Tuesday , November 12 2019
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

পৰ্যাপ্ত পৰিমানে মঞ্চ নথকাৰ বাবেই অসম নাট্য সন্মিলনৰ কামৰূপ জিলাৰ দ্বি-বাৰ্ষিক অধিবেশনত ৭ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধৰ্ণা

  ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : “অসমত নাটক কৰিবলৈ মঞ্চৰ অভাৱ । মঞ্চৰ অভাৱৰ বাবেই বহু নাট্য প্ৰতিভাবান শিল্পী বিকাশ হব পৰা নাই ।গুৱাহাটীত নাটক কৰিবলৈ নিৰ্দিষ্ট এটা নাট্য মঞ্চ নাই ।ৰবীন্দ্ৰ ভৱন আছে যদিও ৰবীন্দ্ৰ ভৱন নাপাওঁ। ইফালে জিলা পুথি ভঁৰাল আছে যদিও নাটক কৰা মঞ্চ হব নোৱাৰে । এইদৰে …

Read More »

ৰাজ্যজুৰি অনুষ্ঠিত হ’ল টে’ট পৰীক্ষা

ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : আজি ৰাজ্যজুৰি অনুষ্ঠিত হ’ল টে’ট পৰীক্ষা। ৰাজ্যত মুঠ ৫৮৭টা কেন্দ্ৰত অৱতীৰ্ণ হ’ল ৩,৯৬,৫৬১ গৰাকী পৰীক্ষাৰ্থী। মঙলদৈত টেট পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ আজি এক ব্যতিক্ৰমী দৃশ্য পৰিলক্ষিত হয় । ভিতৰত কণমানি দুটা সন্তানৰ মাতৃ পৰীক্ষাত বহিছে।বাহিৰত কণমানি কেইটাক কোলাত লৈ পৰীক্ষা কেন্দ্ৰটোৰ নিৰাপত্তাৰ দায়িত্বত থাকে মহিলা আৰক্ষীযে । …

Read More »

গছৰ সুৰক্ষাৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰত মানৱ শৃঙ্খল গঢ়িলে সহস্ৰাধিক লোকে

  *উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ ভৰলুমুখত থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত আজি সমবেত হ’ল সহস্ৰাধিক লোক । চৰকাৰে নিজ খেয়াল খুঁচিমতে উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বাবে চলোৱা কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰিলে গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, …

Read More »

Recent Posts

লাডেনকলৈ প্ৰতিবাদ

 

ষ্টাফৰিপৰ্টাৰ, ১১ নৱেম্বৰ : গোৱালপাৰা জিলাত সন্ত্ৰাস সৃষ্টি কৰা উন্মত্ত বন্যহস্তী ‘
‘লাডেন’ক বশ কৰাৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক মুখ্যমন্ত্ৰীৰ আন্তৰিক অভিনন্দন জনায়।
লাডেনক কেন্দ্ৰ কৰি আকৌ প্ৰতিবাদ কৰা হয়। লামডিং বনাঞ্চলত লাডেনক এৰা হ’ব বুলি খবৰ বিয়পি পৰাত আতংকিত হৈ পৰে বনাঞ্চলৰ কাষৰীয়া ৰাইজ। উদালিত ৰাইজৰ উত্তাল প্ৰতিবাদ। প্ৰায় দুই শতাধিক ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ সৈতে মুখ্যমন্ত্ৰীৰ মত বিনিময়

ষ্টাফৰিপৰ্টাৰ, ১২ নৱেম্বৰ : সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা আৰু নাতি চেজ আকাশ হাজৰিকাৰ সৈতে গুৱাহাটীত মত বিনিময় কৰি বিভিন্ন কথা-বতৰা পাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।। ভূপেনদাৰ সৃষ্টিৰাজি কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ বাবেই অমূল্য সম্পদ বুলি কয় মুখ্যমন্ত্ৰী সোনোৱালে। সুধাকণ্ঠৰ ৭৬টা কালজয়ী অসমীয়া গীতৰ ইংৰাজী অনুবাদ গ্ৰন্থ- “Winged Horse” উপহাৰ দিয়াৰ বাবে তেজ হাজৰিকাক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে, তেওঁৰ অনুৰোধ মৰ্মে ড০ ভূপেন হাজৰিকাৰ বিস্তৃত কৰ্মৰাজিৰ প্ৰসাৰৰ দিশত “ড° ভূপেন হাজৰিকা ফাউণ্ডেচন”ক অসম চৰকাৰৰ তৰফৰপৰা প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।।

মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

 

ষ্টাফৰিপৰ্টাৰ, ১২ নৱেম্বৰ : মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গড়মূৰ মিনি ষ্টেডিয়ামত শুভাৰম্ভণি কৰিব মাজুলী ৰাস মহোৎসৱৰ। সম্বৰ্ধনা জনাব মাজুলীৰ ৫৯খন ৰাস মঞ্চ আৰু সত্ৰৰ ৰাস কমিটীৰ সভাপতি–সম্পাদকক।

দিল্লীলৈ গোপনে নিয়া হ’ল ইউ এন এল এফ ৰ অধ্যক্ষ ৰাজকুমাৰ মেঘেনক

 

ষ্টাফৰিপৰ্টাৰ, ১২ নৱেম্বৰ : দিল্লীলৈ গোপনে নিয়া হ’ল ইউ এন এল এফ ৰ অধ্যক্ষ ৰাজকুমাৰ মেঘেনক। আই বীৰ এটা দলে ইণ্ডিগ’ বিমানেৰে নিলে মেঘেনক। লগত আছে পুত্ৰ আৰু মেঘেনৰ অধিবক্তা।
ইম্ফল যোৱাৰ কথা আছিল মেঘেনৰ।শনিবাৰে গুৱাহাটী কাৰাগাৰৰ পৰা মুকলি হৈছিল মেঘেন।দহ বছৰ কাৰাবাস খাটি মুকলি হৈছিল বিদ্ৰোহী নেতাজন।চৰকাৰে বাৰম্বাৰ আলোচনাৰ বাবে হেঁচা দি আছে তেওঁক।গণভোটৰ দাবীত এতিয়াও অটল মেঘেন।দিল্লীলৈ নি পুনৰ আলোচনাৰ বাবে হেঁচা দিয়াৰ সম্ভাৱনা আছে।

ডিব্ৰুগড়ত কম মূল্যত আলু পিঁয়াজ যোগান প্রশাসনৰ

ডিব্ৰুগড়ত কম মূল্যত আলু পিঁয়াজ যোগান প্রশাসনৰ

চাবুৱাঃ ১১ নৱেম্বৰঃ পিয়াজ আৰু আলুৰ বর্ধিত মূল্য প্রতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্রশাসনৰ হৈ অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগে আজি নগৰখনৰ কেইবাটাও স্থানত আলু আৰু পিয়াজৰ
যোগান ধৰে। আমাৰ দোকানৰ জৰিয়তে অন্যান্য ব্যৱসায়িক প্রতিষ্ঠানৰ তুলনাত কম মূল্যত উপলব্ধ কৰােৱাই উল্লেখিত সামগ্রী দুবিধ বিশেষকৈ চৌকিডিঙ্গী আৰু নালিয়াপুল বজাৰত গ্রাহকৰ সুবিধার্থে কম মূল্যত আলু আৰু পিয়াজ বিক্ৰী কৰে সংশ্লিষ্ট বিভাগটোৱে। উল্লেখযোগ্য যে পিঁয়াজ আৰু আলুৰ আকাশ লংঘী দাম বৃদ্ধিয়ে প্রতিগৰাকী গ্রাহকক জ্বলা-কলা খুৱাই আহিছে। বিশেষকৈ পিয়াজৰ দামে চকু কপালত তুলিছে। প্রতি কেজি পিঁয়াজৰ দাম ৭০-৮০ টকা পর্যন্ত হৈছে। এনে দিশৰ প্রতি লক্ষ্য ৰাখি অসামৰিক যোগান আৰু খাদ্য প্রক্রিয়া বিভাগে গ্রাহকক কম মূল্যত আলু-পিয়াজ যোগান ধৰে।

তৰণী ৰাসত প্ৰাইজমানী নৃত্য প্ৰতিযোগিতা

তৰণী ৰাসত প্ৰাইজমানী নৃত্য প্ৰতিযোগিতা

প্ৰতিবেদক, ৰঙিয়া, ১১ অক্টোবৰ :

ৰঙিয়াৰ নিকতবৰ্তী তৰণীত অইনবেলিৰ দৰে এইবাৰো গাম্ভীৰ্য্যপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। এইবাৰ ৰাসত ধৰ্মীয় পৰম্পৰাৰ লগতে সাংস্কৃতিক দিশত অধিক গুৰুত্বাৰোপ কৰা হৈছে বুলি ৰাস পৰিচালনা সমিতিৰ  সম্পাদক নিপন ভূঞাই জানিবলৈ দিয়ে।  সেই অনুসাৰে অহা ১৩ নৱেম্বৰৰ নিশা সদৌ অসম ভিত্তিত প্ৰাইজমানী আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী জনক দহ হাজাৰ এটকা প্ৰদান কৰা হ’ব। বটাটি দান কৰিছে তৰণীৰ তৰুলতা দাসে। ২য় শ্ৰেষ্ঠ বিজয়ীক সাত হাজাৰ এটকা প্ৰদান কৰা হ ব।  বটাটি দান কৰিছে  বৰুণ ভূঞাৰ সোঁৱৰণত তৰণীৰ দিলিপ ভূঞাই। ৩য় শ্ৰেষ্ঠ বিজয়ীক  উমা কলিতাৰ সোঁৱৰণত  দিপু কলিতা আৰু পৰিয়াল বৰ্গই দান কৰা পাচ হাজাৰ এটকা প্ৰদান কৰা হ ব। লগতে ছয়টাকৈ এহাজাৰ এটকাৰ  নিচুকনি বটা। ইচ্ছুক সকলে  পৰিচালনা সমিতিৰ লগতে সাংস্কৃতিক উপ সমিতিৰ সভাপতি কিশোৰ কলিতা সম্পাদক মণ্ডলীৰ ভুবনেশ্বৰ লহকৰ, পঙ্কজ পল্লৱ শৰ্মা, ভবেশ ডেকা আৰু ধ্ৰুব কলিতাৰ লগত যোগাযোগ কৰিব পাৰে। যোগদানৰ ফিজ ত্ৰিশ টকা ধাৰ্য্য কৰা হৈছে । উল্লেখনীয় যে অনুষ্ঠানৰ সময়ত নাম ভৰ্তি কৰা নহয়। গধুলি ৬ বজাত আৰম্ভ হ’বলগীয়া আধুনিক নৃত্য প্ৰতিযোগিতা উদ্ধোধন কৰিব সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশীয়ে।

১৪ নৱেম্বৰৰ সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ু শল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ মৃণাল ভূঞাই। সেই নিশা মঞ্চ সঙ্গীতৰে সজাব জনপ্ৰিয় কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা, প্ৰাৰ্থনা বৰঠাকুৰ , দেব শঙ্কৰ আৰু তুলিকা কলিতাই। ১৯ নৱেম্বৰৰ সাংস্কূতিক সন্ধিয়া উদ্ধোধন কৰিব বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাই।   অনুষ্ঠানত সঙ্গীত পৰিবেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশ মেঘনা ভূঞা আৰু কুমাৰ কিশোৰে।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

পোষণ অভিযানৰ সফলতাৰ বাবে গোৱালপাৰা জিলাই লাভ কৰিলে দুটাকৈ বঁটা

পোষণ অভিযানৰ সফলতাৰ বাবে গোৱালপাৰা জিলাই লাভ কৰিলে দুটাকৈ বঁটা

——

শিশু,মহিলা আৰু কিশোৰী সকলৰ স্বাস্থ্য আৰু পৰিপুষ্টি সুনিশ্চিতকৰণৰ অৰ্থে বিগত ছেপ্টম্বৰ মাহজুৰি সমগ্ৰ দেশৰ লগতে গোৱালপাৰা জিলাতো ৰূপায়িত হয় পোষণ অভিযান ৷ এই পোষণ অভিযানৰ সকলো কাৰ্যসূচী সুন্দৰ ভাৱে সাফল্যমণ্ডিত কৰাৰ বাবে অসম চৰকাৰে গোৱালপাৰা জিলালৈ আগবঢ়াইছে দুটাকৈ শ্ৰেষ্ঠত্বৰ সন্মান ৷
Convergence model আৰু good innovation এই দুটা ক্ষেত্ৰত আগবঢ়োৱা হৈছে বঁটা দুটা ৷ গুৱাহাটীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত শনিবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেে এই বঁটা সমূহ প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীৰ হাতৰ পৰা বঁটা দুটা গ্ৰহণ কৰে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই ৷ এই বঁটা গ্ৰহণ কালত উপায়ুক্তৰ লগত জিলাখনৰ  পোষণ অভিযানৰ লগত জড়িত বিষয়াবৰ্গও উপস্থিত থাকে ৷ এই বঁটাত প্ৰশংসা পত্ৰৰ লগত আছে নগদ পঞ্চাশ হেজাৰ টকা ৷ জিলা খনৰ এই কৃতিত্বত সমাজ কল্যাণ বিভাগৰ লগতে সমগ্ৰ জিলাবাসী উৎফুল্লিত হৈ উঠিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

আৰক্ষীক সম্বর্ধনা সামাজিক সন্থাৰ

আৰক্ষীক সম্বর্ধনা সামাজিক সন্থাৰ

চাবুৱাঃ ১১ নৱেম্বৰঃ নগৰখনৰ পল্টনবজাৰস্থিত শ্ৰীদুর্গা মন্দিৰ প্রাঙ্গণত আজি আৰক্ষী অনুপ্রেৰণা জনোৱাৰ উদ্দেশ্যে এক সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। নগৰখনৰ বৰবাৰী আৰক্ষী চকীত কৰ্মৰত আৰক্ষীৰ উৎসৱৰ সময়ত আইন আৰু অন্যান্য পৰিস্থিতি সুচাৰুৰূপে পৰিচালনা কৰা বাবে এই সম্বর্ধনা জ্ঞাপন কৰা হয়। পল্টনবজাৰস্থিত দিহিং ৱেলফেয়াৰ ছ’চাইটিনামৰ সংস্থাটোৰ দ্বাৰা সম্বর্ধনা জনােৱা অনুষ্ঠানত সংবাদকর্মী আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল চিকিৎসক ছাত্ৰৰ

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল চিকিৎসক ছাত্ৰৰ; আহত এজন
দুৰ্ঘটনাত প্ৰাণ হেৰুৱা প্ৰত্যুষ কুজন কৌশিক

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১১ নৱেম্বৰ : শিৱসাগৰৰ পৰা যোৰহাট নিজ গৃহলৈ গৈ থকা পথত এক ভয়ংকৰ দুৰ্ঘটনা | চাৰিং দুৱৰাপাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। নিহত যুৱকজনক যোৰহাটৰ মালৌ আলিৰ প্ৰত্যুষ কুজন কৌশিক বুলি চিনাক্ত কৰা হৈছে। প্ৰত্যুষ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ বুলি জানিব পৰা গৈছে | আহত যুৱকজনৰ নাম ৰঞ্জন বৰঠাকুৰ । ৰঞ্জনৰ ঘৰ যোৰহাটৰ তৰাজান বামুণ গাঁৱত।

প্ৰাপ্ত তথ্য মতে দুই বন্ধু প্ৰতুষ আৰু ৰঞ্জনে এ এছ ০৪ চি ১৮৫০ নম্বৰৰ মাৰুটি জেন গাড়ীৰে ৰাতি শিৱসাগৰৰ পৰা যোৰহাটৰ নিজা ঘৰলৈ গৈ থকা অৱস্থাত পুৱতি নিশা প্ৰায় ২.৩০ মান বজাত এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয়। উক্ত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে এ এছ ০১ ডি চি ০০৫৪। ৰাতিৰ ঘন কুঁৱলীৰ বাবেই দূৰ্ঘটনাটো সংঘটিত হ’ল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ইতিমধ্যে গৌৰিসাগৰ আৰক্ষীয়ে দুয়োকে আহত অৱস্থাত ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে প্ৰত্যুষ কুজন কৌশিকে মৃত্যুক সাবতি লয়।
ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰঞ্জন বৰঠাকুৰক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজলৈ সংকতজনক অৱস্থাৰ প্ৰতি লক্ষ্য কৰিয়েই প্ৰেৰণ কৰা হৈছে।

পুনৰ আক্ৰাছুক বিভাজনৰ বাবে উঠি পৰি লাগিছে প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মণ : গুৰুতৰ অভিযোগ

আক্ৰাছুৰ অভিযোগ- পুনৰ সংগঠনটোক বিভাজনৰ বাবে উঠি পৰি লাগিছে প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মণ

টংলাত আহ্বান কৰা সভাত ওদালগুৰি – দৰঙৰ কোচ ৰাজবংশীসকলক সহযোগ নকৰিবলৈ আহ্বান

বঙাইগাঁওঃ ১১ নৱেম্বৰঃ কোচ ৰাজবংশী জাতিৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু ২০০৩ চনৰ পৰা দ্বিবিভক্ত হৈ থকাৰ পিচত জাতিটোক নিস্বাৰ্থভাৱে ভাল পোৱা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ কিছুমান অগ্ৰজ ব্যক্তি আৰু যুৱ চামে ঐক্যৱদ্ধ হৈ জাতিৰ বৃহত্তৰ স্বাৰ্থত বিগত ২০১৮ চনত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ ময়নাৰ তলত দুই বিভাজিত গোটৰ প্ৰতিনিধিৰ সহমতত একত্ৰিত হৈছিল যদিও সংগঠনটোক পুনৰ একাংশই বিভাজন কৰিবলৈ উঠি পৰি লাগিছে বুলি আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মণ আৰু মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে অভিযোগ কৰিছে ৷ এক প্ৰেছ বিবৃতিত সংগঠনটোৰ নেতাত্ৰয়ে উল্লেখ কৰা মতে ময়নাৰ তলত দুই বিভাজিত গোটৰ প্ৰতিনিধিৰ সহমতত বৰ্তমানৰ সভাপতি অৰুণ কুমাৰ ৰায়ক সভাপতি আৰু গোকুল বৰ্মণক সাধাৰণ সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ আৰু শক্তিশালী আক্ৰাছুৰ কেন্দ্ৰীয় সমিতি গঠন হৈছিল ৷ ময়নাৰ তলত অৰুণ কুমাৰ ৰায়ৰ নেতৃত্বত গঠন হোৱা সমিতিখনে ইতিমধ্যে জাতীয় সংগ্ৰামখন শক্তিশালী ৰূপত আগুৱাই লৈ গৈ আছে ৷ কিন্তু এচাম তথাকথিত ভণ্ড জাতিপ্ৰেমী লোকে ২০০৩ চনৰ পৰা বিভিন্ন কৌশল কৰি আক্ৰাছুত অথন্তৰ লগাই বিভাজন কৰি আহিছে ৷ সেই সকলৰ ফান্দত পৰি আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা বহিষ্কৃত নেতা হিতেশ্বৰ বৰ্মণে পুনৰ আক্ৰাছুক দ্বিখণ্ডিত কৰিব ওলাইছে ৷ হিতেশ্বৰ বৰ্মণ আক্ৰাছুৰ সভাপতি হৈ থাকোতে সোঁৱে বাওে পাহাৰ সদৃশ টকা ঘটি এতিয়া পুনৰাই একেই উদ্দেশ্য লৈ আক্ৰাছুৰ নেতৃত্ব ল’ব খুজিছে বুলিও বিবৃতিটোত নেতাত্ৰয়ে অভিযোগ উত্থাপন কৰি আৰু কয় যে হিতেশ্বৰ বৰ্মণ, কমল ৰায় আৰু পুৰেণ ৰায়ক ইতিমধ্যে আক্ৰাছুৰ সংবিধান অনুসৰি সংগঠন বিৰোধি কাৰ্যত লিপ্ত থকা কাৰণে অব্যাহতি দিয়া হৈছিল ৷ তেঁওলোকে এতিয়া আক্ৰাছুৰ নাম লৈ একেই সংগঠন গঠন কৰাৰ কোনো কৰ্তৃত্ব নাই ৷ আক্ৰাছুৰ এখন নিজৰ সংবিধান আছে ৷ হিতেশ্বৰ বৰ্মণ কোনখন সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি প্ৰতিনিধি সভা আহ্বান কৰিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰি কয় যে ফকিৰাগ্ৰামৰ একত্ৰিকৰণৰ মুকলি সভাত হিতেশ্বৰ বৰ্মণে সভাপতিত্ব কৰি নিজেই ঘোষণা কৰিছিল যে ‘এইবাৰ আক্ৰাছুক কোনোবাই পুনৰাই বিভক্ত কৰিব খুজিলে এৰি দিয়াত নাই’৷ কিন্তু এতিয়া সেই হিতেশ্বৰ বৰ্মণে নিজে নিজৰ বক্তব্য ভংগ কৰি আক্ৰাছুক পুনৰ বিভাজনৰ ক্ষেত্ৰত মুখ্য পৃষ্ঠপোষকতাত লিপ্ত হৈ জাতিক লজ্জানত কৰি আক্ৰাছুক নিজৰ পৈতৃক সম্পতি কৰিব খুজিছে ৷ সেয়ে ইতিহাসে হিতেশ্বৰ বৰ্মণ আৰু তেওঁৰ সাংগ পাংগক কেতিয়াও ক্ষমা নকৰে ৷ বিবৃতিটোত আক্ৰাছু নেতাত্ৰয়ে হিতেশ্বৰ বৰ্মণক বিপিএফ আৰু হীৰা শৰণীয়াৰ, কমল ৰায় ৰাভা সংগঠন আৰু পুৰেণ ৰায় আৰ এছ এছৰ সদস্য বুলি অভিযোগ উত্থাপন কৰি পুৰেণ ৰায়ে ইতিমধ্যে আৰ এছ এছৰ প্ৰশিক্ষণ লৈছে বুলিও উল্লেখ কৰে ৷ আনহাতে আক্ৰাছুৰ কমল ৰায় গোটে টংলাত অনুষ্ঠিত কৰিব লগীয়া প্ৰতিনিধি সভাৰ আন এগৰাকী পৃষ্ঠপোষক হেমপ্ৰভা দেৱী কংগ্ৰেছ দলৰ পাতি নেত্ৰী বুলি উল্লেখ কৰি প্ৰতিনিধি সভা আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ প্ৰস্তাৱ অনুসাৰে আৰু সকলো জিলাৰ উপস্থিতিতহে কেন্দ্ৰীয় প্ৰতিনিধি সভা আহ্বান কৰিব পাৰে যদিও কোনো বহিষ্কৃত বা অব্যাহতি দিয়া ব্যক্তিয়ে প্ৰতিনিধি সভা আহ্বান কৰাৰ কৰ্তৃত্ব নাই বুলিও নেতাত্ৰয়ে কয় ৷ গতিকে টংলা তথা কলাইগাঁৱত আক্ৰাছুক বিভাজনৰ উদ্দেশ্যি আহ্বান কৰা প্ৰতিনিধি সভা অসাংবিধানিক আৰু অবৈধ বুলি আখ্যা দিয়ে আৰু টংলাৰ সভাখনত ওদালগুৰি আৰু দৰং জিলাৰ কোচ ৰাজবংশী সকলক সহায়- সহযোগ নকৰিবলৈ বিবৃতিটোত আক্ৰাছুৰ সভাপতি, সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টাগৰাকীয়ে আহ্বান জনাইছে ৷

সদৌ অসম নাট প্ৰতিযোগিতাত বোকাখাতৰ সাৰথি শ্ৰেষ্ঠ নাট্যদল

সদৌ অসম নাট প্ৰতিযোগিতাত বোকাখাতৰ সাৰথি শ্ৰেষ্ঠ নাট্যদলঃ শ্ৰেষ্ঠ নাট্যকাৰ অমৰ শৰ্মাঃ

বোকাখাতৰ পৰা পলিমা চেতিয়া বসুমতাৰী ১০ নবেম্বৰঃ কলিয়াবৰ কুঁৱৰীতোলত যোৱা ৮ নবেম্বৰত অনুষ্ঠিত হোৱা কৰিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত বোকাখাতৰ সাৰথি নাট্যগোষ্ঠীয়ে শ্ৰেষ্ঠ নাট্যদলৰ সন্মান পাবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে বোকাখাতৰ নাট্যকৰ্মী আৰু বোকাখতীয়া ৰাইজ। নাট্যগোষ্ঠীৰ “পেণ্ডুলাম” নামৰ নাটকখনৰ বাবে শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰে বোকাখাতৰ নাট্যকাৰ অমৰ শৰ্মাই । আনহাতে দ্বিতীয় শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ৰনাল্ড হুছেইনে । আনহাতে যোৱা ৯ নবেম্বৰত বিশ্বনাথ চাৰিআলিৰ সূৰ্য বৰা সদৌ অসম একাংক নাট প্ৰতিযোগিতাত সাৰথি নাট্যগোষ্ঠীয়ে তৃতীয় শ্ৰেষ্ঠ নাট্য দল , অমৰ শৰ্মাই তৃতীয় শ্ৰেষ্ঠ নাট্যকাৰ আৰু ঋতুপৰ্ণ চৌধুৰীয়ে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। নাটক পেণ্ডুলাম পৰিচালক ৰনাল্ড হুছেইনৰ পৰিচালনাত পেণ্ডুলাম নাটকৰ পোহৰত ৰূপম শইকীয়া আৰু পোহৰত বিতুপন কোঁৱৰ আৰু পল্লৱ নেওগ , সংগীতত ৰূপম শইকীয়া, মঞ্চসজ্জাত ৰিপুঞ্জয় দত্ত, ৰূপম শইকীয়া, পল্লৱ নেওগ, লিটম শইকীয়া আৰু ৰূপসজ্জাত ঋতুপৰ্ণ চৌধুৰীৰ । উল্লেখযোগ্য যে বিগত বহু কেইটা বৰ্ষত বোকাখাতৰ সাৰথি নাট্যগোষ্ঠীয়ে সদৌ অসম একাংক নাট প্ৰতিযোগিতাত অংশ লৈ বোকাখাতলৈ পুৰষ্কাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । সাৰথিৰ সাফল্যত সকলোৱে দলটিক অভিনন্দন জনাইছে।

১২ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব শ্রীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা

 

ৰাসলীলাই অসমীয়া সংস্কৃতিৰ বিকাশ সাধন কৰিছে- ড০ লক্ষ্মীনন্দন বৰা

ষ্টাফ ৰিপোৰ্টাৰ,,,১০ নৱেম্বৰ।।।।। শঙ্কৰী সংস্কৃতিৰ বিকাশ সাধন কৰি জাতীয় সংহতি আৰু সমন্বয়ৰ এনাজৰীৰ বান্ধোন দৃঢ় কৰাৰ লক্ষ্যৰে বিগত বছৰৰ দৰে এইবেলিও বি বি ক্ৰিয়েশ্যনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত বসন্ত-ববীৰ একাদশ বৰ্ষৰ নিবেদন “শ্রীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ১২ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলযোগে এই বিষয়ে সদৰী কৰে বি বি ক্ৰিয়েশ্যনৰ প্ৰযোজক বসন্ত ববীয়ে। তেওঁ কয়-“এইবাৰৰ ৰাসলীলাৰ বিশেষ আকৰ্ষণ হিচাপে ৰাভা ভাষাত ১২ নৱেম্বৰত প্ৰথম নিশা মঞ্চস্থ হ”ব শ্রীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। ১৩, আৰু ১৪ নৱেম্বৰত পূৰ্বৰ দৰে অসমৰ শিল্পী সকলৰ দ্বাৰা অভিনীত “শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা মঞ্চস্থ কৰা হ’ব। এইবাৰ ৰাসলীলাত
চলচ্চিত্ৰ জগতৰ শিল্পী গায়ত্ৰী মহন্ত, আইমী বৰুৱা, অতুল পাচনী, ৰাজীৱ ক্ৰ, আদিৰ উপৰিও মঞ্চ অভিনেতা দেৱব্ৰত দত্ত, সাৰাংগ বৰদলৈ, জয়ন্ত ফুকন, পদ্মৰাগ গোস্বামী,আশ্ৰমীকা শইকীয়া প্ৰমুখ্যে শিল্পীসকলে অভিনয় কৰিব”। তদুপৰি ৰাসলীলাৰ লগত সংগতি ৰাখি এইবাৰো জগদীশ পাটগিৰী সম্পাদিত “মণিকূট” প্ৰকাশ পাব। আনহাতে, সংবাদমেলত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰাই কয়-“এই ৰাসলীলাই অসমীয়া সংস্কৃতি বিকাশ কৰিছে কিয়নো, এওঁলোকে যি সম্পূৰ্ণ ৰাসলীলা বিভিন্ন জনজাতীয় ভাষাত দেখুৱাবলৈ ওলাইছে ইয়াৰ দ্বাৰা এইটোৱেই প্ৰমাণ হয় যে এই ৰাসৰ জৰিয়তে আমাৰ জাতীয় সংহতি ৰক্ষা হয়।এই সম্পূৰ্ণ ৰাসলীলাৰ যোগেদি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হয় আৰু শংকৰদেৱৰ ধর্মৰো প্ৰচাৰ হয়।গতিকে এই ৰাসলীলাৰ যোগেদি বিভিন্ন জনগোষ্ঠীৰ মাজত এক সমন্বয় সৃষ্টি হ’ব বুলি মই আশাবাদী”। আজিৰ সংবাদমেলত বিশিষ্ট নাট্যকাৰ, গৱেষক অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড০ জগদীশ পাটগিৰী, অভিনেতা অতুল পাচনী আদিকে ধৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

পৰ্যাপ্ত পৰিমানে মঞ্চ নথকাৰ বাবেই অসম নাট্য সন্মিলনৰ কামৰূপ জিলাৰ দ্বি-বাৰ্ষিক অধিবেশনত ৭ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধৰ্ণা

 

ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : “অসমত নাটক কৰিবলৈ মঞ্চৰ অভাৱ । মঞ্চৰ অভাৱৰ বাবেই বহু নাট্য প্ৰতিভাবান শিল্পী বিকাশ হব পৰা নাই ।গুৱাহাটীত নাটক কৰিবলৈ নিৰ্দিষ্ট এটা নাট্য মঞ্চ নাই ।ৰবীন্দ্ৰ ভৱন আছে যদিও ৰবীন্দ্ৰ ভৱন নাপাওঁ। ইফালে জিলা পুথি ভঁৰাল আছে যদিও নাটক কৰা মঞ্চ হব নোৱাৰে । এইদৰে নাটকৰ মঞ্চৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। দেওবাৰে গুৱাহাটীৰ দিশপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা ‘অসম নাট্য সন্মিলন’, কামৰূপ জিলাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত বিশিষ্ট অথিতিৰ ভাষণত তেওঁ লগতে কয় “আমি ভাবিছিলোঁ অসমতকৈ বাংলাদেশ নাট্য সংস্কৃতিৰ ক্ষেত্ৰত বহু পিছ পৰা । কিন্তু আমাৰ ধাৰণা ভুল । নাটক কৰিবলৈ বাংলাদেশত সুন্দৰ সুন্দৰ ৭ টাকৈ নাট্য মঞ্চ আছে । তদুপৰি শিলচৰ নিচিনা ঠাইতো নাটক কৰিবলৈ সুন্দৰ মঞ্চ আছে কিন্তু গুৱাহাটীত এটাও নাটক কৰিব পৰা মঞ্চ নাথকাটো অসমৰ নাট্য শিল্পীৰ বাবে দুৰ্ভাগ্যৰ কথা ।গুৱাহাটীত ১৫-২০ টা নাট্য মঞ্চ হব লাগে বুলি কোৱাৰ লগতে বর্তমানৰ চৰকাৰে যদি নাটকৰ বাবে মঞ্চ দিব নোৱাৰে তেন্তে গুৰুজনাৰ সৃষ্টি ৰাজিৰ নাটক বা ৰাসলীলাক লৈ যি হাযৈ বিযৈ কৰিছে সেয়া গুৰুজনাক অপমান কৰা বাদে একো নহয় বুলি চৰকাৰক সমালোচনা কৰে ৰাজবংশীয়ে । আজিৰ অনুষ্ঠানত সমাজ সেৱক তথা স্বেচ্ছাসেৱী সংগঠন ‘ৰেইজড’ৰ সভাপতি ফণীন্দ্ৰনাথ শৰ্মা দেৱক সম্বৰ্ধনা জনোৱা হয় নাট্য সন্মিলনে । ১৯৮০ চনৰে পৰা দেশ সেৱাৰ অৰ্থে জীৱন সমৰ্পণ কৰা শৰ্মাই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰচাৰক হিচাপে সমাজৰ কামত নিজক নিয়োগ কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে সেৱা আগ বঢ়াই আহিছে । অসমৰ কলা কৃষ্টি তথা ভাষা সংস্কৃতি সকলো ক্ষেত্ৰতে বৰ্তমানৰ চৰকাৰে আগভাগ লৈছে বুলি উল্লেখ কৰাৰ লগতে অসম নাট্য সন্মিলনৰ নাট মঞ্চৰ যি অভাৱ আৰু বিভিন্ন সমস্যাৰ বাবে চৰকাৰ জৰিয়তে সহযোগিতা আগবঢ়াব বুলি শৰ্মাই সদৰি কৰে ।অসম নাট্য সন্মিলনৰ সভাপতি তথা বিশিষ্ট সাংবাদিক নৰেন হাজৰিকাই সভাপতিত্ব কৰা সভাত শিল্পী জান্তি দাস,শিল্পী বাবুল কলিতা,সমাজকৰ্মী ফণীন্দ্ৰ নাথ শৰ্মা,নাট্য কৰ্মী ডঃ ভাবেশ পাটগিৰি,নাট্য কৰ্মী দামোদৰ কলিতা,সাংবাদিক তথা সমাজকৰ্মী ৰমেন্দ্ৰ কুমাৰ ভূঞাক সন্মিলনে একোখন শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান যাচে । অনুষ্ঠানত মেয়ৰ মৃগেন শৰণীয়া,বিশিষ্ট নাট্যকৰ্মী মিফাটাবুদ্দিন আহমেদ,প্ৰভাত গোস্বামী আদি বহুকেইজন ব্যক্তি উপস্থিত থাকে ।

ৰাজ্যজুৰি অনুষ্ঠিত হ’ল টে’ট পৰীক্ষা

ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : আজি ৰাজ্যজুৰি অনুষ্ঠিত হ’ল টে’ট পৰীক্ষা। ৰাজ্যত মুঠ ৫৮৭টা কেন্দ্ৰত অৱতীৰ্ণ হ’ল ৩,৯৬,৫৬১ গৰাকী পৰীক্ষাৰ্থী।
মঙলদৈত টেট পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ আজি এক ব্যতিক্ৰমী দৃশ্য পৰিলক্ষিত হয় । ভিতৰত কণমানি দুটা সন্তানৰ মাতৃ পৰীক্ষাত বহিছে।বাহিৰত কণমানি কেইটাক কোলাত লৈ পৰীক্ষা কেন্দ্ৰটোৰ নিৰাপত্তাৰ দায়িত্বত থাকে মহিলা আৰক্ষীযে । মহিলা আৰক্ষী বীনাপানী ডেকা আৰু মৌচুমী চাংমা কেইগৰাকীৰ দায়িত্ববোধ দেখি আপ্লুত হয়।

গছৰ সুৰক্ষাৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰত মানৱ শৃঙ্খল গঢ়িলে সহস্ৰাধিক লোকে

 

*উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ

ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ ভৰলুমুখত থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত আজি সমবেত হ’ল সহস্ৰাধিক লোক । চৰকাৰে নিজ খেয়াল খুঁচিমতে উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বাবে চলোৱা কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰিলে গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠনে । প্ৰতিকূল বতৰকো নেওচি হাতত গছ, প্ৰকৃতি আৰু পক্ষীকূলৰ সুৰক্ষাৰ দাবীৰে বিভিন্ন শ্লোগানসম্বলিত বেনাৰ লৈ সকলোৱে হাতে হাত ধৰি গঢ়িলে দীঘলীয়া মানৱ শৃঙ্খল । শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে স্বতঃস্ফুৰ্তভাৱে অংশ ল’লে প্ৰকৃতি সুৰক্ষাৰ এই অভিযানত । উল্লেখযোগ্য যে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ভৰলুমুখৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণৰ ফলত ভালেমান গছ কটাৰ আশংকা আছে । প্ৰস্তাৱিত দলংখনৰ বিতং প্ৰকল্প প্ৰতিবেদন অনুসৰি এই দলংখনৰ নিৰ্মাণৰ ফলত ভৰলুমুখৰ শংকৰদেৱ উদ্যান, আজানপীৰ উদ্যান আৰু মাছখোৱাৰ পৰা কালিপুৰলৈ বিস্তৃত সমগ্ৰ নৈপৰীয়া অঞ্চলটোৰ বৃহৎ ক্ষতি হ’ব । কিয়নো এই বৃহৎ অঞ্চলটোত থকা গছসমূহ নানা ধৰণৰ চৰাইৰ প্ৰজাতিৰ বাসস্থান । ইয়াৰোপৰি উদ্যানখন শিশুৰ পৰা বয়োজেষ্ঠলৈ অঞ্চলটোৰ লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ । আজি সমবেত হোৱা সচেতন লোকসকলে দলং নিৰ্মাণৰ বাবে নতুনকৈ নক্সা অংকন কৰি হ’লেও এই বৃহৎ অঞ্চলটোৰ গছ-গছনি আৰু উদ্যানকেইখন সুৰক্ষিত কৰাৰ দাবী জনাইছে । লগতে চৰকাৰে সম্ভাব্য সমাধানৰ বাবে বিভিন্ন পাৰদৰ্শী ব্যক্তি, প্ৰতিষ্ঠানক সামৰি এখন কাৰিকৰী সমিতি গঠন কৰি নদীপাৰটোৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আজি সমবেত লোকসকলে দাবী জনায় ।

Recent Posts

লাডেনকলৈ প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ, ১১ নৱেম্বৰ : গোৱালপাৰা জিলাত সন্ত্ৰাস সৃষ্টি কৰা উন্মত্ত বন্যহস্তী ‘ ‘লাডেন’ক বশ কৰাৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক মুখ্যমন্ত্ৰীৰ আন্তৰিক অভিনন্দন জনায়। লাডেনক কেন্দ্ৰ কৰি আকৌ প্ৰতিবাদ কৰা হয়। লামডিং বনাঞ্চলত লাডেনক এৰা হ’ব বুলি খবৰ বিয়পি পৰাত আতংকিত হৈ পৰে বনাঞ্চলৰ কাষৰীয়া …

Read More »

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ সৈতে মুখ্যমন্ত্ৰীৰ মত বিনিময়

ষ্টাফৰিপৰ্টাৰ, ১২ নৱেম্বৰ : সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা আৰু নাতি চেজ আকাশ হাজৰিকাৰ সৈতে গুৱাহাটীত মত বিনিময় কৰি বিভিন্ন কথা-বতৰা পাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।। ভূপেনদাৰ সৃষ্টিৰাজি কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ বাবেই অমূল্য সম্পদ বুলি কয় মুখ্যমন্ত্ৰী সোনোৱালে। সুধাকণ্ঠৰ ৭৬টা কালজয়ী অসমীয়া গীতৰ ইংৰাজী অনুবাদ গ্ৰন্থ- “Winged …

Read More »

মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

  ষ্টাফৰিপৰ্টাৰ, ১২ নৱেম্বৰ : মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গড়মূৰ মিনি ষ্টেডিয়ামত শুভাৰম্ভণি কৰিব মাজুলী ৰাস মহোৎসৱৰ। সম্বৰ্ধনা জনাব মাজুলীৰ ৫৯খন ৰাস মঞ্চ আৰু সত্ৰৰ ৰাস কমিটীৰ সভাপতি–সম্পাদকক।

Read More »

দিল্লীলৈ গোপনে নিয়া হ’ল ইউ এন এল এফ ৰ অধ্যক্ষ ৰাজকুমাৰ মেঘেনক

  ষ্টাফৰিপৰ্টাৰ, ১২ নৱেম্বৰ : দিল্লীলৈ গোপনে নিয়া হ’ল ইউ এন এল এফ ৰ অধ্যক্ষ ৰাজকুমাৰ মেঘেনক। আই বীৰ এটা দলে ইণ্ডিগ’ বিমানেৰে নিলে মেঘেনক। লগত আছে পুত্ৰ আৰু মেঘেনৰ অধিবক্তা। ইম্ফল যোৱাৰ কথা আছিল মেঘেনৰ।শনিবাৰে গুৱাহাটী কাৰাগাৰৰ পৰা মুকলি হৈছিল মেঘেন।দহ বছৰ কাৰাবাস খাটি মুকলি হৈছিল বিদ্ৰোহী নেতাজন।চৰকাৰে বাৰম্বাৰ …

Read More »

ডিব্ৰুগড়ত কম মূল্যত আলু পিঁয়াজ যোগান প্রশাসনৰ

ডিব্ৰুগড়ত কম মূল্যত আলু পিঁয়াজ যোগান প্রশাসনৰ চাবুৱাঃ ১১ নৱেম্বৰঃ পিয়াজ আৰু আলুৰ বর্ধিত মূল্য প্রতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্রশাসনৰ হৈ অসামৰিক যােগান আৰু গ্রাহক পৰিক্ৰমা বিভাগে আজি নগৰখনৰ কেইবাটাও স্থানত আলু আৰু পিয়াজৰ যোগান ধৰে। আমাৰ দোকানৰ জৰিয়তে অন্যান্য ব্যৱসায়িক প্রতিষ্ঠানৰ তুলনাত কম মূল্যত উপলব্ধ কৰােৱাই উল্লেখিত সামগ্রী …

Read More »

তৰণী ৰাসত প্ৰাইজমানী নৃত্য প্ৰতিযোগিতা

তৰণী ৰাসত প্ৰাইজমানী নৃত্য প্ৰতিযোগিতা প্ৰতিবেদক, ৰঙিয়া, ১১ অক্টোবৰ : ৰঙিয়াৰ নিকতবৰ্তী তৰণীত অইনবেলিৰ দৰে এইবাৰো গাম্ভীৰ্য্যপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। এইবাৰ ৰাসত ধৰ্মীয় পৰম্পৰাৰ লগতে সাংস্কৃতিক দিশত অধিক গুৰুত্বাৰোপ কৰা হৈছে বুলি ৰাস পৰিচালনা সমিতিৰ  সম্পাদক নিপন ভূঞাই জানিবলৈ দিয়ে।  সেই অনুসাৰে অহা ১৩ নৱেম্বৰৰ নিশা সদৌ …

Read More »

পোষণ অভিযানৰ সফলতাৰ বাবে গোৱালপাৰা জিলাই লাভ কৰিলে দুটাকৈ বঁটা

পোষণ অভিযানৰ সফলতাৰ বাবে গোৱালপাৰা জিলাই লাভ কৰিলে দুটাকৈ বঁটা —— শিশু,মহিলা আৰু কিশোৰী সকলৰ স্বাস্থ্য আৰু পৰিপুষ্টি সুনিশ্চিতকৰণৰ অৰ্থে বিগত ছেপ্টম্বৰ মাহজুৰি সমগ্ৰ দেশৰ লগতে গোৱালপাৰা জিলাতো ৰূপায়িত হয় পোষণ অভিযান ৷ এই পোষণ অভিযানৰ সকলো কাৰ্যসূচী সুন্দৰ ভাৱে সাফল্যমণ্ডিত কৰাৰ বাবে অসম চৰকাৰে গোৱালপাৰা জিলালৈ আগবঢ়াইছে দুটাকৈ শ্ৰেষ্ঠত্বৰ …

Read More »

আৰক্ষীক সম্বর্ধনা সামাজিক সন্থাৰ

আৰক্ষীক সম্বর্ধনা সামাজিক সন্থাৰ চাবুৱাঃ ১১ নৱেম্বৰঃ নগৰখনৰ পল্টনবজাৰস্থিত শ্ৰীদুর্গা মন্দিৰ প্রাঙ্গণত আজি আৰক্ষী অনুপ্রেৰণা জনোৱাৰ উদ্দেশ্যে এক সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। নগৰখনৰ বৰবাৰী আৰক্ষী চকীত কৰ্মৰত আৰক্ষীৰ উৎসৱৰ সময়ত আইন আৰু অন্যান্য পৰিস্থিতি সুচাৰুৰূপে পৰিচালনা কৰা বাবে এই সম্বর্ধনা জ্ঞাপন কৰা হয়। পল্টনবজাৰস্থিত দিহিং ৱেলফেয়াৰ ছ’চাইটিনামৰ সংস্থাটোৰ দ্বাৰা সম্বর্ধনা …

Read More »

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল চিকিৎসক ছাত্ৰৰ

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল চিকিৎসক ছাত্ৰৰ; আহত এজন দুৰ্ঘটনাত প্ৰাণ হেৰুৱা প্ৰত্যুষ কুজন কৌশিক ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১১ নৱেম্বৰ : শিৱসাগৰৰ পৰা যোৰহাট নিজ গৃহলৈ গৈ থকা পথত এক ভয়ংকৰ দুৰ্ঘটনা | চাৰিং দুৱৰাপাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত এজন …

Read More »

পুনৰ আক্ৰাছুক বিভাজনৰ বাবে উঠি পৰি লাগিছে প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মণ : গুৰুতৰ অভিযোগ

আক্ৰাছুৰ অভিযোগ- পুনৰ সংগঠনটোক বিভাজনৰ বাবে উঠি পৰি লাগিছে প্ৰাক্তন সভাপতি হিতেশ্বৰ বৰ্মণ টংলাত আহ্বান কৰা সভাত ওদালগুৰি – দৰঙৰ কোচ ৰাজবংশীসকলক সহযোগ নকৰিবলৈ আহ্বান বঙাইগাঁওঃ ১১ নৱেম্বৰঃ কোচ ৰাজবংশী জাতিৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু ২০০৩ চনৰ পৰা দ্বিবিভক্ত হৈ থকাৰ পিচত জাতিটোক নিস্বাৰ্থভাৱে …

Read More »

সদৌ অসম নাট প্ৰতিযোগিতাত বোকাখাতৰ সাৰথি শ্ৰেষ্ঠ নাট্যদল

সদৌ অসম নাট প্ৰতিযোগিতাত বোকাখাতৰ সাৰথি শ্ৰেষ্ঠ নাট্যদলঃ শ্ৰেষ্ঠ নাট্যকাৰ অমৰ শৰ্মাঃ বোকাখাতৰ পৰা পলিমা চেতিয়া বসুমতাৰী ১০ নবেম্বৰঃ কলিয়াবৰ কুঁৱৰীতোলত যোৱা ৮ নবেম্বৰত অনুষ্ঠিত হোৱা কৰিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত বোকাখাতৰ সাৰথি নাট্যগোষ্ঠীয়ে শ্ৰেষ্ঠ নাট্যদলৰ সন্মান পাবলৈ সক্ষম হোৱাত …

Read More »

১২ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব শ্রীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা

  ৰাসলীলাই অসমীয়া সংস্কৃতিৰ বিকাশ সাধন কৰিছে- ড০ লক্ষ্মীনন্দন বৰা ষ্টাফ ৰিপোৰ্টাৰ,,,১০ নৱেম্বৰ।।।।। শঙ্কৰী সংস্কৃতিৰ বিকাশ সাধন কৰি জাতীয় সংহতি আৰু সমন্বয়ৰ এনাজৰীৰ বান্ধোন দৃঢ় কৰাৰ লক্ষ্যৰে বিগত বছৰৰ দৰে এইবেলিও বি বি ক্ৰিয়েশ্যনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত বসন্ত-ববীৰ একাদশ বৰ্ষৰ নিবেদন “শ্রীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ১২ …

Read More »

পৰ্যাপ্ত পৰিমানে মঞ্চ নথকাৰ বাবেই অসম নাট্য সন্মিলনৰ কামৰূপ জিলাৰ দ্বি-বাৰ্ষিক অধিবেশনত ৭ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধৰ্ণা

  ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : “অসমত নাটক কৰিবলৈ মঞ্চৰ অভাৱ । মঞ্চৰ অভাৱৰ বাবেই বহু নাট্য প্ৰতিভাবান শিল্পী বিকাশ হব পৰা নাই ।গুৱাহাটীত নাটক কৰিবলৈ নিৰ্দিষ্ট এটা নাট্য মঞ্চ নাই ।ৰবীন্দ্ৰ ভৱন আছে যদিও ৰবীন্দ্ৰ ভৱন নাপাওঁ। ইফালে জিলা পুথি ভঁৰাল আছে যদিও নাটক কৰা মঞ্চ হব নোৱাৰে । এইদৰে …

Read More »

ৰাজ্যজুৰি অনুষ্ঠিত হ’ল টে’ট পৰীক্ষা

ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : আজি ৰাজ্যজুৰি অনুষ্ঠিত হ’ল টে’ট পৰীক্ষা। ৰাজ্যত মুঠ ৫৮৭টা কেন্দ্ৰত অৱতীৰ্ণ হ’ল ৩,৯৬,৫৬১ গৰাকী পৰীক্ষাৰ্থী। মঙলদৈত টেট পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ আজি এক ব্যতিক্ৰমী দৃশ্য পৰিলক্ষিত হয় । ভিতৰত কণমানি দুটা সন্তানৰ মাতৃ পৰীক্ষাত বহিছে।বাহিৰত কণমানি কেইটাক কোলাত লৈ পৰীক্ষা কেন্দ্ৰটোৰ নিৰাপত্তাৰ দায়িত্বত থাকে মহিলা আৰক্ষীযে । …

Read More »

গছৰ সুৰক্ষাৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰত মানৱ শৃঙ্খল গঢ়িলে সহস্ৰাধিক লোকে

  *উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ ভৰলুমুখত থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত আজি সমবেত হ’ল সহস্ৰাধিক লোক । চৰকাৰে নিজ খেয়াল খুঁচিমতে উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বাবে চলোৱা কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰিলে গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, …

Read More »