Tuesday , October 15 2019
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

অসম সন্তানে অসমৰ নাম উজ্বলাইছে মায়া নগৰী মুম্বাইত

  ষ্টাফৰিপৰ্টাৰ, ৩১ জানুৱাৰী, অসমৰ বহু সন্তানে অসমৰ নাম যোৱা বহু বছৰৰ ধৰি জিলিকাই আহিছে বিশ্ববাসীৰ মাজত। এইবাৰ আন এজন অসম সন্তান কিংশোক মৰাণে বলিউডৰ বহুতো জনপ্ৰিয় বোলছবিত যেনে পদ্মাৱত, দঙ্গল, বাজিৰাও মাষ্টনী, উৰি: দি চার্জিকেল ষ্টাইক আৰু মণিকৰণিকা নিচিনা জনপ্ৰিয় ছবিত চাউণ্ড ডিজাইনইং কৰি নিজৰ লগতে অসমৰ নাম উজ্বলাই …

Read More »

তিনিচুকীয়াৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু

  ষ্টাফৰিপৰ্টাৰ, ৩০ জানুৱাৰী, তিনিচুকীয়াত বিজেপিৰ জিলা সভাপতি লক্ষেশ্বৰ মৰাণক আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৩টা সংগঠনৰ সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু। সভাপতিৰ লগতে সম্পাদকৰ বিৰুদ্ধেও তিনিচুকীয়া থানাত বিজেপিয়ে দাখিল কৰিলে এজাহাৰ। আছু, এ জে ৱাই চি পি আৰু কে এম এছ এছ ৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে গোচৰ ৰুজু। এজাহাৰত টকা আৰু …

Read More »

জয়মতী” শীৰ্ষক গীতৰ ভিডিও মুকলি

  ষ্টাফ ৰিূপোৰ্টাৰ,,,,,,৩০ জানুৱাৰী।।। মৈদাম এলবামৰ “জয়মতী” শীৰ্ষক গীতৰ ভিডিও বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয়। কন্ঠশিল্পী বৰষা বৰাই সুৰ আৰু কন্ঠৰে সজোৱা গীতটিৰ ভিডিও মুকলি কৰি সংগীত পৰিচালক দিগন্ত ভাৰতীয়ে কয় “গীতটিৰ কথা আৰু গীতটো খুব ভাল হৈছে। গীতটিত এটা সুন্দৰ চিন্তা আছে। গীতটিয়ে মোক খুব আকৰ্ষিত কৰিছে।” …

Read More »

Recent Posts

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫ সংখ্যক জন্মজয়ন্তী

 

ষ্টাফৰিপৰ্টাৰ, ১৪ অক্টোবৰ : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে গুৱাহাটী ক্লাবস্হিত প্ৰতিমূৰ্তিত শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈযে। ইফালে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন উপলক্ষে আজি বিয়লি গুৱাহাটী ক্লাৱৰ বেজবৰুৱা চ’কত বিয়লি ৫ বজাত বন্তি প্ৰজ্বলন আৰু ভগৱতী প্ৰসাদ বৰুৱা ভৱনত ওড়িশাৰ দীপক পাণ্ডাৰ Bezbaroa and Sambalpur গ্ৰন্থৰ অসমীয়া, বাংলা, দেউৰী,আৰু নেপালী ভাষালৈ অনুবাদ গ্ৰন্থৰ উন্মোচনী সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে পংকজ কুমাৰ দত্তই সম্পাদনা কৰা ‘বেজবৰুৱা’ শীৰ্ষক মুখপত্ৰও উন্মোচন কৰা হ’য়।

২০১৯ চনৰ অৰ্থনীতি বিজ্ঞানৰ বঁটা লাভ কৰে আমেৰিকাৰ তিনিগৰাকী শিক্ষাবিদে

ষ্টাফৰিপৰ্টাৰ, ১৪ অক্টোবৰ : বিশ্বৰ দাৰিদ্ৰ নিৰ্মূলকৰণৰ হকে যোগোৱা পৰীক্ষামূলক অৱদানৰ বাবে ২০১৯ চনৰ অৰ্থনীতি বিজ্ঞানৰ বঁটা লাভ কৰে আমেৰিকাৰ তিনিগৰাকী শিক্ষাবিদ অভিজিত বেনাৰ্জী, এছথাৰ ডাফল’ আৰু মাইকেল ক্ৰেমাৰে।
আমেৰিকাৰ মাছাচুছেটছ ইনষ্টিটিউট অফ টেকন’লজীত কৰ্মৰত বেনাৰ্জী ভাৰতীয় মূলৰ। একে প্ৰতিষ্ঠানৰ এছথাৰ ডাফল’ বিগত ৫০ বছৰত অৰ্থনীতিৰ ন’বেল বঁটা পোৱা দ্বিতীয় গৰাকী মহিলা। আনহাতে মাইকেল ক্ৰেমাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ।

ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ সময়সীমা ১৮ নবেম্বৰলৈ বৃদ্ধি

*ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ সময়সীমা ১৮ নবেম্বৰলৈ বৃদ্ধি*

*ৰঙিয়া মহকুমাত ব্যাপক তৎপৰতা*

প্ৰতিবেদক, ৰঙিয়া ১৪ অক্টোৱৰঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি সমগ্ৰ দেশ, ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাৰ অন্তৰ্গত কমলপুৰ আৰু ৰঙিয়া বিধান সভা সমষ্টিতো ভোটাৰ তালিকাত ভোটাৰৰ নাম পৰীক্ষণৰ কাৰ্যসূচীৰ ব্যাপক তৎপৰতা চলি আছে আৰু কাইলৈ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছিল যদিও শেহতীয়াভাৱে এই সময়সীমা ১৮ নবেম্বৰলৈ বৃদ্ধি কৰা হৈছে ৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ নং ২৩/২০১৯-ইআৰএছ (ভল-iii) দিনাংক ১২ অক্টোবৰ ২০১৯ নিৰ্দেশনামৰ্মে ভোটাৰ ৰাইজৰ সুবিধাৰ্থে পূৰ্বৰ উক্ত সময়সীমাৰ বিপৰীতে অহা ১৮ নবেম্বৰলৈ সম্প্ৰসাৰণ কৰি ভোটাৰ তালিকাৰ বাবে ভোটাৰৰ নাম পৰীক্ষণৰ অন্তিম দিন হিচাবে ধাৰ্য কৰিছে । এনেক্ষেত্ৰত যি সকল ভোটাৰে এতিয়ালৈকে তেওঁলোকৰ নামসমূহ ভোটাৰ তালিকাত পৰীক্ষণ কৰা নাই তেওঁলোকে ১৮ নবেম্বৰ’২০১৯ ৰ ভিতৰত ডাব্লিউ ডাব্লিউ ডাব্লিউ. এনভিএছপি. ইন, ভোটৰ হেল্পলাইন, কল হেল্পলাইন ১৯৫০,ভিজিট ইআৰও অফিচ, ভোটৰ ফেচিলিটি চেন্টাৰৰ যোগেদি নাম সমূহ পৰীক্ষণ বাবে পদ্ধতি অৱলম্বন কৰিব পাৰিব । এই নাম পৰীক্ষণ কাৰ্যসূচীত ভোটাৰে নিজৰ ইপিক নম্বৰ সন্নিবিষ্ট ভোটাৰ পৰিচয় পত্র, ফটোযুক্ত অন্য এবিধ অনলাইনত বিচৰা তথ্য আৰু মোৱাইল ফোনৰ সহায়ত পৰীক্ষণ কৰিব পাৰিব। ইয়াৰ উপৰিও যদি কাৰোবাৰ নাম , বয়স বা কোনো সম্পৰ্কীয় লোক আদিৰ কিবা সংশোধনীৰ আৱশ্যক থাকে তেনেহলে তেওঁলোকৰ উপযুক্ত তথ্যপাতিৰ প্ৰয়োজন হব।এই সন্দৰ্ভত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ লগতে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মাই সমগ্ৰ ৰাজ্যৰ লগতে ৫৬ নং কমলপুৰ বিধান সভা সমষ্টি আৰু ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিতো অহা ১৮ নবেম্বৰৰ অন্তিম দিনলৈ ভোটৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী চলি থাকিব বুলি জানিবলৈ দিয়ে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

প্ৰাক্তন ছাত্ৰ নেতা নিৰেশ্বৰ ৰাভাৰ মৃত্যু

 

ষ্টাফৰিপৰ্টাৰ, ১৪ অক্টোবৰ : সদায় অসম ছাত্ৰ সন্থাৰ নেতা বিপুল ৰাভা ককায়েক সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা নিৰেশ্বৰ ৰাভাৰ দেওবাৰে নিশা ১২ বজাত হায়াত হস্পিতালত মৃত্যু হয়।
সোমবাৰে জটিয়াৰ নিজ বাসভৱনৰ পৰা দিনৰ ১০ বজাত জটিয়া শ্মশানত শেষ সৎকাৰৰ বাবে লৈ যোৱা হয়।

শান্তি সাধনা আশ্ৰমত সম্বৰ্ধনা সভা সম্পন্ন

 

ষ্টাফৰিপৰ্টাৰ,১৪ অক্টোবৰ : বশিষ্ঠত স্থিত শান্তি সাধনা আশ্ৰমত সোমবাৰে বলি নাৰায়নৰ সভাপতিত্বত এটি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে ৰূপ নৰগৰ নামঘৰৰ বাপ সকল আৰু গণেশ নগৰৰ বাপ সকলে মিলি নাম সংকীৰ্তনেৰে কাৰ্যৰ শুভাৰম্ভ কৰে। শান্তি সাধনা আশ্ৰমৰ সদস্য সকলে মিলি পহিলা ছেপ্টেম্বৰ আশ্ৰমৰ কুলপতি হেমভাই কেপিটেল ফাউণ্ডেচন নামৰ এটি অনুষ্ঠানে “বিনোবা ভাৱে ” অন্তৰাৰাষ্টীয় পূৰস্কাৰে সম্মানিত কৰে, আৰু ২২ ছেপ্টেম্বৰত বিহাৰৰ ভাগল পুৰত অংগ মদদ ফাউন্ডেশ্বন নামৰ এটি সংগঠনে আশ্ৰমৰ সেৱিকা নয়নতৰাক সমাজ সেৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য কাৰ্যৰ কাৰণে “শ্বহীদ তিলকা মাঝি” ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানীত কৰে আৰু লগতে ২০১৫ চনৰ ১৫ আগষ্টত ধুবুৰী জিলাৰ উপায়ুক্ত ই নীলিমা ফুকনকো সমাজ সেৱাৰ কাৰণে এটি সন্মমান জনায়। সেই উপলক্ষে আশ্ৰম পৰিয়ালৰ সকলোৱে মিলি অন্তৰাৰাষ্টীয়, ৰাষ্ট্ৰীয় আৰু জিলা পয্যায়ত সন্মনান অৰ্জন কৰি অনুষ্ঠানলৈ, সমাজলৈ আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে তিনিও গৰাকী ব্যক্তিকে আশ্ৰমৰ ফালৰ পৰা অংগ বস্ত্ৰৰে সন্মানীত কৰে।
আশ্ৰমৰ ব্যৱস্থাপক বাবুলাল বিদ্ৰুমে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । আশ্ৰমৰ মেনেজিং ট্ৰাষ্টি প্ৰশান্তি দত্ত আৰু আশ্ৰমৰ নিৰ্দেশিকা প্ৰজ্ঞা পাৰমিতা দত্ত ই স্মাৰক পত্ৰ পাঠ কৰে আৰু জ্যোতিপ্ৰসাদ বৰা, ভগৱান বৈশ্য, পদ্ম শইকীয়া, কুঞ্জলতা ভূঞা, ভাগ্যৱতী দাস আৰু বহু গণ্য মান্য বক্তিয়ে বক্তব্য ৰাখি সন্মানীত সকলক আশীৰ্বাদ দিয়ে। আনন্দ বৰগোঁহাইয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি সভা ভংগ কৰে।

বঙাইগাঁৱত কাঠৰ দলং ভাঙি নৈত পৰিল বাহন

বঙাইগাঁৱত কাঠৰ দলং ভাঙি নৈত পৰিল বাহন

বঙাইগাঁওঃ১৪ অক্টোৱৰঃ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁৱৰ বেতবাৰীত আজি আবেলিৰ ভাগত কুঁজীয়া নৈৰ ওপৰত থকা কাঠৰ দলং ভাঙি এখন বলেৰো পিক আপ ভান নৈত পৰে ৷ এই ঘটনাত বাহনখনত থকা চালসহ পাঁচজনকৈ লোক কথমপি ৰক্ষা পৰে ৷ কুঁজীয়া নৈৰ ওপৰত থকা কাঠৰ দলংখনে নৈখনৰ দুই পাৰে থকা বেতবাৰী আৰু চোৰাপাৰা গাঁওবাসীক সংযোগ কৰিছিল ৷ জানিব পৰা মতে আবেলি বেতবাৰীৰ দিশৰ পৰা বাহনখন চোৰাপাৰালৈ বুলি গৈছিল ৷ কিন্তু উভতি অহাৰ সময়তে ঘটে এই অঘটন ৷ বাহনখন দলঙত উঠাৰ পিচতে ইটো মূৰৰ পৰা দলংখন ভাঙিবলৈ ধৰে আৰু বাহনখন তললৈ পৰি যায় ৷ লগতে দলংখনো সম্পূৰ্ণৰূপে ভাঙি নৈত পৰে ৷ ফলত চোৰাপাৰাবাসী ৰাইজৰ ইটো পাৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ উল্লেখ্য যে কুঁজীয়া নৈৰ ওপৰৰ এই কাঠৰ দলংখন অসম আৰক্ষীৰ প্ৰজেক্ট প্ৰহৰীৰ অধীনত বিগত ২০০২ চনত সেই সময়ৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই উদ্বোধন কৰিছিল ৷ তেতিয়াৰে পৰা বেতবাৰী আৰু চোৰাপাৰা বাসীৰ যোগাযোগৰ মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছিল এই দলংখনে ৷ ঊনৈশ বছৰ ধৰি ৰাইজে এই কাঠৰ দলংখনেৰে যাতায়াত কৰি আহিছিল যদিও ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰিছিল দলংখন ৷ ইপিনে দলংখন ভাঙি পৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে দলংখন মেৰামতি কৰাৰ লগতে কাঠৰ দলংখনৰ ঠাইত এখন পকী দলং নিৰ্মাণৰ বাবে বহুবাৰ স্থানীয় বিধায়ক তথা বৰ্তমানৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফনীভূষণ চৌধুৰীক অনুৰোধ কৰাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ মেৰামতিৰ নামত কেৱল ওপৰৰ অংশৰ সাধাৰণ মেৰামতি কৰি অহাৰ ফলতে এইদৰে দলংখন ভাঙি পৰিল বুলি অভিযোগ কৰে ৷ লগতে স্থানীয় ৰাইজে অতি শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰি ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷ উল্লেখ্য যে দলংখনেৰে চোৰাপাৰাৰ পৰা বেতবাৰী তথা বঙাইগাঁওলৈ বিভিন্ন বিদ্যালয়লত পঢ়া- শুনা কৰা কণ কণ ছাত্ৰ – ছাত্ৰীৰ লগতে বিভিন্ন ছাত্ৰ -ছাত্ৰী, চাকৰিয়াল আদিকে ধৰি সৰ্বস্তৰৰ ৰাইজ অহা যোৱা কৰিছিল ৷ সেয়ে দলংখন ভাঙি পৰাত এইসকল লোক সমস্যাৰ সন্মুখীন হৈছে ৷

জামুগুৰিহাটত গুৱাহাটী ফ’ৰামৰ উদ্যোগত কণ কণ ছাত্ৰ ছাত্ৰীক ঢোঁলৰ প্ৰশিক্ষণ

#জামুগুৰিহাটত গুৱাহাটী ফ’ৰামৰ উদ্যোগত কণ কণ ছাত্ৰ ছাত্ৰীক ঢোঁলৰ প্ৰশিক্ষণ৷
#সঠিক আৰু শুদ্ধ ৰূপত ঢোঁলৰ প্ৰশিক্ষণত গুৰুত্ব৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: অসমীয়া লোকবাদ্য ঢোঁলৰ সঠিক আৰু শুদ্ধ ৰূপত উপস্থাপন তথা ঢোলবাদ্যৰ প্ৰতিটো চেঁও শুদ্ধৰূপত আয়ত্ব কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি জামুগুৰিহাটত কণ কণ প্ৰশিক্ষাৰ্থীসকলৰ মাজত এক ঢোঁল বাদনৰ প্ৰশিক্ষণ শিৱিৰ আৰম্ভ হৈছে৷জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাৰ চৌহদত “জামুগুৰিহাট গুৱাহাটী ফ’ৰাম”ৰ সৌজন্যত আৰু ৮৫ সংখ্যক জামুগুৰি বিহুমেলাৰ সহযোগত যোৱা ১২ ছেপ্টেম্বৰৰপৰা আৰম্ভ হোৱা এই ৬ মহীয়া প্ৰশিক্ষণ শিৱিৰত প্ৰায় শতাধিক কণ কণ প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে৷প্ৰতি সপ্তাহৰ শণি আৰু ৰবিবাৰে বিয়লি ২ বজাৰপৰা আৰম্ভ এই প্ৰশিক্ষণ শিবিৰত ঢোঁলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে বিশিষ্ট ঢুলীয়া-ঢোঁলৰ ওজা তথা বিচাৰক নিৰঞ্জণ গোস্বামী,বিশিষ্ট ঢুলীয়া-বিচাৰক জোনমণি বৰুৱা,ঢুলীয়া জুমণি শইকীয়া,জ্যোতিপ্ৰসাদ বৰুৱাকে ধৰি কেবাগৰাকীও খ্যাতনামা ঢোঁলবাদকে৷প্ৰশিক্ষণৰ সময়চোৱাত প্ৰশিক্ষকসকলে লোকবাদ্য ঢোঁলৰ প্ৰতিটো চেঁও সঠিক আৰু শুদ্ধ ৰূপত উপস্থাপন কৰোৱাৰ ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকলক প্ৰতিটো বিষয় আয়ত্ব কৰোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷প্ৰয়াত শিল্পী হলি বৰাৰ সোঁৱৰণত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক ঢোঁলবাদনত পাৰ্গত হৈ অসমীয়া সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ’ব বুলি মত ব্যক্ত কৰে “জামুগুৰিহাট গুৱাহাটী ফ’ৰাম”ৰ সম্পাদক বেদব্ৰত বৰা,সহযোগী সম্পাদক ড° কন্দৰ্প শইকীয়া আৰু কাৰ্যালয় সম্পাদক ঈশ্বৰ চন্দ্ৰ বৰাই৷লোকসংস্কৃতিৰ সাধক তথা এগৰাকী সুযোগ্য জামুগুৰীয়া সন্তান প্ৰয়াত শিল্পী হলি বৰাই ৮০ আৰু ৯০ৰ দশকতে ভাৰত চৰকাৰৰ ছং এণ্ড ড্ৰামাৰ জৰিয়তে এটি থলুৱা শিল্পীৰ দল লগত লৈ জামুগুৰিহাটৰ বিহু আৰু শংকৰী কলা সংস্কৃতিক ভাৰতবৰ্ষত প্ৰচাৰ আৰু প্ৰসাৰৰ উপৰিও প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল৷এইগৰাকী মহান ব্যক্তিৰ সোঁৱৰণত শুদ্ধ আৰু নিখুত ৰূপত ঢোঁলৰ প্ৰশিক্ষণ শিবিৰ অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটত অনুষ্ঠিত হোৱাটো এক প্ৰশংসনীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে৷উল্লেখ্য যে বিভিন্ন কৰ্মসুত্ৰে গুৱাহাটীলৈ গৈ গুৱাহাটীৰ বাসিন্দা হৈ পৰা লোকসকল একত্ৰিত হৈ বিগত সময়ত গঠণ কৰিছিল “জামুগুৰিহাট গুৱাহাটী ফ’ৰাম” নামৰ এটি অনষ্ঠান আৰু এই অনুষ্ঠানটিয়ে ইতিমধ্যে জামুগুৰিহাটৰ বিহু সংস্কৃতিৰ ওপৰত বিগত বৰ্ষসমুহতো কেবাটিও ইতিবাচক কাৰ্য্যসুচী হাতত লৈছে৷জামুগুৰিহাটৰ বিহু,কলা-সংস্কৃতি ৰাজ্যখনৰ লগতে দেশবাসীৰ আগত সঠিক ৰূপত তুলি ধৰাৰ উদ্দেশ্যৰেই বিহু সংস্কৃতিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা “জামুগুৰিহাট গুৱাহাটী ফ’ৰাম”ৰ বিষয়ববীয়া তথা সদস্যসকলে৷যিটো সময়ত একাংশ লোকে অসমীয়া সংস্কৃতি বিকৃত কৰাৰ অভিযোগ উঠিছে সেই সময়ত অসমীয়া সংস্কৃতিৰ অভিন্ন অংগ ঢোঁলৰ প্ৰতিটো চেঁও বা দিশ এইদৰে শুদ্ধ আৰু সঠিক ৰূপত উপস্থাপন কৰি স্বকীয়তা ৰক্ষাৰ বাবে আগবাঢ়ি অহা “জামুগুৰিহাট গুৱাহাটী ফ’ৰাম”ৰ এই উদ্যোগ এক ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে৷
জোন বৰা,জামুগুৰিহাট।

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ সৃষ্টি কৰা জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গৰ পৰিচালনাত নিৰ্মাণ হোৱা কাঞ্চনজংঘা চলচিত্ৰখন অাজি জামুগুৰিহাটত প্ৰদৰ্শিত হ’ব৷জামুগুৰিহাটৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠণ “সুবিধা”ৰ উদ্যোগত জামুগুৰিহাটৰ বাপুজি ভৱনত প্ৰজেক্টৰৰ দ্বাৰা মুক্তিৰ পূৰ্ৱেই জনপ্ৰিয়তাৰ শীৰ্ষত থকা চলচিত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে৷বে-চৰকাৰী সংস্থা “সুবিধা”ৰ সভাপতি প্ৰদ্যুন্ন হাজৰিকা আৰু সম্পাদক অপূৰ্ৱ ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে বাপুজি ভৱন প্ৰেক্ষাগৃহত বিয়লি ৫ বজাত প্ৰথম দৰ্শনি প্ৰদৰ্শিত হোৱাৰ পিছত নিশা ৮ বজাত দ্বিতীয় প্ৰদৰ্শনি দেখুওৱা হ’ব৷এসময়ত অসমীয়া চলচিত্ৰ চাবলৈ পৰুৱাৰ দৰে লানি নিচিগা সোঁত বোৱা জামুগুৰিহাটত দুই দশকৰো পূৰ্ৱে ব্যৱসায়িক কেন্দ্ৰস্থলটোৰ মাজমজিয়াত থকা “শ্ৰী মন্ত টকিজ” নামৰ ছবিগৃহটি বন্ধ হৈ পৰাৰ পাছত ছবিগৃহৰ ভিতৰত চিনেমা চোৱাৰ পৰা বঞ্চিত হ’বলগা হয় বৃহত্তৰ জামুগুৰিবাসী ৰাইজ৷অৱশ্যে পৰৱৰ্তী সময়ত অসমীয়া ছবিৰ দুখলগা অৱস্থায়ো জামুগুৰিবাসী ৰাইজক নিৰাশ কৰিছিল৷শেহতীয়াভাৱে অসমীয়া ছবিলৈ সহণালী দিন উভতি অহাৰ সময়ত কেবাখনো মুক্তিপ্ৰাপ্ত জনপ্ৰিয় ছবি উআভোগ কৰাৰপৰা বঞ্চিত হয় জামুগুৰিবাসী ৰাইজ৷ইফালে জামুগুৰিহাটৰ পৰা ২৫ কি:মি: নিলগত থকা বিশ্বনাথ চহৰৰ মাজমজিয়াত থকা দুটাকৈ বৃহৎ ছবিগৃহও বন্ধ হৈ পৰাত ছলচিত্ৰপ্ৰেমী ৰাইজ বাৰুকৈ হতাশ হৈ পৰিছিল৷অৱশ্যে জামুগুৰিহাটৰপৰা ৫২ কি:মি: দুৰৈত থকা তেজপুৰ চহৰৰ ছবিগৃহ কেইটাত সকলোৰে বাবে গৈ চলচিত্ৰ চোৱাটো সম্ভৱপৰ নহয়৷যাৰবাবে অনাগত দিনত কেবাখনো জনপ্ৰিয় ছবি চোৱাৰপৰা বঞ্চিত হ’বলগা হয় গৰিষ্ঠসংখ্যক বৃহত্তৰ জামুগুৰিবাসী ৰাইজ৷ছলচিত্ৰ গৃহৰ অভাৱে নিৰাশ কৰি পেলোৱাৰ সময়তে জুৱিন গাৰ্গৰ পৰিচালনাত মুক্তি লাভ কৰা বিগ বাজেটৰ ছবি “কাঞ্চনজংঘা” এইদৰে জামুগুৰিহাটৰ বাপুজি ভৱনত প্ৰজেক্টৰৰ দ্বাৰা প্ৰদৰ্শিত কৰিবলৈ লোৱা ব্যৱস্থাই অসমীয়া ছলচিত্ৰ প্ৰেমী ৰাইজক আনন্দিত কৰি তুলিছে৷
জোন বৰা,জামুগুৰিহাট।

সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যৰ আলোচনাচক্ৰ সম্পন্নঃ

সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যৰ আলোচনাচক্ৰ সম্পন্নঃউন্মোচন হ’ল বিভাগটোৰ প্ৰাচীৰ পত্ৰিকা “অংকুৰ”

উৰিয়ামঘাটঃ১৪ অক্টোবৰঃসৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যত “অসমীয়া কাব্য সাহিত্য” আৰু “লোক সংস্কৃতি” শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়।সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহন কৰা আলোচনাচক্ৰখনিৰ সঞ্চালনা কৰে বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰনৱ ঢেকিয়াল ফুকনে। ৰবপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ধ্ৰুৱজ্যোতি কোঁৱৰ সমল ব্যক্তি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ উদ্বিপ বৰা আৰু ভূপেন শইকীয়াই।সান্তনা বৰা,যোগল সোধ, অনামিকা ছন্দ,বিভা ৰাভা,সুস্মিতা গগৈ,দেৱজিৎ বৰা,বিনীতা ৰাজবংশী, বিনীতা বড়ো,আছমা বেগম,মৌচুমী চন্দ,বিভা ৰাভা, ৰিতুঞ্জয় কৌশিক,হৰেশ্বৰী বসুমতাৰী,সেবিকা শইকীয়া,মন্টু গড়,অংকুৰজ্যোতি বৰা,মুকুল গগৈ,অলিম্পিয়া শইকীয়া , প্ৰভূতি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিষয়ৰ প্ৰায় কুৰিখন আলোচনা পত্ৰ পাঠ কৰে।অসমীয়া বিভাগৰ ড° অমৰ শইকীয়া, ভাৰতী শইকীয়া,জাহ্নবী গগৈ উপস্থিত থকা বিভাগৰ এই প্ৰয়াসে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰভূত উপকাৰ সাধিব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে আলোচনাচক্ৰৰ অন্তত সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাচীৰ পত্ৰিকা “অংকুৰ” উন্মোচন কৰে আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থকা ধ্ৰুৱজ্যোতি কোঁৱৰে।

বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা,লোকসংগীত শিৰোমণি গোকুল পাঠকৰ আজি ওপজা দিন

●বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা,লোকসংগীত শিৰোমণি গোকুল পাঠকৰ আজি ওপজা দিন●
●সাহিত্য সভা ভৱনত বৰ্ণাঢ্য আয়োজন■উন্মোচন হ’ব “সাতচল্লিছৰ পোন্ধৰ আগষ্টত ক’লা পতাকা উৰুৱাই মই গকুল পাঠকে কৈছোঁ”●
●গীতিকাৰ-সুৰকাৰ সুধীৰ দাসলৈ ‘লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা●

কাঞ্জল দাস,বৰপেটা : সত্ৰ নগৰী বৰপেটাৰ গৌৰৱ তথা বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা, লোকসংগীত শিৰোমণি গোকুল পাঠকৰ আজি ৯৪ সংখ্যক ওপজা দিন । বহু প্ৰতিভাৰে প্ৰতিভাত তথা অসমৰ বৌদ্ধিক জগতৰ নক্ষত্ৰস্বৰূপ এইজনা গোকুল পাঠকৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আছে যথেষ্ট অৱদান ।নিজৰ দক্ষতা আৰু সততাৰে নিজ দায়িত্ব পালন কৰি বৰপেটা জিলাৰ অন্যতম এক সত্তা হিচাপে পৰিগণিত হোৱা গোকুল পাঠক হ’ল একেধাৰে গীতিকাৰ, সুৰকাৰ, লোক-গীতৰ শিৰোমণি, অভিনেতা, নাট্যকাৰ, সাংবাদিক । সত্ৰ নগৰীৰ এইজনা আদৰ্শ পুৰুষৰ ৯৪ সংখ্যক ওপজা দিনত বৰপেটাবাসীয়ে জনাইছে হৃদয়ৰ নিভৃত কোণৰ হাৰ্দিক অভিনন্দন । একেই আপাহতে গোকুল পাঠক জন্ম জয়ন্তী উদযাপন সমিতিয়ে ১৪ অক্টোবৰৰ আবেলি চাৰি বজাত বৰপেটা সাহিত্য সভা ভৱনত ‘জন্মদিন জন্মদিন শুভ জন্মদিন’ শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰিছে ।অনুষ্ঠানত বৰপেটাৰ অন্যতম সামাজিক-সাংস্কৃতিক সংগঠন ‘নৱ উন্মেষ গোষ্ঠী’য়ে প্ৰকাশ কৰি উলিওৱা এখনি কাব্যপুথি উন্মোচন কৰা হ’ব।সম্পূৰ্ণ অগতানুগতিক কবিতা পুথিখনত সন্নিবিষ্ট হৈছে মাত্ৰ এটি কবিতা।প্ৰাক্তন ছাত্ৰনেতা তথা প্ৰবন্ধকাৰ গোবিন্দ গায়নে লিখা সু-দীঘল কবিতাটিৰ নাম “সাতচল্লিছৰ পোন্ধৰ আগষ্টত ক’লা পতাকা উৰুৱাই মই গোকুল পাঠকে কৈছো”।এই অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে গোষ্ঠীৰ সভাপতি আৰু সম্পাদক ক্ৰমে প্ৰদীপ দাস আৰু হেমন্ত ডেউৰীয়ে ।উল্লেখ্য যে এই অনুষ্ঠানতে জন্ম জয়ন্তী উদযাপন সমিতিয়ে এইবৰ্ষৰ “লোকসংগীত শিৰোমণি শ্ৰীগোকুল পাঠক বঁটা” প্ৰদান কৰিব প্ৰথিতযশা শিল্পী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বৃকীতিপ্ৰাপ্ত গীতিকাৰ-সুৰকাৰ সুধীৰ দাসক।উদযাপন সমিতিৰ সম্পাদক নাৰায়ণ পাঠকে অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহযোগিতা কামনা কৰিছে । ইফালে বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা, মথুৰাদাস বুঢ়াঅাতা বঁটা তথা বৰপেটা বঁটা প্ৰাপক শ্ৰদ্ধেয় গোকুল পাঠকৰ জন্মদিনৰ পবিত্ৰ দিনটোত ‘খিলঞ্জীয়া সুৰক্ষা বাহিনী,অসম’ৰ আহ্বায়ক তথা বৰপেটা জিলা সমিতিৰ অধ্যক্ষ অনিল কুমাৰ দাসে পাঠক দেৱক শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছে।

চিৰাঙৰ পাণবাৰীত আৰক্ষী-সেনা আৰু চি আৰ পি এফৰ যৌথ অভিযান

চিৰাঙৰ পাণবাৰীত আৰক্ষী-সেনা আৰু চি আৰ পি এফৰ যৌথ অভিযান

বন্দুক, সজীৱ গুলী, গ্ৰেণেডসহ গ্ৰেপ্তাৰ এন ডি এফ বিৰ লিংকমেন

বঙাইগাঁওঃ ১৩ অক্টোবৰঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ গাব্ৰুখুন্দা নামৰ অঞ্চলটোত বিগত ২৩ ছেপ্টেম্বৰত সেনা-আৰক্ষীৰ দলে এন ডি এফ বিৰ ছাৰাগৌৰা গোটৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰাৰ পাছত সেনা আৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে তৎপৰতা ৷ লগতে উগ্ৰপন্থী সংগঠনটোৰ কাম কাজত বিশেষ নজৰ ৰাখিছে সেনা-আৰক্ষীয়ে ৷ ইয়াৰ মাজতে শনিবাৰে এক গোপন তথ্যৰ ভিত্তিত আৰক্ষী, সেনা আৰু চি আৰ পি এফ বাহিনীয়ে চলোৱা যৌথ অভিযানত এন ডি এফ বিৰ এজন লিংকমেনক মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটোয়ে৷
চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী দৈমুগুৰিত পাণবাৰী থানাৰ আৰক্ষী, সেনাৰ পঞ্চম গাৰোৱাল ৰাইফল আৰু চি আৰ পি এফৰ ১৫৬ নম্বৰ বেটেলিয়নৰ যৌথ অভিযানত যোৱা নিশা মাৰণাস্ত্ৰসহ এন ডি এফ বিৰ লিংকমেনজন গ্ৰেপ্তাৰ হয় । নিশাৰ পৰা চলোৱা যৌথ অভিযানত দৈমুগুৰি গাঁৱৰ ৰাজু ব্ৰহ্ম নামৰ ২৩ বছৰীয়া যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ জিম্মাত থকা আৰু ঘৰৰ চৌহদৰ মাটিত পুতি থোৱা অৱস্থাত ৰখা কাৰখানাত নিৰ্মিত এটা এছ বি বি এল বন্দুক , ৭.৬২ এম এম একে ৪৭ ছিৰিজৰ ৰাইফলৰ ১০ টা সজীৱ গুলী আৰু এইছ ই ৩৬ গ্ৰেণেড এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিপূৰ্বে ১২ অক্টোবৰত ধুবুৰী জিলাৰ বিলাসীপাৰাত গ্ৰেপ্তাৰ হোৱা এন ডি এফ বিৰ(ছা) কেডাৰ সুনীলাল বড়োৰ সৈতে মানাহ অভয়াৰণ্যত এন ডি এফ বিৰ খাদ্য সামগ্ৰী যোগান ধৰিছিল বুলি ধৃত ৰাজু ব্ৰহ্মই আৰক্ষীৰ আগত স্বীকাৰ কৰিছে । লগতে ধৃত ৰাজু ব্ৰহ্মই ইয়াৰ পূৰ্বতেও গঁড় হত্যা গোচৰত জেললৈ গৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে লিংকমেনজন মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হোৱাৰ পাছত পাণবাৰী থানাত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷

অসমৰ প্ৰাক্তন আবকাৰী আয়ুক্ত তথা গোৱালপাৰা জিলাৰ প্ৰাক্তন উপায়ুক্ত খগেন্দ্ৰনাথ বুঢ়াগোহাঞিৰ মৃত্যু

অসমৰ প্ৰাক্তন আবকাৰী আয়ুক্ত তথা গোৱালপাৰা জিলাৰ প্ৰাক্তন উপায়ুক্ত খগেন্দ্ৰনাথ বুঢ়াগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ও আইৰাৰ সভাপতি, সম্পাদকৰ।

পঙ্কজ নাথ, চাংসাৰি, ১৪ অক্টোবৰ :

অসমৰ প্ৰাক্তন আবকাৰী আয়ুক্ত, গোৱালপাৰা জিলাৰ প্ৰাক্তন উপায়ুক্ত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া খগেন্দ্ৰনাথ বুঢ়াগোহাঞিয়ে কালি গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। I ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া গৰাকীৰ বিয়োগত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই গভীৰ শোক প্ৰকাশ কৰি প্ৰাক্তন বিষয়া গৰাকীৰ আকস্মিক বিয়োগৰ বাতৰিয়ে তেখেতক ব্যথিত কৰি তোলে বুলি উল্লেখ কৰে। ইয়াৰ লগতে বিষয়া গৰাকীৰ মৃত্যুত অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্চ এছোচিয়েচন চমূকৈ আইৰাৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক পঙ্কজ নাথ আৰু ৰাজ্যিক সভাপতি কিৰণ কুমাৰ গগৈয়েও বিষয়া গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে কালি মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা বুঢ়়াগোহাঞিৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৭৫ বছৰ। গুৱাহাটী মহানগৰৰ বেলতলাৰ শঙ্কৰ নগৰ লখিমি পথৰ বাসিন্দা খগেন্দ্ৰনাথ বুঢ়াগোহাঞি মৃত্যুৰ সময়ত পত্নী মিনতি বুঢ়াগোহাঞি দুজন লৰা আৰু দুজন নাতি ল’ৰা এৰি থৈ গৈছে । কালি তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেখেতৰ শুভাকাংক্ষী আৰু আত্মীয় সকলে গভীৰ দুখ প্ৰকাশ কৰি তেওঁৰ আত্মাৰ সদগতিৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

সৰুপেটাত মৃতদেহ উদ্ধাৰ

সৰুপেটাত মৃতদেহ উদ্ধাৰ

সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৩ অক্টোৱৰঃ সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত বৰলীয়াপাৰাৰ নিৰুদিষ্ট এগৰাকী লোকৰ মৃতদেহ আজি অজাসস্তৰত উদ্ধাৰ হয়। জানিব পৰা মতে, তাৰিণী দাস নামৰ ৭৫ বছৰ বয়সীয়া লোক গৰাকী কালি দুপৰীয়া ঘৰৰ পৰা ওলাই গৈ নিৰুদিষ্ট হৈ আছিল। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ- খোচাৰ কৰিও লোকজনৰ সন্ধান উলিয়াব পৰা নাছিল কিন্তু আজি ৰাতিপুৱা ৯:৩০ মান বজাত সৰুপেটা অজাসস্তৰ গাঁৱত বি. বি ৰোডৰ দাঁতিৰ পুখুৰী এটাত লোকজনৰ মৃতদেহটো স্থানীয় লোক কেইজনমানৰ প্ৰত্যক্ষ হয়। অৱশেষত, প্ৰত্যক্ষদৰ্শী কেইজনে মৃতদেহটো চিনাক্ত কৰি পৰিয়ালৰ লোকক অৱগত কৰে।

কুসুমটোলাত ৩ হাজাৰৰো অধিক চুলাই মদ নষ্ট

#জামুগুৰি আৰক্ষীৰ বিশেষ অভিযান৷
#কুসুমটোলাত ৩ হাজাৰৰো অধিক চুলাই মদ নষ্ট

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৩ অক্টোবৰ: জামুগুৰি আৰক্ষীয়ে আজি সন্ধিয়াৰ ভাগত অতৰ্কিতে অভিযান চলাই অঞ্চলটোৰ কুসুমটোলাত প্ৰায় ৩ হাজাৰ লিটাৰৰো অধিক চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয়৷জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিক বৰমদৈৰ নেতৃত্বত যোৱা ১০ জনীয়া আৰক্ষীৰ দলটোৱে কুসুমটোলাৰ উদয়পুৰ আৰু পিঠাগুৰিদৌল অঞ্চলত অভিযান চলাই এই চুলাই মদসমুহ নষ্ট কৰিবলৈ সক্ষম হয়৷দীৰ্ঘদিনধৰি অতি কৌশলপূৰ্ণভাৱে এই অঞ্চলত একাংশ লোকে চুলাই মদ প্ৰস্তুত কৰি বিক্ৰী কৰি অহাৰ লগতে অঞ্চলটোৰ সামাজিক বাতাৱৰণ ধবংশ কৰি আহিছিল৷এই চুলাই ভাটিসমুহলৈ বিশেষকৈ সন্ধিয়াৰ ভাগত একাংশ যুৱকে সঘন অহা যোৱা কৰি সুৰা সেৱন কৰি অহাৰ লগতে বাটে ঘাটে মদৰ ৰাগীত মতলীয়া হোৱা একাংশই অশ্লীল বাক্যবানেৰে পৰিবেশ বিনষ্ট কৰি অহাৰ লগতে একাংশ দিনহাজিৰা কৰা লোকেও ঘৰৰ পৰিয়াললৈ অন্ন বস্ত্ৰ নিয়াৰ পৰিৱৰ্তে দিনহাজিৰা কৰি পোৱা ধনখিনি চুলাই সেৱনত খৰছ কৰাৰ ফলত প্ৰায়েই সেইসকলৰ পৰিয়ালৰ মাজত পাৰিবাৰিক সংঘাতৰ সৃষ্টি হৈ ঘৰুৱা অশান্তিয়ে বিৰাজ কৰি আহিছিল৷আজি কুসুমটোলাত জামুগুৰি আৰক্ষীয়ে চলোৱা এই সুৰা বিৰোধী অভিযানক সন্তুষ্টি প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে৷
জোন বৰা,জামুগুৰিহাট।

ভাল খৱৰ : মহিলাই পলিথিন বেগৰ বিকল্প হিচাপে তৈয়াৰ কৰিছে শ শ কাগজৰ থোঙা

জামুগুৰিহাটৰ মহিলাৰ এক ব্যতিক্ৰমী পদক্ষেপ৷
পলিথিন বেগৰ বিকল্প হিচাপে তৈয়াৰ কৰিছে শ শ কাগজৰ থোঙা

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৩ অক্টোবৰ: মহামানৱ মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰত অভিযানৰ যি সপোন আছিল সেই সপোন বাস্তৱত ৰূপায়িত কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ আৰু প্ৰদূষণমুক্ত সমাজ গঢ়াৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ইতিমধ্যে দেশত এক বিভিষিকাময় পৰিবেশৰ সৃষ্টি কৰা প্লাষ্টিক আৱৰ্জনা ৰোধ কৰাৰ বাবে স্বচ্ছ আৰু প্ৰদূষণমুক্ত অভিযানৰ অংশ হিচাপে প্লাষ্টিক বৰ্জন কাৰ্য্যসুচী গ্ৰহণ কৰিবলৈ সকলোকে আহবান জনোৱাৰ লগতে এইক্ষেত্ৰত প্ৰশাসনৰ ফালৰপৰাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷নৰেন্দ্ৰ মোদীৰ প্লাষ্টিক বৰ্জন কাৰ্য্যসুচীত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্ন পক্ষই সহযোগ আগবঢ়াইছে৷জামুগুৰিহাটৰ কুসুমটোস্থিত পিঠাগুৰিদৌলৰ ২১ টা আত্মসহায়ক গোটৰ শতাধিক মহিলাই একত্ৰিত হৈ প্লাষ্টিক বৰ্জন কাৰ্য্যসুচীৰ অংশীদাৰ হোৱাৰ লগতে হাতে কামে প্লাষ্টিক বা পলিথিনৰ বিকল্প হিচাপে কাগজৰ থোঙা-বেগ তৈয়াৰ কৰি নিজেও সেই বেগ ব্যৱহাৰ কৰাৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিস্থানলৈ গৈ দোকান পোহাৰৰ স্বত্বাধিকাৰীসকলক প্লাষ্টিকৰ পৰিৱৰ্তে কাগজৰ থোঙা ব্যৱহাৰ কৰিবলৈ আহবান জনাই৷ইতিমধ্যেই এইসকল মহিলাই দিনটোৰ প্ৰায় ৪ ঘন্টা সময় ব্যৱহাৰ কৰি শ শ কাগজৰ থোঙা তৈয়াৰ কৰি ব্যৱসায়িক প্ৰতিস্থানত সেই বেগ বিক্ৰী কৰি স্বাৱলম্বিতাৰ পথো উলিয়াবলৈ সক্ষম হৈছে৷পিঠাগুৰি দৌলস্থিত কুসুমটোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পূৱ বৰভগীয়া খণ্ডৰ পৰিচালনাত তথা জীৱিকা সখী দীপা হাজৰিকা নাথৰ নেতৃত্বত যোৱা ৩০ ছেপ্টেম্বৰৰপৰা আৰম্ভ কৰা এই কাগজৰ থোঙা তৈয়াৰ কৰি এইসকল মহিলাই স্থানীয় ব্যৱসায়িক প্ৰতিস্থানসমুহত যোগান ধৰাৰ লগতে পৰৱৰ্তীসময়ত পৰ্য্যায়ক্ৰমে এওঁলোকে তৈয়াৰ কৰা এইসমুহ বেগসমুহ চতিয়া,জামুগুৰিহাট,বিশ্বনাথ চাৰিআলি,তেজপুৰ আদিলৈও যোগান ধৰাৰ চিন্তাচৰ্চা কৰিছে৷বাতৰি কাকত,ডাঠ কাগজ আৰু ময়দাগুৰি ব্যৱহাৰ কৰি অতি কম খৰছতে সকলো মহিলা একত্ৰিত হৈ লোৱা এই উদ্যোগৰ শলাগ লৈছে অঞ্চলবাসী ৰাইজে৷প্ৰতি কেজি কাগজৰ বেগ ৮০ টকা দৰত বিক্ৰী কৰি মহিলাসকলে স্বাৱলম্বিতাৰ এক পথ বাছি ল’বলৈও পোৱাত আনন্দিত হৈ পৰিছে কাগজৰ থোঙা তৈয়াৰ কৰাত জড়িত মহিলাসকলো৷দেশজুৰি পলিথিনৰ ব্যৱহাৰ নিষিদ্ৎ হৈ পৰাৰ লগে লগেই জামুগুৰিহাটৰ গ্ৰামাঞ্চলৰ বিশেষকৈ কুসুমটোলাৰ পিঠাগুৰিদৌলৰ এইসকল মহিলাই হাতে কামে কৰ্মত মনোনিবেশ কৰি প্লাষ্টিকৰ বিৰুদ্ধে সচেতনতা অনাৰ যি প্ৰয়াস কৰিছে,এইদৰে যদি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ গোটসমুহৰ মহিলাসকলো ব্যস্ত হৈ পৰে বা আগবাঢ়ি আহে তেন্তে খুৱ কম সময়ৰ ভিতৰতে নৰেন্দ্ৰ মোদীৰ প্লাষ্টিকমুক্ত ভাৰত গঢ়াৰ যি সপোন সেয়া বাস্তৱ ৰূপায়িত হোৱাৰ পথত৷
জোন বৰা ,জামুগুৰিহাট।

Recent Posts

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫ সংখ্যক জন্মজয়ন্তী

  ষ্টাফৰিপৰ্টাৰ, ১৪ অক্টোবৰ : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৫৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে গুৱাহাটী ক্লাবস্হিত প্ৰতিমূৰ্তিত শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈযে। ইফালে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিন উপলক্ষে আজি বিয়লি গুৱাহাটী ক্লাৱৰ বেজবৰুৱা চ’কত বিয়লি ৫ বজাত বন্তি প্ৰজ্বলন আৰু ভগৱতী প্ৰসাদ বৰুৱা ভৱনত ওড়িশাৰ দীপক পাণ্ডাৰ Bezbaroa and …

Read More »

২০১৯ চনৰ অৰ্থনীতি বিজ্ঞানৰ বঁটা লাভ কৰে আমেৰিকাৰ তিনিগৰাকী শিক্ষাবিদে

ষ্টাফৰিপৰ্টাৰ, ১৪ অক্টোবৰ : বিশ্বৰ দাৰিদ্ৰ নিৰ্মূলকৰণৰ হকে যোগোৱা পৰীক্ষামূলক অৱদানৰ বাবে ২০১৯ চনৰ অৰ্থনীতি বিজ্ঞানৰ বঁটা লাভ কৰে আমেৰিকাৰ তিনিগৰাকী শিক্ষাবিদ অভিজিত বেনাৰ্জী, এছথাৰ ডাফল’ আৰু মাইকেল ক্ৰেমাৰে। আমেৰিকাৰ মাছাচুছেটছ ইনষ্টিটিউট অফ টেকন’লজীত কৰ্মৰত বেনাৰ্জী ভাৰতীয় মূলৰ। একে প্ৰতিষ্ঠানৰ এছথাৰ ডাফল’ বিগত ৫০ বছৰত অৰ্থনীতিৰ ন’বেল বঁটা পোৱা দ্বিতীয় …

Read More »

ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ সময়সীমা ১৮ নবেম্বৰলৈ বৃদ্ধি

*ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ সময়সীমা ১৮ নবেম্বৰলৈ বৃদ্ধি* *ৰঙিয়া মহকুমাত ব্যাপক তৎপৰতা* প্ৰতিবেদক, ৰঙিয়া ১৪ অক্টোৱৰঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি সমগ্ৰ দেশ, ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাৰ অন্তৰ্গত কমলপুৰ আৰু ৰঙিয়া বিধান সভা সমষ্টিতো ভোটাৰ তালিকাত ভোটাৰৰ নাম পৰীক্ষণৰ কাৰ্যসূচীৰ ব্যাপক তৎপৰতা চলি আছে আৰু কাইলৈ অন্তিম দিন হিচাপে ধাৰ্য …

Read More »

প্ৰাক্তন ছাত্ৰ নেতা নিৰেশ্বৰ ৰাভাৰ মৃত্যু

  ষ্টাফৰিপৰ্টাৰ, ১৪ অক্টোবৰ : সদায় অসম ছাত্ৰ সন্থাৰ নেতা বিপুল ৰাভা ককায়েক সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা নিৰেশ্বৰ ৰাভাৰ দেওবাৰে নিশা ১২ বজাত হায়াত হস্পিতালত মৃত্যু হয়। সোমবাৰে জটিয়াৰ নিজ বাসভৱনৰ পৰা দিনৰ ১০ বজাত জটিয়া শ্মশানত শেষ সৎকাৰৰ বাবে লৈ …

Read More »

শান্তি সাধনা আশ্ৰমত সম্বৰ্ধনা সভা সম্পন্ন

  ষ্টাফৰিপৰ্টাৰ,১৪ অক্টোবৰ : বশিষ্ঠত স্থিত শান্তি সাধনা আশ্ৰমত সোমবাৰে বলি নাৰায়নৰ সভাপতিত্বত এটি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ৰূপ নৰগৰ নামঘৰৰ বাপ সকল আৰু গণেশ নগৰৰ বাপ সকলে মিলি নাম সংকীৰ্তনেৰে কাৰ্যৰ শুভাৰম্ভ কৰে। শান্তি সাধনা আশ্ৰমৰ সদস্য সকলে মিলি পহিলা ছেপ্টেম্বৰ আশ্ৰমৰ কুলপতি হেমভাই কেপিটেল ফাউণ্ডেচন …

Read More »

বঙাইগাঁৱত কাঠৰ দলং ভাঙি নৈত পৰিল বাহন

বঙাইগাঁৱত কাঠৰ দলং ভাঙি নৈত পৰিল বাহন বঙাইগাঁওঃ১৪ অক্টোৱৰঃ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁৱৰ বেতবাৰীত আজি আবেলিৰ ভাগত কুঁজীয়া নৈৰ ওপৰত থকা কাঠৰ দলং ভাঙি এখন বলেৰো পিক আপ ভান নৈত পৰে ৷ এই ঘটনাত বাহনখনত থকা চালসহ পাঁচজনকৈ লোক কথমপি ৰক্ষা পৰে ৷ কুঁজীয়া নৈৰ ওপৰত থকা কাঠৰ দলংখনে নৈখনৰ দুই …

Read More »

জামুগুৰিহাটত গুৱাহাটী ফ’ৰামৰ উদ্যোগত কণ কণ ছাত্ৰ ছাত্ৰীক ঢোঁলৰ প্ৰশিক্ষণ

#জামুগুৰিহাটত গুৱাহাটী ফ’ৰামৰ উদ্যোগত কণ কণ ছাত্ৰ ছাত্ৰীক ঢোঁলৰ প্ৰশিক্ষণ৷ #সঠিক আৰু শুদ্ধ ৰূপত ঢোঁলৰ প্ৰশিক্ষণত গুৰুত্ব৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: অসমীয়া লোকবাদ্য ঢোঁলৰ সঠিক আৰু শুদ্ধ ৰূপত উপস্থাপন তথা ঢোলবাদ্যৰ প্ৰতিটো চেঁও শুদ্ধৰূপত আয়ত্ব কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি জামুগুৰিহাটত কণ কণ প্ৰশিক্ষাৰ্থীসকলৰ মাজত এক ঢোঁল বাদনৰ প্ৰশিক্ষণ শিৱিৰ …

Read More »

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ সৃষ্টি কৰা জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গৰ পৰিচালনাত নিৰ্মাণ হোৱা কাঞ্চনজংঘা চলচিত্ৰখন অাজি জামুগুৰিহাটত প্ৰদৰ্শিত হ’ব৷জামুগুৰিহাটৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠণ “সুবিধা”ৰ উদ্যোগত জামুগুৰিহাটৰ বাপুজি ভৱনত প্ৰজেক্টৰৰ দ্বাৰা মুক্তিৰ পূৰ্ৱেই জনপ্ৰিয়তাৰ শীৰ্ষত থকা …

Read More »

সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যৰ আলোচনাচক্ৰ সম্পন্নঃ

সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যৰ আলোচনাচক্ৰ সম্পন্নঃউন্মোচন হ’ল বিভাগটোৰ প্ৰাচীৰ পত্ৰিকা “অংকুৰ” উৰিয়ামঘাটঃ১৪ অক্টোবৰঃসৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যত “অসমীয়া কাব্য সাহিত্য” আৰু “লোক সংস্কৃতি” শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়।সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহন কৰা আলোচনাচক্ৰখনিৰ সঞ্চালনা কৰে বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰনৱ ঢেকিয়াল ফুকনে। ৰবপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী …

Read More »

বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা,লোকসংগীত শিৰোমণি গোকুল পাঠকৰ আজি ওপজা দিন

●বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা,লোকসংগীত শিৰোমণি গোকুল পাঠকৰ আজি ওপজা দিন● ●সাহিত্য সভা ভৱনত বৰ্ণাঢ্য আয়োজন■উন্মোচন হ’ব “সাতচল্লিছৰ পোন্ধৰ আগষ্টত ক’লা পতাকা উৰুৱাই মই গকুল পাঠকে কৈছোঁ”● ●গীতিকাৰ-সুৰকাৰ সুধীৰ দাসলৈ ‘লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা● কাঞ্জল দাস,বৰপেটা : সত্ৰ নগৰী বৰপেটাৰ গৌৰৱ তথা বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা, লোকসংগীত শিৰোমণি গোকুল পাঠকৰ …

Read More »

চিৰাঙৰ পাণবাৰীত আৰক্ষী-সেনা আৰু চি আৰ পি এফৰ যৌথ অভিযান

চিৰাঙৰ পাণবাৰীত আৰক্ষী-সেনা আৰু চি আৰ পি এফৰ যৌথ অভিযান বন্দুক, সজীৱ গুলী, গ্ৰেণেডসহ গ্ৰেপ্তাৰ এন ডি এফ বিৰ লিংকমেন বঙাইগাঁওঃ ১৩ অক্টোবৰঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ গাব্ৰুখুন্দা নামৰ অঞ্চলটোত বিগত ২৩ ছেপ্টেম্বৰত সেনা-আৰক্ষীৰ দলে এন ডি এফ বিৰ ছাৰাগৌৰা গোটৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ …

Read More »

অসমৰ প্ৰাক্তন আবকাৰী আয়ুক্ত তথা গোৱালপাৰা জিলাৰ প্ৰাক্তন উপায়ুক্ত খগেন্দ্ৰনাথ বুঢ়াগোহাঞিৰ মৃত্যু

অসমৰ প্ৰাক্তন আবকাৰী আয়ুক্ত তথা গোৱালপাৰা জিলাৰ প্ৰাক্তন উপায়ুক্ত খগেন্দ্ৰনাথ বুঢ়াগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ও আইৰাৰ সভাপতি, সম্পাদকৰ। পঙ্কজ নাথ, চাংসাৰি, ১৪ অক্টোবৰ : অসমৰ প্ৰাক্তন আবকাৰী আয়ুক্ত, গোৱালপাৰা জিলাৰ প্ৰাক্তন উপায়ুক্ত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া খগেন্দ্ৰনাথ বুঢ়াগোহাঞিয়ে কালি গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ …

Read More »

সৰুপেটাত মৃতদেহ উদ্ধাৰ

সৰুপেটাত মৃতদেহ উদ্ধাৰ সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৩ অক্টোৱৰঃ সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত বৰলীয়াপাৰাৰ নিৰুদিষ্ট এগৰাকী লোকৰ মৃতদেহ আজি অজাসস্তৰত উদ্ধাৰ হয়। জানিব পৰা মতে, তাৰিণী দাস নামৰ ৭৫ বছৰ বয়সীয়া লোক গৰাকী কালি দুপৰীয়া ঘৰৰ পৰা ওলাই গৈ নিৰুদিষ্ট হৈ আছিল। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ- খোচাৰ কৰিও লোকজনৰ …

Read More »

কুসুমটোলাত ৩ হাজাৰৰো অধিক চুলাই মদ নষ্ট

#জামুগুৰি আৰক্ষীৰ বিশেষ অভিযান৷ #কুসুমটোলাত ৩ হাজাৰৰো অধিক চুলাই মদ নষ্ট ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৩ অক্টোবৰ: জামুগুৰি আৰক্ষীয়ে আজি সন্ধিয়াৰ ভাগত অতৰ্কিতে অভিযান চলাই অঞ্চলটোৰ কুসুমটোলাত প্ৰায় ৩ হাজাৰ লিটাৰৰো অধিক চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয়৷জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিক বৰমদৈৰ নেতৃত্বত যোৱা ১০ জনীয়া আৰক্ষীৰ দলটোৱে কুসুমটোলাৰ উদয়পুৰ …

Read More »

ভাল খৱৰ : মহিলাই পলিথিন বেগৰ বিকল্প হিচাপে তৈয়াৰ কৰিছে শ শ কাগজৰ থোঙা

জামুগুৰিহাটৰ মহিলাৰ এক ব্যতিক্ৰমী পদক্ষেপ৷ পলিথিন বেগৰ বিকল্প হিচাপে তৈয়াৰ কৰিছে শ শ কাগজৰ থোঙা ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৩ অক্টোবৰ: মহামানৱ মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰত অভিযানৰ যি সপোন আছিল সেই সপোন বাস্তৱত ৰূপায়িত কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ আৰু প্ৰদূষণমুক্ত সমাজ গঢ়াৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ইতিমধ্যে দেশত এক বিভিষিকাময় …

Read More »