Monday , January 20 2020
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

তেজপুৰত টিকত পাব পাৰে আৰ পি শৰ্মাই

  গুৱাহাটী: তেজপুৰত টিকত পাব পাৰে বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাই। শেহতীয়েকৈ আৰ পি শৰ্মাৰ টিকত বাতিলক কেন্দ্ৰ কৰি যি ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি হৈছে তাৰ মাজতে আমাৰ হাতলৈ আহিছে এই খবৰ। এক সূত্ৰ অনুসৰি আৰ এছ এছৰ প্ৰভাৱশালী চক্ৰৰ হেচা আৰু সমষ্টিটোত বিশেষভাবে প্ৰভাৱ থকা নেপালী ভোটাৰসকল ক্ষুণ্ণ হোৱাৰ ভয়তে …

Read More »

“ইন চাৰ্চ অফ লাইফব্লাড” উন্মোচন

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১৬ মাৰ্চ।।।কবি তথা ব্লগাৰ মনীষা শৰ্মাৰ প্ৰথম কবিতা সংকলন “ইন চাৰ্চ অফ লাইফব্লাড”( In”Search of Lifeblood”) শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। কবিগৰাকীৰ নিজৰ জীৱনৰ অভিজ্ঞতাসমূহ কাব্যিক ৰূপত ফুটাই তুলা এই কবিতা সংকলন খন মুকলি কৰে শিক্ষাবিদ শান্তিকাম হাজৰিকা,মিত্ৰা ফুকন, লীনা শৰ্মা আৰু শ্ৰুতিমালা দুৱাৰাই। এই কবিতা …

Read More »

২০ মে’ৰ পূৰ্বে প্ৰকাশ পাব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

  ষ্টাফৰিপৰ্টাৰ,১৬ মাৰ্চ, “২০ মে’ৰ পূৰ্বে প্ৰকাশ পাব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। শনিবাৰে বামুণী মৈদামস্থিত অসম মাধ্যমিক শিক্ষা সংসদৰ কাৰ্য্যালয়ত অনুষ্ঠিত এখন সংবাদমেলযোগে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঞিয়ে এই কথা সদৰী কৰে। তেওঁ লগতে কয় “শান্তিপূৰ্ণভাৱে পৰীক্ষা অনুষ্ঠিত কৰা কেন্দ্ৰলৈ আৰ্থিক পুৰস্কাৰ আগবঢ়োৱা হ’ব। শীঘ্ৰে ফলাফল দিব পৰা কেন্দ্ৰলৈও …

Read More »

Recent Posts

বঙাইগাঁও জিলা শিল্পী সমাজৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন

বঙাইগাঁও জিলা শিল্পী সমাজৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন

নতুন সমিতি গঠন

বঙাইগাঁওঃ ১৯ জানুৱাৰীঃ বঙাইগাঁও জিলা শিল্পী সমাজৰ দ্বিতীয় ত্ৰি- বাৰ্ষিক অধিৱেশনখনি আজি দিনজোৰা কাৰ্যসূচীৰে পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে পতাকা উত্তোলন কৰি অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ বিপৰীতে শিল্পী সমাজৰ শিল্পীসকলে শিল্পী সমাজৰ বিষয় সংগীত পৰিৱেশন কৰে ৷ ইয়াৰ পিছতে স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল বৈষ্ণৱে ৷ অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ উপস্থিত থকাৰ লগতে বক্তব্যও ৰাখে ৷ এই অনুষ্ঠানৰ পিছতে বিগত তিনি বছৰৰ হিচাপ দাখিল আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয় ৷ বিষয় বাচনি সভাত আগন্তুক কাৰ্যকালৰ বাবে দীপক দাসক সভাপতি আৰু মনোৰঞ্জন বৰ্মনক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া নতুন সমিতিখন গঠন কৰা হয় ৷ আবেলি অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ‘বীণ’ উন্মোচন কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভানেত্ৰী ৰমলা ৰায় সৰকাৰে ৷ স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানত শিল্পী সমাজৰ সভাপতি দীপক দাস, সাধাৰণ সম্পাদক দিগন্ত ৰায়, স্মৃতিগ্ৰন্থখনৰ সম্পাদকদ্বয় বনলতা দাস আৰু প্ৰণয় কুমাৰ সিংহ আদি উপস্থিত থাকে ৷ আনহাতে সম্বৰ্ধনা অনুষ্ঠানত জনপ্ৰিয় পেৰডী গায়ক, কবি, সাহিত্যিক তথা সাংস্কৃতিক কৰ্মী মিনাৰ আলিক শিল্পী সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ বিয়লিৰ পৰা অনুষ্ঠিত হয় গীত- মাতৰ অনুষ্ঠান ৷ অনুষ্ঠানত ন- পুৰণি আৰু আমন্ত্ৰিত শিল্পীসকলে বিভিন্ন গীত- মাত পৰিৱেশন কৰি অনুষ্ঠানটো মনোমহা কৰি তোলে ৷

বিজেপিৰ সভাপতিত পুনৰ ৰঞ্জিত দাস ## নলবাৰীৰ বিধায়ক, ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ অভিনন্দন

## বিজেপিৰ সভাপতিত পুনৰ ৰঞ্জিত দাস ## নলবাৰীৰ বিধায়ক, ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ অভিনন্দন ##

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৯ জানুৱাৰী

কালি গুৱাহাটীত আয়োজিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক পৰিষদৰ সভা অনুষ্ঠিত হৈ যায়। এই সভাতে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি হিচাপে পুনৰ নিযুক্ত হোৱা ৰঞ্জিত কুমাৰ দাসক নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ লগতে ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা আৰু নলবাৰী জিলা যুৱ মৰ্চাৰ সভাপতি তথা ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে বুলি জানিবলৈ দিয়ে। নলবাৰীৰ বিধায়ক শৰ্মাই লগতে কয় যে -তেখেতৰ নেতৃত্বত দলৰ সকলো কাৰ্যকৰ্তাই দুগুণ উৎসাহেৰে নিজ নিজ কৰ্মত ব্ৰতী হৈ ভাৰতীয় জনতা পাৰ্টিক উদ্ভাসিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।

প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী

ইচ্ছামৃত্যু” বিচাৰি ৰাষ্ট্রপতি ৰাজ্যপাললৈ আবেদন জনাব বেতন বঞ্চিত শিক্ষকে

২১ জানুৱাৰীত ৰাজ্যজুৰি “ইচ্ছামৃত্যু” বিচাৰি ৰাষ্ট্রপতি ৰাজ্যপাললৈ আবেদন জনাব বেতন বঞ্চিত শিক্ষকে*

*©*শিক্ষকে নিৰ্ধাৰিত কৰি দিয়া সময় উকলিল যদিও চৰকাৰৰ পৰা নাহিল কোনো সঁহাৰি “®**

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১৯ জানুৱাৰী : ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব নে নকৰে স্পষ্ট কৰিবৰ বাবে চৰকাৰক সময় সীমা বান্ধি দিছিল সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই ।
যোৱা ৬ জানুৱাৰীত শিক্ষক সন্থাই শিৱসাগৰ জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্রী, বিত্তমন্ত্রী আৰু শিক্ষামন্ত্রীলৈ এই সন্দৰ্ভত পত্র প্রেৰণ কৰি ২০ জানুৱাৰীৰ ভিতৰত স্পষ্টকৈ জনাবৰ বাবে আহ্বান জনাইছিল ।কিন্তু বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা শিক্ষক সমাজলৈ কোনো ধৰণৰ সঁহাৰি নজনোৱাত সুদীর্ঘ দিন বেতনৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সকল ক্ষুণ্ণ হৈ পৰা দেখা গৈছে । বিগত কংগ্রেছ চৰকাৰৰ দিনৰে চৰকাৰী প্ৰবঞ্চনাৰ বলি হৈ অহা শিক্ষক সকলে বৰ্তমানৰ বিজেপি চৰকাৰৰ পৰা বহু আশা কৰিছিল যদিও পুনৰ আশাহত হোৱা দেখা গৈছে ।যাৰ বাবে শিক্ষক সকলে পৰিয়ালৰ মোহ ত্যাগ কৰি ইচ্ছামৃত্যু বিচাৰি ৰাষ্ট্রপতি ৰাজ্যপাললৈ অনুমতি বিচাৰি পত্র প্রেৰণৰ বাবে আগবাঢ়িছে । সেই অনুসৰি ৰাজ্যখনৰ প্ৰায় বাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে ৰাজ্যজুৰি ২১ জানুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে ৰাষ্ট্রপতি আৰু ৰাজ্যপাললৈ “ইচ্ছামৃত্যু ” বিচাৰি পত্র প্রেৰণ কৰাৰ বিষয়ে অৱগত কৰিছে শিক্ষক সন্থাটোৰ সভানেত্রী হেমাঞ্জলী ভুঞা দত্ত, কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে । উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনৰ পূর্বে বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ কৰিব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ উপৰিও ২০১৮ চনতো দুটা মাহৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ কৰিব বুলি শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াই জিলা উপায়ুক্তৰ যোগেদি অৱগত কৰিছিল ।তাৰ পাছতো দীর্ঘদীনিয়া সমস্যাটো সমাধানৰ ক্ষেত্রত হেমাহি কৰাৰ কাৰণ কি থাকিব পাৰে বুলি শিক্ষক সমাজে প্ৰশ্ন উত্থাপন কৰিছে ।সততে জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গান দিয়া মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক এই সকল শিক্ষকৰ জাতি গঠন প্ৰক্ৰিয়াত কোনো ধৰণৰ ভূমিকা নাই নেকি বুলি প্ৰশ্ন কৰাৰ উপৰিও ভুমিপুত্ৰ খিলঞ্জীয়া শিক্ষক দুৰৱস্থা দেখি এবাৰো অন্তৰাত্মা নকপে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে ।ইয়াৰোপৰি দেশৰ ভৱিষ্যত নিৰ্মাণত অগ্ৰণী ভূমিকা পালন কৰি অহা শিক্ষক সমাজক ৰাজনীতিৰ মেৰপেচত সোমোৱাই গিণিপিগ সজোৱাটো গণতান্ত্রিক চৰকাৰ এখনৰ বাবে মুঠেও গ্রহণযোগ্য নহয় বুলি মন্তব্য আগবঢ়াইছে শিক্ষক নেতৃত্বই।গতিকে আজিও এই প্ৰেছ বিবৃতিৰ জৰিয়তে শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব নে নকৰে সেইটো স্পষ্টকৈ জনাবৰ বাবে আহ্বান জনাইছে শিক্ষক সন্থাই ।যদি নকৰে কৰ্মদিনৰ বেতন দি সন্মানেৰে বিদায় দিয়ক আৰু যদি কৰে কেতিয়া কৰিব সেইটো ৰাজহুৱাকৈ প্ৰকাশ কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে নেতৃত্বই ।জীৱনৰ অমূল্য সময়বিলাক মিছাতে পাৰ কৰি যোৱাৰ পাছত অৱসৰ গ্রহণ কৰিবলৈ কেইটামান দিন বাকী থকাৰ সময়ত শিক্ষক সকলৰ জীৱনক লৈ প্ৰৰোচনা,প্ৰবঞ্চনা আৰু প্ৰতাৰণা তথা ৰাজনীতি নকৰিবৰ বাবেও আহ্বান জনাইছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই ।

মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০ আৰম্ভ

মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০ আৰম্ভ

গুৱাহাটী, ১৯ জানুৱাৰীঃ সৰুসজাইত আজিৰে পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০। ৰাজ্যৰ ১১০ খনৰো অধিক মহাবিদ্যালয়ৰ ২ জনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সমাৰোহখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সমাৰোহত ভাষণ প্ৰদান কৰি মন্ত্ৰী ড০ শৰ্মাই তথ্য সহকাৰে দাবী কৰে যে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত সৰ্বানন্দ সোণোৱাল অলংকৃত হোৱাৰ পিছৰে পৰা শিক্ষা আৰু স্বাস্থ্য খণ্ডলৈ ব্যাপক পৰিৱৰ্তন অহাৰ লগতে অৰ্থনৈতিকভাৱেও ৰাজ্যখন টনকিয়াল হৈছে। এই ক্ষেত্ৰত একাংশ উগ্ৰ জাতীয়তাবাদী সংগঠনে অসমৰ বিকাশত বাধা দিবলৈ বাৰম্বাৰ চেষ্টা চলাই তেওঁলোক সেই চেষ্টাত সফল হ’ব পৰা নাই। শেহতীয়াকৈ একাংশ লোকে অসমৰ ৰাইজক তথ্য সন্মত কথা কোৱাতকৈ আৱেগেৰে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছে যিটো জাতিৰ বাবে অতি বিপদজনক বুলিও মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সমাৰোহত মহাবিদ্যালয়সমূহৰ লগতে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছে। সমাৰোহৰ আজিৰ আলোচনাৰ বিষয়-বস্তু আছিল, ‘অসমৰ পশু-পালন আৰু কৃষি খণ্ডত অৰ্থনৈতিক সুযোগ-সুবিধা’।

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰে আঁত ধৰা সমাৰোহৰ আজিৰ সভাখনত ৰাজ্যখনৰ উদ্যমিতা ক্ষেত্ৰখনত বিশেষ অৰিহণা আগবঢ়োৱা কেবাজনো ব্যক্তি উপস্থিত থাকে। কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু বিধায়ক ঋতুপৰ্ণ বৰুৱা। আনহাতে ২১ জানুৱাৰীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব বলীউডৰ অভিনেতা বিবেক অবেৰয়ে। উক্ত সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰিব।

বঙাইগাঁও জিলা সাহিত্য সভাৰ দ্বাদশ পূৰ্ণাংগ চোকাপাৰা অধিৱেশন সম্পন্ন

বঙাইগাঁও জিলা সাহিত্য সভাৰ দ্বাদশ পূৰ্ণাংগ চোকাপাৰা অধিৱেশন সম্পন্ন

বঙাইগাঁওঃ ১৮ জানুৱাৰীঃ ‘কৰ্মৰ প্ৰতি অনীহা আৰু ভাষা সংস্কৃতিৰ অনুশীলন নাথাকিলে এটা জাতিয়ে কেতিয়াও মূৰ দাঙি উঠিব নোৱাৰে’৷ এই মন্তব্য ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ড° উপেন্দ্ৰজিৎ শৰ্মাৰ ৷ শুকুৰবাৰৰ পৰা বঙাইগাঁও জিলাৰ চোকাপাৰাত বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চোকাপাৰা স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত চোকাপাৰা ঘনদল বীণাপাণি পুথিভঁৰাল আৰু সামূহিক উন্নয়ন কেন্দ্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বঙাইগাঁও জিলা সাহিত্য সভাৰ দ্বাদশ পূৰ্ণাংগ চোকাপাৰা অধিৱেশনৰ মুকলি সভাৰ বিশিষ্ট অতিথি হিচাবে অংশ লৈ এই মন্তব্য কৰে ৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে অসমৰ একাংশ মহাবিদ্যালয়ৰ অধ্যক্ষই মহাবিদ্যালয়ৰ কামকাজ সমূহত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষা ব্যৱহাৰ কৰা কাৰ্যত আক্ষেপ প্ৰকাশ কৰে ৷ উল্লেখ্য যে আজি অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত শিশুসকলৰ ‘কুঁহি’ অনুষ্ঠান অনুষ্ঠিত হয় ৷ আবেলি মুকলি সভা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ তথা বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৰ্মাৰাম দাসে ৷ বঙাইগাঁও জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কমলা ৰায় সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বঙাইগাঁও জিলা সাহিত্য সভাৰ মুখপত্ৰ ‘ভৈৰৱচূড়া’ উন্মোচন কৰে তুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গুণীন্দ্ৰ দাসে ৷ মুখ্য অতিথি হিচাবে অংশ লয় ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি ড° উপেন্দ্ৰজিৎ শৰ্মাই ৷ এই অধিৱেশনতে বঙাইগাঁও জিলাৰ নৱ নিৰ্বাচিত সভাপতি ৰমলা ৰায় সৰকাৰ আৰু সম্পাদক বিনোদ কুমাৰ বৰ্মনে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ মুকলি সভাত আন ১১ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ ইয়াৰ ভিতৰত মুখ্য অতিথি ড° উপেন্দ্ৰজিৎ শৰ্মাই মঞ্জুপ্ৰভা বৰুৱা ডাকুৱাৰ প্ৰৱন্ধ সংকলন ‘প্ৰৱন্ধ সমাহাৰ’, কবি যামিনী দেৱীৰ কবিতা সংকলন ‘অনভূতিৰে ঠেকা খায়’ আৰু জ্যোস্নাপ্ৰিয়া দেৱীৰ ‘দেৱতাৰ উপাসনা’ পুথি তিনিখন উন্মোচন কৰে ৷ সেইদৰে আদৰণি সমিতিৰ স্মৃতিগ্ৰন্থ ‘ৰেঙণি’ আৰু চিত্ৰা দাসৰ কবিতা পুথি ‘মানস’ উন্মোচন কৰে ৰমলা ৰায় সৰকাৰে ৷ আনহাতে ড° সান্ত্বনাময়ী মজুমদাৰে ইন্দুমতী শইকীয়াৰ প্ৰৱন্ধ পুথি ‘জীৱন নদীৰ ঘাট’,বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসে বাণী বৰুৱাৰ কবিতা আৰু প্ৰৱন্ধ পুথি ‘ সময়ৰ প্ৰেক্ষাপটত’, বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৰ্মাৰাম দাসে যোগেশ নাথৰ গীতৰ পুথি ‘ কোনে বাৰু নাও বায়’ আৰু ৰমলা ৰায় সৰকাৰৰ নাতি আৰু ‘আইতাৰ ধেমালী’ পুথি দুখন উন্মোচন কৰে ৷ মুকলি সভাত ‘বঙাইগাঁও জিলাৰ লোক দেৱতা আৰু অপদেৱতা'(প্ৰৱন্ধ পুথি),’অনুৰাগ’ কবিতা পুথি দুখনো উন্মোচন কৰা হয় ৷ সভাত বিশিষ্ট লেখক ৰোহিনী কুমাৰ চৌধুৰী, সাহিত্যিক পেঞ্চনাৰ সান্ত্বনাময়ী মজুমদাৰ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়, জিলা পৰিষদৰ প্ৰাক্তন সভাপতি লীনা সিংহ প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

মেজিৰ বিকৃতকৰণক লৈ প্ৰতিক্ৰিয়া বঙাইগাঁও জিলা শিল্পী সমাজৰ

বঙাইগাঁও জিলা শিল্পী সমাজৰ সংবাদ মেল

মহান শিল্পীৰ নামত আয়োজন কৰা অনুষ্ঠানক কুৰুচিপূৰ্ণ আৰু ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ নকৰিব

মেজিৰ বিকৃতকৰণকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ

বঙাইগাঁওঃ ১৮ জানুৱাৰীঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো শুকুৰবাৰে সমগ্ৰ অসমতৰ লগতে বঙাইগাঁও জিলাতো শিল্পী দিৱস হিচাপে উদযাপন কৰা হৈছে ৷ কিন্তু শিল্পী দিৱসৰ অনুষ্ঠান উদযাপন কৰাৰ নামত কিছুমান দৃষ্টিকটু বিষয় আমাৰ চকুত পৰিছে ৷ শিল্পী দিৱস আয়োজনৰ নামত অনুষ্ঠানটোক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ দৃষ্টিভংগীটোও আচলতে ৰাজনৈতিক আৰু শিল্পীগৰাকীৰ অনুষ্ঠানটোক তাৰ বাবে লক্ষ্য কৰি লোৱা হৈছে ৷ আনকি সেই অনুষ্ঠানত যিসকল শিল্পীক আমন্ত্ৰণ কৰি নিয়া হয়, সেইসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত এটিকে হয়তো ভালকৈ গাব নাজানে ৷ এই অভিযোগ বঙাইগাঁও জিলা শিল্পী সমাজৰ ৷ শনিবাৰে বৃহত্তৰ বঙাইগাঁও বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত শিল্পী সমাজে এই অভিযোগ উত্থাপন কৰি এই কাৰ্যক
গৰিহণা দিয়ে ৷ সংবাদ মেলত জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে অভিযোগ কৰি কয় যে বঙাইগাঁও জিলাত আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানতে এনে ধৰণৰ কাৰ্য সংঘটিত হৈছে ৷ এই অনুষ্ঠানটোত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত- মাত নহয়,বৰং সস্তীয়া গীত – মাতহে আমন্ত্ৰিত কণ্ঠশিল্পীগৰাকীৰ লগতে বিভিন্নজনে পৰিৱেশন কৰিলে ৷ নাচি- বাগি গীত গাই গোটেই পৰিৱেশটোকে কুৰুচিপূৰ্ণ কৰি তোলে ৷ নতুন প্ৰজন্মৰ মাজত শিল্পীগৰাকীৰ গীত-মাতসমূহক পৰিচয় কৰাই দি জনপ্ৰিয় কৰি তোলাৰ সলনি চেল্ফী লে লে আদি সস্তীয়া গীতসমূহ এই অনুষ্ঠানত গাই শিল্পীগৰাকীক অপমানহে কৰা হৈছে ৷ আমন্ত্ৰিত শিল্পীগৰাকীক এই বিষয়ে কোৱাত তেওঁ হেনো জ্যোতি সংগীত পাহৰি গৈছে বুলিহে কয় ৷ লগতে বিহু গীত তথা মানুহক নচৱাব পৰা গান গাব লাগে বুলিহে কয় ৷ তাতোকৈ দুৰ্ভাগ্যজনক কথা হ’ল নতুন প্ৰজন্মৰ যিসকল গায়ক তেওঁলোকে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, পাৰ্ৱতীপ্ৰসাদ বৰুৱাৰ গান নাজানে ৷ কিন্তু শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাই হওক বা বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাই হওক এওঁলোক হৈছে সংগ্ৰামী সত্বাৰ শিল্পী ৷ তেওঁলোকৰ যিখিনি সৃষ্টি সেইখিনি হৈছে অসমীয়া জাতীৰ কাৰণে এক দলিল তথা এক ভঁৰাল ৷ গতিকে তেওঁলোকৰ সৃষ্টিৰাজিৰ প্ৰতি যদি আমাৰ নতুন প্ৰজন্মৰ শিল্পীসকলৰ এই মানসিকতা হয়, তেতিয়াহ’লে অতি দুৰ্ভাগ্যজনক ৷ কাৰণ আমি দেখিবলৈ পাইছো যে শিল্পী দিৱসৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ যোৱা কিছুমানে জ্যোতি সংগীত এটিকে ভালদৰে গাব নাজানে ৷ কিন্তু চেল্ফী লে লে গাব ধৰিছে ৷ যিজন মহান ব্যক্তিৰ অনুষ্ঠানত গৈছে সেই অনুষ্ঠানত তেওঁৰ গীত গোৱাৰ পৰিৱৰ্তে এনে কিছুমান গীত পৰিৱেশন কৰিছে যাক সুৰুচিপূৰ্ণ বুলি ক’ব নোৱাৰি ৷ অনুষ্ঠানত শিল্পীগৰাকীৰ অন্তত এটি গীত পৰিৱেশন কৰক ৷ তাৰ পিছত ভূপেন হাজৰিকা,পাৰ্ৱতীপ্ৰসাদ বৰুৱা আদি শিল্পীসকলৰ গীত পৰিৱেশন কৰিলেহেঁতেন, তেতিয়াও অনুষ্ঠানটি ৰুচিপূৰ্ণ হলেঁহেতেন ৷ তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পাইছো কিছুমান সস্তীয়া গীত গাই মানুহক নাচি বাগি গোটেই পৰিৱেশটো বিকৃত কৰিছে ৷ সেইদৰে এনে অনুষ্ঠানসমূহ আয়োজন কৰা উদ্যোক্তাসকলো এই অনুষ্ঠানসমূহক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷ এনে অনুষ্ঠানসমূহত ৰাজনৈতিক ব্যক্তিসকলক আমন্ত্ৰণ কৰা হৈছে আৰু অনুষ্ঠানত গৈ শিল্পী দিৱসৰ আলমলৈ নিজৰ উদ্দেশ্য সাধন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ যি সময়ত চৰকাৰে ‘কা’ জাপি দিয়াত অসমত ভাষা – সংস্কৃতিকলৈ চিন্তাৰ বিষয় হৈ পৰিছে ,সেই সময়ত মহান শিল্পীসকলৰ অনুষ্ঠানকলৈ যি ৰাজনীতি আৰম্ভ হৈছে সেয়া অতি সোনকালে বন্ধ হ’ব লাগে ৷ এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আছে বুলি ভাবো ৷ কাৰণ শিল্পী দিৱস বা এনে অনুষ্ঠানসমূহৰ অনুষ্ঠানসমূহ ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ হোৱাতো আমি নিবিচাৰো ৷ সভাপতিগৰাকীয়ে আৰু কয় যে শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণুপ্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকা আদি এই মহান শিল্পীসকলৰ লক্ষ্য উদ্দেশ্য আছিল সকলো মানুহক একত্ৰিত কৰি এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰাৰ ৷ এইসকল শিল্পীয়ে অসমক যি অৱদান দি থৈ গ’ল ,সেই অৱদানসমূহ আমি অসমীয়াই জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব ৷ কিন্তু বিগত কেইবাবছৰৰ পৰা দেখি আহিছো যে এই শিল্পী দিৱস বা মহান শিল্পীসকলৰ নামত যি দিৱস পালন কৰাৰ হয় সেই দিৱস বিলাকৰ অনুষ্ঠানক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ লগতে এক অপ সংস্কৃতিয়ে গ্ৰাস কৰা পৰিলক্ষিত হৈছে ৷ এয়া অতি দুৰ্ভাগ্যজনক কথা ৷ কাৰণ যি সময়ত আমি অসমৰ সংস্কৃতিৰ হকে মাত মাতি আহিছো আৰু অসমৰ সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছো, সেই সময়ত মহান শিল্পীসকলক সন্মুখত লৈ যিবিলাক কাৰ্য- কলাপ হ’বলৈ ধৰিছে সেয়া উদ্বেগৰ বিষয় ৷ এইক্ষেত্ৰত সকলো সচেতন ব্যক্তি তথা দল- সংগঠনক দৃষ্টি ৰাখিবলৈ আৰু এনে ধৰণৰ কাৰ্য- কলাপৰ বিৰুদ্ধে মাত মাতিবলৈ অনুৰোধ জনায় ৷ এয়া কেৱল শিল্পী সমাজৰে দায়িত্ব নহয় বৰং সচেতন অসমীয়া সমাজৰে দায়িত্ব আছে ৷ জিলা শিল্পী সমাজৰ সভাপতিগৰাকীয়ে মহান শিল্পীসকলৰ নামত আয়োজন কৰা অনুষ্ঠানত তেওঁলোকৰ গীত পৰিৱেশন কৰাতো বাধ্যতামূলক কৰিব লাগে বুলিও দাবী জনায় ৷ আনহাতে মাঘ বিহুৰ যি মেজি সেই মেজিকলৈও এতিয়া বিকৃতকৰণ কৰা চলিছে বুলি কয় ৷ সংবাদ মেলত সভাপতি দীপক দাসে কয় যে আজিৰ পৰা ২০-২৫ বছৰ পূৰ্বে মেজি কিদৰে বনোৱা হৈছিল সেয়া ক্ৰমাৎ নাইকিয়া হ’বলৈ ধৰিছে ৷ ফলত আজি নতুন প্ৰজন্মই মেজিক বিকৃত ৰূপতহে দেখিবলৈ পাবলৈ ধৰিছে ৷ মাঘ বিহুৰ মেজিৰ নামত অসমৰ আপুৰুগীয়া সম্পদসমূহ বনাই জ্বলাই দিয়া হৈছে ৷ এয়া অতিকে উদ্বেগৰ বিষয় ৷ অসমৰ মানচিত্ৰ, ৰংঘৰ আদি বনোৱাৰ লগতে জ্বলাই দিয়াও হৈছে ৷ এয়া সংস্কৃতি নহয় ৷ গতিকে বঙাইগাঁও জিলা শিল্পী সমাজে এই ক্ষেত্ৰত চৰকাৰে এখন আইন প্ৰণয়ন কৰি মেজিৰ নামত জাতীয় সম্পদ আদি সাঁজি উলিওৱা, সংস্কৃতিৰ বাহক আদি জ্বলাই দিয়াসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনায় ৷ অন্যথা এনে ধৰণৰ কাৰ্যই আমাৰ অসমীয়া সমাজ ব্যৱস্থাৰ লগতে অসমীয়া সংস্কৃতিক ধ্বংস কৰাৰ দিশে আগবঢ়াই লৈ গৈ আছে ৷ যদি আমি সঁচাকৈ অসমীয়া হওক,অসমীয়া সংস্কৃতি ভাল পাও আৰু অসমৰ উন্নতি বিচাৰো তেতিয়াহ’লে এনেকুৱা কাৰ্যৰ পৰা আঁতৰি থাকিব লাগিব ৷ সংবাদ মেলত জিলা শিল্পী সমাজৰ সহকাৰী সম্পাদক মনোৰঞ্জন বৰ্মনো উপস্থিত আছিল ৷

আছুৰ নেতৃত্বত নতুন ৰাজনৈতিক দলক আদৰণি জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

 

ষ্টাফৰিপোৰ্টাৰ, ১৮ জানুৱাৰী : আছুৰ নেতৃত্বত নতুন ৰাজনৈতিক দলক আদৰণি জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমাধ্যমৰ আগত মন্ত্ৰী শৰ্মাৰ দাবী, ‘আমি নিশ্চিতভাৱে বিজয়ী হ’ম, কংগ্ৰেছে নতুন দলৰে মিত্ৰতা কৰক–নকৰক আমি জয়ী হ’ম।

ৰাজনীতিৰ পথাৰত নতুনকৈ এটা আঞ্চলিক দলৰ জন্ম দিবলৈ আগবঢ়াৰ কথা সদৰি কৰিছিল আছুৱে। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক ইয়াৰ বাবে কটাক্ষ কৰি ডঃ শৰ্মাই কয়, ‘মই ছিনিয়ৰ গগৈক ভয় কৰা নাছিলো, মই মিডল গগৈকো ভয় কৰা নাছিলো, এতিয়া জুনিয়ৰ গগৈক কি ভয় কৰিম?’

বিধানসভাত অসম চুক্তিৰ ভুল ব্যাখ্যা কৰাৰ অভিযোগ অনা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক উভতি ধৰি হিমন্ত বিশ্বৰ মন্তব্য, ইংৰাজী শুদ্ধকৈ পঢ়াৰ বাবে মই ক্ষমা খুজিম নেকি? মই ডক্টৰেট, এল এল বি এনেই পালো নেকি?
নিজকে ১০০শতাংশ শুদ্ধ বুলি দাবী কৰি সমুজ্জল কুমাৰ ভট্টাচাৰ্যক একেলগে ইংৰাজী পঢ়িবলৈ প্ৰত্যাহ্বান জনায় হিমন্ত বিশ্বই। ভট্টাচাৰ্য সহ আছুক ডঃ শৰ্মাৰ প্ৰত্যাহ্বান, জনীয়া, বাঘবৰ, ৰূপহীহাট আদিত বজ্ৰগৰ্জন হ’লে মানিম, ছহিদৰ ফটোত হাত থৈ মই কোৱা কথা অসত্য বুলি কওক ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

আইন উলংঘা! সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ বাতিলৰ নিৰ্দেশ আবকাৰী বিভাগৰ

 

ষ্টাফৰিপোৰ্টাৰ, ১৮ জানুৱাৰীঃ নতুন বছৰটোৰ আৰম্ভণিৰে পৰা ক্ৰমাৎ অধিক কঠোৰ হৈ পৰিছে ৰাজ্যৰ আবকাৰী বিভাগ। এই অনুযায়ী আইন উলংঘা কৰাৰ অভিযোগত বাতিল কৰা হৈছে চৰাইদেউ জিলাৰ এখন সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ। এক নিৰ্দেশনাযোগে আবকাৰী আয়ুক্তলায়ৰ অতিৰিক্ত আয়ুক্তই চৰাইদেউ জিলাৰ উপায়ুক্তক সুৰাৰ বিপণীখন বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

অনুজ্ঞা-পত্ৰ বাতিল কৰা হোৱা সুৰাৰ বিপণীখন হৈছে সোণাৰিৰ নামতোলা পথত থকা আৰ কে ৱাইন শ্বপ। অৰুণাচলী সুৰাৰ অবৈধ ব্যৱসায়ত জড়িত থকা সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা সত্বেও নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনোধৰণৰ প্ৰত্যুত্তৰ নিদিয়াৰ পৰিপ্ৰেক্ষিততে সুৰাৰ বিপণীখনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে নিৰ্দেশনাটোত।

উল্লেখ্য যে, যোৱা ৭ জানুৱাৰীত সোণাৰি আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে অভিযান চলাই অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত নম্বৰ প্লেটবিহীন এখন অটো ভেনৰ পৰা ৩০ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰিবলৈ সমৰ্থ হৈছিল। পিছত অটো চালকজনক সোধ-পোছ কৰাত আৰক্ষীয়ে জব্দকৃত অৰুণাচলী সুৰাখিনি অবৈধভাৱে আৰ কে ৱাইন শ্বপৰ পৰা নাগালেণ্ডলৈ যোগান ধৰাৰ বাবে নিয়া হৈছিল বুলি জানিব পৰা যায়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে উক্ত ৱাইন শ্বপখনৰ লগতে স্বত্বাধিকাৰী ৰাজ কুমাৰ আগৰৱালাৰ বাসগৃহৰ পৰাও বৃহৎ পৰিমামৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে অবৈধ সুৰা ব্যৱসায় সম্পৰ্কে বহু তথ্য পোহৰলৈ আনিবলৈ সমৰ্থ হয়। লগে লগে ৱাইন শ্বপখন ছীল কৰাৰ লগতে আবকাৰী আইন উলংঘা কৰি এনেদৰে অবৈধ বেহা চলাই অহা ৰাজ কুমাৰ আগৰৱালাক বিভাগৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰা হয়।

কিন্তু নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো উক্ত জাননীৰ কোনো সঠিক উত্তৰ দিব নোৱাৰিলে অবৈধ সুৰা ব্যৱসায়ত জড়িত আৰ কে ৱাইনশ্বপৰ স্বতাধিকাৰীজনে। সেয়ে তৎকালে কাৰ্যকৰী হোৱাকৈ উক্ত ৱাইন শ্বপখনৰ অনুজ্ঞা-পত্ৰ বাতিলৰ নিৰ্দেশ প্ৰদান কৰে আবকাৰী বিভাগে। আবকাৰী বিভাগৰ এই নিৰ্দেশক আদৰণি জনাইছে সদৌ অসম আৱকাৰি বিপনীৰ স্বত্বাধিকাৰী সন্থাৰ সভাপতি আৰু সচিব প্ৰধান ক্ৰমে সুশান্ত কুমাৰ ৰয় আৰু অলক দত্তৰ লগতে একাধিক দল সংগঠনে ৷ ।

আনহাতে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো এই সিদ্ধান্তক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে আবকাৰী আইন উলংঘা কৰা কোনো ব্যক্তিৰ বিৰুদ্ধে দয়া প্ৰদৰ্শন নকৰিবলৈ বিষয়াসকলক সকীয়াই দিছে। লগতে অনাগত দিনত বিভাগটোৰ সমূহ কৰ্মচাৰীক অধিক কঠোৰ হ’বলৈকো নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ অন্যথাই বিষয়া তথা কৰ্মচাৰীসকলে জবাবদিহি হ’ব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

প্ৰগতিশীল মঞ্চৰ উদ্যোগত শিল্পী দিৱস পালন

 

ষ্টাফৰিপোৰ্টাৰ, ১৮ জানুৱাৰী : ভেটাপাৰাৰ প্ৰগতিশীল মঞ্চৰ উদ্যোগত শুকুৰবাৰে ভেটাপাৰা দুৰ্গামন্দিৰ প্ৰাংগণত শিল্পী দিৱসৰ আয়োজন কৰা হয়। এই উপলক্ষে পুৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাপৰ্ণ কৰে বিশিষ্ট সমাজ সেৱক প্ৰতুল চৌধুৰীয়ে। তাৰ পাছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিৰযুগমীয়া গীত “তোৰে মোৰে আলোকৰে যাত্ৰা” ৰাইজে সমবেত ভাৱে পৰিবেশন কৰে। প্ৰগতিশীল মঞ্চৰ সম্পাদক মিলন বড়ো ৱে আঁত ধৰা অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড০ অনুপম ৰয়ৰ আলাপেৰে আৰম্ভ হয়। এই অনুষ্ঠানত ড০ মনোৰঞ্জন শৰ্মা, খগেনভ মেধি, ফুলেশ্বৰ বসুমতাৰী, প্রদীপ চক্ৰৱৰ্তী, চিত্ৰ মাধৱ বৰুৱা, ভবানীধৰ শৰ্মা আদিয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত অংকিতা ডেকা, নগেন চৌধুৰী, মৃগেন্দ্র লহকৰ, ৰাতুল দত্ত, প্ৰতুল চৌধুৰী আৰু বিভা দত্ত চৌধুৰীয়ে জ্যোতি প্ৰসাদ আগৰৱালাৰ গীত পৰিবেশন কৰে। সভাপতি জগন্নাথ দাসৰ ব্যক্তব্যৰ পাছত অনুষ্ঠানৰ সামৰণি পৰে। সন্ধিয়া বন্তি প্ৰজ্জ্বলন কৰা হয়।

ৰিহাবাৰী উন্নয়ন সমিতিৰ উদ্যোগত শিল্পী দিৱস

 

ষ্টাফৰিপোৰ্টাৰ, ১৮ জানুৱাৰী : ৰিহাবাৰী উন্নয়ন সমিতিৰ উদ্যোগত শুকুৰবাৰে শিল্পী দিৱসৰৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰিহাবাৰীৰ আয়তী সকলৰ নামেৰে আৰম্ভ হোৱা অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰ প্রাপ্ত মূৰব্বী অধ্যাপক ৰঘুদেৱ গোস্বামীয়ে। ইয়াৰ পাছত চবিনা জাহানৰ পৰিচালনাত সমবেত সংগীত পৰিবেশন কৰা হয়। অধিবক্তা গীতাঞ্জলি কলিতাই আঁত ধৰা অনুষ্ঠানত কবিতা আবৃত্তি কৰে ড০ বৈজয়ন্তী গোস্বামী, ৰিণি দাস, প্ৰণিতা দাস আৰু কণমানি পলাশজ্যোতি মহন্ত আৰু ভাৰ্গব দাসে। নৃত্য পৰিবেশন কৰে ববী দাস আৰু শিশু শিল্পী ইশানা,তেজস্মিতা আৰু দিশা জ্যোতিয়ে। অনুষ্ঠানত জ্যোতি সংগীত পৰিবেশন কৰে সোমা গোস্বামী, কবিতা বৈশ্য আৰু চবিনা জাহানে। শলাগৰ শৰাই আগবঢ়াই চপলা ভট্টাচাৰ্যই । সভাত প্ৰবীণ শৰ্মা, দিলীপ বৰা, নয়ন তালুকদাৰ, প্ৰদীপ দাস, হিমাংশু ৰঞ্জন শৰ্মা, অমল দত্ত লহকৰ, অমৰেন্দ্ৰ ডেকা, নৱ কুমাৰ দাস, ড০ দীপক আদক, অজয় লহকৰ আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।

আৰ্থিক ভাৱে দুৰ্বল লোকৰ বাবে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

 

ষ্টাফৰিপোৰ্টাৰ,১৮জানুৱাৰী।।।।।”বিগত বছৰৰ দৰে এইবাৰো টপচেম চিমেণ্টৰ উদ্যোগত কাইলৈ কামৰূপ জিলাৰ যোৰাবাটৰ বাৰ মাইলস্থিত আম্ভেৰ গাওঁত আৰ্থিক ভাৱে দুৰ্বল তথা দৃষ্টিশক্তি হেৰুৱা ৰোগীসকলৰ বাবে এক বিনামূলীয়া চকু পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। উক্ত শিবিৰটো গুৱাহাটীৰ এবিচি স্থিত আই ডক্টৰৰ্ছ চকু আৰু অস্ত্ৰোপচাৰ কেন্দ্ৰ প্ৰতিষ্ঠানৰ চিকিৎসক ডাঃ বিন্দু সিংগলা গোৱেলৰ নেতৃত্বত অনুষ্ঠিত কৰা হ’ব- শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেল যোগে এই কথা সদৰী কৰে মেঘালয় চিমেণ্টছ লিমিটেডৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ড০ অনিল কাপুৰে। তেওঁ লগতে কয় ” বয়স্ক লোকসকলৰ মাজত দেখা দিয়া চকুৰ সমস্যা সমূহত কেটেৰেক্টে প্ৰধান কাৰক হিচাপে বিবেচিত হৈ আহিছে। অস্ত্ৰোপচাৰেই হ’ল কেটেৰেক্টৰ প্ৰধান চিকিৎসা। এইক্ষেত্ৰত আমি দৃষ্টিশক্তিৰ সমস্যাত আক্ৰান্ত লোকসকলক সহায় কৰাৰ দিশে আগবাঢ়ি আহিছোঁ আৰু আমি প্রায় ৫০ গৰাকী ৰোগীক কেটেৰেক্ট অস্ত্ৰোপচাৰৰ খৰছ বহন কৰিম”।”এই সন্দৰ্ভত চকু আৰু অস্ত্ৰোপচাৰ কেন্দ্ৰ প্ৰতিষ্ঠানৰ চিকিৎসক ডাঃ বিন্দু সিংগলে কয়”- এই শিবিৰত গ্লুকমা, কেটেৰেক্ট আদি চকুৰ সমস্যা সমূহৰ জড়িত ৰোগীসকলক বিনামূলীয়াকৈ চকু পৰীক্ষা কৰাৰ লগতে ঔষধ আৰু চশমা বিতৰণ কৰা হ’ব আৰু অস্ত্ৰোপচাৰৰ সুবিধা প্ৰদান কৰা হ’ব।”

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

ষ্টাফৰিপোৰ্টাৰ,,১৮জানুৱাৰী জানুৱাৰী।।: গুৱাহাটীৰ আঠগাঁও স্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ বেলতলা বশিষ্ঠপুৰত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ১০৫ গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ উপৰিও ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। এই শিবিৰটো ডাঃ বিপুল কান্ত বৰুৱা ডাঃ শঙ্কৰ বৰাৰ নেতৃত্বত অনুষ্ঠিত হয়।

শ্ৰীসূৰ্য পাহাৰ পীঠস্থানত জিলা প্ৰশাসনৰ গুৰত্বপূৰ্ণ সভা

শ্ৰীসূৰ্য পাহাৰ পীঠস্থানত জিলা প্ৰশাসনৰ গুৰত্বপূৰ্ণ সভাঃনৱনিৰ্মিত অতিথি শালা উদ্বোধন কৰিলে উপায়ুক্ত বৰ্ণালী ডেকাই

——————–

গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰ মহাপীঠ স্থানত ১৭ জানুৱাৰী তাৰিখে জিলা প্ৰশাসনৰ কেবাখনো গুৰুত্বপূৰ্ণ সভা অনুষ্টিত হয় ৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত সভাৰ আৰম্ভণিতে মহাপীঠস্থান চৌহদত নৱ নিৰ্মিত অতিথিশালাৰ ভৱনটিৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয় ৷ উদ্বোধন কৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৷ এই অনুষ্ঠানতে শ্ৰীসূৰ্য পাহাৰ মহাপীঠস্থান পৰিচালনা সমিতিৰ হাতত উপায়ুক্ত বৰ্ণালী ডেকাই দহটা বৃহৎ আকৃতিৰ ডাষ্টবিন প্ৰদান কৰে ৷ ইয়াৰে পাঁচটা ডাষ্টবিন জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু পাঁচটা গোৱালপাৰা মিউনিচিপেলিটি বোৰ্ডৰ ফালৰ পৰা আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পিছতে নৱ নিৰ্মিত অতিথিশালাতে ডিডিচিৰ এখন গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত হয় ৷ এই সভা খনত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকি তেওঁলোকৰ বিভাগে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ উন্নয়ণ সম্পৰ্কে জিলা উপায়ুক্তক অৱগত কৰে ৷ এই সভা খনৰ অন্তত জিলা উপায়ুক্ত গৰাকীয়ে ৰাইজৰ লগতো এক অন্তৰংগ আলোচনাত মিলিত হয় ৷ এই আলোচনা কালত উপায়ুক্ত গৰাকীয়ে ৰাইজৰ বিভিন্ন সমস্যা যেনে পানী যোগান,বাট পথ, পিএমএৱাই গৃহ আদিৰ বিষয়ে অৱগত হৈ সেই অভাৱ অনাটন তথা সমস্যা সমূহ কেনেদৰে সমাধান কৰা যায় সেই বিষয়ে বিভিন্ন বিভাগৰ বিষয়া সকলোৰ সৈতে পৰ্যলোচনা কৰে ৷ এই সভাতে শ্ৰীসূৰ্য পাহাৰৰ প্ৰন্ততত্ব বিভাগৰ লগতে মহাপীঠস্থান খনৰ বিভিন্ন দিশ সম্পৰ্কেও খৰচি মাৰি আলোচনা কৰা হয় ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

*** *** ** *** **

শিৱসাগৰ জিলা উপায়ুক্তৰ যোগাত্মক পদক্ষেপত সন্তুষ্ট শিৱসাগৰ সাংবাদিক মহল

শিৱসাগৰ জিলা উপায়ুক্তৰ যোগাত্মক পদক্ষেপত সন্তুষ্ট শিৱসাগৰ সাংবাদিক মহল

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১৮ জানুৱাৰী : আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত ডা: এম. এচ. লক্ষ্মী প্ৰিয়াই উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত শিৱসাগৰ জিলাৰ সাংবাদিকসকলৰে মিলিত হৈ জিলা প্ৰশাসনৰ Mission Soulful Sivasagar ৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পসমুহ যেনে মৰম, অধ্যয়ন, নিৰ্মল, পোহৰ, খেল’ শিৱসাগৰ খেল’, কুঁহি ইত্যাদিৰ বিষয়ে সংবাদসেৱীসকলক অৱগত কৰে আৰু লগতে Umbrella Projects Mission Soulful Sivasagar ৰ আঁচনিসমূহ ৰুপায়ণ আৰু প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত সাংবাদিকসকলৰ সম্পূৰ্ণ সহযোগিতা বিচাৰে৷ সাংবাদিকসকলে উপায়ুক্তই গ্ৰহণ কৰা আঁচনিসমূহৰ প্ৰংশসা কৰাৰ লগতে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ আলোচনাকালত উপায়ুক্তই জানিবলৈ দিয়ে যে Project Lakhshya ৰ অধীনত শিৱসাগৰ মহাবিদ্যালয়, জয়সাগৰত অহা ইং ২৫ জানুৱাৰী,২০২০ তাৰিখে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰস্তুতি প্ৰতিষ্ঠান ALS–IAS এ UPSC/APSC পৰীক্ষাৰ আগ্ৰহী প্ৰশিক্ষাৰ্থীসকলৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ৰ বাচনি পৰীক্ষা অনুষ্ঠিত কৰিব আৰু পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক পৰবৰ্তী দিনত পূৰ্ণকালীন প্ৰশিক্ষণ প্ৰদান কৰিব ৷ জিলা উপায়ুক্তই Team Mission Soulful Sivasagar এ প্ৰকাশ কৰি উলিওৱা নতুন বছৰৰ Wall আৰু Table Calendar সাংবাদিকসকলক প্ৰদান কৰাৰ লগতে সমুহীয়া ভাবে ভোগালীৰ জলপান গ্ৰহণ কৰে ৷
শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Recent Posts

বঙাইগাঁও জিলা শিল্পী সমাজৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন

বঙাইগাঁও জিলা শিল্পী সমাজৰ দ্বিতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন নতুন সমিতি গঠন বঙাইগাঁওঃ ১৯ জানুৱাৰীঃ বঙাইগাঁও জিলা শিল্পী সমাজৰ দ্বিতীয় ত্ৰি- বাৰ্ষিক অধিৱেশনখনি আজি দিনজোৰা কাৰ্যসূচীৰে পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে পতাকা উত্তোলন কৰি অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ …

Read More »

বিজেপিৰ সভাপতিত পুনৰ ৰঞ্জিত দাস ## নলবাৰীৰ বিধায়ক, ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ অভিনন্দন

## বিজেপিৰ সভাপতিত পুনৰ ৰঞ্জিত দাস ## নলবাৰীৰ বিধায়ক, ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ অভিনন্দন ## ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৯ জানুৱাৰী কালি গুৱাহাটীত আয়োজিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক পৰিষদৰ সভা অনুষ্ঠিত হৈ যায়। এই সভাতে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি হিচাপে পুনৰ নিযুক্ত হোৱা ৰঞ্জিত …

Read More »

ইচ্ছামৃত্যু” বিচাৰি ৰাষ্ট্রপতি ৰাজ্যপাললৈ আবেদন জনাব বেতন বঞ্চিত শিক্ষকে

২১ জানুৱাৰীত ৰাজ্যজুৰি “ইচ্ছামৃত্যু” বিচাৰি ৰাষ্ট্রপতি ৰাজ্যপাললৈ আবেদন জনাব বেতন বঞ্চিত শিক্ষকে* *©*শিক্ষকে নিৰ্ধাৰিত কৰি দিয়া সময় উকলিল যদিও চৰকাৰৰ পৰা নাহিল কোনো সঁহাৰি “®** ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১৯ জানুৱাৰী : ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব নে নকৰে স্পষ্ট কৰিবৰ বাবে চৰকাৰক সময় সীমা …

Read More »

মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০ আৰম্ভ

মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০ আৰম্ভ গুৱাহাটী, ১৯ জানুৱাৰীঃ সৰুসজাইত আজিৰে পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০। ৰাজ্যৰ ১১০ খনৰো অধিক মহাবিদ্যালয়ৰ ২ জনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সমাৰোহখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সমাৰোহত ভাষণ প্ৰদান কৰি মন্ত্ৰী ড০ শৰ্মাই …

Read More »

বঙাইগাঁও জিলা সাহিত্য সভাৰ দ্বাদশ পূৰ্ণাংগ চোকাপাৰা অধিৱেশন সম্পন্ন

বঙাইগাঁও জিলা সাহিত্য সভাৰ দ্বাদশ পূৰ্ণাংগ চোকাপাৰা অধিৱেশন সম্পন্ন বঙাইগাঁওঃ ১৮ জানুৱাৰীঃ ‘কৰ্মৰ প্ৰতি অনীহা আৰু ভাষা সংস্কৃতিৰ অনুশীলন নাথাকিলে এটা জাতিয়ে কেতিয়াও মূৰ দাঙি উঠিব নোৱাৰে’৷ এই মন্তব্য ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ড° উপেন্দ্ৰজিৎ শৰ্মাৰ ৷ শুকুৰবাৰৰ পৰা বঙাইগাঁও জিলাৰ চোকাপাৰাত বঙাইগাঁও জিলা সাহিত্য সভাৰ …

Read More »

মেজিৰ বিকৃতকৰণক লৈ প্ৰতিক্ৰিয়া বঙাইগাঁও জিলা শিল্পী সমাজৰ

বঙাইগাঁও জিলা শিল্পী সমাজৰ সংবাদ মেল মহান শিল্পীৰ নামত আয়োজন কৰা অনুষ্ঠানক কুৰুচিপূৰ্ণ আৰু ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ নকৰিব মেজিৰ বিকৃতকৰণকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ বঙাইগাঁওঃ ১৮ জানুৱাৰীঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো শুকুৰবাৰে সমগ্ৰ অসমতৰ লগতে বঙাইগাঁও জিলাতো শিল্পী দিৱস হিচাপে উদযাপন কৰা হৈছে ৷ কিন্তু শিল্পী দিৱসৰ অনুষ্ঠান উদযাপন কৰাৰ …

Read More »

আছুৰ নেতৃত্বত নতুন ৰাজনৈতিক দলক আদৰণি জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

  ষ্টাফৰিপোৰ্টাৰ, ১৮ জানুৱাৰী : আছুৰ নেতৃত্বত নতুন ৰাজনৈতিক দলক আদৰণি জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমাধ্যমৰ আগত মন্ত্ৰী শৰ্মাৰ দাবী, ‘আমি নিশ্চিতভাৱে বিজয়ী হ’ম, কংগ্ৰেছে নতুন দলৰে মিত্ৰতা কৰক–নকৰক আমি জয়ী হ’ম। ৰাজনীতিৰ পথাৰত নতুনকৈ এটা আঞ্চলিক দলৰ জন্ম দিবলৈ আগবঢ়াৰ কথা সদৰি কৰিছিল আছুৱে। সদৌ অসম ছাত্ৰ …

Read More »

আইন উলংঘা! সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ বাতিলৰ নিৰ্দেশ আবকাৰী বিভাগৰ

  ষ্টাফৰিপোৰ্টাৰ, ১৮ জানুৱাৰীঃ নতুন বছৰটোৰ আৰম্ভণিৰে পৰা ক্ৰমাৎ অধিক কঠোৰ হৈ পৰিছে ৰাজ্যৰ আবকাৰী বিভাগ। এই অনুযায়ী আইন উলংঘা কৰাৰ অভিযোগত বাতিল কৰা হৈছে চৰাইদেউ জিলাৰ এখন সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ। এক নিৰ্দেশনাযোগে আবকাৰী আয়ুক্তলায়ৰ অতিৰিক্ত আয়ুক্তই চৰাইদেউ জিলাৰ উপায়ুক্তক সুৰাৰ বিপণীখন বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। অনুজ্ঞা-পত্ৰ বাতিল কৰা …

Read More »

প্ৰগতিশীল মঞ্চৰ উদ্যোগত শিল্পী দিৱস পালন

  ষ্টাফৰিপোৰ্টাৰ, ১৮ জানুৱাৰী : ভেটাপাৰাৰ প্ৰগতিশীল মঞ্চৰ উদ্যোগত শুকুৰবাৰে ভেটাপাৰা দুৰ্গামন্দিৰ প্ৰাংগণত শিল্পী দিৱসৰ আয়োজন কৰা হয়। এই উপলক্ষে পুৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাপৰ্ণ কৰে বিশিষ্ট সমাজ সেৱক প্ৰতুল চৌধুৰীয়ে। তাৰ পাছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিৰযুগমীয়া গীত “তোৰে মোৰে আলোকৰে যাত্ৰা” ৰাইজে সমবেত ভাৱে পৰিবেশন …

Read More »

ৰিহাবাৰী উন্নয়ন সমিতিৰ উদ্যোগত শিল্পী দিৱস

  ষ্টাফৰিপোৰ্টাৰ, ১৮ জানুৱাৰী : ৰিহাবাৰী উন্নয়ন সমিতিৰ উদ্যোগত শুকুৰবাৰে শিল্পী দিৱসৰৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰিহাবাৰীৰ আয়তী সকলৰ নামেৰে আৰম্ভ হোৱা অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰ প্রাপ্ত মূৰব্বী অধ্যাপক ৰঘুদেৱ গোস্বামীয়ে। …

Read More »

আৰ্থিক ভাৱে দুৰ্বল লোকৰ বাবে বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

  ষ্টাফৰিপোৰ্টাৰ,১৮জানুৱাৰী।।।।।”বিগত বছৰৰ দৰে এইবাৰো টপচেম চিমেণ্টৰ উদ্যোগত কাইলৈ কামৰূপ জিলাৰ যোৰাবাটৰ বাৰ মাইলস্থিত আম্ভেৰ গাওঁত আৰ্থিক ভাৱে দুৰ্বল তথা দৃষ্টিশক্তি হেৰুৱা ৰোগীসকলৰ বাবে এক বিনামূলীয়া চকু পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। উক্ত শিবিৰটো গুৱাহাটীৰ এবিচি স্থিত আই ডক্টৰৰ্ছ চকু আৰু অস্ত্ৰোপচাৰ কেন্দ্ৰ প্ৰতিষ্ঠানৰ চিকিৎসক ডাঃ বিন্দু সিংগলা গোৱেলৰ নেতৃত্বত …

Read More »

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

ষ্টাফৰিপোৰ্টাৰ,,১৮জানুৱাৰী জানুৱাৰী।।: গুৱাহাটীৰ আঠগাঁও স্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ বেলতলা বশিষ্ঠপুৰত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ১০৫ গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ উপৰিও ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। …

Read More »

শ্ৰীসূৰ্য পাহাৰ পীঠস্থানত জিলা প্ৰশাসনৰ গুৰত্বপূৰ্ণ সভা

শ্ৰীসূৰ্য পাহাৰ পীঠস্থানত জিলা প্ৰশাসনৰ গুৰত্বপূৰ্ণ সভাঃনৱনিৰ্মিত অতিথি শালা উদ্বোধন কৰিলে উপায়ুক্ত বৰ্ণালী ডেকাই ——————– গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰ মহাপীঠ স্থানত ১৭ জানুৱাৰী তাৰিখে জিলা প্ৰশাসনৰ কেবাখনো গুৰুত্বপূৰ্ণ সভা অনুষ্টিত হয় ৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত সভাৰ আৰম্ভণিতে মহাপীঠস্থান চৌহদত নৱ নিৰ্মিত অতিথিশালাৰ ভৱনটিৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা …

Read More »

শিৱসাগৰ জিলা উপায়ুক্তৰ যোগাত্মক পদক্ষেপত সন্তুষ্ট শিৱসাগৰ সাংবাদিক মহল

শিৱসাগৰ জিলা উপায়ুক্তৰ যোগাত্মক পদক্ষেপত সন্তুষ্ট শিৱসাগৰ সাংবাদিক মহল ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১৮ জানুৱাৰী : আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত ডা: এম. এচ. লক্ষ্মী প্ৰিয়াই উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত শিৱসাগৰ জিলাৰ সাংবাদিকসকলৰে মিলিত হৈ জিলা প্ৰশাসনৰ Mission Soulful Sivasagar ৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পসমুহ যেনে মৰম, অধ্যয়ন, …

Read More »