Wednesday , December 11 2019
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি মুকলি

  ষ্টাফৰিপৰ্টাৰ, ৫ জানুৱাৰী, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনি মুকলি কৰা হৈছে। মঙলবাৰে মহানগৰীৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত এই আঁচনি মুকলি কৰে বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেই। প্ৰথম পৰ্যায়ত এই আঁচনিৰ জৰিয়তে ৪ লাখ লোক উপকৃত হ’ব। কোনোধৰণৰ চৰকাৰী পেন্সন নোপোৱা ৰাজ্যৰ ৬০ বছৰৰ ওপৰৰ সকলো লোকে এই …

Read More »

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত শিৱসাগৰত অনশনত বহিল চাৰি ছাত্ৰ

  ষ্টাফৰিপৰ্টাৰ, ৫ ফেব্ৰুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত শিৱসাগৰত অনশনত বহিল চাৰি ছাত্ৰ। শীঘ্ৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰো দাবী প্ৰতিবাদকাৰী ছাত্ৰৰ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ অভিজিৎ গগৈ, ৰাহুল গগৈ, প্ৰিয়াংকু গগৈ আৰু অবিনাশ কলিতাৰ বিধেয়কখনৰ বিৰুদ্ধে দিনজোৰা অনশনৰ কাৰ্যসূচী। চৰকাৰে গণতান্ত্ৰিক আন্দোলনক অৱমাননা কৰিলে ছাত্ৰ সমাজে কলম এৰি অস্ত্ৰ …

Read More »

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ৫ ফেব্ৰুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সংবাদমেল অনুষ্ঠিত হয়। সোমবাৰে দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল কে চি ত্যাগী, চি পি আই (এম) ৰ নেতাসহ মঞ্চৰ ৬ নেতাই। সাক্ষাৎ কৰা নেতাসকলে বিধেয়কখনৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি সংবাদমেলত মন্তব্য কৰে মনজিৎ মহন্তই। জাতি–মাটি–ভেটি দৃঢ় কৰিবৰ বাবে যদি বিজেপিৰ …

Read More »

Recent Posts

অসম বন্ধ সফল কৰা সংগ্ৰামী ৰাইজলৈ বাঁ‌ও-গণতান্ত্ৰিক সংগঠনৰ অভিনন্দন

 

ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : সংবিধান বিৰোধী, অসম বিৰোধী আৰু সাম্প্ৰদায়িক নাগৰিকত্ন (সংশোধনী) বিল বাতিলৰ দাবীত আহ্বান জনোৱা মঙলবাৰৰ অসম বন্ধৰ প্ৰতি ব্যাপক সঁ‌হাৰি আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে বাঁ‌ও-গণতান্ত্ৰিক সংগঠন সমূহৰ পক্ষৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জনাইছে। এক বিবৃতি যোগে বাঁ‌ও-গণতান্ত্ৰিক সংগঠনহৈ ৰিতুৰঞ্জন দাস কয়”ৰাইজৰ প্ৰবল প্ৰতিবাদ সত্ত্বেও বিজেপি চৰকাৰে ইতিমধ্যে লোক সভাত বিলখন পাছ কৰিছে আৰু ৰাজ্যসভাত পাছ কৰাৰ বাবে উঠি পৰি লাগিছে। আমি বাঁ‌ও-গণতান্ত্ৰিক সংগঠনসমূহে নাগৰিকত্ব (সংশোধনী) বিল বাতিল নোহোৱা পৰ্যন্ত ঐক্যবদ্ধ সংগ্ৰাম চলাই যাবলৈ আহ্বান জনাইছে। ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম নিঃশেষ কৰিবলৈ বিজেপি চৰকাৰ আৰু আৰ এছ এছে বিভিন্ন কূট-কৌশল আৰম্ভ কৰিছে। সাম্প্ৰদায়িক শক্তিয়ে যাতে ৰাজ্যখন শান্তি, সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ হৈ থাকিবলৈও বাঁ‌ও-গণতান্ত্ৰিক সংগঠনসমূহে আহ্বান জনাইছে। এই আন্দোলন কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়; এয়া বিজেপি চৰকাৰৰ বিভাজনবাদী, অসম বিৰোধী আৰু সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধেহে, এইদিশৰ প্ৰতি নজৰ দিবলৈ সকলো অংশৰ ৰাইজলৈ আহ্বান জনাইছোঁ।

আজি ৰাজ্যসভাত উত্থাপন হ’ব কেব

ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : বুধবাৰে ৰাজ্যসভাত উত্থাপন হ’ব কেব। বুধবাৰে সমগ্ৰ অসম অচল কৰি তুলিবলৈ অখিল গগৈৰ আহ্বান।
ডিব্ৰুগড়ত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা। ৰাজ্যসভাত কেব উত্থাপনৰ সময়ত প্ৰতিবাদ গঢ়ি তোলাৰ আহ্বান। প্ৰশাসনিক ব্যৱস্থা অচল কৰি তুলিবলৈ আহ্বান জনালে অখিল গগৈয়ে।- ডিব্ৰুগড়ৰ কেইবাঠাইতো ৰাইজৰ প্ৰতিবাদত অংশ ল’লে অখিল গগৈয়ে।

অগপৰ শ্বহীদ দিৱস পালন

 

ষ্টাফৰিপৰ্টাৰ ১০ ডিচেম্বৰ : ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত তথা জাতীয় শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত প্ৰতি বছৰৰ দৰে এই বেলিও অসম গণ পৰিষদ দলে আজি  শ্বহীদ দিৱস পালন কৰে৷ শ্বহীদ দিৱস উপলক্ষে অগপৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত শ্বহীদ তৰ্পণৰে দিনযোৰা ভাবে শ্বহীদ দিৱস পালন কৰা হয়৷ দলৰ কেন্দ্ৰীয় সমিতিৰ লগতে যুৱ পৰিষদ, মহিলা পৰিষদ, ছাত্ৰ পৰিষদ আৰু অগপ মহানগৰ সমিতিৰ বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে৷ সন্ধিয়া বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷

কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীৰ

 

ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : আজি কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীয়ে। বন্ধ সমৰ্থকৰ প্ৰতিবাদত উত্তাল সাংসদগৰাকীৰ বাসগৃহৰ চৌদিশ। প্ৰতিবাদকাৰী আহি প্ৰৱেশ কৰে কুইন ওজাৰ ঘৰত। সাংসদগৰাকীৰ পুত্তলিকা দাহ কৰি ওলাই যায় প্ৰতিবাদকাৰী।

বঙাইগাঁৱত আছু কৰ্মীক বন্ধ বিৰোধীৰ আক্ৰমণকলৈ উত্তপ্ত হ’ল পৰিস্থিতি

বঙাইগাঁৱত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

আছু কৰ্মীক বন্ধ বিৰোধীৰ আক্ৰমণকলৈ উত্তপ্ত হ’ল পৰিস্থিতি

দোষীক কৰায়ত্তৰ বাবে কাইলৈ পুৱা ৫ বজালৈ সময় দিলে প্ৰশাসনক

অন্যথা ৬ বজাৰ পৰা ১২ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ আহ্বান আছুৰ

বঙাইগাঁওঃ১০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি নেছ’ আৰু সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা এঘাৰ ঘন্টীয়া অসম তথা উত্তৰ পূৰ্বাঞ্চল বন্ধৰ লগতে আক্ৰাছুই পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত সোমবাৰৰ পৰা আহ্বান জনোৱা ৩৬ ঘন্টীয়া অসম তথা কমতাপুৰ বন্ধৰ কাৰ্যসূচী চলি থকাৰ সময়তে আজি বঙাইগাঁও চহৰত একাংশ কেব সমৰ্থনকাৰী তথা বন্ধ বিৰোধীয়ে আছু কৰ্মীক আক্ৰমণ কৰি আহত কৰাৰ লগতে এখন মটৰ চাইকেলৰ ক্ষতি সাধন কৰা ঘটনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে উত্তপ্ত হৈ পৰে পৰিৱেশ ৷ আছু কৰ্মীক আক্ৰমণ কৰাৰ খবৰ বিয়পি পৰাৰ পিছতে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আছুৰ কৰ্মীৰ লগতে বিভিন্ন সংগঠনৰ কৰ্মীসকল বঙাইগাঁও চহৰত আহি উপস্থিত হয় আৰু আক্ৰমণকাৰীক প্ৰত্যাক্ৰমণৰ উদ্দেশ্যে তথা কৰায়ত্ত কৰাৰ দাবীত হাতত বাঁহৰ টুকুৰালৈ মটৰ চাইকেলত উঠি ৰাজ পথলৈ ওলাই আহি বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশ্যে আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশৰ বুজনিত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পৰা সাম কাটে ৷ উল্লেখ্য যে বিভিন্ন সংগঠনে আহ্বান জনোৱা বন্ধৰ ফলত আজি নামনি অসমৰ বঙাইগাঁও জিলাৰ জনজীৱন সম্পূৰ্ণ স্তব্ধ হৈ পৰে ৷ বন্ধৰ প্ৰভাৱ জিলা সদৰ বঙাইগাঁও চহৰকে ধৰি সমগ্ৰ জিলাখনতে সৰ্বাত্মক ৰূপত পৰে ৷ কিন্তু ইয়াৰ মাজতে পুৱা ১১ মান বজাত বঙাইগাঁও চহৰৰ পালপাৰা , শালবাগান শান্তি নগৰ আদি অঞ্চলত কিছু দোকান তথা ব্যৱসায়ীক প্ৰতিষ্ঠান খোলা থকাৰ বিষয়ে আছুৰ একাংশ কৰ্মীয়ে জানিব পাৰি এটা বাৰজনীয়া দলে মটৰচাইকেললৈ বন্ধৰ কাৰ্যসূচী সফল কৰাৰ কাৰণে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ যায় ৷ কিন্তু শালবাগান শান্তি নগৰত দোকান বন্ধ কৰিবলৈ যোৱা আছুকৰ্মীৰ দলটো একাংশ বন্ধ বিৰোধীৰ বাঁহ ,শিল তথা বাটাম আদিৰ আক্ৰমণৰ বলি হয় ৷ আছু কৰ্মীৰ দলটো কোনোমতে সেই স্থান পৰিত্যাগ কৰি আহিবলৈ সক্ষম হয় ৷ আক্ৰমণকাৰীসকলৰ আক্ৰমণত পাঁচজনমান আছু কৰ্মী আহত হয় ৷ একেদৰে আছু কৰ্মী দয়াল বৰ্মণৰ এ এছ ১৯ এম ২৫২৩ নম্বৰৰ মটৰ চাইকেলখনো আক্ৰমণকাৰীসকলে ক্ষতি সাধন কৰে ৷ আক্ৰমণত আহত হয় মৃগাংকৰ ৰায় ,ৰূপম চৌধুৰী , দয়াল বৰ্মণ, দিব্যজ্যোতি আৰু সুখদেৱ বৰ্মণ ৷ ঘটনা সন্দৰ্ভত আহতসকলে জানিবলৈ দিয়া মতে এটা বাৰজনীয়ামান আছু কৰ্মীৰ দলে শালবাগনৰ শান্তি নগৰলৈ গৈ খোলা থকা দোকানৰ গৰাকীক দোকান বন্ধ কৰিবলৈ আহ্বান জনাই ওভোটাৰ সময়তে হাতত বাঁহৰ লাঠি, বাটাম আদি লৈ গোট খাই থকা এটা বৃহৎ যুৱকৰ দলে বাট আগুচি ধৰি আছু কৰ্মীসকলক আক্ৰমণ কৰে ৷ আক্ৰমণকাৰীসকলে আছু সন্দৰ্ভত নানা অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে দয়াল বৰ্মণক প্ৰথমে হাতেৰে কিল ,ভুকু ,ঘোঁচা মাৰি নাকে – মুখে জখম কৰাৰ লগতে একেখন মটৰ চাইকেলত থকা ৰূপম চৌধুৰীক লাঠি ,শিল আদিৰে আক্ৰমণ কৰি আহত কৰে ৷ সেইদৰে আছু কৰ্মীদ্বয়ক বচাবলৈ যোৱা মৃগাংকৰ ৰায়কো বাঁহেৰে আক্ৰমণ কৰি আহত কৰে ৷ আনহাতে সুখদেৱ বৰ্মণ আৰু দিব্যজ্যোতিও আহত হয় ৷ আক্ৰমণকাৰীসকলে দয়াল বৰ্মণৰ মটৰ চাইকেলখনো আক্ৰমণ কৰি ক্ষতি সাধন কৰে ৷ পিছত আছুকৰ্মীসকলে নিজকে বচাবলৈ উক্ত স্থানৰ পৰা পলায়ণ কৰে ৷ আনকি দয়াল বৰ্মণে নিজৰ মটৰচাইকেলখনো এৰি আহে ৷ আক্ৰমণকাৰীসকল বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মী আছিল বুলিও আহতসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ পিছত ঘটনাৰ বিষয়ে আৰক্ষীয়ে জানিব পাৰি মটৰ চাইকেলখন থানালৈ লৈ আহে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আহত আছু কৰ্মীয়ে বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰত সম্ৰাট ভাৱেল আৰু চুইট চেন্টাৰ নামৰ দোকানৰ গৰাকীৰ নিৰ্দেশত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱা বুলি উল্লেখ কৰিছে ৷ লগতে আক্ৰমণকাৰীসকলে আছু কৰ্মীসকলক প্ৰাণ নাশৰ নানা ভাবুকি দিয়াত ঘটনাস্থলীৰ পৰা পলায়ণ কৰা বুলিও উল্লেখ কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে আহতসকলক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ ইপিনে আছু কৰ্মীক আক্ৰমণ কৰা খবৰ চাৰিও ফালে বিয়পি পৰাত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আছুকে ধৰি বিভিন্ন সংগঠনৰ তিনি শতাধিকমান কৰ্মী বঙাইগাঁৱত আহি উপস্থিত হয় আৰু নিউ বঙাইগাঁও ৰে’লৱে কাৰখানাৰ ওচৰত সমবেত হয় ৷ তাতে আক্ৰমণৰ ঘটনাক সকলোৱে সহজভাৱে নলৈ আক্ৰমণকাৰীক প্ৰত্যাক্ৰমণৰ বাবে সকলো উত্তেজিত হৈ পৰে আৰু ঘটনাস্থলীলৈ আহিবলৈ সাজু হয় ৷ পিছত এই বিষয়ে আৰক্ষীয়ে জানিব পাৰি আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ সকলোকে বুজনি দিয়াৰ লগতে ঘটনা সন্দৰ্ভত এজাহাৰ দিবলৈ কৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ৷ কিন্তু আৰক্ষীৰ আশ্বাসক নামানি পিছত আছু কৰ্মীকে ধৰি ভিন্ন সংগঠনৰ কৰ্মীসকলে হাতে হাতে বাঁহৰ টুকুৰা লৈ মটৰ চাইকেলত উঠি উত্তৰ বঙাইগাঁৱৰ দিশে মূল ৰাজ পথেৰে সমদল কৰি আহি বৰফ মিল তিনি আলিত সমবেত হয় আৰু কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইতিমধ্যে উক্ত স্থানত আছু ,এজেৱাইচিপি,গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদ আদি সংগঠনৰ একাংশ কৰ্মীয়ে ৰাজ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছিল ৷ প্ৰতিবাদকাৰীসকলে বিজেপি মুৰ্দাবাদ, কেব বাতিল কৰিবই লাগিব, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ,অমিত শ্বাহ মুৰ্দাবাদ ,সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ আনকি প্ৰতিবাদকাৰীসকলে হাতত বাঁহৰ টুকুৰালৈ ৰাজ পথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পিছত প্ৰতিবাদকাৰীসকলে আছু কৰ্মীক আক্ৰমণ কৰা শালবাগান শান্তি নগৰলৈ ভিতৰুৱা পথেৰে গৈ তাতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে দুই এখন নাম ফলকৰো ক্ষতি সাধন কৰে ৷ অৱশ্যে প্ৰতিবাদকাৰীসকলে যাতে হিংসাত্মক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীৰ এটা বৃহৎ দল আৰু দণ্ডাধীশ লগতে আছিল ৷ উক্ত স্থানত কিছু সময় প্ৰতিবাদ কৰাৰ লগতে দোষীক কৰায়ত্ত কৰাৰ দাবী জনায় ৷ পিছত আৰক্ষী আৰু দণ্ডাধীশে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি প্ৰতিবাদকাৰীসকলক ওভোটাই পঠিয়ায় ৷ প্ৰতিবাদকাৰীসকলে ৰাজ পথৰ কাষৰ ব্যৱসায়ীক প্ৰতিষ্ঠান দুখন মানৰ অনা অসমীয়া ভাষাত লিখা নাম ফলকৰ কিছু ক্ষতি কৰে ৷ প্ৰতিবাদকাৰীসকল পিছত বৰপাৰাস্থিত আছু কাৰ্যালয়ত উপস্থিত হোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক কাৰ্যালয়তে সন্ধিয়ালৈ আটক কৰি ৰাখে যদিও পিচত মুকৱি কৰি দিয়ে ৷ আছু কৰ্মীক আক্ৰমণৰ ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে আছু কৰ্মীয়ে পুৱাৰ ভাগত বঙাইগাঁও চহৰৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ একেদৰে নিউ বঙাইগাঁও ৰে’লৱে কাৰখানাত কৰ্মচাৰীসকলক প্ৰৱেশত বাধা প্ৰদান কৰে কাৰখানাৰ কাম- কাজ অচল কপি দিয়ে ৷ বন্ধৰ সমৰ্থকে চহৰখনৰ বিভিন্ন স্থানত কেবাখনো অটো তথা বাহনৰ ক্ষতি সাধনো কৰে ৷ এইদৰেই আজি উত্তাল হ’ল বঙাইগাঁও চহৰ ৷

১২ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত নকৰিলে কাইলৈ( বুধবাৰে) পুৱাৰে পৰা ১২ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ আহ্বান আছুৰ

ইপিনে বঙাইগাঁও জিলা আছুই সংগঠনটোৰ কৰ্মীক আক্ৰমণৰ ঘটনাক কোনো পধ্যে সহ্য নকৰে বুলি উল্লেখ কৰি দোষীক কৰায়ত্ত কৰাৰ বাবে প্ৰশাসনক ১২ ঘন্টা সময় ধাৰ্য কৰি দিছে ৷ আছুৰ জিলা সভাপতি যিনোদ নাথে জানিবলৈ দিয়া মতে যদিহে প্ৰশাসনে কাইলৈ পুৱা ৫ বজাৰ ভিতৰত দোষীক কৰায়ত্ত নকৰে ,তেতিয়াহ’লে কাইলৈ( বুধবাৰ) পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘন্টীয়া বঙাইগাঁও বন্ধৰ আহ্বান জনাইছো ৷ এই বন্ধৰ কাৰ্যসূচীলৈ আক্ৰাছু ,কৃষক মুক্তি সংগ্ৰাম সমিতি , এজেৱাইচিপি ,গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ আদি সংগঠনে সমৰ্থন জনোৱা বুলিও জানিবলৈ দিয়ে ৷ আনহাতে বিভিন্ন সংগঠনৰ নেতৃত্বইও অসমৰ ভূমিত খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰৰ ওপৰত অনা অসমীয়া তথা বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা লোৱাসকলৰ আক্ৰমণক সহ্য কৰা নহ’ব বুলি কয় ৷ দোষীক কৰায়ত্ত কৰিব লাগিবই বুলিও স্পষ্ট কৰি দিয়ে ৷

আমিনগাঁৱ, চাংসাৰি, উত্তৰ গুৱাহাটী, বোৰ্কা আদিত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

নেছুসহ সহযোগী সংগঠনৰ উত্তৰ পূৰ্বাঞ্চল বন্ধত কামৰূপৰ আমিনগাঁৱ, চাংসাৰি, উত্তৰ গুৱাহাটী, বোৰ্কা আদিত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক, স্তব্ধ জনজীৱন।

পঙ্কজ নাথ, চাংসাৰি, ১০ ডিচেম্বৰ :

জাতিধ্বংসী বিল কেবৰ বিৰোধীতাৰে জনোৱা নেছুৰ বন্ধত উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ অসমতে আজি জনজীৱন স্তব্ধ হৈ পৰিছে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জাগি উঠিছে প্ৰতিজন অসমীয়া ও উত্তৰ পূৰ্বাঞ্চলৰ লোক। কেবক লৈ বিজেপি চৰকাৰৰ আকোৰগোজ স্হিতিৰ বাবে এতিয়া সমগ্ৰ ৰাজ্য জ্বলি উঠিছে। কালি লোকসভাত জাতিধ্বংসী বিল কেব গৃহীত হোৱাৰ পিছতেই আজি ৰাজ্যৰ পৰিস্থিতি অগ্নিগৰ্ভা হৈ পৰিছে। আজি উত্তৰ পূৱ ছাত্ৰ সন্থাৰ (নেছুৰ) উদ্যোগত আছুসহ কেইবাটাও সংগঠনৰ সমৰ্থনত আহ্বান দিয়া ১১ ঘণ্টীয়া উত্তৰ পূৰ্বাঞ্চল বন্ধৰ সময়ত অসম সৰ্বাত্মকৰূপে বন্ধ হৈ পৰিল । এই বন্ধ স্বতঃস্ফুত ভাৱে পালন কৰে অসমৰ জনতাই । ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে কামৰূপ জিলা সদৰ আমিনগাঁও, বৃহত্তৰ চাংসাৰি, চাৰিআলি, উত্তৰ গুৱাহাটী, বোৰ্কা আদি বিভিন্ন অঞ্চলত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে জাতীয় সংগঠন সমূহে দিয়া বন্ধক এইখিনি অঞ্চলৰ জনসাধাৰণে সৰ্বাত্মকৰূপে মান্যতা দি সৰ্বস্তৰৰ জনতাই স্বতঃস্ফুত ভাবে ওলাই আহি এই বন্ধ পালন কৰা পৰিলক্ষিত হয়। আজিৰ দিনটোত উপৰোক্ত অঞ্চল সমূহৰ চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, বজাৰ, দোকান পোহাৰ সম্পূৰ্ণ বন্ধ থকা পৰিলক্ষিত হৈছে । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো একাংশ ব্যক্তিগত সৰু বাহনৰ বাদে অন্য যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ থাকে। চাংসাৰিৰ শৰাইঘাট কলেজৰ ছাত্ৰ সভাকে আদি কৰি এইখিনি অঞ্চলৰ ছাত্ৰ সমাজ ওলাই আহি চাংসাৰি, বোৰ্কা, চাৰিআলি আদি অঞ্চলত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি কেব আমি নামানো, হিমন্ত বিশ্ব শৰ্মা লেই লেই চেই চেই, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে। তাৰোপৰি আজি অসমীয়া জাতিৰ স্বাৰ্থত উপৰোক্ত অঞ্চল সমূহৰ জনতায়ো স্বতঃস্ফুত ভাৱে এই বন্ধ পালন কৰে। আনহাতে বাইহাটা চাৰিআলি, বোৰ্কা আদি একাংশ অঞ্চলত বন্ধ সমৰ্থকে উগ্ৰতাৰে এই জাতি ধংসী বিলৰ তীব্ৰ বিৰোধিতা কৰা দেখা গৈছিল আৰু ঠায়ে ঠায়ে প্ৰতিবাদকাৰীৰ প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়েও কিছু কঠোৰ ভুমিকা গ্ৰহণ কৰিছিল।

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক*

প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আদালতে নিৰ্ধাৰণ কৰা  আজি পুৱা  ৭.৩৩ বজাত  ৰঙিয়াত ফাঁচী কাঠত ওলোমালে দুই নেতাক।  অসমৰ নাগৰিকৰ ওপৰত বল পূৰ্বক  নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি অসম চুক্তি সম্পুৰ্ণৰূপে উলংঘা কৰাৰ উপৰিও  অসম আন্দোলনৰ  ৮৫৫ গৰাকী  শ্বহীদৰ আত্মাক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ জুমুঠি  ৰঙিয়া উৰণীয়া সেতুত  ফাঁচী কাঠত ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ সন্থাৰ কৰ্মী সকলে প্ৰতিকী ৰূপত ফাঁচী কাঠত ওলোমাৰ পূৰ্বে সকলো নিয়ম নীতি পালন কৰে।  । ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই  জিলা পৰ্য্যায়ৰ নেতাৰ উপস্থিতিত পুৱতি নিশা  ইয়াৰ পিছত দুয়োজন নেতাৰ পুত্তলিকা আছু নেতাসকলে কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা উৰণীয়া সেঁতুৰ ওপৰলৈ নিয়ে । ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এগৰাকী  নেতাই  দুজনৰ দেহত ক’লা কাপোৰ পিন্ধাই দিয়ে । আছুৰ আদালতে পুৰ্বে নিৰ্ধাৰণ  কৰা সময় অনুসৰি ঠিক ৭ বাজি ৩৩ মিনিট হোৱাৰ লগে লগে আছু নেতাজনে ফাচী কাঠৰ ৰছি টানি দিয়াত দুয়োজন  নেতাৰ পুত্তলিকা উৰণীয়া সেঁতুৰ ৰেলিংত ওলমি ৰয় । লগে লগে উৰণীয়া সেঁতুৰ তলত থকা আছু নেতা সকলে  জয় আই অসম ধ্বনিৰে উত্তাল কৰি তোলে ।অৱশ্যে কিছু সময় পিছত ৰঙিয়া আৰক্ষীয়ে ওলমাই ৰখা পুুত্তলিকা দুুটা নমাাই আনে।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

গোলাঘাটত বন্ধ প্ৰভাৱ ; স্তব্ধ জন জীৱন

গোলাঘাটত বন্ধ প্ৰভাৱ ; স্তব্ধ জন জীৱন : গোলাঘাট, ১০ ডিচেম্বৰ : উত্তৰপূৰ্ব্বাঞ্চল ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত দিয়া আজি অসম বন্ধৰ প্ৰভাৱ গোলাঘাটত সম্পূৰ্ণ ৰূপে পৰা দেখা যায়। চৰকাৰী বিদ্যালয়ৰ পৰীক্ষা সমূহ চলি থকাৰ পৰিপ্ৰেক্ষিতত কেৱল চৰকাৰী বিদ্যালয় চলি থকাৰ পৰিৱৰ্তে আন চৰকাৰী -বে চৰকাৰী কাৰ্যালয় ,দোকান -পোহাৰ সকলো বন্ধ হৈ পৰে। চহৰখনত যদিও কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই তথাপি ঠায়ে ঠায়ে প্ৰতিবাদকাৰী সকলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে টায়াৰ আদি জ্বলাই কেবৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। উল্লেখ্য যে পুৱাৰ ভাগত এজন বিক্ষোভকাৰীয়ৈ উলংগ হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত প্ৰবেশ কৰি জয় আই অসম ধ্বনিৰে এক উত্তেজিত পৰিবেশ সৃষ্টি কৰিবলৈ উদ্যত হৈছিল যদিও আৰক্ষীয়ে উক্ত প্ৰতিবাদকাৰী জনক আটক কৰিবলৈ সক্ষম হ’য়। ইয়াৰ লগতে নিশা ভাগতো বহু প্ৰতিবাদী জনতাই জোৰ লৈ চহৰখনত এক গোমা পৰিবেশ সৃষ্টি কৰি কেবৰ বিৰুদ্ধে তীব্ৰ বিৰোধ প্ৰকাশ কৰি সমদল বাহিৰ কৰে।

নাজিৰাৰ শিমলুগুৰিত উৰিল নিষিদ্ধ সংগঠন আলফাৰ পতাকা

নাজিৰাৰ শিমলুগুৰিত উৰিল নিষিদ্ধ সংগঠন আলফাৰ পতাকা
ফাষ্টনিউজ ৰিপৰ্ট , নাজিৰা, ১০ ডিচেম্বৰ
ৰাজ্যত কেবৰ বিৰুদ্ধে জোৰদাৰ আন্দোলন চলি থকাৰ সময়তে আজি শিমলুগুৰিৰ গড়মুৰ চাৰিআলিত পতক্ষ কৰা হল অসমৰ নিষিদ্ধ সংগঠন আলফাৰ পতাকা | শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ কাষত অৱস্হিত লাকুৱা সংযোগী গড়মুৰ চাৰিআলিত আলফাৰ পতাকা দেখাৰ লগে লগে আৰক্ষী আহি পতাকাখন উঠাই লৈ যায় | যি সময়ত ৰাজ্য চৰকাৰৰ পুৰ্ন সহযোগিতাত কেন্দ্ৰীয় চৰকাৰে জাতিধংসী নাগৰিকত্ব সংশোধনী বিল লোকসভাত গৃহীত কৰি অসমত লাখ লাখ হিন্দু শৰনাৰ্থীক সংস্হাপন দিবলৈ চেষ্টা কৰিছে সেই সময়তে আলফাই পতাকা উৰুৱাই নিজৰস্হিতি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে | অসমত আলফাৰ শক্তি এতিয়াও আছে আজিৰ ঘটনাই স্পষ্ট কৰিলে |
মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা

মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত ১৪৪ ধাৰা জাৰি

মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত ১৪৪ ধাৰা জাৰি

শেহতীয়া স্পৰ্শকাতৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি মাজুলী জিলা প্ৰশাসনে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ লগতে ৰাজহুৱা শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাখনতে তৎকালীন ভাৱে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। মাজুলীৰ জিলা দণ্ডাধীশ শ্ৰীবিক্ৰম কৈৰী, আইএএছ-এ ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাত প্ৰদত্ত কৰ্তৃত্বৰ জৰিয়তে আজি (১০ ডিচেম্বৰ ২০১৯) এই সম্পৰ্কীয় এক আদেশ জাৰি কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আৰু আন বিষয়ক লৈ বিভিন্ন সংগঠন, গোট তথা সমৰ্থকে প্ৰতিবাদী সভা-সমদল উলিওৱাৰ সময়ত জনসাধাৰণ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত বিপদাশংকাৰ উদ্ৰেককাৰী জোৰ তথা আন দাহ্য সামগ্ৰী (inflammable substances) ব্যৱহাৰ কৰাটো পৰিলক্ষিত হোৱাৰ উপৰি অসামাজিক চক্ৰ, উগ্ৰবাদী গোট তথা তেওঁলোকৰ সমৰ্থক আদিয়ে এই জোৰৰ অগ্নি তথা দাহ্য সামগ্ৰীৰ অপব্যৱহাৰ কৰি এনে প্ৰতিবাদৰ সময়ত কূটাঘাটমূলক কাৰ্য সংঘটিত কৰাৰো সুযোগ লোৱাৰ আশংকাৰ বিষয়ে চোৰাংচোৱা তথা আন নিৰ্ভৰযোগ্য উৎসৰ পৰা তথ্য লাভ কৰাৰ সূত্ৰে জিলা দণ্ডাধীশগৰাকীয়ে মঙ্গলবাৰে জাৰি কৰা আদেশটোৰ জৰিয়তে জিলাখনত প্ৰযোজ্য হোৱাকৈ নিম্নোক্ত নিষেধাজ্ঞাসমূহ আৰোপ কৰিছে:
(১) মাজুলী জিলাত প্ৰতিবাদী সভা-সমদল আদিৰ সময়ত অগ্নি প্ৰজ্বলন তথা আন কোনোধৰণৰ দাহ্য সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব।
(২) উপযুক্ত কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে জিলাখনৰ কোনো ব্যক্তিয়ে ব্যক্তিগত ভাৱে বা মুকলি বজাৰত প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থকা এনে ধৰণৰ কোনো দাহ্য সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়, মজুতকৰণ, লৈ ফুৰা তথা সৰবৰাহ কৰাটোও সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰা হৈছে।
(৩) চৰকাৰী কৰ্তৃত্বশীল ব্যক্তিৰ বাদে জিলাখনত আন কোনো লোকেই লগত মাৰণাস্ত্ৰ, লাঠি, চোকা অস্ত্ৰ, হাঠিয়াৰ আদি লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব।
(৪) প্ৰতিবাদী সভা-সমদল আদিৰ সময়ত জোৰ তথা আন কোনো ধৰণৰ দাহ্য সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা বলৱৎ কৰা হৈছে।
এই সন্দৰ্ভত পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত মাজুলী জিলাৰ অন্তৰ্গত সকলো এলেকাতে জিলা দণ্ডাধীশগৰাকীৰ এই আদেশ বলৱৎ থাকিব।

পৰাণজ্যোতি বৰা, মাজুলী।

শিৱসাগৰত গুৰুলা গুৰুলকৈ প্ৰহাৰ বিজেপি কৰ্মীক

শিৱসাগৰত নেছ’ৰ বন্ধ সৰ্বাত্মকঃ গুৰুলা গুৰুলকৈ প্ৰহাৰ উদণ্ড বিজেপি কৰ্মীক

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১০ ডিচেম্বৰ : শিৱসাগৰত নেছ’ৰ বন্ধ সৰ্বাত্মক , বন্ধক নেউচা দিয়াত গুৰুলা গুৰুলকৈ প্ৰহাৰ উদণ্ড বিজেপি কৰ্মীক | কেব বিৰোধী আন্দোলনক উপহাস কৰি আছুৰ ৰোষত পৰিল বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন মহনৰ ঘনিষ্ঠ বিজেপি কৰ্মী মানস হাজৰিকা |
শিৱসাগৰত উত্তৰ-পূৱ ছাত্ৰ সন্থাৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক | শতাধিক আছু কৰ্মীয়ে বন্ধৰ সমৰ্থনত ৰাজপথত দিয়ে শ্লগান দি থকাৰ সময়ত বন্ধক নেউচি বিজেপি কৰ্মীৰ ৰাজপথত উদ্ভণ্ডালীক লৈ শিৱসাগৰত উত্তপ্ত পৰিবেশ |
কেবৰ বিৰোধিতা কৰা সকলক উদ্যেশি অশ্লীল বাক্যবান বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন মহনৰ ঘনিষ্ঠ বিজেপি কৰ্মী মানস হাজৰিকাৰ |
AS 04 M 0696 নম্বৰৰ বগা ৰঙৰ চুইফট গাড়ীত অহা বিজেপি কৰ্মীজনে দ’লমুখ চাৰিআলিত আছু কৰ্মী সকলক উদ্যেশ্য কৰি কৰে গালি-গালাজ ৷ আৰক্ষীৰ সন্মুখতে প্ৰদৰ্শন কৰেয়া শাসকীয় দলৰ কৰ্মী হোৱাৰ দম্ভালি মাৰোতেই আছু কৰ্মীয়ে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে উদণ্ড বিজেপি কৰ্মীজনক | অৱশেষত আছু কৰ্মী আৰু ৰাইজৰ খং দেখি পলায়ন কৰে বিজেপি কৰ্মী জনে | ইফালে নেছ’ৰ বন্ধত ব্যাহত হৈ পৰিছে শিৱসাগৰৰ যাতায়ত ব্যৱস্থা ৷ স্তব্ধ জনজীৱন ৷ আনহাতে শিৱসাগৰৰ দুই আমৰণ অনশনকাৰীয়ে শিৱসাগৰ জিলা প্ৰশাসন আৰু ৰাইজৰ অনুৰোধত ভংগ কৰিলে অনশন | নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি শিৱসাগৰৰ দুই প্ৰতিবাদী যুৱকে আৰম্ভ কৰিছিল আমৰণ অনশন।শণি বাৰৰ পুৱাৰ পৰা শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত অনশন কৰা জিন্তু মেছ আৰু ইৰছাদ উল্লাক শিৱসাগৰ জিলা প্ৰশাসনে বলপূৰ্বকভাৱে দেওবাৰে নিশা প্ৰতিবাদ থলীৰ পৰা উঠাই নি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল।অসমক প্ৰতিবাদী কণ্ঠৰূপে প্ৰতিনিধিত্ব কৰা দুই যুৱকে চিকিৎসালয়ত প্ৰতিবাদ অব্যাহত ৰাখি অস্বীকাৰ কৰিলে সকলো চিকিৎসা।পানী-চেলাইন একো গ্ৰহণ নকৰি কেবৰ বিৰোধিতা প্ৰদৰ্শন কৰা দুই গৰাকী যুৱকৰ ক্ৰমে স্বাস্থ্যৰ অৱনতি ঘটিব ধৰাত বিমোৰত পৰে চিকিৎসালয় কৰ্তৃপক্ষ।সময় যোৱাৰ লগে লগে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত জিলা প্ৰশাসনে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ দুয়োজন যুৱকক প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াও আকোৰগোজ হৈ থকা দুই যুৱকৰ প্ৰাণৰ প্ৰতি শংকা আহি পৰাত শিৱসাগৰ জিলা প্ৰশাসন আৰু বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দই অনশন সমাপ্ত কৰিবলৈ অনুৰোধ জনায়।শিৱসাগৰ জিলা প্ৰশাসনে তেওঁলোকৰ সমূহ দাবী গুৰুত্ব সহকাৰে চৰকাৰ লৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শিৱসাগৰীয়া ৰাইজৰ অনুৰোধ ৰক্ষা কৰি অনশন অন্ত পেলাবলৈ আহবান জনায়।অৱশেষত প্ৰশাসন আৰু ৰাইজৰ অনুৰোধ ৰক্ষা কৰি দুই প্ৰতিবাদী যুৱকে সাময়িক ভাৱে অনশনৰ সামৰণি মাৰে।শিৱসাগৰ জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত মুন গগৈয়ে আনুষ্ঠানিক ভাৱে ফলৰ ৰস প্ৰদান কৰি অনশন সমাপ্ত কৰায়‌।

জ্যেষ্ঠ সাংবাদিক নৰেশ মিত্ৰৰ মৃত্যু

 

ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ : টাইমছ অৱ ইণ্ডিয়া কাকতৰ জ্যেষ্ঠ সাংবাদিক নৰেশ মিত্ৰৰ সোমবাৰে পুৱা মৃত্যু হয়। বিগত কেইবা দিন ধৰি তেওঁ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গভীৰ শোক প্ৰকাশ কৰে l আনহাতে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়েও সাংবাদিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে তেওঁৰ নশ্বৰ দেহ সোমবাৰে বিয়লি গুৱাহাটী প্ৰেছ ক্লাবলৈ অনা হয় য’ত সাংবাদিক সকলে শেষ শ্ৰদ্ধা জনায়।

Recent Posts

অসম বন্ধ সফল কৰা সংগ্ৰামী ৰাইজলৈ বাঁ‌ও-গণতান্ত্ৰিক সংগঠনৰ অভিনন্দন

  ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : সংবিধান বিৰোধী, অসম বিৰোধী আৰু সাম্প্ৰদায়িক নাগৰিকত্ন (সংশোধনী) বিল বাতিলৰ দাবীত আহ্বান জনোৱা মঙলবাৰৰ অসম বন্ধৰ প্ৰতি ব্যাপক সঁ‌হাৰি আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে বাঁ‌ও-গণতান্ত্ৰিক সংগঠন সমূহৰ পক্ষৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জনাইছে। এক বিবৃতি যোগে বাঁ‌ও-গণতান্ত্ৰিক সংগঠনহৈ ৰিতুৰঞ্জন দাস কয়”ৰাইজৰ প্ৰবল প্ৰতিবাদ সত্ত্বেও বিজেপি চৰকাৰে …

Read More »

আজি ৰাজ্যসভাত উত্থাপন হ’ব কেব

– ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : বুধবাৰে ৰাজ্যসভাত উত্থাপন হ’ব কেব। বুধবাৰে সমগ্ৰ অসম অচল কৰি তুলিবলৈ অখিল গগৈৰ আহ্বান। ডিব্ৰুগড়ত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা। ৰাজ্যসভাত কেব উত্থাপনৰ সময়ত প্ৰতিবাদ গঢ়ি তোলাৰ আহ্বান। প্ৰশাসনিক ব্যৱস্থা অচল কৰি তুলিবলৈ আহ্বান জনালে অখিল গগৈয়ে।- ডিব্ৰুগড়ৰ কেইবাঠাইতো ৰাইজৰ প্ৰতিবাদত অংশ ল’লে অখিল …

Read More »

অগপৰ শ্বহীদ দিৱস পালন

  ষ্টাফৰিপৰ্টাৰ ১০ ডিচেম্বৰ : ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত তথা জাতীয় শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত প্ৰতি বছৰৰ দৰে এই বেলিও অসম গণ পৰিষদ দলে আজি  শ্বহীদ দিৱস পালন কৰে৷ শ্বহীদ দিৱস উপলক্ষে অগপৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত শ্বহীদ তৰ্পণৰে দিনযোৰা ভাবে শ্বহীদ দিৱস পালন কৰা হয়৷ দলৰ …

Read More »

কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীৰ

  ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : আজি কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীয়ে। বন্ধ সমৰ্থকৰ প্ৰতিবাদত উত্তাল সাংসদগৰাকীৰ বাসগৃহৰ চৌদিশ। প্ৰতিবাদকাৰী আহি প্ৰৱেশ কৰে কুইন ওজাৰ ঘৰত। সাংসদগৰাকীৰ পুত্তলিকা দাহ কৰি ওলাই যায় প্ৰতিবাদকাৰী।

Read More »

বঙাইগাঁৱত আছু কৰ্মীক বন্ধ বিৰোধীৰ আক্ৰমণকলৈ উত্তপ্ত হ’ল পৰিস্থিতি

বঙাইগাঁৱত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ আছু কৰ্মীক বন্ধ বিৰোধীৰ আক্ৰমণকলৈ উত্তপ্ত হ’ল পৰিস্থিতি দোষীক কৰায়ত্তৰ বাবে কাইলৈ পুৱা ৫ বজালৈ সময় দিলে প্ৰশাসনক অন্যথা ৬ বজাৰ পৰা ১২ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ আহ্বান আছুৰ বঙাইগাঁওঃ১০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি নেছ’ আৰু সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা এঘাৰ ঘন্টীয়া …

Read More »

আমিনগাঁৱ, চাংসাৰি, উত্তৰ গুৱাহাটী, বোৰ্কা আদিত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

নেছুসহ সহযোগী সংগঠনৰ উত্তৰ পূৰ্বাঞ্চল বন্ধত কামৰূপৰ আমিনগাঁৱ, চাংসাৰি, উত্তৰ গুৱাহাটী, বোৰ্কা আদিত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক, স্তব্ধ জনজীৱন। পঙ্কজ নাথ, চাংসাৰি, ১০ ডিচেম্বৰ : জাতিধ্বংসী বিল কেবৰ বিৰোধীতাৰে জনোৱা নেছুৰ বন্ধত উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ অসমতে আজি জনজীৱন স্তব্ধ হৈ পৰিছে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জাগি উঠিছে প্ৰতিজন অসমীয়া …

Read More »

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ আদালতে নিৰ্ধাৰণ কৰা  আজি পুৱা  ৭.৩৩ বজাত  ৰঙিয়াত ফাঁচী কাঠত ওলোমালে দুই নেতাক।  অসমৰ নাগৰিকৰ ওপৰত বল পূৰ্বক  নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি অসম চুক্তি সম্পুৰ্ণৰূপে উলংঘা কৰাৰ উপৰিও  অসম আন্দোলনৰ  …

Read More »

গোলাঘাটত বন্ধ প্ৰভাৱ ; স্তব্ধ জন জীৱন

গোলাঘাটত বন্ধ প্ৰভাৱ ; স্তব্ধ জন জীৱন : গোলাঘাট, ১০ ডিচেম্বৰ : উত্তৰপূৰ্ব্বাঞ্চল ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত দিয়া আজি অসম বন্ধৰ প্ৰভাৱ গোলাঘাটত সম্পূৰ্ণ ৰূপে পৰা দেখা যায়। চৰকাৰী বিদ্যালয়ৰ পৰীক্ষা সমূহ চলি থকাৰ পৰিপ্ৰেক্ষিতত কেৱল চৰকাৰী বিদ্যালয় চলি থকাৰ পৰিৱৰ্তে আন চৰকাৰী -বে চৰকাৰী কাৰ্যালয় …

Read More »

নাজিৰাৰ শিমলুগুৰিত উৰিল নিষিদ্ধ সংগঠন আলফাৰ পতাকা

নাজিৰাৰ শিমলুগুৰিত উৰিল নিষিদ্ধ সংগঠন আলফাৰ পতাকা ফাষ্টনিউজ ৰিপৰ্ট , নাজিৰা, ১০ ডিচেম্বৰ ৰাজ্যত কেবৰ বিৰুদ্ধে জোৰদাৰ আন্দোলন চলি থকাৰ সময়তে আজি শিমলুগুৰিৰ গড়মুৰ চাৰিআলিত পতক্ষ কৰা হল অসমৰ নিষিদ্ধ সংগঠন আলফাৰ পতাকা | শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ কাষত অৱস্হিত লাকুৱা সংযোগী গড়মুৰ চাৰিআলিত আলফাৰ পতাকা দেখাৰ লগে লগে আৰক্ষী আহি …

Read More »

মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত ১৪৪ ধাৰা জাৰি

মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত ১৪৪ ধাৰা জাৰি শেহতীয়া স্পৰ্শকাতৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি মাজুলী জিলা প্ৰশাসনে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ লগতে ৰাজহুৱা শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাখনতে তৎকালীন ভাৱে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। মাজুলীৰ জিলা দণ্ডাধীশ শ্ৰীবিক্ৰম কৈৰী, আইএএছ-এ ফৌজদাৰী …

Read More »

শিৱসাগৰত গুৰুলা গুৰুলকৈ প্ৰহাৰ বিজেপি কৰ্মীক

শিৱসাগৰত নেছ’ৰ বন্ধ সৰ্বাত্মকঃ গুৰুলা গুৰুলকৈ প্ৰহাৰ উদণ্ড বিজেপি কৰ্মীক ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১০ ডিচেম্বৰ : শিৱসাগৰত নেছ’ৰ বন্ধ সৰ্বাত্মক , বন্ধক নেউচা দিয়াত গুৰুলা গুৰুলকৈ প্ৰহাৰ উদণ্ড বিজেপি কৰ্মীক | কেব বিৰোধী আন্দোলনক উপহাস কৰি আছুৰ ৰোষত পৰিল বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন মহনৰ ঘনিষ্ঠ বিজেপি কৰ্মী মানস …

Read More »

জ্যেষ্ঠ সাংবাদিক নৰেশ মিত্ৰৰ মৃত্যু

  ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ : টাইমছ অৱ ইণ্ডিয়া কাকতৰ জ্যেষ্ঠ সাংবাদিক নৰেশ মিত্ৰৰ সোমবাৰে পুৱা মৃত্যু হয়। বিগত কেইবা দিন ধৰি তেওঁ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গভীৰ শোক প্ৰকাশ কৰে l আনহাতে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়েও সাংবাদিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে …

Read More »