Monday , January 27 2020
শেহতীয়া খবৰ

শেহতীয়া সংবাদ

পূব গুৱাহাটী শাখা মহিলা কৰ্মচাৰী সন্থাৰ নাৰী দিৱস উদযাপন

  ষ্টাফ ৰিপোৰ্টাৰ,,,৮ মাৰ্চ।।। পূৱ গুৱাহাটী মহিলা কৰ্মচাৰী সন্থাই শুকুৰবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে দিশপুৰ প্ৰেছ ক্লাৱত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে। অনুষ্ঠানৰ আৰম্ভনিতে পূব আৰু পশ্চিম গুৱাহাটী শাখাৰ সদস্য সকলে উদ্বোধনী গীত পৰিবেশন কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট অভিনেত্ৰী চেতনা দাসক সম্বৰ্ধনা জনোৱা হয়। বন্তি প্ৰজ্বলেনেৰে আৰম্ভ হোৱা উক্ত …

Read More »

কুটচিনা ফাউণ্ডেচনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

  ষ্টাফ ৰিপোৰ্টাৰ,,,,,৮ মাৰ্চ।।। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে শুকুৰবাৰে প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ জি এছ ৰোডত কুচিনা ফাউণ্ডেচনৰ উদ্যোগত ‘কুটচিনা কৃত্তিকা কাৰ্নিভেল ২০১৯ শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ মহিলা সকলক সামাজিক দিশত উদ্গনি যোগোৱাৰ বাবে উক্ত অনুষ্ঠানটিত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিত উপস্থিত থাকি কুটচিনা ফাউণ্ডেচনৰ অধ্যক্ষ তথা …

Read More »

অযোধ্যা বিবাদ

  ষ্টাফৰিপৰ্টাৰ, ৮ মাৰ্চ, মধ্যস্থতাকাৰীয়ে সমাধান কৰিব অযোধ্যা বিবাদ। উচ্চতম ন্যায়ালয়ে গঠন কৰিলে তিনিজনীয়া মধ্যস্থতাকাৰী কমিটী। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইব্ৰাহিম খালিফুল্লাহৰ অধ্যক্ষতাত গঠিত কমিটীত আছে শ্ৰীশ্ৰী ৰবিশংকৰ আৰু শ্ৰীৰাম পাঞ্চু। আজি এক শুনানিযোগে উচ্চতম ন্যায়ালয়ে কয় “অযোধ্যা বিবাদৰ সমাধান মধ্যস্থতাকাৰীৰ জৰিয়তে কৰা হ’ব। এসপ্তাহৰ ভিতৰত কাম আৰম্ভ কৰিব মধ্যস্থতাকাৰীয়ে। ৮ সপ্তাহত …

Read More »

Recent Posts

শ্ৰী শংকৰদেৱ নেত্ৰালয় প্ৰাংগণত ৭১ সংখ্যক গণৰাজ্য দিৱস পালন

 

ষ্টাফৰিপোৰ্টাৰ, ২৬ জানুৱাৰী : দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীস্থিত উত্তৰ-পূৱ ভাৰতৰ অগ্ৰণী চকু চিকিৎসা প্ৰতিষ্ঠান শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ প্ৰাংগণতো অতি উৎসাহেৰে ৭১সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। পুৱা ৭.১৫ মিনিটৰপৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট লেখক, সাহিত্য সমালোচক তথা অনুবাদক তিলোত্তমা মিশ্ৰ। সভাৰ আৰম্ভণীতে হাস্পাতালৰ অধ্যক্ষ তথা ট্ৰাষ্টী ডা: হৰ্ষ ভট্টাচাৰ্যীয়ে তিলোত্তমা মিশ্ৰক স্বাগতম জনায় আৰু আদৰণী ভাষণ প্ৰদান কৰে। তাৰ পাছতেই সভাৰ মুখ্য অতিথিয়ে তেওঁৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে আৰু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদসকলক স্মৰণ কৰে আৰু ভাষণ ৰ জৰিয়তেই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। তেওঁ এই দিনটোৰ মাহাত্মৰ কথা উল্লেখ কৰি কয় ” পূৰ্ণ স্বৰাজৰ দিনটোকে প্ৰতীক হিচাপে লৈ এই বিশেষ দিনটোত দেশে গণৰাজ্য দিৱস পালন কৰে। লগতে তেওঁ পূৰ্ণ স্বৰাজৰ বুৰঞ্জীৰ বিষয়েও উল্লেখ কৰে। উল্লেখ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ এই বিশেষ দিনটোতে ভাৰতবৰ্ষৰ সংবিধানখন গৃহীত হৈছিল আৰু এই প্ৰক্ৰিয়াই ১৯৩৫ চনৰপৰা বলৱৎ হৈ থকা “ভাৰত চৰকাৰৰ আইন”খন নস্য়াৎ কৰিছিল। অনুষ্ঠানত শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসক, কৰ্মকৰ্তাসকলৰ সৈতে আন নিমন্ত্ৰিত অতিথি আৰু কণমাণি শিশুসকলো উপস্থিত থাকে আৰু একেটা অনুষ্ঠানতে আমাৰ দেশৰ কাইলৈৰ প্ৰতিনিধিস্বৰূপ কণ কণ শিশুসকলৰ মাজত মিঠাই আৰু উপহাৰো বিতৰণ কৰা হয়।

চাংসাৰিৰ হালিগুৰী চুকত চাঞ্চল্য

চাংসাৰিৰ হালিগুৰী চুকত চাঞ্চল্য। ডিঙিত ৰছি লগাই ওলমি থকা অৱস্থাত উদ্ধাৰ জিতেন দাসৰ মৃতদেহ। কোনোবাই মাৰি ওলোমাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ।

পঙ্কজ নাথ, চাংসাৰি, ২৬ জানুৱাৰী :

সমগ্ৰ দেশতে গণতন্ত্ৰ দিৱস উদযাপন কৰি থকাৰ দিনাই কামৰূপ জিলাৰ অন্তৰ্গত বৃহত্তৰ চাংসাৰিৰ হালিগুৰী চুকত আজি ৰবিবাৰে এগৰাকী ব্যক্তিৰ ওলমি থকা মৃতদেহক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰে। ঘটনা অনুসৰি মাঘ বিহুৰ পিছৰে পৰা সাতদিনমান ধৰি নিৰুদ্দেশ হৈ থকা হালিগুৰী চুক নিবাসী প্ৰায় ৬০ বছৰীয়া জিতেন দাস নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ আজি ৰাতিপুৱাই গাওঁৰ একাংশই গছত উলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি এই বিষয়ে চাংসাৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে পিছত ঘটনাস্থলীত উপস্থিত হৈ সেই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় । পেছাত ৰাজমিস্ত্ৰী হিচাপে জীৱন নিৰ্বাহ কৰা তিনি কন্যা সন্তানৰ পিতৃ জিতেন দাসৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে হুৱাদুৱা লাগি পৰিছে। মৃতদেহ প্ৰত্যক্ষ কৰি একাংশ ৰাইজে কোনো লোকে জিতেন দাসক হত্যা কৰি গছত ওলোমাই থৈ যোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে। মৃত দাসৰ মুখমণ্ডলত কিছু আঘাতৰ চিন থকাৰ পৰিপ্ৰেক্ষিতত এই সন্দেহ কৰিছে একাংশই। একাংশ ৰাইজৰ কথা মতে মৃত দাসৰ কাৰো লগত তেনে কোনো শত্ৰুতা নাছিল যদিও কোনো কাৰণত কোনোবাই মাৰি তেনেদৰে থৈ যাব পাৰে বুলি সন্দেহ কৰিছে। আন একাংশৰ মতে হালুগুৰী চুকৰ পাহাৰ এলেকাত বিভিন্ন ঠাইৰ পৰা আহি বসবাস কৰি থকা সন্দেহ যুক্ত ব্যক্তিসকলৰ মাজৰে কোনোবাই তেনে কাৰ্য্য কৰিব পাৰে বুলি সন্দেহ কৰিছে কিয়নো সেইসকলৰ মাজৰ একাংশৰ বেয়া নজৰৰ বাবে এতিয়া অঞ্চলটোত সন্ধিয়াৰ হোৱাৰ পিছৰে পৰা মহিলা সকলে অকলে চলাচল কৰিবলৈও শংকা প্ৰকাশ কৰে বুলিও জানিব পৰা গৈছে। যিহেতু মৃত দাস মদ্যপায়ী আছিল, মদ্যপানৰ পিছত তেনে কোনো ব্যক্তিৰ সতে কিবা সংঘাত হোৱাৰ বাবেও তেওঁক মাৰি তেনেদৰে ওলোমাই থৈ যাব পাৰে বুলিও একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। সেয়েহে ৰাইজে এই সকলোবোৰ দিশ চালি জাৰি চাই তদন্তৰ জৰিয়তে এই ঘটনাৰ প্ৰকৃত সত্য উদঘাটন কৰিবলৈ চাংসাৰি আৰক্ষীৰ লগতে প্ৰশাসনক আহ্বান জনাইছে। ইয়াৰ উপৰিও বৃহত্তৰ চাংসাৰিৰ বিশেষকৈ পাহাৰ এলেকাত বৰ্তমান সময়ত বসবাস কৰি থকা সন্দেহযুক্ত নাগৰিক একাংশৰ ওপৰত অনুসন্ধান চলাই সেইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলবাসী ৰাইজৰ শংকা নিবাৰণৰ বাবে আৰক্ষী ও জিলা প্ৰশাসনৰ লগতে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ।

প্লাষ্টিকৰ পতাকাৰ পৰিবৰ্তে আকাশত উৰিব থলুৱা শিপিনীয়ে বোৱা জাতীয় পতাকা গণৰাজ্য দিৱসলৈ সাজু জাতীয় পতাকা

 

ষ্টাফৰিপোৰ্টাৰ, ২৫ জানুৱাৰী: আগন্তুক গণৰাজ্য দিৱসৰ প্রাকক্ষণত আৰক্ষী প্ৰশাসনৰ লগতে অত্যধিক ব্যস্ত হৈ পৰিছে অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ড৷ ইতিমধ্যে অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডত অসমীয়া শিপিনীয়ে বোৱা পতাকা নির্মাণৰ কাম চলাই থকা হৈছে । সৰু বৰ বিভিন্ন আকাৰত প্ৰস্তুত কৰা হৈছে পতাকা সমূহ ।বিগত বছৰৰ দৰে এইবাৰো প্রায় ১২ লাখ টকা মূল্যৰ পতাকা নির্মাণ কৰিব বুলি খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ কর্তৃপক্ষই জানিবলৈ দিছে৷ এই পতাকা গুৱাহাটীৰ লগতে সমগ্র ৰাজ্যতে বিক্রী কৰা হ’ব৷ পতাকাৰ আকৃতিৰ ওপৰতা ভিত্তি কৰি দাম নির্ধাৰন কৰা হব । পশ্চিম বংগৰ খাদী কাপোৰ পৰিহাৰ কৰি অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ প্রচেষ্টাত অসমৰ শিপিনীয়ে গণৰাজ্য দিৱসৰ বাবে সাজু কৰি তুলিছে পতাকা৷ এইবাৰ আকাশত উৰিব থলুৱা শিপিনীয়ে বোৱা খাদী কাপোৰৰ তিনি বৰণীয়া জাতীয় পতাকা৷ গুৱাহাটী চানমাৰিৰ অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডৰ মার্কেটিং বিভাগৰ বিষয়াই জনোৱা অনুসৰি ইতিমধ্যে বিভিন্ন আকাৰৰ পতাকা অসমৰ বিক্রী কেন্দ্রসমূহলৈ প্রেৰণ কৰিছে৷উল্লেখ্য যে
বিগত বর্ষৰ গণৰাজ্য দিৱসত ব’র্ডে প্রায় ১১,৩৩,০০০ টকাৰ আৰু স্বাধীনতা দিৱসত প্রায় ১৭,২৪,০০০ টকাৰ পতাকা বিক্রী কৰিছিল৷ ঠিক এইবাৰো তেনেদৰেই সাজু কৰিছে বোর্ডে । গুৱাহাটীৰ পাণবজাৰ, চানমাৰি আৰু দিছপুৰৰ বিক্রী কেন্দ্রত বিক্রীৰ বাবে সাজু কৰি থকা হৈছে৷ জানিব পৰা মতে একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত প্লাষ্টিকৰ পতাকা বিক্ৰীৰ বাবে অনা হৈছে । প্রত্যেক বছৰে খাদী বৰ্ডৰ পতাকা বিক্রীৰ পৰিমাণ বৃদ্ধি পাইছে যদিও আশাব্যঞ্জক চাহিদা বৃদ্ধিৰ ক্ষেত্রত বজাৰত সুলভ হৈ পৰা বিভিন্ন ধৰণৰ প্লাষ্টিকৰ পতাকাই প্রতিবন্ধকতা সৃষ্টি কৰিছে৷ কলকাতাৰ পৰা অনা এনে সামগ্রীৰ বিৰুদ্ধে চৰকাৰ আৰু জিলা প্রশাসনেও আজি পর্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা দেখা নাই । এই ক্ষেত্ৰত প্লাষ্টিক পতাকা বিক্ৰী বন্ধ কৰিলে অসমীয়া শিপিনীয়ে বোৱা জাতীয় পতাকাৰ চাহিদাৰ লগতে সকলোৱে আদৰি লব সেৱা নিশ্চিত ।

ৰাজ্যৰ পদ্মশ্ৰী প্ৰাপক সকলক মুখ্যমন্ত্ৰীৰ অভিনন্দন

 

ষ্টাফৰিপোৰ্টাৰ, ২৫ জানুৱাৰী :
কেন্দ্ৰীয় চৰকাৰে ২০২০ বৰ্ষৰ সন্মানীয় পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত কৰা ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক যোগেন্দ্ৰ নাথ ফুকন , প্ৰথিতযশা নৃত্যশিল্পী ইন্দিৰা পি পি বৰা, চিকিৎসক ড০ কুশল কোঁৱৰ শৰ্মা, শিক্ষাবিদ-সাহিত্যিক লীল বাহাদুৰ চেত্ৰী আৰু চিকিৎসক ড০ ৰবি কন্নন আৰক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জনাইছে ।
আজি এক বিজ্ঞপ্তি যোগে মুখ্যমন্ত্ৰী সোণোৱালে কয় “২০২০ বৰ্ষৰ ৰাজ্যৰ
পদ্মশ্ৰী প্ৰাপক সকলে অনবদ্য কৰ্মৰাজিৰ জৰিয়তে দীৰ্ঘ সময় অসমৰ শৈক্ষিক, সাংস্কৃতিক, সাহিত্য আৰু চিকিৎসা ক্ষেত্ৰ মহীয়ান কৰি আহিছে । এই সন্মান তেওঁলোকৰ কৰ্মৰাজিৰ প্ৰতি আগবঢ়োৱা উল্লেখযোগ্য স্বীকৃতি। এই সন্মানে পদ্মশ্ৰী প্ৰাপক সকলক নিৰৱচ্ছিন্ন ভাৱে ৰাইজৰ সেৱা কৰি যাবলৈ উৎসাহিত কৰিব আৰু উঠি অহা প্ৰজন্মক তেওঁলোকৰ পদাংক অনুকৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে কয়।

বিশিষ্ট সংগীত শিল্পী, দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ প্ৰগ্ৰাম প্ৰডাকচন চেণ্টাৰৰ অৱসৰ প্ৰাপ্ত সহকাৰী সঞ্চালক শংকৰ দাসৰ মৃত্য

 

ষ্টাফৰিপোৰ্টাৰ, ২৫ জানুৱাৰী : বিশিষ্ট সংগীত শিল্পী, দূৰদৰ্শন কেন্দ্ৰ
গুৱাহাটী অৱসৰ প্ৰাপ্ত সহকাৰী সঞ্চালক শংকৰ দাসৰ শনিবাৰে পুৱা গুৱাহাটীৰ হায়াত হাস্পতালত মৃত্য হয়। গুৱাহাটীৰ ৰূপনগৰ নিবাসী বিশিষ্ট সংগীত শিল্পী গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৪ বছৰ। কিছুদিন ধৰি বৃক্কৰ ৰোগৰ ভুগি থকা বিশিষ্ট সংগীত শিল্পী গৰাকীক ১৬ জানুৱাৰীত হাপ্যতালত ভৰ্তি কৰোৱা হয় যদিও শুকুৰবাৰৰ পৰা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতী ঘটে আৰু শুকুৰবাৰে পুৱা ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ নশ্বৰ দেহ দুপৰীয়াৰ ভাগত ৰূপনগৰস্থিত বাসগৃহলৈ অনা হয়। তাত অঞ্চলবাসীৰ লগতে পৰিয়ালৰ লোকে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বাসগৃহৰ পৰা তেওঁৰ নশ্বৰ দেহ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰলৈ নিয়া হয় আৰু তাত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ তৰফৰ পৰা বিশিষ্ট সংগীত শিল্পী গৰাকীৰ শেষ শ্ৰদ্ধা জনোৱা হয়। তাৰ পাছত নৱগ্ৰহ শ্মশানত পৰিয়ালৰ লোক আৰু বহু গুণ মুগ্ধৰ উপস্থিতিত বিশিষ্ট সংগীত শিল্পী গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ জ্যেষ্ঠ পুত্ৰ অনুৰাগ দাসে( পোহৰ) মুখাগ্নী সম্পন্ন কৰে। উল্লেখ ১৯৪৬ চনত পলাশবাৰীত জন্ম গ্ৰহণ কৰা প্ৰয়াত উমাকান্ত দাস আৰু প্ৰয়াত উপমা দাসৰ পুত্ৰ শংকৰ দাসে মিৰ্জাৰ আৰ বি স্কুলৰ পৰা স্কুলীয়া আৰু শ্বিলঙৰ এণ্টনি কলেজৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰে। শৈশৱৰে পৰা সংগীতৰ প্ৰতি ৰাপ থকা শংকৰ দাসে ১৯৬৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱ বাণী অনুষ্ঠানত মেণ্ডলীন পৰিবেশন কৰে। তেওঁ শ্বিলঙৰ বেৰীয়েল কেণ্ডিয়াৰ পৰা একৰ্ডিয়ান শিকি পৰিবেশন কৰিছিল। গীতাৰ, ভায়লিন, কী বোৰ্ড আদি সুন্দৰকৈ বজাইছিল। তেওঁ ১৯৭৫ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত “ষ্টাফ আৰ্টিষ্ট’ হিচাপে যোগদান কৰে। তাৰ পাছত তেওঁ ১৯৮৪ চনত দূৰদৰ্শন কেন্দ্ৰত যোগদান কৰে। তেওঁ দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী সংগীত প্ৰয়োজক আছিল। তেওঁ দূৰদৰ্শন কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত বহু অনুষ্ঠানৰ প্ৰযোজনা কৰিছিল। তেওঁ অসমৰ বিভিন্ন মঞ্চত মিতালী চৌধুৰী, অনিমা চৌধুৰী আদিৰ লগত অনুষ্ঠান পৰিবেশন কৰিছিল। তেওঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সহকাৰী সঞ্চালক হিচাপে দহ বছৰ কাল কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ২০০৯ চনত অৱসৰ গ্ৰহণ কৰে। “মন সুৰভি”, “বনফুল”, ‘ত্ৰিবেনী” আদি শ্ৰৱ্য সঁফুৰাত তেওঁ সংগীত ৰচনাৰ কাম কৰিছিল। ১৯৯০ চনত তেওঁ ৰূপনগৰৰ বাস গৃহতে “পূবালীম কলাকেন্দ্ৰ” নামৰ সংগীত বিদ্যালয়ৰ জন্ম দিছিল। তাত তেওঁ ভায়লিন, মেণ্ডলীন, গীতাৰ আদিৰ প্ৰশিক্ষণ দিছিল। তেওঁ তুৰা, আগৰতলা, ইটানগৰ আদিত দূৰদৰ্শন কেন্দ্ৰৰ প্ৰগ্ৰাম প্ৰডাকচন চেণ্টাৰৰ সহকাৰী সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ শিল্পী ডলী ঘোষ, অনিমা চৌধুৰী আদিৰ বাবে সংগীত ৰচনা কৰিছিল। ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক শংকৰ দাসে প্ৰায় ডেৰ শতাধিক সংগীত ৰচনা কৰিছিল। আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰ তথা অসমৰ বিশিষ্ট সংগীতজ্ঞ, যশস্বী মেণ্ডলীন বাদক হিচাপে অনুৰাগী সকলৰ হৃদয়ত সুকীয়া স্থান লাভ কৰা শংকৰ দাসে পৰৱৰ্তী সময়ত দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ প্ৰতিষ্ঠা কালৰ পৰা দুটা দশক সংগীত বিভাগৰ প্ৰযোজক হিচাপে অসমৰ গীত আৰু সুৰৰ মাজত চামে চামে শিল্পী সকলক উৎসাহ, প্ৰেৰণা দিছিল আৰু শিল্পী মনক দৃঢ় কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী মধুমিতা দাস, দুই পুত্ৰ অনুৰাগ দাস ( পোহৰ), অনুভূতি দাস ( নিয়ৰ), বোৱাৰী পৰিণিতা মেধি, জিণ্টী গগৈ ৰ লগতে পৰিয়ালৰ লোক, আত্মীয় স্বজনক এৰি যায়।
তেওঁৰ মৃত্যুত শিল্পী সমাজ তথা অঞ্চলটোত শোকৰ ছা পৰে।

মহানগৰীৰ চিটি চেণ্টাৰ মলত ধাবা ৰেস্তোৰা মুকলি

 

ষ্টাফৰিপৰ্টাৰ,,,,২৫ জানুৱাৰী উত্তৰ পূৱ ভাৰতত প্ৰথম খন ধাবা ৰেস্তোৰাঁ শনিবাৰে মহানগৰীৰ চিটি চেণ্টাৰ মলত অনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। ১৯৮৬তে দিল্লীত প্ৰতিষ্ঠা লাভ কৰা এই ধাবাখন শনিবাৰে মহানগৰীত দীপক মিট্টল, আশিষ আৰু সুনীল আগৰৱালাৰ তত্বাৱধানত মুকলি কৰা হৈছে। এই ধাবা ৰেস্তোৰা খন অনুষ্ঠানিকভাৱে মুকলি কৰি মাণিক কাপু্ৰ আৰু আজুৰি হাস্পতালিটিৰ সঞ্চালক জয়ন্তী সিঙে কয়-“এই ধাবা আৰু ৰেস্তোৰাই মহানগৰীৰ উত্তৰ-পূৱৰ গ্ৰাহকসকলক এক সুস্বাদু খাদ্য যোগানত এক বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হ’ব। এই ৰেস্তোৰা খনত সকলো ধৰণৰ আমিষ আৰু নিৰামিষ খাদ্য উপলব্ধ হ’ব। পৰিয়ালৰ লগতে একেলগে ৫৮ গৰাকী গ্ৰাহকে এই ধাবা ৰেস্তোৰাত বহি খাদ্য গ্ৰহণ কৰিব পাৰিব। তেওঁ লগতে কয়-“১৯৮৬ ত প্ৰতিষ্ঠা লাভ কৰা এই ধাবাই হাইৱেৰ খাদ্যৰ ৰজা হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে”। আনহাতে, এই ধাবা -ৰেস্তোৰাত গ্ৰাহকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য সম্ভাৰত কেতবোৰ নতুনত্বৰ সংযোজন ঘটোৱা হৈছে। আমিষত বিশেষকৈ গালৌটি কাবাব, অমৃতচৰি মাচ্ছি, চিকেন টাক, তণ্ডুৰী ভূনি, বাটৰ চিকেন আদি উল্লেখযোগ্য। তাৰোপৰি সমান্তৰাল ভাৱে উক্ত ৰেস্তোৰাত উপলব্ধ হ’ব নিৰামিষ বিশেষকৈ লাছনি পালক, পানীৰ মাখন, চিট্টি আলু গোবি, মাচৰুম, ইত্যাদি। উল্লেখযোগ্য যে,উক্ত ধাবা-ৰেস্তোৰা খনত বিভিন্ন ধৰণৰ উৎসৱৰ লগতে জন্মদিন পালন কৰাৰ এক বিশেষ সুবিধা থকাৰ লগতে এই ধাবাখনে গ্ৰাহক সকলক পছন্দ অনুযায়ী খাদ্যৰো যোগান ধৰিব।

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বোকাখাতত বিজেপিৰ মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বোকাখাতত বিজেপিৰ মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন ৷

বোকাখাতত মিত্ৰজোঁটৰ বিশাল সংকল্প সমাৰোহ, লক্ষ্য ২০২১

বোকাখাতৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ২৪ জানুৱাৰী: ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু মিত্ৰজোঁটৰ উদ্যোগত বোকাখাত ৰাজহুৱা খেলপথাৰত উদযাপন কৰা হয় বিশাল সংকল্প সমাৰোহ ৷ প্ৰায় চল্লিশ হাজাৰোধিক ৰাইজৰ উপস্থিতিত সভাত ভাষণ প্ৰদান কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোনোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্ম্মা, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী শ্ৰীযুত অতুল বৰা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ৰঞ্জিত দাসেে ৷ অসম চৰকাৰৰ জেষ্ঠ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী,মিচিং স্বায়ত্ত পৰিষদ মূখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত পৰমানন্দ চায়েঙীয়া আৰু অসম চৰকাৰৰ অন্যান্য কেইবাগৰাকীও মন্ত্ৰী তথা বহু কেইজন সাংসদ, বিধায়ক তথা তিনিওটা দলৰ জেষ্ঠ নেতা উপস্থিত থকা এই সংকল্প সভাত বহু কেইটা নতুন নতুন চৰকাৰী আঁচনিৰ কথা ঘোষণা কৰা হয় ৷ উক্ত সংকল্প সমাৰোহত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাহ বাগিচাৰ দহ হাজাৰ শিক্ষিত নিবনুৱাক স্বনিয়োজনৰ বাবে ২৫ হাজাৰকৈ সাহায্য প্ৰদান কৰাা হব বুলি ঘোষণা কৰে ৷ একেদৰে কালি কৰুণ মৃত্যুক সাৱটি লোৱা ঈশ্বান আৰু ইবনৰ মৃত্যুৰ তদন্ত ঘোষণা কৰাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে। অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বিজেপি চৰকাৰে কাম কৰি আছে আৰু কৰি যাব, ইয়াত খিলঞ্জীয়া ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও মুখ্যমন্ত্ৰী সোণোৱালে ভাষণত উল্লেখ কৰাৰ সমান্তৰালভাৱে “কা বিৰোধী আন্দোলনৰ সকলো দল-সংগঠনকে অসমৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি দৃষ্টি ৰাখি সুস্থ সৱল শৈক্ষিক পৰিবেশ তথা গণতান্ত্ৰিক বাতাবৰণ যাতে অসমত বৰ্তি থাকে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। লগতে পূৰ্বতকৈ এতিয়া অসমলৈ শান্তিৰ বাতাৱৰণ ঘূৰি আহিছে বুলি মন্তব্য কৰি কেইবাটাও নিষিদ্ধ ঘোষিত সংগঠনৰ কেইবা শতাধিক সদস্য মূল সূঁতিলৈ ঘূৰি আহিছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। ইফালে বিকল্প আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰসংগৰ ক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৎপৰ্যপূৰ্ণভাৱে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক পথাৰত যিয়ে প্ৰত্যাহ্বান নাহক কিয় বিজেপি দলে ইতিবাচক দৃষ্টিভংগীৰে সেই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিব বুলিও মন্তব্য কৰে। ইপিনে, উক্ত সমাৰোহ কাৰ্যসূচীত উপস্থিত থাকি স্বাস্থ্য মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমৰ জনতাই অসমলৈ পুনৰ শান্তিৰ পৰিৱেশ ঘুৰাই আনিছে। বৰ্তমান অসম সৰ্বশ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বুলি কোৱাৰ লগতে তেখেতে অসমত যদি কোনো দল-সংগঠনে আন্দোলন কৰিব বিচাৰে তেন্তে শিক্ষাৰ লগতে বিভিন্ন দিশ অনিষ্ট নকৰাকৈ আন্দোলন কৰিবলৈ আহ্বান জনায় । অন্যহাতে, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গকো তীব্ৰ সমালোচনা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গৰ পলিটিক্স নকৰিবা বন্ধু নামৰ গানটো, হিমন্ত বিশ্ব শৰ্মাই নিজৰ কথাৰে কয় “মিছা কথা নকবা বন্ধু” বুলিহে আখ্যা দিয়ে উক্ত সভাত । লগতে সংশোধিত “কা” ক লৈ বিৰোধী তথা বহু দল-সংগঠনেে মিছা প্ৰচাৰ চলোৱা বুলি উল্লেখ কৰি কয় যে, প্ৰায় দহ লাখ পাঞ্জাব বডী ট্ৰাক থাকিলেহে বাংলাদেশত থকা এক কোটি মানুহ আনিব পৰা যাব। সংশোধীত নাগৰিত্ব আইনত নতুনকৈ বাংলাদেশী অনাৰ কথা উল্লেখ নাই বুলিও জানিবলৈ দিয়ে । অসমৰ ৰাইজে উন্নয়ন বিচাৰে বিজেপি মিত্ৰজোঁট চৰকাৰে উন্নয়নৰ কাম কৰিছে বুলি উল্লেখ কৰি বৰ্তমান সময়ত বিজেপি চৰকাৰক ৰাইজে আদৰি লৈছে বুলি উক্ত সভাতেই মন্তব্য প্ৰদান কৰে ৷অসমৰ ৰাইজে শান্তিৰ পৰিৱেশ বিচাৰিছে আৰু বিজেপিয়ে অসমত শান্তি অটুত ৰাখিছে সেয়ে আজি হাজাৰ হাজাৰ জনতা এই সংকল্প সমাৰোহলৈ স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহিছে বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছৰ শাসন কালত বোকাখাতত ব্যাপক দুৰ্নীতি হৈছিল। কংগ্ৰেছৰ দিনত ব্যাপক কেলেংকাৰী হোৱা বুলি মন্ত্ৰী হিমন্তই উক্ত সভাতেই কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে আৰু কংগ্ৰেছৰ নেতা কৰ্মী সকলৰ মুখত ভালকৈ “মাঁ” শব্দটোও নুফুটে বুলিও উল্লেখ কৰে। বোকাখাত আগতে প্ৰজাৰ শাসন নাছিল, এজন ৰজাৰ শাসন আছিল ৷ ইপিনে, গঁড় হত্যাৰ সম্পৰ্কত কয় যে, কাজিৰঙাত কংগ্ৰেছৰ দিনত বহু বেছি গড় হত্যা কৰা হৈছিল বৰ্তমান বিজেপি চৰকাৰে বাবে ইয়াক ৰোধ কৰা হ’ল ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত সন্দেহ জনক নাগৰিকে ভৰি আছিল কিন্তু বিজেপি চৰকাৰে সেয়া উচ্ছেদ কৰিছে বুলি উল্লেখ কৰে ৷ শিক্ষাৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে কয় যে, সতী সাধনী নামৰ বিশ্ববিদ্যালয় গোলাঘাটত স্থাপনৰ বাবে বৰ্তমান চৰকাৰখনে ঘোষণা কৰিছে। কংগ্ৰেছে এইবোৰ দেখা নাই, কংগ্ৰেছ আমাৰ মূল শত্ৰু, বুলি কৈ কয় সংকল্প লঁও অসমত আৰু কংগ্ৰেছ আহিব নোৱাৰে বুলি উক্ত সভাতেই উনুকিয়াই দিয়ে ৷

গুৱাহাটীৰ নটছাকী ইনকৰ্পোৰেচনে লাভ কৰিলে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা

 

ষ্টাফৰিপৰ্টাৰ,,,,২৪ জানুৱাৰীউত্তৰ-পূৱৰ আগশাৰীৰ তথা প্ৰতিষ্ঠিত চলাৰ প্ৰতিষ্ঠান নটছাকী ইনকৰ্পোৰেচনে লাভ কৰিলে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা। শুকুৰবাৰে নতুন দিল্লীত ইণ্ডিয়া ৰুফটোপ চলাৰ কংগ্ৰেছে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নটছাকী ইনকৰ্পোৰেচনে ‘ৰুফটোপ’ চলাৰ ইপিচি’ কোম্পানী বঁটা লাভ কৰাৰ লগতে প্ৰতিষ্ঠানটোৱে চিষ্টেম ইণ্টিগ্ৰেটৰ অফ দ্যা ইয়াৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ নতুন আৰু নৱীকৰণ যোগ্য শক্তি মন্ত্ৰালয়ৰ হীৰেন চন্দ্ৰ বৰুৱাই নতুন দিল্লীত আয়োজিত কৰা অনুষ্ঠানত নটছাকী ইনকৰ্পোৰেচনৰ স্বত্বাধিকাৰী আকাশ গাৰ্গক উক্ত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে। উল্লেখযোগ্য যে, এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা উত্তৰ পূৱৰ ক্ষুদ্ৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত নটছাকী ইনকৰ্পোৰেচনেই প্ৰথম।

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। সভাত উপস্থিত আছে দুয়োটা দলৰে শীৰ্ষস্থানীয় নেতৃত্ব। সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুওৱা মৰমৰ বাবে বিশেষ ভাবে শলাগ লয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ‘কংগ্ৰেছে ৫৫ বছৰে নোৱাৰা কাম, মোদীয়ে চমু ৫ বছৰীয়া কাৰ্যকালতে কৰি দেখুৱাইছে। এয়াই বিজেপিৰ অসমৰ প্ৰতি থকা আস্থা, মৰম, আন্তৰিকতা। অসমৰ ৰাইজৰ বাবে হিয়া উজাৰি মৰম দিছে নৰেন্দ্ৰ মোদীয়ে। ফলত টোপনি নোহোৱা হৈছে কংগ্ৰেছ আৰু বাঁওপন্থী দল–সংগঠন সমূহৰ। অসমত আৰু কোনো দিন কংগ্ৰেছ চৰকাৰ হ’ব নোৱাৰে। সৰ্বকালৰ বাবে অসমত বিজেপি চৰকাৰেই হ’ব।’

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে, ‘ বিজেপিয়ে খিলঞ্জীয়াৰ বিৰুদ্ধে কাম কৰা নাই আৰু কোনো দিন নকৰে। ৫৫ বছৰে অসমত কেৱল বিদেশী সোমোৱালে কংগ্ৰেছে। কোনেও লক্ষ্য ভেদ কৰিব নোৱাৰে বিজেপি চৰকাৰৰ।’

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ৯,৬৩৫ টা পদৰ বাবে বিচৰা হৈছে আবেদন পত্ৰ। তাৰে ভিতৰত নিম্ন প্ৰথমিক বিদ্যালয়ত ৫,৫১৫ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৪,১২০টা খালী হোৱাৰ বিজ্ঞাপন জাৰি কৰা কৰিছে শিক্ষা বিভাগে। ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া।

১.  আবেদন কৰিবলৈ সাধাৰণ প্ৰাৰ্থীৰ ন্যূনতম বয়স ১৮ বছৰ হোৱাৰ লগতে সৰ্বাধিক ৩৮ বছৰ। সৰ্বাধিক ৪১ বছৰ OBC/MOBCৰ প্ৰাৰ্থীৰ বাবে আৰু ST/SCৰ প্ৰাৰ্থীৰ বাবে সৰ্বোচ্ছ বয়সৰ সীমা ৪৩ বছৰ।

২. যোগ্যতা  থকা প্ৰাৰ্থী টেট উত্তীৰ্ণ হ’ব লাগিব।

৩.আবেদনৰ অন্তিম তাৰিখ ১১–০২–২০২০।

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

 

ষ্টাফৰিপোৰ্টাৰ,,,২৪ জানুৱাৰী ।।: গুৱাহাটীৰ আঠগাঁও স্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত শুকুৰবাৰে মৰিগাঁও জিলাৰ জাগীৰোড, বাকজাপত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ১৩০গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ উপৰিও ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। এই শিবিৰটো ডাঃ বিপুল কান্ত বৰুৱা ডাঃ শঙ্কৰ বৰাৰ নেতৃত্বত অনুষ্ঠিত হয়।

দেশৰ ২৫ খনৰো অধিক আগশাৰীৰ আবাসীক শিক্ষানুষ্ঠানৰ সমাবেশ

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : সন্তানৰ সু শিক্ষাক লৈ সচেতন অভিভাৱক সকলৰ বাবে বিদ্যালয় পৰ্য্যায়ৰ উচ্চ মানৰ আবাসিক শিক্ষানুষ্ঠান বাছনি কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কাইলৈৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰিমীয়াৰ স্কুলছ এক্সিভিছন । দেশৰ চি বি এছ ই আৰু আই এছ চি ই বৰ্ডৰ অধীনৰ ২৫ খনৰো অধিক সুখ্যাত আবাসিক বিদ্যালয় ( বৰ্ডিং স্কুল) ৰ অংশগ্ৰহণেৰে ২৫ আৰু ২৬ জানুৱাৰীত দুয়োদিনেই পুৱা ১০ বজাৰ পৰা গুৱাহাটীৰ তাজ ভিৱাণ্টা হোটেলত এই বিদ্যালয় প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। ইয়াৰ জৰিয়তে অভিভাৱক সকলে বিভিন্ন বিদ্যালয়ৰ কৰ্তৃত্বশীল প্ৰতিনিধি তথা বিষয়াৰ সৈতে পোন পতিয়াকৈ কথা বতৰা পাতি পছন্দৰ বিদ্যালয়ৰ পাঠ্যক্ৰম, মাছুল, আন্ত:গাথঁনি আৰু আবাসীক সা-সুবিধা, শিক্ষণ প্ৰণালী আৰু বিদ্যালয়ৰ শৈক্ষিক সাফল্য আদিৰ বিষয়ে বুজ ল’ব পাৰিব প্ৰিমীয়াৰ স্কুলছ এক্সিভিছনৰ আয়োজক এফেয়াৰ্ছ গোষ্ঠীয়ে এক বিবৃতি যোগে জনাইছে।

সাহিত্যাচাৰ্য ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত শোক সভা

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী :বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য, ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমুখ্যে বিষয়া কৰ্মচাৰী সকলে। এই উপলক্ষে এখন শোক সভা অনুষ্ঠিত কৰা হয়। সভাত ড০
গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়। সভাই ড০
গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত অসমে এগৰাকী পথিকৃত ভাষা বিজ্ঞানীয়েই নহয় অসম হিতৈষী পুৰুষো হেৰুৱালে বুলি মন্তব্য কৰে। বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য, ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এক বিবৃতি যোগে তেওঁ কয় ” বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য, ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক অপুৰুণীয় ক্ষতি। অসমীয়া ভাষাৰ উন্নতিৰ লগতে ক্ষুদ্ৰ জাতি-জনগোষ্ঠীৰ ভাষাৰ অধিকাৰ সুৰক্ষিত কৰাটো তেওঁ বিশ্বাসী আছিল। তেওঁৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সম বেদনা জ্ঞাপন কৰিছোঁ।” বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য, ড০ গোলক চন্দ্ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। এক বিবৃতি যোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ৰ সভাপতি ৰিপুন বৰাই কয় ” ভাষা গৱেষণাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে এগৰাকী আগশাৰীৰ পণ্ডিত হিচাপে সুনাম থকা গোস্বামীৰ মৃত্যুত অসমীয়া ভাষা সাহিত্যৰ যি ক্ষতি হ’ল সেয়া অপুৰণীয়। তেওঁৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সম বেদনা জ্ঞাপন কৰিছোঁ”।

প্ৰেছ ক্লাৱত নৱাৰুণ সাহিত্য সভাৰ মনোজ্ঞ অনুষ্ঠান ||

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰীঃ লেখিকা দিব্যজ্যোতি ডেকাৰ দুখন গ্ৰন্থ গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। মহানগৰীৰ হাতীগাঁৱৰ শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত গ্ৰন্হ দুখন উন্মোচন কৰা হয়। নৱাৰুণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সাংবাদিক আজিজুৰ ৰহমান শইকীয়াই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত দিব্যজ্যোতি ডেকাৰ কাব্য গ্ৰন্থ “মাতৃস্নেহ” উন্মোচন কৰে বিশিষ্ট কবি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কবি আনিছ উজ জামানে। দিব্যজ্যোতি ডেকাৰ ৰচিত নাটক “পঞ্চকন্য” উন্মোচন কৰে বিশিষ্ট কবি সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি মনজিৎ সিঙে। “মাতৃস্নেহ” উন্মোচন কৰে বিশিষ্ট কবি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কবি আনিছ উজ জামানে কয় ” কবিতাৰ এটা জন্মবধি চেতনা আছে যিটো মানুহৰ হৃদয়ত থাকি যায়। কবিতা প্রাণৰ বস্তু। কবিতাই যুদ্ধ বিগ্ৰহৰ পাছতো নিজাববীয়াকৈ এখন ঠাই অধিকাৰ কৰি আছে। আমাৰ লোক সাহিত্য সমৃদ্ধিশালী। কবি, লেখিকা দিব্যজ্যোতি ডেকাই এনেদৰে সাহিত্য চৰ্চা কৰি যাব বুলি আশা কৰিলোঁ।” আনহাতে “পঞ্চকন্য” উন্মোচন কৰে বিশিষ্ট কবি সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি মনজিৎ সিঙে কয় ” লেখিকা অসমৰ সাহিত্য জগতৰ চিনাকি নাম নহয় যদিও তেওঁ সাহিত্য সাধনাত নিৰলস ভাৱে লাগি আছে। তেওঁ বাস্তৱ জীৱন ভিত্তিত কৰিবতা লিখে। সাহিত্য জীৱনত নাটকৰ ভূমিকা কোনো পধ্যে অনস্বীকাৰ্য নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাটকৰ জৰিয়তে জন জীৱনৰ মাজত সুমাই পৰিছিল। “পঞ্চকন্যা” সামাজিক ঘটনাক কেন্দ্ৰ কৰি মূলত পৰিয়াল কেন্দ্ৰিক ঘটনাক লৈ লিখা নাটক। পাঠক সমাজে লেখিকাৰ দুয়োখন গ্ৰন্থ আদৰি ল’ব বুলি আশা কৰিলোঁ। ”
শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ সভাপতি ভাস্বতী কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্হ উন্মোচনী অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্হিত থাকে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি দাসো কলিতা। বিশিষ্ট অতিথি ৰূপে অনুষ্ঠানটিত উপস্হিত থাকে গল্পকাৰ বিকাশ ৰায়মেধি। সাহিত্যাচাৰ্য ডঃ গোলোকচন্দ্ৰ গোস্বামী আৰু কালি অগ্নিকাণ্ডত শোকাৱহ ভাবে প্ৰাণ হেৰুওৱা ঈশান আৰু ইৱন নামৰ শিশু দুটিৰ স্মৃতিত অনুষ্ঠানৰ আৰম্ভণিতে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় । অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে বিজু দাসে। গ্ৰন্হকাৰ দিব্যজ্যোতি ডেকা আৰু তেওঁ স্বামী প্ৰফুল্ল ডেকাইও অনুষ্ঠানত বক্তব্য আগবঢ়াই । চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটি অসম সংগীতেৰে সামৰণি পৰে।

সৰ্বভাৰতীয় ৰাজনৈতিক দল বিশেষকৈ বিজেপি, কংগ্ৰেছ দলে অসমীয়া জাতিৰ ঐক্যত বাধা দিব বিচাৰিছে- সদৌ অসম নিবনুৱা পৰিষদ

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : সৰ্বভাৰতীয় ৰাজনৈতিক দল বিশেষকৈ বিজেপি, কংগ্ৰেছ দলে অসমীয়া জাতিৰ ঐক্যত বাধা দিব বিচাৰিছে।সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ ওপৰত সচেতন ৰাইজে আস্থা হেৰুৱাই পেলাইছে। এই সময় চোৱাত ৰাজনৈতিক দল গঠন কৰা সমীচিন বুলি আমি নাভাবো– এইদৰে কয় সদৌ অসম নিবনুৱা পৰিষদৰ উপদেষ্টা বাবুল বৰুৱাই। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত পৰিষদৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেল যোগে পৰিষদৰ উপদেষ্টা বাবুল বৰুৱাই লগতে কয় ” কিছুমান স্বাৰ্থলম্বী মহলে ৰাজনৈতিক উদ্দেশ্যৰে কিছুমান চন তাৰিখৰ কথাৰে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ দাবী জনাইছে। যিটো অসমৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি স্বৰূপ। কা আইন বাতিল নহলে অসমত খিলঞ্জীয়াৰ অস্তিত্ব নাথাকে আৰু কিবা কাৰণত অসমৰ বাবে সংশোধন হলেও প্ৰতিবেশী ৰাজ্যত গ্রহণ কৰা নাগৰিকত্বৰ দ্বাৰা অসমত প্ৰৱেশ কৰি নিগাজীকৈ থাকি তেওঁলোকৰ ভাষা, সংস্কৃতি অসমত বিস্তাৰিত কৰিব।গতিকে ভূমিপুত্রই আন্ত: ৰাজ্যিক পাৰপত্ৰ অসমৰ বাবে অপৰিহাৰ্য বুলি দাবী কৰে। অসম চুক্তিৰ ৬ নং দফা সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিক অৱগত কৰিব লাগে। ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক দিশত নেতৃত্ব দিবলৈ এটা বৈদিক সমূহীয়া সংগঠনৰ অতিকৈ প্ৰয়োজন। লগতে আমাৰ নিয়োগ আৰু ব্যৱস্যায়ত থলুৱাক অগ্ৰাধিকাৰ দিয়া, প্ৰতিটো পৰিয়ালত কম পক্ষেও এজনক কর্মসংস্থাপন দিয়া আৰু অসমৰ মানৱ সম্পদক উপযুক্ত ভাৱে ব্যৱহাৰ কৰাৰ দাবী জনালোঁ।” সংবাদ মেলত পৰিষদৰ উপসভাপতি হিতেশ কলিতা,
সম্পাদক দ্বিজেন কামান, উপস্থিত থাকে।

Recent Posts

শ্ৰী শংকৰদেৱ নেত্ৰালয় প্ৰাংগণত ৭১ সংখ্যক গণৰাজ্য দিৱস পালন

  ষ্টাফৰিপোৰ্টাৰ, ২৬ জানুৱাৰী : দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীস্থিত উত্তৰ-পূৱ ভাৰতৰ অগ্ৰণী চকু চিকিৎসা প্ৰতিষ্ঠান শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ প্ৰাংগণতো অতি উৎসাহেৰে ৭১সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। পুৱা ৭.১৫ মিনিটৰপৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট লেখক, সাহিত্য সমালোচক তথা অনুবাদক তিলোত্তমা মিশ্ৰ। সভাৰ …

Read More »

চাংসাৰিৰ হালিগুৰী চুকত চাঞ্চল্য

চাংসাৰিৰ হালিগুৰী চুকত চাঞ্চল্য। ডিঙিত ৰছি লগাই ওলমি থকা অৱস্থাত উদ্ধাৰ জিতেন দাসৰ মৃতদেহ। কোনোবাই মাৰি ওলোমাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ। পঙ্কজ নাথ, চাংসাৰি, ২৬ জানুৱাৰী : সমগ্ৰ দেশতে গণতন্ত্ৰ দিৱস উদযাপন কৰি থকাৰ দিনাই কামৰূপ জিলাৰ অন্তৰ্গত বৃহত্তৰ চাংসাৰিৰ হালিগুৰী চুকত আজি ৰবিবাৰে এগৰাকী ব্যক্তিৰ ওলমি থকা মৃতদেহক লৈ …

Read More »

প্লাষ্টিকৰ পতাকাৰ পৰিবৰ্তে আকাশত উৰিব থলুৱা শিপিনীয়ে বোৱা জাতীয় পতাকা গণৰাজ্য দিৱসলৈ সাজু জাতীয় পতাকা

  ষ্টাফৰিপোৰ্টাৰ, ২৫ জানুৱাৰী: আগন্তুক গণৰাজ্য দিৱসৰ প্রাকক্ষণত আৰক্ষী প্ৰশাসনৰ লগতে অত্যধিক ব্যস্ত হৈ পৰিছে অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ড৷ ইতিমধ্যে অসম খাদী আৰু গ্রামোদ্যোগ ব’র্ডত অসমীয়া শিপিনীয়ে বোৱা পতাকা নির্মাণৰ কাম চলাই থকা হৈছে । সৰু বৰ বিভিন্ন আকাৰত প্ৰস্তুত কৰা হৈছে পতাকা সমূহ ।বিগত বছৰৰ দৰে এইবাৰো প্রায় …

Read More »

ৰাজ্যৰ পদ্মশ্ৰী প্ৰাপক সকলক মুখ্যমন্ত্ৰীৰ অভিনন্দন

  ষ্টাফৰিপোৰ্টাৰ, ২৫ জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰে ২০২০ বৰ্ষৰ সন্মানীয় পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত কৰা ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক যোগেন্দ্ৰ নাথ ফুকন , প্ৰথিতযশা নৃত্যশিল্পী ইন্দিৰা পি পি বৰা, চিকিৎসক ড০ কুশল কোঁৱৰ শৰ্মা, শিক্ষাবিদ-সাহিত্যিক লীল বাহাদুৰ চেত্ৰী আৰু চিকিৎসক ড০ ৰবি কন্নন আৰক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জনাইছে । …

Read More »

বিশিষ্ট সংগীত শিল্পী, দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ প্ৰগ্ৰাম প্ৰডাকচন চেণ্টাৰৰ অৱসৰ প্ৰাপ্ত সহকাৰী সঞ্চালক শংকৰ দাসৰ মৃত্য

  ষ্টাফৰিপোৰ্টাৰ, ২৫ জানুৱাৰী : বিশিষ্ট সংগীত শিল্পী, দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী অৱসৰ প্ৰাপ্ত সহকাৰী সঞ্চালক শংকৰ দাসৰ শনিবাৰে পুৱা গুৱাহাটীৰ হায়াত হাস্পতালত মৃত্য হয়। গুৱাহাটীৰ ৰূপনগৰ নিবাসী বিশিষ্ট সংগীত শিল্পী গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৪ বছৰ। কিছুদিন ধৰি বৃক্কৰ ৰোগৰ ভুগি থকা বিশিষ্ট সংগীত শিল্পী গৰাকীক ১৬ জানুৱাৰীত হাপ্যতালত …

Read More »

মহানগৰীৰ চিটি চেণ্টাৰ মলত ধাবা ৰেস্তোৰা মুকলি

  ষ্টাফৰিপৰ্টাৰ,,,,২৫ জানুৱাৰী উত্তৰ পূৱ ভাৰতত প্ৰথম খন ধাবা ৰেস্তোৰাঁ শনিবাৰে মহানগৰীৰ চিটি চেণ্টাৰ মলত অনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। ১৯৮৬তে দিল্লীত প্ৰতিষ্ঠা লাভ কৰা এই ধাবাখন শনিবাৰে মহানগৰীত দীপক মিট্টল, আশিষ আৰু সুনীল আগৰৱালাৰ তত্বাৱধানত মুকলি কৰা হৈছে। এই ধাবা ৰেস্তোৰা খন অনুষ্ঠানিকভাৱে মুকলি কৰি মাণিক কাপু্ৰ আৰু আজুৰি …

Read More »

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বোকাখাতত বিজেপিৰ মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বোকাখাতত বিজেপিৰ মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন ৷ বোকাখাতত মিত্ৰজোঁটৰ বিশাল সংকল্প সমাৰোহ, লক্ষ্য ২০২১ বোকাখাতৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ২৪ জানুৱাৰী: ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু মিত্ৰজোঁটৰ উদ্যোগত বোকাখাত ৰাজহুৱা খেলপথাৰত উদযাপন কৰা হয় বিশাল সংকল্প সমাৰোহ ৷ প্ৰায় চল্লিশ হাজাৰোধিক ৰাইজৰ উপস্থিতিত সভাত ভাষণ প্ৰদান …

Read More »

গুৱাহাটীৰ নটছাকী ইনকৰ্পোৰেচনে লাভ কৰিলে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা

  ষ্টাফৰিপৰ্টাৰ,,,,২৪ জানুৱাৰীউত্তৰ-পূৱৰ আগশাৰীৰ তথা প্ৰতিষ্ঠিত চলাৰ প্ৰতিষ্ঠান নটছাকী ইনকৰ্পোৰেচনে লাভ কৰিলে দুটাকৈ ৰাষ্ট্ৰীয় বঁটা। শুকুৰবাৰে নতুন দিল্লীত ইণ্ডিয়া ৰুফটোপ চলাৰ কংগ্ৰেছে আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নটছাকী ইনকৰ্পোৰেচনে ‘ৰুফটোপ’ চলাৰ ইপিচি’ কোম্পানী বঁটা লাভ কৰাৰ লগতে প্ৰতিষ্ঠানটোৱে চিষ্টেম ইণ্টিগ্ৰেটৰ অফ দ্যা ইয়াৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ …

Read More »

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। সভাত উপস্থিত আছে দুয়োটা দলৰে শীৰ্ষস্থানীয় নেতৃত্ব। সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুওৱা মৰমৰ বাবে বিশেষ ভাবে শলাগ লয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ‘কংগ্ৰেছে ৫৫ বছৰে নোৱাৰা কাম, …

Read More »

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে ৯,৬৩৫ টা পদৰ বাবে বিচৰা হৈছে আবেদন পত্ৰ। তাৰে ভিতৰত নিম্ন প্ৰথমিক বিদ্যালয়ত ৫,৫১৫ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৪,১২০টা খালী হোৱাৰ বিজ্ঞাপন জাৰি কৰা কৰিছে শিক্ষা বিভাগে। ২৭ …

Read More »

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

  ষ্টাফৰিপোৰ্টাৰ,,,২৪ জানুৱাৰী ।।: গুৱাহাটীৰ আঠগাঁও স্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত শুকুৰবাৰে মৰিগাঁও জিলাৰ জাগীৰোড, বাকজাপত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত মুঠ ১৩০গৰাকী লোকক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ডায়েবেটিক স্ক্ৰীনিঙ কৰাৰ উপৰিও ৰক্তচাপ, ওজন জোখাৰ লগতে বিভিন্ন পৰামৰ্শ আগবাঢ়োৱা হয়। লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ …

Read More »

দেশৰ ২৫ খনৰো অধিক আগশাৰীৰ আবাসীক শিক্ষানুষ্ঠানৰ সমাবেশ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : সন্তানৰ সু শিক্ষাক লৈ সচেতন অভিভাৱক সকলৰ বাবে বিদ্যালয় পৰ্য্যায়ৰ উচ্চ মানৰ আবাসিক শিক্ষানুষ্ঠান বাছনি কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কাইলৈৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰিমীয়াৰ স্কুলছ এক্সিভিছন । দেশৰ চি বি এছ ই আৰু আই এছ চি ই বৰ্ডৰ অধীনৰ ২৫ খনৰো অধিক সুখ্যাত আবাসিক …

Read More »

সাহিত্যাচাৰ্য ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত শোক সভা

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী :বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য, ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমুখ্যে বিষয়া কৰ্মচাৰী সকলে। এই উপলক্ষে এখন শোক সভা অনুষ্ঠিত কৰা হয়। সভাত ড০ গোলক চন্দ্ৰ গোস্বামীৰ মৃত্যুত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ …

Read More »

প্ৰেছ ক্লাৱত নৱাৰুণ সাহিত্য সভাৰ মনোজ্ঞ অনুষ্ঠান ||

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰীঃ লেখিকা দিব্যজ্যোতি ডেকাৰ দুখন গ্ৰন্থ গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। মহানগৰীৰ হাতীগাঁৱৰ শতদল নৱাৰুণ শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত গ্ৰন্হ দুখন উন্মোচন কৰা হয়। নৱাৰুণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সাংবাদিক আজিজুৰ ৰহমান শইকীয়াই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত দিব্যজ্যোতি ডেকাৰ কাব্য …

Read More »

সৰ্বভাৰতীয় ৰাজনৈতিক দল বিশেষকৈ বিজেপি, কংগ্ৰেছ দলে অসমীয়া জাতিৰ ঐক্যত বাধা দিব বিচাৰিছে- সদৌ অসম নিবনুৱা পৰিষদ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : সৰ্বভাৰতীয় ৰাজনৈতিক দল বিশেষকৈ বিজেপি, কংগ্ৰেছ দলে অসমীয়া জাতিৰ ঐক্যত বাধা দিব বিচাৰিছে।সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ ওপৰত সচেতন ৰাইজে আস্থা হেৰুৱাই পেলাইছে। এই সময় চোৱাত ৰাজনৈতিক দল গঠন কৰা সমীচিন বুলি আমি নাভাবো– এইদৰে কয় সদৌ অসম নিবনুৱা পৰিষদৰ উপদেষ্টা বাবুল বৰুৱাই। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত …

Read More »