কলিতা, বৰ্ণিল আলোচনীৰ মুখ্য সম্পাদক আইলুং লাহন বৰা। প্ৰতিভাধৰ শিৱাংগী শৰ্মা, চিন্ময়ী ৰাজখোৱা, ৰিচি বৰা, ভাৰ্গৱ কলিতা, জুৱেল কলিতা, কৃষ্টিনা ৰয়, পুজা ঘোষ, আচিকুৰ ৰহমান, কৃষ্ণমনি ডেকা, কমল কৃষ্ণ দাস, মামনি দাস, মনালিছা মুচাহাৰী, সুৰজ দাস, বেদাশ্ৰী কাশ্যপ, বৰ্ণালী দেৱী, ৰাজীৱ শৰ্মা, অংকুৰ জ্যোতি কলিতা, দীপাংকৰ কলিতা, মুন তালুকদাৰ, বিশাল জ্যোৰি বৰা, অপূৰ্ব জ্যোতি কুৰ্মী, অম্লান হাজৰিকা, আকাশদ্বীপ কছাৰী, আকাশ বৰা, মিজি ক্ৰ, বিস্মিতা লিখক, চুমন কুমাৰ পাণ্ডে, চেনজিয় পাণ্ডে, লাভলিনা বৰগোহাঁই, প্ৰয়াসী চুতীয়া, মনোজ কুমাৰ দাস,উৎপল হৰ্ষবধন, মণিকা শৰ্মা, ৰীয়াৰাণী দত্ত, ইনাক্ষী দাস, মৃগাক্ষী ভুঞা,ৰাজীৱ শৰ্মা দীপজ্যোতি বৰ্মণ, কুলদীপ পাটগিৰি, ৰিণি ডোলাকাষৰীয়া কুমাৰ, ৰক্তিম কাশ্যপ, বিসৃষ্টি কাশ্যপ, ডলী কুৰ্মী, চনদ্বীপ মালিক, তানিয়া বৰদলৈ, সোনেশ্বৰ বৰা, ৰ’দালী বৰুৱা, জুৰি দাস, ব্ৰিয়ান শৰ্মা আদি উপস্থিত থকা উক্ত অন্তৰংগ আলাপ অনুষ্ঠানত বিশিষ্ট লেখক সঞ্জীৱ মহন্ত, চন্দ্ৰ প্ৰসাদ শইকীয়া, পুলকেশ ৰায় বৰুৱা, ৰাজ কমল কলিতা আদি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌস্তভ বৃদ্ধি কৰে। অনুষ্ঠানত প্ৰতিভাধৰ সকলক সম্বৰ্ধনা পত্ৰ, স্মাৰক, গ্ৰন্থ, অসম সাহিত্য সভাৰ ডায়েৰীৰ উপৰিও প্ৰতিভাধৰ সকলৰ অভিভাৱক সকলক বিশেষ সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰা হয় বুলি জানিব পৰা গৈছে ।

নাজিৰাত বিজেপি যুৱ মৰ্চাৰ বিধায়ক আমিনুল হুচেইনৰ প্ৰতিকৃতি দাহ

নাজিৰাত বিজেপি যুৱ মৰ্চাৰ বিধায়ক আমিনুল হুচেইনৰ প্ৰতিকৃতি দাহ
ফাষ্টনিউজ ৰিপৰ্ট নাজিৰা, ১৪ ফেব্ৰুৱাৰী
এইইউডিএফৰ বিধায়ক আমিনুল হুচেইনে আহোম জনগোষ্ঠীক বিদেশী বুলি কৈ বৰ অসম গঢ়া আহোম জাতিক যি তাচিল্য কৰিলে ইয়াৰ প্ৰতিবাদত নাজিৰা চাৰি আলিত বিজেপিৰ যুৱমৰ্চাই বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰে | নাজিৰা নাট্যমন্দিৰৰ পৰা প্ৰায় দুই সহস্ৰাধিক সদস্যৰ উপস্হিত শোভাযাত্ৰা কৰি আমিনুল ইছলাম হায় হায়, এআইইউডিএফ মুৰ্দাবাদ, বিজেপি জিন্দাবাদ আদি শ্লগান দি নাজিৰাৰ আকাশ বতাহ গৰম কৰি তুলে | কালিৰ এই প্ৰতিবাদী কাৰ্যসুচীত বিজেপি যুৱমৰ্চাৰ কেন্দ্ৰীয় উপসভাপতি ময়ুৰ বৰগোঁহাই, শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিদ্যুত দত্ত, বিজেপি দলৰ জেষ্ঠনেতা বলিন কলিতা, বিজেপি দলৰ নাজিৰা গ্ৰাম্য মণ্ডলৰ সভাপতি অনন্ত হাটীমুৰীয়াই অংশ গ্ৰহন কৰে | ময়ুৰ বৰগোঁহাইয়ে বিধায়ক আমিনুল ইছলাম আৰু তেওঁৰ দলক সাৱধান কৰি কয় বৰ অসম গঢ়োতা আহোম জনগোষ্ঠীক কৰা অপমানৰ বাবে ক্ষমা কৰা নহব আৰু ইয়াৰ উচিত প্ৰত্যুতৰ অসমীয়াই দিব |
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Recent Posts

বলিউডৰ তাৰকা অক্ষয় কুমাৰলৈ এখন ব্যতিক্ৰমী পেইণ্টিং উপহাৰ হিচাপে আগবঢ়ালে গুৱাহাটীৰ যুৱক ৰাহুল পাৰিকে

  ষ্টাফৰিপোৰ্টাৰ, ১৬ ফেব্ৰুৱাৰী : গুৱাহাটীত প্ৰথম বাৰৰ বাবে আয়োজন কৰা ৬৫ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানত বলিউডৰ তাৰকা অক্ষয় কুমাৰ এক ব্যতিক্ৰমী উপহাৰ আগবঢ়ালে তেওঁৰ একান্ত অনুৰাগী গুৱাহাটীৰ যুৱক ৰাহুল পাৰিকে। ৰাহুল পাৰিকে তেওঁৰ প্রিয় অভিনেতা গৰাকীক সৰুসজাইত অনুষ্ঠিত হোৱা ফিল্ম ফেয়াৰ এৱাৰ্ডৰ মূল মঞ্চৰ বাহিৰত এখন ব্যতিক্ৰমী পেইণ্টিং …

Read More »

ডাঃ ৰূপ শেখৰ ডেকাৰ “কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান” উন্মোচন

  ষ্টাফৰিপোৰ্টাৰ, ১৬ ফেব্ৰুৱাৰী : “চিকিৎসক সকলে সদায় ৰোগীক চোৱা চিতা কৰাতে সদায় ব্যস্ত থাকে। যাৰ বাবে তেওঁলোকে নিজৰ কথা, পৰিয়ালৰ কথা চিন্তা কৰিব সময় নাপায়। তেনে ক্ষেত্ৰত এগৰাকী চিকিৎসকে এখন ৰোগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখি উলিয়াই এক সুন্দৰ কামৰ নিদৰ্শন দাঙি ধৰিছে—এইদৰে কয় বিশিষ্ট চিকিৎসক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন, …

Read More »

শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ নলবাৰীৰ বাহঁজানী

*শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ নলবাৰীৰ বাহঁজানী* *৩০ গৰাকী শিশুক বাৰগোপালক সেৱা* *বালামুগকুছি গৰখীয়া থানৰ সভা মহোৎসৱৰ সামৰণি* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৬ ফেব্ৰুৱাৰী* নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত বালামুগকুছিস্থিত গৰখীয়া থানৰ ত্ৰয়োদশ বাৰ্ষিক সভা মহোৎসৱৰ শুকুৰবাৰে নিশা কন্ঠশিল্পী বিদ্যাসাগৰ, প্ৰিয়ংকা কলিতাৰ সংগীতৰ লহৰ, চন্দন বৰপূজাৰীৰ বাঁহীৰ মূৰ্চ্চনা, ভূপেন তামুলী, লোহিত …

Read More »

অংগনবাড়ী কেন্দ্ৰ সমূহ কেৱল বৰ্ণমালা শিক্ষাৰ কেন্দ্ৰই নহয়, জীৱন দক্ষতাৰ বাবেও ই এক উপযুক্ত স্থান–কনৰাড চাংমা

  এছ বি আই ফাউণ্ডেচনৰ শিকা, খেলা আৰু বিকশিত হোৱা” শীৰ্ষক এক বিশেষ পদক্ষেপ ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : ‘ অংগনবাড়ী কেন্দ্ৰ সমূহ কেৱল বৰ্ণমালা শিক্ষাৰ কেন্দ্ৰই নহয়, জীৱন দক্ষতাৰ বাবেও ই এক উপযুক্ত স্থান–এইদৰে কয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। শুকুৰবাৰে তুৰাত অনুষ্ঠিত এক অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় ” …

Read More »

মহা শিৱৰাত্রী উপলক্ষে ঈশ্বৰীয় মিলন মেলা

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : মহা শিৱৰাত্রী উপলক্ষে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত “ঈশ্বৰীয় মিলন মেলা” ৰ আয়োজন কৰা হৈছে। এই মেলা খন হেঙেৰাবাৰী কাৰ্বি যুৱক সংঘৰ বিহুতলীত ১৮ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰা হ’ব। এই উপলক্ষে “ৰাজযোগ” সন্দৰ্ভত এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰা হ’ব।

Read More »

সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভা

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভাখন দেওবাৰে গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত হ’ব। এই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন, পুৱা ১০ বজাৰ পৰা সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। এই প্ৰতিযোগিতা খন বিশিষ্ট গীতিকাৰ ড০ লক্ষহীৰা দাসৰ গীতৰ আধাৰত অনুষ্ঠিত …

Read More »

শান্তি সাধনা আশ্ৰমত বিশ্ব শান্তিৰ কাৰণে আয়োজন কৰা অখণ্ড ভাগৱত পাঠ আৰু হৰি নাম মহাযজ্ঞৰ সামৰণী

  ষ্টাফৰিপোৰ্টাৰ,১৫ ফেব্ৰুৱাৰী : গুৱাহাটীৰ বশিষ্ঠত স্থিত শান্তি সাধনা আশ্ৰমত বিশ্ব শান্তিৰ কাৰণে আয়োজন কৰা অখণ্ড ভাগৱত পাঠ আৰু হৰি নাম মহাযজ্ঞৰ শনিবাৰে সামৰণী সমাৰোহ দিনা সংকল্প দিৱস হিচাবে পালন কৰা হয়। সামৰণিৰ ভাষণ হিচাপে আশ্ৰমৰ নিৰ্দেশিকা প্ৰজ্ঞা পাৰ মিতা দত্তই কয় “ভাগৱতৰ সাৰ হল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ গুণ,ৰূপ, নাম আৰু …

Read More »

জি এল পি এমপ্লয়িজ ইউনিয়নৰ দ্বিতীয় বাৰ্ষিক অধিবেশন

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : জি এল পি এমপ্লয়িজ ইউনিয়নৰ দ্বিতীয় বাৰ্ষিক অধিবেশনখন দেওবাৰে দিনজোৰা কাৰ্যসূচী ৰে উলুবাৰীস্থিত এছ বি দেওৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ’ব। এই উপলক্ষে পূৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ সাধাৰণ সভা অনুষ্ঠিত কৰা হ’ব। ইউনিয়নৰ সভাপতি দেৱেশ্বৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগীয়া সাধাৰণ সভা …

Read More »

জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে মুকলি কৰিলে ডাটামেশ্যনৰ গেজেট কেলেণ্ডাৰ ২০২০

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : অসমৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে শনিবাৰে গুৱাহাটীস্থিত অ’লিভ গাৰ্ডেনত আয়োজিত এক অনুষ্ঠানত ডাটামেশ্যনৰ গেজেট কেলেণ্ডাৰ ২০২০ ৰ প্ৰথমটো সংস্কৰণ মুকলি কৰে। উল্লেখ্য যে এই কেলেণ্ডাৰত আছে অসমৰ মনোৰঞ্জন আৰু গ্লেমাৰ জগতৰ ভালেমান চিনাকি মুখ, যিয়ে আপোনাৰ জীৱনত প্ৰয়োজন হ’ব পৰা বিভিন্ন গেজেট যেনে স্মাৰ্টফোন, টেবলেট …

Read More »

এমাজনৰ “হৰ পল ফেশ্যনেবল” শীর্ষক এক নতুন অভিযান

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : “গুৱাহাটীত পোন প্ৰথম বাৰৰ বাবে ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠিত হোৱাটো এক ভাল খবৰ । এই এৱাৰ্ডৰ সহযোগী হ’বলৈ পাই আমি সুখী –এইদৰে কয় এমাজন ইণ্ডিয়াৰ উপাধ্যক্ষ মনীষ তিয়াৰীয়ে। শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেল যোগে তেওঁ লগতে এমাজনৰ ব্যৱসায়িক সম্প্ৰসাণৰ কথা উল্লেখ কৰি লগতে কয় …

Read More »

নলবাৰীৰ শিক্ষা বিভাগ অনা অসমীয়াৰ কব্জাত

*নলবাৰীৰ শিক্ষা বিভাগ অনা অসমীয়াৰ কব্জাত* *স্কুল ইউনিফৰ্ম যোগানৰ ঠিকাৰ নামত প্ৰতাৰণা স্থানীয় ফাৰ্মক* *স্কুল ইউনিফৰ্ম সংস্থাৰ প্ৰতিবাদ* *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৫ ফেব্ৰুৱাৰী* নলবাৰী জিলাৰ চৰকাৰী বিদ্যালয়সমূহত বহিৰাগত কোম্পানী আৰু প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম যোগানৰ বাবে উঠিপৰি লগাত জিলাখনৰ স্থানীয় স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাসমূহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি …

Read More »

অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে অসমৰ যুৱকে জিনিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ

  অসমৰ ভৃগু বৰঠাকুৰলৈ ৰটাৰী ইণ্ডিয়া হিউমেনিটী হিৰ’ এৱাৰ্ড ষ্টাফৰিপোৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ বিভিন্ন অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন অসমীয়া যুৱকে । ৰটাৰী ইণ্ডিয়াৰ শতবৰ্ষ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই বঁটা আগবঢ়োৱা হয় …

Read More »

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

  ষ্টাফৰিপৰ্টাৰ,,,,,,১৪ ফেব্ৰুৱাৰী গুৱাহাটীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত শুকুৰবাৰে দৰং জিলাৰ কটাহী, ছিপাঝাৰত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ১৭০ গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ উপৰিও ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা …

Read More »

অসম সাহিত্য সভাৰ উদ্যোগত “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক অন্তৰংগ আলাপ

অসম সাহিত্য সভাৰ উদ্যোগত “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। পঙ্কজ নাথ, চাংসাৰি, ১৪ ফেব্ৰুৱাৰী : অসম সাহিত্য সভা ৰামধেনু উপ-সমিতিৰ উদ্যোগত অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত কালি ১২ ডিচেম্বৰ বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা “তোৰে মোৰে আলোকৰে যাত্ৰা” এক মনোৰম অন্তৰংগ আলাপ …

Read More »

নাজিৰাত বিজেপি যুৱ মৰ্চাৰ বিধায়ক আমিনুল হুচেইনৰ প্ৰতিকৃতি দাহ

নাজিৰাত বিজেপি যুৱ মৰ্চাৰ বিধায়ক আমিনুল হুচেইনৰ প্ৰতিকৃতি দাহ ফাষ্টনিউজ ৰিপৰ্ট নাজিৰা, ১৪ ফেব্ৰুৱাৰী এইইউডিএফৰ বিধায়ক আমিনুল হুচেইনে আহোম জনগোষ্ঠীক বিদেশী বুলি কৈ বৰ অসম গঢ়া আহোম জাতিক যি তাচিল্য কৰিলে ইয়াৰ প্ৰতিবাদত নাজিৰা চাৰি আলিত বিজেপিৰ যুৱমৰ্চাই বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰে | নাজিৰা নাট্যমন্দিৰৰ পৰা প্ৰায় দুই …

Read More »