Wednesday , January 22 2020
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

অসংলগ্ন/ ১৫/০৬/১৯ ড° অৰূপ কুমাৰ নাথ

অসংলগ্ন/ ১৫/০৬/১৯ ড° অৰূপ কুমাৰ নাথ গ্ৰেটা থানবাৰ্গ আৰু উৰণ লজ্জা ৫ জুনৰ দিনা গোটেই বিশ্বতে বিশ্ব পৰিবেশ দিবস পালন কৰা হ’ল। প্ৰতিটো পাৰ হোৱা দিনতেই যে জলবায়ুৰ পৰিবৰ্তন হৈ গৈ আছে সেয়া নতুনকৈ দোহৰাৰ আজি কোনো প্ৰয়োজন নাই। ক’ৰবাত যদি অভাৱনীয় গৰম, ক’ৰবাত আকৌ ভয়ানক ঠাণ্ডা। এনেধৰণৰ জলবায়ু পৰিবৰ্তনৰ …

Read More »

টিহুত প্ৰফুল্ল কুমাৰ মহন্ত: কেবৰ বাবে পৰাস্ত হোৱা নাই কোনো দল

অ গ পক শীৰ্ষ নেতৃত্বই আত্মবিশ্বাসেৰে শক্তিশালী কৰিব লাগিব ……প্ৰফুল্ল কুমাৰ মহন্ত # : “অসমৰ আৰ্থ সামাজিক উন্নয়ন সবল কৰিবলৈ হ’লে আঞ্চলিকতাবাদক শক্তিশালী কৰি তুলিবই লাগিব।” প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আজি সন্ধিয়া টিহু ৰাজহুৱা পুথিভঁৰালত সাংবাদিকৰ আগত এইদৰে কয়। অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত …

Read More »

Recent Posts

গনৰাজ্য দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপাযুক্তৰ সংবাদমেল

 

ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বাবে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত পেৰেডৰ অনুশীলন পূৰ্ণ গতিত চলি আছে। পেণ্ডেলৰ কামো চলি আছে। এইবাৰ পেৰেডৰ নেতৃত্ব ল’ব
আছাম ৰাইফলছে– এইদৰে কয় কামৰূপ মহানগৰ জিলা উপযুক্ত বিশ্বজিৎ পেগুৱে। মঙলবাৰে কামৰূপ মহানগৰ জিলা উপযুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন
সংবাদমেলযোগে কামৰূপ মহানগৰ জিলা উপযুক্ত বিশ্বজিৎ পেগুৱে লগতে কয়”
পূৰ্বৰ দৰে এইবাৰো পেৰেডত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰা স্কুল সমুহক পুৰস্কৃত কৰা হব। লগতে স্কাউড গাইড থাকিব। নিৰাপত্তাক লৈ সম্পূৰ্ণ ৰূপে সষ্টম হৈ আছে প্ৰশাসন। তিনি তৰপীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা হৈছে। নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে খেলপথাৰৰ বাহিৰে ভিতৰে উচ্চ ক্ষমতা সম্পন্ন চি চি টি ভি সংস্থাপন কৰা হৈছে।
এইবাৰ স্কুলীয়া শিক্ষাৰ্থীৰ অধিক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। এইবাৰো ভাৰতীয় বায়ু সেনাই আকাশ মাৰ্গেৰে পুষ্পবৃষ্টি কৰিব। এই উপলক্ষে বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই কেইদিন বিভিন্ন স্কুল পৰিদৰ্শকৰ জৰিয়তে ভাৰতীয় স্বাধীনতা সংগ্ৰামক বিষয় হিচাপে লৈ কুইজ, তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। স্বাস্থ্য সেৱাৰো ব্যৱস্থা কৰা হ’ব । যাতায়তৰ ক্ষেত্ৰত যাতে কাৰো অসুবিধা নহয়, তাৰ বাবে এইবাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ ব্যৱস্থা কৰা হ’ব। সেইদৰে বিশেষ ভাৱে সক্ষম সকলৰ বাবে হুইল চেয়াৰৰ ব্যৱস্থা কৰা হ’ব। যাতে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়। গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ মুখ্য অতিথি অধ্যাপক জগদীশ মুখীৰ লগতে বিভিন্ন প্ৰান্তৰ মন্ত্রী, বিষয়া, জ্যেষ্ঠ সাংবাদিক , জ্যেষ্ঠ নাগৰিক আদি উপস্থিত থাকিব। এইবাৰ এশ বছৰ ঊৰ্ধৰ নাগৰিক বিশেষ অতিথি হিচাপে উপস্থিত থাকিব।
কামৰূপ চেম্বাৰছ অৱ কমাৰ্চ, মাৰোৱাৰী যুৱ মঞ্চ, আদি স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পুৱাৰ ভাগত ফল মূল বিতৰণ কৰা হ’ব। কাইলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰিব। মুক্ত মনে গনতন্ত্ৰ দিৱস উপভোগ কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। ”
গণৰাজ্য দিৱসলৈ মাজত
মাত্ৰ পাচটা দিন বাকী থকা সময়ত ২০২০ চনৰ গণৰাজ্য দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই দিৱস সকলোকে মুক্ত মনে পালন কৰাৰ আহ্বান জনায় উপযুক্ত গৰাকীয়ে।

উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত হস্ততাঁত আৰু বস্ত্ৰ মেলা

 

ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : ৰাজ্য চৰকাৰৰ বেচা কিনা নিগমৰ উদ্যোগত আৰু কেন্দ্ৰ চৰকাৰৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ সহযোগত গুৱাহাটীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ১৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে হস্ততাঁত আৰু বস্ত্ৰ মেলা। এই মেলা খন ১৮ জানুৱাৰীত আনুষ্ঠানিক ভাৱে মুকলি কৰে ৰাজ্য চৰকাৰৰ সমবায় আৰু আইন বিভাগৰ মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ বেচা কিনা নিগমৰ অধ্যক্ষ
সুশীল দত্ত, উপাধ্যক্ষ শিৱ প্ৰসাদ বদ্ৰা আৰু পৰিচালন সঞ্চালক পুলক মহন্ত। উল্লেখ এই মেলাত অসমৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ পৰা প্ৰায় ৯০ গৰাকী শিপিনীয়ে তেওঁলোকৰ নিজৰ হস্ততাঁতে ৰে নিৰ্মিত বস্ত্ৰ সম্ভাৰ বিক্ৰীৰ লগতে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। এই মেলাত অসমৰ লগতে উত্তৰ প্রদেশ, কাশ্মীৰ, ৰাজস্থান, মণিপুৰ আদি ৰাজ্যৰ পৰা অহা শিপিনী সকলে অংশগ্ৰহণ কৰিছে। এই মেলা খনৰ ৩১ জানুৱাৰীত সামৰণি পৰিব।

আইদেউৰ বুলনি” কাৰ্যসূচী

 

ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : অসমৰ লোক সংগীত,লোক-কলা আৰু লোক-সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ অভিনৱ কাৰ্যসূচী “আইদেউৰ বুলনি” ।
ব্যস্ত ৰাজনৈতিক কাৰ্যসূচীৰ লগতে ভাৰতীয় জনতা পাৰ্টিয়ে সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে সমাজৰ অৰ্ধ-আকাশ নাৰী সমাজক জৰিত কৰি আমাৰ ৰাজ্যখনৰ পাহাৰ-ভৈয়াম,ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকাৰ বাৰেৰহণীয়া পৰম্পৰাগত সংস্কৃতিৰ ব্যাপক প্ৰসাৰ-প্ৰচাৰৰ বাবে আৰম্ভ কৰা “আইদেউৰ বুলনি” আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় । ৰাজনৈতিক কাৰ্যসূচীৰ লগতে,নাৰী সমাজক সাংস্কৃতিক প্ৰতিভা বিকাশৰ সুযোগ দিয়াৰ উদ্দেশ্যেৰে বহুদিনীয়া চিন্তাৰ প্ৰতিফলন “আইদেউৰ বুলনি”ৰ সফল ৰূপায়ণ কৰিবলৈ গ্ৰহণ কৰা উদ্যোগৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ, বিধায়ক সকলৰ লগতে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশ মহিলা মৰ্চাৰ প্ৰতি বিশেষ কৃতজ্ঞতা জনোৱাৰ লগতে গাঁঠিৰ ধন ভাঙি ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা আজিৰ অনুষ্ঠানত উপস্থিত থকা ভাৰতীয় জনতা মহিলা মৰ্চাৰ সমূহ কাৰ্যকৰ্তালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে । আজিৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে
লগতে গুৱাহাটী লোকসভাৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰবৰ্তী , গুৱাহাটী লোক সভাৰ সাংসদ কুইন ওজা আৰু ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা। ভাৰতীয় জনতা অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত ২ ফেব্ৰুৱাৰী, ৮মাৰ্চ,২৬জুলাই,২৭ছেপ্টেম্বৰ আৰু ২৯নৱেম্বৰত ৰাজ্য খনৰ সাংগঠনিক মণ্ডল সমূহত “আইদেউ বুলনি”ৰ কাৰ্যসূচীঅনুষ্ঠিত হ’ব ।

কা’ আন্দোলনত ছহিদ হোৱা ৫ গৰাকী ছহিদৰ বাবে বৰাকত স্থাপন কৰা হ’ব ছহিদ বেদী

 

ষ্টাফৰিপৰ্টাৰ,,,২১ জানুৱাৰী। ইণ্ডিজোনাচ ফৰাম অফ আচাম’ৰ উদ্যোগত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰা হ’য়। সংবাদমেলত উপস্থিত থাকি ইণ্ডিজেনাচ ফৰাম অফ চাউথ আচামৰ প্ৰগ্ৰাম কো- অৰডিনেটৰ আব্দুল ৱাহাব তালুকদাৰে কয়”-আৰম্ভণিৰ পৰাই বৰাক উপত্যকাৰ বিভিন্ন খিলঞ্জীয়া সংগঠনে ‘কা’ৰ বিৰোধিতা কৰি আহিছে আৰু আন্দোলন কাৰ্যসূচী পালন কৰি আহিছে। কিন্তু এক দুষ্টচক্ৰই প্ৰচাৰ চলাই আছে যে,বৰাকৰ খিলঞ্জীয়া মানুহে ‘কা’ৰ সমৰ্থন কৰি আহিছে। এইটো একেবাৰে মিছা কথা কাৰণ আদিৰে পৰা বৰাকৰ খিলঞ্জীয়া মানুহে ‘কা’ৰ বিৰোধিতা কৰি আহিছে আৰু আগলৈও কৰি থাকিব। তাৰোপৰি আমি আমাৰ সংগঠনে এই আইন বাতিলৰ বাবে উচ্চতম ন্যায়ালয় WPC- 00066/2020 ফালৰ পৰা গোচৰো তৰিছে। আমাৰ সংগঠন অসমৰ সমাজ সংস্কৃতি আৰু ভৌগোলিক পৰিবৰ্তনৰ বাবে চলি থকা চক্ৰান্ত সম্পর্কে সজাগ আৰু বৰাক উপত্যকাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক এই ষড়যন্ত্ৰ সম্পৰ্কে সজাগ কৰাত তৎপৰ। তেওঁ লগতে কয়”-”কা’ আন্দোলনত ছহিদ হোৱা হোৱা ৫ গৰাকী ছহিদৰ বাবে আমি নিজাববীয়াকৈ বৰাকত ছহিদ বেদী বনোৱাৰ বাবে পৰিকল্পনা কৰিছোঁ আৰু চৰকাৰকো আমি আহ্বান জনাইছোঁ যাতে চৰকাৰও এই বিষয়ে গুৰুত্ব দিয়ক। তদুপৰি অসম চুক্তিৰ ৬ নং দফাত বৰাক উপত্যকাৰ সমূহ খিলঞ্জীয়া জনগোষ্ঠীক অন্তৰ্ভূক্তিকৰণ বিচাৰিছোঁ”।” আজিৰ সংবাদমেলত সংগঠনৰটোৰ কেইবাজনো সদস্য উপস্থিত থাকে।

ড্ৰীম হাউছ প্ৰডাকশ্যনলৈ ঐক্যতান বঁটা

 

ষ্টাফৰিপৰ্টাৰ,,,,২০ জানুৱাৰী।।উত্তৰ পূৱৰ মনোৰঞ্জন আৰু সংগীত জগতৰ আগশাৰীৰ প্ৰতিষ্ঠান ড্ৰীম হাউচ প্ৰডাকশ্যনলৈ আগবঢ়োৱা হৈছে ঐক্যতান বঁটা। দেশৰ প্ৰখ্যাত টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী গুৱাহাটী তথা অসমলৈ লৈ অহাৰ সুবাদতেই এই প্ৰতিষ্ঠানটোলৈ আগবঢ়োৱা হৈছে এই বঁটা। দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান নিউজ ১৮ৰ অসমস্থ শাখা নিউজ ১৮ অসম, নৰ্থ ইষ্টৰ দ্বাৰা আয়োজিত ঐক্যতান শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানত অসমত মিডিয়া শিক্ষা আৰু মনোৰঞ্জন জগতত সমান্তৰাল ভাৱে প্ৰতিষ্ঠা লাভ কৰাৰ বাবে এই বঁটা ড্ৰীম হাউচ প্ৰডাকশ্যনলৈ আগবঢ়োৱা হৈছে। ড্ৰীম হাউচ প্ৰডাকশ্যনৰ লগতে টি-ছিৰিজ ষ্টেজৱৰ্কছ্ একাডেমীৰ গুৱাহাটী শাখাৰ অধ্যক্ষা নীতা শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা উক্ত বঁটাটি গ্ৰহণ কৰে। বঁটাটি গ্ৰহণ কৰি তেওঁ কয়-“ৰাজ্য খনৰ উদীয়মান যুৱ প্ৰতিভাসকলক শিক্ষা প্ৰদান কৰি এক উচিত মঞ্চত তুলি দিবলৈ সক্ষম হোৱা কথাটোৱে সদায়েই আমাক গৌৰৱান্বিত কৰে। অসমৰ যুৱ প্ৰতিভাক ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিচাৰি উলিয়াই অনাৰ প্ৰয়াস সদায়েই অক্ষুন্ন থাকিব”। উল্লেখযোগ্য যে, বিগত ১৩ জানুৱাৰীত গুৱাহাটীস্থিত হোটেল তাজ ভিভাণ্টাত এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

ভাৰতত সেৱা বন্ধ কৰিছে –উবেৰ ইটছে

 

ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : দেশত অনলাইন ফুড ডেলিভাৰী ব্যৱসায়ৰ সবাতোকৈ ডাঙৰ অধিগ্ৰহণৰ চুক্তিৰ কথা ঘোষণাৰ পিছতেই ভাৰতত সেৱা বন্ধ কৰিছে উবেৰ ইটছে
(Uber Eats)–এ। এই অধিগ্ৰহণৰ লগে লগে এছিয়াৰ অন্যতম বৃহৎ ফুড ডেলিভাৰী সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিলে জোমাটোৱে। দিল্লী আইআইটিৰ প্ৰাক্তন আইআইটিয়ান দীপেন্দ্র গয়ালৰ সংস্থা জোমাটো (Zomato), টুইট কৰি তেওঁ এই চুক্তিৰ কথা জনায়।

অনলাইন খাদ্য যোগান ধৰা ৱেবছাইট Zomato এ উবেৰ ইটছ ইণ্ডিয়াৰ ৫৫ শতাংশ চেয়াৰ নিজৰ নামত কৰি লৈছে। মঙলবাৰে Zomato এ ভাৰতত ব্যৱসায় কৰি থকা উবেৰ ইটছ ৩৫ কোটি ডলাৰ অৰ্থাৎ ২৪৮৫ কোটি টকাত কিনিছে। ৫৫ শতাংশ শ্বেয়াৰ জোমাটোক বিক্ৰীৰ পাছত উবেৰ ইটছৰ হাতত এতিয়া থাকিল মাত্ৰ ৯.৯ শতাংশ চেয়াৰ। উল্লেখ্য যে কেব সেৱা আগবঢ়াই অহা উবেৰৰ খাদ্য যোগান ধৰা শাখাটোৱে ভাৰতত ব্যৱয়াসিক দিশত মুনাফা আদায় কৰিব নোৱাৰাৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰে।জোমাটোৰ চুক্তি–

অধিগ্ৰহণৰ কাৰণে প্ৰায় ২,৪৫০কোটি টকা খৰছ কৰিছে জোমাটোৱে।
অধিগ্ৰহণৰ কাৰণে উবেৰ ইটছৰ ১কোটি গ্ৰাহক পাব জোমাটোৱে।

নিজৰ বৰ্তমানৰ বজাৰৰ বাহিৰতো নতুনকৈ বজাৰ সম্প্ৰসাৰণৰ সুযোগ পাব জোমাটোৱে।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৫মাহত ২,১৯৭কোটি টকা লোকচান হয় উবেৰ ইটছৰ। লক্ষ্যণীয় যে ভাৰতত অনলাইন ফুড ডেলিভাৰী সংস্থাৰ ৮৪শতাংশ ব্যৱসায়েই এতিয়া দুটা সংস্থাৰ হাতত। এনে ক্ষেত্ৰত ক্ৰেতাৰ স্বাৰ্থ কিমান সুৰক্ষিত হৈ থাকিব সেয়া প্ৰশ্নৰ বিষয়!

উল্লেখযোগ্য যে, ভাৰতৰ উবেৰ ইটছৰ ক্ষেত্ৰতহে এই সিদ্ধান্ত লোৱা হৈছে। বিশ্বৰ অন্য প্ৰান্তত উবেৰ ইটছ সেৱা চলি আছে বা চলি থাকিব বুলিও কোম্পানীটোৱে স্পষ্ট কৰি দিছে।এতিয়াৰে পৰা উবেৰ ইটছৰ ব্যৱহাৰকাৰীসকলক Zomato এপৰ সৈতে ৰিডাইৰেক্ট কৰা হ’ব।

শংকৰদেৱ শিশু নিকেতন আমবাৰীৰ ৰূপালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভ

 

ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : শংকৰদেৱ শিশু নিকেতন আমবাৰীৰ ৰূপালী জয়ন্তী সমাৰোহৰ দুদিনীয়াকৈ সোমবাৰৰ পৰা শুভাৰম্ভ কৰা হৈছে। এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে মানৱ সম্পদ সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি ১৯৯৫ চনত স্থাপিত হোৱা শংকৰদেৱ শিশু-বিদ্যা নিকেতন, আমবাৰী, দাঁতালপাাৰাই অনিৰুদ্ধ প্ৰগতিৰ বাটত ধাৱমান হৈ পঞ্চবিংশতিতম্ বৰ্ষত পদাৰ্পন কৰিছে। ২৫ বছৰীয়া বৰ্ণিল যাত্ৰ, বহু ব্যক্তিৰ অহোপুৰুষাৰ্থ চেষ্টাৰ ফলত নিকেতনে শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ।২০১৯-২০ বৰ্ষটি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে ২০ আৰু ২১ জানুৱাৰীত পালন কৰা হয়। প্ৰথম দিনাৰ কাৰ্যসূচী ২৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে ২৫ খন পতাকা উত্তোলনৰে শুভাৰম্ভ হয় ।এই কাৰ্যসূচীত প্ৰাক্তন উপাচাৰ্য ডঃ নিৰ্মল কুমাৰ চৌধুৰী,খগেন শইকীয়া, মুকুতা ডেকা,
শিশু শিক্ষা সমিতি অসমৰ কাৰ্যকৰ্তা বশিষ্ঠ ৰাম ডেকা, ৰাতুল লহক, আশুতোষ বৰ্মন, ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি দশৰথ কলিতা,কাৰ্যকৰী সভাপতি লাল মোহন মহন্ত সম্পাদক তপন কুমাৰ শৰ্মা, যুটীয়া সম্পাদন মৃনাল দাস, অশোক ডেকা, উৎপল তালুকদাৰ আৰু নিকেতন পৰিচালনা সমিতিৰ সম্পাদক ভুমিধৰ দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশ লয় ছাত্ৰ-ছাত্ৰী, আচাৰ্য আচাৰ্যা, শুভাকাংক্ষী, অভিভাৱক আৰু পৰিচালনা সমিতিৰ সদস্যসকলে ।দিনৰ দুই বজাত অনুষ্ঠান মুকলি সভাৰ মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসমৰ ৰাজ্যপাল জগদ্বীশ মুখী,লগতে বিশিষ্ট অতিথি শিশু শিক্ষা সমিতি অসমৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰ ।ইয়াৰ পিছতে বিয়লি ৪ বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী আচাৰ্য আচাৰ্যাৰ মত বিনিময় আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । সন্ধিয়া ৬ বজাৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মঙলবাৰে পুৱা ৯ বজাত বৃক্ষৰোপণেৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হ’য়। তাৰ পাছত মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰে দুদিনীয়াকৈ আয়োজিত ৰূপালী জয়ন্তী সমাৰোহৰ অন্ত পৰে।

নুনমাটি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

 

ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : অসম সাহিত্য সভাৰ অন্যতম শাখা নুনমাটি সাহিত্য সভাৰ এখন কাৰ্যনিৰ্বাহক সভা সোমবাৰে অনুষ্ঠিত হয়। সভাৰ সভাপতি নৃপেন্দ্ৰ নাথ কাকতিৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক হৰমোহন কলিতাই। সভাৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ নাথ কলিতা, ডম্বৰুধৰ তালুকদাৰে আগন্তুক ২৫ আৰু ২৬ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া দ্বিবাৰ্ষিক অধিবেশনৰ বিষয়ে বক্তব্য আগবঢ়ায়। উত্তৰ নুনমাটি পূজা সমিতিৰ সামূহিক ভৱনত অনুষ্ঠিত হ’ব লগীয়া অধিবেশনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ছাত্ৰ-ছাত্রী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কবি সন্মিলনৰ লগতে বিয়লি তিনি বজাত অনুষ্ঠিত হ’ব লগীয়া মুকলি সভাত উপস্থিত থাকিব অসম সাহিত্য সভাৰ নব-নিৰ্বাচিত উপ- সভাপতি মৃণালিনী দেৱী। সভাৰ সমূহ কাৰ্যসূচীত ৰাইজ, কবি-সাহিত্যিকৰ লগতে ছাত্ৰ-ছাত্রী সকলৰ উপস্হিতি সম্পাদকে শ্ৰদ্ধাৰে কামনা কৰিছে।

হিমন্ত বিশ্বকে ধৰি বোকাখাতত কিয় পাঁচ শক্তিশালী মন্ত্ৰী

বোকাখাতত কিয় একেলগে বহিল পাঁচ শক্তিশালী মন্ত্ৰী

বোকাখাতত পাঁচ গৰাকী মন্ত্ৰীৰ উপস্থিতিত বিভাগীয় উন্নয়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভাঃ

বোকাখাতৰ পৰা পলিমা চেতিয়া বসুমতাৰী,২১ জানুৱাৰীঃ বোকাখাত মহকুমাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম
কাজৰ খতিয়ান লােৱাৰ উদ্দেশ্যে এখনি গুৰুত্বপূর্ণ সভা আজি বোকাখাতৰ
মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। এই সভাত অসম চৰকাৰৰ
বিত্ত, শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল-কল্যান, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্তবিশ্ব
শর্মা, কৃষি, পশুপালন আৰু পশু চিকিৎসা, উদ্যান, শস্য আৰু খাদ্য সংশাধন বিভাগৰ মন্ত্রী তথা বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰা, জলসম্পদ, বিজ্ঞান ও প্ৰযুক্তি, তথ্য আৰু প্রযুক্তি আদি বিভাগৰ মন্ত্রী কেশৱ মহন্ত, পঞ্চায়ত ও গ্রামােন্নয়ন, পৰিবেশ ও বন বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ দলে, নগৰ উন্নয়ন তথা স্বাস্থ্য ও পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্রী পিযুষ হাজৰিকা প্ৰমুখ্যে গােলাঘাট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ক্ৰমে ধীৰেণ আৰু পুষ্প ৰাজ সিং, বোকাখাত মহকুমাৰ মহকুমাধিপতি
বিবেক শ্যাম আৰু বিভিন্ন উন্নয়ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।
সভাত মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তানী পথ তথা গৃহ বিভাগৰ অধীনত
বােকাখাত আৰু গােলাঘাট জিলাত চলি থকা সকলাে নির্মানকাৰ্য্য খৰতকীয়াকৈ
আগবঢ়াই নিবলৈ নির্দেশ দিয়ে। আনহাতে জনস্বাস্থ্য- কাৰিকৰী বিভাগৰ বিকল হৈ
থকা পানীযােগান আঁচনি সমূহ কার্যক্ষম কৰি তুলিবৰ বাবে সােনকালেই যথাবিহিত
ব্যৱস্থা লোৱা হব বুলিও মন্ত্ৰী গৰাকীয়ে আশ্বাস দিয়ে। সভাত মন্ত্রীগৰাকীয়ে বিভিন্ন বিভাগৰ সমস্যাসমূহৰ বিষয়ে বুজ লয় আৰু বােকাখাতৰ লগতে সমগ্র গােলাঘাট জিলাৰ সৰ্বাংগীন উন্নয়নৰ হকে উৎসাহেৰে কাম কৰি যাবলৈ সকলাে বিভাগৰ মূৰব্বী বিষয়া সকললৈ নির্দেশ দিয়ে।

কে এল অৰ সৈতেও আলোচনাত বহিবলৈ কেন্দ্ৰক দাৱী কোঁচ ৰাজবংশী জাতীয় মহাসভাৰ

বিজনী ২১ জানুৱাৰীঃ শেহতীয়াকৈ এনডিএফবি(ছ)য়ে আলোচনাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰে কৰা যুদ্ধবিৰতিক চুক্তিক কোচ ৰাজবংশী জাতীয় মহাসভাই আদৰণি জনাইছে ৷ অনুৰূপ ভাবে দীৰ্ঘদিন ধৰি অসম পশ্চিম বংগকলৈ স্বাধীন কমতাপুৰ দাবী কৰি অহা সশস্ত্ৰ সংগঠন কেএলও (KLO)ৰ সতেও আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে ৷ আজি বিজনীত অনুষ্ঠিত কৰা এক সংবাদমেল যোগে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় য়ে এনডিএফবিৰ সকলো গোটৰে আলোচনা কৰি বড়ো সকলোৰ সমস্যা সমাধান হওক তাত আমাৰ আপত্তি বা বিৰোধিতা নাই কিন্তু অকল এনডিএফবিৰে আলোচনা কৰি একপক্ষীয়ভাব বড়োলেণ্ড জাপি দিব বিচাৰিলে বিটিচি বা নামনি অসমত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহয় ৷ এনডিএফবিৰে শান্তি আলোচনাৰ জৰিয়তে অকল বডো সমস্যা সমাধানৰ নামত কোচ ৰাজবংশী সকলোৰ ইতিহাস, ঐতিহ্য, ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি অধিক ক্ষমতাসম্পন্ন শাসন ব্যৱস্থা জাপি দিলে কোচ ৰাজবংশী জাতীয় মহাসভাই আন আন জনগোষ্ঠীৰে ঐক্যবদ্ধ হৈ তীব্ৰ আন্দোলন কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে ৷ বিশ্বজিৎ ৰায়ে কেন্দ্ৰীয় চৰকাৰে কেএলও আৰু এনডিএফবিৰে আলোচনা কৰি বড়ো, কোচ ৰাজবংশী আৰু আন আন জনগোষ্ঠীৰ গ্ৰহণযোগ্য সমাধান সূত্ৰ উলিয়াৱলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বন জনায় ৷ বিশ্বজিৎ ৰায়ে দোহাৰে বিটিচি চুক্তিয়ে বিটিচিত একপ্ৰকাৰ কোচ ৰাজবংশী আৰু আন আন অজনজাতিৰ ৰাজনৈতিক আৰু ভুমিৰ অধিকাৰ খৰ্ব কৰিছে ৷ ফলত বিটিচিত বড়ো-অবড়োৰ মাজত ৰাজনৈতিক সংঘাট আৰাম্ভ হৈছে ৷ এই সংঘাট নিৰাময় কৰিব লাগিলে সকলো জনগোষ্ঠীক আস্থাত লৈ সমাধান সূত্ৰ উলিয়াব লাগিব ৷ কোচ ৰাজবংশী জাতীয় মহাসভাই এডিএফবি আৰু কেন্দ্ৰীয় চৰকাৰৰে আনোচনাৰ জৰিয়তে হব লগা শান্তি চুক্তিৰ জৰিয়তে অজনজাতি সকলোৰ ৰাজনৈতিক আৰু ভুমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে বিজেপি দলে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি কোচ ৰাজবংশী সকলোৰ স্বঅধিকাৰ আৰু অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় ৷
আন এক প্ৰেছ বিবৃতি যোগে চিৰাং জিলাৰ শিয়ালমাৰী দহলা পাৰাত ৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰিব খোজা তুলগেটক কোচ ৰাজবংশী জাতীয় মহাসভাই তীব্ৰ বিৰোধিতা কৰে ৷ এক বিবৃতি যোগে কোচ ৰাজবংশী জাতীয় মহাসভাা সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় য়ে যিহেতু শ্ৰীৰামপুৰৰ পৰা তিহু-পাঠশালালৈ কেবাঠাইত ৰাষ্ট্ৰীয় ঘাইপথ আৰু কেবাখনো দলং এতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ কাৰ্য সমপূৰ্ণ কৰিব পৰা নাই তেনে ক্ষেত্ৰত চৰকাৰে তুলগেট স্থাপন কৰি ৰাষ্ট্ৰীয় পথ পৰিবহণ কৰ সংগ্ৰহ কৰিব খোজাতো গ্ৰহণযোগ্য নহয় ৷ সম্পূৰ্ণ নিৰ্মাণ কাৰ্য সমাপ্তিৰ পিছত কৰ সংগ্ৰহত আমাৰ আপত্তি নাই যদিও স্থানীয় চাৰিচকীয়া আৰু তিনিচকীয়া ব্যক্তিগত আৰু ব্যৱসায়ীক বাহন সমূহক পথ পৰিবহণ কৰ ৰেহাই দিবলৈ চৰকাৰ আৰু প্ৰশাসনক দাবী জনায় ৷

অসম সাহিত্য সভাৰ অধিবেশনৰ প্ৰস্তুতিৰ অগ্ৰগতি কেনে চলিছে

*অসম সাহিত্য সভাৰ অধিবেশনৰ অগ্ৰগতি সন্দৰ্ভত ” সংবাদ মেল “*

 

*সম্পুৰ্ণ প্লাষ্টিক আৰু প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টি কৰাৰো পৰিকল্পনা — সাহিত্য সভাৰ আদৰণি সমিতি*

পহৰেদ আলী আহমেদ,ৰঙিয়া /উত্তৰ কামৰূপ, ২১ জানুৱাৰী – অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম সংখ্যক বৰ্ষৰ শুৱালকুছি অধিবেশনৰ প্ৰস্তুতি সন্দৰ্ভত আজি কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ ছপা মাধ্যম আৰু ইলেকট্ৰনিক মাধ্যমৰ সমূহ সাংবাদিকক বাতৰি পৰিবেশন কৰাৰ লগতে অসমৰ ৰাইজক অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ অগ্ৰগতি আৰু অধিবেশনৰ সকলো কাৰ্য্যসুচী প্ৰচাৰ কৰাৰ উদ্দেশ্যে প্ৰচাৰ উপ-সমিতিৰ তৰফৰ পৰা এক সংবাদ মেলৰ আয়োজন কৰে। শুৱালকুছিৰ বুদুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজন কৰা সংবাদ মেলত সাংবাদিকক সম্বোধন কৰে অসম সাহিত্য সভাৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই। সংবাদ মেল আয়োজন কৰা মহাবিদ্যালয় খনৰ অধ্যক্ষ ড: দ্বিপেশ চন্দ্ৰ ভাগৱতীয়ে আদৰণি জনোৱা সংবাদ মেলত কামৰূপ জিলাৰ সৰহ সংখ্যক সাংবাদিক উপস্থিত থাকে। সংবাদ মেলত অসম সাহিত্য সভাৰ আদৰণি সমিতিৰ প্ৰধান সম্পাদক অনিল চন্দ্ৰ বৈশ্য, কাৰ্যকৰী-সভাপতি দিলীপ মেধি, প্ৰচাৰ উপ-সমিতিৰ মুখ্য আহ্বায়ক প্ৰবীণ কুমাৰ দাসৰ উপৰিও আদৰণি সমিতিৰ বিষয় ববীয়া সকল উপস্থিত থাকে। অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম সংখ্যাক শুৱালকুছি অধিবেশন অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ বিস্তৃত কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে। আজি সংবাদ মেল সম্বোধন কৰি আদৰণি সমিতিৰ কাৰ্য্যকৰী সভাপতি কমল কুমাৰ বৈশ্যই জনোৱা মতে সাহিত্য সভাৰ অধিবেশনৰ বাবে প্ৰায় ১২০ বিঘা ভুমি ব্যৱহাৰ কৰা হ’ব। অধিবেশনৰ বিস্তৃত কাৰ্য্যক্ৰমণিকা সু পৰিচালনাৰ বাবে মুঠ ৪১ খন উপ সমিতি গঠন কৰা হৈছে। অধিবেশনৰ লগত সংগতি ৰাখি যাৱতীয় খৰচৰ বাবদ মুঠ ১কৌটি ৫৮ লাখ ২৫ হেজাৰ টকাৰ বাজেট ধাৰ্য কৰি প্ৰস্তৃতি চলাই আহিছে বুলি জানিব দিয়ে সংবাদ মেলত। ইফালে অধিবেশনত প্ৰতিনিধি আৰু দৰ্শক ৰাইজক থলুৱা জনগোষ্ঠীয় খাদ্য খুওৱাৰ পৰিকল্পনা কৰিছে। আনহাতে অধিবেশনৰ বাবে শুৱালকুছিৰ ২২ খন অনুস্থান প্ৰতিষ্ঠান ব্যৱহাৰ কৰা হ’ব প্ৰতিনিধি থকাৰ বাবে। সম্পুৰ্ণ প্লাষ্টিক আৰু প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টি কৰাৰো পৰিকল্পনা কৰিছে সাহিত্য সভাৰ আদৰণি সমিতিয়ে। আজিৰ সংবাদ মেলৰ আগমুহুৰ্তত অধিবেশনৰ স্থান জ্যোতি ক্ষেত্ৰৰ বৃহৎ এলেকাত বিশাল ৰভা, মঞ্চ, আদৰণি তোৰণ, প্ৰতিনিধি সভা গৃহ, ভোজনালয়, এইবাৰৰ ব্যতিক্ৰম অনুস্থান নামঘৰ, গ্ৰন্থ বিপনী  গ্ৰন্থাগাৰ, অতিথি গৃহ আদিকে ধৰি অত্যাৱশ্যকীয় সমল নিৰ্মাণ কৰি থকা দৃশ্য আৰু ইয়াৰ অগ্ৰগতি পৰিদৰ্শন কৰে সকলো সাংবাদিকৰ লগতে আদৰণি সমিতিৰ কাৰ্য্যকৰী সভাপতি কমল কুমাৰ বৈশ্যৰ লগতে আদৰণি সমিতিৰ কাৰ্য্যকৰ্তাই। আজি অধিবেশনৰ সকলো  প্ৰকাৰৰ প্ৰস্তৃতি পৰ্ব পৰ্যবেক্ষণ কৰাৰ পিছতে শুৱালকুছিৰ বুদুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজন কৰে সংবাদ মেল খন। সাহিত্য সভাৰ অধিবেশনৰ কাৰ্য্যসুচী অনুসৰি ৩০ জানুৱাৰীত ড: মামণি ৰয়ছম গোস্বামী সোৱৰণি গ্ৰন্থ উৎসৱৰ মুল দ্বাৰ উদঘাটন কৰাৰ লগতে কবি সুশীল শৰ্মা সোৱৰণি সাহিত্য উৎসৱৰ মঞ্চ উদ্ধোধন কৰিব আৰু পিছদিনাৰ পৰা মুল অধিবেশন আৰম্ভ হ’ব। অধিবেশনৰ সকলো অনুষ্ঠান প্ৰচাৰ কৰাৰ লগতে ৰাইজৰ সহায় সহযোগ কামনা কৰিছে উদ্যোক্তা সমিতিয়ে।

আই আই টি গুৱাহাটীত “দ্বিতীয় গ্ৰাম্য সংবাদ ” সম্পন্ন।

আই আই টি গুৱাহাটীত “দ্বিতীয় গ্ৰাম্য সংবাদ ” সম্পন্ন।

পঙ্কজ নাথ, চাংসাৰি, ২১ জানুৱাৰী :

গ্ৰাম্য উন্নয়নকলৈ গুৱাহাটী আই আই টিত আজি মঙ্গলবাৰে ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন হৈ যায় I গ্ৰাম্য উন্নয়নক গতি প্ৰদান কৰিবলৈ ভাৰতৰ নবাগত উদ্যোগী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে গুৱাহাটী আই আই টিৰ CENTER FOR RURAL TECHNOLOGY- Guwahati iit য়ে দ্বিতীয় বাৰলৈ আয়োজন কৰিছে 2ND RURAL DIALOGUE শীৰ্ষক আলোচণা চক্ৰ l আই আই টিৰ সভাকক্ষত দুদিনীয়াকে আয়োজিত আলোচনা চক্ৰত দেশৰ প্ৰায় এশ উদ্যোগীয়ে ভাগ লৈ গ্ৰাম্য উদ্যোগৰ উন্নয়নৰ অংশীদাৰ হয়l পৰম্পৰাগত গ্ৰাম্য উদ্যোগক বাণিজ্যিক দৌৰৰ মুখামুখি কৰাৰ নব্য প্ৰচেষ্টাক নাম দিছে 2ND RURAL DIALOUGUE ৷ গুৱাহাটী আই আই টি আৰু দেশৰ উদ্যোগীসকলে RURAL TECHNOLOGYৰ পৰবৰ্তী পদক্ষেপ হব ক্ষুদ্ৰ উদ্যগৰ বিকাশ সাধনৰ ই গ্ৰাম্য অৰ্থনীতিকো গতি প্ৰদান কৰিব ৷ যোৱাকালি কৰ্মশালাখনৰ উদ্বোধন কৰে আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰামে । উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি অসম সাহিত‍্য সভাৰ নৱনিৰ্বাচিত সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই বক্তব‍্য প্ৰদান কৰে।
গুৱাহাটী আই আই টি গুৱাহাটীৰ প্ৰফেছৰ শচীন্দ্ৰ কে কাকতি তত্বাৱধানত অনুষ্ঠিত আলোচনা চক্ৰত
দেশৰ বিশেষজ্ঞ ব্যক্তিসকলে ভাগ লৈ মতবিনিময় কৰে ৷ কৰ্মশালা খনৰ লগতে গ্ৰাম্য উদ্যোগী সকলে উৎপাদন কৰা বিবিধ দ্ৰব্যৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয় ৷ এই প্ৰদৰ্শনীয়ে সকলৰে দৃষ্টি আকৰ্ষণ কৰা লগতে প্ৰদুষণ নিয়ন্ত্ৰণত সহায়ক হব বুলি উপস্থিতসকলোৰে লগতে আই আই টি গুৱাহাটীৰ জনসম্পৰ্কৰক্ষী বিষয়া লৱণু কিশোৰ কোঁৱৰে মতপোষণ কৰে ৷

৮ বছৰে বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ ৰাষ্ট্ৰপতিলৈ ইচ্ছামৃত্যুৰ আবেদন

শিৱসাগৰত শিক্ষক বিদ্ৰোহ : ৮ বছৰে বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ ৰাষ্ট্ৰপতিলৈ ইচ্ছামৃত্যুৰ আবেদন: বিগত নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্বই দিয়া আশ্বাস ফুটুকাৰ ফেনত পৰিণত: চৰকাৰী ষড়যন্ত্ৰত ২২-২৫ বছৰে নিয়মীয়া নহ’ল চাকৰি

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ২১ জানুৱাৰী : শিৱসাগৰত শিক্ষক বিদ্ৰোহে এক ভয়ংকৰ ৰূপ লোৱাৰ দিশে ধাৱমান |
চৰকাৰী বঞ্চনাৰ বিৰোদ্ধে উপান্ত শিক্ষকৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্ত পৰিব কেতীয়া |
গত ৮ বছৰে দৰমহা বঞ্চিত শিৱসাগৰৰ ১৫৩০ প্ৰাথমিক শিক্ষকৰ দুৰৱস্থাক চৰকাৰে গুৰুত্ব দিব কেতীয়া , ভাৱৰ উৰকে নপৰে এই সকল শিক্ষকৰ |
প্ৰাপ্য বেতন লাভ নকৰাত দুৰ্ভগীয়া শিক্ষকৰ পৰিয়ালত পানীত হাঁহ নচৰা অৱস্থাত ককবকাইছে নানান সমস্যাত |
আৰ্থিক ভাবে বিপৰ্যস্ত হৈ পৰা শিক্ষাগুৰুৱে ছাত্ৰৰ ঘৰতে দিন হাজিৰা কৰি মুকলি কৰিব লগা হৈছে পেটৰ ভাত ৷ বিনা চিকিৎসাই সাৱটিব লগা হৈছে মৃত্যুক বহুকেইজন শিক্ষকে ৷ সন্তানক বঞ্চিত কৰিব লগা হৈছে শিক্ষা গ্ৰহণৰ পৰাওঁ ৷ উপায়ন্ত হৈ বঞ্চিত শিক্ষকৰ চৰম সিদ্ধান্ত লোৱাৰ দিশে গতি কৰিছে | অতী আচৰ্য্যকৰ তথা পৰিতাপৰ বিষয় যে শেষত
ইচ্ছামৃত্যু বিচাৰি ৰাষ্ট্ৰপতিলৈ আবেদন জনালে ৭ শতাধিক বঞ্চিত শিক্ষকে |
শিৱসাগৰৰ মূখ্য ডাকঘৰৰ পৰা ৰাষ্ট্ৰপতিলৈ ইচ্ছামৃত্যু বিচাৰি ৭ শতাধিকে আবেদন বেতন বঞ্চিত শিক্ষকৰ |
তদুপৰি শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তেওঁ আবেদন প্ৰেৰণ কৰিছে |
উল্লেখ্য যে ২০১২ চনৰ পৰাই শিৱসাগৰৰ ১৫৩০ শিক্ষকে বেতন বঞ্চিত হৈ থকাৰ ফলত শিক্ষাগুৰু সকল সন্মুখীন হৈ আহিছে বৰ্ণনাতীত কষ্টৰ ৷ কংগ্ৰেছ- বিজেপি সকলো চৰকাৰৰ দিনতে প্ৰৱঞ্চিত হৈ অহা এই দুৰ্ভৰ্গীয়া শিক্ষক সমাজে চৰকাৰী বিধি অনুযায়ী ১৯৯১ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত নিযুক্তি লাভ কৰিছিল যদিও চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ আজি পৰ্যন্ত বঞ্চনাৰ সন্মুখীন হৈ আহিছে ৷ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰৰ কেইবাখনো নিৰ্বাচনী সভাত বৰ্তমানৰ শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰ হলে, ৩ মাহৰ ভিতৰতে এই দুৰ্ভগীয়া শিক্ষকৰ সমস্যা সমাধান কৰা হব বুলি আশ্বাস দিছিল যদিও আজিকোপতি সমাধান নহল দুৰ্ভগীয়া শিক্ষকৰ সমস্যা ৷ নিৰ্বাচন আহিলেই প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰৰ ইছ্যু হৈ পৰা এই সকল দুৰ্ভগীয়া শিক্ষকে দীৰ্ঘদিনীয়া চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত অৱশেষত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিবলৈ বাধ্য হল ইচ্ছামৃত্যুৰ আবেদন ৷
শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

চাইঞ্চ মডেল আকস্মিক বক্তৃতাত জামুগুৰিহাটৰ হলি চাইল্ড ইংলিছ স্কুলৰ সাফল্য

চাইঞ্চ মডেল আকস্মিক বক্তৃতাত জামুগুৰিহাটৰ হলি চাইল্ড ইংলিছ স্কুলৰ সাফল্য
ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২১ জানুৱাৰী:তেজপুৰ কলেজিয়েট হাইস্কুলত যোৱাকালি শোণিতপুৰ জিলা ভিত্তিত অনুষ্ঠিত হোৱা চাইঞ্চ মডেল আকস্মিক বক্তৃতা প্ৰতিযোগীতাত জামুগুৰিহাটৰ হলি চাইল্ড ইংলিছ স্কুলৰ দুগৰাকীকৈ ছাত্ৰীয়ে ঈৰ্ষণীয় সাফল্য অৰ্জন কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷চিবিএছই পাঠ্যক্ৰমৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰী গায়ত্ৰী দাসে প্ৰতিযোগীতাখনিত প্ৰথম স্থান অৰ্জন কৰাৰ লগতে বিদ্যালয়খনৰে আন এগৰাকী ছাত্ৰী অনুসুয়া হাজৰিকাই অন পোষ্টাৰ ড্ৰয়িং প্ৰতিযোগীতাত দ্বিতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হয়৷বিদ্যালয়খনৰ অধ্যক্ষদ্বয় ক্ৰমে কুমাৰ নেৱাৰ আৰু সঞ্জয় নেৱাৰে জানিবলৈ দিয়ামতে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা এই দুগৰাকী ছাত্ৰীয়ে অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক প্ৰতিযোগীতাত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে৷মনকৰিবলগীয়া যে বিদ্যালয়খনৰ শিক্ষয়িত্ৰী যোগিতা চাহাৰ তত্বাৱধানত এই দুগৰাকী ছাত্ৰীয়ে প্ৰতিযোগীতাখনিত অংশগ্ৰহণ কৰিবলৈ গৈছিল৷জোন বৰা,জামুগুৰিহাট।

নাহৰকটীয়াত পূৰ্বাঞ্চল টাই সাহিত্য সভা ডিব্ৰুগড় জিলা সমিতি গঠন

পূৰ্বাঞ্চল টাই সাহিত্য সভা ডিব্ৰুগড় জিলা সমিতি গঠন

বিতু বৰুৱা : আজি নাহৰকটীয়াৰ চ্যুকাফা ক্ষেত্ৰত ওপৰুক্ত সমিতিৰ উদ্যোগত অসমৰ ভিন্ন প্ৰান্তৰ বিষয় ববীয়া জ্ঞাতী বৃন্দৰ উপস্থিতিত মুলুং প্ৰশিক্ষণৰ বিষয়টোক প্ৰাধান্য দি এখন জৰুৰী সভাৰ আয়োজন কৰে। সমান্তৰাল কৈ আমন্ত্ৰিত অতিথি,সংবাদ সেৱিক এখনি
কৈ ফুলাম গামোচাৰ মৰম জাছে।বিশেষ কৈ সমাজ সেৱক নৱ বুঢ়াগোহাঁই,নাহৰকটীয়া পৌৰ সভাৰ অধ্যক্ষ মুকুট ৰাজকোঁৱৰ,নৱ প্ৰজন্মৰ পথ পদৰ্শক,সমাজ সংগঠক,সেৱক তৰংগ গগৈ ,
লেখক, সাহিত্যিক প্ৰমুখ্যে কেইবাজনো বিশিষ্ট পন্ডিত ,ব্যক্তিৰ উপস্থিতিত পোন্ধৰ জন জ্ঞাতিক একোখনকৈ ফুলাম গামোচাৰে মৰম জাছে।শেষত
পৰম্পৰাগত খাদ্যৰে প্ৰীতি ভোজেৰে সভাৰ সামৰণি পৰে।

Recent Posts

গনৰাজ্য দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপাযুক্তৰ সংবাদমেল

  ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বাবে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত পেৰেডৰ অনুশীলন পূৰ্ণ গতিত চলি আছে। পেণ্ডেলৰ কামো চলি আছে। এইবাৰ পেৰেডৰ নেতৃত্ব ল’ব আছাম ৰাইফলছে– এইদৰে কয় কামৰূপ মহানগৰ জিলা উপযুক্ত বিশ্বজিৎ পেগুৱে। মঙলবাৰে কামৰূপ মহানগৰ জিলা উপযুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত …

Read More »

উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত হস্ততাঁত আৰু বস্ত্ৰ মেলা

  ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : ৰাজ্য চৰকাৰৰ বেচা কিনা নিগমৰ উদ্যোগত আৰু কেন্দ্ৰ চৰকাৰৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ সহযোগত গুৱাহাটীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ১৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে হস্ততাঁত আৰু বস্ত্ৰ মেলা। এই মেলা খন ১৮ জানুৱাৰীত আনুষ্ঠানিক ভাৱে মুকলি কৰে ৰাজ্য চৰকাৰৰ সমবায় আৰু আইন বিভাগৰ মন্ত্রী …

Read More »

আইদেউৰ বুলনি” কাৰ্যসূচী

  ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : অসমৰ লোক সংগীত,লোক-কলা আৰু লোক-সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ অভিনৱ কাৰ্যসূচী “আইদেউৰ বুলনি” । ব্যস্ত ৰাজনৈতিক কাৰ্যসূচীৰ লগতে ভাৰতীয় জনতা পাৰ্টিয়ে সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে সমাজৰ অৰ্ধ-আকাশ নাৰী সমাজক জৰিত কৰি আমাৰ ৰাজ্যখনৰ পাহাৰ-ভৈয়াম,ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকাৰ বাৰেৰহণীয়া পৰম্পৰাগত সংস্কৃতিৰ ব্যাপক প্ৰসাৰ-প্ৰচাৰৰ বাবে আৰম্ভ কৰা “আইদেউৰ বুলনি” …

Read More »

কা’ আন্দোলনত ছহিদ হোৱা ৫ গৰাকী ছহিদৰ বাবে বৰাকত স্থাপন কৰা হ’ব ছহিদ বেদী

  ষ্টাফৰিপৰ্টাৰ,,,২১ জানুৱাৰী। ইণ্ডিজোনাচ ফৰাম অফ আচাম’ৰ উদ্যোগত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰা হ’য়। সংবাদমেলত উপস্থিত থাকি ইণ্ডিজেনাচ ফৰাম অফ চাউথ আচামৰ প্ৰগ্ৰাম কো- অৰডিনেটৰ আব্দুল ৱাহাব তালুকদাৰে কয়”-আৰম্ভণিৰ পৰাই বৰাক উপত্যকাৰ বিভিন্ন খিলঞ্জীয়া সংগঠনে ‘কা’ৰ বিৰোধিতা কৰি আহিছে আৰু আন্দোলন কাৰ্যসূচী পালন কৰি আহিছে। কিন্তু এক …

Read More »

ড্ৰীম হাউছ প্ৰডাকশ্যনলৈ ঐক্যতান বঁটা

  ষ্টাফৰিপৰ্টাৰ,,,,২০ জানুৱাৰী।।উত্তৰ পূৱৰ মনোৰঞ্জন আৰু সংগীত জগতৰ আগশাৰীৰ প্ৰতিষ্ঠান ড্ৰীম হাউচ প্ৰডাকশ্যনলৈ আগবঢ়োৱা হৈছে ঐক্যতান বঁটা। দেশৰ প্ৰখ্যাত টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমী গুৱাহাটী তথা অসমলৈ লৈ অহাৰ সুবাদতেই এই প্ৰতিষ্ঠানটোলৈ আগবঢ়োৱা হৈছে এই বঁটা। দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান নিউজ ১৮ৰ অসমস্থ শাখা নিউজ ১৮ অসম, নৰ্থ ইষ্টৰ দ্বাৰা আয়োজিত ঐক্যতান …

Read More »

ভাৰতত সেৱা বন্ধ কৰিছে –উবেৰ ইটছে

  ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : দেশত অনলাইন ফুড ডেলিভাৰী ব্যৱসায়ৰ সবাতোকৈ ডাঙৰ অধিগ্ৰহণৰ চুক্তিৰ কথা ঘোষণাৰ পিছতেই ভাৰতত সেৱা বন্ধ কৰিছে উবেৰ ইটছে (Uber Eats)–এ। এই অধিগ্ৰহণৰ লগে লগে এছিয়াৰ অন্যতম বৃহৎ ফুড ডেলিভাৰী সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিলে জোমাটোৱে। দিল্লী আইআইটিৰ প্ৰাক্তন আইআইটিয়ান দীপেন্দ্র গয়ালৰ সংস্থা জোমাটো (Zomato), টুইট কৰি তেওঁ এই …

Read More »

শংকৰদেৱ শিশু নিকেতন আমবাৰীৰ ৰূপালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভ

  ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : শংকৰদেৱ শিশু নিকেতন আমবাৰীৰ ৰূপালী জয়ন্তী সমাৰোহৰ দুদিনীয়াকৈ সোমবাৰৰ পৰা শুভাৰম্ভ কৰা হৈছে। এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে মানৱ সম্পদ সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি ১৯৯৫ চনত স্থাপিত হোৱা শংকৰদেৱ শিশু-বিদ্যা নিকেতন, আমবাৰী, দাঁতালপাাৰাই অনিৰুদ্ধ প্ৰগতিৰ বাটত ধাৱমান হৈ পঞ্চবিংশতিতম্ বৰ্ষত পদাৰ্পন কৰিছে। ২৫ বছৰীয়া বৰ্ণিল …

Read More »

নুনমাটি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

  ষ্টাফৰিপোৰ্টাৰ, ২১ জানুৱাৰী : অসম সাহিত্য সভাৰ অন্যতম শাখা নুনমাটি সাহিত্য সভাৰ এখন কাৰ্যনিৰ্বাহক সভা সোমবাৰে অনুষ্ঠিত হয়। সভাৰ সভাপতি নৃপেন্দ্ৰ নাথ কাকতিৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক হৰমোহন কলিতাই। সভাৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ নাথ কলিতা, ডম্বৰুধৰ তালুকদাৰে আগন্তুক ২৫ আৰু ২৬ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত …

Read More »

হিমন্ত বিশ্বকে ধৰি বোকাখাতত কিয় পাঁচ শক্তিশালী মন্ত্ৰী

বোকাখাতত কিয় একেলগে বহিল পাঁচ শক্তিশালী মন্ত্ৰী বোকাখাতত পাঁচ গৰাকী মন্ত্ৰীৰ উপস্থিতিত বিভাগীয় উন্নয়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভাঃ বোকাখাতৰ পৰা পলিমা চেতিয়া বসুমতাৰী,২১ জানুৱাৰীঃ বোকাখাত মহকুমাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান লােৱাৰ উদ্দেশ্যে এখনি গুৰুত্বপূর্ণ সভা আজি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। এই সভাত অসম চৰকাৰৰ বিত্ত, শিক্ষা, স্বাস্থ্য …

Read More »

কে এল অৰ সৈতেও আলোচনাত বহিবলৈ কেন্দ্ৰক দাৱী কোঁচ ৰাজবংশী জাতীয় মহাসভাৰ

বিজনী ২১ জানুৱাৰীঃ শেহতীয়াকৈ এনডিএফবি(ছ)য়ে আলোচনাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰে কৰা যুদ্ধবিৰতিক চুক্তিক কোচ ৰাজবংশী জাতীয় মহাসভাই আদৰণি জনাইছে ৷ অনুৰূপ ভাবে দীৰ্ঘদিন ধৰি অসম পশ্চিম বংগকলৈ স্বাধীন কমতাপুৰ দাবী কৰি অহা সশস্ত্ৰ সংগঠন কেএলও (KLO)ৰ সতেও আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে ৷ আজি বিজনীত অনুষ্ঠিত কৰা …

Read More »

অসম সাহিত্য সভাৰ অধিবেশনৰ প্ৰস্তুতিৰ অগ্ৰগতি কেনে চলিছে

*অসম সাহিত্য সভাৰ অধিবেশনৰ অগ্ৰগতি সন্দৰ্ভত ” সংবাদ মেল “*   *সম্পুৰ্ণ প্লাষ্টিক আৰু প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টি কৰাৰো পৰিকল্পনা — সাহিত্য সভাৰ আদৰণি সমিতি* পহৰেদ আলী আহমেদ,ৰঙিয়া /উত্তৰ কামৰূপ, ২১ জানুৱাৰী – অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম সংখ্যক বৰ্ষৰ শুৱালকুছি অধিবেশনৰ প্ৰস্তুতি সন্দৰ্ভত আজি কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ ছপা মাধ্যম …

Read More »

আই আই টি গুৱাহাটীত “দ্বিতীয় গ্ৰাম্য সংবাদ ” সম্পন্ন।

আই আই টি গুৱাহাটীত “দ্বিতীয় গ্ৰাম্য সংবাদ ” সম্পন্ন। পঙ্কজ নাথ, চাংসাৰি, ২১ জানুৱাৰী : গ্ৰাম্য উন্নয়নকলৈ গুৱাহাটী আই আই টিত আজি মঙ্গলবাৰে ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন হৈ যায় I গ্ৰাম্য উন্নয়নক গতি প্ৰদান কৰিবলৈ ভাৰতৰ নবাগত উদ্যোগী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে গুৱাহাটী আই আই টিৰ CENTER FOR RURAL TECHNOLOGY- …

Read More »

৮ বছৰে বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ ৰাষ্ট্ৰপতিলৈ ইচ্ছামৃত্যুৰ আবেদন

শিৱসাগৰত শিক্ষক বিদ্ৰোহ : ৮ বছৰে বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ ৰাষ্ট্ৰপতিলৈ ইচ্ছামৃত্যুৰ আবেদন: বিগত নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্বই দিয়া আশ্বাস ফুটুকাৰ ফেনত পৰিণত: চৰকাৰী ষড়যন্ত্ৰত ২২-২৫ বছৰে নিয়মীয়া নহ’ল চাকৰি ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ২১ জানুৱাৰী : শিৱসাগৰত শিক্ষক বিদ্ৰোহে এক ভয়ংকৰ ৰূপ লোৱাৰ দিশে ধাৱমান | চৰকাৰী বঞ্চনাৰ …

Read More »

চাইঞ্চ মডেল আকস্মিক বক্তৃতাত জামুগুৰিহাটৰ হলি চাইল্ড ইংলিছ স্কুলৰ সাফল্য

চাইঞ্চ মডেল আকস্মিক বক্তৃতাত জামুগুৰিহাটৰ হলি চাইল্ড ইংলিছ স্কুলৰ সাফল্য ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২১ জানুৱাৰী:তেজপুৰ কলেজিয়েট হাইস্কুলত যোৱাকালি শোণিতপুৰ জিলা ভিত্তিত অনুষ্ঠিত হোৱা চাইঞ্চ মডেল আকস্মিক বক্তৃতা প্ৰতিযোগীতাত জামুগুৰিহাটৰ হলি চাইল্ড ইংলিছ স্কুলৰ দুগৰাকীকৈ ছাত্ৰীয়ে ঈৰ্ষণীয় সাফল্য অৰ্জন কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷চিবিএছই পাঠ্যক্ৰমৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰী …

Read More »

নাহৰকটীয়াত পূৰ্বাঞ্চল টাই সাহিত্য সভা ডিব্ৰুগড় জিলা সমিতি গঠন

পূৰ্বাঞ্চল টাই সাহিত্য সভা ডিব্ৰুগড় জিলা সমিতি গঠন বিতু বৰুৱা : আজি নাহৰকটীয়াৰ চ্যুকাফা ক্ষেত্ৰত ওপৰুক্ত সমিতিৰ উদ্যোগত অসমৰ ভিন্ন প্ৰান্তৰ বিষয় ববীয়া জ্ঞাতী বৃন্দৰ উপস্থিতিত মুলুং প্ৰশিক্ষণৰ বিষয়টোক প্ৰাধান্য দি এখন জৰুৰী সভাৰ আয়োজন কৰে। সমান্তৰাল কৈ আমন্ত্ৰিত অতিথি,সংবাদ সেৱিক এখনি কৈ ফুলাম গামোচাৰ মৰম জাছে।বিশেষ কৈ সমাজ সেৱক …

Read More »