Saturday , January 18 2020
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

BREAKING : হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ নুৰৰ মৃতদেহ (ভিডিঅ)

BREAKING 👉. জুৰীয়াৰ চতিয়ান গাঁৱত মৃতদেহ উদ্ধাৰ । 👉মৃতদেহটো নগাওঁ হেৰাপতিৰ নুৰ হুছেইনৰ । 👉বস্তাৰ ভিতৰত হাত -ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহটো । 👉 ঘটনাস্থলীত জুৰীয়া অাৰক্ষী উপস্হিত হৈ তদন্ত আৰম্ভ কৰিছে।

Read More »

সম্প্ৰীতিৰ বাৰ্তাবাহক দক্ষিণ বিহালী বিহু সন্মিলনীৰ ৫১ তম ৰঙালী বিহু উদযাপন (ভিডিঅসহ)

সম্প্ৰীতিৰ বাৰ্তাবাহক দক্ষিণ বিহালী বিহু সন্মিলনীৰ ৫১ তম ৰঙালী বিহু উদযাপন বহাগৰ আগমণৰ লগে লগেই সমগ্ৰ ৰাজ্যতে বিভিন্ন ঠাইত মুকলি বিহুকে আদি কৰি মঞ্চ বিহু উদযাপন কৰি অহা হৈছে । ঠিক তেনেদৰেই ১৯৬৮ চনত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছিল দক্ষিণ বিহালী বিহু সন্মিলনী । সেই সময়ত প্ৰচলিত আঁহতৰ তলৰ …

Read More »

হেবিটেটেছ ট্ৰাষ্ট(২০১৯)ৰ অনুদানৰ বাবে আবেদন আৰম্ভ

  ষ্টাফ ৰিপোৰ্টাৰ,,,,২৬ এপ্ৰিল।।। গুৱাহাটী হেবিটেটছ ট্ৰাষ্টে তেওঁলোকৰ ২০১৯ বৰ্ষৰ অনুদানৰ বাবে ইতিমধ্যে আবেদন প্ৰক্রিয়া আৰম্ভ কৰিছে। পহিলা এপ্ৰিলৰ পৰা এই প্ৰক্রিয়া আৰম্ভ হৈছে। উল্লেখযোগ্য যে, ২০১৮ চনতে আত্মপ্ৰকাশ কৰা হেবিটেটছ ট্ৰাষ্টে বিশেষকৈ জীৱকুলৰ সংৰক্ষণ, ইয়াৰ প্ৰজনন বংশ বৃদ্ধি আদিৰ ক্ষেত্ৰত কাম কৰি অহা সংস্থা সমূহক সমূহক বিভিন্ন ধৰণে অনুদান …

Read More »

Recent Posts

বিশিষ্ট সংগীত শিল্পী গোপী কান্ত সিন্ হা আৰু অপূৰ্ব বেজবৰুৱাক ২০২০ চনৰ শিল্পী বঁটা প্ৰদান

 

ষ্টাফৰিপোৰ্টাৰ, ১৭ জানুৱাৰী : বিশিষ্ট সংগীত শিল্পী গোপী কান্ত সিন্ হা আৰু অপূৰ্ব বেজবৰুৱালক শুকুৰবাৰে শিল্পী দিৱসৰ দিনা ২০২০ চনৰ শিল্পী বঁটা প্ৰদান কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুয়োগৰাকী শিল্পীক এই বঁটাৰে সন্মানিত কৰে।
ৰাজ্য চৰকাৰে ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ , শৰাই আৰু এখন অংগ বস্ত্ৰ। এই বঁটা দুয়ো গৰাকী শিল্পীকে প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় ”
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল সুন্দৰৰ পূজাৰী। মন পৰিস্কাৰ, চৰিত্ৰ নিৰ্মাণ আৰু সমাজ সংস্কাৰ বাবে ৰূপকোঁৱৰৰ আদৰ্শৰে শিল্পী দিবসৰ আয়োজন কৰা হয়। শিল্পী সুলভ মনৰ গৰাকী হ’বলৈ জীৱনজোৰা সাধনাত ব্ৰতী হ’ব লাগিব। আমাৰ ভিতৰত থকা অশুভ চিন্তা নাইকীয়া কৰি মনৰ মলিনতা আঁতৰ কৰিব লাগিব। মন আৰু শৰীৰৰ সংস্কাৰ সাধন কৰিবলৈ ইতিবাচক দৃষ্টিভংগী গঢ় দিব লাগিব। আজি অসমৰ যুৱ শক্তিয়ে বিভিন্ন কৰ্ম পথাৰত উজলি উঠিছে। আমাৰ সমাজখনত প্ৰচুৰ সম্পদ আৰু সম্ভাৱনা আছে। এই সম্ভাৱনা আবিষ্কাৰ কৰি বিশ্বৰ বুকুত আমাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব লাগিব। শুদ্ধ মনৰ গৰাকী হৈ সমাজখনত শান্তি- সম্প্ৰীতি, বন্ধুত্ব আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী কৰিব লাগিব। ইয়াৰ বাবে সততাৰে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। উঠি অহা প্ৰজন্মক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ় দিব লাগিলে আমি দায়বদ্ধতাৰে তেওঁলোকক আগবঢ়াই নিব লাগিব। মহান মণীষী আৰু মহাপুৰুষ সকলে এৰি যোৱা মানবীয় বাণীৰে কৰ্ম পথাৰত
শ্ৰেষ্ঠত্বা আহৰণ কৰিব লাগিব। খোলো ইণ্ডিয়া য়ুথ গেমছৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিগৰাকী যুৱ প্ৰজন্মৰ খেলুৱৈয়ে নিজৰ শ্ৰেষ্ঠত্বা উজাৰি দিবলৈ কঠোৰ পৰিশ্ৰমত আত্ম নিয়োগ কৰিছে। উঠি অহা প্ৰজন্মক মানসিক ভাৱে উদ্বুদ্ধ কৰিব লাগিলে প্ৰবাদ পুৰুষ সকলক সন্মুখত ৰাখি তেওঁলোকৰ আদৰ্শৰ দ্বাৰা জীৱন- পৰিচালিত কৰাৰ বাবে পৰিবেশ নিৰ্মাণ কৰিব লাগিব। ৰূপকোঁৱৰৰ আদৰ্শৰে আমাৰ যুৱ প্ৰজন্মই বিশ্ব জয় কৰিব লাগিব।” মুখ্য মন্ত্রী গৰাকীয়ে বঁটা প্ৰাপক দুয়োগৰাকী শিল্পীক আন্তৰিক অভিনন্দন জনাই দুয়োগৰাকী শিল্পীয়ে অসমৰ সাংস্কৃতিক জীৱন ধাৰালৈ অঅন্য বৰঙণি আগবঢ়াইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই কয়” ৰূপান্তৰৰ কলাকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল সৃজনীশলী প্ৰতিভাৰ পৰম বিষ্ময়। তেওঁ স্বাধীনতা সংগ্ৰামত দেশপ্ৰেম মুকল গীতেৰে জনসাধাৰণৰ মনত দেশপ্ৰেম মুকল ভাৱনা শক্তিশালী কৰিছিল। তেওঁৰ সাম্য মৈত্রীৰ গানে আমাৰ ঐক্য -সংহতিৰ বান্ধোন আদিক শক্তিশালী কৰি তুলিছিল।” অনুষ্ঠানত
গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই কয়” জ্যোতিপ্ৰসাদ আগৰৱালাৰ আভাৰে অসম খন জীয়াই ৰাখক। তেওঁ আজিও আমাৰ মাজত জীয়াই আছে।” অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় ” ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আছিল আজন্ম শিল্পী। তেওঁৰ অস্থি আৰু মজ্জাত সংস্কৃতিৰ বাণী নিহিত হৈ আছিল। শিল্পী হোৱা সহজ নহয়। কেৱল গীত গালে, নাটক কৰিলে শিল্পী নহয়। শব্দ ব্ৰহ্ম। মঞ্চত শব্দ ব্যৱহাৰ কৰোঁতে সাৱধান হ’ব লাগে। অশ্লীল শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে।শিল্পী হ’বলৈ বিপ্লৱ আৰু সাহসৰ প্ৰয়োজন। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল ৰূপান্তৰৰ শিল্পী। নতুন চিন্তা – ভাবনাৰে অসমীয়া জাতিক তেওঁ কৃষ্ণ সংস্কৃতিৰ মাজেৰে সঞ্জীৱনী সুধা দিছিল। মন আৰু চকুত জ্যোতি নাথাকিলে জ্যোতিপ্ৰসাদ আগৰৱালাক বুজা সহজ নহয়। ” অনুষ্ঠানত জ্যোতি প্ৰসাদ আগৰৱালাৰ পুত্ৰ বধু অঞ্জলী আগৰৱালাই কয় ” জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত মাত, আদর্শই সৰুৰে পৰা অনুপ্ৰেৰিত কৰিছিল। তেওঁ লগতে কবিতা পাঠ কৰে।
আনহাতে বঁটা গ্ৰহণ কৰি বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱাই কয় ” আজি মোৰ বাবে এটা স্মৰণীয় দিন। জীৱিত কালত মই ইমান আশীৰ্বাদ পালোঁ। জ্যোতি চিত্ৰবনত প্রথম আধুনিক কেছেট মই কৰিছিলোঁ। মই লিখা গান ডঃ ভূপেন হাজৰিকা, জুবিন গাগেও গাইছে। স্বীকৃতি য়ে সাহস আৰু প্ৰেৰণা দিয়ে। চৰকাৰী – বেচৰকাৰী ভাবে এই মোৰ প্ৰথম বঁটা।” তেওঁ লগতে নিজৰ গীতৰ পৰিবেশন কৰে।
এই অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ
লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। জ্যোতি সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত
সাংস্কৃতিক সঞ্চালকায়ৰ সঞ্চালক বিষ্ণু কমল বৰাই আদৰণি ভাষণ দিয়া গম্ভীৰ্য পূৰ্ণ অনুষ্ঠানৰ আঁত ধৰে ইপ্শিতা হাজৰিকাই। মুখ্যমন্ত্ৰী গৰাকীয়ে অনুষ্ঠানৰ আৰম্ভণি তে জ্যোতি চিত্ৰৱনত থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়।উল্লেখযোগ্য ১৯৩২ চনৰ ২ জানুৱাৰীত জন্মগ্ৰহণ কৰা গোপী কান্ত সিন্ হাই লক্ষ্ণৌৰ ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনত ১৯৭৭ চনত শাস্ত্ৰীয় সংগীতৰ বিশাৰদ সন্মান লাভ কৰে ১৯৫৮ চনৰ পৰাই সংগীত শিল্পীগৰাকীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগতে বিষ্ণুপ্ৰিয়া মণিপুৰী লোকগীত, ৰবীন্দ্ৰ সংগীত, নজৰুল গীত, গজল, ভজন আৰু অসমীয়া আধুনিক গীত আদি গীতত কণ্ঠ নিগৰাই অসমীয়া সংগীত ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়াই আহিছে। অসমৰ লগতে মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবঙ্গ আৰু লক্ষ্ণৌৰ বিভিন্ন স্থানত আয়োজিত অনুষ্ঠানত গীত পৰিবেশন কৰি তেওঁ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শিলচৰ দূৰদৰ্শন কেন্দ্ৰ, আকাশবাণী শিলচৰ কেন্দ্ৰ আৰু ঈশান বাংলা বি টি এন যোগে সম্প্ৰচাৰিত শিল্পী গৰাকীৰ গীতে শ্ৰোতাৰ হৃদয়ত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ১৯৫১ চনৰ ১৫ অক্টোবৰত শিৱসাগৰ জিলাৰ নাজিৰাত জন্ম গ্ৰহণ কৰা অপূৰ্ব বেজবৰুৱাই এতিয়ালৈকে প্ৰায় দুশ মান অডিঅ’ কেছেট ত কণ্ঠ দিছে। ইয়াৰ ভিতৰত প্ৰহৰী, চম্পাৱতী, শিল্পী, মাদলী, মাইচানা, চাহফুল, মোৰে চেনাই ঐ, মন নাচে ব’হাগত, মন হীৰা দৈ, ৰূপহী, ৰূপে মোহনীয়া, ৰং ঢালী, মাকন ঐ, সন্ধান, মায়াবিনি মৰিচিকা আদি উল্লেখযোগ্য। দুহাজাৰৰো অধিক গীত ৰচনা কৰা গীতিকাৰ গৰাকীৰ কেইখনমান উল্লেখযোগ্য গীতৰ পুথি হৈছে চিলমিল টোপনিতে, মহুৱা ফুলৰ গোন্ধ, কপৌ ফুলা বতৰত, মন সাগৰৰ ঢৌ, গীতৰ সুৰভি আৰু অপূৰ্ব বেজবৰুৱাৰ জনপ্ৰিয় গীত। ৰঙা নদী, বুকুৰ মাজত জ্বলে, আই কিল্ড হিম ছাৰ, অভিশপ্ত প্ৰেম, সোণৰ খাৰু নেলাগে মোক আদি অসমীয়া চলচ্চিত্ৰ ৰ বাবে গীত ৰচনা কৰা অপূৰ্ব বেজবৰুৱাই ‘অভিশপ্ত প্ৰেম’, মায়া ( বেংগলী), সোণৰ খাৰু নেলাগে মোক আদি অসমীয়া চলচ্চিত্ৰৰ লগতে কেইবা খনো ধাৰাবাহিক, টেলিফিল্ম আৰু তথ্য চিত্ৰৰো সংগীত পৰিচালনা আৰু কণ্ঠদান কৰিছে। এই অনুষ্ঠানত জ্যোতি চিত্রবন আৰু ডঃ ভূপেন হাজৰিকা অঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কৃত কৰা হয়।অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণী পৰে।

শিল্পী দিৱস উপলক্ষে চিত্ৰাংকণ প্ৰতিযোগিতা

 

ষ্টাফৰিপোৰ্টাৰ, ১৭ জানুৱাৰী : শিল্পী দিৱস উপলক্ষে আৰু জ্যোতি চিত্ৰবন আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ টেলিভিছন প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুকুৰবাৰে জ্যোতি-চিত্ৰৱনত এখন চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তিনিটা শাখাত আয়োজন কৰা এই প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাত “ক” শাখাত ( প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ)
শ্ৰুতি সিনহাই প্ৰথম, হিয়াংশু কাশ্যপে দ্বিতীয়, দিচাংক চক্ৰৱৰ্তীয়ে তৃতীয় আৰু নেইনা আহমেদ, লিঞ্চি চহৰীয়াই নিচুকনি বঁটা লাভ কৰে। আনহাতে “খ” শাখাত
(ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ) প্ৰথম অনুৰাগ সিনহা, দ্বিতীয় চালমা হক আৰু তৃতীয় পুৰস্কাৰ নিশান্ত কাশ্যপে লাভ কৰে। সেইদৰে “গ’ শাখাত (একাদশ শ্ৰেণীৰ পৰা স্নাতক মহলালৈ) প্ৰথম সুমন দাস, দ্বিতীয় শৰ্মিষ্ঠা বৰগোঁহাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে বিদ্যুৎ মণ্ডলে। বিজয়ী সকলক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পী দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰে।

গুৱাহাটীত ‘ভিআইপি লাউঞ্জ মুকলি

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,১৭ জানুৱাৰী।।,আইপি ইণ্ডাষ্ট্ৰি লিমিটেডে শুকুৰবাৰে গুৱাহাটীৰ লাচিত নগৰস্থিত হনুমান মন্দিৰৰ সমীপত এক এক্সক্লুচিভ শ্ব’ৰূম’ ‘ভিআইপি লাউঞ্জ’ অনুষ্ঠানিকভাৱে মুকলি কৰে। সম্পূৰ্ণ নতুনত্বৰ সংযোজন ঘটোৱা এই শ্ব’ৰূমটোত ভি আই পিত অত্যাধুনিক ট্ৰলি, হেণ্ড বেগ, লাগেজ, ভি আই পি বেগ, স্কাই বেগ, বেগপেকচ্ কেপ্ৰেচ আদিকে ধৰি বিভিন্ন ধৰণৰ লাগেজ উপলব্ধ হ’ব। এক অনুষ্ঠানৰ জৰিয়তে উক্ত শ্ব’ৰূমটো মুকলি কৰি প্ৰাক্তন বিধায়ক দীপেন পাঠকে কয়”-আজি এই শ্ব’ৰূমটো অনুষ্ঠানিক ভাৱে মুকলি কৰিব পাই নথৈ আনন্দিত হৈছো। ভি আই পি ব্ৰেণ্ডটো ভাৰতৰ এক লেখত লবলগীয়া ব্ৰেণ্ড। মানুহৰ মুখে মুখে ভি আই পি নামটো থাকে। মই এই শ্ব’ৰূটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। উল্লেখযোগ্য যে,ভিআইপি য়ে উত্তৰ পূৱৰ বজাৰ দখল কৰাৰ বাবে আৰু গ্ৰাহক সকলক উন্নত মানদণ্ডৰ লাগেজ প্ৰদানৰ উদ্দেশ্যে ২০০তকৈ অধিক মা মাল্টিব্ৰেণ্ড বিক্রেতাৰ সৈতে কাম কৰি গৈছে আৰু ভৱিষ্যতে গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তৰ ভিআইপি লাউঞ্জা মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে।

গোলাঘাটত মহকুমা ছাত্ৰসন্থাৰ উদ্যোগত শিল্পী দিৱস উদযাপন

গোলাঘাটত মহকুমা ছাত্ৰসন্থাৰ উদ্যোগত শিল্পী দিৱস উদযাপন : গোলাঘাট ,১৭ জানুৱাৰী : সমগ্ৰ অসমৰ লগতে গোলাঘাটতো উদযাপন কৰিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস। সেই উপলক্ষে গোলাঘাটৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাটৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আজি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ৰূপকোঁৱৰক স্মৰণ কৰি সশ্ৰদ্ধা জ্ঞাপন কৰে গোলাঘাটৰ ৰাইজে। জিলা কাৰ্যালয়ৰ শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা জ্যোতি স্মৰণ সভাত পোন প্ৰথমে পতাকা উত্তোলনৰ পাছতে শ্বহীদ তৰ্পন , ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শেষত ৰূপকোঁৱৰৰ গীত,কবিতা পৰিবেশনেৰে শিল্পী জনক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰোপৰি গোলাঘাটৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত অৱস্থিত শিল্পী জনৰ প্ৰতিমূৰ্তিটো পুৱা গোলাঘাটৰ বিভিন্ন অনুষ্ঠান তথা গোলাঘাটৰ ৰাইজে পুষ্পাঞ্জলী অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।

নাজিৰাত প্ৰাক্তন সৈনিক সমাৰোহ

নাজিৰাত প্ৰাক্তন সৈনিক সমাৰোহ
ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ১৭ জানুৱাৰী
নাজিৰাত অনুস্হিতহৈছে প্ৰাক্তন সৈনিক সমাৰোহ | শিৱসাগৰ জিলা সৈনিক কল্যান কাৰ্যালয়ৰ উদ্যোগত আৰু প্ৰাক্তন সৈনিক সন্হা নাজিৰাৰ সহযোগত নাজিৰাৰ পুজা মন্দিৰৰ সভা গৃহত দিনযোৰা কাৰ্যসুচীৰে আজি এই প্ৰাক্তন সৈনিক সমাৰোহ অনুস্হিত হয় | কাৰ্যসুচী অনুসৰি পুৱা দেশ ৰক্ষাৰ সেতু শ্বহীদ হোৱা সেনা জোৱান সকলক সোৱঁৰি শ্বহীদ বেদীত বন্তি প্ৰজলন কৰে অৱসৰপ্ৰাপ্ত কৰ্ণেল ডি ডি বৰুৱাই | ইয়াৰ পিচতে অনুস্হিত হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকে নাজিৰা মহকুমাৰ মহকুমাধিপতি ৰাজীৱ থাপা, অৱসৰ প্ৰাপ্ত কৰ্ণেল ডি ডি বৰুৱা, প্ৰাক্তন সেনা তথা অৱসৰ প্ৰাপ্ত অধ্যাপক উমা কোঁৱৰ, সেনা বিষয়া চাজন কুমাৰ | ৰাজীৱ থাপাই উপস্হিত প্ৰাক্তন সেনা জোৱান সকলক ধন্যবাদ জ্ঞাপন কৰি কয় যে দেশ সেৱাৰ বাবে কৰ্ম কৰিবলৈ ভাগ্য লাগিব আৰু সেইয়া সভাত উপস্হিত সেনা জোৱান সকলে পাইছিল | প্ৰায় তিনি শতাধিক প্ৰাক্তন সৈনিক সকলৰ পৰিয়ালৰ সহিতে একত্ৰিত হোৱা সমাৰোহৰত সকলোৱে মনৰ ভাৱ আদান প্ৰদান কৰাৰ লগতে আনন্দ মনেৰে এঁসাজ একেলগে গ্ৰহন কৰে | এই অনুস্হানৰ লগত সংগতি ৰাখি সেনা বাহিনীৰ তৰফৰ পৰা সুলভ মুল্যত স্হানীয় ৰাইজক প্ৰয়োজনীয় সামগ্ৰী বিক্ৰী কৰে|
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

গোলাঘাটত “ডেউকা ” নাট সমাৰোহৰ প্ৰস্তুতি

গোলাঘাটত “ডেউকা ” নাট সমাৰোহৰ প্ৰস্তুতি : গোলাঘাট ,১৭ জানুৱাৰী : গোলাঘাটত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো ডেউকা নাট্য বিদ্যালয়ৰ উদ্যোগত তৃতীয় বাৰ্ষিক ডেউকা নাটসমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী ত গোলাঘাটৰ ঐতিহ্যমণ্ডিত এমেচাৰ থিয়েটাৰ ছ’ছাইটিৰ মঞ্চত অনুষ্ঠিত হ’বলগীয়া সমাৰোহখনিত এইবৰ্ষত মুঠ চাৰিখনকৈ নাট প্ৰদৰ্শন হ’ব বুলি নাট্যবিদ্যালয় খনৰ সঞ্চালক মীনাক্ষী ফুকনে জানিবলৈ দিয়ে। ইতিমধ্যে সমাৰোহখনিত চুক্তি হোৱা তিনিখন নাট হৈছে ক্ৰমে ,থিয়েটাৰ লেব ,পশ্চিম বংগ ,কলকতাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক প্ৰশান্ত এচ ধৰ ৰ পৰিকল্পনা – পৰিচালনা তথা অভিনীত নাট “এস্ক ৱাই জেড ,” অসমৰ অন্যতম ৰাষ্ট্ৰীয় নাট্যবিদ্যালয় ৰ স্নাতক গুনমণি বৰুৱাৰ পৰিকল্পনা – পৰিচালনাৰে ৰংডুলি সাংস্কৃতিক কেন্দ্ৰ কাকপথাৰৰ নিবেদনত থিয়েটাৰ অলিম্পিকলৈ আমন্ত্ৰিত হোৱা নাট ” হেঁপাহৰ জোলোঙা ” , মৰিগাঁও ৰ অন্যতম চিৰিয়াছ নাট্যকৰ্মী গোবিন নাথৰ ৰচনা – পৰিচালনা ও অভিনয় সমৃদ্ধ নাট “চুইচাইড ” । ইয়াৰোপৰি বিদ্যালয় খনৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা এই বৰ্ষত নাট্যকৰ্মী পবিত্ৰ ৰাজখোৱাৰ ৰচনা আৰু কবি – নাট্যকাৰ -পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ পৰিচালনাত মঞ্চস্থ হ’ব ” ঠিকনা বিহীন ” শীৰ্ষক নাটখনি। চহৰখনৰ একমাত্ৰ নাট্য শিক্ষা অনুষ্ঠান ডেউকা নাট্যবিদ্যালয়ে অসমৰ নাট্য আন্দোলনৰ গতিক তুৰাম্বিত কৰিবলৈ কৰা এই প্ৰয়াসত অসমৰ তথা গোলাঘাটৰ সকলো নাট্যপ্ৰেমী ৰ সহায় – সহযোগ একান্ত কামনা কৰিছে সঞ্চালক মীনাক্ষী ফুকনে। ইয়াৰ লগতে এই বৰ্ষৰ বাবে কোনো আগ্ৰহী লোকে বিদ্যালয় খনিৰ লগত সম্পৰ্ক গঢ়িব বিচাৰিলে বা প্ৰশিক্ষণ ল’ব খুজিলে ম’বাইল নং ৮৬৩৮৮৮৯৬২৪ ত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক, এতিয়াও মুকলি আকাশৰ তলত আন তিনি মুল অপৰাধী।

পঙ্কজ নাথ, চাংসাৰি, ১৬ জানুৱাৰী :

ৰাজ্যত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ কিমানদূৰ সুৰক্ষিত । ৰাজ্যত এটাৰ পাছত আন এটা সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হয় আৰু অপৰাধী একাংশ সাৰিও যায় । আমিন গাওঁ আজ্ঞাঠুৰীত ২৩ নবেম্বৰত সংঘটিত সাংবাদিক আক্ৰমণৰ ঘটনাৰ দুমাহ হৈ গল কিন্তু অপৰাধী এতিয়াও মুকলি আকাশৰ তলত । চাৰি দুৰ্বিত্তই আজ্ঞাঠুৰীত কৰ্তব্যৰত দুই সাংবাদিকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি মোবাইল ফোন আৰু কেমেৰা কাঢ়ি নিছিল আৰু সাংবাদিক আক্ৰমণৰ দুমাহ পাছত আমিন গাওঁ আৰক্ষীয়ে আটক কৰিলে মাত্ৰ এজন মূল অভিযুক্ত মইনুল আলিক । কামৰূপ শিঙিমাৰীৰ পথৰ পৰা মেজিক ভানসহ আটক কৰে মইনুল আলিক। নিজা মেজিক লৈ জুৱা খেলিবলৈ আহোতে দদৰা আৰক্ষীয়ে আমিন গাঁও আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে মইনুল আলিক । ১৫ জানুৱাৰীৰ সন্ধিয়া আটক হোৱা মইনুল আলিক আজি কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতত আজিৰৰ পাছত জেইল হাজোতলৈ প্ৰেৰণ কৰা হয় ।
আমিন গাওঁ সাংবাদিক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত জোন আলি , ৰাহুল আলি আৰু নেকিব আলি এতিয়াও মুকলি আকাশৰ তলত । অভিযুক্ত সকলে উচ্চ ন্যায়ালয়ত তৰা জামিন আবেদন নাকচ হোৱাৰ পাছৰে পৰা বিপাঙত পৰি পলাতক অৱস্থাত আছে । ইফালে আৰক্ষীৰ খোপাধিলা স্হিতিক লক্ষ্য কৰি সাংবাদিক আক্ৰমণকাৰীক আৰক্ষীয়ে ৰক্ষণা বেক্ষণ দি লুকুৱাই ৰখাৰ অভিযোগ উৎথাপন কৰিছে নিৰ্যাতিতা সাংবাদিকদ্বয়ে । ঘটনাৰ দুমাহ পিছতো আক্ৰমণকাৰীৰ সন্ধান উলিয়াব নোৱাৰাতো আৰক্ষীৰ দুৰ্বলতা নহয়, বৰঞ্চ এয়া কামৰূপ আৰক্ষীৰ চকুমুদা কুলীৰ ভাও বুলি দোহাৰে সাংবাদিক ৰন্টু বৈশ্যই । পলাতক আচামীক জুৱাখেলৰ পৰা আটক কৰা ঘটনাৰ পৰাই আৰক্ষীৰ চৰিত্ৰ ষ্পষ্ট হৈছে বুলি দোহাৰে সাংবাদিক গৰাকীয়ে । ১৫ জানুৱাৰীত মুল চাৰি অভিযুক্তৰ এজনক গ্ৰেপ্তাৰৰ পিছতে ভোক্তাভোগী সংবাদিক দুয়ো গৰাকীৰ লগতে কেইবাটাও সাংবাদিক সংগঠনে আৰক্ষী অধীক্ষকৰ লগতে প্ৰশাসনক পলাতক অপৰাধীক অতি শীঘ্ৰে আটক কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যদা ৰক্ষাৰ দাবী কৰে।

উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ দহ কোটি টকীয়া প্ৰকল্প

উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ “ক্ৰীড়া প্ৰকল্পৰ” ভুমি পুজন সম্পন্ন । দহ কোটি টকীয়া প্ৰকল্পৰ কাম হল আৰম্ভ।

পঙ্কজ নাথ, চাংসাৰি, ১৬ জানুৱাৰী :

ৰাজ্যত ভোগালী বিহু উল্লাসৰ সমান্তৰালকৈ চলিছে খেল’ইণ্ডিয়া ক্ৰীড়া মহোৎসৱৰ উল্লাস । ক্ৰীড়াক অধিক তৰান্বিত কৰাৰ লক্ষ্যেৰে উত্তৰ গুৱাহাটীত হবলগীয়া ক্ৰীড়া প্ৰকল্পৰ আজি পবিত্ৰ মাঘ মাহৰ পহিলা দিনটোৱে আৰম্ভণি কৰা হল। ৰজাদুৱাৰস্হিত উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ ভূমিত নিৰ্মাণ কৰিব লগা ক্ৰীড়া প্ৰকল্পৰ বৈদিক পদ্ধতিৰে ভুমি পূজা কৰা হল আজি মাঘ মাহৰ পহিলা দিনটোত । ভূমি পূজনত উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি দুৰ্লভ বৈশ্য, কাৰ্য্যকৰী সভাপতি মুকুটেশ্বৰ গোস্বামী, উপ সভাপতি দ্বয় দিলীপ বড়ো, গংগাধৰ দাস, সম্পাদক সুনীল বড়ো, কোষাধ্যক্ষ নিশান্ত নাথ, এথলেটিকছ সম্পাদক পৰাগজ্যোতি বৈশ্যই ভাগ লয় । বৰষা টেকনঅ ট্ৰেড প্ৰাইভেট লিমিটেডৰ বসন্ত চুৰাণা, কৰ্মকৰ্তা সকলৰ লগতে গড়কাপ্তানী বিভাগৰ অভিযন্তা জিতু দাসেও অংশগ্ৰহণ কৰে এই ভুমি পুজন অনুস্থানত। স্বাধীনতাৰ ৭ টা দশক অন্ত হোৱাৰ পিছতো বৃহত্তৰ অঞ্চলটোত এখন খেল পথাৰৰ অভাৱত বহু প্ৰতিভা অকাল মৰহি গৈছিল। উত্তৰ গুৱাহাটী, চাংসাৰি, আমিনগাঁও আৰু বৃহত্তৰ বেজেৰা অঞ্চলত নাই এখনো ষ্টেডিয়াম। স্বাধীনোত্তৰ কালৰ পৰা ফুটবল, সাতোঁৰ, এথলেটিকছ, মাৰ্চেল আৰ্ট ইত্যাদি খেল সমূহত উত্তৰ গুৱাহাটীয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা খেলুৱৈ জন্ম দি আহিছিল। কিন্তু আন্তঃ গাঁথনিৰ অভাৱত যোৱা দশকটোত বিশেষ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই। এই সকলো বিষয় স্হানীয় বিধায়ক তথা অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰোৱা হৈছিল । মন্ত্ৰীগৰাকী উদ্যোগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতত এখন পূৰ্ণাংগ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু আজি পবিত্ৰ মাঘৰ পহিলা দিনটোতে পূৰ্ণাঙ্গ ষ্টেডিয়াম কাম আৰম্ভ হৈছে।
বৰষা টেকনঅ ট্ৰেড প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে এই প্ৰকল্পটো কৰিব। প্ৰথম পৰ্যায়ত ১০ কোটি টকা খৰচ নিৰ্ধাৰণ কৰা প্ৰকল্পটো গড়কাপ্তানী বিভাগৰ “চিগনেছাৰ প্ৰজেক্ট” অধীনত নিৰ্মাণ কৰা হব। বিশিষ্ট অভিযন্তা জে এন খাটনিয়াৰে ষ্টেডিয়ামখনৰ আৰ্হি প্ৰস্তুত কৰিছে। সেইমতে প্ৰথম পৰ্যায়ত খেল পথাৰ উন্নয়ন, ট্ৰেক এণ্ড ফিল্ড, পেভিলিয়ন, বাউন্ডেৰী ৱাল নিৰ্মাণ কৰা হব। দুবছৰৰ ভিতৰত এই ক্ৰীড়া প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হব বুলি প্ৰকল্পৰ নিৰ্মাণৰ লগত জড়িত থকা বিষয়ববীয়াই জানিবলৈ দিছে । আজি বৃহস্পতিবাৰে ক্ৰীড়া প্ৰকল্পটোৰ ভুমি পুজন ও কামৰ আৰম্ভণি হোৱাৰ পিছতে অঞ্চলটোৰ ক্ৰীড়া প্ৰেমীসকলে যথেষ্ট সন্তোষ প্ৰকাশ কৰে। ইয়াৰ লগতে অনাগত দিনত বৃহত্তৰ অঞ্চলটোৰ উপৰিও ইয়াত অনুশীলন কৰা আশ পাশৰ খেলুৱৈ সকলৰ মাজৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰিছে।

গোৱালপাৰাত হাই মাষ্ট লাইটিং ছিষ্টেম উদ্বোধন

গোৱালপাৰাত হাই মাষ্ট লাইটিং ছিষ্টেম উদ্বোধন
————————————

গোৱালপাৰা মিউনিচিপেলিটি বোৰ্ডৰ হাই মাষ্ট এলইডি লাইটিং ছিষ্টেম এটা ১৪ জানুবাৰীত উদ্বোধন কৰা হয় ৷ উদ্বোধন কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৷ এই উপলক্ষে সিদিনা বোৰ্ডৰ কাৰ্যালয়ত এখন উদ্বোধনী সভাৰো আয়োজন কৰা হয় ৷ একে দিনাই উপায়ুক্ত বৰ্ণালী ডেকাই গোৱালপাৰা নিউ মাৰ্কেটত নৱ নিৰ্মিত যাত্ৰী জিৰণি চৰা এটিৰো শুভ উদ্বোধন কৰে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ First News Report

সুদূৰ ব্ৰাজিলত জিলিকিল নলবাৰীৰ বাঁহজানী গাঁৱৰ ৰূপজ্যোতি

##সুদূৰ ব্ৰাজিলত জিলিকিল নলবাৰীৰ বাঁহজানী গাঁৱৰ ৰূপজ্যোতি##

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৬ জানুৱাৰী

নলবাৰী জিলাৰ নিজ বাঁহজানী গাঁৱৰ বশিষ্ঠ চৌধুৰীৰ তৃতীয় পুত্ৰ ৰূপজ্যোতি চৌধুৰীয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যাৰ বাবে আজি গাঁৱখনত দুগুণ উৎসাহ-উদ্দীপনাৰে ভোগালী বিহুটিও উদযাপিত হ’ল ৷ ৰূপজ্যোতিয়ে যোৱা ডিচেম্বৰত ব্ৰাজিলত অনুষ্ঠিত হৈ যোৱা বি.জে.জে.গি. ইভেণ্টত সোণৰ পদক আৰু দ্য গ’ল্ডেন টেলেণ্ট বি.জে.জে. ইভেণ্টৰ চাবমিছন্ ফাইটিঙত ৰূপৰ পদক লৈ সুদূৰ ব্ৰাজিলৰ পৰা আজি আবেলি আহি নিজ বাসগৃহত প্ৰৱেশ কৰে ৷ ঢুলীয়া পাৰ্টিৰ সৈতে তাল-খোল বজাই স্থানীয় লোকৰ উষ্ম আদৰণিয়ে স্বাভাৱিকতেই খেলুৱৈগৰাকীক উৎসাহ আৰু অনুপ্ৰেৰণা যোগায় ৷ উল্লেখ্য যে সম্পূৰ্ন নিজা খৰছত দৈনিক অনুশীলন কৰা ৰূপজ্যোতিয়ে আজি দিলে ভাৰতক প্ৰতিনিধিত্ব কৰি অসমক সন্মান ৷ চৰকাৰী সহায়ৰ পৰা বঞ্চিত হ’লেও কেতিয়াও থমকি ৰোৱা নাছিল খেলুৱৈগৰাকী ৷

জিডিপি (GDP) মানেনো কি

জিডিপি (GDP) মানেনো কি

ইংৰাজী GDP ৰ সম্পূৰ্ণ নাম হৈছে Gross Domestic Product. অসমীয়াত মুঠ ঘৰুৱা উৎপাদন। এক কথা ত কবলৈ গলে এখন দেশৰ পৰিসীমাৰ ভিতৰত স্বউৎপাদিত সামগ্ৰীৰ ঘৰুৱা মূল্যকে জিডিপি বুলি কোৱা হয়।

জিডিপিক বুজাৰ সকলোতকৈ সহজ উপায় হছে ব্যয় পদ্ধতি
মুঠ ঘৰুৱা উৎপাদন = ভোগ + বিনিয়োগ + (চৰকাৰী ব্যয়) + (ৰপ্তানি − আমদানি)

উত্তৰাখণ্ডত উজ্বলিল ৰঙিয়াৰ ৰুনজুন এক্টিং এণ্ড ডেন্স একাডেমী*

*উত্তৰাখণ্ডত উজ্বলিল ৰঙিয়াৰ ৰুনজুন এক্টিং এণ্ড ডেন্স একাডেমী*

*১১টা পুৰস্কাৰ আজুৰিলে বহুভাষিক নৃত্য প্ৰতিযোগিতা ডেৰাডুনত*
প্ৰতিবেদক, ৰঙিয়া, ১৬ জানুৱাৰী :

সাংস্কৃতিক জগতত সৰুৰে পৰাই সাফল্যৰে নৃত্য প্ৰদৰ্শন কৰি ৰঙিয়াৰ নাম উজ্বলোৱাৰ সময়তে পুনৰ ডেৰাডুন (উত্তৰাখণ্ড)ত অনুষ্ঠিত বহুভাষিক নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ১১টা পুৰষ্কাৰেৰে ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰঙিয়াত প্ৰতিষ্ঠা লাভ কৰা অন্যতম সাংস্কৃতিক অনুষ্ঠান ৰুনজুন এক্টিং এণ্ড ডেন্স একাডেমীয়ে ।এই একাডেমীৰ পৰিচালক মোহন কলিতাৰ নেতৃত্বত ৰঙিয়াৰ পৰা এটি ১৪ জনীয়া সাংস্কৃতিক দলে সৰ্বভাৰতীয় বহুভাষিক নৃত্য প্ৰতিযোগিতাত অংশগ্রহণ কৰাৰ উদ্দেশ্যে ৫ জানুৱাৰীত ডেহৰাডুনলৈ ৰাওনা হয়।৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই সৰ্বভাৰতীয় বহুভাষিক নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰঙিয়াৰ ৰুনজুন এক্টিং এণ্ড ডেন্স একাডেমীয়ে মুঠ ১১ টা পুৰস্কাৰ লাভ কৰি সমগ্ৰ জিলাখনৰ লগতে ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনে। এই একাডেমীৰ পৰিচালক মোহন কলিতাই জনোৱা মতে খিতাপ অৰ্জন কৰা বিজয়ী সকল ক্ৰমে একক অাধুনিক নৃত্যত হিমানজ্যোতি দাস, প্ৰথম স্থান (কনিষ্ঠ), একক লোক নৃত্যত জিতু দাস, প্ৰথম স্থান (জ্যেষ্ঠ), একক আধুনিক নৃত্যত দ্বিতীয় স্থান প্ৰিথ্য (কনিষ্ঠ) একক লোকনৃত্যত দ্বিতীয় স্থান হিমানজ্যোতি দাস (কনিষ্ঠ), একক আধুনিক নৃত্যত তৃতীয় স্থানত সঞ্জীৱ বড়ো, বিস্তীৰ্ণ কলিতা, সৃষ্টি কলিতা (কনিষ্ঠ) লগতে হিমানজ্যোতি দাসে বিচাৰক বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে এই সৰ্বভাৰতীয় বহুভাষিক নৃত্য প্ৰতিযোগিতাত ৰুনজুন এক্টিং এণ্ড ডেন্স একাডেমীৰ নৃত্য পৰিচালক মোহন কলিতাই একক বলীউড ষ্টাইল কৰি প্ৰথম স্থান (জ্যেষ্ঠ) দখল কৰাৰ উপৰি মোহন কলিতাক স্বীকৃতিস্বৰূপে তালৰত্ন এৱাৰ্ড প্ৰদান কৰা হয়। ইতিমধ্যে বহুভাষিক নৃত্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সাংস্কৃতিক পথাৰত তথা ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে ৰুনজুন এক্টিং এণ্ড ডেন্স একাডেমীৰ সমূহ নৃত্য শিল্পীক বলীউদৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ কমল নাথ, বিশিষ্ট ছবি পৰিচালক তথা প্ৰযোজক ৰাজীৱ বড়া,সমাজ সেৱক নৃপেন চন্দ্ৰ নাথ, কমলপুৰ প্ৰেছ গীল্ডৰ সভাপতি পহৰেদ আলী আহমেদ প্ৰমূখ্যে অঞ্চলটোৰ বহু শুভাকাঙ্খীয়ে শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছে।

বুৰঞ্জী প্ৰসিদ্ধ সুন্ধিয়াঝাৰৰ বৰগোপাল থানৰ দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ উদযাপন

*বুৰঞ্জী প্ৰসিদ্ধ সুন্ধিয়াঝাৰৰ বৰগোপাল থানৰ দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ উদযাপন*

*নাগৰা নাম উদ্বোধন কৰিব অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই*

প্ৰতিবেদক, ৰঙিয়া, ১৬ জানুৱাৰী:

আহোম শাসনকৰ্তাৰ অপশাসনৰ বিৰুদ্ধে ১৭৮৮ চনৰ পৰা ১৭৯৫ চনলৈ সূদীৰ্ঘ প্ৰায় ৭ বছৰে চলা দন্দুৱাদ্ৰোহৰ মুল বিদ্ৰোহী নেতা কামৰূপীয়া বীৰ হৰদত্ত বীৰদত্ত আৰু বীৰদত্ত চৌধুৰীয়ে যুদ্ধৰ শেষৰফালে সপৰিয়ালে আত্মগোপন কৰা বুৰঞ্জী প্ৰসিদ্ধ সুন্ধিয়াঝাৰৰ দাতিত প্ৰায় ২০০ বছৰ আগতে স্থাপন কৰা বৰগোপাল স্থানত অহা ১৮ জানুৱাৰী শনিবাৰে দিনযোৰা কাৰ্যসূচীে মাঘী উৎসৱ উদযাপনৰ ব্যৱস্থা কৰা হৈছে। দক্ষিণ পশ্চিম ৰঙিয়া অঞ্চলৰ সকলো ৰাইজৰ সহযোগত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ৭.৩০ বজাত গাঁওবাসীৰ দ্বাৰা স্বচ্ছ অভিযান মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নগেন লহকৰৰ দ্বাৰা পতাকা উত্তোলন মাধৱ চহৰীয়াৰ দ্বাৰা ধৰ্মীয় পতাকা উত্তোলন আৰু ইয়াৰ পিছত শ্বহীদ তৰ্পন, বৃক্ষৰোপন, আয়তীৰ নাম, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু নাগৰা নামৰ আয়োজন কৰা হৈছে। নাগৰা নাম উদ্বোধন কৰিব অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই। সন্ধিয়া গাওঁবাসীৰ প্ৰতিঘৰৰ পদূলিত বন্তি প্ৰজ্বলন কৰাৰ পিছতে টোপধ্বনি কাৰ্যসূচীৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই সকলো কাৰ্যসূচীত মাঘী উৎসৱ উদযাপন সমিতিৰ সভাপতি লোহিত শৰ্মা, কাৰ্যকৰী সভাপতি কৃষ্ণ বৈশ্য, সম্পাদক মুকেশ লহকৰ আৰু সহ সম্পাদক চণ্ডী বৈশ্য, মুকুট লহকৰৰ লগতে বৰগোপাল থান উন্নয়ন সমিতিৰ সভাপতি নগেন লহকৰ, উপ সভাপতি হৰেশ্বৰ দাস, সম্পাদক দুলাল বৈশ্য যুটীয়া সম্পাদক জ্যোতিষ বৈশ্যই সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

ৰাজ্যত অব্যাহত আছে কা বিৰোধী প্ৰতিবাদ

 

ষ্টাফৰিপোৰ্টাৰ, ১৫ জানুৱাৰী : আজি ভোগালী বিহু। ভোগালী বিহুৰ সময়তো ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বিভিন্ন ঠাইত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি মেজিৰ জুইত দাহ কৰা হৈছে।ভোগালী বিহুৰ দিনাই গৃহ জিলা ডিব্ৰুগড়ত ক’লা পতাকাৰ সন্মুখীন হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।  ডিব্ৰুগড়ৰ মোহনবাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীয়ে ক’লা পতাকা দেখুৱালে মুখ্যমন্ত্ৰী সোণোৱালক।

Recent Posts

বিশিষ্ট সংগীত শিল্পী গোপী কান্ত সিন্ হা আৰু অপূৰ্ব বেজবৰুৱাক ২০২০ চনৰ শিল্পী বঁটা প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ১৭ জানুৱাৰী : বিশিষ্ট সংগীত শিল্পী গোপী কান্ত সিন্ হা আৰু অপূৰ্ব বেজবৰুৱালক শুকুৰবাৰে শিল্পী দিৱসৰ দিনা ২০২০ চনৰ শিল্পী বঁটা প্ৰদান কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুয়োগৰাকী শিল্পীক এই বঁটাৰে সন্মানিত …

Read More »

শিল্পী দিৱস উপলক্ষে চিত্ৰাংকণ প্ৰতিযোগিতা

  ষ্টাফৰিপোৰ্টাৰ, ১৭ জানুৱাৰী : শিল্পী দিৱস উপলক্ষে আৰু জ্যোতি চিত্ৰবন আৰু ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ টেলিভিছন প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুকুৰবাৰে জ্যোতি-চিত্ৰৱনত এখন চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। তিনিটা শাখাত আয়োজন কৰা এই প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাত “ক” শাখাত ( প্ৰথম শ্ৰেণীৰ পৰা …

Read More »

গুৱাহাটীত ‘ভিআইপি লাউঞ্জ মুকলি

  ষ্টাফ ৰিপ’ৰ্টাৰ,,১৭ জানুৱাৰী।।,আইপি ইণ্ডাষ্ট্ৰি লিমিটেডে শুকুৰবাৰে গুৱাহাটীৰ লাচিত নগৰস্থিত হনুমান মন্দিৰৰ সমীপত এক এক্সক্লুচিভ শ্ব’ৰূম’ ‘ভিআইপি লাউঞ্জ’ অনুষ্ঠানিকভাৱে মুকলি কৰে। সম্পূৰ্ণ নতুনত্বৰ সংযোজন ঘটোৱা এই শ্ব’ৰূমটোত ভি আই পিত অত্যাধুনিক ট্ৰলি, হেণ্ড বেগ, লাগেজ, ভি আই পি বেগ, স্কাই বেগ, বেগপেকচ্ কেপ্ৰেচ আদিকে ধৰি বিভিন্ন ধৰণৰ লাগেজ উপলব্ধ হ’ব। …

Read More »

গোলাঘাটত মহকুমা ছাত্ৰসন্থাৰ উদ্যোগত শিল্পী দিৱস উদযাপন

গোলাঘাটত মহকুমা ছাত্ৰসন্থাৰ উদ্যোগত শিল্পী দিৱস উদযাপন : গোলাঘাট ,১৭ জানুৱাৰী : সমগ্ৰ অসমৰ লগতে গোলাঘাটতো উদযাপন কৰিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস। সেই উপলক্ষে গোলাঘাটৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাটৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আজি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ৰূপকোঁৱৰক স্মৰণ কৰি সশ্ৰদ্ধা জ্ঞাপন কৰে গোলাঘাটৰ ৰাইজে। জিলা কাৰ্যালয়ৰ …

Read More »

নাজিৰাত প্ৰাক্তন সৈনিক সমাৰোহ

নাজিৰাত প্ৰাক্তন সৈনিক সমাৰোহ ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ১৭ জানুৱাৰী নাজিৰাত অনুস্হিতহৈছে প্ৰাক্তন সৈনিক সমাৰোহ | শিৱসাগৰ জিলা সৈনিক কল্যান কাৰ্যালয়ৰ উদ্যোগত আৰু প্ৰাক্তন সৈনিক সন্হা নাজিৰাৰ সহযোগত নাজিৰাৰ পুজা মন্দিৰৰ সভা গৃহত দিনযোৰা কাৰ্যসুচীৰে আজি এই প্ৰাক্তন সৈনিক সমাৰোহ অনুস্হিত হয় | কাৰ্যসুচী অনুসৰি পুৱা দেশ ৰক্ষাৰ সেতু শ্বহীদ হোৱা …

Read More »

গোলাঘাটত “ডেউকা ” নাট সমাৰোহৰ প্ৰস্তুতি

গোলাঘাটত “ডেউকা ” নাট সমাৰোহৰ প্ৰস্তুতি : গোলাঘাট ,১৭ জানুৱাৰী : গোলাঘাটত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো ডেউকা নাট্য বিদ্যালয়ৰ উদ্যোগত তৃতীয় বাৰ্ষিক ডেউকা নাটসমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী ত গোলাঘাটৰ ঐতিহ্যমণ্ডিত এমেচাৰ থিয়েটাৰ ছ’ছাইটিৰ মঞ্চত অনুষ্ঠিত হ’বলগীয়া সমাৰোহখনিত এইবৰ্ষত মুঠ চাৰিখনকৈ নাট প্ৰদৰ্শন …

Read More »

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক, এতিয়াও মুকলি আকাশৰ তলত আন তিনি মুল অপৰাধী। পঙ্কজ নাথ, চাংসাৰি, ১৬ জানুৱাৰী : ৰাজ্যত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ কিমানদূৰ সুৰক্ষিত । ৰাজ্যত এটাৰ পাছত আন এটা সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হয় আৰু অপৰাধী একাংশ সাৰিও যায় । আমিন …

Read More »

উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ দহ কোটি টকীয়া প্ৰকল্প

উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ “ক্ৰীড়া প্ৰকল্পৰ” ভুমি পুজন সম্পন্ন । দহ কোটি টকীয়া প্ৰকল্পৰ কাম হল আৰম্ভ। পঙ্কজ নাথ, চাংসাৰি, ১৬ জানুৱাৰী : ৰাজ্যত ভোগালী বিহু উল্লাসৰ সমান্তৰালকৈ চলিছে খেল’ইণ্ডিয়া ক্ৰীড়া মহোৎসৱৰ উল্লাস । ক্ৰীড়াক অধিক তৰান্বিত কৰাৰ লক্ষ্যেৰে উত্তৰ গুৱাহাটীত হবলগীয়া ক্ৰীড়া প্ৰকল্পৰ আজি পবিত্ৰ মাঘ মাহৰ পহিলা দিনটোৱে …

Read More »

গোৱালপাৰাত হাই মাষ্ট লাইটিং ছিষ্টেম উদ্বোধন

গোৱালপাৰাত হাই মাষ্ট লাইটিং ছিষ্টেম উদ্বোধন ———————————— গোৱালপাৰা মিউনিচিপেলিটি বোৰ্ডৰ হাই মাষ্ট এলইডি লাইটিং ছিষ্টেম এটা ১৪ জানুবাৰীত উদ্বোধন কৰা হয় ৷ উদ্বোধন কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৷ এই উপলক্ষে সিদিনা বোৰ্ডৰ কাৰ্যালয়ত এখন উদ্বোধনী সভাৰো আয়োজন কৰা হয় ৷ একে দিনাই উপায়ুক্ত বৰ্ণালী ডেকাই গোৱালপাৰা নিউ মাৰ্কেটত নৱ …

Read More »

সুদূৰ ব্ৰাজিলত জিলিকিল নলবাৰীৰ বাঁহজানী গাঁৱৰ ৰূপজ্যোতি

##সুদূৰ ব্ৰাজিলত জিলিকিল নলবাৰীৰ বাঁহজানী গাঁৱৰ ৰূপজ্যোতি## ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৬ জানুৱাৰী নলবাৰী জিলাৰ নিজ বাঁহজানী গাঁৱৰ বশিষ্ঠ চৌধুৰীৰ তৃতীয় পুত্ৰ ৰূপজ্যোতি চৌধুৰীয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যাৰ বাবে আজি গাঁৱখনত দুগুণ উৎসাহ-উদ্দীপনাৰে ভোগালী বিহুটিও উদযাপিত হ’ল ৷ ৰূপজ্যোতিয়ে যোৱা ডিচেম্বৰত ব্ৰাজিলত অনুষ্ঠিত হৈ যোৱা …

Read More »

জিডিপি (GDP) মানেনো কি

জিডিপি (GDP) মানেনো কি ইংৰাজী GDP ৰ সম্পূৰ্ণ নাম হৈছে Gross Domestic Product. অসমীয়াত মুঠ ঘৰুৱা উৎপাদন। এক কথা ত কবলৈ গলে এখন দেশৰ পৰিসীমাৰ ভিতৰত স্বউৎপাদিত সামগ্ৰীৰ ঘৰুৱা মূল্যকে জিডিপি বুলি কোৱা হয়। জিডিপিক বুজাৰ সকলোতকৈ সহজ উপায় হছে ব্যয় পদ্ধতি মুঠ ঘৰুৱা উৎপাদন = ভোগ + বিনিয়োগ + …

Read More »

উত্তৰাখণ্ডত উজ্বলিল ৰঙিয়াৰ ৰুনজুন এক্টিং এণ্ড ডেন্স একাডেমী*

*উত্তৰাখণ্ডত উজ্বলিল ৰঙিয়াৰ ৰুনজুন এক্টিং এণ্ড ডেন্স একাডেমী* *১১টা পুৰস্কাৰ আজুৰিলে বহুভাষিক নৃত্য প্ৰতিযোগিতা ডেৰাডুনত* প্ৰতিবেদক, ৰঙিয়া, ১৬ জানুৱাৰী : সাংস্কৃতিক জগতত সৰুৰে পৰাই সাফল্যৰে নৃত্য প্ৰদৰ্শন কৰি ৰঙিয়াৰ নাম উজ্বলোৱাৰ সময়তে পুনৰ ডেৰাডুন (উত্তৰাখণ্ড)ত অনুষ্ঠিত বহুভাষিক নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ১১টা পুৰষ্কাৰেৰে ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰঙিয়াত …

Read More »

বুৰঞ্জী প্ৰসিদ্ধ সুন্ধিয়াঝাৰৰ বৰগোপাল থানৰ দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ উদযাপন

*বুৰঞ্জী প্ৰসিদ্ধ সুন্ধিয়াঝাৰৰ বৰগোপাল থানৰ দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ উদযাপন* *নাগৰা নাম উদ্বোধন কৰিব অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই* প্ৰতিবেদক, ৰঙিয়া, ১৬ জানুৱাৰী: আহোম শাসনকৰ্তাৰ অপশাসনৰ বিৰুদ্ধে ১৭৮৮ চনৰ পৰা ১৭৯৫ চনলৈ সূদীৰ্ঘ প্ৰায় ৭ বছৰে চলা দন্দুৱাদ্ৰোহৰ মুল বিদ্ৰোহী নেতা কামৰূপীয়া বীৰ হৰদত্ত বীৰদত্ত আৰু বীৰদত্ত চৌধুৰীয়ে যুদ্ধৰ শেষৰফালে …

Read More »

ৰাজ্যত অব্যাহত আছে কা বিৰোধী প্ৰতিবাদ

  ষ্টাফৰিপোৰ্টাৰ, ১৫ জানুৱাৰী : আজি ভোগালী বিহু। ভোগালী বিহুৰ সময়তো ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বিভিন্ন ঠাইত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি মেজিৰ জুইত দাহ কৰা হৈছে।ভোগালী বিহুৰ দিনাই গৃহ জিলা ডিব্ৰুগড়ত ক’লা পতাকাৰ সন্মুখীন হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।  ডিব্ৰুগড়ৰ মোহনবাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীয়ে …

Read More »