Friday , October 18 2019
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

‘অসমৰ বড়োসকলক প্ৰেচাৰ কুকাৰসদৃশ পৰিৱেশত আৱদ্ধ কৰি থোৱা হৈছে’ – প্ৰমোদ বড়ো

  ষ্টাফৰিপৰ্টাৰ,অসমৰ বড়োসকলক প্ৰেচাৰ কুকাৰসদৃশ পৰিৱেশত আৱদ্ধ কৰি থোৱা হৈছে—- দিল্লীত এই মন্তব্য এবছুৰ সভাপতি প্ৰমোদ বড়োৰ। দেশৰ আন আন পৃথক ৰাজ্যৰ দাবীদাৰ সংগঠনৰ সৈতে দিল্লীত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে বিশাল গণ আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ এবছুৰ। নেচনেল কনফেডাৰেচন ফৰ নিউ ষ্টেটছৰ উদ্যোগত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে …

Read More »

গুৱাহাটীত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ

  ষ্টাফৰিপৰ্টাৰ,গুৱাহাটীত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ। সংকল্প যাত্ৰাৰ প্ৰতিৰোধ কৰিবলৈ এই ধাৰা জাৰি কাইলৈ গুৱাহাটীত ৩০টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিব দিছপুৰত। কে এম এছ এছ আৰু এ জে ৱাই চি পি ৰ যুটীয়া সংবাদমেল ‘ষ্টাফৰিপৰ্টাৰ, ১৫ নৱেম্বৰ, কাইলৈ সংকল্প যাত্ৰা সামৰণি পৰাৰ কথা’।‘শদিয়া, ধুবুৰী, জোনাই, ডিফুৰ পৰা অহা প্ৰতিবাদকাৰীক তামুলপুৰ, …

Read More »

উচ্চতৰ মাধ্যমিক ৰ পৰীক্ষা কেন্দ্ৰত সংস্থাপন হ’ব জামাৰ

  ষ্টাফৰিপৰ্টাৰ,উচ্চতৰ মাধ্যমিক ৰ পৰীক্ষা কেন্দ্ৰত সংস্থাপন হ’ব জামাৰ। পৰীক্ষাৰ্থীয়ে লৈ যোৱা ফোনসমূহ স্বয়ংক্ৰিয়ভাৱে বিকল হৈ পৰিব পৰীক্ষা কেন্দ্ৰত। অহা বৰ্ষৰ পৰা পৰীক্ষা কেন্দ্ৰত সংস্থাপন কৰোৱা হ’ব জামাৰ। প্ৰশ্নকাকত ফাদিল ৰোধ কৰাৰ বাবে পদক্ষেপ এ এইছ এছ ই চি ৰ। সৰ্বভাৰতীয় পৰীক্ষা পৰিষদৰ অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ। গুৱাহাটীত অনুষ্ঠিত হৈছে …

Read More »

Recent Posts

অসম প্ৰদেশ সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অসম প্ৰদেশ সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

নলবাৰীত উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

বঙাইগাঁওঃ ১৭অক্টোবৰঃ ৰাজ্যখনত নতুনকৈ আত্মপ্ৰকাশ কৰা মফছলীয় সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ ‘অসম প্ৰদেশ সাংবাদিক সন্থা’ৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি নলবাৰীত অনুষ্ঠিত হয়। নলবাৰীৰ আমচা হাউচত অসম প্ৰদেশ সাংবাদিক সন্থাৰ সভাপতি কুঞ্জমোহন ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত আৰু সাধাৰণ সম্পাদক কুন্তল কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা কাৰ্যনিবাহক সভাখনত সংগঠনটোৰ সাংগঠনিক দিশৰ ওপৰত পৰ্যালোচনা কৰা হয়। অসম চৰকাৰৰ সাংবাদিক পেঞ্চনাৰ তথা সন্থাৰ উপদেষ্টা ৰত্নেশ্বৰ তালুকদাৰ উপস্থিত থকা গুৰুত্বপূৰ্ণ বৈঠকখনত কে’বাগৰাকী বিষয়ববীয়াই সন্থাৰ সাংগঠনিক দিশ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি বক্তব্য ৰাখে। আনহাতে সংগঠনটোৰ উদ্যোগত আগন্তুক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি নলবাৰীত উদযাপন কৰাৰো প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷

ৰঙিয়াত ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচীৰ পৰ্য্যালোচনা বৈঠক

*ৰঙিয়াত ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচীৰ পৰ্য্যালোচনা বৈঠক*

*প্ৰশাসনৰ ব্যাপক সজাগতা অভিযান*

প্ৰতিবেদক,ৰঙিয়া, ১৭ অক্টোবৰ :  ভাৰতৰ  নিৰ্বাচন  আয়োগে এশ শতাংশ নিৰ্ভূল ভোটাৰ তালিকা প্ৰস্তুতৰ লক্ষ্য আগত ৰাখি চেপ্তেম্বৰ মাহৰ ১ তাৰিখৰ পৰা অব্যাহত ৰখা ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচীৰ সন্দৰ্ভত ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে ৰঙিয়া জিলা নিৰ্বাচন বিভাগে । ইখনৰ পিছত সিখনকৈ সজাগতা সভা আৰু ব্যাপক প্ৰচাৰ অভিযানেৰে যুদ্ধ কালীন তৎপৰতাৰে পৰীক্ষণ কাৰ্যসূচীৰ লগতে নিৰ্বাচনৰ সৈতে জড়িত বিষয়া -কৰ্মচাৰী সকলক লৈ ধাৰাবাহিক ভাৱে পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে ৰঙিয়া নিৰ্বাচন জিলা প্ৰশাসনে । আজি জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ সঞ্চালনাত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত ৰঙিয়া নিৰ্বাচন জিলাৰ অন্তৰ্গত ভোটাৰ পঞ্জীয়ন বিষয়া, সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া আৰু বি, এল,  অ’, চুপাৰভাইজাৰ সকলৰ  উপস্থিতত এক গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা  সভা অনুষ্ঠিত হয় । চেপ্তেম্বৰ  মাহৰ ১ তাৰিখৰ পৰা নৱেম্বৰ মাহৰ ১৮ তাৰিখলৈ ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচী  অব্যাহত থকাৰ কথা উল্লেখ কৰি জিলা  নিৰ্বাচন বিষয়া বৰদলৈয়ে পৰীক্ষণ আৰু শুদ্ধতা নিশ্চিত কৰিবৰ বাবে অনুসৰণ কৰিবলগীয়া ৫টা পদক্ষেপৰ বিষয়ে সাৱলীল ভাৱে সভাত উপস্থাপন কৰে ।তেখেতে অধিক তথ্যৰ  বাবে www.nvsp.in ত লগ্ ইন্ কৰিবলৈ নাইবা Voter Helpline ভোটাৰ ম’বাইল এপচ্ ডাউনলোড কৰিবলৈ আহ্বান জনায়। এই সভাত  ৰঙিয়া জিলা নিৰ্বাচন বিষয়া বৰদলৈয়ে জানিব দিয়ে যে, প্ৰথম পদক্ষেপত  ভোটাৰ কাৰ্ডৰ নম্বৰ ব্যৱহাৰ কৰি ডব্লিউ ডব্লিউ ডব্লিউ ডট্ এন ভি এছ পি ডট্ ইন্ ত লগ্ ইন্ কৰিব লাগিব  । দ্বিতীয় পদক্ষেপত নাম,  জন্ম তাৰিখ, লিংগ, সম্পৰ্কিত ব্যক্তিৰ নাম, ঠিকনা, ফটো আদিৰ তথ্য পৰীক্ষা কৰি চাব পাৰে । তৃতীয়তে শুধৰণি কৰিবলগীয়া বা সালসলনি কৰিব লগীয়া তথ্য থাকিলে সঠিক প্ৰামাণিক তথ্য দাখিল কৰিব লাগিব, চতুৰ্থতে ঠিকনাৰ প্ৰমাণ পত্ৰ আপলোড কৰিব লাগিব আৰু পঞ্চম পদক্ষেপত ম’বাইল নম্বৰ  আৰু ই-মেইল আই  ডি দাখিল কৰিব লাগিব । তাৰোপৰি  ১৯৫০ নম্বৰত ফোন কৰি বা নিকটৱৰ্তী চক্ৰ বিষয়াৰ  কাৰ্যালয়ত নতুবা বিভিন্ন স্থানত স্থাপন কৰা ভোটাৰ সহায়তা কেন্দ্ৰ সমূহত  গৈও যাৱতীয় পৰীক্ষণ সম্পন্ন কৰিব পাৰে বুলি উল্লেখ কৰি জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ বৰদলৈয়ে সকলোকে এই বৃহত্তম ভোটাৰৰ তথ্য পৰীক্ষা অভিযানৰ অংশীদাৰ হ’বলৈ আহবান জনায় ।  সভাত ভোটাৰ পঞ্জীয়ন বিষয়া তথা ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এমিলী বৰুৱা, ভাৰপ্ৰাপ্ত মহকুমা নিৰ্বাচন বিষয়া চম্পক ডেকা, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা,  উপ-পঞ্জীয়ন বিষয়া মনজিৎ দাস প্ৰমূখ্যে ৰঙিয়া মহকুমা প্ৰশাসনৰ ভালেমান বিষয়া উপস্থিত থাকে । ইফালে জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতিৰ নিৰ্দেশত মহকুমা তথ্য আৰু জনসংযোগ বিভাগে ৰঙিয়া চহৰৰ লগতে গোৰেশ্বৰ, কমলপুৰ আৰু ৰঙিয়া বিধানসভা সমষ্টি এলেকাৰ চুকে -কোণে  ভোটাৰ তালিকা পৰীক্ষণ  কাৰ্যসূচী  সন্দৰ্ভত ব্যাপক প্ৰচাৰ অভিযান চলাই আছে ।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান

*ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান*

প্ৰতিবেদক,ৰঙিয়া ,১৭ অক্টোবৰঃ
নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।সংগঠনটোৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি মিনোজ আহমেদ আৰু সম্পাদক ভৱেশ কুমাৰ ডেকা স্বাক্ষৰিত বিবৃতিযোগে জানিবলৈ দি কয় বৰ্তমান সময়ত সমগ্র অসম আৰু উত্তৰ পূৰ্বাঞ্চলজুৰি অসমীয়া জীৱনৰ সকলো ক্ষেত্ৰতে সংশয় কঢ়িয়াই অনা বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যৰ সৰ্বস্তৰৰ ৰাইজে প্ৰতিবাদ কৰি আহিছে ।ইয়াৰ পাছতো নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত বিধেয়ক খন প্ৰযোজ্য কৰাৰ বাবে উঠি পৰি লাগিছে ।এনে এক প্ৰেক্ষাপটত প্ৰধান মন্ত্ৰী গৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰি ৰঙিয়া মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথা সদৰী কৰে নেতৃবৃন্দই ।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা
অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ যাপন সমিতি গঠন :

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৭ অক্টোবৰ: অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিলৈ অনবদ্য অৰিহণা আগবঢ়াই যোৱা, এগৰাকী প্ৰবাসী অসমীয়া হৈও জাতীয়তাবোধ, মাতৃভূমিৰ প্ৰতি স্নেহ আৰু মাটিৰ মোহক প্ৰতিটো মুহূৰ্তত হৃদয়ত স্থান দিয়া, বিশ্ব বৰেণ্য গণিতজ্ঞ, ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথকে ধৰি কুৰি খনৰো অধিক অসমীয়া গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা তথা অসমীয়া সাহিত্য সন্মিলনীৰ তৃতীয় গৰাকী সভাপতি আমেৰিকা নিবাসী ড০ দিলীপ কুমাৰ দত্তৰ অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্রীয় স্মৃতি চাৰণ সভা আজি জামুগুৰিহাটৰ বাপুজী ভৱনত অনুষ্ঠিত হয়। শোণিতপুৰ জিলা সাহিত্য সন্মিলনীৰ সভাপতি গোলাপ কলিতাই সভাপতিত্ব কৰা সভাখনৰ প্ৰাৰম্ভিকতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি মুকলি কৰে পাঁচিঘাট চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকাই। অনুষ্ঠানটি মুকলি কৰি নিজেও এগৰাকী গণিতৰ শিক্ষক হিচাপে গুৱাহাটীত অনুষ্ঠিত মাহজোৰা গণিতৰ কৰ্মশাত এগৰাকী প্ৰশিক্ষক হিচাপে লগ পোৱা দিলীপ কুমাৰ দত্তৰ বিদ্যায়তনিক বুৎপত্তি আৰু বিশ্বত গণিতক জনপ্ৰিয় কৰি তোলাৰ বাবে আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰি এনে এগৰাকী ব্যক্তিক অসমে চিনি নাপালে বুলি আক্ষেপ প্ৰকাশ কৰে। শোণিতপুৰ জিলা সাহিত্য সন্মিলনীৰ জিলা সম্পাদক চাৰু কমল নেওগ আৰু জামুগুৰি আঞ্চলিকৰ সম্পাদক দুলমণি নাথে আঁতধৰা সভাখনত দিলীপ কুমাৰ দত্তৰ জীৱন আৰু কৃতিত্ব সম্পৰ্কত স্মৃতি চাৰণ কৰে বিশিষ্ট লেখক, কবি ডাঃ হৰেন শইকীয়াই আৰু অসমীয়া সাহিত্য সন্মিলনীলৈ দিলীপ কুমাৰ দত্তৰ অৱদান সম্পর্কে আলোকপাত কৰে সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই। ভাষণ প্ৰসংগত কলিতাই কয় যে দিলীপ কুমাৰ দত্তই অসমীয়া সাহিত্য সন্মিলনীক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ এক শক্তিশালী জাতীয় অনুষ্ঠান হিচাপে গঢ়ি তুলিব বিচাৰিছিল যিটো অনুষ্ঠানক সকলো অসম প্ৰেমী আৰু অসমীয়া প্ৰেমীয়ে আদৰেৰে গ্ৰহণ কৰে, এই ক্ষেত্ৰত চৰকাৰ বা বিত্তীয় প্ৰতিষ্ঠানৰ সাহায্যৰ বিপৰীতে ৰাইজৰ দান বৰঙণি ৰে অনুষ্ঠান টো আগবঢ়াই নিয়াৰ মত পোষণ কৰিছিল। দিলীপ কুমাৰ দত্তৰ স্মৃতি ৰক্ষাৰ্থে সন্মিলনীয়ে এখনি স্মৰণ গ্ৰন্থ প্ৰকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সভাক জানিবলৈ দিয়ে। উল্লেখ্য যে ইয়াৰ পাছতে আগন্তুক ২০২০ চনৰ ৮, ৯, ১০ ফেব্ৰুৱাৰীত জামুগুৰিহাটত অনুষ্ঠিত হ’বলগীয়া সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ ওপৰত আলোচনা কৰি এখনি উদ্দিন যাপন সমিতিও গঠন কৰা হয়। সেই মৰ্মে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক মুখ্য পৃষ্ঠপোষক হিচাপে লৈ আজি গঠন কৰা উদ্ যাপন সমিতিখন ক্ৰমে উপদেষ্টা ড০ মুকুল চক্ৰৱৰ্তী, ড০ দিলীপ বৰা আৰু ধৰ্মেশ্বৰ হাজৰিকা। সভাপতি গোলাপ কলিতা, কাৰ্যকৰী সভাপতি ডা: হৰেন শইকীয়া, উপ সভাপতি ড০ অজিত হাজৰিকা, জগত শইকীয়া আৰু শৈলেন বৰকটকী। প্ৰধান সম্পাদক ৰঞ্জিত বৰঠাকুৰ আৰু চাৰু কমল নেওগ, সহ: সম্পাদক কৃষ্ণকান্ত তালুকদাৰ আৰু ধৰ্মেন্দ্ৰ নাথ, কাৰ্যালয় সম্পাদক বাবলু হাজৰিকা। ইয়াৰোপৰি আজিৰ সভাতে কেইবাখনো উপ সমিতি গঠন কৰা হয়। সেই মৰ্মে স্মৃতি গ্ৰন্থ উপ সমিতিত উপদেষ্টা নাৰায়ণ শইকীয়া, ড০ অনুৰাধা শৰ্মা আৰু ড০ বিপুল জ্যোতি শইকীয়া, সভাপতি মহেশ্বৰ বৰা, উপ সভাপতি দিলীপ কুমাৰ ভট্টাচার্য, সম্পাদক বেদব্ৰত বৰা, কলা সম্পাদক বিষ্ণু তামুলী, সহ: সম্পাদক ঈশ্বৰচন্দ্ৰ বৰা আৰু দুলমণি নাথ। সাহিত্য বিভাগৰ উপদেষ্টা তৰুণ বৰুৱা, সভাপতি দীপাংকৰ বৰা, উপ সভাপতি বিপুল বৰা, সম্পাদক বাসৱ ভূঞা, সত্য বৰা। সাংস্কৃতিক উপ সমিতিৰ উপদেষ্টা চক্ৰপাণি শৰ্মা, সভাপতি লক্ষ্মী প্ৰসাদ বৰুৱা, সম্পাদক প্ৰেশৱ কলিতা, স্বৰাজ কটকী, সহ: সম্পাদক গীতা শইকীয়া, কৰ্পূৰ মঞ্জুৰী তালুকদাৰ। প্ৰচাৰ – উপদেষ্টা সঞ্জীব হাজৰিকা, আনোৱাৰ আহমেদ, সভাপতি ফণীন্দ্ৰ বৰুৱা, সম্পাদক ৰাজমণি ভূঞা, দুৰ্গা পৌঢ়েল। ব্যৱস্থাপনা – সভাপতি দিলীপ ভট্টাচার্য, সম্পাদক ৰঞ্জন কুমাৰ দাস, বাবলু হাজৰিকা। খাদ্য – উপদেষ্টা লীলা ভূঞা, দণ্ডি নাথ, সভাপতি মহেন্দ্র বৰুৱা, সম্পাদক অপূর্ব ভট্টাচার্য, জিতেন কলিতা, অভ্যৰ্থনা উপদেষ্টা ভীমলাল শৰ্মা, সভাপতি পদুম দাস, সম্পাদক মহেশ কাকতী, কবিতা শৰ্মা। ইয়াৰোপৰি আজিৰ সভাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ ইতিহাস সম্বলিত এখনি গ্ৰন্থ প্ৰকাশৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়, ‘জামুগুৰিহাটৰ ৰূপৰেখা’ শীৰ্ষক প্ৰস্তাৱিত গ্ৰন্থখনৰ সম্পাদনা সমিতিখন ক্ৰমে উপদেষ্টা গোলাপ কলিতা, সুৰেন কলিতা, সভাপতি হেম বৰুৱা, সম্পাদক মিংকু কলিতা আৰু চাৰু কমল নেওগ। ২০২০ চনৰ ফেব্ৰুৱাৰীৰ ৮,৯,১০ তাৰিখে অনুষ্ঠিতব্য প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ, ৰাজ্যিক ভিত্তিত সাহিত্য প্ৰতিযোগিতা, অবিভক্ত শোণিতপুৰ জিলা ভিত্তিত আন্ত:বিদ্যা লয় প্ৰাচীৰ পত্ৰিকা আৰু হাতে লিখা আলোচনী প্ৰতিযোগিতা, সাহিত্য উৎসৱ, গ্ৰন্থ উন্মোচন, নাট্য আৰু সাংস্কৃতিক অনুষ্ঠান মুখ্য হিচাপে গ্ৰহণ কৰা হৈছে। অনুষ্ঠানটোত সকলোৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে।
জোন বৰা,জামুগুৰিহাট।

বিজনী ৰাজ্যৰ মহীয়সী ৰাণী অভয়েশ্বৰীৰ ১০১ সংখ্যক মৃত্যু দিৱস উদযাপন

বিজনী ৰাজ্যৰ মহীয়সী ৰাণী অভয়েশ্বৰীৰ ১০১ সংখ্যক মৃত্যু দিৱস উদযাপন

বঙাইগাঁওঃ ১৭ অক্টোৱৰঃ ঐতিহাসিক বিজনী ৰাজ্যৰ প্ৰজাবৎসল মহীয়সী ৰাণী অভয়েশ্বৰী দেৱীৰ ১০১ সংখ্যক মৃত্যু দিৱস আজি অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উদযাপন কৰা হয় ৷ এই উপলক্ষে পুৱা ৰাণী অভয়েশ্বৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষা মীনাকুমাৰী মণ্ডলে৷ ভাষণ প্ৰসংগত তেওঁ মহীয়সী ৰাণী অভয়েশ্বৰী দেৱীৰ বিদ্যায়তনিক অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ আনহাতে বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেশ নাথে সাধাৰণ গাঁৱলীয়া জীয়ৰী হৈ কেনেদৰে অসাধাৰণ প্ৰতিভাৰে ৰাজ্য শাসন কৰাৰ লগতে প্ৰজাহিতৈষী কাম কৰি প্ৰজাৰ মন জয় কৰিছিল সেই কথা বাখ্যা কৰে ৷ অনুষ্ঠানত বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক ৰাকেশ তিৱাৰী, সমীৰ ৰঞ্জন দাস, থানেশ্বৰ দাসৰ লগতে অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷ অনুষ্ঠানটো আঁত ধৰে বিদ্যালয়খনৰ শিক্ষক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায় আৰু শিক্ষয়িত্ৰী ছন্দাৰাণী মেধিয়ে ৷

দেৰগাঁৱৰ ১০গৰাকী শ্ৰেষ্ঠ পূজা চেলফীলৈ বঁটা প্ৰদান

হেডলাইনচ্ দেৰগাঁও’ৰ ব্যতিক্ৰমী অনুষ্ঠান

দেৰগাঁৱৰ ১০গৰাকী শ্ৰেষ্ঠ পূজা চেলফীলৈ বঁটা প্ৰদান ।।

কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী ,১৭ অক্টোবৰ,কাজিৰঙা : সাম্প্ৰতিক সময়ত “ৱেৱ মেডিয়া” সমুহে জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱাৰ সময়তে দেৰগাঁৱৰ পৰা আত্মপ্ৰকাশ হোৱা সংবাদ মাধ্যমৰ মজিয়াত এক নৱ সংযোজন ঘটে ৱেৱ পৰ্টেল “হেডলাইনচ্ দেৰগাঁও” ৷ “হেডলাইনচ্ দেৰগাঁও”য়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছিল এখনি পূজা ছেলফী প্ৰতিযোগিতা । দেৰগাঁৱৰ যুৱতী-মহিলা সকলক লৈ আয়োজন কৰা এই পূজা চেলফি প্ৰতিযোগিতালৈ ৫০০ শৰো অধিক চেলফি প্ৰতিযোগীয়ে প্ৰেৰণ কৰে নিজৰ নিজৰ চেলফী ।এই প্ৰতিযোগিতাত লাকী ড্ৰ’ যোগে নিৰ্বাচন কৰা হৈছিল ১০ গৰাকী শ্ৰেষ্ঠ চেলফী প্ৰতিযোগীক ।এই সকল বিজয়ী শ্ৰেষ্ঠ যুৱতী-মহিলা সকলক বঁটা প্ৰদানৰ বাবে আয়োজন কৰা হ’ল আনুষ্ঠানিকভাৱে এখনি বঁটা প্ৰদান অনুষ্ঠান । দেৰগাওঁ সাহিত্য সভা ভৱনত বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক,বোলছবি পৰিচালক নুৰুল চুলতানে ।বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি,লেখিকা হেমা চৌধুৰী গগৈ, কাজিৰঙাৰ বিশিষ্ঠ সাংবাদিক,কবি তথা লেখিকা পলিমা বি চেতিয়া, দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়ৰ অধ্যাপিকা নন্দিতা হালৈ,বিশিষ্ট সাংবাদিক দিগন্ত কুমাৰ ভূঞা আৰু দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্ত,দেৰগাওঁ সাংবাদিক সংস্থাৰ সভাপতি বিচিত্ৰ ভূষণ কলিতা, বিশিষ্ট সাংস্কৃতিক কৰ্মী দেৱজিৎ লাহন,বিশিষ্ট শিক্ষাবিদ ভোলা হাজৰিকাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে সংবাদ ক্ষেত্ৰৰে জড়িত কেইবাগৰাকীয়ো জেষ্ঠ সাংবাদিক উপস্থিত থাকে ।সংগীত শিল্পী কুমিচ হাজৰিকাৰ নেতৃত্বত সংগীত আৰু অংকুৰিতা ফুকনৰ কবিতা পাঠেৰে অনুষ্ঠানটো অধিক প্ৰাণোময় কৰি তোলে।হেডলাইন্চ দেৰগাঁৱৰ জন্মদাতা দীপক শইকীয়া আৰু হেডলাইন্চ দেৰগাঁও চেনেলৰ বাতৰি বিভাগৰ সম্পাদক দেৱজিৎ নন্দনে আঁতধৰা অনুষ্ঠানটোত ভালেসংখ্যক শুভাকাংক্ষী উপস্থিত থাকে ।
শাৰদীয় দুৰ্গোৎসৱৰ উপলক্ষে আয়োজন কৰা পূজা চেলফী প্ৰতিযোগিতাৰ বাবে মণ্ডপে মণ্ডপে ছেলফী উঠালে যুৱতী- মহিলাই। সপ্তমী পূজাৰ পৰা হেডলাইনচ্ দেৰগাঁৱৰ ঠিকনাত আহিল ইখনৰ পিছত সিখনকৈ সুন্দৰী যুৱতী মহিলাৰ ছেলফী। দৰ্শকৰ বিপুল সহাঁৰিৰ পিছত হেডলাইনচ্ দেৰগাঁৱৰ তৰফৰ পৰা আয়োজন কৰা হ’ল আনুষ্ঠানিকভাৱে বঁটা বিতৰণী অনুষ্ঠান । ৫০০ শৰো অধিক চেলফী প্ৰতিযোগীৰ মাজৰ পৰা পূজা ছেলফী প্ৰতিযোগিতাৰ ১০ গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক এই বঁটা বিতৰণী অনুষ্ঠানতেই বঁটা প্ৰদান কৰা হ’ল । প্ৰিয়াংকী বৰা,নেইনা বৰঠাকুৰ, মাচুমী বেগম, মুনমী বৰা, ৰিজু দাস, বনশ্ৰী মধুকৈল্যা, মিনা ৰাজবংশী , অনন্যা শ্ৰৱন সপ্তমী, জুলি চলিহা আৰু শতাব্দী প্ৰিয়া বৰালৈ আগবঢ়োৱা হ’ল শ্ৰেষ্ঠতাৰ খিতাপ । দেৰগাঁৱৰ সংবাদ ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিব বুলি সকলোৰে আশা হৈ পৰিছে এই হেডলাইনচ্ দেৰগাওঁ ।

গোৱালপাৰাত মহিলা শক্তি কেন্দ্ৰ আঁচনি সন্দৰ্ভত প্ৰশিক্ষণ আৰু কৰ্মশালা সম্পন্ন

গোৱালপাৰা জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত মহিলা শক্তি কেন্দ্ৰ আঁচনি সন্দৰ্ভত প্ৰশিক্ষণ আৰু কৰ্মশালা সম্পন্ন

———–

গোৱালপাৰা জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত কালি ১৬ অক্টোবৰ তাৰিখে জিলা উপায়ুক্ত কাৰ্যালয়ত “মহিলা শক্তি কেন্দ্ৰ” আঁচনি খন কাৰ্যকৰী কৰাৰ সম্পৰ্কত  খণ্ড পৰ্যায়ৰ সমিতি সমূহৰ এক প্ৰশিক্ষণ আৰু কৰ্মশালাৰ আয়োজন কৰা হয় ৷ এই আঁচনিৰ জৰিয়তে উন্নয়ন খণ্ড পৰ্যায়ত মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱী ছাত্ৰ ছাত্ৰী (এনচিচি,এনএছএছ সদস্য) বৰ্গৰ  জৰিয়তে গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ সবলীকৰণ তথা উন্নয়নৰ বাবে দক্ষতা বিকাশ,সংস্থাপন,অংকীয় শিক্ষা,স্বাস্থ্য আৰু পুষ্টি বিকাশ সাধন তথা সজাগতা প্ৰশিক্ষণ আৰু যোগ্যতা বিকাশৰ বাবে বিভিন্ন সজাগতামূলক অনুষ্ঠান তথা কাৰ্যক্ৰমৰ ব্যৱস্থা কৰা হ’ব ৷ মহিলা সংক্ৰান্তীয় সকলো আঁচনিৰ কেন্দ্ৰবিন্দু হ’ব এই মহিলা শক্তি কেন্দ্ৰ সমূহ ৷ প্ৰশিক্ষণ আৰু কৰ্দশালা অনুষ্ঠান খনি উদ্বোধন কৰি জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই খণ্ড পৰ্যায়ৰ সমিতিৰ সদস্য সকলক উদ্দেশ্যি মহিলা শক্তি কেন্দ্ৰ আঁচনি খনৰ সন্দৰ্ভত এই দৰে কয় ৷ লগতে তেওঁ খণ্ড পৰ্যায়ৰ সকলো বিষয়া আৰু সমিতিৰ সদস্য সকলক খণ্ড পৰ্যায়ৰ সকলোবোৰ কাম কাজ  সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবেও আহ্বান জনায় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত সমাজ কল্যাণ বিভাগ,জিলা সমাজ কল্যাণ বিষয়া,মন্দিৰা বৰুৱা শাখা সঞ্চালক,সমাজ কল্যাণ,ৰুবী ভাগৱতী শৰ্মা,ৰাজ্যিক প্ৰকল্প সমন্বয়ক,মহিলাৰ ৰাজ্যিক সমল কেন্দ্ৰ,নিলাক্ষী শৰ্মা,ৱমেন হেল্প লাইন ১৮১ সঞ্চালক,শিশু বিকাশ আৰু প্ৰকল্প বিষয়া গোৱালপাৰা,মহিলা কল্যাণ বিষয়া হিমাশ্ৰী সিনহা,জিলা সমন্বয়ক ক্ৰমে সংগীতা বড়া আৰু ময়ুৰী অধিকাৰী আৰু খন্ড পৰ্যায়ৰ সমিতিৰ সদস্য সকল ৷ অনুষ্ঠানত সমাজ কল্যাণ সঞ্চালকালয়ৰ পৰা অহা মন্দিৰা বৰুৱাই মহিলা শক্তি কেন্দ্ৰ আঁচনি খনৰ সম্পৰ্কে প্ৰশিক্ষণ আগবঢ়ায় ৷ মহিলা ৰাজ্যিক সমল কেন্দ্ৰৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক ৰুবী ভাগৱতী শৰ্মাই মহিলা সম্পৰ্কীয় বিভিন্ন আঁচনি সমূহৰ বিষয়ে খণ্ড পৰ্যায়ৰ সমিতি সমূহৰ আগত ব্যাখ্যা আগবঢ়ায় ৷ নিলাক্ষী শৰ্মাই মহিলাৰ বিৰুদ্ধে সংঘটিত ঘৰুৱা হিংসা,হত্যা,নিৰ্যাতন,ডাইনী হত্যা,নাৰী সৰবৰাহ আদিৰ বিষয়ে অৱগত কৰে ৷ শেষত জিলা অতিৰিক্ত উকায়ুক্ত সমাজ কল্যাণ বিভাগে শিশু উন্নয়ন প্ৰকল্প বিষয়া সকলক খণ্ড পৰ্যায়ৰ সমিতিৰ কাৰ্যালয় স্থাপনৰ বাবে আহ্বান জনায় ৷ আনহাতে সমাজ কল্যাণ বিষয়া দেৱেন ভূঞাই শলাগৰ শৰাই আগবঢ়ায় বুলি জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া সুপ্ৰভা ৰায়ে এক প্ৰেছ বাৰ্তাৰ জৰিয়তে সংবাদ মাধ্যমক অৱগত কৰিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

××× ××× ××× ××× ××× ×××

_জন্মু-কাশ্মীৰত মৃত্যুবৰণ কৰা ভাৰতীয় সেনাৰ পৰ্টাৰ ধন বড়োৰ শেষকৃত্য সম্পন্ন

_জন্মু-কাশ্মীৰত মৃত্যুবৰণ কৰা ভাৰতীয় সেনাৰ পৰ্টাৰ ধন বড়োৰ শেষকৃত্য সম্পন্ন_

*শোকসন্তপ্ত পৰিয়ালৰ কাষত উপস্থিত বিশ্বনাথৰ উপায়ুক্ত-আৰক্ষী অধীক্ষক*

আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলি, ১৭ অক্টোবৰঃ জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ সামগ্ৰী কঢ়িওৱা পৰ্টাৰ পদত নিযুক্ত বিশ্বনাথৰ ১ নং ভিমাজুলী বাথৌপুৰি গাঁৱৰ যুৱক ধন বড়োৰ অন্ত্যেষ্টিক্ৰিয়া আজি সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে এই যুৱকগৰাকীয়ে যোৱা ১৪ অক্টোবৰত কাশ্মীৰত ভাৰতীয় সেনাৰ এটা কোম্পানীৰ খাদ্য সামগ্ৰী পাহাৰলৈ কঢ়িয়াই নিয়া অৱস্থাত আকস্মিকভাৱে পিছল খাই পৰি মৃত্যুক সাৱটি লৈছিল। সেনাবাহিনীৰ জন্মু-কাশ্মীৰ ৰাইফলছৰ চুবেদাৰ পৱন কুমাৰৰ বিশেষ তৎপৰতাত কালি
বিমানযোগে নতুন দিল্লীৰ পৰা যুৱকগৰাকীৰ মৃতদেহ লৈ অনাৰ পাছত আজি নিজা গাঁৱত সামাজিক ৰীতি-নীতিৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। আনহাতে সীমান্তত নিয়োজিত সেনাবাহিনীক সেৱা আগবঢ়াবলৈ গৈ মৃত্যুক আকোঁৱালি লোৱা যুৱকগৰাকীৰ বাসগৃহত আজি উপস্থিত হৈ বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ অৱস্থাৰ বুজ লয়। উপায়ুক্তগৰাকীয়ে জিলা প্ৰশাসনৰ তৰফৰ পৰা দুৰ্ভগীয়া পৰিয়ালটোক সম্ভৱপৰ সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাসো প্ৰদান কৰে।‌ উল্লেখযোগ্য যে সেনাবাহিনীৰ তৰফৰ পৰা মৃতকৰ পৰিয়ালক তাৎক্ষণিক সাহায্যৰ লগতে অতি সোনকালেই বীমাৰ ধনৰাশিৰ দৰে প্ৰাপ্য সুবিধাসমূহ আগবঢ়োৱা হ’ব বুলি সেনাবাহিনীৰ জন্মু-কাশ্মীৰ ৰাইফলছৰ চুবেদাৰ পৱন কুমাৰে আজি পৰিয়ালটোক অৱগত কৰে।

নামৰূপত নাহৰফুটুকী ৰ সন্ত্ৰাস

নামৰূপত নাহৰফুটুকী ৰ সন্ত্ৰাসত উজাগৰী নিশা কতাইছে গাৱঁৰ
কৃষকে।
আজি প্ৰায় পোন্ধৰ দিন ধৰি নামৰূপ খেৰমীয়া গাঁৱৰ ৰাইজে এজনী নাহৰফুটুকী বাঘীনিৰ সন্ত্ৰাসত উজাগৰী নিশা কটাবলগীয়া হৈছে।স্থানীয় বন বিভাগে খুজৰ ছাৱ আৰু চলন ফুৰনৰ গতি বিধি লক্ষ্য কৰি ,
পূৱালী থকা ডাঙৰ নাহৰফুটুকী বাঘীনি বুলি থিৰাং কৰিছে।ইতিমধ্যে গাঁৱৰ কেইবাটাও পৰিয়ালৰ
হাহ,ককুৰা,গাহৰি, গৰু, ছাগলীৰ গৰাল ভাঙি ,এঘৰৰ ২৭,টাকৈ হাহ ককুৰা লৈ যোৱাৰ উপৰিও আন কেইবাটাও ঘৰত গাহৰি, ছাগলী মাৰি থৈ যোৱাৰ তথ্য বন বিভাগে দিছে।উপায়ন্তৰ বিভাগে পিঞ্জৰা সংস্থাপন কৰিও সফল নোহোয়াত উপায়ন্তৰ হৈ পৰিছে।
নামৰূপৰ পৰা বিতু বৰুৱা।

ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় সফলতা

ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় সফলতা

চাবুৱাঃ ১৭ অক্টোবৰঃ ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ শিক্ষানুষ্ঠান ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ষ্টেট লেভেল ৰোল প্লে এণ্ড ফ্লক দাঞ্চ ২০১৯ প্ৰতিযোগিতাত অংশগ্রহণ কৰি বৃহত্তৰ ডিব্ৰুগড় জিলাৰ লগতে ৰহমৰীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। অসমৰ ৩৫ জিলাৰ ভিতৰত ডিব্ৰুগড় জিলাৰ হৈ প্ৰতিদ্বন্দীতা কৰি শ্ৰেষ্ঠ স্থান পাবলৈ সক্ষম হয়। অহা ৪ ডিচেম্বৰত আন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত হবলগীয়া প্রতিযোগিতা খনত অংশগ্রহণ কৰি অসমৰ হৈ প্রতিনিধিত্ব কৰিব বুলি জানিবলৈ দিয়ে।

পঞ্চায়ত আৰু গ্রামােন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলন স্থগিত

পঞ্চায়ত আৰু গ্রামােন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলন স্থগিত

চাবুৱাঃ ১৭ অক্টোবৰঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ ঠিকাভিত্তিক
কৰ্মচাৰী পৰিষদে ঘোষণা কৰা কর্মবিৰতি কাৰ্যসূচি আজিৰে পৰা সাময়িক ভাৱে স্থগিত ৰাখিছে। উল্লেখযোগ্য যে যারা ১৪ অক্টোবৰ পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ অধ্যক্ষ, সচিব আৰু আয়ুক্তৰ সৈতে হোৱা আলােচনা সন্মান জনাব পঞ্চায়েত কার্যালয়সমূহ অচল হৈ পৰাত দুখীয়া ৰাইজৰ সমস্যাসমূহ সমাধানের প্রতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা সমিতিৰ কর্মবিৰতি কাৰ্যসূচী সাময়িকভাবে স্থগিত ৰাখে আলোচনা হোৱা সিদ্ধান্ত সমূহ যদি অনতিলম্বে কার্যকৰী নকৰে তেন্তে অনাগত দিন পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব বুলি পৰিষদৰ কর্মকর্তাৰ এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে।

চিৰাঙৰ কাজলগাঁৱৰ শ্ৰীশ্রী লক্ষ্মী মেলা আনুষ্ঠানিকভাবে উদ্বোধন কৰিলে মন্ত্ৰী চন্দন ব্ৰহ্মই

চিৰাঙৰ কাজলগাঁৱৰ শ্ৰীশ্রী লক্ষ্মী মেলা আনুষ্ঠানিকভাবে উদ্বোধন কৰিলে মন্ত্ৰী চন্দন ব্ৰহ্মই

কোনো মানুহ বেয়া হোৱাত পূজা – মেলা দায়ী হ’ব নোৱাৰে

বঙাইগাঁওঃ ১৬ অক্টোবৰঃ চিৰাং জিলা সদৰ কাজলগাঁৱত ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ১৩ অক্টোৱৰৰ পৰা আৰম্ভ হোৱা ৫৮ সংখ্যক ঐতিহাসিক শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱখনি বুধবাৰে আনুষ্ঠানিকভাবে উদ্বোধন কৰে অসমৰ পৰ্যটন আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ জাতি , ধৰ্ম , বৰ্ণ , ভাষা নিৰ্বিশেষে ১৯৬১ চনৰ পৰা অনুষ্ঠিত হৈ অহা এই পূজা আৰু মেলাৰ মুখ্য দ্বাৰৰ আজি দুপৰীয়া ফিতা কাটি শুভ উদ্বোধন কৰাৰ পিছত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰী ব্ৰহ্মই কয় যে -কাজলগাঁৱৰ ঐতিহাসিক এই শ্ৰীশ্ৰী লক্ষ্মীপূজা – মেলাই অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত যথেষ্ট সহায় কৰিছে । এই মেলাই মানুহৰ মাজত শান্তি সম্প্ৰতি তথা ভাতৃত্ববোধ বৃদ্ধি কৰাতো সহায় কৰিছে । এক কথাত ক’ব গ’লে কাজলগাঁৱৰ এই পূজা – মেলা মিলনৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে । একাংশ লোকে পূজা – মেলাক লৈ সমালোচনা কৰে যদিও প্ৰকৃততে পূজা – মেলাই কোনো মানুহ বেয়া হোৱাত দায়ী হ’ব নোৱাৰে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে নিজ ভাষণত উল্লেখ কৰে । এইবাৰৰ পূজা তথা মেলাত বিশেষ আকৰ্ষণ হিচাপে আছে সুদূৰ কলিকতাৰ পৰা অহা চাৰ্কাচ , ব্ৰেক ডেন্স , ড্ৰাগন , মৌত কা কুৱা , যাদুঘৰ , মিনাবাজাৰ , এক্সপো আদি । লগতে মেলাত হাঁহ ,পাৰ , কণী , দখনা , তেল , চাবুনৰ জৰিয়তে পৰম্পৰাগত চকৰিজাতীয় খেলো অনুষ্ঠিত হৈ থকা বুলিও জানিব পৰা গৈছে । কাজলগাঁৱৰ পাৰ্শ্বৱৰ্তী ১৫ খন গাঁৱৰ শতাধিক প্ৰতিনিধিৰ অৰ্ন্তভূক্তিৰে ২০ খন উপ সমিতি গঠন কৰি এই পূজা আৰু মেলাৰ কাম আগবঢ়াই নিয়া হৈছে । অনৈক্যৰ মাজত ঐক্যৰ বাৰ্তা কঢ়িয়াই অনা কাজলগাঁৱৰ ঐতিহ্যমণ্ডিত এই পূজা আৰু মেলা সূচাৰুৰূপে পৰিচালনা কৰিবলৈ এইবেলি অসমৰ কেবিনেট মন্ত্ৰী তথা ছিদলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্মক মুখ্য পৃষ্ঠপোষক , চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰ আৰু কাজলগাঁও নগৰ সমিতিৰ অধ্যক্ষ পানীৰাম ব্ৰহ্মক পৃষ্ঠপোষক , কাজলগাঁৱৰ বিশিষ্ট সমাজকৰ্মী সুভাষ চন্দ্ৰ ব্ৰহ্মক সভাপতি , বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য নীৰেন ৰায় , হেমন্ত বসুমতাৰী , নন্দ দুলাল সৰকাৰ আৰু সবিন্দ্ৰ নাৰ্জাৰীক উপ – সভাপতি আৰু প্ৰদীপ বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া মূল কাৰ্যকৰী সমিতিখন গঠন কৰা হৈছে ৷ তাৎপৰ্যপূৰ্ণ যে চৰকাৰী পঞ্জীয়নভূক্ত এই পূজা আৰু মেলা সমিতিয়ে ইতিমধ্যে বজাৰ প্ৰাংগনত প্ৰায় ডেৰ কোটি টকা বাজেটেৰে স্থায়ী লক্ষ্মী মন্দিৰ , ব্ৰহ্ম মন্দিৰ আৰু শিৱ মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে । যোৱা তিনি বছৰত মন্দিৰৰ এই নিৰ্মাণ কাৰ্য ত্বৰান্বিত কৰি ইতিমধ্যে অধিকাংশ কাম সম্পন্ন কৰিছে । এইবাৰৰ পূজা ও মেলাত প্লাষ্টিকজাতীয় সামগ্ৰী বৰ্জনৰ ক্ষেত্ৰৰ সমিতিয়ে বিশেষ গুৰুত্ব আৰোপ কৰা বুলিও পূজা আৰু মেলা সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । উল্লেখ্য যে যোৱা ১৩ অক্টোৱৰত বিশিষ্ট অতিথিৰ উপস্থিতিত শ্ৰীশ্রী লক্ষ্মী মন্দিৰৰ দ্বাৰ উদ্বোধনৰ লগতে লক্ষ্মী পূজা ও যজ্ঞাহুতি অনুষ্ঠান আনুষ্ঠানিকভাৱে সম্পন্ন হয় ।

বিশিষ্ট বিপ্লৱী কমিউনিষ্ট নেতা তথা মুক্তি যুঁজাৰু অম্বু বৰাৰ মৃত্যু

ষ্টাফৰিপৰ্টাৰ, ১৫ অক্টোবৰ : বিশিষ্ট বিপ্লৱী কমিউনিষ্ট নেতা তথা মুক্তি যুঁজাৰু অম্বু বৰাৰ মঙলবাৰে দিনৰ ১১ বজাত গুৱাহাটীৰ গণেশগুৰিস্থিত নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ। সৈনিক শিল্পী বিষ্ণু ৰাভাৰ সংগ্ৰামী সতীৰ্থ প্ৰয়াত অম্বু বৰাক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে মুক্তি যুঁজাৰু হিচাপে সম্বৰ্দ্ধনা জনাইছিল। ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (আৰ চি পি আই)ৰ আজীৱন সদস্য প্ৰয়াত বৰাই দলটোৰ ৰাজ্যিক সম্পাদক হিচাপেও কাৰ্য নিৰ্বাহ কৰিছিল। অসমত সংঘটিত পঞ্চাশৰ দশকৰ ঐতিহাসিক ভূমি আন্দোলনত প্ৰয়াত বৰাই এজন অগ্ৰণী কৃষক নেতা হিচাপে আগবঢ়োৱা বৰঙণিৰ ফলতেই পৰবৰ্তী সময়ত ১৯৬২ চনত আধিয়াৰ স্বত্ব সংৰক্ষণ আইন আৰু ছিলিং আইন বলৱৎ হৈছিল। তেওঁ তিনিজন পুত্ৰ, এগৰাকী জীয়ৰীসহ এজন জোৱাই আৰু পাঁচটি নাতি এৰি থৈ গৈছে।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

 

ষ্টাফৰিপৰ্টাৰ, ১৬ অক্টোবৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হৈছে বিভিন্ন
দল-সংগঠনৰ প্ৰতিবাদক নেওচি আৰম্ভ হৈছে বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ কাম।
– ২০২৩ চনৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব এন এইচ পি চি কৰ্তৃপক্ষই
ইতিমধ্যে সম্পূৰ্ণ হৈছে ৫০ শতাংশ নির্মাণকার্য। বিভিন্ন পক্ষৰ পৰামৰ্শত ১০০ মিটাৰ বঢ়াই দিয়া হৈছে বান্ধৰ উচ্চতা।

শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ ২৫ বছৰ সম্পূৰ্ণ

 

ষ্টাফৰিপৰ্টাৰ,,,,১৬ অক্টোবৰ।।।। ১৯৯৪ চনৰ ১৪ অক্টোবৰত আৰম্ভ হোৱা শ্ৰী শংকৰদেৱ নেত্ৰালয়ে ১৪ অক্টোবৰ তাৰিখে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে ৰূপালী জয়ন্তী বিশেষ অনুষ্ঠান এলানিৰ আয়োজন কৰা হয়। বিভিন্ন বাৰে-ৰহণীয়া এই সাংস্কৃতিক সন্ধিয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামী। অভিনেত্ৰী গৰাকীয়ে খেল আৰু সাংস্কৃতিক প্ৰতিযোগিতাসমূহত পাৰদৰ্শিতা দেখুওৱা প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰে। নিজৰ ভাষণৰ মাজতে এই বিশেষ মঞ্চতে তেওঁ নিজৰ চকুযুৰি দান কৰাৰ কথাও ঘোষণা কৰে। আদৰণী ভাষণ প্ৰদান কৰে শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ অধ্যক্ষ তথা ট্ৰাষ্টী ডা: হৰ্ষ ভট্টাচাৰ্যীয়ে তেওঁ কয়” সুদুৰ ২৫ বছৰৰ আগতে মই অনুষ্টুপীয়াকৈ এই চিকিৎসালয়খন আৰম্ভ কৰিছিলো আৰু অনেক উত্থান-পতনৰ মাজেদি শ্ৰী শংকৰদেৱ নেত্ৰালয়ে আজি ২৫টা বৰ্ষ অতিক্ৰম কৰিলে। তেওঁ এই যাত্ৰাত যিকোনো প্ৰকাৰেৰে লগ হৈ যিসকল লোকে হস্পিতালখনক এই পৰ্যায় পোৱাত সহায় কৰিলে তেওঁলোক সকলোকে ধন্যবাদ জ্ঞাপন কৰে। লগতে আন এজন ট্ৰাষ্টী কে মুট্টুস্বামীয়ে তেওঁৰ ভাষণত কিদৰে উত্তৰ-পূৰ্ৱাঞ্চলৰ লোকসকলৰ চকুৰ চিকিৎসাৰ প্ৰয়োজন পূৰোৱাৰ বাবে খুব বিনম্ৰ এক প্ৰয়াসেৰে এই হাস্পতালখন আৰম্ভ কৰা হৈছিল এই বিষয়ে জানিবলৈ দিয়ে। লগতে হাস্পতালখনৰ সঞ্চালক (ক্লিনিকেল আৰু একাডেমিক্চ) ডা: কস্তুৰী ভট্টাচাৰ্যীয়ে হাস্পতালৰ এই যাত্ৰাত সন্তোষ প্ৰকাশ কৰে আৰু আগলৈ এই যাত্ৰা অধিক সুখকৰ হ’ব বুলিও আশা প্ৰকাশ কৰে। উল্লেখযোগ্য় যে ১৯৯৪ চনৰ এই দিনটোতে কাঞ্চী কামকোটী পীঠৰ শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদত সাধাৰণ জনগণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে শীমন্ত শংকৰদেৱৰ নামেৰে এই এই হাস্পতালখনি আৰম্ভ কৰা হৈছিল। অনুষ্ঠানত হস্পিতালৰ কৰ্মীবৃন্দ, চিকিৎসকসকলৰ উপৰিও অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা আৰু পদ্মনাভ বৰদলৈ অতিথি হিচাপে উপস্থিত থাকি গীত পৰিবেশন কৰে।

Recent Posts

অসম প্ৰদেশ সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অসম প্ৰদেশ সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন নলবাৰীত উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় প্ৰেছ দিৱস বঙাইগাঁওঃ ১৭অক্টোবৰঃ ৰাজ্যখনত নতুনকৈ আত্মপ্ৰকাশ কৰা মফছলীয় সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ ‘অসম প্ৰদেশ সাংবাদিক সন্থা’ৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি নলবাৰীত অনুষ্ঠিত হয়। নলবাৰীৰ আমচা হাউচত অসম প্ৰদেশ সাংবাদিক সন্থাৰ সভাপতি কুঞ্জমোহন ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত আৰু সাধাৰণ সম্পাদক …

Read More »

ৰঙিয়াত ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচীৰ পৰ্য্যালোচনা বৈঠক

*ৰঙিয়াত ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচীৰ পৰ্য্যালোচনা বৈঠক* *প্ৰশাসনৰ ব্যাপক সজাগতা অভিযান* প্ৰতিবেদক,ৰঙিয়া, ১৭ অক্টোবৰ :  ভাৰতৰ  নিৰ্বাচন  আয়োগে এশ শতাংশ নিৰ্ভূল ভোটাৰ তালিকা প্ৰস্তুতৰ লক্ষ্য আগত ৰাখি চেপ্তেম্বৰ মাহৰ ১ তাৰিখৰ পৰা অব্যাহত ৰখা ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচীৰ সন্দৰ্ভত ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে ৰঙিয়া জিলা নিৰ্বাচন বিভাগে । ইখনৰ পিছত …

Read More »

ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান

*ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান* প্ৰতিবেদক,ৰঙিয়া ,১৭ অক্টোবৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।সংগঠনটোৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি মিনোজ আহমেদ আৰু সম্পাদক ভৱেশ …

Read More »

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ যাপন সমিতি গঠন : ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৭ অক্টোবৰ: অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিলৈ অনবদ্য অৰিহণা আগবঢ়াই যোৱা, এগৰাকী প্ৰবাসী অসমীয়া হৈও জাতীয়তাবোধ, মাতৃভূমিৰ প্ৰতি স্নেহ আৰু মাটিৰ মোহক প্ৰতিটো মুহূৰ্তত হৃদয়ত স্থান দিয়া, বিশ্ব বৰেণ্য গণিতজ্ঞ, ভূপেন হাজৰিকাৰ …

Read More »

বিজনী ৰাজ্যৰ মহীয়সী ৰাণী অভয়েশ্বৰীৰ ১০১ সংখ্যক মৃত্যু দিৱস উদযাপন

বিজনী ৰাজ্যৰ মহীয়সী ৰাণী অভয়েশ্বৰীৰ ১০১ সংখ্যক মৃত্যু দিৱস উদযাপন বঙাইগাঁওঃ ১৭ অক্টোৱৰঃ ঐতিহাসিক বিজনী ৰাজ্যৰ প্ৰজাবৎসল মহীয়সী ৰাণী অভয়েশ্বৰী দেৱীৰ ১০১ সংখ্যক মৃত্যু দিৱস আজি অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উদযাপন কৰা হয় ৷ এই উপলক্ষে পুৱা ৰাণী অভয়েশ্বৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে …

Read More »

দেৰগাঁৱৰ ১০গৰাকী শ্ৰেষ্ঠ পূজা চেলফীলৈ বঁটা প্ৰদান

হেডলাইনচ্ দেৰগাঁও’ৰ ব্যতিক্ৰমী অনুষ্ঠান দেৰগাঁৱৰ ১০গৰাকী শ্ৰেষ্ঠ পূজা চেলফীলৈ বঁটা প্ৰদান ।। কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী ,১৭ অক্টোবৰ,কাজিৰঙা : সাম্প্ৰতিক সময়ত “ৱেৱ মেডিয়া” সমুহে জনসাধাৰণৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱাৰ সময়তে দেৰগাঁৱৰ পৰা আত্মপ্ৰকাশ হোৱা সংবাদ মাধ্যমৰ মজিয়াত এক নৱ সংযোজন ঘটে ৱেৱ পৰ্টেল “হেডলাইনচ্ দেৰগাঁও” ৷ …

Read More »

গোৱালপাৰাত মহিলা শক্তি কেন্দ্ৰ আঁচনি সন্দৰ্ভত প্ৰশিক্ষণ আৰু কৰ্মশালা সম্পন্ন

গোৱালপাৰা জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত মহিলা শক্তি কেন্দ্ৰ আঁচনি সন্দৰ্ভত প্ৰশিক্ষণ আৰু কৰ্মশালা সম্পন্ন ———– গোৱালপাৰা জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত কালি ১৬ অক্টোবৰ তাৰিখে জিলা উপায়ুক্ত কাৰ্যালয়ত “মহিলা শক্তি কেন্দ্ৰ” আঁচনি খন কাৰ্যকৰী কৰাৰ সম্পৰ্কত  খণ্ড পৰ্যায়ৰ সমিতি সমূহৰ এক প্ৰশিক্ষণ আৰু কৰ্মশালাৰ আয়োজন …

Read More »

_জন্মু-কাশ্মীৰত মৃত্যুবৰণ কৰা ভাৰতীয় সেনাৰ পৰ্টাৰ ধন বড়োৰ শেষকৃত্য সম্পন্ন

_জন্মু-কাশ্মীৰত মৃত্যুবৰণ কৰা ভাৰতীয় সেনাৰ পৰ্টাৰ ধন বড়োৰ শেষকৃত্য সম্পন্ন_ *শোকসন্তপ্ত পৰিয়ালৰ কাষত উপস্থিত বিশ্বনাথৰ উপায়ুক্ত-আৰক্ষী অধীক্ষক* আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলি, ১৭ অক্টোবৰঃ জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ সামগ্ৰী কঢ়িওৱা পৰ্টাৰ পদত নিযুক্ত বিশ্বনাথৰ ১ নং ভিমাজুলী বাথৌপুৰি গাঁৱৰ যুৱক ধন বড়োৰ অন্ত্যেষ্টিক্ৰিয়া আজি সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে এই যুৱকগৰাকীয়ে যোৱা …

Read More »

নামৰূপত নাহৰফুটুকী ৰ সন্ত্ৰাস

নামৰূপত নাহৰফুটুকী ৰ সন্ত্ৰাসত উজাগৰী নিশা কতাইছে গাৱঁৰ কৃষকে। আজি প্ৰায় পোন্ধৰ দিন ধৰি নামৰূপ খেৰমীয়া গাঁৱৰ ৰাইজে এজনী নাহৰফুটুকী বাঘীনিৰ সন্ত্ৰাসত উজাগৰী নিশা কটাবলগীয়া হৈছে।স্থানীয় বন বিভাগে খুজৰ ছাৱ আৰু চলন ফুৰনৰ গতি বিধি লক্ষ্য কৰি , পূৱালী থকা ডাঙৰ নাহৰফুটুকী বাঘীনি বুলি থিৰাং কৰিছে।ইতিমধ্যে গাঁৱৰ কেইবাটাও পৰিয়ালৰ হাহ,ককুৰা,গাহৰি, …

Read More »

ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় সফলতা

ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় সফলতা চাবুৱাঃ ১৭ অক্টোবৰঃ ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ শিক্ষানুষ্ঠান ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ষ্টেট লেভেল ৰোল প্লে এণ্ড ফ্লক দাঞ্চ ২০১৯ প্ৰতিযোগিতাত অংশগ্রহণ কৰি বৃহত্তৰ ডিব্ৰুগড় জিলাৰ লগতে ৰহমৰীয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। অসমৰ ৩৫ জিলাৰ ভিতৰত ডিব্ৰুগড় জিলাৰ হৈ প্ৰতিদ্বন্দীতা কৰি শ্ৰেষ্ঠ স্থান পাবলৈ …

Read More »

পঞ্চায়ত আৰু গ্রামােন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলন স্থগিত

পঞ্চায়ত আৰু গ্রামােন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলন স্থগিত চাবুৱাঃ ১৭ অক্টোবৰঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে ঘোষণা কৰা কর্মবিৰতি কাৰ্যসূচি আজিৰে পৰা সাময়িক ভাৱে স্থগিত ৰাখিছে। উল্লেখযোগ্য যে যারা ১৪ অক্টোবৰ পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ অধ্যক্ষ, সচিব আৰু আয়ুক্তৰ সৈতে হোৱা আলােচনা সন্মান জনাব পঞ্চায়েত কার্যালয়সমূহ অচল হৈ …

Read More »

চিৰাঙৰ কাজলগাঁৱৰ শ্ৰীশ্রী লক্ষ্মী মেলা আনুষ্ঠানিকভাবে উদ্বোধন কৰিলে মন্ত্ৰী চন্দন ব্ৰহ্মই

চিৰাঙৰ কাজলগাঁৱৰ শ্ৰীশ্রী লক্ষ্মী মেলা আনুষ্ঠানিকভাবে উদ্বোধন কৰিলে মন্ত্ৰী চন্দন ব্ৰহ্মই কোনো মানুহ বেয়া হোৱাত পূজা – মেলা দায়ী হ’ব নোৱাৰে বঙাইগাঁওঃ ১৬ অক্টোবৰঃ চিৰাং জিলা সদৰ কাজলগাঁৱত ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ১৩ অক্টোৱৰৰ পৰা আৰম্ভ হোৱা ৫৮ সংখ্যক ঐতিহাসিক শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱখনি বুধবাৰে আনুষ্ঠানিকভাবে উদ্বোধন কৰে …

Read More »

বিশিষ্ট বিপ্লৱী কমিউনিষ্ট নেতা তথা মুক্তি যুঁজাৰু অম্বু বৰাৰ মৃত্যু

ষ্টাফৰিপৰ্টাৰ, ১৫ অক্টোবৰ : বিশিষ্ট বিপ্লৱী কমিউনিষ্ট নেতা তথা মুক্তি যুঁজাৰু অম্বু বৰাৰ মঙলবাৰে দিনৰ ১১ বজাত গুৱাহাটীৰ গণেশগুৰিস্থিত নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ। সৈনিক শিল্পী বিষ্ণু ৰাভাৰ সংগ্ৰামী সতীৰ্থ প্ৰয়াত অম্বু বৰাক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে মুক্তি যুঁজাৰু হিচাপে সম্বৰ্দ্ধনা …

Read More »

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

  ষ্টাফৰিপৰ্টাৰ, ১৬ অক্টোবৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হৈছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক নেওচি আৰম্ভ হৈছে বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ কাম। – ২০২৩ চনৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব এন এইচ পি চি কৰ্তৃপক্ষই ইতিমধ্যে সম্পূৰ্ণ হৈছে ৫০ শতাংশ নির্মাণকার্য। বিভিন্ন পক্ষৰ পৰামৰ্শত ১০০ মিটাৰ বঢ়াই দিয়া হৈছে বান্ধৰ …

Read More »

শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ ২৫ বছৰ সম্পূৰ্ণ

  ষ্টাফৰিপৰ্টাৰ,,,,১৬ অক্টোবৰ।।।। ১৯৯৪ চনৰ ১৪ অক্টোবৰত আৰম্ভ হোৱা শ্ৰী শংকৰদেৱ নেত্ৰালয়ে ১৪ অক্টোবৰ তাৰিখে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে ৰূপালী জয়ন্তী বিশেষ অনুষ্ঠান এলানিৰ আয়োজন কৰা হয়। বিভিন্ন বাৰে-ৰহণীয়া এই সাংস্কৃতিক সন্ধিয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামী। অভিনেত্ৰী গৰাকীয়ে খেল আৰু সাংস্কৃতিক …

Read More »