Tuesday , January 28 2020
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

  ষ্টাফৰিপৰ্টাৰ, ২১ মাৰ্চ, অৱশেষত বিজেপিয়ে ঘোষণা কৰিলে বিজেপিৰ প্ৰাৰ্থী তালিকা। লোকসভা নিৰ্বাচনৰ বাবে ১৮২টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে। বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। গান্ধীনগৰত অমিত শ্বাহ, লক্ষ্ণৌত ৰাজনাথ সিং, নাগপুৰত নীতিন গাডকাৰী, গাজিয়াবাদৰ প্ৰাৰ্থী হ’ব ভি কে সিং।

Read More »

এন পি পি য়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা

  ষ্টাফৰিপৰ্টাৰ, ২১ মাৰ্চ, লোকসভা নিৰ্বাচনৰ বাবে এন পি পি –এ প্ৰকাশ কৰিলে ৫টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। তেজপুৰত ৰাম বাহাদুৰ সোণাৰ, শিলচৰত নাজিয়া য়াছমিন মজুমদাৰ, কলিয়াবৰত আব্দুল আজিজ, যোৰহাট সমষ্টিত মকলা ৰাজকোঁৱৰ আৰু ডিব্ৰুগড়ত ভৱেন বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে এন পি পি–এ।

Read More »

অসমত ৮ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ

ষ্টাফৰিপৰ্টাৰ, ২১ মাৰ্চ, লোকসভা নিৰ্বাচনৰ বাবে অসমত ৮টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে বিজেপিয়ে। মঙলদৈত দিলীপ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান। লখিমপুৰত প্ৰদান বৰুৱা, ডিব্ৰুগড়ত ৰামেশ্বৰ তেলী, যোৰহাট সমষ্টিত মন্ত্ৰী তপন গগৈ, গুৱাহাটীত কুইন ওজা, শিলচৰত ৰাজদ্বীপ ৰয়, কৰিমগঞ্জত কৃপানাথ মাল্লা, ডিফু সংসদীয় সমষ্টিত হৰেন ছিং বে’, নগাঁৱত ৰূপক শৰ্মা আৰু তেজপুৰত …

Read More »

Recent Posts

শিমলুগুৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

শিমলুগুৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ফাষ্টনিউজ ৰিপৰ্ট,নাজিৰা ২৮ জানুৱাৰী:
নাজিৰাৰ সমিপৰ শিমলুগুৰি ৰেলৱে জংচনত আজি অচিনাক্ত এটা পুৰুষৰ মৃতদেহ উদ্ধাৰ হয় | জংচনৰ অৰ্ভাৰবিজৰ তলত উদ্ধাৰ হোৱা মৃতদেহটো ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে | আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃতদেহৰ দেহত কলা ৰঙৰ চাৰ্ট, পেন্ট পিন্ধি আছিল | বৰ্তমানলৈকে মৃতদেহটোৰ পৰিচয় জানিব পৰা হোৱা নাই বুলি শিমলুগুৰি ৰেল আৰক্ষীয়ে জনাইছে |
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ”

 

ষ্টাফৰিপোৰ্টাৰ ২৭ জানুৱাৰী : পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ” কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাৱাৰীস্থিত শিল্পগ্ৰামত অনুষ্ঠিত কৰা হ’ব । ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষে আয়োজন কৰা এই “ফেশ্বন সপ্তাহ” সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ’ব। এইবাৰ “শ্বেলতাৰ ফৰ এনিমেলছ” ( shelter for animals) বিষয় লৈ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব খাদী বস্ত্ৰ উদ্যোগৰ উপ মূখ্য কাৰ্যকৰী অধিকাৰী সুকলম দেৱৰ লগতে আলোক সৰকাৰ, মনোজ দাস, গায়ত্ৰী ৰাজবংশী, বিকাশ ৰাভা আদি ।।

গণৰাজ্য দিৱসৰ দিনা “সংবিধান সুৰক্ষা দিৱস” পালন

 

চৰকাৰ খনে ধর্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰি সংবিধানৰ অন্যতম মূল কাথামৌ ধৰ্মনিৰপেক্ষতা নৎস্যা কৰিছে—ড০ হীৰেন গোহাঁই

ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : “কেন্দ্ৰত শাসনাধি ষ্ঠিত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰখনে ভাৰতৰ সংবিধানৰ প্ৰতি গভীৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে–এই ভাষ্য বিশিষ্ট বুদ্ধিজীৱী, নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সভাপতি ড০ হীৰেন গোঁহাইয়ে।গণৰাজ্য দিৱসৰ দিনা অৰ্থাৎ ২৬ জানুৱাৰীত সংবিধান গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত সমিতিৰ উদ্যোগত আয়োজন কৰা
“সংবিধান সুৰক্ষা দিৱস’ ৰ সভাৰ উদ্দেশ্য বাখ্যা কৰি বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইয়ে লগতে কয় ” চৰকাৰ খনে ধর্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰি সংবিধানৰ অন্যতম মূল কাথামৌ ধৰ্মনিৰপেক্ষতা নৎস্যা কৰিছে। তদুপৰি চৰকাৰ খনে এটাৰ পাছত এটাকৈ অনেক সাংবিধানিক অনুষ্ঠান ধংস কৰিছে। সেয়ে আমি সংবিধান সুৰক্ষা দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে। ” সভাত সংবিধান, গণতন্ত্ৰ, নাগৰিক, অধিকাৰ, ধৰ্মনিৰপেক্ষতা আদি বিষয়ত বাখ্যা দাঙি ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে ” আমাৰ সংবিধান স্ৰষ্টা সকলে ভাৰতৰ সংবিধান যি ধৰণে বিতং আলাপ আৰু আলোচনাৰ মাজেৰে দাঙি ধৰিছিল তাৰ বাখ্যা দাঙি ধৰে। লগতে সাম্প্ৰতিক সময়ত ন্যায়পালিকাই সংবিধান খনৰ মৰ্য্যদা ৰক্ষাৰ ক্ষেত্ৰত যথাৰ্থ ভূমিকা পালন কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে। সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা অৰূপ বৰবৰাই ” স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰ” শীৰ্ষক বক্তৃতা প্ৰদান কৰি কয়” মোডী চৰকাৰে গণতন্ত্ৰৰ দোহাই দি
স্বৈৰতন্ত্ৰৰাজ প্ৰতিষ্ঠা কৰিছে। চি বি আই, ইউ জি চি, নিৰ্বাচন আয়োগ আদি সংস্থা বোৰৰ স্বতন্ত্ৰতা বিনষ্ট কৰি পেলাইছে। গৌৰী লংকেশ আদিক ভেৰণীয়া গুণ্ডাৰ দ্বাৰা হত্যা কৰাই বিচাৰৰ নামত প্ৰহসন কৰিছে। অখিল গগৈৰ দৰে সংগ্ৰামী নেতাক ভুৱা গোচৰত আটক কৰি নিয়াৰ হাতত অৰ্পণ কৰি জেলত বন্দী কৰি থৈছে।” তেওঁ লগতে ৰাইজক চৰকাৰৰ এই স্বৈৰতন্ত্ৰী, দমনমূলক কাৰ্য পন্থা প্ৰতিহত কৰাৰ আহ্বান জনায়। এই সভাত বামপন্থী নেতা হেমেন দাস, মুনিন মহন্ত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ আহমেদ ৰচিদ চৌধুৰী, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী আদিয়ে বক্তব্য আগবঢ়ায়। সভাত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে বিশিষ্ট নাগৰিক হলিৰাম তেৰাংএ। সভাত সমবেত ৰাইজক সংবিধান ৰক্ষাৰ শপত বাক্য পাঠ কৰায় সমিতিৰ সমন্বয়ক দেবেন তামুলীয়ে। সভাত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামীয়ে। আনহাতে জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে ক্ৰমে হুমায়ুন চৌধুৰী আৰু জিতুমনি আদি শিল্পীয়ে।

বৰবাৰীত মে-ডাম- মে-ফীৰ আয়োজন

 

ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো চলিছে মে-ডাম মে-ফীৰ ব্যাপক প্ৰস্তুতি।এইবাৰ বৃহত্তৰ হেঙেৰাবাৰী মে-ডাম-মে-ফী উদযাপন সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হব মে-ডাম-মে-ফী। ৩০আৰু ৩১জানুৱাৰীত, হেঙেৰাবাৰী,জাপৰিগোগ,চচল,দ্বাৰকানগৰ,গনেশগুৰিকে ধৰি বিভিন্ন অঞ্চলৰ ৰাইজ একলগ হৈ দুদিনীয়া কাৰ্যসূচীৰে বৰবাৰীৰ ৰাজধানী টাই আহোম কলা সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুস্থিত কৰিব মে-ডাম-মে-ফী।টাই আহোম মে-ডাম মে-ফীৰ উদযাপন সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে মে-ডাম-মে-ফী আয়োজন কৰা বুলি জানিবলৈ দিয়ে সভাপতি কুশল চাংমাই,কাৰ্যকৰী সভাপতি জগত সন্দিকৈ, উপেন্দ্ৰ গগৈয়ে। ইফালে,মে-ডাম-মে-ফীৰ পূৰ্বে বৰবাৰীত মহিলা সকলে চলাইছে পূৰ্ন প্ৰস্তুতি।আজিৰে পৰা বৰবাৰীৰ বৰটিলাৰ টাই আহোম মহিলাসকলে আৰম্ভ কৰিছে লাৰু- পিঠা প্ৰস্তুতৰ কাম।লাৰু,পিঠা তৈয়াৰ কৰাৰ মাজতে পূৰ্বপুৰুষক স্মৰন কৰি জুহালত মহিলা সকলে গাইছে প্ৰাৰ্থনা ।উল্লেখযোগ্য যে, এই মে-ডা-ম মে-ফীৰ দুদিনীয়া কাৰ্যসুচীত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটী বাসীক আহ্বান জনাইছে মে-ডাম-মে-ফী উদযাপন সমিতিৰ সম্পাদিকা ৰেনু বৰুৱা আৰু জানমনি গগৈয়ে।

আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ অৱস্থান ধৰ্মঘট

 

আমৰি কাৰ্বিক ষষ্ঠ অনুসূচিৰ আধাৰত পাৰ্বত্য জনজাতি মৰ্যাদা প্ৰদান কৰা, নাগৰিকত্ব সংশোধনী আইন২০১৯ বাতিল কৰা, ডিমৰিয়াত তিৱা স্বায়ত্ব শাসিত নিৰ্বাচন বৰ্জন কৰাৰ দাবী

ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ উদ্যোগত সোমবাৰে ৰাজৱনৰ ওচৰত অৱস্থান ধৰ্মঘট পালন কৰা হয়। আমৰি কাৰ্বিক ষষ্ঠ অনুসূচিৰ আধাৰত পাৰ্বত্য জনজাতি মৰ্যাদা প্ৰদান কৰা, নাগৰিকত্ব সংশোধনী আইন২০১৯ বাতিল কৰা, ডিমৰিয়াত তিৱা স্বায়ত্ব শাসিত নিৰ্বাচন বৰ্জন কৰা আদি দাবী পুনৰণ বাবে
আমৰি কাৰ্বি ছয় জাতীয় সংগঠনে এই অৱস্থান ধৰ্মঘট পালন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ হৈ আমৰি কাৰ্বি নেচনেল কাউঞ্চিল, আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ লগতে এ কে এ এ, এ কে বি এ, এ কে এছ টি এ, এ কে আৰ এ ৰ প্ৰতিনিধিসহ বহু সংখ্যক সদস্য উপস্থিত থাকি
চৰকাৰ বিৰোধী বিভিন্ন শ্লো-গান দিয়ে। এই কাৰ্যসূচীৰ জড়িয়তে প্ৰতিবাদকাৰী সকলে কাৰ্বি আংলং জিলাৰ বাহিৰত থকা আমৰি কাৰ্বি সকলক জনজাতিৰ মৰ্য্যদা দিয়া, ন’ এছ টি ন’ ৰেষ্ট, কা আইন বাতিল কৰক, ডিমৰীয়াত তিৱা স্বায়ত্ব শাসিত নিৰ্বাচন বৰ্জন কৰক আদি শ্লো গান দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰমেন কাথাৰে কয় ” ভাৰত বৰ্ষ স্বাধীন হোৱাৰ পাছতো পৰাধীন ৰাষ্ট্ৰৰ দৰে মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে আমৰি কাৰ্বি সকলক। আমি নিজৰ প্ৰাপ্যৰ বাবে বিগত সময়চোৱাত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। গণতান্ত্ৰিক প্ৰতিবাদ ৰ মূল্য চৰকাৰে বুজি নাপায়। জনজাতি হৈও আমি মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছোঁ। যাৰ ফলস্বৰূপে ৯০ শতাংশ আমৰি কাৰ্বি অধ্যুক্ষিত অঞ্চলৰ পৰা বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাছিল। ১৯৭৯ চনৰ পৰাই আমি গণতান্ত্ৰিক আন্দোলন কৰি আহিছোঁ। ২০১০ আৰু ২০১৫ চনত তিৱা নিৰ্বাচন বৰ্জন কৰাত আমি সফল হৈছিলোঁ। আমাৰ মাজৰে যি দুই একে জাতিৰ দালালি কৰি তিৱা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যো-জা চলাইছে আমি তেওঁলোকক তীব্র ভাষাৰে নিন্দা কৰাৰ লগতে ধিক্কাৰ দিছোঁ। চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ মূল্য বুজি নাপালে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ম। লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ ভাষা, ৰীতিনীতি, মূল্যবোধ, ঐতিহ্যক শেষ কৰাৰ বাবে যি নাগৰিকত্ব সংশোধনী আইন২০১৯ জাপি দিব বিচাৰিছে তাক আমি তীব্র ভাষাৰে গৰিহণা দিছোঁ। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ দিছোঁ। আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে আৰু অসমৰ ৰাইজ এই ক্ষেত্ৰত সফল হ’ব বুলি আমি আশা বাদী। অন্যথা “কা” আইনৰ বিৰোধিতাৰ বাবে আমি ছয় জাতীয় সংগঠনে জীৱন দিবলৈ সাজু আছোঁ। ” এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে এখন দাবী সমন্বিত স্মাৰক পত্ৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীলৈ প্ৰেৰণ কৰে।

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী

ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী :অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী উত্থাপন কৰিছে সদৌ অসম উন্নয়ন পৰিষদে। সোমবাৰে পৰিষদৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেল যোগে পৰিষদৰ সাধাৰণ সম্পাদক চন্দন বৰদলৈয়ে এই দাবী উত্থাপন কৰি কয় ” দেশৰ বিভিন্ন ৰাজ্যত যিহেতু মাতৃভাষা প্ৰয়োগ আৰু প্ৰসাৰৰ ওপৰত চৰকাৰ দায়বদ্ধ আৰু শ্ৰদ্ধাশীল, ঠিক সেইদৰে অসমতো অসম চৰকাৰে অসমীয়া ভাষা প্ৰয়োগ আৰু প্ৰসাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক।অসমীয়া ভাষা এতিয়া অস্তিত্বৰ সংকটত। অসমতে অসমীয়া ভাষাটো এলাগী হৈ পৰিছে। ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত আৰু অতি দুখৰ বিষয় চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ পুতৌজনক।এচাম বহিৰাগত অনা-অসমীয়া চৰকাৰী উচ্চ পদস্থ বিষয়াই অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ পৰিবৰ্তে হিন্দী ভাষা ব্যৱহাৰ কৰে, যিটো অতি গৰিহণাৰ যোগ্য। আমি যিহেতু অসমীয়া ভাষাৰ আৰু সংস্কৃতিৰ প্ৰতি দায়বদ্ধ সেয়েহে আগন্তুক ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনালোঁ। ইতিমধ্যে আমি ৰাজ্যজুৰি অসমীয়া ভাষা প্ৰসাৰ আৰু প্ৰয়োগৰ ওপৰত এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। সময় থাকোতে ভাষাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আমি চৰকাৰক আহ্বান জনালোঁ।” সংবাদমেল যোগে পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কয় ” চাকৰি আৰু ব্যৱসায় সূত্ৰে বহি: ৰাজ্যৰ পৰা অসমলৈ আহি অসমত অতি কমেও তিনি বছৰ বসবাস কৰা বহিৰাগত ব্যক্তিক অসমীয়া ভাষাৰ প্ৰতি শ্রদ্ধাশীল হৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনালোঁ। লগতে বৰাক উপত্যকা আৰু বি টি এ ডি ত অসমীয়া ভাষা সৰ্বস্তৰত প্ৰয়োগ তথা স্থানীয় ভাষাটোৰ সহযোগী ভাষা হিচাপে কৰিবলৈ আহ্বান জনালোঁ। লগতে চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক কৰা, চাকৰি আৰু ব্যৱস্যায়ীক সূত্ৰে অসমলৈ অহা বহিৰাগত সকলো ব্যক্তিক অসমীয়া ভাষা শিকিবলৈ দাবী জনালোঁ।’ সংবাদ মেলত পৰিষদৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

পাঞ্জাবাৰীত গণৰাজ্য দিবস পালন

 

ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : দেশৰ ৭১ সংখ্যক গনৰাজ্য দিৱস অন্যান্য প্ৰান্তৰ লগতে দেওবাৰে
গুৱাহাটীৰ পাঞ্জাবাৰী পথৰ মঞ্জুশ্ৰী এপাৰ্টমেনটৰ আৱাসী সকলে পালন কৰে।৷গণৰাজ্য দিৱস উপলক্ষে পূৱা পতাকা উত্তোলন কৰে মঞ্জুশ্ৰী এপাৰ্টমেনটৰ মোস্তাক আহমেদে ৷ তদুপৰি এপাৰ্টমেনটৰ মহিলা, কণ কণ শিশু সকলে দেশপ্ৰেমমূলক গীত পৰিবেশন কৰাৰ লগতে শিশু সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে দিনযোৰা কাৰ্যসুচীৰে গণৰাজ্য দিৱস পালন কৰা হয়৷

গল্ড ষ্টেইণ্ডর্ডসহ সুৰক্ষা,ডিজাইন প্ৰযুক্তি আৰু ড্ৰাইভিং অভিজ্ঞতাক এক নতুন মাত্ৰা দিয়াৰ বাবে গুৱাহাটীত মুকলি কৰা হ’ল নতুন হেটচ-এলট্ৰজ

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,,,,২৭ জানুৱাৰী।। প্ৰিমিয়াম হেটচবেক শাখাত অৱতৰণ কৰি টাটা মটৰছে সোমবাৰে মুকলি কৰে দ্য এলট্ৰজা এলট্ৰজ। নতুন আলফা আৰ্কিটেক্টছাৰত নিৰ্মিত এইখন প্ৰথম আৰু ইম্পেক্ট ২.০ ডিজাইন লেংগুৱেজ প্ৰদৰ্শন কৰা এইখন দ্বিতীয় বাহন। এলট্ৰজ পাঁচটা ট্ৰিম স্তৰত টাটা মটৰছৰ অথ’ৰাইজড লিডাৰশ্বিপত আৰম্ভণি দৰ ৫.২৯ লাখত পেট্ৰল আৰু ৬.৯৯ লাখত ডিজেল কাৰ উপলব্ধ হ’ব। আজি গুৱাহাটীস্থিত খানাপাৰাত এক সংবাদমেলযোগে এই গাড়ী খন মুকলি কৰি টাটা মটৰছৰ পেছেঞ্জাৰ ফেহিকল বিজনেছ শাখাৰ মুখ্য বিবেক শ্ৰীবাৎস্যই কয়-“এলট্ৰজ এনে এক সামগ্ৰী যাক লৈ আমি গৌৰৱ অনুভৱ কৰো কাৰণ ই টাটাৰ তথা ভাৰতীয় বাহনৰ শাখাত গ্লোৱেল এনচিএপি ৫-ষ্টাৰ ৰেটিঙ লাভ কৰা দ্বিতীয় কাৰ। ই এক মাইলৰ খুটি উৎপাদন তথা সুৰক্ষা, ডিজাইন, ড্ৰাইভিং ডায়নেমিকছ, প্ৰযুক্তি আৰু গ্ৰাহকৰ সন্তুষ্টিৰ ক্ষেত্ৰত গল্ড মানদণ্ডৰ সঠিক প্ৰতিনিধি”। উল্লেখযোগ্য যে, গ্ৰাহকক আকৰ্ষণ কৰাৰ বাবে এলট্ৰজ আহিব ৬টা বেলেগ বেলেগ ফেক্টৰী ফেটেড কষ্টমাইজেবল বিকল্পতা।

বৰ্ণমালা কাব্যগোষ্ঠীৰ গ্ৰন্থ উন্মোচনী সভা

 

ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : সদৌ অসম কবি সন্মিলনৰ শাখা বৰ্ণমালা কাব্যগোষ্ঠী পাঞ্জাৱৰী, গুৱাহাটীৰ উদ্যোগত শিখা বেজবৰুৱা গোস্বামীৰ দ্বিতীয় খন কাব্যগ্ৰন্থ “মন গ’লেই উটি যাব নোৱাৰি” উন্মোচনী আৰু কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জুৰিপাৰস্থিত বিপণন ক্ষেত্রত ৯ ফেব্ৰুৱাৰীৰ বিয়লি ৩ বজাৰ পৰা এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই কাব্য গ্ৰন্থখন উন্মোচন কৰিব নিবেদন দাস পাটোৱাৰীয়ে। এই অনুষ্ঠানত সকলোৰে উপস্থিতি উদ্যোক্তা সকলে কামনা কৰিছে।

জামুগুৰিহাটৰ টুপীয়াত গণৰাজ্য দিৱসত বিধায়ক পদ্মই সম্বৰ্ধনা জনালে বয়োজেষ্ঠক

#জামুগুৰিহাটৰ টুপীয়াত গণৰাজ্য দিৱসত বিধায়ক পদ্মই সম্বৰ্ধনা জনালে বয়োজেষ্ঠক৷
#হলি চাইল্ড ইংলিচ স্কুলতো উদযাপন গণৰাজ্য দিৱস৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৭ জানুৱাৰী: দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহিদসকলক সোঁৱৰি ভাতৃত্ববোধ আৰু একতাৰ এনাজৰীডাল টনকিয়াল কৰাৰ মানসৰে জামুগুৰিহাটৰ টুপীয়াত বৰ্ণাঢ্য কাৰ্য্যসুচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়৷টুপীয়া সমুহীয়া ভৱন প্ৰাঙ্গনৰ খেলাপথাৰত অনুষ্ঠিত হোৱা এই গণৰাজ্য দিৱস কাৰ্য্যসুচীত পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বিধায়ক হাজৰিকাই দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাণীক সৰোগত কৰি আগবাঢ়ি যাবলৈ আহবান জনায়৷সভাত বিধায়ক হাজৰিকাই অঞ্চলটোৰ বহুকেইগৰাকী প্ৰাক্তন জোৱান,বয়োজেষ্ঠ ব্যক্তি আৰু বিভিন্ন ক্ষেত্ৰত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা লোকসকলকো সম্বৰ্ধনা জনায়৷যুৱ সমাজকৰ্মী সঞ্জয় শৰ্মাই আঁত ধৰা গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠানটিত শিক্ষক সমাজকৰ্মী নিতুমণি বৰাইও ভাষণ প্ৰদান কৰে৷ইফালে জামুগুৰিহাটৰ চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় হলি চাইল্ড ইংলিছ স্কুলতো উলহ মালহেৰে উদযাপন কৰে দেশৰ ৭১ ত্বম গণৰাজ্য দিৱসৰ কাৰ্য্যসুচী৷বিদ্য়ালয়খনৰ ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়ত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থকা গণৰাজ্য দিৱসৰ কাৰ্য্যসুচী অনুসৰি পুৱা ৮:৩০ বজাত বিদ্যালয়খনৰ সঞ্চালক মতি কুমাৰ নেৱাৰে ত্ৰিৰংগা উত্তোলন কৰাৰ পিছতেই বিদ্যালয়খনৰ সচিব সঞ্জয় কুমাৰ নেৱাৰ আৰু অধ্যক্ষ কুমাৰ নেৱাৰে বক্তব্য ৰাখে৷বিদ্যালয়খনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ প্ৰশিক্ষক-শিক্ষক বেণুধৰ দাসৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত অভিবাদন অনুষ্ঠান আছিল দিনটোৰ মূখ্য আকৰ্ষণ৷ইয়াৰ পিছতেই ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত চমু সাংস্কৃতিক কাৰ্য্যসুচীত পঞ্চম শ্ৰেণীৰ ছাত্ৰী অমৃত প্ৰীতম ভৰদ্বাজৰ কবিতা আবৃত্তি,গাৰ্গী আহমেদৰ বক্তব্য আৰু পায়েল প্ৰিয়া শৰ্মাৰ গীতে উপস্থিত সকলোকে মুগ্ধ কৰা পৰালক্ষিত হয়৷ জোন বৰা,জামুগুৰিহাট।

ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ প্ৰাকক্ষণত গ্ৰেনেড বিস্ফোৰণ

ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ প্ৰাকক্ষণত গ্ৰেনেড বিস্ফোৰণ

আলফা স্বাধীনৰ দায়িত্ব স্বীকাৰ

চাবুৱাঃ ২৭ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনাই পুৱাতে চন্দ্ৰমোহন পাটোৱাৰীয়ে চৌকিডিঙ্গী খেলপথাৰত পতাকা উত্তোলন কৰাৰ প্ৰাকক্ষণতেই দুটা গ্ৰেনেড বিস্ফোৰণত কঁপি উঠিল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়। ডিব্ৰুগড় গ্ৰেহেম বজাৰ আৰু মাৰোৱাৰী পট্টিত থকা গুৰুদ্বাৰৰ সন্মুখত বিস্ফোৰণ কাণ্ড সংঘটিত হ’ল। এই ঘটনাত ইতিমধ্যে কোনোলোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে যদিও ইমানবোৰ আৰক্ষী-অৰ্দ্ধ সামৰিক বাহিনীৰ নিৰাপত্তা বেষ্টনীৰ মাজতো এনে ঘটনা সংঘটিত হোৱাত আৰক্ষী প্ৰশাসনৰ ফোঁপোলা স্বৰূপটোহে উদঙাই দেখুৱালে বুলি মন্তব্য কৰিছে একাংশ ৰাইজে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও এই ক্ষেত্ৰত উজনি অসমৰ ডিআইজিপি কে. ভূঞাৰ দায়সৰা মন্তব্যত স্তম্ভিত হৈছে ডিব্ৰুগড়ৰ ৰাইজ। তেওঁ এই ঘটনাত আলফা (স্বা) জড়িত থকাৰ কথা উল্লেখ কৰি কয় যে, “উজনি অসমত বোমা বিস্ফোৰণ নিত্য-নৈমিত্তিক ঘটনা”। বিষয়া গৰাকীয়ে, কটকটীয়া নিৰাপত্তাৰ মাজতো সুৰুঙা থাকি যায় বুলি কৰা মন্তব্যত ডিব্ৰুগড়ৰ ৰাইজৰ চকু কপালত উঠিছে। উক্ত ঘটনাটো সন্দেহহে কৰা হৈছিল আলফা(স্বা)য়ে সংঘটিত কৰিছে বুলি, কিন্তু অৱশেষত দায়িত্ব স্বীকাৰ কৰিলে আলফা(স্বা) য়ে।

কৃষ্ণাই আক্ৰাছুৰ সাধাৰণ সভাঃঅতিশীঘ্ৰে আৰম্ভ কৰিব জনগোষ্ঠীটোৰ জৰীপ কাৰ্য

কৃষ্ণাই আক্ৰাছুৰ সাধাৰণ সভাঃঅতিশীঘ্ৰে আৰম্ভ কৰিব জনগোষ্ঠীটোৰ জৰীপ কাৰ্য

——

অসম চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সৰ্বাংগীণ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন কৰাৰ বাবে সদ্দিচ্ছা প্ৰকাশ কৰা কাৰ্যক স্বাগতম জনাইছে কৃষ্ণাই আঞ্চলিক আক্ৰাছুৱে ৷ কৃষ্ণাই মোলানডুবিত অনুষ্ঠিত এক সাধাৰণ সভাত কৃষ্ণাই আঞ্চলিক আক্ৰাছুৱে চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জনাই অতিশীঘ্ৰে কৃষ্ণাই অঞ্চলত কোচ ৰাজবংশী জনগোষ্ঠীটোৰ এক জৰীপ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কাৰণ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন কৰিবলৈ হ’লে অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰতিটো অঞ্চলত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীটোৰ শিক্ষা,সংস্কৃতি,জনসংখ্যা আদি দিশ সামৰি জৰীপ হোৱাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিব ৷ সেয়েহে আগন্তুক ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰাই কৃষ্ণাই আক্ৰাছুৱে এই জৰীপ কাৰ্য আৰম্ভ কৰিব ৷ ইফালে, বিগত ২০১৬ চনতে গঠন হোৱা কৃষ্ণাই আঞ্চলিক আক্ৰাছুৰ আজিলৈকে এটি স্থায়ী কাৰ্যালয় গঢ়ি নুঠাত ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে
উক্ত সাধাৰণ সভাতে অতিশীঘ্ৰে জনগোষ্ঠীটোৰ ৰাইজৰ মাজত এক লটাৰী খেল আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰি উক্ত লটাৰীৰ জৰিয়তে সংগৃহীত পূঁজিৰে কাৰ্যালয় গৃহ এটি নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ কৃষ্ণাই আক্ৰাছুৰ স্থায়ী সভাপতি ৰূপক ৰয়ে সভাপতিত্ব কৰা সাধাৰণ সভাখনত গোৱালপাৰা জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি অৰুণ ৰায়,কৃষ্ণাই আক্ৰাছুৰ  উপদেষ্টা উদ্ধৱ ৰায়,
উপ সভাপতি মনোৰঞ্জন ৰায় চৌধুৰী,নমল চন্দ্ৰ ৰায়,সাধাৰণ সম্পাদক প্ৰফুল্ল ৰায়,সহ সম্পাদক বিক্ৰম সিংহ, বিশিষ্ট সমাজ সেৱক চিতেন ৰায় তথা বীৰেণ কোচৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

××× ×××× ××××

উগ্ৰপন্থীৰ ওচৰত শিৰনত কৰি চৰকাৰে আমাৰ নি:শেষ কৰিব খুজিছে : বিশ্বজিত ৰায়

উগ্ৰপন্থীৰ ওচৰত শিৰনত কৰি চৰকাৰে আমাৰ নি:শেষ কৰিব খুজিছে : বিশ্বজিত ৰায়
বিজনী ২৭ জানুৱাৰীঃ
বড়োসকলোৰ প্ৰতি যদি অসম আৰু কেন্দ্ৰীয় চৰকাৰ ইমানে দৰদী সমগ্ৰ অসমকে বড়োলেণ্ড ঘোষণা নকৰে কিয় ? ভবিষ্যতে এখন পূৰ্ণাংগ বড়ো ৰাজ্যৰ আধাৰশিলা Boroland Territory Region আমি সমৰ্থন নকৰো ৷ এই আক্ষেপ কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ৰ। তেঁও প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত লগতে কয় যে,
চৰকাৰে এটা জাতি আৰু উগ্ৰপন্থীৰ ওচৰত শিৰনত কৰি আমাক নিঃশেষ কৰিব বিচাৰিছে ৷
বড়ো সকলোৰ লগত আমাৰ শত্ৰুতা নাই ৷ আমি তেওলোকৰ সমস্যা সমাধান বিচাৰো ৷ কিন্তু সমাধানৰ নামত আমাৰ ওপৰত জাপি দিয়া একপক্ষীয় চুক্তি আমাৰ বাবে অতি দুৰ্ভাগ্যজনক ৷

লগতে তেও কয় যে BAC, BTC চুক্তিত কোচ ৰাজবংশীৰ সমৰ্থন আছে বুলি কৈছিল ৷ এইবাৰ কোচ ৰাজবংশীৰ এজন ব্যক্তিক স্বয়ম্ভু ৰজা সজাই আন এক চুক্তি কৰিবলৈ গৈ আছে ৷
কোচ ৰাজবংশী আৰু বিটিচি বাসীৰ বাবে আজিৰ দিনটো আন এক কলা অধ্যায় ৷
কোচ ৰাজবংশী সকলোক বড়ো মূলীয় বুলি কয় ৷ আনফালে আমাৰ জনজাতিকৰণত তেওলোকে হেঙাৰ ৷ NDFBৰে সাম্ভাৱ্য চুক্তিয়ে অসম মুলকত কমতাপুৰৰ প্ৰাসংগিকতা চিৰদিনৰ বাবে কফিনৰ শেষ গজাল মাৰিলে ৷
বেংগলত বেংগলী, অসমত অসমীয়া আৰু বিটিচিত এতিয়াৰে পৰা কোচ ৰাজবংশীয়ে বড়ো বুলি চিনাকী দিব লাগিব ৷
কমতাপুৰ ৰাজ্যৰ ভূমিত অৱধাৰিতভাবেই বড়োলেণ্ড হব ৷
হাগ্ৰামা চতুৰ আৰু তেওঁ এতিয়া এবছুক বড়োলেণ্ড দাবীৰ পৰা আতৰি নাহিবলৈ কৈছে ৷

শ্ৰী শংকৰদেৱ নেত্ৰালয় প্ৰাংগণত ৭১ সংখ্যক গণৰাজ্য দিৱস পালন

 

ষ্টাফৰিপোৰ্টাৰ, ২৬ জানুৱাৰী : দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীস্থিত উত্তৰ-পূৱ ভাৰতৰ অগ্ৰণী চকু চিকিৎসা প্ৰতিষ্ঠান শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ প্ৰাংগণতো অতি উৎসাহেৰে ৭১সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। পুৱা ৭.১৫ মিনিটৰপৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট লেখক, সাহিত্য সমালোচক তথা অনুবাদক তিলোত্তমা মিশ্ৰ। সভাৰ আৰম্ভণীতে হাস্পাতালৰ অধ্যক্ষ তথা ট্ৰাষ্টী ডা: হৰ্ষ ভট্টাচাৰ্যীয়ে তিলোত্তমা মিশ্ৰক স্বাগতম জনায় আৰু আদৰণী ভাষণ প্ৰদান কৰে। তাৰ পাছতেই সভাৰ মুখ্য অতিথিয়ে তেওঁৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে আৰু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদসকলক স্মৰণ কৰে আৰু ভাষণ ৰ জৰিয়তেই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। তেওঁ এই দিনটোৰ মাহাত্মৰ কথা উল্লেখ কৰি কয় ” পূৰ্ণ স্বৰাজৰ দিনটোকে প্ৰতীক হিচাপে লৈ এই বিশেষ দিনটোত দেশে গণৰাজ্য দিৱস পালন কৰে। লগতে তেওঁ পূৰ্ণ স্বৰাজৰ বুৰঞ্জীৰ বিষয়েও উল্লেখ কৰে। উল্লেখ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ এই বিশেষ দিনটোতে ভাৰতবৰ্ষৰ সংবিধানখন গৃহীত হৈছিল আৰু এই প্ৰক্ৰিয়াই ১৯৩৫ চনৰপৰা বলৱৎ হৈ থকা “ভাৰত চৰকাৰৰ আইন”খন নস্য়াৎ কৰিছিল। অনুষ্ঠানত শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসক, কৰ্মকৰ্তাসকলৰ সৈতে আন নিমন্ত্ৰিত অতিথি আৰু কণমাণি শিশুসকলো উপস্থিত থাকে আৰু একেটা অনুষ্ঠানতে আমাৰ দেশৰ কাইলৈৰ প্ৰতিনিধিস্বৰূপ কণ কণ শিশুসকলৰ মাজত মিঠাই আৰু উপহাৰো বিতৰণ কৰা হয়।

চাংসাৰিৰ হালিগুৰী চুকত চাঞ্চল্য

চাংসাৰিৰ হালিগুৰী চুকত চাঞ্চল্য। ডিঙিত ৰছি লগাই ওলমি থকা অৱস্থাত উদ্ধাৰ জিতেন দাসৰ মৃতদেহ। কোনোবাই মাৰি ওলোমাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ।

পঙ্কজ নাথ, চাংসাৰি, ২৬ জানুৱাৰী :

সমগ্ৰ দেশতে গণতন্ত্ৰ দিৱস উদযাপন কৰি থকাৰ দিনাই কামৰূপ জিলাৰ অন্তৰ্গত বৃহত্তৰ চাংসাৰিৰ হালিগুৰী চুকত আজি ৰবিবাৰে এগৰাকী ব্যক্তিৰ ওলমি থকা মৃতদেহক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰে। ঘটনা অনুসৰি মাঘ বিহুৰ পিছৰে পৰা সাতদিনমান ধৰি নিৰুদ্দেশ হৈ থকা হালিগুৰী চুক নিবাসী প্ৰায় ৬০ বছৰীয়া জিতেন দাস নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ আজি ৰাতিপুৱাই গাওঁৰ একাংশই গছত উলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি এই বিষয়ে চাংসাৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে পিছত ঘটনাস্থলীত উপস্থিত হৈ সেই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় । পেছাত ৰাজমিস্ত্ৰী হিচাপে জীৱন নিৰ্বাহ কৰা তিনি কন্যা সন্তানৰ পিতৃ জিতেন দাসৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে হুৱাদুৱা লাগি পৰিছে। মৃতদেহ প্ৰত্যক্ষ কৰি একাংশ ৰাইজে কোনো লোকে জিতেন দাসক হত্যা কৰি গছত ওলোমাই থৈ যোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে। মৃত দাসৰ মুখমণ্ডলত কিছু আঘাতৰ চিন থকাৰ পৰিপ্ৰেক্ষিতত এই সন্দেহ কৰিছে একাংশই। একাংশ ৰাইজৰ কথা মতে মৃত দাসৰ কাৰো লগত তেনে কোনো শত্ৰুতা নাছিল যদিও কোনো কাৰণত কোনোবাই মাৰি তেনেদৰে থৈ যাব পাৰে বুলি সন্দেহ কৰিছে। আন একাংশৰ মতে হালুগুৰী চুকৰ পাহাৰ এলেকাত বিভিন্ন ঠাইৰ পৰা আহি বসবাস কৰি থকা সন্দেহ যুক্ত ব্যক্তিসকলৰ মাজৰে কোনোবাই তেনে কাৰ্য্য কৰিব পাৰে বুলি সন্দেহ কৰিছে কিয়নো সেইসকলৰ মাজৰ একাংশৰ বেয়া নজৰৰ বাবে এতিয়া অঞ্চলটোত সন্ধিয়াৰ হোৱাৰ পিছৰে পৰা মহিলা সকলে অকলে চলাচল কৰিবলৈও শংকা প্ৰকাশ কৰে বুলিও জানিব পৰা গৈছে। যিহেতু মৃত দাস মদ্যপায়ী আছিল, মদ্যপানৰ পিছত তেনে কোনো ব্যক্তিৰ সতে কিবা সংঘাত হোৱাৰ বাবেও তেওঁক মাৰি তেনেদৰে ওলোমাই থৈ যাব পাৰে বুলিও একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। সেয়েহে ৰাইজে এই সকলোবোৰ দিশ চালি জাৰি চাই তদন্তৰ জৰিয়তে এই ঘটনাৰ প্ৰকৃত সত্য উদঘাটন কৰিবলৈ চাংসাৰি আৰক্ষীৰ লগতে প্ৰশাসনক আহ্বান জনাইছে। ইয়াৰ উপৰিও বৃহত্তৰ চাংসাৰিৰ বিশেষকৈ পাহাৰ এলেকাত বৰ্তমান সময়ত বসবাস কৰি থকা সন্দেহযুক্ত নাগৰিক একাংশৰ ওপৰত অনুসন্ধান চলাই সেইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলবাসী ৰাইজৰ শংকা নিবাৰণৰ বাবে আৰক্ষী ও জিলা প্ৰশাসনৰ লগতে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ।

Recent Posts

শিমলুগুৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

শিমলুগুৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ ফাষ্টনিউজ ৰিপৰ্ট,নাজিৰা ২৮ জানুৱাৰী: নাজিৰাৰ সমিপৰ শিমলুগুৰি ৰেলৱে জংচনত আজি অচিনাক্ত এটা পুৰুষৰ মৃতদেহ উদ্ধাৰ হয় | জংচনৰ অৰ্ভাৰবিজৰ তলত উদ্ধাৰ হোৱা মৃতদেহটো ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে | আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃতদেহৰ দেহত কলা ৰঙৰ চাৰ্ট, পেন্ট …

Read More »

পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ”

  ষ্টাফৰিপোৰ্টাৰ ২৭ জানুৱাৰী : পঞ্চম বাৰ্ষিক উত্তৰ-পূৰ্বাঞ্চল আন্তৰ্জাতিক “ফেশ্বন সপ্তাহ” কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পাঞ্জাৱাৰীস্থিত শিল্পগ্ৰামত অনুষ্ঠিত কৰা হ’ব । ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষে আয়োজন কৰা এই “ফেশ্বন সপ্তাহ” সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ’ব। এইবাৰ “শ্বেলতাৰ ফৰ এনিমেলছ” ( shelter for animals) বিষয় লৈ আয়োজন কৰা হৈছে। এই …

Read More »

গণৰাজ্য দিৱসৰ দিনা “সংবিধান সুৰক্ষা দিৱস” পালন

  চৰকাৰ খনে ধর্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰি সংবিধানৰ অন্যতম মূল কাথামৌ ধৰ্মনিৰপেক্ষতা নৎস্যা কৰিছে—ড০ হীৰেন গোহাঁই ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : “কেন্দ্ৰত শাসনাধি ষ্ঠিত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰখনে ভাৰতৰ সংবিধানৰ প্ৰতি গভীৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে–এই ভাষ্য বিশিষ্ট বুদ্ধিজীৱী, নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সভাপতি ড০ …

Read More »

বৰবাৰীত মে-ডাম- মে-ফীৰ আয়োজন

  ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো চলিছে মে-ডাম মে-ফীৰ ব্যাপক প্ৰস্তুতি।এইবাৰ বৃহত্তৰ হেঙেৰাবাৰী মে-ডাম-মে-ফী উদযাপন সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হব মে-ডাম-মে-ফী। ৩০আৰু ৩১জানুৱাৰীত, হেঙেৰাবাৰী,জাপৰিগোগ,চচল,দ্বাৰকানগৰ,গনেশগুৰিকে ধৰি বিভিন্ন অঞ্চলৰ ৰাইজ একলগ হৈ দুদিনীয়া কাৰ্যসূচীৰে বৰবাৰীৰ ৰাজধানী টাই আহোম কলা সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুস্থিত …

Read More »

আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ অৱস্থান ধৰ্মঘট

  আমৰি কাৰ্বিক ষষ্ঠ অনুসূচিৰ আধাৰত পাৰ্বত্য জনজাতি মৰ্যাদা প্ৰদান কৰা, নাগৰিকত্ব সংশোধনী আইন২০১৯ বাতিল কৰা, ডিমৰিয়াত তিৱা স্বায়ত্ব শাসিত নিৰ্বাচন বৰ্জন কৰাৰ দাবী ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ উদ্যোগত সোমবাৰে ৰাজৱনৰ ওচৰত অৱস্থান ধৰ্মঘট পালন কৰা হয়। আমৰি কাৰ্বিক ষষ্ঠ অনুসূচিৰ আধাৰত পাৰ্বত্য জনজাতি মৰ্যাদা …

Read More »

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী :অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী উত্থাপন কৰিছে সদৌ অসম উন্নয়ন পৰিষদে। সোমবাৰে পৰিষদৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেল যোগে পৰিষদৰ …

Read More »

পাঞ্জাবাৰীত গণৰাজ্য দিবস পালন

  ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : দেশৰ ৭১ সংখ্যক গনৰাজ্য দিৱস অন্যান্য প্ৰান্তৰ লগতে দেওবাৰে গুৱাহাটীৰ পাঞ্জাবাৰী পথৰ মঞ্জুশ্ৰী এপাৰ্টমেনটৰ আৱাসী সকলে পালন কৰে।৷গণৰাজ্য দিৱস উপলক্ষে পূৱা পতাকা উত্তোলন কৰে মঞ্জুশ্ৰী এপাৰ্টমেনটৰ মোস্তাক আহমেদে ৷ তদুপৰি এপাৰ্টমেনটৰ মহিলা, কণ কণ শিশু সকলে দেশপ্ৰেমমূলক গীত পৰিবেশন কৰাৰ লগতে শিশু সকলৰ মাজত চিত্ৰাংকন …

Read More »

গল্ড ষ্টেইণ্ডর্ডসহ সুৰক্ষা,ডিজাইন প্ৰযুক্তি আৰু ড্ৰাইভিং অভিজ্ঞতাক এক নতুন মাত্ৰা দিয়াৰ বাবে গুৱাহাটীত মুকলি কৰা হ’ল নতুন হেটচ-এলট্ৰজ

  ষ্টাফ ৰিপ’ৰ্টাৰ,,,,,২৭ জানুৱাৰী।। প্ৰিমিয়াম হেটচবেক শাখাত অৱতৰণ কৰি টাটা মটৰছে সোমবাৰে মুকলি কৰে দ্য এলট্ৰজা এলট্ৰজ। নতুন আলফা আৰ্কিটেক্টছাৰত নিৰ্মিত এইখন প্ৰথম আৰু ইম্পেক্ট ২.০ ডিজাইন লেংগুৱেজ প্ৰদৰ্শন কৰা এইখন দ্বিতীয় বাহন। এলট্ৰজ পাঁচটা ট্ৰিম স্তৰত টাটা মটৰছৰ অথ’ৰাইজড লিডাৰশ্বিপত আৰম্ভণি দৰ ৫.২৯ লাখত পেট্ৰল আৰু ৬.৯৯ লাখত ডিজেল …

Read More »

বৰ্ণমালা কাব্যগোষ্ঠীৰ গ্ৰন্থ উন্মোচনী সভা

  ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : সদৌ অসম কবি সন্মিলনৰ শাখা বৰ্ণমালা কাব্যগোষ্ঠী পাঞ্জাৱৰী, গুৱাহাটীৰ উদ্যোগত শিখা বেজবৰুৱা গোস্বামীৰ দ্বিতীয় খন কাব্যগ্ৰন্থ “মন গ’লেই উটি যাব নোৱাৰি” উন্মোচনী আৰু কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জুৰিপাৰস্থিত বিপণন ক্ষেত্রত ৯ ফেব্ৰুৱাৰীৰ বিয়লি ৩ বজাৰ পৰা এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই কাব্য …

Read More »

জামুগুৰিহাটৰ টুপীয়াত গণৰাজ্য দিৱসত বিধায়ক পদ্মই সম্বৰ্ধনা জনালে বয়োজেষ্ঠক

#জামুগুৰিহাটৰ টুপীয়াত গণৰাজ্য দিৱসত বিধায়ক পদ্মই সম্বৰ্ধনা জনালে বয়োজেষ্ঠক৷ #হলি চাইল্ড ইংলিচ স্কুলতো উদযাপন গণৰাজ্য দিৱস৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৭ জানুৱাৰী: দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহিদসকলক সোঁৱৰি ভাতৃত্ববোধ আৰু একতাৰ এনাজৰীডাল টনকিয়াল কৰাৰ মানসৰে জামুগুৰিহাটৰ টুপীয়াত বৰ্ণাঢ্য কাৰ্য্যসুচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয়৷টুপীয়া সমুহীয়া ভৱন প্ৰাঙ্গনৰ খেলাপথাৰত অনুষ্ঠিত হোৱা এই …

Read More »

ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ প্ৰাকক্ষণত গ্ৰেনেড বিস্ফোৰণ

ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ প্ৰাকক্ষণত গ্ৰেনেড বিস্ফোৰণ আলফা স্বাধীনৰ দায়িত্ব স্বীকাৰ চাবুৱাঃ ২৭ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনাই পুৱাতে চন্দ্ৰমোহন পাটোৱাৰীয়ে চৌকিডিঙ্গী খেলপথাৰত পতাকা উত্তোলন কৰাৰ প্ৰাকক্ষণতেই দুটা গ্ৰেনেড বিস্ফোৰণত কঁপি উঠিল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়। ডিব্ৰুগড় গ্ৰেহেম বজাৰ আৰু মাৰোৱাৰী পট্টিত থকা গুৰুদ্বাৰৰ সন্মুখত বিস্ফোৰণ কাণ্ড সংঘটিত হ’ল। এই …

Read More »

কৃষ্ণাই আক্ৰাছুৰ সাধাৰণ সভাঃঅতিশীঘ্ৰে আৰম্ভ কৰিব জনগোষ্ঠীটোৰ জৰীপ কাৰ্য

কৃষ্ণাই আক্ৰাছুৰ সাধাৰণ সভাঃঅতিশীঘ্ৰে আৰম্ভ কৰিব জনগোষ্ঠীটোৰ জৰীপ কাৰ্য —— অসম চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সৰ্বাংগীণ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন কৰাৰ বাবে সদ্দিচ্ছা প্ৰকাশ কৰা কাৰ্যক স্বাগতম জনাইছে কৃষ্ণাই আঞ্চলিক আক্ৰাছুৱে ৷ কৃষ্ণাই মোলানডুবিত অনুষ্ঠিত এক সাধাৰণ সভাত কৃষ্ণাই আঞ্চলিক আক্ৰাছুৱে চৰকাৰৰ …

Read More »

উগ্ৰপন্থীৰ ওচৰত শিৰনত কৰি চৰকাৰে আমাৰ নি:শেষ কৰিব খুজিছে : বিশ্বজিত ৰায়

উগ্ৰপন্থীৰ ওচৰত শিৰনত কৰি চৰকাৰে আমাৰ নি:শেষ কৰিব খুজিছে : বিশ্বজিত ৰায় বিজনী ২৭ জানুৱাৰীঃ বড়োসকলোৰ প্ৰতি যদি অসম আৰু কেন্দ্ৰীয় চৰকাৰ ইমানে দৰদী সমগ্ৰ অসমকে বড়োলেণ্ড ঘোষণা নকৰে কিয় ? ভবিষ্যতে এখন পূৰ্ণাংগ বড়ো ৰাজ্যৰ আধাৰশিলা Boroland Territory Region আমি সমৰ্থন নকৰো ৷ এই আক্ষেপ কোচ ৰাজবংশী জাতীয় মহাসভাৰ …

Read More »

শ্ৰী শংকৰদেৱ নেত্ৰালয় প্ৰাংগণত ৭১ সংখ্যক গণৰাজ্য দিৱস পালন

  ষ্টাফৰিপোৰ্টাৰ, ২৬ জানুৱাৰী : দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীস্থিত উত্তৰ-পূৱ ভাৰতৰ অগ্ৰণী চকু চিকিৎসা প্ৰতিষ্ঠান শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ প্ৰাংগণতো অতি উৎসাহেৰে ৭১সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। পুৱা ৭.১৫ মিনিটৰপৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট লেখক, সাহিত্য সমালোচক তথা অনুবাদক তিলোত্তমা মিশ্ৰ। সভাৰ …

Read More »

চাংসাৰিৰ হালিগুৰী চুকত চাঞ্চল্য

চাংসাৰিৰ হালিগুৰী চুকত চাঞ্চল্য। ডিঙিত ৰছি লগাই ওলমি থকা অৱস্থাত উদ্ধাৰ জিতেন দাসৰ মৃতদেহ। কোনোবাই মাৰি ওলোমাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ। পঙ্কজ নাথ, চাংসাৰি, ২৬ জানুৱাৰী : সমগ্ৰ দেশতে গণতন্ত্ৰ দিৱস উদযাপন কৰি থকাৰ দিনাই কামৰূপ জিলাৰ অন্তৰ্গত বৃহত্তৰ চাংসাৰিৰ হালিগুৰী চুকত আজি ৰবিবাৰে এগৰাকী ব্যক্তিৰ ওলমি থকা মৃতদেহক লৈ …

Read More »